নীলোৎপল বৰুৱা
পঁইতাচোৰাক পৃথিৱীৰ পৰম প্ৰাণী হিচাপে ভবা পাৰ্থ দত্তই ভুল ঠাইত থকা বেলিটোৰ বিপৰীত ফালে থুৱাই দিলে আৰু বিৰবিৰালে- নীলা কলিতাই জীৱনৰ এট্ৰ’চিটি পাইছে৷ অলবৎ এট্ৰ’চিটি৷ সহিব নোৱাৰিলে৷ স্বগতোক্তিৰ পাছত পাৰ্থ দত্তই এটা মিশ্ৰিত অনুভূতি জিভাত ল’লে৷ ঠিক জিকি যোৱা আৰু হাৰি যোৱাৰ মাজৰ এটা দীঘলীয়া কিৰিলি এটাৰ দৰে৷
প্ৰায়শ্চিত্তৰ ডাঙৰ
ডাঙৰ টুকুৰা পাচিত লৈ কেঁকোজেকোকৈ খোজ কাঢ়ি যোৱা খনি বনুৱা তিৰোতা এগৰাকীৰ দৰে দেখা
গৈছে তেওঁক৷ এক ধৰণৰ অনামী দুখে তেওঁক বেৰি ধৰিছে আৰু বায়ৱীয় কৰি তুলিছে৷ খোজ বোৰ
মহাকাশচাৰীৰ৷
না:.. আৰু কোনো কথাই
নুঠে৷ নীলা কলিতাক বিচাৰি উলিওৱা যাওক৷ এই এট্ৰ’চিটিৰ পৰা বিমুক্ত কৰা হওক৷
নীলা কলিতাৰ প্ৰাপ্তিৰ পাছৰ ৰাজকীয় আনন্দৰ মৃদু লহৰ এটাৰ বাবেও তেওঁ সাজু হ’ল৷ উদ্ধাৰকৰ্তাৰ অহং এটা আচলতেই তেওঁৰ প্ৰাপ্য৷ কোনো অগভীৰ মানুহ পঢ়োঁতাই হঠাৎ কৈ দিবও পাৰে যে পাৰ্থ দত্তৰ একাকিত্বৰ মূল কাৰণ নীলা৷ যাওক..সেইবোৰ পাতল কথা৷ পাৰ্থ দত্ত স্বয়ং সম্পূৰ্ণ৷ খিক্ খিক্ খিক্৷
পঁইতাচোৰাৰ বাদে অন্য কোনে পাৰিছে জীৱনৰ এট্ৰ’চিটি ল’ব! নাই পৰা নাই পৰা৷ নীলা কলিতায়ো নোৱাৰিলে৷ নীলা কলিতাৰ এলান্ধুৰে ক’লা পৰি যোৱা গুড়ি চালনীৰ দৰে আত্মাই চালিব নোৱাৰিলে শিলৰ টুকুৰাৰ দৰে এট্ৰ’চিটি৷
পাৰ্থ দত্ত হঠাত এজন অনাৰ্যসকলৰ চৰ্দাৰত পৰিণত হ’ল৷ এই তিলিকি মেটাম’ৰফ’ছিছ..কোনেও নেদেখিব৷ এই যেন ঢাঁহি-মুহি লৈ যাব আৰ্যসকলৰ ক’লনী এটা৷ সূক্ষ্মাতিসূক্ষ্ম ডিপ্ল’মেচী আৰু আধুনিক শস্ত্ৰৰে সজ্জিত সকলো ৰণুৱাক কচুকটা দি এক গোপন স্থানৰ পৰা উদ্ধাৰ কৰি আনিব অসূৰ্যস্পৰ্শ্যা নীলা কলিতাক৷ ৰক্তৰঞ্জিত শৰীৰক প্ৰথমবাৰৰ বাবে আত্মসমৰ্পণৰ ভংগিমাত স্থিতিস্থাপক কৰি কৈ উঠিব- মই আচলতে অনন্ত কাল ৰৈ আছিলোঁ তোমাৰ বাবেই নীলা কলিতা৷ অনন্তকাল৷ অৱশ্যে বৰও কাৰুণিক নহ’ব সুৰটো৷ যাষ্ট্ চালুকীয়া অভিনেতা এজনে কৰুণ সুৰ এটাৰ অন্তঃস্থললৈ প্ৰৱেশ নকৰাকৈ পাঠ কৰা বচন এফাঁকিৰ দৰেই মতা যাব৷
নীলা কলিতা নিৰুদ্দিষ্ট৷
কোনো খবৰ নাই৷ মাকৰ মৃত্যুৰ পাছত অকলশৰে বাস কৰা সৰু অসম আৰ্হিৰ ঘৰটো কেবাদিনো বন্ধ৷
পোহৰ নাই৷ নীলা কলিতাৰ অৱস্থিতিৰ কোনো আদেশ নাই৷
মাকৰ যৌতুকত অনা
চোফাখন..৷ সেইখন আগফালৰ বাৰণ্ডাত পৰি আছে৷ সেই ধৰণৰ চোফা আজিকালি নচলে৷ হাৰ্নিয়া ৰোগত
মৰা ৰূপাই মিস্ত্ৰীৰ লগতে সেই কলা অনাদি কাললৈ গুচি গৈছে৷ ইতিহাসৰ পুনৰাৱৰ্তন নঘটিলে
সেই ধৰণৰ চোফা আৰু ঘুৰি নাহিব৷ চতুৰ্ভুজাকৃতি ফ্ৰেম এটাত মিহি মিহি বেত পিঠিয়া-পিঠিকৈ
বোৱা৷ ধূলি পৰিছে৷ পাতল চামনি এটা৷
গুজৱটো ইতিমধ্যে বহলিবলৈ লৈছে৷ পুলিচলৈ যোৱা নাই এতিয়ালৈকে৷ কোননো যাব পুলিচলৈ৷
