অন্যযুগ/


ইলেকশ্বন ডিউটি

 মূল (ইংৰাজী) : প্ৰশান্ত দাস

অনুবাদ : অজিতাভ হাজৰিকা


(প্ৰশান্ত দাস সম্প্ৰতি শ্বিলঙৰ বাসিন্দা৷ তেখেত দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰেট৷ ২০২৩ চনত তেখেতে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ উল্লেখ্য যে দুবাৰকৈ সন্মানীয় ফুলব্ৰাইট ফেল’ হিচাপে তেখেতে যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড আৰু কৰ্নেল বিশ্ববিদ্যালয়তো কিছুকাল কটাইছিল৷ দাসৰ চুটিগল্প আৰু কবিতা ইতিমধ্যে Out of Print, Mascara Literary Review, Kunapipi ইত্যাদি আলোচনীত প্ৰকাশ পাই আহিছে৷ তেখেতৰ “Election Duty” শীৰ্ষক গল্পটো সাহিত্য অকাডেমিৰ Indian Literature পত্ৰিকাখনৰ ২০২৩ বৰ্ষৰ মাৰ্চ-এপ্ৰিল সংখ্যাত প্ৰকাশিত৷)

 

আশীৰ দশকত গুৱাহাটীৰ পৰা দুলুঙলৈ অসম ৰাজ্যিক পৰিৱহন নিগমৰ বাছ মাথোঁ এখনেই চলিছিল৷ ঈষৎ ৰঙা বাছখন আঠ বাজি কিছু সময় যোৱাৰ পাছতে আহি পায়৷ তেতিয়ালৈকে দোকান-পোহাৰ প্ৰায়বোৰেই সামৰা হৈ যায়৷ কিন্তু এইখিনি সময়তে এমুঠিমান মানুহ আহি ঋষিকেশ বুক ষ্টলৰ সমুখত জুম বান্ধেহি৷ বাছখনে গুৱাহাটীৰ পৰা বোজাই কৰি অনা The Assam Tribune, Sentinel আৰু আন আন অসমীয়া দৈনিকৰ টোপোলা আছিল এওঁলোকৰ অধীৰ আগ্ৰহৰ কাৰণ৷ সেইকেইটা বছৰত সদৌ অসম ছাত্ৰ সন্থা এনে এক প্ৰভাৱশালী সংগঠনত পৰিণত হৈছিল যে ৰাজ্যখনক যিকোনো সময়তে ই স্থবিৰতাৰে ৰুদ্ধ কৰিব পাৰিছিল৷ পিছে কাৰ্বি পাহাৰৰ এইখিনি অঞ্চলত সেই আধিপত্য সিমান নাখাটিছিল৷ স্থানীয় লোকৰ সহযোগ মিলিলে অৱশ্যে কথাটো কিছু বেলেগ৷ বাছখনত উঠি অহা কাকতৰ টোপোলাটো মেলি লৈ আমি আন্দোলনটোৰ গতি কেনে, প্ৰফুল্ল কুমাৰ মহন্ত অথবা ভৃগু ফুকনৰ মতামত কি, ক’ৰোবাত কিবা বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে নেকি, অথবা আগত বন্ধ তেতিয়ালৈ ঘোষিত হৈছে আদি কথাৰ ভূ লৈছিলোঁ৷ 

ডিচেম্বৰ মাহ শেষ হ’বলৈ মাজত আৰু কেইটামান দিন বাকী৷ ঠেঁটুৱৈ ধৰা ৰাতি৷ বম্বেৰ পৰা প্ৰকাশ পোৱা India Weekly নামৰ বাতৰি কাকতখন আহি পোৱালৈ মই ৰৈ আছিলোঁ৷ তাত অসম আন্দোলনৰ বিষয়ে মোৰ এটা লেখা ওলোৱাৰ কথা৷ দুলুঙত India Weekly-ৰ প্ৰচলন শূন্যৰ ঘৰত হোৱা সত্ত্বেও পৰিৱহন নিগমৰ মণিপুৰী ড্ৰাইভাৰজনে গুৱাহাটীৰ পৰা মোক কাকত এখন আনি দিয়াৰ কথা দিছিল৷ বাছখন আহি কিতাপ দোকনাৰ সমীপতে ৰ’লহি৷ দুই-এজন দূৰণিবটীয়া যাত্ৰীৰ আশাত কেইখনমান অট’ৰিক্সা এইফালে লৱৰি আহিল৷ বাছখনৰ পৰা নমা যাত্ৰীসকলৰ মাজত এগৰাকী প্ৰৌঢ় ভদ্ৰলোক আৰু এজন শীৰ্ণকায় যুৱক মোৰ চকুত পৰিল৷ সহজেই ধৰিব পাৰি যে তেওঁলোক বাপেক-পুতেক৷ অৱশ্যে মই নাজানিছিলোঁ যে তাৰ আগদিনা তেওঁলোকে পল্টন বজাৰৰ বাটা শ্ব’ৰুমত লগ ধৰিবলৈ যোৱা বিক্ৰেতাজন আছিল দুলুঙৰে মানুহ৷ তেখেতে তেওঁলোকক জনাইছিল যে ইয়াত খুব এটা ‘পাৰিপাট্য’ থকা হোটেল তেনেকৈ পাবলৈ নাই৷ যেতিয়া বাছখনৰ পৰা নমা আনবোৰ যাত্ৰীসকল আন্ধাৰত ক্ৰমশঃ নোহোৱা হৈ যাবলৈ ধৰিলে, বাপেক-পুতেকে একো উৱাদিহ নাপাই তাতেই কিছুপৰ থিয় দি থাকিল৷ মই তেওঁলোকক ওচৰতে থকা ট্যুৰিষ্ট লজটোত থাকিবলৈ পৰামৰ্শ দিলোঁ৷       

       পিছদিনা পুৱাৰ ভাগত আমি আটায়ে সদ্যঘোষিত নিৰ্বাচনৰ বা-বাতৰি আলচি আছিলোঁ৷ এনেতে দেখিলোঁ আমাৰ কলেজৰ অধ্যক্ষ বৰুৱা ছাৰক অনুসৰণ কৰি আহি কমন ৰূমত সোমাইছেহি মই সেই আগ নিশা দেখা যুৱকজন৷ ছাৰে আমাক বহি থাকিবলৈ ইংগিত দি যুৱকজনৰ কান্ধত এখন হাত ৰাখি পিতৃসুলভ গৰ্বেৰে কৈ গ’ল : “এওঁ পাৰ্থজিৎ দত্ত, আমাৰ নতুন সহকৰ্মী৷ গুৱাহাটীৰ পৰা কালি ৰাতিয়ে আহি পালেহি৷ আমি তেওঁক থাকিবলৈ এটা ভাড়াঘৰ ঠিক কৰি দিব লাগিব।” এইখিনি কথা কৈ তেখেতে কৰিবলৈ থকা কামৰ দোহাই দি, আৰু লগতে ডেকা অধ্যাপকক সজ সংগত গটোৱা বুলি অশ্বস্ত কৰি নিজৰ অফিচ ৰূমলৈ উভতিল৷     

