অন্যযুগ/


স্বয়ংচালিত যান, কৃত্ৰিম বুদ্ধিমত্তা আৰু উচ্চশ্ৰেণীৰ ৰাসায়নিক পদাৰ্থ

 ভাৰত বৰুৱা

বিজ্ঞান আৰু প্ৰযুক্তিৰ এককেন্দ্ৰাভিমুখতাৰ ফলস্বৰূপে অৱশেষত পৰৱৰ্তী দশকত সমগ্ৰ বিশ্বৰে বহল বজাৰত স্বয়ংচালিত বাহন বা যান উপলব্ধ হব। অভিজ্ঞসকলৰ মতে যন্ত্ৰমানৱৰ দ্বাৰা পৰিচালিত যান বা বাহনে প্ৰথমে সীমৱদ্ধ এলেকাতে সামগ্ৰী বিতৰণ আৰম্ভ কৰি। তাৰ পাছত লাহে লাহে চালক থকা স্বয়ংচালিত যানে বহল পৰিসৰত বিস্তাৰ লাভ কৰিব। এতিয়া কথা হ, এই পূৰ্ণপাৰদৰ্শী স্বয়ংচালিত বাহনৰ ভৱিষ্যৎ নিৰ্ভৰশীল হব সংবেদক অথবা চেঞ্চৰৰ ওপৰত, যাৰ জৰিয়তে বাহনৰ পৰিকলনযন্ত্ৰ বা কম্পিউটাৰে ৰাস্তাবোৰ দেখিবলৈ পাব। এই সংবেদকবোৰ হব লাগিব অধিক কৰ্মক্ষম আৰু লগতে সুলভ। এতিয়া কথা হল দ্ৰুতগামী স্বয়ংচালিত বাহন তৈয়াৰ কৰাৰ বাবে লঘু পদাৰ্থ, শীতলক (Coolant) পদাৰ্থ তথা পিচ্ছিলকাৰক (Lubricant) পদাৰ্থৰ উন্নয়ৰ অতি প্ৰয়োজন। এই ধৰণৰ বৃহৎ পৰিবৰ্তন হব আগন্তুক দশকত ৰাসায়নিক উদ্যোগৰ বাবে এক বিৰাট প্ৰত্যাহ্বানৰ লগতে সৃষ্টিশীলতাৰো অৱকাশ।