পাৰ্থ দত্তই খৱৰটো বুকুৰ কোনোবা এটা কোণত গজাল মৰাদি মাৰি লৈ হন্ত দন্তকৈ সোমাই গ’ল চৰাইখানালৈ৷ তেওঁ ইতিমধ্যেই এটা পৰিকল্পনা তৈয়াৰ কৰি লৈছে৷ যিকোনো উপায়েৰে নীলা কলিতাৰ সন্ধান উলিওৱাৰ৷ জীৱনৰ যদি এটা দেখ-নেদেখ পাতল গতি আছে বুলি ধৰা হয় আৰু সেই গতি যদি সলনি কৰিব পৰা যায় বুলি ধৰা হয়...তেতিয়াহলে পাৰ্থ দত্ত সাজু৷ গতি সলাই দিব৷ গতিটো পিতাকৰ বীৰ্যৰে তেওঁলৈ আহিছে৷ নাইবা তেওঁৰ আজোককাক যি পুত্ৰ-কন্যা-পত্নী এৰি থৈ আদবয়সতে গুচি গৈছে ঈশ্বৰৰ অজুহাত লৈ৷ বীৰত্বহীনতাৰ সূতাডালে তেওঁলোকৰ প্ৰজন্মৰ পাছৰ প্ৰজন্ম পকাই থৈছে৷
চৰাইখানা নামটো পাৰ্থ দত্তই নিজে দি লোৱা৷ এক ধৰণৰ শৈল্পিক কাৰবাৰ এটা আৰু কি! ঘণ্টাৰ পাছত ঘণ্টা ধৰি চোৱা ৱেষ্টাৰ্নবোৰে তেওঁৰ মস্তিষ্কত চেলুনৰ অৱধাৰণা এটা দি থৈছিল৷ গতিকে নোমলৰ চাহদোকানখনৰ নামটো চৰাইখানা দি ল’লে৷ নহ’লে নোমলৰ চাহদোকানখনৰ নামেই নাছিল৷ কিমান বছৰ বেনামী হৈ আছিল চাহদোকানখন৷
বহু কাল বহু কাল৷
সেইফালেদি নীলা কলিতাই
সোতৰ বছৰীয়া দেহা এটা পণ্ডচ পাউডাৰৰ গোন্ধত ওপঙাই লৈ যাওঁতে চৰাইখানাৰ নাম নাছিল৷ ফেৰ’মনত আকণ্ঠ ডুবি
আছিল তেতিয়া এইখন চহৰ৷ চোলাত তিনিটা বুটামেৰে নোমল আৰু এপাট জোতাৰে লকৌ পগলাই অসম্পূৰ্ণ
জীৱন এটা লৈ চৰাইখানা এটাৰ কাষে-পাজৰে সম্পূৰ্ণতাৰ সন্ধানত আছিল৷
বিক্ষত কলিজা এটাৰ
আশু আৰোগ্যৰ নীৰৱ প্ৰাৰ্থনা একোটা গাবলৈকে পাৰ্থ দত্ত ঘণ্টাৰ পাছত ঘণ্টা নোমলৰ চাহ
দোকানত বহিছিল৷ উত্তৰবিহীন প্ৰাৰ্থনা একোটাৰ অন্তত আৰু আত্মা ভঙাৰ মৰক মৰক শব্দৰ মাজত
তেওঁ কৈ উঠিছিল- চৰাইখানা...ইয়াৰ নাম হওক চৰাইখানা৷
(নোমলৰ মতামতক গুৰুত্ব
দিয়াৰ একো কথা নাছিল)
ক্ৰমশঃ চৰাইখানাৰ
পঁইতাচোৰাবোৰ তেওঁৰ প্ৰিয় বিষয় হৈ পৰিছিল৷
চৰাইখানাৰ পইতাচোৰাবোৰ
এক ধৰণৰ অহংকাৰত মত্ত হৈ ইফালে সিফালে কিলবিলাই ফুৰিছিল৷ হাজাৰ এট্ৰ’চিটিৰ পাছতো পঁইতাচোৰাবোৰ
সহজ আছিল৷ প্ৰতিটো অনাহুত শব্দ নতুবা সন্দেহজনক চালচলনত সন্ত্ৰস্ত হৈ পৰিছিল৷ পঁইতাচোৰাই
জানে৷
ভাল জানে৷ কেনেকৈ
যুগৰ পাছত যুগ ধাৰণ কৰিব লাগে মাৰ্বলৰ দৰে পিঠিত৷ কোনো এট্ৰ’চিটিত স্তব্ধ কৰিব নালাগে
প্ৰজনন নতুবা বিতৰণ৷ দুপদাপ দুপদাপ দৌৰি যোৱা কেমাৰ’চৰাছ নতুবা এলাম’চৰাছবোৰৰ পৰা বাছি
গৈছে৷ কেলিগুলাৰ যৌন নিপীড়ন, জাহাজৰ বন্ধকোঠাত নিগ্ৰোৰ ঘাম, প্ৰস্ৰাৱ আৰু মলৰ উৎকট
গোন্ধটো সিহঁত ৰৈ গৈছে৷ মৰিচাছৰ কপাহ বাগানত ৰাতি ৰিণিকি ৰিণিকি ভহা শোকগীতবোৰত সিহঁত
মৰা নাই৷ প্ৰথমবাৰৰ বাবে ডেনিম পিন্ধি উল্লাসত ফাটি পৰা খনি বনুৱাৰ উন্মাদ নৃত্যটো
একো হোৱা নাই৷
সা যন্ত্ৰণা যা বিমুক্তয়ে..(
এইটো পাৰ্থ দত্ত ভাৰ্চন৷)
নীলা কলিতাই নোৱাৰিলে৷
এবাৰ যদি ক’লেহেঁতেন...