       কমন ৰূমটো যথেষ্ট আহল-বহল আছিল৷ অৱশ্যে পাঁচ বছৰৰ পাছত কলেজলৈ ঘূৰি গৈ ৰূমটো মই আগেয়ে দেখি অহাৰ  তুলনাত সৰু দেখিছিলোঁ৷ কেইখনমান চকী আৰু এখন বেঞ্চেৰে সৈতে ৰূমটোত এখন দীঘলীয়া টেবুল আছিল৷ টেবুলৰ ওপৰতে থকা বাঁহৰ ট্ৰে’ এখনত আমাৰ পিয়ন গোপালে আহি চিঠি-পত্ৰ আৰু প্ৰয়োজনীয় নথি আদি ৰাখি যায়৷ ডেকা অধ্যাপকক সেইদিনা বেছ উৎসাহেৰে আদৰি অনা হ’ল৷ যোৱা ভালে কেইবছৰ ধৰি কলেজত নতুন নিযুক্তি হোৱা নাছিল৷ কোনোবা এজনে, বোধকৰোঁ সেনগুপ্তই হ’ব, গোপালক কলেজ কেণ্টিনৰ পৰা চাহ আনিবলৈ পঠালে৷ আমি ইতিমধ্যে পাৰ্থক ইটো-সিটো কথা সুধিবলৈ ধৰিলোঁ৷ সি গুৱাহাটীৰে হয়নে? গুৱাহাটীৰ কোনখিনিত তাৰ ঘৰ? বয়স বা কিমান হৈছে? তেতিয়াহ’লে সি ৰসায়ন বিজ্ঞানৰ মানুহ? পাঠদানৰ অভিজ্ঞতা কিবা কিছু আছেনে নাই আগতে? কোন কলেজত বা পঢ়িছিল ডেকা? স্কুল একা? সৌভাগ্যক্ৰমে কোনেও যেনিবা তাক পেৰিয়ডিক টেবলৰ কথা একো নুসুধিলে, অথবা নুসুধিলে পাঁচ বছৰৰ পাছত সি নিজকে ক’ত আৰু কেনেকৈ থকাটো ভাবিছে৷ কথা-বতৰাৰ পৰা আমি বুজিলোঁ যে দিছপুৰৰ অসম সচিবালয়ত কেৰাণী হিচাপে কাৰ্যনিৰ্বাহ কৰা পাৰ্থৰ দেউতাকে তাক ওচৰতে থকা অসমীয়া মাধ্যমৰ স্কুলখনৰ পৰিৱৰ্তে ডনবস্ক’লৈ পঠাইছিল৷ তাৰ পাছত তেখেতে দিল্লী বিশ্ববিদ্যালয়ত পাৰ্থৰ নাম লিখালে৷ ৰাজ্যৰ বিভিন্ন ঠাইত চৰকাৰী অফিচ-কাছাৰীত ছাত্ৰ-ছাত্ৰীয়ে ধৰ্ণা দিয়া আৰু বিভিন্ন সময়ত আৰক্ষীৰ সৈতে যুঁজ-বাগৰত লিপ্ত হৈ থকাৰ পৰিৱেশ এটাৰ পৰা পুতেকক আঁতৰাই ৰাখিবৰ বাবেই যে তেখেতে তেনে কৰিছিল সেয়া সহজেই অনুমেয়৷ বোধকৰোঁ অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলোৱাৰ অভিপ্ৰায়ো কিছু থাকিব পাৰে৷ সময় মতেই পাৰ্থই স্নাতকোত্তৰ সাং কৰি ওলাল৷ অসমতে থাকি যোৱা তাৰ লগৰবোৰৰ পলম হ’ল বহুখিনি৷

       ডেকা অধ্যাপক বুদ্ধিমান৷ আমি সোধা কথাকেইটাৰ উত্তৰত তেওঁৰ উৎসাহ আৰু আন্তৰিকতা ফুটি উঠিছিল৷ আমি সন্তোষ পালোঁ আৰু লগতে ল’ৰাজনক লৈ অশ্বস্তও হ’লোঁ৷ পাৰ্থৰ প্ৰতি মৰম নোপজাৰ কথাই নাহে৷ ইমান কম বয়সৰ ল’ৰা আৰু কেনে বিশ্বাসী স্বভাৱৰ৷ এনেকি আমাৰ মহন্ত, যি পাৰ্থ আহি কমন ৰূমত সোমাবৰে পৰা এক ধৰণৰ মৌনতা অৱলম্বন কৰি আছিল, কিছু সময় পাৰ হৈ যোৱাৰ পাছত লাহেকৈ আহি কথা-বতৰাত মিলিত হৈছিল৷ মহন্তৰ খুব কম বয়সতে দেউতাক ঢুকাইছিল৷ সৌভাগ্যৰ বলতহে তেখেতে পঢ়া-শুনাৰ সুযোগ পাইছিল৷ ডেকা বয়সত তেওঁ সৰু-সুৰা কাম-কাজ কৰি কলেজলৈ গৈ সন্ধিয়াৰ ক্লাছ কৰাৰ খোৰাক উলিয়াইছিল৷ মেজাজ অনুসৰি মহন্তৰ আচৰণ কেতিয়াবা শান্ত-সমাহিত আৰু কেতিয়াবা অতিশয় উদ্ধত৷ তেওঁৰ দৰে কষ্টসাধ্য জীৱন এটা পাৰ কৰি নহা মানুহ পালেতো আৰু ক’বই নালাগে৷

       পাৰ্থই মোক চিনিব পৰা যেন মুঠেই নালাগিল৷ বোধকৰোঁ আগনিশা অন্ধকাৰত মোৰ মুখখন ভালকৈ সি দেখা পোৱা নাছিল৷ অৱশ্যে মোক চিনি নোপোৱা বাবে মই তাক দোষাৰোপ কৰিব খোজা নাই৷ এনেয়ো মই সাধাৰণ চেহেৰা-পাতি আৰু গঢ়-গতিৰ মানুহ এজন৷ অৱশ্যে এতিয়াও সি এই নতুন পৰিৱেশটোৰ লগত সহজ হ’ব পৰা নাই যেন লাগিছে৷ বাপেক-পুতেক দুয়োজন বকুলীয়া পোৱালৈকে বোধকৰোঁ ঠিকেই আছিল৷ আন্ধাৰ হয় মানে বাছখন আহি বকুলীয়া পায়হি৷ মানুহখিনিয়ে নামি চাহ-তাহ খাবৰ বাবে তাতে সাধাৰণতে বাছখন কিছু সময় ৰখোৱাৰ নিয়ম৷ বকুলীয়া পাৰ হোৱাৰ লগে লগেই দৃশ্যপট সলনি হয়৷ সমতলীয়া ধাননি পথাৰৰ ঠাই ওখ ওখ পাহৰৰ একা-বেঁকাবোৰে লয়৷ প্ৰায় দুঘণ্টামান সময় বাছখনে আন্ধাৰ ভেদি পাহাৰৰ এঢলীয়া পথেৰে উধাবলৈ লোৱাৰ সময়ছোৱাত তেওঁলোকে কি এক পৰিস্থিতিত পৰিলোঁ বুলি ইতস্ততঃ কৰিছিল যে সেয়া ধূৰূপ৷ ইয়াৰ পাছতে “Welcome to Dulung” লিখা ৰাস্তাৰ দাঁতিৰ ফলক এখন পাৰ কৰাৰ পাছত দৃশ্যমান স্কুটাৰ আৰু অট’ৰিক্সাৰ লানিয়ে তেওঁলোকক লক্ষ্যস্থান আহি পোৱাৰ সম্ভেদ দিব৷  

