অন্যযুগ/


কেৰাচিনৰ গোন্ধ

 মূল : অমৃতা প্ৰীতমৰ গল্প The Stench of Kerosene

অনুবাদ : পংকজ কুমাৰ নেওগ

 

গুলেৰীৰ মাক-দেউতাকৰ ঘৰ চাম্বাত৷ গিৰীয়েকৰ ঘৰৰ পৰা নামি যোৱা একা-বেঁকা পথটোৰে কেইমাইলমান নিলগত থকা চাম্বা গাঁওখন তাৰ পৰাই ভালকৈ দেখা পোৱা যায়৷ ঘৰলৈ মনত পৰিলেই গুলেৰীয়ে স্বামী মানকৰ সৈতে পাহাৰৰ টিংটোত উঠেগৈ৷ চাম্বাৰ ঘৰবোৰ ৰ’দৰ পোহৰত জিলমিলাই থাকে আৰু তাকে দেখি গুলেৰীৰ মন-প্ৰাণ পুলকিত হয়৷ এবুকু আনন্দ আৰু গৌৰৱেৰে তাই গিৰিয়েকৰ ঘৰলৈ উভতি যায়৷ প্ৰতিবছৰে খেতি চপোৱাৰ সময়ত গুলেৰী দেউতাকৰ ঘৰলৈ যায়৷ মাক-দেউতাকে জীয়েকক আগবঢ়াই নিবলৈ লাকাৰমাণ্ডীলৈ মানুহ এজন পঠিয়ায়৷ গুলেৰীৰ আৰু দুগৰাকী সখীৰ চাম্বাৰ বাহিৰলৈ বিয়া হৈছে আৰু বছৰৰ সেই সময়ত সিহঁত দুজনীও মাকৰ ঘৰলৈ আহে৷ বছৰৰ সেই বিশেষ সময়খিনিৰ বাবে তিনিওজনীয়ে চাতক চৰাইৰ তৃষ্ণা লৈ প্ৰতীক্ষাৰ প্ৰহৰ গণে৷ তিনিওজনীৰ মেল জমি উঠে আৰু ঘণ্টাৰ পাছত ঘণ্টা নিজৰ সুখ-দুখৰ কথাবোৰ পাতি যায়৷ বাটে-ঘাটে নাচি-বাগি আটাইকেইজনীৰে তৎ নাইকিয়া হয়; তদুপৰি প্ৰধান আকৰ্ষণ শস্য চপোৱাৰ উৎসৱতো আছেই! এই অনুষ্ঠানৰ বাবে ছোৱালীবোৰে নতুন কাপোৰ-কানি কিনে আৰু দোপাট্টাবোৰত ৰং আৰু মাৰ দিয়াৰ লগতে মাইকাও লগায়৷ উৎসৱত কাঁচৰ চুৰি আৰু কাণৰ ৰূপৰ ফুলিও কিনা হয়৷ 

