মূল : ৰামকুমাৰ মুখোপাধ্যায়
অসমীয়া অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰী
পঞ্চম খণ্ড
শ্ৰম
শ্ৰম
পুংলিঙ্গ৷ ১ তপস্যা, তপশ্চৰণ৷ “দিবং যদি প্ৰাৰ্থয়সে বৃথা শ্ৰমঃ৷ কুমাৰসম্ভৱ৷ স্বৰ্গ অভিলাষ যদি, বৃথা এই শ্ৰম - ৰঙ্গলাল৷ ২ খেদ, ক্লান্তি, ক্লেশ৷ “শ্ৰমস্য দায়ম্৷ - ঋগ্বেদ৷ অধ্বশ্ৰম৷ ৰামায়ণ৷ শ্ৰমেণ যদুপাৰ্জয়েৎ, মনুসংহিতা৷ বিজয়শ্ৰম, ৰঘুবংশ৷ ৩ প্ৰয়াস৷ ‘অলং মহীপাল! তৱ শ্ৰমেণ, ৰঘুবংশ; বন্ধ্যশ্ৰম৷ ৪ ব্যায়াম ৫ শস্ত্ৰাভ্যাস (অভিধান-চিন্তামণি)৷
– কাম-কাজ কৰিব লাগিব, নকৰিলে ভাত পোৱা নাযাব৷
– নহয়, নহয়, ভগৱানে সকলোখিনি কৰি দিব নোৱাৰিব৷ তেওঁৰ নিজৰো এখন সংসাৰ আছে৷ ঘৈণী, ল’ৰা-ছোৱালীক খুৱাব নালাগিব জানো? আপোনাৰ সংসাৰখনলৈ বহি থাকিলে তেওঁৰ জানো হ’ব?
– নহয় নহয়, মোৰ কথা নহয়৷ এইটো এটা ঘটনা৷ ঘৈণী নিজৰ, ল’ৰা-ছোৱালী নিজৰ, কাম আনৰ কেনেকৈ হ’ব?
– হয় হয়, মানুহে কয় বোলে ‘জিভা দিছে যিজনে
আহাৰো তেৰাই দিব’, কিন্তু পেটৰ স’তে হাত দুখনোতো দিছে মালিকে৷ সেই দুখন ব্যৱহাৰ কৰিব
লাগিব৷ তেনেহ’লে গল্প এটা শুনক৷ এজনে কৈছে ভগৱানে যিখিনি ঠিৰাং কৰি দিছে সেইখিনিয়েই
পাব, খাটি লাভ নাই৷ আনজনে কৈছে বোলে নাখাটিলে পেট নচলিব৷ তাৰ পাছত কথা কটাকটি৷ শেষত
বাজি৷
– কিহৰ বাজি? দহটা বিড়িৰ বাজি৷ হাৰি গ’লে
দহটা বিড়ি দিব লাগিব৷ যিজন মানুহে খাটিব লাগিব বুলিছে তেওঁ হোটেলৰ কাঁহী-বাটি ধুইছে৷
ধোৱা-পখলা এৰি পাচলি কুটিলে, চৰু তুলিলে, মানুহক খুৱালে৷ শেষত নিজে খালে৷ আনজন মানুহ
বহি আছে৷ দিন গ’ল, সন্ধিয়া হ’ল, ৰাতি নামিল৷ সিফালে ভগৱান নিজে নাহিল, আন কাকো নপঠালে৷
তাৰ পাছত ৰাতি গ’ল, দিন হ’ল৷ আকৌ ৰাতি নামিল৷ চাৰিওফালে অন্ধকাৰ বাঢ়িছে৷ লওক হেৰি,