       বাছৰ পৰা নামিয়ে অন্ধকাৰৰ মাজত ৰাতিপুৱাৰ বাতৰি কাকতখনৰ বাবে অপেক্ষাৰত মানহ এজনক লগ পাই তেওঁলোকে নিশ্চয় অতি শোচনীয়ভাৱে পিছপৰা ঠাই এটুকুৰাত আহি পোৱা যেন অনুভৱ কৰিছিল৷ এনে এটা ধাৰণা অৱশ্যে পাছলৈও থাকি যায়৷ মোৰেই সহকৰ্মী বহুকেইজনে মূলসূঁতিৰ পৰা নিৰ্বাসিত হোৱাৰ দৰে হৈ প্ৰতিদিনে গুৱাহাটীলৈ বদলি হৈ যোৱাৰ ক্ষণ গণিছিল৷ মোৰ অৱশ্যে নতুনকৈ গঢ়ি উঠা সম্পৰ্কবোৰ ভালেই লাগিছিল৷ কিতাপৰ দোকান আৰু বাছ আস্থানটোৰ বিপৰীতে থকা উদ্যানখনৰ সোঁমাজত ইটাৰে গাঁথি থোৱা অৱয়বটো ক্ৰমশঃ উঁৱলি এতিয়া এক পুৰাতন কীৰ্তিচিহ্নত পৰিণত হৈছে৷ ইটাৰ ফাঁকবোৰত অপতৃণৰ ছানি৷ মাৰ্বলৰ মলিয়ন উপৰিপৃষ্ঠত চিন-অচিন হ’ৰেছৰ সেই আমোঘ মন্ত্ৰঃ Dulce et decorum est pro patria mori৷ মানুহে হয়তো নাজানিছিল অথবা জনাৰ প্ৰয়োজন অনুভৱ নকৰিছিল যে সেয়া প্ৰথম মহাসমৰত এই অঞ্চলৰ পৰা গৈ ফ্ৰান্সৰ কোনোবা এচুকত প্ৰাণাহুতি দিয়া পঞ্চাছজন পাহাৰীয়া ডেকাৰ স্মৃতিত যুদ্ধৰ কিছু বছৰৰ পাছতে সজা এক স্মাৰকসৌধ৷

       সাত সাগৰ তেৰ নদী পাৰ হৈ ৰাস্তা-ঘাট নিৰ্মাণৰ কামত লগাবলৈ লৈ যোৱা এই যুৱককেইজন চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল৷ কিন্তু যদি কাৰোবাৰ ইচ্ছা জাগে, অফিচৰ অনাদৃত নথি-পত্ৰৰ দ’মবোৰ খুঁচৰি ধূলি-মাকতি আঁতৰাই চালে এই যুৱককেইজনৰ নামবোৰ হয়তো পোৱা যাব৷ বগা চাহাবে সৰু-ডাঙৰ প্ৰায় প্ৰতিটো কথাৰে লিখিত খতিয়ান ৰাখিছিল৷ আৰু যিহেতু মৃত যুৱক কেইজনৰ নথিভুক্ত তথ্য প্ৰতি-পৰীক্ষা কৰি চোৱাৰ এতিয়া আৰু একো উপায় আমাৰ হাতত নাই, সেয়েহে তেওঁলোকৰ জীৱন কাহিনী মনে বিচৰা ধৰণে সাজি ল’বও পৰা যায়৷ ঘৰখন এৰি যাবলৈ লওঁতে যুৱক কেইজনে বাৰু এবাৰলৈও ভাবিছিলনে যে নিজৰ মানুহখিনিক সেয়াই তেওঁলোকৰ শেষ দেখা? জীৱনত প্ৰথমবাৰৰ বাবে সাগৰ দেখি তেওঁলোকৰ বাৰু কেনে লাগিছিল? অথবা তেওঁলোকক যিখন জাহাজত লৈ যোৱা হৈছিল তাৰ মুকলি ঠাইডোখৰ বগা চাহাবে আহি ঘঁহি-ঘঁহি চিকুণাই থকা দেখিছিলেনে তেওঁলোকে? মই প্ৰথম মহাযুদ্ধত নিয়োজিত ভাৰতীয় সৈনিকসকলৰ জীৱদ্দশা সম্পৰ্কে কিতাপ এখন লিখি থকাৰ সময়ছোৱাত এই প্ৰশ্নবোৰে আহি মোৰ মনৰ ভিতৰত অগা-ডেৱা কৰি আছিলহি৷    

       কমন ৰূমৰ পৰা ওলাই মই অধ্যক্ষৰ কাৰ্যালয়লৈ বুলি ৰাওনা হ’লোঁ৷ তেখেত নিজৰ চকীখনতে বহি আছিল৷ এখন হাতেবোৱা গামোচাই চকীখনৰ শোভা বৰ্ধন কৰিছিল৷ “চাহ খাবনে শৰ্মা?”, বৰুৱা ছাৰে তেখেতৰ স্বভাৱসুলভ সৌজন্য ৰাখি মোক সুধিলে৷ “নালাগে ছাৰ”, মই লাহেকৈ মাত লগালোঁ৷ “টেণ্ডেঞ্চি নাই?”, তেখেতে সহৃদয়তাৰে সুধিলে আকৌ৷ প্ৰায়ে তেখেতে এই শব্দটো ব্যৱহাৰ কৰে– অসমীয়াতো, ইংৰাজীতো৷ আমি নিৰ্বাচনৰ কথাকে পাতিলোঁ৷ কিছুদিনৰ পিছতে কলেজৰ শ্ৰেণীকোঠাবোৰ নিৰ্বাচনী কাম-কাজৰ বাবে লোৱা হ’ব৷ ইয়াৰোপৰি শিক্ষক-কৰ্মচাৰীৰ ইলেকশ্বন ডিউটি আছেই৷ “এই পাৰ্থ বোলা ল’ৰাজনে কিন্তু আমাক শলঠেকত পেলাব দেই শৰ্মা”, হাঁহি হাঁহিয়ে বৰুৱা ছাৰে মোলৈ চাই ক’লে৷ তেওঁ জিলা প্ৰশাসনে বিচৰা শিক্ষক আৰু কৰ্মচাৰীৰ তালিকাখনৰ পৰা পাৰ্থৰ নামটো আঁতৰাই ৰাখিলে বিপদ হ’ব যেন আশংকা কৰিছে নিশ্চয়৷ মই ক’লোঁ যে তেওঁলোকে তাক ডিউটিলৈ নপঠাবও পাৰে৷ তেওঁ এইবাৰ হাঁহিত ৰগৰ তুলি ক’লে, “সিহঁতক অজস্ৰ মানুহ লাগিব বুজিছে৷ এইবাৰ মুঠতে কোনো সাৰি নাযায়”৷     

       পিছে তেখেত অলপ ধতুৱা বিধৰ মানুহ মুঠেই নাছিল৷ মানুহজনে জীৱনৰ প্ৰথমটো চাকৰিত সোমাইছিল আইজলৰ কলেজ এখনত৷ মিজো জাতীয় সংগঠনৰ উত্থানৰ সময় আছিল সেইয়া৷ ভাৰতীয় বায়ু সেনাৰ বিমান সোঁ-সোঁৱাই ফুৰিছিল চহৰৰ আকাশে-বতাহে৷ গুলীবৰ্ষণো চলিছিল কেতিয়াবা৷ আইজলত তেতিয়া বিভীষিকাময় পৰিৱেশ৷ শতাধিক মানুহ চহৰ এৰি ভাগি আহিছিল৷ বৰুৱা ছাৰৰ সহকৰ্মীও তেনেকৈয়ে আহিছিল৷ কিন্তু তেখেত নিজৰ বৃত্তিত অটল আছিল (চকু চৰহাৰ ভাষ্যত তেওঁৰ হেনো পলাই সাৰি আহিব পৰা ধাতুৱেই নাছিল)৷ এটা সময়ত বিদ্ৰোহীসকলে ছত্ৰভঙ্গ দিলে, পৰিস্থিতিৰ জটিলতা শাম কাটিল, আৰু বৰুৱা ছাৰক চৰকাৰৰ ফালৰ পৰা কৃতজ্ঞতাৰ চিনস্বৰূপে অধ্যক্ষৰ বাব দিয়া হ’ল৷ মই বহু কেইবাৰ কথাৰ ছলেৰে তেখেতৰ পৰা তেতিয়াৰ অভিজ্ঞতা সম্পৰ্কে কথা উলিওৱাৰ চেষ্টা কৰিছিলোঁ৷ পিছে বৰ বেছি কথা তেওঁ নকয়৷ এনে লাগে যেন বহু বছৰ আগৰে ঘটনা এটাক লৈ তেওঁৰ খুব এটা আগ্ৰহ তেনেকৈ আৰু নাই৷ কিন্তু মাজে সময়ে তেওঁ এনে কিছুমান কাম কৰে যে আগৰ কথা তেওঁ পাহৰি পেলোৱা বুলি মই মানি ল’বলৈ টান পাওঁ৷    