উৎসৱৰ সময় কেতিয়া আহিব তাকে লৈ গুলেৰীয়ে দিন গণে৷ যেতিয়া শৰৎকালৰ বতাহজাকে বাৰিষাৰ ক’লা মেঘখিনি আঁতৰাই আকাশখন নিৰ্মল কৰি তোলে তেতিয়াই চাম্বাৰ কথা গুলেৰীৰ মনত পৰে৷ পোহনীয়া জন্তুকেইটাক দানা খাবলৈ দি আৰু শহুৰ-শাহুৱেকৰ আহাৰ বনোৱা শেষ হ’লে তাই হিচাপ কৰিবলৈ বহে - আৰু কেইদিনৰ পাছত দেউতাকৰ ঘৰৰ পৰা মানুহ আহি পাব তাইক নিবলৈ৷ চাওঁতে চাওঁতে আকৌ এবাৰ দেউতাকৰ ঘৰলৈ যোৱাৰ সময় আহিল৷ ঘোঁৰাজনীক অলপ মৰম কৰি আৰু দেউতাকৰ ঘৰৰ পুৰণি ভৃত্য নাথুক হাঁহিমুখে স্বাগতম জনাই গুলেৰীয়ে পাছদিনা কৰিবলগীয়া যাত্ৰাৰ বাবে সাজু হ’বলৈ ধৰে৷ গুলেৰীৰ চেহেৰা আনন্দত টলবল কৰিবলৈ ধৰিলে৷ তাইৰ গিৰিয়েক মানকে ঘৰৰ ভেটিটোতে বহি আৰু চকু মুদি হোকা টানি আছিল৷ মুখখন তাৰ কিবা কাৰণত অতি চিন্তাক্লিষ্ট৷ ‘চাম্বাৰ মেলালৈ তুমি আহিবা নহয়?’ -গুলেৰীয়ে জানিব বিচাৰিলে৷ ‘অন্ততঃ এদিনৰ বাবে হ’লেও আহি যাবা৷’ মানকে এইবাৰ হোকাটো বাৰাণ্ডাতে থ’লে কিন্তু মুখেৰে একো নামাতিলে৷ ‘মোৰ কথাৰ উত্তৰ নিদিয়া কিয়?’ – গুলেৰী যেন কিছু বিৰক্ত হ’ল৷ ‘মই কথা এটা কওঁনে?’

: তুমি কি ক’বা মোৰ জনাই আছে৷ ‘মই বছৰি এবাৰেই মা-দেউতাৰ ঘৰলৈ যাওঁ৷’ তোমাক কোনো দিনে মানা কৰা নাই, গুলেৰী!

: তেনেহলে এইবাৰ বাধা দিছা কিয়? - ক্ৰুদ্ধ কণ্ঠ গুলেৰীৰ৷

: মাত্ৰ এইবাৰ নোযোৱাকৈ থাকাচোন!

: তোমাৰ মায়েচোন মোক একো কোৱা নাই৷ তুমি কিয় মানা কৰিছা? – গুলেৰীয়ে ভূৰু কোঁচালে৷

: মোৰ মায়ে ... বাক্যটো শেষ নকৰি মানক মনে মনে ৰ’ল৷

        পাছদিনা ফেঁহুজালি দিওঁতেই সাজি-কাচি গুলেৰী ঘৰলৈ যাবলৈ ওলাল৷ তাইৰ কেঁচুৱা বা কোনো সন্তান নথকা বাবে সিহঁতকো লগত নিয়া বা শহুৰ-শাহুৰ সৈতে এৰি থৈ যোৱা আহুকালবোৰ নাই৷ নাথুৱে ঘোঁৰাজনীৰ পিঠিত জিনখন লগাই তাইক সাজু কৰিলে৷ গুলেৰীয়ে মানকৰ মাক-দেউতাকৰ পৰা বিদায় লোৱাৰ পৰত তেওঁলোকেও বোৱাৰীয়েকক মূৰত হাত থৈ আশীৰ্বাদ দিলে৷ ‘তোমাক বাটটোৰ কিছুদূৰ আগবঢ়াই থৈ আহোঁ, ব’লা’- মানকে ক’লে৷ বৰ আনন্দমনেৰে গুলেৰী ঘৰৰ পৰা ওলাল৷ দোপাত্তাখনেৰে লুকুৱাই তাই মানকৰ বাঁহীটো ল’বলৈ নাপাহৰিলে৷ খাজিয়াৰ গাঁওখন পাৰ হৈয়েই বাটতো বৰ তললৈ চাম্বাৰ দিশে নামি গৈছে৷ এইখিনি ঠাইতে গুলেৰীয়ে লুকাই অনা বাঁহীটো মানকক দিলে৷ মানকৰ হাত এখন আঁকোৱালি লৈ ক’লে – ‘এতিয়া বাঁহীটো বজোৱাঁচোন!’ মানক কিন্তু কিবা গভীৰ চিন্তাত মগ্ন, গুলেৰীৰ কোনো কথা কাণলৈ নগ’ল৷ ‘আৰে! তুমি বাঁহীটো নবজোৱাঁ কিয়?’ – কিছু ক্ষুণ্ণ হৈ গুলেৰীয়ে ক’লে৷ মানকে ম্লানচকুৰে এবাৰ পত্নীলৈ চালে আৰু এইবাৰ বাঁহীটোত ফু দিলে৷ এটা কৰুণ সুৰ বাঁহীটোৰ পৰা নিৰ্গত হ’ল৷ ‘গুলেৰী, নাযাবা’- মানকে অনুনয় কৰিলে৷ ‘আকৌ এবাৰ কৈছোঁ, এইবাৰ নাযাবা’৷ বাঁহীটো ঘৈণীয়েকক ওভতাই দিলে; সি আৰু বজাব নোৱাৰে৷ 