 আমি বহু দিনৰ পৰাই স্বয়ংচালিত বৈদ্যুতিক বাহনৰ কথা কৈ আহিছোঁ। কিন্তু পূ্ৰ্ণপাৰদৰ্শী স্বয়ংচালিত বাহনৰ সপোন সাৰ্থক কৰাত বাধা কোনখিনিত? বিগত কেইবছৰমানৰ গৱেষণাৰ পৰা এই কথা দেখা গৈছে যে স্বয়ংচালিত বৈদ্যুতিক বাহনৰ সমস্যাৰ সমাধান যিমান সহজ বুলি বিৱেচনা কৰা হৈছিল কথাটো সিমান সহজ নহয়। বৰ্তমান প্ৰযুক্তিৰ উন্নতি হৈছে যদিও স্বয়ংচালিত বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সেই প্ৰযুক্তি সিমান পৰিপক্ক হৈ উঠা নাই। এই দিশত বহু প্ৰগতি হৈছে যদিও সেই প্ৰগতি ইমানো উচ্চ মানৰ হৈ উঠা নাই যে মানৱ চালকক সম্পূৰ্ণকৈ পৰিহাৰ কৰিব পাৰিব। এই ক্ষণত যদি আমি স্বয়ংচালিত বৈদ্যুতিক বাহনৰ দ্বাৰা কেৱল সামগ্ৰী বিতৰণৰ কথাটোহে দৰকাৰী বুলি গণ্য কৰোঁ, যাত্ৰী বহন কৰাৰ প্ৰয়োজনীয়তা নাই বুলি ভাবোঁ, তেন্তে সমস্যাটো সিমান গম্ভীৰ নহয়। কিয়নো সামগ্ৰী বিতৰণ কৰা স্বয়ংচালিত বাহন মন্থৰ পথত চলাব পাৰিব আৰু বিতৰণত পাঁচ-দহ মিনিট দেৰি হলেও বিশেষ আপত্তি নাথাকিব।থবা স্বয়ংচালিত বাহনৰ বাবে অতি কঠিন, বাওঁফালে বাহন ঘূৰাবৰ প্ৰয়োজনীয়তা কম থাকিব বা নাথাকিব। এনে ক্ষেত্ৰত জীৱন বীমা কোম্পানী অথবা চৰকাৰী নিয়ন্ত্ৰকসকলৰো আপত্তি বা সংশয়ৰ কাৰণ নাথাকিব, কিয়নো স্বয়ংচালিত বাহনৰ ভিতৰত অতি মূল্যবান মানৱী জীৱনে আৰোহণ নকৰিব। অন্যহাতে, এনে স্বয়ংচালিত বাহনত যেতিয়াই মনুষ্যই যাত্ৰা কৰিব তেতিয়াই এটা প্ৰত্যাশা থাকিব যে আটাইটকৈ কম সময়ত কেনেদৰে এঠাইৰ পৰা আন এঠাইলৈ সুকলমে যাতায়াত কৰিব পাৰি। লগতে বীমা কোম্পানী তথা চৰকাৰী নিয়ন্ত্ৰকসকলে মানৱ সুৰক্ষাৰ সকলো পদ্ধতি উপলব্ধ হয়নে নহয় নিৰীক্ষণ কৰিব। উল্লিখিত দুয়োটা প্ৰতিষ্ঠানক সম্পূৰ্ণৰূপে সন্তুষ্ট কৰিব পৰাকৈ মানৱযাত্ৰী বাহক স্বয়ংচালিত যান  তৈয়াৰ কৰাত এতিয়াও কোনোৱেই সক্ষম হব পৰা নাই।

