মূল : ডব্লিউ বি য়েটছ
অনুবাদ : ড° ৰঞ্জিত দত্ত
ঘৰৰ পানীপোতাত
ঘৰচিৰিকা চৰাইবোৰে
পাখি মাৰি চিঁ-চিঁয়াই কৰা
সেই মনোমোহা কাজিয়াবিলাক,
অজস্ৰ তৰালিক বুকুত সাবটি
নাচি নাচি গৈ থকা
পূৰ্ণিমাৰ অপৰূপ জোনটো,
দৰদী নিশাৰ
গছৰ পাতৰ সেই চিনাকি
চিৰন্তন গীতবোৰেইতো
সযতনে লুকুৱাই ৰাখিছে
পুৰাতন পৃথিৱীৰ
মায়াৱী কৰুণ ক্ৰন্দনক।
এযোৰ সেন্দূৰ-ৰঙীণ শেঁতা ওঁঠৰে
তুমি আহিছিলা কাষলৈ,
তুমি আহিছিলা
এখন মৌন উদাসী বুকুৰে
সকলোকে জাগ্ৰত কৰি,
যাত্ৰাপথৰ সকলো যাতনা আৰু
সীমাহীন বোজা কঢ়িয়াই
সপোনৰ ঢৌ খেলি খেলি।
কিন্তু আজি !
পানীযুঁৱলিৰ ঘৰচিৰিকা চৰাইৰ
সেই একেখন যুদ্ধ
অনুজ্জ্বল তৰাবোৰকে সাবটি ৰখা
দৈ গাখীৰৰ দৰে শেঁতা
জোনবাইৰ ছবিখন আৰু
বতাহৰ হুৰ-হুৰণিত
প্ৰাণ পাই উঠা
গছৰ পাতৰ সুহুৰিবোৰে
বাৰে বাৰে জগাই তুলিছে
পুৰাতন পৃথিৱীৰ মানুহৰ
সেই ছবিখন আৰু তাৰ
একেই সকৰুণ ক্ৰন্দন।