       ‘কিন্তু কিয়?’ – গুলেৰীয়ে প্ৰশ্ন কৰিলে৷ ‘তুমিচোন মেলাৰ দিনা আহিবাই আৰু তেতিয়াই আমি ঘৰলৈ একেলগে উভতিম৷ কথা দিছোঁ, আৰু এটা দিনো চাম্বাত থাকোঁ বুলি জেদ নধৰোঁ৷’ মানকে দুনাই গুলেৰীক একো অনুৰোধ নকৰিলে৷ নাথুৱে ঘোঁৰাজনীক লৈ কেই খোজমান আগে আগে গৈ আছিল যাতে দম্পতীহালে কথা পাতি আহিবলৈ সুযোগ পায়৷ মানকৰ মনত পৰিল সাত বছৰৰ পূৰ্বে এই পথটোৰেই সি বন্ধু কেইজনমানৰ সৈতে মেলা চাবলৈ চাম্বালৈ গৈছিল৷ সেই মেলাতেই গুলেৰীৰ সৈতে সাক্ষাৎ হয় আৰু সিহঁতৰ প্ৰেমৰ সংযোগ ঘটে৷ অকলে এবাৰ লগ পোৱাৰ সুযোগ পাই মানকে গুলেৰীৰ হাত এখনত ধৰি কৈছিল – ‘তুমি  যেন একেবাৰে দুগ্ধৰে পৰিপূৰ্ণ অপক্ক শস্য!’ ‘গৰু-মহবোৰৰ অপক্ক শস্যতে সদায় চকু’ – একে আঁজোৰে গুলেৰীয়ে হাতখন আঁতৰাই নিছিল৷ ‘মানুহে সদায় শস্য সিজায় খায়৷ মোক পাবলৈ ইচ্ছা আছে যদি দেউতাক দেখা কৰাঁ৷ তেওঁক গৈ কোৱাঁ তুমি মোক জীৱন-লগৰী কৰিবা বুলি৷’ মানকহঁতৰ বংশৰ নিয়ম হ’ল বিৱাহৰ পূৰ্বে কন্যাপক্ষক যৌতুক দান৷ গুলেৰীৰ দেউতাকে তেওঁৰ ছোৱালীৰ বাবে কিমান ধন দাবী কৰে সেই কথা ভাবি মানক চিন্তিত হৈছিল৷ গুলেৰীৰ দেউতাক হ’ল বহুত দিন চহৰত থাকি অহা ধনী গৃহস্থ; যৌতুক প্ৰথা তেওঁ বিশ্বাস নকৰে৷ ছোৱালীজনীক এটা ভাল পৰিয়ালৰ সুপাত্ৰত গতাব পাৰিলেই তেওঁক একো নালাগে৷ মানকৰ গাত তেওঁ বিচৰা সকলোবোৰ গুণেই আছিল - গতিকে গুলেৰীক মালা পিন্ধাবলৈ মানকৰ বেছিদিন নালাগিল৷ সেই দিনবোৰৰ কথাকে ভাবি বিভোৰ হৈ থাকোঁতে গুলেৰীৰ হাতৰ স্পৰ্শত সি সম্বিত ফিৰাই পালে৷