       মই প্ৰথম মহাযুদ্ধৰ স্মৃতিসৌধটোক লৈ দেখুওৱা উৎসুকতাক তেখেতে অমুলক বুলি ভাবিছিল আৰু প্ৰায়ে মোক সেইবোৰ কথাত বৰ বিশেষ লাগি নাথাকিবলৈ সঁকীয়াই দিছিল৷ অৱশ্যে যুদ্ধত অৱতীৰ্ণ হোৱাসকলৰ পৰিয়াল-পৰিজনৰ সবিশেষ তথ্য খুঁচৰি উলিওৱাত ইতিমধ্যে মই কিছুদূৰ আগবাঢ়িছিলোঁ৷ এনেকি কেইদিনমানৰ আগতে মই ফুলনিৰ কাষৰীয়া ডিমাছা গাওঁ এখনলৈ গৈ এজন অৱসৰপ্ৰাপ্ত বন বিষয়াৰ সৈতে এবেলা কটাইছিলোঁ৷ তেখেতে হেনো মহাযুদ্ধৰ বিমানে আকাশ ছানি ধৰাৰ বহু বছৰৰ আগতেই ককাকৰ মুখত এই অঞ্চলৰে কেইবাজনো ডেকা মানুহে কোনোবা দূৰণিলৈ যুদ্ধৰ বাবে যোৱাৰ কথা শুনিছিল৷ বৰুৱা ছাৰক মই এই বিষয়ে একো কোৱা নাছিলোঁ৷   

       নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে দুলুঙৰ বতাহে ৰূপ সলাবলৈ ল’লে৷ ৰাজ্যৰ বাকী ঠাইতো সেই একেই কাহিনী৷ পাছদিনাখন ৰাতিপুৱা কলেজত পাৰ্থ আহি পোৱাৰ সময়তে কেইজনমান ছাত্ৰ-ছাত্ৰীও আহি ওলালহি৷ লাইব্ৰেৰীয়ানে তেওঁক সেইদিনা ক্লাছ নহয় বুলি জনোৱাত তেওঁৰ মুখখন তেনেই শুকাই পৰিছিল৷ পাছৰ সপ্তাহটোও মোটামুটি প্ৰায় তেনেকৈয়ে চলি থাকিল৷ অৱশ্যে তাৰ মাজতো পাৰ্থই দুটামান ক্লাছ লোৱাৰ সুৰুঙা উলিয়ালে৷ কিছুমান ল’ৰা-ছোৱালীয়ে ভাবিছিল যে অধ্যাপক হ’বৰ বাবে তেওঁৰ বয়সেই হোৱা নাই এথোন৷ কথাটো অৱশ্যে তেনেকুৱা নাছিল (তেওঁৰ তেইছ বছৰ বয়স তেতিয়া)৷ কিন্তু জিলাখনত সাক্ষৰতাৰ হাৰ আছিল তেনেই কম আৰু বহু ল’ৰাই স্কুলত নাম লিখায় মানে বয়সে ভাটি দিছিল৷ তেওঁ প্ৰতিদিনে ৰাতিপুৱা আহি কলেজত সোমাইছিলহি, ল’ৰা-ছোৱালী এমুঠিমান আহিলেই ক্লাছ লৈছিল, কমন ৰূমত সহকৰ্মীৰ সৈতে খন্তেক সময় পাৰ কৰি পাছবেলালৈ কলেজৰ পৰা ঘৰমুৱা হৈছিল৷ হলিৰাম হাঞ্চেৰ সৈতে তেওঁক পৰিচয় কৰাই দিয়াৰ সময়ত ময়ো আছিলোঁ৷ মাথোঁ কেইদিনমানৰ আগতে হাঞ্চেলৈ চুটিগল্পৰ বাবে সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছিল৷ কিন্তু পাৰ্থই তেওঁক চিনিব নোৱাৰি তেওঁ কোন বিভাগত কাম কৰে বুলি সুধি পেলাইছিল৷ মই উচপ খাই উঠিছিলোঁ৷ এই কনভেণ্টত পঢ়ি অহামখাৰ কি যে হ’ব! পিছে হাঞ্চেই সামান্য হাঁহি মাৰিয়ে উত্তৰ দিছিল, “অসমীয়া বিভাগত”৷    

       প্ৰায়ে সন্ধিয়া প্ৰফেছৰ কলনিৰ পৰা ঋষিকেশ বুক ষ্টললৈ বুলি খোজ কাঢ়ি ওলাই আহোঁতে পাৰ্থৰ সৈতে মোৰ মুখামুখি হৈছিল৷ এদিনাখন মই তেওঁৰ দেউতাককো লগ পালোঁ৷ দুলুঙৰে হোটেল এখনত বাপেক পুতেকে বহি চাহ খাই আছিল৷ দাইল, আঞ্জা আৰু নেমুৰ গোন্ধেৰে মলমলাই আছিল ঠাইখিনি৷ বয়োজ্যেষ্ঠ মানুহজনে উদ্বিগ্ন কণ্ঠৰে আহি থকা সময়খিনিত পৰিস্থিতি কেনে হ’ব পাৰে মোক সুধিছিল৷ চৰকাৰী পক্ষই আন্দোলনটো মষিমূৰ কৰি নেপেলাবনে, নিৰ্বাচনৰ দিন ঘোষণা হ’লেই যেতিয়া? দুলুঙত পৰিস্থিতি বিষম হোৱাৰ কিবা আশংকা আছে নেকি? তেখেতে নিশ্চয় India Weekly-ত মোৰ প্ৰবন্ধটো পঢ়িয়েই এইবোৰ কথা মোক সুধিছিল বুলি মই ধাৰণা কৰিছিলোঁ৷ তেখেতক মই জনালোঁ যে পাহাৰীয়া ঠাইসমূহত পৰিস্থিতি এতিয়ালৈকে সুস্থিৰ হৈয়ে আছে আৰু বোধকৰোঁ তেনেকৈয়ে থাকিব, ভৈয়ামত হট্টগোল যিয়েই নহওক কিয়৷ পাছত মই শুনিবলৈ পালোঁ যে তেখেতে ইয়াত যাকেই লগ পাইছিল প্ৰায় একেকেইটা কথাকে সুধিছিল৷