হয়, নিউৰ’ (Nuro) নামৰ স্বয়ংচালিত বিতৰণ যান বৰ্তমান আমেৰিকাৰ জনপথত বিৰাজমান। আমেৰিকাৰ এৰিজনা ৰাজ্যৰ স্কটডেল নামৰ চহৰত ২০১৮ চনৰপৰাই নিউৰৰ স্বয়ংচালিত বিতৰণ বাহনে খাদ্যদ্ৰব্যৰ বিতৰণ আৰম্ভ কৰিছিল। এই স্বয়ংচালিত বাহনৰ লগত পিছে এজন সহায়ক চালকো থাকে। পাছলৈ নিউৰই স্বয়ংচালিত টয়টা প্ৰীয়াছ বাহনৰ সহায়ত টেক্সাছৰ হিউষ্টন চহৰতো ক্ৰগাৰৰ খাদ্যদ্ৰব্য, চিভিএচ ফাৰ্মাচীৰ দৰৱ, ডমিনজৰ পিজ্জা ইত্যাদিৰ লগতে যোৱা বছৰ কেলিফৰ্ণিয়াত কভিড-১৯-ৰ অস্থায়ী চিকিৎসালয়তো ৰোগীক ঔষধ তথা চিকিৎসা সামগ্ৰী যোগান ধৰিছে। তথাপি জনমানসত স্বয়ংচালিত বাহন মানেই যাত্ৰীবাহী বাহন। টেছলা, নিছান আৰু অন্য বাহন নিৰ্মা কৰা উদ্যোগৰ স্বয়ংচালিত বাহনত এজন সহায়ক চালক থাকে, যাতে দৰকাৰ হলে সেই চালকজনে বাহনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ দখললৈ নিব পাৰে। মেককিনচি কোম্পানীৰ মতে অহা ২০৩০ চনৰ ভিতৰত আমেৰিকাৰ ৯ শতাংশ টেক্সী স্বয়ংচালিত হ, ২০৪০ চনৰ ভিতৰত মোটামুটি ৫০ শতাংশ টেক্সী স্বয়ংচালিত হব। এই বাহনৰ বৈদ্যুতিকীকৰণ আৰু বাহনৰ অভ্যন্তৰ ভাগৰ বিকাশৰ প্ৰত্যাহ্বানে ৰাসায়নিক উদ্যোগৰ সন্মুখলৈ এক সুৱৰ্ণ সুযোগ আনি দিছে। মুঠৰ ওপৰত স্বয়ংচালিত বাহনে টোপোলা বিতৰণেই কৰক বা যাত্ৰীবাহীয়েই হওক বৰ্তমানৰ বিকাশ বিন্দুত উপস্থিত হোৱাৰ পৃষ্ঠভূমিত বিজ্ঞান আৰু যন্ত্ৰবিজ্ঞানৰ অৱদানক উপেক্ষা কৰিব নোৱাৰি। এইক্ষেত্ৰত উচ্চ প্ৰযুক্তিৰ পৰিকলন যন্ত্ৰ আৰু বেটাৰী অথবা বিদ্যুৎ কোষে আগস্থান পায় যদিও ৰাসায়নিক উদ্যোগে স্বয়ংচালিত বাহনৰ অগ্ৰগতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়া আহিছে। পৰিকলন যন্ত্ৰৰ দৰ্শনেন্দ্ৰিয়ৰ কাৰ্যক্ষমতা ৰসায়ন বিজ্ঞানৰ সহায় অৱিহনে সম্ভৱ নহয়। বাহনৰ অভ্যন্তৰীণ ভাগৰ প্ৰয়োজনীয় ক্সাৰ অদল বদলৰ বাবে দৃঢ় তথা তুচ্চ ভৰৰ, চকুত লগা তথা মসৃণ পৰশৰ বাবে সংমিশ্ৰিত সংগঠনী উপাদান সৃষ্টি কৰা প্ৰয়োজন। স্বয়ংচালিত বাহনৰ বৈদ্যুতিক চালকযন্ত্ৰৰ বাবে দহনযন্ত্ৰত প্ৰয়োগ হোৱা অঘনীভূত তৰল পদাৰ্থতকৈ উন্নত মানৰ পদাৰ্থৰ দৰকাৰ হব। এতিয়া আহকচোন, মূল কথালৈ আহোঁ। এখন স্বয়ংচালিত কৃত্ৰিম বুদ্ধিমত্তাৰ বৈদ্যুতিক বাহন মনঃপুতভাৱে পৰিচালনা কৰিবলৈ প্ৰয়োজন হোৱা উপাদানসমুহৰ যোগান ধৰোঁতে আগন্তুক দশকত ৰসায়ন বিজ্ঞান কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ?