        ‘ইমান সময় কি সপোন দেখি বিভোৰ হৈ আছিলা?’- গুলেৰীয়ে ঠাট্টা কৰি সুধিলে কিন্তু মানকে একো উত্তৰ নিদিলে৷ ঘোঁৰাজনী অধৈৰ্য হৈ চিঁহিঁহিঁকৈ এবাৰ চিঞৰি উঠিল৷ যাত্ৰা কৰিবলগীয়া দূৰত্বৰ কথা ভাৱি গুলেৰী এইবাৰ বিদায় ল’বলৈ প্ৰস্তুত হ’ল৷

: নীলা ঘণ্টা থকা অৰণ্যখনৰ কথা শুনিছানে? – তাই সুধিলে৷ ইয়াৰ পৰা মাত্ৰ দুমাইল আঁতৰত৷ তালৈ যিজন এবাৰ যায় তেওঁ হেনো কাণেৰে নুশুনা হৈ পৰে।

: ওঁ, শুনিছোঁ৷

: তোমাৰ অৱস্থা দেখি মোৰ ভাব হয় তুমিও যেন সেইখন অৰণ্যৰ পৰা উভতি আহিছা! মই কৈ থকা কথাবোৰ তোমাৰ কাণত নোসোমোৱা হৈছে!

‘তুমি ঠিকেই কৈছা গুলেৰী৷ তুমি কি কৈ আছা একোৱেই মই শুনা নাই’ – মানকে এটা দীৰ্ঘশ্বাস এৰিলে৷ এজনে আনজনৰ ফালে চালে৷ ইজনে সিজনৰ মনত কি চলি আছে একো নাজানে৷ ‘মই এতিয়া যাওঁ৷ তুমি ঘৰলৈ উভতি যোৱাঁ, অনেকখিনি বাট আহিলা’- মৃদু কণ্ঠৰে গুলেৰীয়ে ক’লে৷ 

: ইমানখিনি পথ তুমিও খোজ কাঢ়িলা, বাকীখিনি ঘোঁৰাত উঠি যোৱাঁ – মানকে ক’লে৷   

: এয়া লোৱাঁ, তোমাৰ বাঁহী৷

: তোমাৰ লগতে থোৱাঁ৷

‘মেলাৰ দিনা আহি বজাবা নহয়!’ -গুলেৰীয়ে হাঁহি এটা মাৰি সুধিলে৷ তাইৰ চকুহাল উজ্জ্বল হৈ জিলিকিছিল৷ মানকে অন্য দিশে মুখ ঘূৰালে৷ গুলেৰীয়ে মানকৰ ব্যৱহাৰত আচৰিত হৈ কান্ধ জোকাৰিলে মাত্ৰ৷ চাম্বালৈ তাইৰ যাত্ৰা আৰম্ভ হ’ল৷ মানক ঘৰলৈ উভতি আহি চাৰপাই এখনতে ধাঁচকৈ বহি পৰিল৷ 

: কি হ’ল, ইমানপৰ লগালি যে? একেবাৰে চাম্বা পালিগৈ নেকি? – মানকৰ মাকে মুখপাতি ধৰিলে৷

: নাই, পাহাৰটোৰ ওচৰৰ পৰা উভতি আহিলোঁ – এটা গধুৰ মাতেৰে মানকে উত্তৰ দিলে৷

: বুঢ়ীমানুহৰ দৰে মুখ ওন্দোলাই বহি আছ কিয়? অলপ ৰংমনে থাকিব নোৱাৰ নেকি? – মাকে ধমক দিলে৷