মই পৰা নাই৷ মই পৰা নাই৷ মই পঁইতাচোৰা হ’ব নোৱাৰিলো৷ অলবৎ পাৰ্থ দত্তই তেওঁক উঠাই আনিলেহেঁতেন পঁইতাচোৰাৰ মহললৈ৷
নোমল নোমল..
চৰাইখানাত নোমল নাই৷
বিৱৰ্ণ হৈ পৰা ময়ূৰ চৰাইৰ ফটো থকা কেলেণ্ডাৰ এখনৰ তলত আৰম্ভণিৰ পৰা থকা টেবুলখনত কাগজ
হেঁচা শিল টুকুৰা পৰি আছে৷
অলপ ডাঙৰ আকৃতিৰ
কাণখন ঢাকিবলৈ দীঘলকৈ খৎ ৰখা নোমল কলিতাক লাগে পাৰ্থ দত্তক ৷ কাণৰ লতিৰ সমান্তৰাল
কৈ এপাক চুলি ৰখা নোমলৰ কাণখনে ধাৰণ কৰা এটা যুগপৎ নীচাত্মিকাবোধেৰে পাৰ্থ দত্তক সি
নিজৰ ককাইৰ দৰে জ্ঞান কৰে৷
এটা বৃহৎ আকৃতিৰ
গড়ৰ খৰ্গৰ দৰে নীচাত্মিকাবোধ লৈ নোমলে নীলা কলিতাৰ সৰু অসম টাইপ ঘৰটোৰ সন্মুখৰ ইউচুফৰ
দোকানৰ পৰা অনাদিকাল ধৰি ময়দা কিনি আছে৷ নীলা কলিতাই নাজানিব পাৰে৷
নোমলে শুনিছিল৷ নীলা
কলিতাই পাৰ্থ দত্তৰ আত্মা ভগাৰ মৰক মৰক শব্দ৷ দুই এবাৰ কৈছিলো- ককাইদেউ, গ’ল কথা গুচিল৷
না আপুনি মানুহ নাপাব না নীলাই নাপাব৷ পৃথিৱীত মানুহে মানুহ পায়েই৷ (কি অবালচন দৰ্শন
একোটা গজি উঠে নোমল যেন মানুহবোৰৰ!!)
: বয়স হৈ আহিছে৷
বেলেগ নিবিচাৰে যদি তেওঁক আকৌ এবাৰ সুধি চাওক৷ তেওঁতো এতিয়া অকলশৰীয়া৷
( নোমলৰো আত্মা আচলতে এলান্ধুৰে ক’লা হোৱা গুড়ি চলা চালনি এখনৰ দৰেই৷ )
নোমল নোমল..
চিৎকাৰৰ দৰে শুনা
গৈছে পাৰ্থ দত্তৰ মাতটো৷
নোমল নাই৷ তিনিদিন
মানেই হ’ল৷ গাঁৱৰ ঘৰলৈ গ’ল৷
নোমল নোমল৷
গুজৱ এটা গিজগিজাইছে
ৰিব ৰিবকৈ৷
আজিৰ পৰা দহ বছৰৰ আগতে নীলা কলিতা নিৰুদ্দিষ্ট হোৱা হ’লে চহৰখন শোক অথবা অস্বস্তিত ডুবি থাকিলহেঁতেন৷ গড়ৰ খৰ্গৰ দৰে হীনমন্যতাৰ কাণ দুখন লৈ নোমল বহি থাকিল হয় ইউচুফৰ দোকানৰ বাৰাণ্ডাত৷
পাৰ্থ দত্তই একাপ
চাহৰ হুকুমসূচক এটা চকুৰ ইংগিত দিলে চাহ দিয়া ল’ৰাটোক৷ ডিঙি শুকাই কাঠ হৈ গৈছে৷ খবৰটো
পোৱাৰ পাছৰ পৰাই পাৰ্থ দত্তৰ শৰীৰে কাম কৰা নাই৷ ওফন্দি অহা প্ৰষ্টেটটোৰ বাদে বাকী
অংগবোৰে উপস্থিতি সাব্যস্ত কৰাত হেলা কৰিছে৷
চৰাইখানাত নোমলৰ
গড়ৰ খৰ্গৰ দৰে হীনমন্যতাৰ কাণখন নাই৷ নোমলৰ কাণখনে তাহানি কালৰ পৰা পাৰ্থ দত্তক এটা
উদ্দীপনা যোগাই আহিছে৷ ঠিক এটা বৰ্তনীৰ দৰে৷ এটা নিৰ্ভৰযোগ্য বেষ্টনীৰ মাজত প্ৰৱেশ
কৰা পাৰ্থ দত্তক কাণখনে তড়িৎ গতিৰে এখন মায়াময় জগতলৈ লৈ যায়৷ ননকফৰ্মিষ্ট সকলৰ
মাজত নিজকে বিচাৰি পোৱাৰ আনন্দত পাৰ্থ দত্তই নোমলৰ মাজত নিজৰ সহোদৰক বিচাৰি পায়৷
