মূল : W.B. Yeats
অনুবাদ : অনুভৱ তুলসী
এইখন বুঢ়া-মেথাৰ দেশ নহয়৷ ডেকা-গাভৰু,
যৌৱন ভৰুণ ইটে সিটে বাহুবন্ধনত, গছত চৰাই
–সৌ মৃত্যুমুখী প্ৰজন্ম যত –গীত-মাত মুখৰ
পাহাৰী-প্ৰপাতী চামন, মেকৰেল মেটমৰা সাগৰ
উৰণ বুৰণ গজন ভ্ৰমণ, জীৱ মাত্ৰকে কৰ্মমগন
হৈছে যত সৃজন, জন্মবেলা জন্মে, মৰণপৰত মৰে
সব উদাসী সেই ইন্দ্ৰিয়সংবেদী সংগীতৰ জালবন্দী
বয়সৰ আঁচোৰ নপৰা সৃজনীকল্পৰ সব শিল্পকীৰ্তি
এক বয়োবৃদ্ধ লোক, লেখৰো নহয় জোখৰো নহয়
বিবৰ্ণ কোট জীৰ্ণ পটলুং খুঁটিত ওলমি থাকে, যদি
আতমাই হাতচাপৰি বাই নাগায় গান, কণ্ঠ উজাৰি
কটাকানি সী সী প্ৰস্তুত কৰা জঙ্গম সাজক শুনাবলৈ
তাত নেথাকে গানৰ স্কুল, নেথাকিলেও নাই, পিছে,
নিজৰে চাৰু-কাৰু কীৰ্তিচিহ্নৰ অধ্যয়ন হ’লে আছে
সেই হেতু সাতসাগৰ সিপাৰলৈ মোৰ এই নাও বোৱা
আহি আহি পৱিত্ৰপুৰী বাইজেনটিয়াম ওলোৱা
দেৱতাৰ বাবে কৰা হোমৰ অগনি মুগ্ধ অ’ ঋষিগণ
এক সুবৰ্ণ খচিত প্ৰাচীৰ চিত্ৰত আছে যেনেকৈ অংকিত
ঘৃতাগ্নি এৰি আঁহাচোন, চক্ৰাকাৰে আৱৰ্তিত
হে ওজা গায়কগণ মোৰ অন্তৰাত্মাক শিকোৱা গীত-মাত
ক্ষীয়মান হিয়াখনি মোৰ, স্পৃহা আক্ৰান্ত,
যুটি দিয়া মুমূষুৰ্ এক পশুৰ লগত
যি নিজৰ বিষয়ে নেজানে একো আৰু সামৰি-সুতৰি
লোৱাচোন বেগতে চিৰন্তনৰ নিয়াৰিত
এবাৰ ওলাব পাৰিলে নলওঁ পুনু অবধাৰিত আকৃতি
নধৰো নধৰো ৰূপ এই জগতৰ জীৱ-জন্তু একোৰে
সোণ ৰূপ হাতুৰীৰে পিটি গ্ৰীচদেশৰ সোণাৰীয়ে গঢ়া
যিকোনো ৰূপকে ল’বলৈ ৰাজী আছো মই
যি জগাব পাৰে কলমটিয়াই থকা এক সম্ৰাটক
সোণৰ গছৰ ডালত বহি লৈ জুৰিম গীত
বাইজেনটিয়ামৰ প্ৰভুঈশ্বৰ ঈশ্বৰী সকলক শুনাবলৈ
পাৰ হৈ যোৱা, পাৰ হও হও, আহি থকা কালৰ সংগীত