মানকে ক’ব খুজিছিল – ‘ৰং-আনন্দ কৰাৰ এটা পৰিৱেশ তুমি সৃষ্টি কৰিছা জানো, মা?’ কিন্তু সি মনে মনে থাকিল৷ মানক আৰু গুলেৰীৰ বিয়া হোৱা সাত বছৰ হ’ল কিন্তু এতিয়াও মাতৃ হ’ব পৰা নাই গুলেৰী৷ মানকৰ মাকে কঠোৰ সিদ্ধান্ত লৈছিল - তেওঁ এই অৱস্থা চলি থাকিবলৈ দিব নোৱাৰে৷ ঘৰত তেওঁ নাতিৰ মুখ চাব বিচাৰে আৰু তেওঁ চাইহে এৰিব! আৰু কেই দিনমানৰ পাছতে মানকহঁতৰ দাম্পত্য জীৱনে আঠ বছৰত ভৰি দিব৷ মানকৰ মাকে পুত্ৰক পাঁচশ টকা দিছে আৰু এখন বিয়া পাতিবলৈ৷ তেওঁ আৰু অপেক্ষা কৰাৰ পক্ষপাতী নহয় – মাত্ৰ ৰৈ আছিল গুলেৰী দেউতাকৰ ঘৰলৈ যাবলৈ! সেই সুৰুঙাত তেৱোঁ নতুন পুত্ৰবধূক আনি ঘৰত সোমোৱাব৷ মাক আৰু সামাজিক নীতি-নিয়মৰ খাতিৰত নতুন নাৰীগৰাকীৰ প্ৰতি মানকে শাৰীৰিকভাৱে সঁহাৰি জনালে, কিন্তু হৃদয়খন তাৰ ইতিমধ্যে মৰহি গৈছিল৷

 

*   *   * 

       এদিন ৰাতিপুৱা ঘৰৰ বাৰাণ্ডাত মানকে হোকা টানি বহি থাকোঁতে পুৰণি বন্ধু এজনক ঘৰৰ আগৰ বাটটোৰে গৈ থকা দেখা পালে৷

: ইমান পুৱাতে ক’লৈ ওলালি, ভৱানী? – মানকে চিঞৰি সুধিলে৷

মানকৰ মাত শুনি ভৱানী থমকি ৰ’ল৷ কান্ধত তাৰ এটা সৰু টোপোলা৷ ‘নাই, তেনেকৈ ক’লৈকো ওলোৱা নাই৷’ – ভৱানীৰ নিৰ্লিপ্ত উত্তৰ৷

: তেনেহ’লে ইমান লৰালৰি কিহৰ? আহ, মোৰ সৈতে এচিলিম ধঁপাত টানি যা৷ - মানকে আমন্ত্ৰণ জনালে৷

ভৱানী আহি মানকৰ ওচৰতে বহিল আৰু তাৰ পৰা হোকাটো লৈ কেইটামান টান দিলে৷ নাকে-মুখে ধোঁৱাবোৰ উলিয়াই এইবাৰ সি লাহেকৈ মুখ মেলিলে – ‘মই চাম্বাৰ মেলালৈ ওলাইছো৷’ কথাষাৰে মানকক যেন ছুৰীৰে বুকুত আঘাত হানিলে৷

: মেলা আজি নেকি?

‘প্ৰতিবছৰে এই সময়তে মেলা বহে’ – এটা শুকান মাতেৰে ভৱানীয়ে উত্তৰ দিলে৷ ‘কিয়, সাত বছৰৰ পূৰ্বে আমি একেলগে এই মেলাখনলৈকে যোৱা নাছিলো জানো?’ ভৱানীয়ে আৰু একো নকৈ মনে মনে ৰ’ল৷ মানকে বন্ধুৰ নিৰুত্তাপ আচৰণৰ কাৰণ ভালকৈয়ে বুজি পালে৷ অস্বস্তিকৰ কেইটামান মুহূৰ্ত৷ ভৱানীয়ে হোকাটো থৈ টোপোলাটো কান্ধত তুলি ল’লে৷ টোপোলাৰ ফাঁকেৰে বাঁহী এটা ওলাই আছিল৷ মানকৰ পৰা বিদায় লৈ ভৱানী আলিবাটত উঠিল৷ সি চকুৰ আঁতৰ নোহোৱালৈকে মানকে বাঁহীটোলৈ চাই থাকিল৷ 

       পাছদিনা আবেলি খেতি পথাৰত কাম কৰি থাকোঁতে মানকে ভৱানীক দেখা পালে৷ তাৰ পিনেই অহা যেন লাগিল৷ মুখখন আনফালে ঘূৰাই ল’লে মানকে, ভৱানীৰ লগত কথা পাতিবলৈ মন নাই অলপো৷ ভৱানী কিন্তু পোনেই মানকৰ ওচৰলৈ আহি সন্মুখতে বহি ল’লে৷ তাৰ মুখখন একেবাৰে ম্লান দেখা গৈছিল৷

: গুলেৰীৰ মৃত্যু হৈছে! – এটা বিষণ্ণ কণ্ঠৰে ভৱানীয়ে কলে৷

: কি??