 ১) অৱলোহিত তৰংগ প্ৰতিফলিত কৰা বাহনৰ অঙ্গ ৰঞ্জক বা কলপ 

 বিদ্যুতচুম্বকীয় বৰ্ণালী (Electromagnetic Spectrum)-ৰ দৃশ্যমান ৰশ্মি (visible ray) আৰু অৱলোহিত তৰংগ (Infra red ray) আমাৰ বাবে অতি প্ৰয়োজনীয়। উদাহৰণ স্বৰূপে সূৰ্যৰ ৰশ্মিৰ বা অন্য কোনো পোহৰৰ উৎসৰ দৃশ্যমান ৰশ্মিভাগ মানৱ শৰীৰৰ দৰ্শনেন্দ্ৰিয়ই চিনাক্ত কৰিব পাৰে। গতিকে আমাৰ চাৰিওফালে থকা পদাৰ্থই যদি পোহৰৰ উৎসৰ পৰা অহা দৃশ্যমান ৰশ্মি প্ৰতিফলিত কৰে আমি সেই পদাৰ্থটো দেখিবলৈ পাওঁ। কিন্তু কোনো পদাৰ্থই যদি অৱলোহিত তৰংগ শোষণ কৰে তেন্তে সেই পদাৰ্থৰ তাপমান বাঢ়ে, আনহাতে অৱলোহিত তৰংগ যদি প্ৰতিফলিত কৰে সেই পদাৰ্থৰ তাপমান নাবাঢ়ে। মানৱী চকুয়ে এই অৱলোহিত তৰংগ দেখিবলৈ নাপায়। কিন্তু পৰিকলন যন্ত্ৰৰ দৰ্শনেন্দ্ৰিয়ই অৱলোহিত তৰংগহে দেখিবলৈ পায়। গতিকে এই সূত্ৰৰ ওপৰত ভিত্তি কৰিয়েই স্বয়ংচালিত বাহনৰ অংগ-কলপ তৈয়াৰৰ কাম আগবাঢ়িছে।

স্বয়ংচালিত বাহনৰ অংগ-কলপত মূলতে তিনিটা স্তৰ থাকে : প্ৰথম একেবাৰে তলৰ স্তৰত অৱলোহিত তৰংগ প্ৰতিফলিত বা প্ৰতিক্ষেপ কৰিব পৰা প্ৰাইমাৰ। তাৰ ওপৰৰ দ্বিতীয় স্তৰ হৈছে অজৈৱিক ৰঞ্জক (Inorganic Pigment) পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা তৰপ যি তৰপে অৱলোহিত তৰংগ পাৰ হৈ যাবলৈ দিয়ে। একেবাৰে ওপৰৰ তৃতীয় তৰপটো হল স্বচ্ছ পৰিস্কাৰ লেপ। ইয়াৰ ভিতৰত মাজৰ অজৈৱিক ৰঞ্জক পদাৰ্থৰ তৰপটোৱে দৃশ্যমান ৰশ্মি শোষণ কৰে, মানৱ চকুৰ বাবে ৰঙৰ সৃষ্টি কৰে। অন্যহাতে সমীপৰ বাহনৰ পৰা প্ৰতিফলিত হৈ অহা অৱলোহিত তৰংগ পাৰ হৈ যাবলৈ দিয়ে, যাতে সেই তৰংগই শেষৰ অৱলোহিত তৰংগ প্ৰতিফলিত কৰা প্ৰাইমাৰ তৰপত খুন্দা খাই পুৰ সমীপৰ বাহনলৈ ঘুৰি যায়। সেই উভতি অহা অৱলোহিত তৰংগকে সমীপৰ বাহনৰ পৰিকলন যন্ত্ৰৰ দৰ্শনেন্দ্ৰিয়ই গ্ৰহণ কৰি অন্য বাহনৰ উপস্থিতি আৰু পৰিসৰ নিৰূপণ কৰে। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোক চমুকৈ লিদাৰ” (LiDAR: light detection and ranging) বুলি জনা যায়। গতিকে এই লিদাৰ প্ৰযুক্তিৰ মূলতেই হল উন্নত মানৰ তথা সহজলভ্য অজৈৱ ৰাসায়নিক ৰঞ্জক পদাৰ্থৰ আৱিষ্কাৰ। তদুপৰি মাজৰ অজৈৱিক প্ৰলেপে অৱলোহিত তৰংগ শোষণ নকৰাৰ বাবে গৰমৰ দিনত বাহনৰ ভিতৰভাগ সূৰ্যৰ ৰশ্মিৰ দ্বাৰা উত্তপ্ত হৈ নপৰে। গতিকে গৰমৰ দিনত বাতানুকুল যন্ত্ৰৰ প্ৰয়োজনীয়তা কমাব, আৰু বৈদ্যুতিক বাহনত বিদ্যুতৰ খৰচ কম হ'ব।

