অন্যযুগ/


সময়

 যশোৱন্ত নিপুণ

 

কঠিন বিষয়ৰ কঠিনতম সূত্ৰবোৰৰ বিষয়ে খুব সহজ সুৰত বিক্ৰমাদিত্য দাসে ব্যাখ্যা আগ বঢ়াইছিল। ব্লেকহ’লৰ অভ্যন্তৰত পদাৰ্থ বিজ্ঞানৰ নিয়মবোৰ কেনেদৰে ভাগি পৰে? সময় চূৰ্ণ-বিচূৰ্ণ হৈ পৰেনে স্থবিৰ হৈ পৰে তাৰ কেন্দ্ৰত? অসীম ঘনত্ব আৰু অসীম বক্ৰতা সম্ভৱনে? সময় সদায় আগুৱায়ে গৈ থাকেনে? অতীত, বৰ্তমান, ভৱিষ্যত বুলিবলৈ আচলতে একোৱেই নাই নেকি? সেই সকলোবোৰ এটিয়ে মাত্ৰা নেকি?   

তেওঁ যেন কঠিন বিষয় আলোচনা কৰা নাছিল, নিচুকনি গীতহে গাই আছিল। শ্ৰোতাসকলৰ মাজত দেশ-বিদেশৰ কৃতবিদ্য বিজ্ঞানী, ছাত্ৰ আৰু গৱেষকৰ ভিৰ। তাৰ পাছতো তেওঁলোকৰ সৰহ সংখ্যকৰ বাবেই দুৰ্বোধ্য আছিল বিক্ৰমাদিত্যৰ ব্যাখ্যা। আইনষ্টাইন, হকিং আদিৰ পাছতেই আহে তেওঁৰ নাম। তেওঁলোকে কাটি যোৱা বাটেৰে তেওঁ আৰু বহু আগবাঢ়ি গ’ল, আৰু বহু নতুন দিগন্ত মুকলি কৰিলে। তথাপি তেওঁ ৰৈ যোৱা নাই, সম্মুখলৈ গৈ আছে, গৈ আছে।

তেওঁ কৈছিল, সম্মুখৰ পথটোৰ কোনো শেষ নাই। অসীম, অনন্তলৈ গৈ থকা এটা পথ। আৰু সেই সত্যই তেওঁক সদায়ে গৈ থাকিবলৈ প্ৰেৰণা যোগায়। তেওঁ বক্তৃতা লিখি অনা নাছিল। কিন্তু তেওঁৰ এবাৰো খোকোজা লগা নাছিল। স্বতস্ফূৰ্তভাৱেই তেওঁৰ কথাৰ মাজে মাজে কেতিয়াবা কিছুমান ৰসাল প্ৰসংগ সোমাই পৰিছিল ।

তেওঁ কৈছিল - যি কণা আন কোনো কণাৰে গঠিত নহয়, বা যি নিজেৰেই গঠিত, চামথিং ডেট ইজ মেড আপ অৱ ইটচেল্ফ, সেই কণা হ’ল কোৱাৰ্ক বা লেপ্টন৷ আৰু, কোনো কাৰণ, ক্ৰিয়া বা অনুঘটক নোহোৱাকৈ যি সংঘটিত হ’ল সেয়া হ’ল বিগ বেং৷ আৰু, কোনো স্ৰষ্টা নোহোৱাকৈ নিজে নিজে সৃষ্টি যি হ’ল তেওঁ ঈশ্বৰ, বা প্ৰকৃতি। এই তিনিওটা সত্য বা সূত্ৰকেই বিশ্বাস কৰিবলৈ টান৷ আৰু যদি ইয়াৰে এটা কথা কিবা যুক্তিৰে বিশ্বাস কৰি ল’ব পাৰি, সেই একে যুক্তিতেই বাকী দুটা কথাও বিশ্বাস কৰিব পৰা যায়৷ 