এটা কিটিক শব্দ৷
এচাছাটি বিজুলী৷ নতুবা এটা শ্বক৷
চাহৰ চিঁচাৰ গিলাছটো
একাপ কেপুচ্চিন’লৈ পৰিৱৰ্তিত হয়৷ নিঃসংগ আৰু উত্তেজনাহীন দিনটো এটা নোমাল ক’লা কোটৰ
দৰে দুৱাৰখনত ওলমি ৰয়৷ (হাউছ পলিচী) ৷
নোমলৰ চাহ দোকানখন এখন চেলুনলৈ পৰিণত হয়৷
তেওঁ চেলুনৰ ওখ টুল
এখনত বহে৷ একাপ ধুম্ৰায়মান কাঢ়া কফি লয়৷ (কফিয়েই৷ বীয়েৰ অথৱা হুইস্কী নহয়) ইফালে সিফালে পিৰিক পাৰাককৈ চায়৷ কাক দ্বন্দ্বযুদ্ধৰ
বাবে আহ্বান কৰিব পাৰি৷
(পাৰ্থ দত্তই এসময়ত
কাম কৰি থকা এন জি অ’টোৰ সঁজাতী দল এটাৰ লগত মেসিকোলৈ যাবলৈ সুযোগ পাইছিল৷ শেষ মুহূৰ্তত
তালিকাখনত তেওঁৰ নাম সোমাইছিল৷ কোনোবা এজন উচ্চ পৰ্যায়ৰ বিষয়া যাব নোৱৰাৰ বাবে আৰু
তেওঁৰ কোনো ভাল বিকল্প ব্যক্তি নোলোৱাৰ হেতু তালিকাত পাৰ্থ দত্তৰ নাম সোমাইছিল৷ উঠাৰ
পৰা নমালৈকে তেওঁ প্ৰতিটো এয়াৰপ’ৰ্টতে তেওঁৰ সৰু হেণ্ডবেগটো বুকুৰ ফালে লৈ সন্ত্ৰষ্টভাৱে
খামোচ মাৰি ধৰি আছিল৷ এবাৰলৈকো এৰি দিয়া নাছিল৷ কিয় জানো ভয় এটা সোমাই গৈছিল-কোনোবাই
তেওঁ গম নোপোৱাকৈ বেগটোত ক’কেইনৰ পেকেট নতুবা চোৰাংচোৱা সংস্থা এটাৰ মাইক্ৰ’চিপ এটা
ভৰাই দিব৷ হঠাত বিকট শব্দৰে চাইৰেণ বাজি উঠিব৷ বিকট আকৃতিৰ এলছেচিয়েন কুকুৰবিলাক দৌৰি
আহিব৷ মজিয়াত বগৰাই পাৰ্থ দত্তক আগুৰি ধৰিব এগাল নিৰাপত্তাৰক্ষীয়ে৷ বছৰৰ পাছত বছৰ
কটাই দিব লাগিব ক্ষুদ্ৰ এটা অন্ধ কুঠৰীত৷
এক ধৰণৰ ক্লেষ্ট্ৰ’ফ’বিয়া
এটা আৰু কি!!
মেসিক’ত তেওঁ এখন
চেলুনত সোমাইছিল৷ আধা পইণ্ট বীয়েৰ খাইছিল চাগৈ এন জি অ’ৰ খৰছত৷ বিদেশলৈ যোৱা খবৰটো
নীলা কলিতাক দিয়াবলৈ চেষ্টা কৰিছিল তেতিয়ালৈকে জীয়াই থকা বাতবেমাৰী মাকে৷ গাড়ী-ঘোঁৰা
কিনিছে, কিন্তু চহৰৰ কেইজন বিদেশ ফুৰি আহিছে৷ ঘৰ এটা বন্ধাৰ সমানেই খৰছ যায়৷ চিকমিক
অহংকাৰত মাকৰ বেঁকা হৈ ওলমি পৰা ওঁঠখন কঠিন হৈ পৰিছিল৷ বোৱাৰীৰ হাতেৰে পকামিঠৈ আৰু আদা
দিয়া চাহ খোৱাৰ এটা অসম্পূৰ্ণ সপোন চনকা হাড়ৰ মাজত লৈ বুঢ়ী গুচি গৈছে৷ এড়ীতেলৰ
উসুমা উসুম গোন্ধটো ঘৰটোত নাই)
এটা সময় আছিল যেতিয়া
পাৰ্থ দত্তৰ মগজুত দ্বন্দ্বযুদ্ধ এখন সোমাই আছিল৷ ঠিক তেতিয়াই যেতিয়া নীলা কলিতাৰ
ঘৰৰ পৰা খবৰ আহিছিল- আমি চিন্তা কৰি জনাম বাৰু৷ চিন্তা কৰাৰ মিয়াদ বাঢ়ি বাঢ়ি গৈ
কেইবাবছৰো হৈছিল৷
ঠিক তেনেকুৱাতে...ঠিক
তেনেকুৱাতে...