হাড়িয়া আহিল৷ আহক, দুয়ো এইবাৰ ডিঙি তিয়াওঁ৷
– নহয়, ভগৱান সেই ৰাতিও নাহিল৷ খবৰ এটা ল’বলৈও
কাকো নপঠালে৷ প্ৰথম মানুহজনে মিচিক-মাচাক্কৈ হাঁহিছিল৷ দ্বিতীয়জন মানুহৰ সেই কথাটোতে
গা জ্বলিছিল৷ তেওঁ উঠি পকী ৰাস্তাৰ ফালে গুচি গ’ল৷ নহয়, সেইদিনা ৰাতিও ভগৱান নাহিল৷
সকলো নিজ নিজ কামত ব্যস্ত, কাৰ ফুৰছৎ আছে কওকচোন বাৰু! লওক, আদা মিহলাই বুট খাওক৷
– হয় পাছদিনা দুই-চাৰিজন মানুহ আহিল৷ তেওঁলোক
ভগৱানৰ একো নহয়, টিভিৰ মানুহ৷ তেওঁলোকে শুনিছে বোলে কোনোবা এজনে অনশন কৰিছে৷ ভাবিছে,
কিবা এটা দাবী আছে৷ ছবিৰ বাকচটোও উলিয়াই লৈছে৷ কোন দলৰ সেই কথাও আলোচনা হৈছে৷ হেৰি
চব সা-সামগ্ৰী সামৰি ল’লে৷ কিয়? প্ৰথম মানুহজনে বাধা দিলে৷ তেওঁ ক’লে ভাত নাপালে বাবেই
নাখালোঁ৷ অনশন-তনশন নহয়৷
– নহয়, প্ৰথম মানুহজনৰ দোষ দেখিলেই নহ’ব৷
দহটা বিড়িৰ বাজি, হাৰি গ’লে তেওঁক ক্ষতিপূৰণ দিব লাগিব৷ তাৰ পাছৰ মানুহজনো তেনেকুৱাই
ধুৰন্ধৰ৷ তেওঁ তেনেকৈয়ে বহি আছে৷ ভাবিছে ভগৱানে পৰীক্ষা লৈছে৷ প্ৰথমে গাড়ীত তুলি মেনেজাৰহঁতক
পঠাইছে, এইবাৰ ৰথত উঠি নিজে আহিব৷
– নাই, নাহিল৷ তবে কেইজনমান লোক বাছৰ পৰা
নামিল৷ তেওঁলোকে ৰুটি-ভাজি উলিয়ালে৷ সেয়ে, সেই দ্বিতীয় মানুহজনে ভোকৰ যন্ত্ৰণা আৰু
সহ্য কৰিব নোৱাৰিলে৷
– ভিক্ষা বিচৰা নাই, অলপ কাহিলে৷ বচ্, তেওঁলোকে
ৰুটি এখন তেওঁৰ হাতত তুলি দিলে৷
– ঠিক ধৰিছে৷ ৰুটি কিয়? গাঁৱৰ মানুহে মুড়ি-চপ্
খায়৷ চপ্ নাপালে ফুলুৰি-মুড়ি খাব৷ ফুলুৰিৰে হাড়িয়া খাবলৈ বৰ ভাল৷ গৰম গৰম পিঁয়াজীৰেও
ভাল৷ কিন্তু খং দৰকাৰ৷ ভিতৰত কেঁচা জলকীয়াৰ মিলনটো ভাল হ’ব লাগিব৷ সেয়া নহ’লে ক’ত ৰাম,
ক’ত ৰাৱণ!
