মূল : ডব্লিউ বি য়েটছ
অনুবাদ : ড° ৰঞ্জিত দত্ত
নাটকখন চাই থকাৰ নিচিনাকৈয়ে
পাৰ হৈ গ'ল ক্ষণবোৰ।
মোৰ প্ৰজ্ঞা
আনিব পাৰে মাথোঁ প্ৰেমেহে।
এই সকলোবোৰ কিন্তু
মোৰ মাৰ মানসিক সজাগতাৰহে
এটি অংশ,
যদিও মই কব পাৰোঁ
এই সকলোবোৰ
তথাপি তাৰ বাবে প্ৰশংসা কেৱল তেওঁৰেহে।
এগৰাকী ৰজাৰ দৰেই
তেওঁ সুখী আছিল,
কিন্তু ম্লান হৈছিল লাহে লাহে
প্ৰেমৰ জ্যোতিহে।
বিশ্বাস কৰিছিল প্ৰতিটি শব্দই,
বিশ্বাস কৰি কৈছিলোঁ সকলো,
মই প্ৰশংসা কৰিছিলোঁ
তেওঁৰ দেহ আৰু তেওঁৰ মনক
যেতিয়ালৈকে এক আত্মগৌৰৱে
উজলাই তুলিছিল
তেওঁৰ দুচকু,
আনন্দত হৈ উঠিছিল
তেওঁৰ গালদুখন সেন্দূৰীয়া,
আত্মগৰ্বৰ আভাৰে জিলিকি উঠিছিল
তেওঁৰ পদধ্বনি।
তথাপি,
এই সকলো প্ৰশংসাৰ পৰা
আমি একোকে নাপালোঁ
চৌদিশে আন্ধাৰ
মাথোঁ আন্ধাৰ।
এটি শিলৰ দৰেই নিশ্চুপ হৈ
মই বহি পৰিছিলোঁ
যদিও একো কোৱা নাছিল তেওঁ,
যদিও জানিছিলোঁ
প্ৰেমৰ শ্ৰেষ্ঠতাখিনিৰ মৃত্যু হবই,
নোহোৱা কৰিব নোৱাৰি সেয়া
অতি নিৰ্মমভাৱে;
সেয়া প্ৰেম নাছিল
সেয়া আছিল
এটি অসংযত সৰু পক্ষীৰ
এক কৰুণ ক্ৰন্দন।
দলিয়াই পেলালোঁ বতাহত
তেওঁৰ সেই স্বপ্নোপম চন্দ্ৰমাক।