) থাৰ্মপ্লাষ্টিকৰ দ্বাৰা নিৰ্মিত বেটাৰীৰ আধাৰ কোষ : 

তাপ প্ৰয়োগৰ ফলত নমনীয় অথৱা কোমল হোৱা পদাৰ্থক থাৰ্মপ্লাষ্টিক (Thermoplastic) বোলা হয়। স্বয়ংচালিত বাহনৰ এটা মূল অংগ হৈছে বেটাৰি। বেটাৰি যিমানেই শক্তিশালী হব সিমানেই যাত্ৰী অথবা চালকৰ দুশ্চিন্তা কম হব। বেটাৰিৰ প্ৰয়োজনীয়তা বৈদ্যুতিক যন্ত্ৰৰ জগতত সৰ্বব্যাপী। এই বেটাৰি প্ৰযুক্তিৰ ক্ষেত্ৰত ৰসায়ন বিজ্ঞানৰ অসাধাৰণ অৱদানৰ প্ৰমাণ স্বৰূপে ২০১৯ চনৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটাৰ কথা কব পাৰি। এতিয়া কথা হল বেটাৰি শক্তিশালী বা বিশাল আকাৰৰ হলেই নহ, ইয়াৰ আধাৰ কোষ হব লাগিব দৃঢ়, অদাহ্য, আৰু বৈদ্যুতিক অন্তৰণ ক্ষমতাসম্পন্ন। এই ধৰণৰ ৰসায়নিক ধৰ্ম থকা ধাতু খুব কমেই আছে। এই ধৰণৰ ধৰ্ম থাৰ্মপ্লাষ্টিকতহে পোৱা যায়। আমি যদি অভ্যন্তৰীণ জ্বলন যন্ত্ৰৰ লগত তুলনা কৰোঁ তেন্তে বেটাৰিৰ তাপমান অনেক গুণে কম। সেই তাপমাত্ৰাৰ পৰিসৰত থাৰ্মপ্লাষ্টিক সহজেই ব্যাৱহাৰ কৰিব পৰা যাব। এতিয়া তেন্তে ৰসায়নবিদসকলৰ বাবে নতুন প্ৰত্যাহ্বান হব উচ্চমানৰ দৃঢ়, অদাহ্য, বৈদ্যুতিক অন্তৰণ ক্ষমতাসম্পন্ন, আৰু পুৰ-ব্যাৱহাৰযোগ্য থাৰ্মপ্লাষ্টিকৰ সৃষ্টি কৰা।

৩) সংমিশ্ৰিত সংগঠনী পৃষ্ঠতল (Composite Structural Surfaces) : 

বাহন যদি স্বয়ংচালিত হয় তেন্তে বাহনৰ যাত্ৰীয়ে নিজৰ কৰ্ম অথবা অৱসৰ বিনোদনত মনোযোগ দিব পাৰিব। তাৰ মানে বাহনৰ অভ্যন্তৰ ভাগত আসন আদিয়ে বেছি ঠাই দখল কৰিব নোৱাৰিব, লগতে বাহনৰ যাত্ৰীয়ে বাহনৰ ভিতৰ ভাগ শোভনীয়, মসৃণ আৰু সৌহাদ্যপূৰ্ণ হোৱাটো বিচাৰিব। এই চাহিদা পূৰণ কৰিব পাৰিব কাৰ্বন ফাইবাৰ জাতীয় পদাৰ্থৰ দ্বাৰা। এই কাৰ্বন ফাইবাৰে দৃঢ়তা প্ৰদানৰ লগতে আকৰ্ষণীয়ভাৱে কাৰ্য সমাপন কৰিব পাৰিব। এই ধৰণৰ সংগঠনী পদাৰ্থৰ পৃষ্ঠতল ধাতু, প্লাষ্টিক অথবা বস্ত্ৰ আদি পদাৰ্থই যোগান ধৰিব নোৱাৰে। সংমিশ্ৰিত কাৰ্বন ফাইবাৰ ফিটাৰ ব্যৱহাৰিক পৰিকল্পনা অনুসৰি ই মেগনেছিয়াম বা এলমিনামতকৈ দৃঢ় হব। তদুপৰি সংমিশ্ৰিত কাৰ্বন ফাইবাৰ ফিটাৰ উৎপাদন তথা পুনৰ-ব্যৱহাৰ কৰা অন্য সংমিশ্ৰিত সংগঠনী পদাৰ্থতকৈ সহজ।