       কেইদিনমানৰ পাছতে পাৰ্থৰ দেউতাক পুতেকৰ নিৰাপত্তা সম্পৰ্কে অশ্বস্ত হৈ দুলুঙৰ পৰা উভতিল৷ ইতিমধ্যে পুতেকৰ কাণ সমনীয়া বন্ধু-বান্ধৱ কেইবাজনো গোট খালে৷ এওঁলোক স্থানীয় যুৱক, দুই-এক আছিল অসমীয়া আৰু আনসকল কাৰ্বি৷ বিভিন্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ল’ৰা এওঁলোক৷ চহৰীয়া মানুহ দুই-একৰ সৈতেও পাৰ্থৰ সু-সম্পৰ্ক গঢ় লৈ উঠিছিল৷ এদিনাখন সন্ধিয়া পৰত মই তেওঁক তুলিৰাম তেৰাঙৰ সৈতে দেখিছিলোঁ৷ স্থানীয় নেতা তেৰাঙৰ নিজৰেই এটা ৰাজনৈতিক দল আছিল৷ বজাৰৰ ওচৰে-পাজৰে তুলিৰামক প্ৰায়ে দেখা গৈছিল৷ মানুহক লগ পালে তেওঁ কথা-বতৰাত মিলিত হ’বলৈ ভাল পাইছিল৷ তেওঁৰ সৈতে অৱশ্যে কৰমৰ্দন কৰাৰ অৱকাশ নাছিল৷ কম বয়সতে তেৰাঙৰ চিকাৰ কৰি থাকোঁতে হোৱা এক দুৰ্ঘটনাত সোঁহাতখন ঘূণীয়া হৈছিল আৰু এটা চকু আংশিকভাৱে অক্ষম হৈ পৰিছিল৷ মোৰ গৱেষণাৰ কামটোত আগ্ৰহী একমাত্ৰ ব্যক্তিজনেই আছিল এই তুলিৰাম তেৰাং৷ তেওঁ বিশ্বযুদ্ধৰ স্মৃতিসৌধটো ঠিক-ঠাক কৰাই ৰাজ্যপালক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি এটি অনুষ্ঠান আয়োজন কৰাৰ কথা কৈছিল৷ কিন্তু তেওঁ যেতিয়াই দেখিলে যে মোৰ গৱেষণাত কাৰ্বিসকলৰ উপৰি ডিমাছা আৰু ৰেংমা সম্প্ৰদায়ৰ দুই-এজন লোকৰ নামো পোহৰলৈ আহিছে, কামটোত তেওঁ আৰু বৰ বিশেষ আগ্ৰহ নেদেখুৱালে৷ তুলিৰাম আছিল খুব চতুৰ প্ৰকৃতিৰ মানুহ৷ তেওঁ ইলেকশ্বন খেলিব বুলি কথা ওলায়েই আছিল৷ তেওঁৰ অসমীয়া বন্ধু মহলৰ কেইজনমানে তেওঁক এইবোৰত নোসোমাবলৈ বুজনি দিছিল৷ কিয়নো তেওঁ পাৰ্বত্য অঞ্চলৰ অসম সাহিত্য সভাৰো মুখ্য উদ্যোক্তা৷ কিন্তু তুলিৰামৰ এনে কেতবোৰ যুক্তি আছিল যে তেওঁৰ বন্ধুবৰ্গয়ো শেষত সেও মানিলে৷ তেওঁ নিজকে এজন পেছাগত ৰাজনৈতিক নেতা হিচাপে পৰিচয় দি ক’লে যে নিৰ্বাচনটো বৰ্জন কৰাৰ কথা তেওঁ ভাবিবই নোৱাৰে৷ মোৰ মতে তেওঁৰ কথাত যুক্তি নথকা নহয়৷ তুলিৰাম আছিল অসম আৰ্হিৰ ঘৰ এটাৰ দৰে স্থানীয় সা-সমগ্ৰীৰে নিৰ্মিত৷ কাচিৎ কেতিয়াবা হোৱা ভূমিকম্পত তেওঁৰ একো ক্ষয়-ক্ষতি হ’ব লগা নাই৷ পাছলৈ তেওঁৰ অশেষ প্ৰতিপত্তি হৈছিল৷ পৰৱৰ্তী চৰকাৰৰ সময়ত তেখেতে মন্ত্ৰীৰ আসনো লাভ কৰিছিল৷     

       চহৰখনত চি. আৰ. পি. এফ. জোৱানৰ সংখ্যা বাঢ়ি অহা চকুত পৰিছিল৷ সন্ধিয়া খবৰ কাগজ আনিবলৈ যোৱা কাৰবাৰটো আৰু সুচল হৈ নাথাকিল৷ মই আগৰ দৰে ওলাই নোযোৱা হ’লোঁ৷ খবৰ কাগজখন হাতত লৈ প্ৰফেছৰ কলনিলৈ দীঘল এছোৱা বাট খোজ কাঢ়ি ঘূৰি আহোঁতে কাষৰীয়া পথাৰত জোনাকীৰ লুকা-ভাকু দেখি বিস্মিত হোৱাৰ স্মৃতিয়ে আহি মনৰ ভিতৰতে খুন্দিয়াই থাকিবলৈ ল’লে৷ আগৰ আৰক্ষী অধীক্ষকজন বদলি হৈ যোৱাত তেওঁৰ ঠাইত এজন কনিষ্ঠ আৰু অলপ একা-চেকা লোক আহিল৷ হেলিকপ্টাৰত আহি দুলুঙৰ ফুটবল ফীল্ডত অৱতৰণ কৰা আমোলা-মন্ত্ৰীক ততাতৈয়াকৈ বগা এম্বেচেডৰ গাড়ীত উঠাই জিলা উপায়ুক্তৰ অফিচলৈ লৈ যোৱা হৈছিল৷ এনে অহা-যোৱা কাৰ্যসূচীৰ উদ্দেশ্য আছিল জিলাখনত প্ৰতিবাদৰ ঢৌ কেনে তাৰ উমান লোৱাটো৷ চৰকাৰখনে যিকোনো প্ৰকাৰে নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচৰিছিল, সেইয়া লাগিলে যিমানেই কষ্টসাধ্য নহওক কিয়৷ আমাৰ কাৰণে চিন্তাৰ বিষয় আছিল চাকৰিটো নোযোৱাকৈ ইলেকশ্বন ডিউটিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি৷ কাৰণ নিৰ্বাচনত অংশ নোলোৱা মানেই চৰকাৰী পক্ষৰ প্ৰতিশোধ পৰায়ণতাৰ বলি হ’বই লাগিব৷ আকৌ অংশ লোৱা মানেই সমাজত এঘৰীয়া হোৱা৷ অত্যন্ত স্পৰ্শকাতৰ সময় আছিল এইছোৱা৷ আত্মত্যাগ আৰু বলিদানৰ বাণী আকাশে-বতাহে বিয়পি পৰিছিল৷ এই আন্দোলনৰ সৈতে যেন অসমীয়া জাতিটোৰ জীৱন-মৰণৰ প্ৰশ্ন জড়িত হৈ আছিল৷ স্থানীয় লোকৰো সহযোগ আছিল প্ৰবল, কাৰণ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়টোৱে কাৰ্বিসকলকো চিন্তাত পেলাইছিল৷ কলেজত আমাৰ একমাত্ৰ বড়ো সহকৰ্মী ব্ৰহ্মই অতদিনে মেল-মিটিঙলৈ অহা বাদ দিয়া সত্বেও সেইখিনি সময়ত আমাৰ সৈতে কমন ৰূমত আহি মিলিত হৈছিল৷ কট্টৰ কংগ্ৰেছ সমৰ্থক পৰিয়াল এটাৰ পৰা অহা বাবেই সমাজচ্যুত হৈ অহা বীৰেশ্বৰ বৰুৱায়ো অৱশেষত তাকেই কৰিছিল৷      

       সিদ্ধান্ত হ’ল যে কৌশলেৰে আমি ইলেকশ্বন ডিউটি প্ৰত্যাখ্যান কৰিব লাগিব৷ বৰুৱা ছাৰৰ পৰা এই বিষয়ে কলেজত মিটিং এখন কৰিবলৈ অনুমতি বিচৰা হ’ল৷ আমি ভবা নাছিলোঁ যে তেখেতে তেনে এটা কামৰ বাবে সন্মতি দিব৷ তেওঁ আইজলত থকাৰ দিনৰে পৰা চৰকাৰৰ মানুহ হিচাপে এটা নাম আছিল৷ পিছে তেওঁ আমাক হতচকিত কৰি জনালে যে প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে৷ এইষাৰ কথা তেখেতে আমাক এনে এক প্ৰত্যয়দীপ্ত কণ্ঠেৰে কৈছিল, আমি ভাবি লৈছিলোঁ যে চৰকাৰৰ ৰোষত পৰাৰ সম্ভাৱনা আৰু নাই৷ একতাই পৰম বল কথাষাৰ আমি উপলব্ধি কৰিছিলোঁ৷ সেয়েহে আমি সভাখনলৈ জিলাৰ সকলো চৰকাৰী বিষয়ববীয়াক আমন্ত্ৰণ জনোৱাৰ কথা থিৰাং কৰিলোঁ৷     