ৰক্তবৰ্ণ চকু আৰু কব্জৰ ভৰত হাউলি পৰা পাৰ্থ দত্ত নিয়মীয়াকৈ চৰাইখানালৈ আহে৷ চাওতালী গান এটাৰ উঁৱলি যোৱা অৱশেষ এটাৰ মাজত চৰাইখানা হালধীয়া হৈ পৰে৷ ঠিক হলীউডে বনোৱা চিনেমাবোৰত মেস্কিক’ৰ দৃশ্যায়ণৰ বাবে যি ফিল্টাৰ লগাই সেই ৰঙৰ৷
সিফালৰ টুলখনত নিবাৰণ
গোস্বামী আহি বহে৷ (নিবাৰণ গোস্বামীয়ে কেতিয়াও চৰাইখানা দেখা নাই) ৷
খিনিক খিনিককৈ চামৰাৰ
কিচকিচিয়া পিষ্টলহ’ল্ডাৰৰ পিনবোৰ বাজে৷ এইটো এটা যুদ্ধবাজ এক পইণ্ট বিয়েৰ লোৱা নিবাৰণ
গোস্বামীয়ে কেৰাহীকৈ নোমল দত্তক চাব৷ এটা শ্লেষৰ হাঁহি মাৰিব৷ শ্লেষৰ হাঁহিয়ে পাৰ্থ
দত্তক বিন্ধিব (তাতকৈ বেছি পাৰ্থ দত্তক আন একো অজুহাত নালাগে) ৷ হাতত থকা কেপুচ্ছিন’
কাপ পাৰ্থ দত্তই নিবাৰণ গোঁসাইৰ মুখলৈ মাৰি পঠাব৷ কুহুমীয়া হৈ পৰা কফি কাপৰ আঠালেতীয়া
দাগবোৰৰ মচি মচি নিবাৰণ গোস্বামীয়ে হলস্তাৰৰ পৰা ৰিভলভাৰটো উলিয়াই বিশেষ কায়দাৰে
ঘুৰাই ঘুৰাই গুৰুগম্ভীৰ কণ্ঠৰে ক’ব- বেছ তেন্তে৷ কাইলৈ দুপৰীয়া৷
কাইলৈ দুপৰীয়া৷ ঠিক বাৰ বজাৰ লগে লগে৷ মাটিত শৰীৰৰ ছাঁ নপৰা ক্ষণত নিষ্পত্তি হৈ যাব৷ গড়ৰ খৰ্গৰ দৰে হীনমন্যতাৰ কাণ লৰাই লৰাই মঁচ্যিয়ে নোমলে ক’ব- ভদ্ৰলোকসকল৷ সকলোকে কাইলৈৰ দ্বন্দযুদ্ধৰ সাক্ষী হ’বলৈ জনোৱা হ’ল৷ দুজন ভদ্ৰলোকে তেওঁলোকৰ পৱিত্ৰতম অন্তৰত বাস কৰা সকলো দ্বেষৰ নিস্পত্তিৰ অৰ্থে কাইলৈ..কাইলৈ.. ঠিক বাৰ বজাত৷
আমাৰ অপাৰ কৌতূহলক
ব্যংগ কৰি দুজন ভদ্ৰলোকে তেওঁলোকৰ সমস্ত ক্ষোভ উজাৰি অৱতীৰ্ণ হ’ব এক মহীয়সী যুঁজত৷
হয়তো সেই যুঁজ মানচিত্ৰৰ নতুবা কোনোবা ষোড়শীৰ লৱণু কোমল পাণি প্ৰাৰ্থনাৰ.. বিশ্বাসঘাতকতাৰ.. অথবা কোনো এক ক্ষণজন্মা অনামী হতাশাৰ.. আমি নাজানো আমি নাজানো... অনুগ্ৰহ কৰি ভদ্ৰলোকসকল.. আপোনাসৱৰ উপস্থিতি কামনা কৰিলো৷
মঁচ্যিয়ে নোমল চেলুনৰ স্বত্বাধিকাৰ হিচাপে নিৰপেক্ষ হোৱাটোৱেই প্ৰয়োজন আছিল৷ কিন্তু ভালকৈ লক্ষ্য কৰিলে মঁচ্যিয়ে নোমলৰ চকুৰ কোণত পাৰ্থ দত্তৰ প্ৰতি অনুকম্পা আৰু সন্মতি যিকোনো লোকেই দেখা পাব৷ ভাল ভাল৷ দ্বন্দ্বযুদ্ধত মানুহৰ অপৰিসীম সমৰ্থন থকাজনেই জিকি আহিছে৷ এই চকুটোৰ বাবেই নোমল পাৰ্থ দত্তৰ সমগ্ৰ কাৰুণ্যৰ হিৰণ্ময় পাত্ৰ৷
চৰাইখানাত গ্ৰাহক
বৰ বেছি নাই৷
সাধাৰণতেই কম৷ হস্তমৈথুনৰ
সাঁচ পৰা দুই এটা বেকাৰ কলেজীয়া ল’ৰা৷ নাৰী আৰু গতিযুক্ত যিকোনো যন্ত্ৰৰ বাদে যাৰ
আড্ডাৰ কোনো অন্য বিষয় নাথাকে৷
সিহঁতৰ আজিৰ বিষয়
নীলা কলিতা৷ নিৰুদ্দিষ্ট নীলা৷
জেল ঘঁহি ঠিয় কৈ
চুলি ৰখা ল’ৰাটো৷ এইমাত্ৰ পিতাকৰ পাঞ্জাৱী চোলাৰ পকেটৰ পৰা পইচা চুৰি কৰি অহাৰ দেহভংগিমাৰ
ক’লাচানেকীয়া ল’ৰাটো..
