মূল : ডব্লিউ বি য়েটছ
অনুবাদ : ড° ৰঞ্জিত দত্ত
হঠাতে দেখিলোঁ মই
মৃত্যুসম শীতল এখন
চমকি উঠা আকাশ,
মোৰ এনে লাগিছিল
যেন বৰফবোৰ গলিছে
চাৰিওফালে মাথোঁ
বৰফ, বৰফ আৰু বৰফ!
তাৰ ঠিক পাছতেই
উৰি গ'ল মোৰ ফুলকুমলীয়া হিয়াখন
দূৰলৈ, বহু দূৰলৈ,
কল্লনাৰ সেই মায়াৱী পৃথিৱীলৈ,
ইমানেই উদভ্ৰান্ত সেই কল্পনা
যে নিমিষতে শেষ হৈ গ'ল
মোৰ মনৰ তৰল চিন্তাবোৰ
ৰৈ গ'ল মাথোঁ অৱশেষ
কিছু বৰ্ণময় স্মৃতিৰ চন্দ্ৰহাৰ
মোৰ পাৰ হৈ অহা
সোণালী যৌৱনৰ
প্ৰেম আৰু ভালপোৱাৰ
ৰোমাঞ্চিত এক সেউজ পৃষ্ঠাৰ,
কান্দোনত শিয়ৰি উঠি
বলিয়াৰ দৰে ঘূৰি ফুৰি
পোহৰৰ হাজাৰ বিচ্ছুৰিত ৰশ্মিয়ে
আলোকিত কৰি পেলোৱালৈকে
সম্পূৰ্ণ সুস্থ মস্তিস্ক আৰু যুক্তিপূৰ্ণভাৱেই
মানি লৈছিলোঁ সকলো
মিছাতে জাপি দিয়া
দোষ আৰু অভিযোগ,
তেতিয়াই যেন লৰা-ঢপৰা কৰিলে
সেই অশৰীৰিয়ে
শেষ হল মোৰ মৃত্যুশয্যাৰ
বিভ্ৰান্ত ধাৰণাবোৰ।
ৰাজপথত যেন উলঙ্গ নৃত্য কৰি
ঘূৰি ফুৰিছে মৃত্যুৱে
আকাশে কৰা অন্যায়ৰ
এক কঠোৰ শাস্তি হৈ
মোৰ চৌপাশে।