কবি : এন্দ্ৰি এডি, হাঙ্গেৰী
অনুবাদ : ড° ৰঞ্জিত দত্ত
আমি মানুহ
যি সদায়েই পলমকৈ চলোঁ,
আমি মানুহ
আমি আহিছোঁ দূৰ -সুদূৰৰ পৰা।
আমাৰ খোজবোৰ
সদায়েই ক্লান্তিকৰ আৰু
চিৰদিনেই বেদনাক্লিষ্ট।
আমি এনে মানুহ
যি সদায় পলমকৈয়ে চলোঁ
শান্তিৰে কেনেকৈ মৰিব লাগে
তাকো যে আমি নাজানো,
মৃত্যুৰ মুখখনে যেতিয়া
মন দাপোণত ভুমুকি মাৰে
দপদপাই জ্বলি থকা
একুৰা জুইত জঁপিয়াই পৰে
আমাৰ আত্মা,
আমি শান্তিৰে
মৰিবও নেজানো,
আমি এনে মানুহ
যি চলোঁ সদায় পলমকৈ,
কোনোদিন কেতিয়াও
সময় মতে নচলোঁ।
আমাৰ সপোন,
আমাৰ স্বৰ্গ,
কিম্বা
আমাৰ আলিঙ্গন
সকলোতে যেন আমি
সদায়েই পিছ পৰি থাকোঁ।