       অপেক্ষাৰ অন্ত পৰিল৷ উৰা বাতৰি ওলাল যে জিলা উপায়ুক্তই আমাৰ মিটিংখনৰ কথা গম পাই সেইখন নোহোৱাবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ভাবিছে আৰু এনেকি তাক নিষিদ্ধ ঘোষণা কৰাৰো সম্ভাৱনা আছে৷ মই কলেজলৈ যোৱাৰ পথত আৰক্ষীয়ে আমাক হকা-বাধা দিব বুলি ভাবিছিলোঁ৷ পিছে তেনে একো নহ’ল৷ সেইদিনাও দুলুঙত নীৰৱ দুপৰীয়াটো পাৰৰ ৰুণৰ প্ৰতিধ্বনিত শান্ত-সমাহিত৷ কলেজৰ পথাৰখনত কাকো কেতিয়াও ভ্ৰূক্ষেপ নকৰা চৰণীয়া গৰুৰ জাক৷  

       মিটিংখন আমাৰ আহল-বহল শ্ৰেণীকোঠা এটাত আয়োজন কৰা হ’ল৷ পাৰ্থ সেইদিনা সোনকালেই আহি ওলালহি৷ গোট গোট আখৰৰে সি ব্লেকব’ৰ্ডত লিখি থ’লেঃ “Meeting of Karbi Anglong District Govt. Officers, organized by Dulung Govt. College Teachers’ Association”৷ শ্ৰেণীকোঠাটো মানুহে নধৰা হ’ল৷ আমি কোনো কাহানিও চিনি নোপোৱা মানুহ কিছুমানো দুলুঙৰ দাঁতি-কাষৰীয়া ঠাইৰ পৰা আহি ওলাল৷ অসামৰিক চিকিৎসালয়ৰ দুগৰাকীমান মহিলা চিকিৎসকো অহা দেখিলোঁ৷ গোপালৰ চাহ আনি দিয়াৰ দায়িত্ব পৰিল৷ একেলগে ইমানবোৰ উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়া-কৰ্মচাৰীক দেখা পাই সি তধা লাগিছিল৷    

       উপস্থিত থকাসকলৰ ভিতৰত বৰুৱা ছাৰেই আছিল বোধকৰোঁ সকলোতকৈ বয়োজ্যেষ্ঠ বিষয়া৷ কিন্তু তেখেতে সৌজন্য ৰাখি জিলা কৃষি বিষয়া তজবজীয়া ব্যক্তিজনক সভাৰ সভাপতিত্ব কৰিবলৈ অনুৰোধ জনালে৷ কৃষি বিষয়াজনেও অনুৰূপ সৌজন্য দেখুৱাই সেই ভাৰ গ্ৰহণ নকৰিলে৷ কিছুসময় ধৰি দুয়োৰে বিনয়ী স্বভাৱৰ যেন প্ৰতিযোগিতাহে চলি থাকিল৷ অৱশেষত জিলা কৃষি বিষয়াজনে উদ্যোক্তাৰ অনুৰোধত সেও মানিব লগাত পৰিল৷ বৰুৱা ছাৰে তেখেতক নিয়ম মাফিক গামোচা এখনেৰে সম্বৰ্ধনা জনোৱাৰ পাছত সভাপতিৰ আসনলৈ তেখেতক লৈ যোৱা হ’ল৷ সভা আৰম্ভ হোৱা বুলি তেখেতে ঘোষণা কৰি আমাক সোঁৱৰাই দিলে যে আমি চৰকাৰৰ বিৰোধী নহয়, আমি প্ৰতিগৰাকীয়ে একো-একোজন কৰ্তব্যপৰায়ণ বিষয়া৷ কেৱল আমি আমাৰ পৰিয়াল-পৰিজনৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈহে আশংকা প্ৰকাশ কৰিছোঁহক৷ ইয়াৰ পাছতে তেখেতে আমাক আমাৰ মতামত দাঙি ধৰিবলৈ অনুৰোধ জনালে৷ আমাৰ লাইব্ৰেৰীয়ান থিয় হ’ল লৰালৰিকৈ৷ তেখেতে লগত লৈ অহা ৰাজনীতি বিজ্ঞানৰ কিতাপখনৰ পৰা উপৰ্যুপৰি উদ্ধৃতি আনি এই কথা প্ৰমাণ কৰিব খুজিলে যে নিৰ্বাচন এটা বৰ্জন কৰাটো নাগৰিক এজনৰ মৌলিক অধিকাৰ৷ আমি আচৰিত মানিলোঁ৷ ইয়াৰ পাছতে দুলুং জনজাতীয় গৱেষণা কেন্দ্ৰৰ সঞ্চালকজন থিয় হৈ কৈ গ’ল যে পাহাৰৰ মানুহ আৰু ভৈয়ামৰ মানুহৰ মাজত একো পাৰ্থক্য নাই৷ ৰাইজে কথাষাৰ শুনিয়েই বেছ উছাহত হাত তালি দিলে৷ ইয়াৰ পাছতে ভুনভুননি ওলাল যে সঞ্চালকজন হেনো জিলা উপায়ুক্তই আমাৰ সভাখনলৈ বুলি পঠিওৱা চোৰাংচোৱা কেইজনৰ ভিতৰৰে এজন৷ এইবাৰ মহন্তই থিয় হৈ ক’লে যে আমাৰ বেছিভাগৰে আন্দোলনটোত কোনোধৰণৰ অৰিহণা নাই৷ নিচলা মানুহখিনিহে চৰকাৰী কৰ্তৃপক্ষৰ ৰোষৰ বলি হ’ব লগা হৈছে৷ চহৰীয়া, দৰমহাখোৰ শ্ৰেণীটোৱে খুব নিৰাপদভাৱে খেলখন খেলি আছে৷ আমি কিবা এটা কৰিবৰ সময় হ’ল৷ তেওঁৰ তেজোদ্দীপ্ত ভাষণে ইতিমধ্যে ৰাইজৰ মনোযোগ আকৰ্ষণ কৰিছিল৷ পাৰ্থয়ো বোধকৰোঁ সেই মনোযোগৰ ভাগ অকণমান ল’ব বিচাৰিছিল৷ “প্ৰফেছৰ মহন্তই অকণমান ডাঙৰকৈ কথাখিনি ক’ব নেকি? সকলোৱে শুনাকৈ?”৷ সকলোৱে পাৰ্থলৈ চালে৷ মোৰ কাষৰে কোনোবা এজনে চক খাই মাত লগালে, “পাৰ্থ! পাৰ্থ!”৷ বৰুৱা ছাৰে দুখ মনেৰে ইফালে সিফালে চাই ৰ’ল৷   

