অন্যযুগ/


অনুবাদ কবিতা

অনুবাদ : ড° ৰঞ্জিত দত্ত


মই নাজানো কিয়

মূল : মৰিছ্ ৰজেনফিল্ড,পোলেণ্ড


চকু দুটা মেলি 

আকাশৰ বিপৰীত দিশে চালোঁ

উচুপি আছে ডাৱৰবোৰে 

সেয়েহে ময়ো উচুপিলোঁ,

চকুদুটা তুলি আকৌ

চাই ৰলোঁ ওপৰলৈ

ৰাঙলী সূৰুযটোৱে   হাঁহিছে

সেয়েহে ময়ো হাঁহিলোঁ।

কিয়নো মই উচুপি কান্দিলোঁ

কিয়নো মই মিচিকিয়াই হাঁহিলোঁ

সেয়াতো মই  নাজানো!

হয়তো ইয়াতো নিহিত হৈ আছে

এক গভীৰ অৰ্থ ।


বতাহজাকত শুনিছোঁ

শৰতৰ এটি হুমুনিয়াহ

সিহঁতে মোৰ হৃদয় দহিছে,

সিহঁতে মোক কন্দুৱাইছে,

মনোমোহা বসন্তত  মই শুনিছোঁ

চৰাইৰ মিঠা কলৰৱ ,

জাগি উঠিছে মোৰ আশাবোৰ 

সিহঁতক গান গাবলৈ মই 

সহায় কৰি  দিছোঁ।

কিয় বাৰু মই  গীত গাওঁ?

কিয় বাৰু মই কান্দোঁ?

ইয়াৰো গভীৰ অৰ্থ আছে,

সেয়ানো  কি 

মই কিন্তু নাজানো।


বেলি ফুলটো মোক দিয়াঁ

মূল :  ইউজেনিও মণ্টেল

(সাহিত্যৰ ন'বেল বঁটা ১৯৭৫, ইটালি)


মোক দিয়াঁ এটি

বেলিফুলৰ পুলি

যাতে ইয়াক মই ৰুব পাৰোঁ 

নিমখীয়া পানীৰে ধুৱাই নিয়া

মোৰ নিজৰ পথাৰখনত

যিয়ে তাৰ 

সোণালী মুখখনিৰ উদ্বিগ্নতাৰে

প্ৰতিফলিত কৰিব ওৰেটো দিন

আকাশৰ নীলাবোৰ।


অস্পষ্ট বস্তুবোৰ সদায়

ব্যাকুল হয় অমলতাৰ বাবে ,

শৰীৰ বিৱৰ্ণ আৰু ক্লান্ত হৈ

বিলীন হয় ৰঙৰ  বন্যাত

যি ৰঙে সৃষ্টি কৰে 

সংগীতৰ সুমধুৰ মূৰ্চ্ছনা,

অদৃশ্য হৈ যোৱাটোৱেই সেয়েহে

সকলো সৌভাগ্যৰ শ্ৰেয়।


মোৰ বাবে লৈ আহাঁ

সেই গছপুলিটো

যিয়ে জগাই তুলিব মোৰ

সোণালী স্বচ্ছতা আৰু

বাষ্পীভূত হ'ব মোৰ জীৱন

এক সুগন্ধি সুৱাসৰ দৰে;

পোহৰৰ  বাবে  উন্মাদ

সেই বেলিফুলটো মোক দিয়াঁ।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