মূল : W.B. Yeats
অনুবাদ : অনুভৱ তুলসী
[স্বৰ্ণযুগৰ ভাৰতৰ সৰুকৈ এটি মন্দিৰ৷ গাতে গা লগাই এখন উপবন, গাতে গা লগাই এক অটৱী৷ অনসুয়া সেই মন্দিৰৰ গাভৰু পূজাৰিণী, পূজাভংগীত নতজানু]
অনসুয়া : দিয়া দিয়া শান্তি এই ধৰণীক, দিয়া শান্তি হালি জালি থকা
ধানৰ ঠোকক৷
অ’ নিজান যি ঘূৰি আছে তেওঁৰ বাহুলগ্না হৈ,
বনে বনে বিচৰণ কৰি ফুৰোতে, যদিহে তেওঁ ভাল নাপায়
আন কাৰোবাক৷ শুনা শুনা সোৰোপামখা যেন হয় অসংখ্যাত
আৰু তেওঁ যদি ভাল নাপায় আন কোনোবাক,
বনৰ বাঘে খাই তেওঁৰ ইতিকৰক৷ শুনা শুনা, আমাৰ ৰজাৰ
বেছিতকৈ বেছি যেন হয় গিয়ান সময় যায় মানে৷ আৰু আমি
দুয়ো থাকিম থিয় হৈ মৰাৰ পিছতো, অস্তগামী সূৰুযদেই গৈ
আন আন বৰণবোৰৰ সামান্য আঁতৰত৷ চুলি-টাৰি লগ হৈ
বীণৰ তাঁৰত দিবহি বুলনি৷
বিজয়া : [সোমাই আহোতে এপাহ পদুম তাইলৈ দিয়ে দলিয়ায়৷]
জয় হওক জয় অনসুয়াৰ৷
অনসুয়া : হ’ব হ’ব৷ আগতে বাৰু থিত লাগাচোন৷ এয়া মন্দিৰৰ পূজাৰিণীয়ে কৰি আছে পূজা৷
এই ধৰণীৰ বাবে এই পূজা৷
বিজয়া : মই তেনে ইয়াত ক্ষন্তেক ৰওঁ, অমৃতা৷
অনসুয়া : ব্ৰহ্মাদেউৰ জেউতি চেলেঙৰ নামতে যদি পাৰো সুধিব,
কোননো এই অমৃতা ক’বানে? সকলো দুখতকৈ ডাঙৰ দুখ
তোমাৰ হৃদি-মনত তেনে আন কোনোবা৷
বিজয়া : এইটো মোৰ আইৰ নাম৷
অনসুয়া : [মন্দিৰৰ বাহিৰলৈ ওলাই আহি গীত জুৰে৷]
মনৰ মাজেৰে লাহে কৰি বিয়পি যায় বিষাদ ভাৱনা৷
হুমুনিয়াহ, অ’ সৰু তৰা, অ’ হুমুনিয়াহ, নীলা সাজ জাৰি-জোকাৰি লোৱা
বিষাদ ভাৱনা সমূলঞ্চে হ’ল নোহোৱা মোৰ বিষাদ ভাৱনা৷
গোৱা গোৱা অ’ সৰু তৰা৷ ব্ৰহ্মাদেউৰ নাম গোৱা কণ্ঠ খুলি
গোৱা স্তুতি গীত
বালি চাঁহি কৰি যি তোমাক স্ৰজিলে
সাঁজৰ তোৰণত নিজান হাতেৰে তেওঁ খোদাই কৰি গ’ল তোমাক
[মন্দিৰৰ খটখটীত বহি পৰে]
বিজয়া এই নিশাৰ বাবে ভাতসাঁজ মোৰ আনি থৈছোঁ
সূৰুযে মুখ আন্ধাৰি অৰণ্যৰ সিপাৰে সৌৱা থুতৰিতহাত থৈ বহিছে৷
ক্লান্ত, অতি আপোন আফি ংফুলবোৰে তেওঁক আৱৰি বহিছে
বিজয়া : কামদেৱে যি লগনত হাঁহে তন্দ্ৰালস হাঁহি
তেওঁ ধনুত ফুলশৰ জুৰি লৈ কৰে চৌদিশ ধোঁৱা-কোঁৱা
সাঁজলগাৰ হেঙুল বুকু ভেদি ৰয় ঘুনুক-ঘানাক সেই শৰ
অনসুয়া : এজাক বৰ্ষীয়ান গিয়ানী ফ্লেমিংগ’ আহিছে চোৱা