       সভাৰ শেষত সিদ্ধান্ত লোৱা হ’ল যে ইলেকশ্বনত যিহেতু হিংসাত্মক পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে, সেয়েহে জিলাখনৰ সকলো চৰকাৰী বিষয়াই ইলেকশ্বন ডিউটি প্ৰত্যাখ্যান কৰিবলৈ বাধ্য৷ তেতিয়ালৈকে অৱশ্যে চৰকাৰী পক্ষই পৰিস্থিতি আৰু জটিল হোৱাৰ আশংকাত ধৰ্ণা আৰু বন্ধৰ নিয়মীয়া কাৰ্যসূচীৰ বিৰোধ কৰিয়েই আহিছিল৷ পিছদিনাখন জিলা প্ৰশাসনে বৰুৱা ছাৰক কলেজত সভাখন পাতিবলৈ অনুমতি দিয়াৰ অপৰাধত নিলম্বিত কৰিলে৷ আমাৰ লাইব্ৰেৰীয়ানকো নিলম্বিত কৰা হ’ল, আৰু এনেকি মহন্তৰো একেই দশা৷ পিছে আমাক বেছিকৈ চিন্তাত পেলালে কিবা কাৰণত সেনগুপ্তকো নিলম্বন কৰাৰ কথাটোৱেহে৷ তেওঁ বঙালী সম্প্ৰদায়ৰ লোক৷ আন্দোলনৰ সৈতে তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক নাই৷ খবৰটো অহি পোৱাৰ লগে-লগেই আমাৰ কমন ৰূমত হৈ-চৈ লাগিল৷  

       মই বৰুৱা ছাৰৰ ওচৰ পালোঁগৈ৷ তেখেত নিজৰ অফিচতে বহি আছিল, বোধকৰোঁ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা কোনোবা এজন আহি তেখেতক অব্যাহতি দিয়ালৈ বাট চাই৷ “সেনগুপ্তৰ কাহিনীটো কি ছাৰ?”, মই সুধিলোঁ৷ আমি বেছিভাগেই সেনগুপ্তক ভাল পাইছিলোঁ৷ কলেজৰ দৰমহাৰে তেওঁ এটা বৃহৎ পৰিয়াল পোহপাল দিব লগা হৈছিল যদিও মানুহজন সদায় হাঁহিমুখীয়া আৰু বিপদত সকলোকে সহায় কৰা বিধৰ৷ “মই একোৱেই ধৰিব পৰা নাই”, বৰুৱা ছাৰে ক’লে৷ “বোধকৰোঁ তেখেত কাৰোবাৰ ৰোষত পৰিছে”৷ মহন্তও আছিল আমাৰ সৈতে৷ আৰু কিছু সময়ৰ পাছতে তেওঁক এক দীঘলীয়া সময়ৰ বাবে নিলম্বন আৰু এনেকি গ্ৰেপ্তাৰো কৰা হ’ব পাৰে জানিও তেওঁ কিবা এক দৈৱিক শক্তি-সামৰ্থৰ বলত শান্ত আৰু সমাহিত হৈ আছিল৷ এনেতে ছাৰৰ কোঠালৈ পাৰ্থ সোমাই আহিল৷ দুলুঙত চাকৰিটো পোৱাৰ পাছতে তাৰ ঊনৈছত বা বলাই থকা স্বভাৱটো তেতিয়ালৈ কিছু পাতলিল৷ এতিয়া তাক একান্ত বাধ্য স্কুলীয়া ছাত্ৰ এজনৰ দৰে দেখা গৈছিল৷ সি ঘৰলৈ যোৱাৰ ছুটি বিচাৰি দৰ্খাস্ত এখনত বৰুৱা ছাৰৰ চহী ল’বৰ বাবে আহিছিল৷ কাগজে-কলমে বৰুৱা ছাৰ তেতিয়াও অধ্যক্ষৰ পদতে আছিল৷ ছাৰে প্ৰফুল্লচিত্তে দৰ্খাস্তখনত চহী কৰিলে৷ পাৰ্থৰ মুখত স্বস্তিৰ চিন ফুটি উঠিল৷ সি লৰালৰিকৈ ওলাই গ’ল আৰু সেইয়াই তাৰ সৈতে মোৰ শেষ দেখা৷   

       বৰুৱা ছাৰক সেইদিনা পাছবেলালৈ গ্ৰেপ্তাৰ কৰি নিয়া হ’ল যদিও অনতিপলমে তেখেত মুকলি হৈও আহিল৷ মহন্ত, সেনগুপ্ত আৰু আমাৰ লাইব্ৰেৰীয়ানক নিৰ্বাচন শেষ নোহোৱালৈকে কাৰাগাৰত ৰখা হ’ল৷ আমাৰ কলেজখন নিৰ্বাচনী কাম-কাজৰ বাবে প্ৰশাসনে হাত কৰি ল’লে৷ বেলেগ ৰাজ্যৰ বিষয়া আৰু কৰ্মচাৰীয়ে ইলেকশ্বন চলাবলৈ আহি ভিৰ কৰিলেহি৷ তেওঁলোককো কলেজতে ৰখাৰ ব্যৱস্থা কৰা হ’ল৷ তেওঁলোক খুব সতৰ্ক আৰু শংকিত হৈ আছিল, বিশেষকৈ তেওঁলোকৰ মাজৰে দুই-এজন এদিনাখন সন্ধিয়া খোজকাঢ়ি আহি থাকোঁতে কোনো যুৱকৰ হাতত নিগৃহীত হ’ব লগা হোৱাৰ পাছৰে পৰা৷ মনত মোৰো কিছু শংকা আছিল, আন্দোলনটোৰ বিষয়ত লিখা প্ৰৱন্ধটোৰ বাবে মোক গ্ৰেপ্তাৰ কৰা হ’ব নেকি সেই ভাবি৷ কেইদিনমান আমাৰ কমন ৰূমত থকা বাঁহৰ ট্ৰে’খনত মোৰ নামত কিবা চিঠি আহি পৰিছেহি নেকি সেই চিন্তাই মোক জুমুৰি দি ধৰিছিল৷ পাছলৈ, আন বহুতে কৰাৰ দৰে, ময়ো গাঁৱৰ ভিতৰুৱা ঠাই এখনত আত্মগোপন কৰিবলৈ ল’লোঁ৷ কোনো কাহিনীৰ নিৰ্বাসিত নায়কৰ লেখীয়া অৱস্থা এটা হৈছিল সেইখিনি সময়ত৷ গাঁৱৰ যেনিয়ে গৈছিলোঁ, তেনিয়ে মোক কোনোবা নহয় কোনোবা এটা পৰিয়ালে খোৱা বস্তু আৰু থাকিবলৈ ঠাই অকণ দিয়াৰ আগ্ৰহ দেখুৱাইছিল৷   

       নিৰ্বাচনটো পাৰ হৈ যোৱাৰ পাছত মই প্ৰফেছৰ কলনিলৈ উভতিলোঁ৷ পাৰ্থৰ দেউতাকে ইতিমধ্যে কোনো ৰকমে পুতেকক গুৱাহাটীৰে কোনোবা এখন কলেজলৈ বদলি কৰি নিলে৷ তাত থকা আমাৰ বন্ধুমহলৰ পৰা শুনিবলৈ পালোঁ যে তেখেতে আমাৰ বিষয়ে অথবা দুলঙৰ কথা বৰ বিশেষ ভালকৈ একো কোৱা নাই৷ আমি লিখিতভাৱে ইলেকশ্বনৰ বিৰোধিতা কৰাটো আমাৰ মূৰ্খামি আছিল৷ তাৰ ঠাইত এই ল’ৰাজনৰ লেখীয়াকৈ পলাই সাৰি যোৱাটোৱেই হয়তো বুদ্ধিমানৰ কাম হ’লহেতেন৷ এইবোৰ কথাই আমাৰ কমন ৰূমত আটাইকে ক্ৰোধিত কৰি তুলিছিল৷ পাৰ্থৰ কৰ্ম-কাণ্ডক লৈ দীঘলীয়া তৰ্কা-তৰ্কিৰ সূত্ৰপাত ঘটিছিল৷ 