 ) বাহনৰ সংবেদকৰ বাবে চিলিক সংযোজক :

স্বয়ংচালিত বাহনৰ আৰু এটা অতি প্ৰয়োজনীয় অংগ হল সংবেদক অথবা চেঞ্চৰ। এই সংবেদন প্ৰক্ৰিয়াৰ বাবে লিদাৰ (LiDAR), ৰাডাৰ (RADAR), আৰু কেমেৰা আদিৰ প্ৰচুৰ ব্যৱহাৰ হয় যাতে বাহনখনৰ বাবে পথ আৰু অন্য যানবাহনবোৰ দৃশ্যমান হয়। এই যন্ত্ৰবিলাকত বহু সংবেদনশীল অণুবিদ্যুৎ (Electronics) থাকে আৰু এইসমূহ ধূলি-বালি ইত্যাদিৰ পৰা সুৰক্ষিত ৰখা অতি প্ৰয়োজনীয়। বৈদ্যুতিক চালক যন্ত্ৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ তন্ত্ৰ আদিত উচ্চ ভল্টেজৰ প্ৰয়োজন, গতিকে ব্যৱহাৰ কৰা চিলিকন সংযোজকে উপযুক্ত পৰিমাণৰ গ্ৰাউণ্ডিঙৰ লগতে কৱচ হিচাপেও কাম কৰিব লাগিব। চিলভাৰ (Silver) ধাতু তথা কাৰ্বন ব্লেক আদিয়ে চিলিকনৰ পৰিবাহিতা বঢ়াব বা কমাব পাৰে। আনহাতে চিৰামিক (Ceramic) অক্সাইড জাতীয় অজৈৱ পদাৰ্থই তাপ পৰিবাহিতা বঢ়াব পাৰে। গতিকে ৰসায়নবিদসকলৰ বাবে মূল প্ৰত্যাহ্বান হৈছে কেনেদৰে এই ধৰণৰ ধাতু অথবা অজৈৱিক পদাৰ্থ চিলিকনৰ জৰায়ুত প্ৰতিস্থাপিত কৰা, চিলিকনৰ ধৰ্ম সলনি নকৰাকৈ।

) চালকযন্ত্ৰৰ বাবে শীতলক আৰু পিচ্ছিলকাৰক পদাৰ্থ :

বৈদ্যুতিক বাহনৰ চালকযন্ত্ৰত হাইড্ৰকাৰ্বন জাতীয় যৌগিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। এই হাইড্ৰকাৰ্বন জাতীয় তৰল পদাৰ্থই চালক যন্ত্ৰত শীতলক হিচাপে কাম কৰাৰ লগতে পিচ্ছিলকাৰক হিচাপেও কাম কৰিব লাগিব। তাৰ মানে এই তৰলৰ ধৰ্ম হব লাগিব তাপ পৰিবাহী কিন্তু বৈদ্যূতিকভাৱে অপৰিবাহী। বাহন নিৰ্মাতা কোম্পানীবোৰে লক্ষ্য ৰাখিছে যে এই ধৰণৰ তৰল যাতে বাহনখনৰ সম্পূৰ্ণ জীৱনকালত ব্যৱহাৰ কৰিব পাৰি। এই তৰলৰ আৰু এটা ধৰ্ম হব লাগিব যে ই ধাতু, প্লাষ্টিক তথা চিৰামিকৰ লগত সংগতিপূৰ্ণভাৱে ব্যৱহাৰ উপযোগী হব লাগিব। হাইড্ৰকাৰ্বন জাতীয় তৰল পদাৰ্থত এনে ধৰণৰ ধৰ্ম কেৱল সংযোজকৰ মিশ্ৰণৰ দ্বাৰাহে পূৰ্ণ কৰিব পৰা যাব বুলি ৰসায়নবিদসকলে মত পোষণ কৰিছে।