সিহঁতৰ ছাঁই খটখটীৰ চিকচিকীয়া মাৰ্বলত ৰং সানিছে
বৰ্ষীয়ান আৰু গিয়ানী পক্ষীসবে বিচাৰিছে চিৰাচৰিত বাহবোৰ
মন্দিৰৰ অ’ত ত’ত, খেলিমেলি খোজ, মনৰ তলিৰ বিষাদে
এনেকৈ পীড়িছে যে বিচৰণ হৈছে খামখেয়ালি
এই দীঘলাটোৰ মোৰ ভাতকাঁহীত চকু, খেদা তাক
দূৰলৈ হুৰাই দিয়া৷ তোমাৰ নামেৰে মাতিম তাক
খিয়াতিমান মাছুৱৈ, ঘণ্টাৰ পিছত ঘণ্টা
ক্ষীণ সূঁতিটো সি ঠোঁটেৰে ঘোদালি আছে
সেয়া সি মোৰ ভাতকাঁহীত মুখ দিয়েহে –আৰুনো কিমান ক’ম
খেদি দিয়া তাক, সি গৈছে যেনিবা৷ এই চুমাটি তোমালৈ বুলি
তুমিয়েই মোৰ ভাতকাঁহী বচালা৷ তুমি নহয় জানো ধন্য?
বিজয়া : [গায়] অ’ পোনতে ওলোৱা তৰা, শুনা সখীৰ গীত
যাক স্বয়ং ব্ৰহ্মাই আঙুলিৰ পৰশ যাচি কৰে প্ৰশংসা
যাযাবৰী নিজানৰ ৰথখনি তোমালোকে আগচিলা
আলৰ বুঢ়া আৰু অতিপাত শান্ত হোৱাৰ আগতে
গোৱা নাচি নাচি তোমালোকৰ গাড়ীত উঠি লৈ
গোৱা হুমুনিয়াহ আৰু হাত দাং খাই পৰাৰ আগতেই
কিয়নো তোমালোকৰ গাড়ীৰ শিঙৰা-শিৰে জুমা-জুমি কৰে
আগচুলিৰ আটাইবোৰ পকনীয়াৰ সৈতে আৰু টোকে বহু বহু ৰঙচুৱা লোতক
অনসুয়া : লোতকৰ তৰাৰ পৰিচালকে জানেনো কি
বিজয়া : তাহাঁতৰ মুখবোৰ জীৰ্ণ-দীৰ্ণ, চকুৰ মণিত খেলে
বিষাদৰ বিজুলী, তাহাঁতে দেখা পায়
তুষাৰ বেজিবোৰ যিয়ে সমস্ত উত্তৰক অনাহাৰে ৰাখে
য’ত মানুহ জঠৰ হৈ পৰে তুষাৰৰ ঢিমিকি পোহৰত
আৰু জ্বলাশিখাৰ অৰণ্যই সিংহকো কৰে খেকশিয়াল
আৰু সিংহীবাইক, লগতেথুনথুনাই থকা পোৱালীকিটাকো
আৰু পদাৰ্থৰ চূড়াত কৰি খোজ-ছালী
কল্পসুন্দৰৰ চকুতো বুজ-নুবুজ লোতক
যি পৰত আমাৰহে আছে নিশ্ছিদ্ৰ বনৰ আৱেষ্টনী
ইটিয়ে সিটিৰ আঙুলিৰ পেলৱতা বুজা অনুভূতি
অমৃতা, যি পৰত–
অনসুয়া : [অলপ আঁতৰলৈ গৈ]
অ’ মোৰ মই, তুমি ভালপোৱা আন কোনোবাক,
[চকুৰ পানীৰে চলচলীয়া চকু]
তাইক যেন হঠাতসাৰে লগ লয় বৰবেমাৰে
বিজয়াঃ ভালপাইছিলো মই আন কোনোবাক, আন কাকোৱেই নাপাওঁ ভাল৷
প্ৰাচীন অৰণ্যৰ গেজেপনিৰ মাজত
তোমাৰ ঘৰ আৰু গাঁৱৰ সিটো মূৰে তাইৰ ঘৰ
তাইৰ লগত থাকে খৰিকটীয়া অন্ধ বাপেকটো
দেখা পাইছিলো তাইক দুৱাৰডলিত থিয় দি থকা আৰু
অনসুয়া : তাইক আকৌ ভাল নাপাওঁ বুলি শপত লোৱা
বিজয়া : ও ও হু হু...