– হয়, ৰুটি৷ গাঁৱৰ মানুহ নহয়, আন ঠাইৰ৷ তেওঁলোকক
ভগৱানেই পঠিয়াইছে৷ বুজাই দি গ’ল যে ভাত-ৰুটি পাবলৈ হ’লে কিবা এটা নকৰিলেও অন্ততঃ কাহিব
লাগিব৷ হয় খাটাঁ, নহয় কাহাঁ৷ খাওঁতাসকলৰ মাজু মালিকে নিতৌ ৰাতিৰ পৰত কাহ শুনে৷ ভূত
বুলি ভাবি কোঁচমোচ খাই শোৱে৷ এদিন ভূমুকি মাৰি চাই দেখে বদন মুখাৰ্জীৰ বিধৱা ভনীয়েকজনী৷
কাঠফলা মিলত শুবলৈ মাতিবলৈ আহিছে৷ উঠি গ’ল মাজু মালিক৷ হেৰি কাহিব লাগিব৷ নাকাহিলে
খাবলৈও নাপাব, শুবলৈও নাপাব৷
– ঠিক কথা কৈছে, খাটিলে যে পেট ভৰিব তাৰ কোনো
মানে নাই৷ বিল সিঁচিছিল আপুনি, কাৱৈ মাছ খালে আন কোনোবাই৷ হৰেৰচকৰ পোদ্দাৰৰ পুখুৰীটো
সিঁচা হৈছিল৷ ভাবিবও নোৱাৰিব, কিমান টেকেলি যে জীয়া মাছ ওলাল! মাগুৰ-শিঙিৰে একেবাৰে
নদন-বদন৷ দুলো বাগ্দিৰ সৰু ল’ৰাটো অকণমানি হ’লে কি হ’ব, একেবাৰে ডকাইত৷ বুকুত ভয় নাই৷
গাঁতত হাত সুমুৱাই তেৰটা ডাঙৰ শিঙি আৰু মাগুৰ উলিয়ালে৷ খালৈত সেইবোৰে নৃত্য কৰিছিল,
চালে চকু জুৰ পৰা নৃত্য৷ ডাঙৰ ডাঙৰ শিঙি-মাগুৰৰ বৰণো যেনে, গোন্ধটোও তেনে৷
– হয়, খাইছোঁ৷ এবাৰ খাইছিলোঁ৷ হাড়িয়াৰ দামৰ
বাবদ এবাৰ সুচাঁদে দিছিল৷ কিনি কোনোদিনেই খোৱা নাই৷ হয়, ধৰিছোঁ৷ পাছৰ বছৰো ধৰিছিলোঁ কিন্তু খোৱা নাই৷ ডাঙৰ ডাঙৰ শিঙি, মাগুৰৰ দাম বেছি৷ ধৰক তিনিপোৱা ওজনৰ শিঙি-মাগুৰেৰে
দুদিনৰ তেল-নিমখ হৈ যাব৷ যিসকলে ধৰে তেওঁলোকে বেচি দিয়ে৷ যিসকলে খায় তেওঁলোকে নধৰে
বুইছে৷ শিঙি-মাগুৰ ধৰাৰ বিদ্যা বেলেগ৷ সুচাঁদ মেটে শিঙি মাগুৰৰ বিদ্যাসাগৰ৷ এনেকুৱা
কায়দাৰে নেলুত ধৰিব যে কাঁইট দুটা শূন্যতে ওলমি থাকিব৷
– হয়, দুলো বাগ্দিৰ ল’ৰা৷ তাক এটা শিঙিয়ে
দিলে বিন্ধি৷ বচ্ খেল গৰম৷ মাকৰ কোলা শূন্য কৰি গুচি গ’ল লৰাটো৷ এমোনা শিঙি-মাগুৰ
ৰাইজৰ সেৱাত লাগিল৷ ল’ৰাটোও নাই, শিঙি মাগুৰো নাই৷
– নাই, গোটেই বছৰ পথাৰৰ কাম নাই৷ কোনো কোনো
নামনিলৈ যায়৷ হুগলী, বৰ্ধমানত ৰোৱা-দোৱা কৰি উভতি আহে৷ কিন্তু সকলো গ’লে নহ’ব৷ ভেটিত
তিতালাও গজিব৷ আকৌ সকলো গ’লে নামনিত মানুহ বাঢ়ি যাব৷ দৰ কমিব৷ সেয়ে অনেক ঘৰতে থাকি
যায়৷