) যন্ত্ৰ-পাঠযোগ্য পথ চিহ্ন :

একেবাৰে নিম্ন মানৰ স্বয়ংচালিত বাহনতো কেমেৰা থাকে যাৰ দ্বাৰা বাহনখন পথচিহ্নৰ ফিটাৰ অলপ বাহিৰলৈ আহিলেই বাহনৰ সংবেদক অথবা চেঞ্চৰে চালকক সতৰ্ক কৰে। ভৱিষ্যতৰ উন্নত মানৰ সম্পূৰ্ণ স্বয়ংচালিত বাহনৰ বাবে বাহনত উপলব্ধ লিদাৰ, ৰাডাৰ অথবা কেমেৰাৰ লগতে যন্ত্ৰ-পাঠযোগ্য পথ চিহ্ন থকাটো একান্তই প্ৰয়োজনীয় হব। এই পথ চিহ্নবোৰত আলোকিক প্ৰভাৱ থাকিব, আৰু তাৰ দ্বাৰা পুনঃপ্ৰতিফলিত (Retro-reflected) আলোক বাহনৰ পৰিকলন যন্ত্ৰলৈ ঘুৰি যাব। চমুকৈ, পথৰ মাজত থকা হালধীয়া পংক্তিবোৰত পুনঃপ্ৰতিফলন কৰিব পৰা চিৰামিক গুটিকা লগোৱা থাকে, আৰু এই গুটিকাবোৰে বাহনৰ হেডলেম্প তথা বাহনৰ সংবেদকৰ পৰা অহা আলোকক পুন:প্ৰতিফলিত কৰি পঠায় আৰু মানৱ চালক তথা পৰিকলন যন্ত্ৰৰ দৰ্শনেন্দ্ৰিয়ই পথৰ পংক্তিবোৰ দেখিবলৈ পায়। কোনো কোনো যাতায়াত চিহ্ন বা পথ পংক্তিত গুটিকাৰ সলনি সুক্ষ্ম প্ৰিজম থকা ফিটাও ব্যৱহৃত হৈছে। এইবোৰ বেছি কাৰ্যক্ষম কিন্তু ব্যয়বহুল।

অৱশেষত দেখা গৈছে যে, সম্পূৰ্ণ কৃত্ৰিম বুদ্ধিমত্বাৰ স্বয়ংচালিত বৈদ্যুতিক বাহনৰ বাবে প্ৰয়োজনীয় দ্ৰব্যৰ চাহিদা অতি বেছি, গতিকে বিজ্ঞানীসকলৰ সন্মুখত প্ৰত্যাহ্বানো উচ্চ মানৰ, কিন্তু ৰাসায়নিক উদ্যোগবোৰৰ বাবে সুযোগো তেনেকৈ ব্যাপক। আগন্তুক কেইদশকমানত এই উপকৰণসমূহৰ দ্বাৰাই বাহন নিৰ্মাতাসকলৰ আজিৰ পৰিকল্পনা দিঠকত পৰিত হব।

তথ্যসূত্ৰ : Chemical & Engineering News, ISSN009-2347

ঠিকনা : 

Associate Professor

Department of Chemistry and Biochemistry

Kennesaw State University
370 Paulding Avenue, MD#1203
Kennesaw, GA 30144
E-mail: bbaruah@kennesaw.edu


 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