: তোৰ দ্বিতীয় বিৱাহৰ খবৰ পাই গুলেৰীয়ে গাত কেৰাচিন তেল ঢালি আত্মহত্যা কৰিছে৷

মানকৰ শৰীৰৰ পৰা নিমিষতে কোনোবাই যেন সকলো তেজ শুহি নিলে৷ বিস্ফাৰিত চকুৰে সি কেৱল চাই ৰ’ল ভৱানীৰ মুখলৈ! মুখেৰে টু এটাও শব্দ নোলাল৷ বুকুৰ ভিতৰখন নিমিষতে যেন জ্বলি-পুৰি ছাৰখাৰ হৈ গ’ল! 

*    *    *

 

দিনবোৰ যাবলৈ ধৰিলে৷ মানকে খেতিপথাৰত কাম কৰে আৰু ঘৰলৈ উভতে৷ ভাত-পানী খাই মনে-মনে উঠি যায়, কাকো কোনো এটা কথা নকয়৷ সি এতিয়া এটা জীৱন্ত মৃতদেহৰ দৰে- চেহেৰা অভিব্যক্তিশূন্য, চকুত উকা দৃষ্টি৷ ‘মই যেন তেওঁৰ পত্নী নহওঁ’ – অনুযোগ কৰে তাৰ দ্বিতীয়া পত্নীয়ে৷ ‘যেন জোৰ কৰি মোক তেওঁৰ ডিঙিত ওলমাই দিয়া হৈছে৷’ কিন্তু কিছুদিনৰ পাছতে তাই গৰ্ভৱতী হ’ল৷ মানকৰ মাকক এতিয়া পায় কোনে? নতুন পুত্ৰবধূৰ প্ৰতি তেওঁ খুবেই সন্তুষ্ট৷ মাকে পুত্ৰক ঘৰলৈ নতুন অতিথি আহিবল’গীয়া কথাটো জনালে– কিন্তু মানকৰ চেহেৰা ভাৱ-লেশহীন হৈ ৰ’ল– চকুৰ সেই উকা চাৱনিৰ কোনো পৰিৱৰ্তন নঘটিল৷ শাহুৱেকে পুত্ৰবধুক সাহস দিলে– ‘চাবাচোন, সন্তান জন্ম হোৱাৰ পাছত কেঁচুৱাটোক নি কোলাত দিলে মানকৰ মন আৰু মেজাজৰ অভাৱনীয় পৰিৱৰ্তন ঘটিব৷’ যথা সময়ত মানকৰ পত্নীয়ে এটা পুত্ৰ সন্তান জন্ম দিলে৷ মানকৰ মাকে আনন্দতে নাতিয়েকক গা-পা ধুৱাই আৰু এযোৰ সুন্দৰ পোছাক পিন্ধাই পুতেকৰ কোলাত তুলি দিলে৷ স্থিৰ দৃষ্টিত শিলৰ দৰে ভাৱ-লেশহীন মুখেৰে বহুত সময় মানকে কেঁচুৱা ল’ৰাটিলৈ চাই ৰ’ল৷ হঠাতে তাৰ শূন্য চকুত ফুটি উঠিল আতঙ্ক আৰু মৃগীৰোগীৰ দৰে চিৎকাৰ কৰিবলৈ ধৰিলে – ‘তাক লৈ যোৱাঁ! লৈ যোৱাঁ...!! তাৰ গাৰ পৰা কেৰাচিনৰ গোন্ধ ওলাইছে...!!

 

***

 

 

ঠিকনা :

মাস্কাট, চুলতানেট অব ওমান

ফ’ন: +৯৬৮-৯৯৬৭-২৭৮১

      

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