– তেওঁলোকে কি কৰে সুধিছে? হেৰি, কাম কৰে
আকৌ৷ কাম নকৰিলে বাত বেমাৰে পাব৷
– কি কাম কওকচোন বাৰু? যিটো পাব সেইটোকেই কৰিব৷ নদীৰ পাৰত মাটি ভৰাব, গাঁওবুঢ়াৰ পুতেকৰ বিয়াৰ চৌকা সাজিব৷ বুঢ়া-বুঢ়ী মৰিলে
খৰি কাটিব, সমদলত চহৰলৈ যাব, ষাঁড়ক পাল ধৰাব, পঠাক খাঁহি কৰিব৷ কামৰ অভাৱ নাই৷ ৰাতি
ঘৰলৈ যোৱাৰ সময়ত আনৰ বাৰীৰ পৰা দুটা কোমোৰা ছিঙি নিলেও লাভ৷ আৰু এটা কথা চাব, বোৱাৰী-জীয়ৰীবোৰ বহাগ-জেঠত বেছিকৈ পেটভাৰী হয়৷ বাহিৰৰ কাম নাপালে মানুহে ঘৰৰ কামকে কৰে৷ লাওজোপাৰ
আগডোখৰ কামিৰে ঘৰৰ চালত তুলি দিলেও বাৰিষা ফল পাব৷
– হয়, কাম ঠিকেই হৈছে কিন্তু ভাগ-বতৰা ঠিক-ঠাক হোৱা নাই৷ সেয়ে ভাগ ৰেক’ৰ্ড, ভাল বস্তু৷ মাটিৰ গৰাকী আৰু মৰকীয়া দুয়োজনৰে নাম বহীত উঠিল, বৰ ভাল কথা৷ মৰকীয়াৰ চালত টিনপাত লাগিল, পকাঘৰো হৈছে৷ চাই বৰ আনন্দ লাগে৷ আপোনাৰ সুখ দেখিলে মোৰো সুখ৷ তবে মাটিত মুনিসৰ নামটো তুলি দিয়া হ’লে আৰু ভাল হ’লহেঁতেন, সিহঁতৰো চালত টিনপাত উঠিলহেঁতেন৷ জ্যোতিবাবু থকা হ’লে হৈ গ’লহেঁতেন৷ তেৰাৰ সময়তে শান্তিগোপালে ‘লেলিন’ যাত্ৰা-পালা কৰিছিল, হুৰ্নি সিঙৱেৰ মেজিকৰ দলে ‘ফাদাৰ চেঞ্জিং কালাৰ’ কৰিছিল৷ বগা-কলা, হালধীয়া, বেঙুনীয়া ডেউকাবোৰ সব ৰঙা হৈ ওলাইছিল৷
– নাই নাই, লেলিনৰ দল আৰু নাই৷ নতুন দল হৈছে,
তেওঁলোকৰ কথাও বেলেগ৷ ভৈৰৱ গাঙ্গুলী মৰি গ’ল, শান্তিগোপালৰ সন্ধান নাই, জ্যোতিবাবুৱে
কাম এৰি দিলে৷ তবে এটা নতুন পালা আৰম্ভ কৰিছে বৃন্দাবনপুৰৰ জগবন্ধু অপেৰাই৷ সংসাৰৰ
ছবিখন পাব, গানো আছে ভাল :
অ’ ভিনি অ’
নাযাওঁ মাঘৰ মেলালৈ ঐ৷
– হয়, কাম৷ খুলশালী আৰু ভিনিয়েকৰ সম্পৰ্কটো
ৰসৰ৷ এতিয়া খুলশালীহঁত বৰকৈ ভিনিয়েকহঁতৰ ঘৰলৈ আহিয়েই আছে৷ যিফালে চাব খুলশালীয়েই খুলশালী৷
এতিয়া ট্ৰেক্টৰেৰে চহ, পাম্পেৰে পানী৷ ধানৰ উৎপাদন ভাল৷ কিন্তু ধান সিজোৱা যন্ত্ৰ ওলোৱা
নাই৷ কাম কৰি কৰি ঘৈণীৰ জিভা ওলাই গৈছে৷ ভনীয়েক নাহিলে হ’বনে? ভিনিয়েকহঁতৰ কাম কমিছে
কিন্তু বোৱাৰী-জীয়ৰীবোৰৰ বাঢ়িছে৷ পানীৰ পাম্প আৰু খুলশালীৰ সম্বন্ধটো তেনেহ’লে বুজিলেনে?
