অন্যযুগ/


পল এলুৱাৰ্দৰ কবিতা

অনুবাদ : প্ৰশান্ত মিশ্ৰ




[কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী (Surrealism) আন্দোলনৰ অন্যতম পৃষ্ঠপোষক। দ্বিতীয় মহাযুদ্ধৰ সময়ত নাজীবাদ বিৰোধী কবিতাৰ যোগেদি সমগ্ৰ বিশ্বত খ্যাতি লাভ কৰে।]


 পাঁচটা হাইকু 


ইংৰাজী অনুবাদ: জন হেইজ

অসমীয়া অনুবাদ: প্ৰশান্ত মিশ্ৰ 


বতাহজাক

অমীমাংসিত 

বায়ুৰ চুৰটৰ কুণ্ডলী পকায়


নিমাত ছোৱালীজনীয়ে কথা কয়:

এয়া কলাৰ অপূৰ্ণতা

এয়া অবোধ্য বক্তব্য


 বজাৰত নতুন গাড়ীৰ উদ্বোধন 

চাৰিজন ছহিদৰ মূৰ

চকাৰ পাকঘূৰণিৰ তলত


আঃ! সহস্ৰ ৰহ্নিশিখা,একুৰা জুই,

পোহৰ , এটি ছাঁ!

বেলিটোৱে মোক খেদি ফুৰিছে


শীৰৰ মুকুটত এটি পাখিয়ে দিলে

লঘিমাৰ পৰশ:

চিমনীটো ধোঁৱাইছিল।

 ***



অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