: মাৰ্কেটত বহুত
দাম আছে৷ অ’ল্ড ৱ’মেন উইথ স্মল বইজ৷ ডিমাণ্ড বাঢ়ি গৈছে এইটো ফেণ্টাচীৰ৷ ফ’ৰ্টি প্লাচ৷
পাক্কা গুচি গৈছে বাহিৰলৈ৷ আৰে তাত ইজ্জত আছে৷ ৱৰ্কিং ৱ’মেনৰ ইজ্জত পাই৷ পইচা পইচাই
লগতে এঞ্জয়মেণ্ট৷ মইতো কওঁ- মানুহজনী এসময়ত ধুনীয়াই আছিলতো৷ আনমেৰিড অ’ল্ডাৰ৷
গাল্ফৰ ফালেই গুচি গৈছে৷
: হয় হয়..আমাৰ
ইয়াততো লাইফেই নাই৷ ভোক চেপি চেপি আধাতকৈ বেছি বয়স কটাই দিছে৷ গুড চইছ৷
: প্ৰেত আছে সেইটো
ঘৰত৷ ...কাকো শান্তিত থাকিব নিদিয়ে..৷
বছৰৰ পাছত বছৰ
অকলশৰীয়া মানুহজনী আৰু প্ৰেতৰ মাজত এটা কানেকচন হৈ গৈছে৷
কথা পাতে৷
গান গায়৷
প্ৰেতে লৈ গুচি গৈছে৷
ক’ত যাব যাব আৰু৷
বহুত মানুহ গুম হৈ
গৈছে এনেকৈ৷ আত্মা বদলাবদলি হৈ গৈছে৷
মানুহৰ আত্মা নাই
আৰু মানুহজনীৰ ভিতৰত৷
বহুত বছৰ অকলশৰে
আছেতো৷
এটা এডযাষ্টমেণ্ট
হৈ গৈছে৷ আকৌ আহি যাব ভুৰুংকৈ৷
অন্নপূৰ্ণা ঘিঁউত
ভজা লুচী আৰু পঠাৰ কচা মাংস খোৱাৰ সপোন এটাত বিভোৰ যেন লগাটোৱে নীলা কলিতাৰ কাহিনীটো
এনেদৰে কৈ আছে যেন সি কিছু সময়ৰ আগতে পাই আহিছে৷
সন্মুখৰ সৰু মৰাপাটৰ
কাৰ্পেট বনোৱা কাৰখানাৰ অনিয়মীয়া বনুৱাসকলৰ গোটটো... সপোনত দেখা তীৰৰ নম্বৰ, বংশীবজাৰত
ওলোৱা আবতৰীয়া পালেং শাক আৰু বাংলাদেচী গানৰ ভাটিয়ালী সুৰৰ বিষয়ে তেওঁলোকে কথা পাতে৷
কোনোবা সময়ত তেওঁলোকক কম খৰছৰ মাৰিয়াছী গায়ক যেন দেখা যায়৷ (কাৰখানাই সমস্তখিনি শুহি লোৱাৰ পাছতো তেওঁলোকে একো একোটা বিষয় অনায়াসে খান্দি উলিয়াই আনে...নিজৰ ধৰণে তাক খুন্দে, ভাঙে গঢ়ে৷ শীতল তাড়ি একো গিলাছ শোহাৰ আয়াসেৰে বায়ুমণ্ডলত এৰি দিয়ে৷)
তিন নম্বৰ টেবুলত
দুই এজন ষাঠীৰ উৰ্ধ্বৰ লোক৷ তেওঁলোক প্ৰায়ে তাতেই বহে ৷
অন্য দোকানত ঘণ্টাৰ
পাছত ঘণ্টা বহাৰ সুযোগ নাপায়৷ নোমলৰ দোকানত সেই অসুবিধা নাই৷ ঘণ্টাৰ পাছত ঘণ্টা তেওঁলোকে
মায়াময় অতীত নৃশংস ভৱিষ্যতৰ গল্প কৰে৷ হঠাত বাঢ়ি অহা এট্ৰ’চিটিৰ কথা জোলোকা জোলোকে
ঢালি দিয়ে আৰু দঢ়াই দঢ়াই নোমলক চেনি নিদিয়া চাহ দিবলৈ অনুৰোধ কৰি আধাসেৰ গৰম জিলাপীৰ
অৰ্ডাৰ দিয়ে৷ পৃথিৱীৰ বাবে পৰিশোধিত চেনি কিমান এট্ৰ’চিটিৰ কাৰক তাৰ বিজ্ঞাপন স্তোত্ৰৰ
দৰে বিৰবিৰাই৷
: এইটোনো মৰাৰ বয়স
নে৷ ফুকলীয়া ল’ছোৱালী বোৰৰ কি হৈছে!! তাজ্জৱ৷
‘বৰ্গীয় জ’ই ‘জ’ই
‘জ্জ’টোত বক্তাৰ লগাই লোৱা দাঁত পাৰিত জোৰ পৰিছে৷ হাতৰ সিৰাবোৰ নতুনকৈ বাৰ্ণিচ মৰা কফিন
এটাৰ দৰেই চিকচিকাইছে৷