– হয়, কৰ্ম৷ কৰ্মৰ পৰাই কৰ্মকাৰ৷ লোহা কোবোৱা
সহজ কথানে? দাউ দাউ জুই জ্বলিছে, তাৰ সন্মুখত বহি কাম৷ লোহাৰ পাত পিটি কুঠাৰ, কাঁচি,
কটাৰী আদি সাজে৷ কিন্তু কৰ্মকাৰৰ স’তে কৰ্মচাৰীৰ সম্পৰ্ক নাই৷ কাপোৰৰ দোকানত কৰ্মচাৰীয়ে
কাপোৰ নমাব, দেখুৱাব, বেচিব কিন্তু দাম ল’ব মালিকে৷
– দুয়োজনেই শ্ৰম দিছে বুলি কৈছে? বেয়া কোৱা
নাই৷ দুয়োপক্ষই শ্ৰমিক৷ কেৱল মালিক বেলেগ৷ প্ৰথম পক্ষত মালিক আৰু শ্ৰমিক একেজন, দ্বিতীয়
পক্ষত দুজন৷
– হয়, কৰ্মকাৰে যদি আনৰ কমাৰশালত কাম কৰে
তেনেহ’লেই কৰ্মচাৰী হৈ পৰে৷ কৰ্মৰ কি যাদু চাওকচোন৷ দুয়োজনেই কাম কৰিছে কিন্তু পক্ষ
সলনি হৈ গ’লে হিচাপ-নিকাচ উলটি যায়৷ কন্যাপক্ষই পণ দিব, দৰাপক্ষই পকেটত সুমুৱাব৷ চোৰেও
কাম কৰিছে পুলিচেও কাম কৰিছে, কিন্তু পক্ষ দুটা বেলেগ৷ হাতীটোৱেও কাম কৰিছে মাউতটোৱেও
কাম কৰিছে, কিন্তু মাউতটো বহি আছে হাতীৰ পিঠিত৷ এতিয়া ধৰক হাতীটো মাউতৰ পিঠিত উঠি বহিল,
তেতিয়া মাউত একেবাৰে চেপেটা৷
– কথা কম কাম বেছি, বৰ জ্ঞানৰ কথা ক’লে দেও৷
যিমানে কাম কৰিব মন সিমানে ভালে থাকিব৷ বহি দিলেই ভৰিত বাত বিষ, প্ৰস্ৰাৱৰ দোষ৷ বাতবেমাৰীয়ে হাতী নাপাব, কিন্তু মাউত পাব৷ হাতীয়ে বিছ কুইণ্টল ওজনৰ গছ কঢ়িয়াইছে কিন্তু মাউত বহি
আছে৷ গণেশ বাবা হৈছে ধনৰ দেৱতা৷ কেনেকৈ ইমান ধন হ’ল বাৰু কওকচোন৷ সেই শুঁৰডালেৰে মাল-বস্তু
কঢ়িয়াই কঢ়িয়ায়ে ইমান ধন৷ তাৰ পাছত কিযে হ’ল কোনে জানে! হাতী আৰু মাউত বেলেগ বেলেগ
হৈ গ’ল৷ এতিয়া চাব পে-মাষ্টৰ নিমাই মেদ্যাই কেৱল কথাই কৈ গৈছে আৰু বাকীবোৰে খালৰ পাৰৰ
পৰা ৰঙামাটি কঢ়িয়াইছে৷
– হয়, কথা কোৱাও কাম৷ কপৌ আৰু ৰেডিঅ’ই দিনে-ৰাতিয়ে
কথা কয়৷ আপুনি-মই ইমান কথা পতাহ’লে ডিঙি কাঠ হৈ গ’লহেঁতেন৷ আৰু কথা কয় মিনু পাগলীয়ে৷
দিনে-ৰাতিয়ে বলকিয়েই থাকে, ‘আজিও যে মথুৰাৰ পৰা কৃষ্ণ উভতি নাহিল৷’ কৃষ্ণ বোলে মথুৰাৰ
পৰা উভতি আহিয়েই তাইক এজনী গাখীৰ দিয়া গাইগৰু দিব৷
– শ্ৰমমন্ত্ৰীৰ কথা সুধিছে? হেৰি, শুনা নাই
কিন্তু বুজিছোঁ যে তেখেতৰ সমান খাটিব পৰা লোক নাই৷ খাঁদা চাওঁতালে দিনে পুখুৰীৰ যিমানখিনি
মাটি কাটে শ্ৰমমন্ত্ৰীয়ে তাৰ চাৰিগুণ কাটিব পাৰিব৷
– এৰা, তেওঁ মাটি নাকাটে? বুজিলোঁ, তেওঁ মালিক পক্ষ৷ ধনৰ পেৰাটোৰ কাষৰ ঠাইকণ তেওঁৰ৷ সঁচা কথা কি জানেনে, বহাৰ ঠাইকণেই হ’ল আচল কথা৷ পঞ্চমুণ্ডিৰ আসনত বহি আছে তান্ত্ৰিক, সন্মুখত ভক্ত৷ চালপীৰাত গুৰুদেৱ, তলত আপুনি৷ চকীত থানাৰ অ’চি, মাটিত আচামী৷ ডাক্তৰ, পুলিচ, গুৰুসকলৰ এক আসন আৰু ৰোগী, চোৰ, ভকতসকলৰ বেলেগ৷ গাঁওবুঢ়াৰ চকী ...
