মূল : ডব্লিউ বি য়েটছ
অনুবাদ : ড° ৰঞ্জিত দত্ত
বৃত্তাকাৰে ঘূৰি ঘূৰি
লাহে লাহে বহল হৈ গৈছে
সাগৰীয় ঢৌবোৰ,
গঙ্গাচিলনীজনীয়েও
শুনা নাই এতিয়া
তাইৰ প্ৰশিক্ষকৰ নিৰ্দেশনা।
সকলোৰে অৱক্ষয় হৈছে
পৃথিৱীখনেও এতিয়া
ধৰি ৰাখিব পৰা নাই একোকে,
নিয়মবিহীনতাই কুটিকুটি খাইছে
পৃথিৱীৰ মিঠা মাদকতা,
ম্লান হৈ পৰিছে তেজৰ উদ্দীপনা,
নিৰ্দোষিতাৰ উন্মাদনাবোৰৰ
অপমৃত্যু হৈছে পলে পলে,
জীৱশ্ৰেষ্ঠই হেৰুৱাইছে
বিশ্বাসৰ সুমধুৰ স্বাদবোৰ
অথচ অধমবিলাক জাগি উঠিছে
সীমাহীন আৱেগিক উৎসাহেৰে।
এদিন নিশ্চয় উন্মুক্ত হ'ব
গোপন কিছু কথা,
পুনৰ তেওঁ আহিব ধৰালৈ,
সন্ধান দিব এক নতুন পথৰ।
যেতিয়া পৃথিৱীৰ সমস্ত আত্মাই
কোনোবা মৰুৰ বালিত
নীৰৱে পৰি থকা সত্তাবোৰক
আমনি কৰিব বাৰে বাৰে,
জন্ম হ'ব তেতিয়া এক নৰসিংহৰ,
সাৰ পাই উঠিব
তাৰ সমগ্ৰ আসুৰিক সত্তা।
মৰুভূমিৰ আকাশত উৰি থকা
জাক জাক শগুনৰ ছাঁবোৰে
বৃত্তাকাৰে ঘূৰিব লানি নিছিগাকৈ,
এক ঘনঘোৰ অন্ধকাৰে
ছানি ধৰিব এই ধৰাতল।
মই কিন্তু জানো
কুৰি শতিকাৰ শিলৰ বিছনাৰ
এই ঘোৰ নিদ্ৰা এদিন ৰূপান্তৰিত হ'ব
এক বিৰক্তিকৰ দুঃস্বপ্নলৈ,
সেই সময় সমাগত।
লাহে লাহে পুনৰ ঠন ধৰি উঠিব
'বেথেলহেম'ৰ সেই মানৱীয় সত্তা।