       সময় বাগৰি যোৱাৰ লগে লগে ইলেকশ্বনৰ হাই-উৰুমিৰ কথা আমি পাহৰি পেলালোঁ৷ প্ৰায়ে এনে নহয়নে? পাৰ্থ আৰু তাৰ দেউতাকক লগ পোৱাৰ বহু বছৰৰ আগতেই এবাৰ পল্টন বজাৰৰ বাটা শ্ব’ৰূমটোৰ সমুখত মই ৰৈ আছিলোঁ৷ তেওঁলোক দুলুঙলৈ যোৱাৰ আগেয়ে এই শ্ব’ৰূমটোলৈকে আহিছিল৷ কেই সপ্তাহমানৰ আগতে দোকানখনৰ বাহিৰত এটা বোমা বিস্ফোৰণ ঘটিছিল৷ কেইবাজনো লোক আৰু পথচাৰী বিস্ফোৰণটোত হয় নিহত হৈছিল, নহ’লে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ পিছে এতিয়া সেইবোৰৰ একো চিন-মোকামেই নাই৷ কোনোবাই যেন গোটেই ঘটনাটোকেই সময়ফলিৰ পৰা মচি পেলালে৷ চৌদিশে এতিয়া মটৰগাড়ী, বাছ, ৰিক্সাৰ ভিৰ, ট্ৰেইনৰ লানি আৰু যাত্ৰীৰ দৌৰা-দৌৰি দেখা গৈছে সৰ্বত্ৰ৷ পল্টন বজাৰলৈ চিৰাচৰিত জীৱন যাত্ৰাৰ ছন্দ এতিয়া ঘূৰি আহিছে৷      

       ইতিমধ্যে মোক দুলুঙৰ পৰা ভৈয়ামৰ কলেজ এখনলৈ নিয়মীয়া সালসলনিৰ অজুহাতত বদলি কৰা হ’ল৷ মহাযুদ্ধত অৱতীৰ্ণ ভাৰতীয় শ্ৰমিকসকলক লৈ লিখা মোৰ কিতাপখনেও প্ৰকাশৰ মুখ দেখিলে৷ গুৱাহাটীৰে প্ৰকাশক এজনে সেইখন কৰি উলিয়ালে৷ প্ৰকাশকৰ ব্যৱহাৰ-পাতি এনে আছিল যেন কিতাপখন কৰি তেওঁ মোৰ প্ৰতি এক বিৰাট উপকাৰহে সাধন কৰিলে৷ সেয়েহে কিতাপৰ উন্মোচন আদি কামবোৰ মই নিজেই চাব লগা হ’ল৷ মই দুলুঙতে সেইয়া কৰিবলৈ মন বান্ধিলোঁ৷ দুলুং এৰি অহা মোৰ পাঁচ বছৰেই হ’ল৷ এদিনাখন ৰাতিপুৱাই মই দুলুং পালোঁগৈ৷ ৰাতিৰ বাছত এতিয়া তালৈ যোৱা সূচল হৈ পৰিছে৷ ঋষিকেশ বুক ষ্টলত এতিয়া ইলেকট্ৰ’নিক সা-সামগ্ৰীও উপলব্ধ হ’বলৈ লৈছে৷ বৰুৱা ছাৰৰ অৱসৰলৈ মাজত আৰু মাথোঁ কেইটামান দিনহে বাকী৷ তেখেতক বৰ সোনকালেই বাৰ্ধক্যই পোৱা যেন লাগিল৷ গোপালে এতিয়া তেওঁক চোৱা-চিতা কৰে বুলি শুনিলোঁ৷ অনুস্থানটো আমাৰ কলেজৰ কমন ৰূমতে আয়োজন কৰা হ’ল৷ এতিয়া দেখিছোঁ ৰূমটো মই ভবাতকৈ ভালেখিনি সৰু৷ শিক্ষকৰ হুকুম মানি যথা সময়ত আহি উপস্থিত হোৱা ছাত্ৰ-ছাত্ৰীসকল কোঠাটোত কোনোমতেহে জুৰিলে৷ গোপালে এতিয়া পুৰণি বাঁহৰ ট্ৰে’খন (য’ত সি আহি আমাৰ চিঠি-পত্ৰবোৰ ৰাখি গৈছিলহি) আঁতৰাই এখন ধুনীয়া টেবল ক্লথ সজাই ৰাখিছে৷ এদল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ মহাবিদ্যালয় সংগীতটো পৰিৱেশন কৰাৰ পাছতে মহন্তই এক ধৰণৰ পৰিশীলিত আনুষ্ঠানিকতাৰে লেখকৰ পৰিচয় দাঙি ধৰিলে৷ বৰুৱা ছাৰেও তেখেতৰ স্বভাৱসুলভ সৌজন্য ৰাখি মোৰ পঢ়া-শুনা আৰু গৱেষণা কৰ্মৰ প্ৰশংসাৰে তেখেতৰ বক্তব্য আগবঢ়ালে৷ তেওঁৰ ভাষাত, ছাত্ৰ-ছাত্ৰীৰ বাবে হেনো মই এক আদৰ্শ হোৱা উচিত৷ ইয়াৰ পাছতে তেখেতে ৰং-বিৰঙী কাগজেৰে বান্ধি ৰখা কিতাপখন খুলি লৈ হাতেৰে দাঙি ধৰিলে আৰু সেনগুপ্তই মাথোঁ কেইদিনমানৰ আগতে ক্ৰয় কৰি অনা নিকনৰ কেমেৰাটোৰে ফটো উঠাবলৈ ল’লে৷ বৰুৱা ছাৰে কিতাপখনৰ দুই-এখিলা পাত লুটিয়াই চালে৷ কিতাপখনত মই অন্তৰ্ভুক্ত কৰা শ্বিলং আৰু তুৰাত থকা আৰু আমি দুলুঙত সদাই দেখি অহা যুদ্ধৰ স্মাৰকসৌধৰ ফটোকেইখন তেখেতে চাবলৈ ধৰিলে৷ অলপতে দুলুং চৰকাৰী মহাবিদ্যালয়ৰ এন. চি. চি. গোটৰ সদস্যসকলে আমাৰ ইয়াৰ স্মাৰকটো কিছু চাফ-চিকুণ কৰি ৰখা বাবেহে সেনগুপ্তই মোৰ কিতাপখনৰ বাবে উঠাই দিয়া ফটোকেইখন চকুত লগা হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰে কোনোবা এজনক শলাগৰ শৰাই অৰ্পণ কৰাৰ দায়িত্ব দিয়া হ’ল৷ তেওঁ আগবাঢ়িলে৷ ইয়াৰ পাছতে আমাক ৰাষ্ট্ৰীয় সংগীতৰ বাবে থিয় হ’বলৈ কোৱা হ’ল৷  

       আমি আটায়ে থিয় হ’লোঁ৷ ছাত্ৰ-ছাত্ৰীয়ে সমৱেতভাৱে গীতটি জুৰিলে৷ এনেতে মই বৰুৱা ছাৰৰ স্মৃতিত কিবা এটাই খলকনি তোলা যেন পালোঁ৷ তেওঁ কাচিৎ মূৰটো তললৈ কৰি মোৰ কাণত ফুচফুচাই সুধিলে, “এই আমাৰ ইলেকশ্বনৰ আগতে চাকৰিত সোমোৱা ল’ৰাজনৰ নাম কি আছিলহে?”৷ ময়ো ফুচফুচাই তেওঁক সোঁৱৰাই দিলোঁ, “পাৰ্থ”৷      

***

 

(অনুবাদক অজিতাভ হাজৰিকা তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ডক্টৰেট৷ তেওঁৰ অনুবাদ ইতিমধ্যে সাতসৰী, আলাপ আদি আলোচনীত প্ৰকাশ পাই আহিছে৷)                  

 

             

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