– ভোটত সলনি হৈ যায় বুলি কৈছে? মানুহে নিবিচাৰিলে
গুচি যাব লাগিব, সঁচা কথা৷ গিলাছটো দিয়ক, বাকি দিও৷ আপোনাৰ ভৰি দুখন টলমল কৰিছে, পীৰাৰ
পৰা নামি বহক৷ পৃথিৱীখন মা মনসাৰ বাহনৰ ওপৰত আছে, তাৰ ওপৰত পীৰা পাৰিলে গোঁসানীৰ খং
উঠিব৷ মাটিতে বহক, পৰি যোৱাৰ ভয় নাই৷
– এৰা ভোট৷ ভোটত সকলো সলনি হৈ গ’ল৷ আজিৰ ৰজা
কাইলৈৰ প্ৰজা৷ কিন্তু আসনখন যে থাকি গ’ল৷ ৰজা হৰিশ্চন্দ্ৰৰ ভাও লৈছিল মদন কাৰকে৷ মদন
মৰিলত আহিল মোহন৷ মদন হওক অথবা মোহন, মূল কথাটো হ’ল হৰিশচন্দ্ৰ৷
– হয়, বছৰৰ পাছত বছৰ হৰিশ্চন্দ্ৰ নহ’ব৷ এই
বছৰ হৰিশ্চন্দ্ৰ হ’লে পাছৰ বছৰ হ’ব কেদাৰ ৰাজা৷ হক কথা৷ কিন্তু মোহন নন্দী ৰৈ গৈছে৷
ৰজা সলনি হ’ব, কিন্তু মোহন একেই ৰৈ যাব৷
– মালিক-মজদুৰৰ সম্পৰ্কৰ কথা সুধিছে? সম্পৰ্কটো
ভাল৷ সেয়া চাওক চাঁদুৱে কেনেকৈ মজা মাৰি হাড়িয়া খাইছে৷ ওৰেদিন তাৰ বাহনবোৰে ফণা তুলি
দুলিলে, এতিয়া সি দুলিছে৷ এতিয়া সাপবোৰ পাচিৰ ভিতৰত শুই আছে৷
– অ’, মনসাৰ ল’ৰা-ছোৱালীবোৰ মজদুৰ নহয় বুলি
কৈছে? ঠিক আছে, বুজিছোঁ৷ নাচৰ বান্দৰ বা ভালুক মজদুৰ নহয়৷ সিহঁত মালিক৷
– ঠিক আছে, সেয়াও নহয়৷ মানুহৰ কথা-বতৰাবোৰ
মানুহৰ, সাপ-বেঙৰ কথা-বতৰাবোৰ সাপ-বেঙৰ৷ বেলেগ সংসাৰ, বেলেগ বেলেগ চৰু৷ দুয়োখন গাঁৱৰ
দুজন বেলেগ বেলেগ গাঁওবুঢ়া৷ মন্ত্ৰীও বেলেগ হ’ব তেনেহ’লে৷ মন্ত্ৰ বেলেগ হ’লে মন্ত্ৰীও
বেলেগ৷
– মালিকে শোষণ কৰিছে, হক কথা৷ চোঁচনো দিছে,
শোষণো কৰিছে৷ তেজ টানোতে টানোতে ব্লাড পেছাৰ৷ দিবাকৰৰ শৰীৰটো পৰ্বত কিন্তু ভিতৰখন ফোঁপোলা৷
আৰামবাগত ডাক্তৰক দেখুৱাই দেখুৱাই ভাগৰি পৰিল৷ গ’ল কলিকতালৈ, ওৰে জীৱন ধৰি যিখিনি শুহিলে
সকলোখিনি ডাক্তৰৰ ঘৰত সোমাল৷ দিনৌ খৰচ চাৰি হাজাৰ৷ দিবাকৰ বেনাৰ্জীক দেখিলে এতিয়া চিনিয়ে
নাপাব৷
– কেঁচু আকৌ জোক হৈছে বুলি কৈছে? কি কয়হে!
