মূল: ফ্ৰাঞ্জ কাফ্কা
অনুবাদ : ৰঞ্জুমণি
মহন্ত
এটা শগুণে অকৰ্তৃত্বশীলভাৱে
মোৰ ভৰিদুটাত খুঁটিয়াই আছিল৷ সি ইতিমধ্যেই মোৰ
বুটযোৰ আৰু মোজাযোৰ ছিৰি পেলাইছিল আৰু এতিয়া মোৰ ভৰি দুটা খুঁটিয়াবলৈ ধৰিছে৷ বাৰে বাৰে
সি ভৰিদুটাত জোৰেৰে আঘাত কৰিছিল, তাৰ পাছত সি অস্থিৰভাৱে মোৰ চাৰিওফালে কেইবাপাকো ঘূৰিছিল
আৰু পুনৰাই তাৰ কাম আৰম্ভ কৰিছিল৷ তেনেতে এজন ভদ্ৰলোক পাৰ হৈ যাওঁতে ক্ষন্তেক চাইছিল
আৰু তাৰ পাছত কিয় মই শগুণটোক কিয় সহ্য কৰি আছোঁ মোক সুধিছিল৷
“মই অসহায়৷” মই কৈছিলোঁ৷
“সি যেতিয়া আহিছিল আৰু আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল, অৱশ্যেই মই তাক খেদিবলৈ চেষ্টা কৰিছিলোঁ, আনকি তাক টেঁটুচেপাও
দিছিলোঁ৷ কিন্তু এই জীৱবোৰ বৰ শক্তিশালী৷ সি মোৰ মুখলৈকে জঁপিয়াবলৈ লৈছিল, কিন্তু মই
ভৰিদুটা বলিদান দিবলৈকে পছন্দ কৰিলোঁ৷ এতিয়া ভৰিদুটা ছিন্ন-ভিন্ন হওঁ হওঁ৷” “ এনেকৈ
নিজকে অত্যাচাৰৰ বলি হ’বলৈ এৰি দিছে!” মানুহজনে কৈছিল৷ “এটা মাত্ৰ গুলী, বছ্, শগুণ
শেষ৷” “সঁচাকৈ?” মই কৈছিলোঁ৷ “আপুনি কৰি দিব?” “সানন্দে” মানুহজনে কৈছিল৷ “মই মাত্ৰ
ঘৰলৈ যাব লাগিব আৰু মোৰ বন্দুকটো আনিব লাগিব৷ আপুনি আৰু আধাঘণ্টা ৰ’ব পাৰিবনে?” “এইটো বিষয়ত মই নিশ্চিত নহওঁ৷” মই কৈছিলোঁ, আৰু এটা মুহূৰ্তৰ বাবে যন্ত্ৰণাত স্থবিৰ হৈ পৰিছিলোঁ৷
তাৰ পাছত মই কৈছিলোঁ– “যিয়েই নহওক, অনুগ্ৰহ কৰি আপুনি চেষ্টা কৰি চাওক৷” “বঢ়িয়া” মানুহজনে
কৈছিল “মই পাৰ্যমানে সোনকালে আহিম৷” এই কথোপকথনৰ সময়খিনি শগুণটোৱে পিৰিকা-পিৰিককৈ আমাৰ
দুয়োজনলৈ চাই শান্তভাৱে আমাৰ কথাবোৰ শুনি আছিল৷ সেই মুহূৰ্ততে মই উপলব্ধি কৰিছিলোঁ
যে সি আমাৰ প্ৰতিটো কথাই বুজি পাইছিল৷ সি ডেউকা মেলিলে, পিছলৈ হাউলি শক্তি গোটালে আৰু
তাৰ পাছত জেভেলিন খেলুৱৈৰ কুশলতাৰে অতি হিংস্ৰভাৱে তাৰ ঠোঁটটো মুখৰ ভিতৰেদি মোৰ গভীৰলৈ
ভৰাই দিলে৷ পিছলৈ পৰি গৈ মই যেতিয়া অনুভৱ কৰিলোঁ, যে সি ঘূৰি আহিব নোৱৰাকৈ মোৰ তেজত
বুৰ গৈ প্ৰতিটো গভীৰতা পূৰাই পেলাইছে, প্ৰতিটো পাৰ বুৰাই পেলাইছে, মই স্বস্তি অনুভৱ
কৰিলোঁ৷