: পৃথিৱী দেখাই নাই
আহম্মকবিলাকে৷ যিকোনো সিদ্ধান্ত লৈ লয়৷ এই বয়সত অলপ দেমাকী থাকেই আৰু কইলতা৷ কি
কৰিব৷
: ভৱানক আমি পাইছিলোতো৷ ককাই বুলিয়েই মাতিছিলো৷ খোলা মানুহ আছিল৷ এটা কঁঠাল আৰু আধা কেজি কেঁচাবুট খোৱাৰ পাছতো চাহ একাপ নাখাওঁ বুলি নকয়৷ কিন্তু বৌদেও অলপ জেদুৱাৰী আছিল৷ মাকৰ জীয়েক৷
দুজনমান উৰি অহা গ্ৰাহক৷ পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ দুৰ্নাম
ৰটিছে৷ অলপ টান হৈ পৰা পৰঠা এখনত কামোৰ মাৰি স্বগতোক্তি কৰিছে-
: না না ..দুনীয়াৰ
সকলো বেইমান শিক্ষা বিভাগৰ কাৰ্যালয়বোৰত বহে৷ চব চয়তানৰ তেজ মঙহৰ পুতলা৷ খাই দিছে
জীৱন৷
অলপ বিনয়েৰে আৰু
অলপ তৰকাৰী বিচাৰি সেইজনে কৰুণ দৃষ্টি এটাৰে
বিলনীয়া ল’ৰাটোলৈ চাইছে৷
নীলা কলিতাৰ নিৰুদ্দেশে তেওঁলোকক চোৱা নাই৷
নিচাসক্তসকলৰ দলটো আজিও বহিছে৷ অলপ এন্ধেৰুৱা চুকটো সিহঁতৰ প্ৰিয় ঠাই৷ বোধকৰোঁ বাহিৰত ক’ৰবাত ভাং নাইবা ব্লু মেথ্ নাকেৰে উজাই আহে৷ ডাঠকৈ চেনি দিয়া চাহ আৰু বেছিকৈ জোলেৰে ৰসগোল্লা বিচাৰি প্ৰায়ে নোমলক অস্ফূট আবদাৰ কৰে৷ এই নিঃস্ব স্বৰলৈ নোমলৰ অনুকম্পা থাকে৷ ইমান ক্ষুধাবিহীন জীৱনৰ প্ৰতি কাৰুণ্যৰে সৰু চানেকীয়া ৰসগোল্লাৰ পিৰিচখনত আৰু অলপ চেনিৰ জোল বাকী দিয়ে৷ গড়ৰ খৰ্গৰ দৰে হীনমন্যতাৰ কাণখন কিছু সময়লৈ সৰু হৈ ডাঠ চুলিৰ আস্তৰণ এটাত লুকাই পৰে৷ সিহঁতে নীলা কলিতাৰ কথা পতা নাই৷ বহুদিন মুকলিত থৈ দিয়া মৃগনাভী এটুকুৰাৰ দৰে নীলা কলিতা সিহঁতৰ বাবে গোন্ধহীন ৷
নীলা কলিতাই বোধকৰোঁ ডাঠকৈ পতংগনাশক মৰা দৰৱ খাই দিছে৷ চহৰৰ সিটো পাৰত থকা প্ৰাচীন জৰীজোপাৰ তলত বহি৷ প্ৰিয় গীতটো শেষ বাৰৰ বাবে শুনিছে৷ অকণমান উচপিচাইছে৷ বৰভগীয়াত থকা অলপ অহংকাৰী সৰুজনী ভনীয়েকৰ কথা মনত পেলাইছে৷ যাৰ নীলা কলিতালৈ যুগপৎ ঈৰ্ষা আছিল৷ বায়েক দেখনিয়াৰ হোৱা বাবে তাই কিছু পৰিমাণে কম গুৰুত্ব পাইছিল৷ যদিও বায়েকলৈ এক ধৰণৰ সুকীয়া আৱদাৰ আছিল৷ সোঁ গালৰ ক’লা মাহটোৰ ওপৰত থকা দীঘল নোমডাল সযতনে চটাই ৰখা ভনীয়েকে শেষ মুহূৰ্তত কিছু পৰিমাণে বিমৰ্ষ কৰিছে নীলা কলিতাক৷
এনেকুৱাও হ’ব পাৰে বহু দিনৰ পৰা ইফালে সিফালে খবৰ-খাবাৰ কৰি টোপনিৰ বড়ি গোটাই পেলাইছে৷ চায়েনাইড সৰু চহৰখনত পোৱা নাযাব৷ চায়েনাইড আনিব পৰাকৈ সৰু চহৰখনৰ কলিজা নাই৷
কি খাইছে নীলা কলিতাই৷
কি খাইছে৷ চল্লিছ কাহানিবাই পাৰ হৈ অহা নীলা কলিতাৰ গালৰ ৰঙত বিষে বেছিকৈ প্ৰভাৱ পেলাব