অনসুয়া : দেৱতাসৱৰ মাক-বাপেকৰ নামত শপত
মাৰাত্মক শপত যাৰ নিৱাস পৱিত্ৰ হিমালয়
সেই সুদূৰৰ সোণালী শিখৰ; বিয়াগোম আকৃতিৰ
মহাসাগৰ শিশু হৈ থাকোতেই হিমদেউ পকা থেকেৰা বুঢ়া
আৰু তেওঁলোকৰ বিশাল মুখমণ্ডল জুৰি সপোন আৰু ৰহস্য;
জঁট বান্ধিলে যাৰ চুলিটাৰিয়ে পৰ্বতৰ গড়াৰে বাগৰি যাওতে
বছৰি বছৰি ধৰি গণনা নকৰা বাহবোৰৰ পৰা
দুঃখহীন বিহগ, আৰু নিথৰ ভৰিপতাৰ গোল আকৃতি
সুখী হৰিণ আৰু শৰপহুৰ জাক
শুনা নাই যি জনমত নিৰ্দয় বাঘৰ মাত৷
তিনি শপত...
বিজয়া : দেৱতাসৱৰ মাক-বপেকৰ নামত শপত খাইছো৷
অনসুয়া : [গীত] বাৰু, এইবাৰলৈ এৰিছোঁ দিয়া৷ অ’ নৱ তৰা
তুমি হয়তো শুনা নাই আমাৰ কথা, নিচেই নতুনকৈ আহিছা যিহেতু
অ’ সুদূৰৰ চিকাৰী
অ’ মোৰ প্ৰিয়ক এদিনতো জানিবাই তেওঁৰ বুকুত বজি ৰোৱা
চিকাৰীৰ শৰবোৰে চিনাই দিব
নিজানৰ শৰ কৰা নিক্ষেপ তেওঁৰ গালৈ বুলি, চাবা যাতে মুখত থাকে যেন
একাকী এটি হাঁহি, শুই থাকোতে মোৰ নামত চুমিবা তেওঁৰ হাতখনি৷
বিদায় বিজয়া, ওহো, মাতবোল নকৰিবা;
মই এই মন্দিৰৰ পূজাৰিণী, আগবঢ়াইছো
ধৰণীৰ নামত পূজা
হে ব্ৰহ্মা, শুই থাকোতে দিবা দেই পহৰা
ছাগলীৰ সুখী পোৱালীক, নিচিন্তে ঘাঁহ পাগুলি থকা গাইহঁতক,
পাতৰ তলফালে থকা মাখিক, নিগনিৰ কণ কণ পোৱালীক,
গছৰ শিপাৰ আশ্ৰয় পোৱা, আৰু যতমানে পৱিত্ৰ জাকৰুৱা
ৰঙচুৱা ফ্লেমিংগ’ৰ; আৰু মোৰ প্ৰিয়, বিজয়া;
চাবা যাতে ভয়াৰ্ত আঙুলিৰ অস্থিৰ চালনাই
তেওঁৰ টোপনিত ব্যাঘাত নজন্মায়, দেখুওৱা যাতে তেওঁক মোৰ সপোন৷