মাটিৰ কেঁচুৱে পুখুৰীত বাস সাজিছে বুলি কৈছে? ইয়াকে কয় কলিকাল৷ আপুনি অৱশ্যে কথাষাৰ
মিছা কোৱা নাই৷ মুখাৰ্জীহঁতে গাঁৱৰ পুখুৰীটো নিলামত ল’ব খুজিছিল৷ নিলামত তেওঁলোকৰ নাম
উঠিল৷ তিনি বছৰ মাছ পুহিব৷ মন্দিৰৰ দেৱতা এৰি বামুণসকলে মাছ পুহিলে আপোনাৰ কেঁচুটো
জোকেই হ’ল৷ তাঁতীসকলে দমৰা গৰু কিনিলে ক’ব লগা একো নাই৷ এতিয়া অৱশ্যে অনেকে ট্ৰেক্টৰ
কিনিছে৷
– ট্ৰেক্টৰত লাভ নে লোকচান সুধিছে? হেৰি, লাভ-লোকচানৰ
বিষয়টো বৰ গণ্ডগোলীয়া৷ মাটিৰ মালিকবোৰৰ লাভ, মজদুৰৰ লোকচান৷ আলু পচিলে খেতিয়কৰ কপাল
ফুটে, দোকানীবোৰৰ কপাল ফুলে৷ শিৱ মেলাত জুৱা খেল হ’লে অনিল ৰায় আৰু গোপাল নন্দীৰ পোন্ধ
খোল খায়, আনফালে পুলিচৰ জেপ ভৰে৷ জ্বৰ হ’লে ৰোগীৰ তেজ কমে, ডাক্তৰৰ তেজ বাঢ়ে৷ ধুমুহা
হ’লে কাৰোবাৰ টঙি উৰে, কাৰোবাৰ আকৌ টিনপাত লাগে৷
– ইয়াৰ প্ৰতিকাৰৰ কথা সুধিছে? হেৰি দান-তান
কৰিব লাগিব৷ শুনিছোঁ বোলে দানধ্যান আৰম্ভ হৈছে!
– ক’তনো শুনিম আৰু, সেই চাহৰ দোকানত শুনিলোঁ৷
ভোটবাবুবোৰে দুইকোটিকৈ পাইছে৷
– হয়, মোৰ ওচৰলৈও আহিব নিশ্চয়৷ ক্ৰমে কম-বেছি
সকলোৱেই পাব৷
– কিমান দিব সুধিছে? কেনেকৈ কওঁ বাৰু কওকচোন?
হেৰি কিমান দিব সেয়া ভাবিনো কৰিব কি? আপোনাৰ যিমানখিনি দৰকাৰ সিমানখিনি ল’ব৷ বেছিকৈ
টকা আহিলে তালুৰ চুলি উদং হয়৷ যিসকলে দেশখন চলায় তেওঁলোক মালিক নে কৰ্মচাৰী কওকচোন?
– দেশৰ মালিক আমিবোৰ বুলি কৈছে? কি যে কয়?
আজি আপুনি বেছিকৈ গিলিলে যেন পাইছোঁ৷ হেৰি দুখে কেওড়াক দেশৰ মালিক বুলিলে মোৰ ঘৈণীয়েও
হাঁহিব বুইছে৷
(আগলৈ)
