মূল : ৱিলিয়াম বাটলাৰ য়েটছ
অনুবাদ : অনুভৱ তুলসী
জানো জানো মোৰ বাবে ৰৈ আছে নিয়তি
ডাৱৰৰ দেশৰ কোনো
এক অজান জেগাত
যাৰ বাবে এই সমৰ
সিহঁতক মই নিঘিনাওঁ
যাক মই সুৰক্ষা
দিওঁ সিহঁতক নাপাওঁ ভাল
কিলটাৰ্টান ক্ৰছ
হ’ল মোৰ জন্মভূমিৰ নাম
দুখীয়া নিছলা
কিলটাৰ্টান দেশৰ মানুহ
যতিয়ে যাৰ কৰিব
নোৱাৰে একো হানি-বিঘিনি
দিবও নোৱাৰে
আগতকৈ বেছি সুখ-স্বাচ্ছন্দ্য
আইন, ওহোঁ, কৰ্তব্যৰ খাতিৰতো নহয় এই সমৰ
জনতাৰ চিন্তাত
জয়ধবনি দিওঁতাৰ বাবেও নহয়
এক অজান সুখৰ
আৱেগ-আৱেশেহে
আনিছে ডাৱৰ দেশৰ
থৈয়া-নথৈয়ালৈ
মনলৈ অহা চব কথা
তুলিছোঁ তৰ্জুত
আগত বছৰবোৰ যেন
উশাহৰ অপচয়
বিগত বছৰবোৰ যেন
উশাহৰ অপচয়
এই জীৱন এই
মৃত্যু তৰ্জুৰ দুয়োফালে থৈছোঁ