নোৱাৰিব৷ কেতিয়াবাই কটুৰ হৈ পৰিছে এসময়ৰ তেল পৰি পিছলা ছাল৷ বহু বছৰ ধৰি ব্যক্তিগত
বিদ্যালয় এখনত ল’ছালী পঢ়ুৱাই বিৰক্ত হৈ পৰা শৰীৰটো শুকান৷ খোজকাটল পঁইতাচোঁৰা এটাৰ
দৰেই সন্তৰ্পণ হৈ পৰিছিল৷ ক’ৰবাত খিৰিক কৰিলেই চুক একোটালৈ নিৰাপদ আশ্ৰয় বিচাৰি গুচি
যোৱা৷ তেনেকুৱা নাছিল নীলা কলিতা৷ তেনেকুৱা নাছিল৷ উত্তাল হৈ থকা সময়ত নীলা কলিতা
বেলিফুল এথোপাৰ দৰে সতেজ আছিল৷ সেই সময়ত..হয় হয়..সেই সময়তে নীলা কলিতাই নিজকে নীলা
গোস্বামী বুলি ক’বলৈ লৈ আইনাত চাইছিল৷ আইনাত এগৰাকী চামৰাৰ পোছাক পৰিহিত ষোড়শী দেখা
গৈছিল৷ যি ঘোঁৰা চোৱাৰত পাকৈত৷ শৰীৰৰ সকলো অংগ ঢাকি ৰখা চিকচিকিয়া চামৰাৰ পোছাকযোৰত
জিলিকি আছিল এলুমিনিয়ামৰ বুটাম৷ উদ্ভিন্ন আৰু তলবল আছিল চকু৷ চলন্ত ঘোঁৰাৰ পৰা নাচনী
জৰী দলিয়াই আয়াসতে স্তব্ধ কৰি দিব পাৰিছিল একো একোটা দুৰ্দান্ত ষাড় গৰু৷ ধোঁৱা ওলাই
গৈছিল চামৰাৰ জীনৰ ওপৰত থকা চেডল হৰ্ণডালত৷
: আহাহাহ.. সুন্দৰী
নাৰী৷
কি প্ৰয়োজন আছিল
ৰক্ষিতা হোৱাৰ৷ ফ্ৰেশ্ব স্বামী পালেহেঁতেন৷ নতুন, সতেজ আৰু অলৰ্গদ্ধ এজন সুদৰ্শন স্বামী
পালেহেঁতেন৷
বাটেৰে যোৱা মেল্টেৰী
কনভয়টোৰ শব্দত কিছু সময় ডৰক দিছে৷
মুখৰ একাষে কায়দাৰে
তামোলৰ চোবা থৈ চাহ খাব পৰা ইউহেমাৰিষ্টে খুৰমা টুকুৰা খাব পাৰিব নে টং কৰি কৰি গহীন ভাব
এটাৰে কৈ উঠিছে
: গোঁসাইৰ ঘৈণীয়েক কুৰূপা৷ তেনেই গাতৰ পৰা তুলি অনি মৰাশ এটাৰ দৰে চেহেৰা৷ কোনোবাই কৈছিল কোষ্ঠী জাল কৰি ঠিকাদাৰ গোঁসাইৰ লগত বিয়া দিছিল৷ কাগজে পত্ৰইহে চোৱামী-স্ত্ৰী৷ এৰাতিও একেলগে শুই পোৱা নাই৷ গোঁসায়েই বিয়া কৰিম বুলি চুৱা কৰিলে নীলা কলিতাক৷ পোৱালিও পাইছিল হেনো৷ কি হ’ল কোনেও নাজিনিলে৷
নহা টোপনিবোৰ আৰু
কটুৰ গ্লানি ধুবলৈ পাৰ্থ দত্তক একাপ কেপুচ্ছিন’ আৰু এখন দ্বন্দযুদ্ধৰ ভীষণ প্ৰয়োজন
আছিল৷ যুঁজৰ বাবে অজুহাত আৰু ইচ্ছা কাহানিবাই হেৰুৱাই পেলাইছে পাৰ্থ দত্তই৷
গোনাম’হৰ পিঠিৰ হাড়গিলা
এটাৰ দৰেই স্থবিৰ হৈ পৰিছে জীৱন চৰ্যা৷
নীলা কলিতাক লাগে
তেওঁক৷ নীলা কলিতাক৷
প্ৰায় দুপ-দুপাই
ওলাই আহিছে পাৰ্থ দত্ত৷
ইউহেমাৰিষ্ট জনৰ
কথাই তেওঁৰ চকুত আঘাত কৰিছে৷
এটা প্ৰচণ্ড শক্তিৰে
তেওঁ গাড়ীখন চহৰখনৰ মাজেৰে লৈ গৈছে৷ তীব্ৰ বেগেৰে ষ্টিয়েৰিং পকাই গৈ থাকোতে সিফালৰ
পৰা নোমলৰ স্কুটাৰৰ পিছফালে বহি অহা নীলা কলিতাক নেদেখিলে৷
ওৰণিৰ আঁৰত আছিল
নীলা কলিতা৷