এই কথাখিনিয়ে বহুতৰে মন খন্তেকৰ বাবে জোকাৰি গৈছিল। অলপ সময়ৰ কাৰণে অস্ফুট গুণগুণনিৰে ভৰি পৰিছিল সভাঘৰ। আৰু তেতিয়া তেওঁ কৈছিল - আমাৰ যুক্তি-বুদ্ধিয়ে ঢুকি নোপোৱা অসংখ্য ৰহস্যৰে ভৰপূৰ এই ব্ৰহ্মাণ্ড। কিন্তু মানুহৰ মেধাও আশ্বৰ্যকৰভাৱে সম্ভাৱনাময় আৰু সেই সম্ভাৱনাৰ নিযুত ভাগৰ এভাগহে আমি হয়তো এতিয়ালৈকে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছোঁ। ব্ৰহ্মাণ্ডৰ দৰেই আমি নিজেও ৰহস্যময়।

তাৰ পাছত তেওঁ কোৱাণ্টাম মেকানিকচ, আপেক্ষিকতাবাদ, কৃষ্ণ পদাৰ্থ আৰু কৃষ্ণ শক্তিৰ সমন্বয় সাধন কৰা তেওঁৰ আৱিষ্কাৰৰ আলোচনালৈ উভতি গ’ল। জটিল সমীকৰণবোৰ তেওঁ এনেকৈ ব্যাখ্যা কৰিলে যেন সেইবোৰো ‘একে একে দুই’ৰ দৰে সহজ সূ্ত্ৰ মাথোঁ। কিন্তু হলটোৰ শ্ৰোতাসকলৰ দুই-এজনেহে তাৰ কিয়দংশ বুজিব পাৰিছিল। যিসকলে সামান্যও বুজিব পাৰিছিল তেওঁলোকে নিজকে উচ্চস্তৰৰ প্ৰতিভাশালী ব্যক্তি বুলি মনে মনে গৰ্ব অনুভৱ কৰি পুলকিত হৈছিল। 

সম্মুখৰ শাৰীত বহা এজন বৃদ্ধ বিজ্ঞানীক তেওঁৰ কাষতে বহা অন্য এগৰাকী প্ৰথিতযশা ডেকা  ‌বিজ্ঞানীয়ে ক’লে, “ছাৰ, মই জনাত এই তত্ত্ব আপুনি আৰু অন্য দুজনেহে এতিয়ালৈকে বুজিবলৈ সক্ষম হৈছে। আৰু সেই অন্য দুজনৰ এজন হৈছে প্ৰফেছৰ বিক্ৰমাদিত্য দাস নিজে।”

খঙত নে লাজত বৃদ্ধ বিজ্ঞানীজনৰ মুখখন ৰঙা পৰি গ’ল ধৰিব পৰা নগ’ল।

“আপুনি অপ্ৰস্তুত হ’ব নালাগে ছাৰ! আপোনাৰ সম্মুখতে আপোনাক প্ৰশংসা কৰিলোঁ বাবে মই দুঃখিত। কিন্তু আপুনি সঁচাকৈয়ে …।”

“ৰ’বা, ৰ’বা। সেইবোৰ ঠিকে আছে আৰু।”, বৃদ্ধ বিজ্ঞানীজনে খঙৰ সুৰত ক’লে, “একেবাৰে অসত্য কথা এয়া। তৃতীয় সেইজন কোন হ’ব পাৰে? মই আৰু বিক্ৰমাদিত্য দাসৰ বাহিৰে অন্য এজনক এই সূত্ৰ বুজিবলৈ আৰু কমেও ত্ৰিছ বছৰ লাগিব। সঁচা কথা সেইটোৱেই। আৰু ত্ৰিছ বছৰ কিয়, পঞ্চাছ বছৰ লাগি গ’লেও আচৰিত হ’ব লগা নাই।”

সন্মতিৰে সন্মান সহকাৰে মূৰ দোওৱাত বাদে ডেকা বিজ্ঞানীজনৰ কৰিব পৰাত একো নাছিল।

চাৰিওফালৰ ডাঙৰ ডাঙৰ মনিটৰবোৰত এফালে বিক্ৰমাদিত্য দাসৰ বুদ্ধিদীপ্ত মুখ আৰু আনফালে দীঘল দীঘল কঠিন দুৰ্বোধ্য সমীকৰণবোৰ। দাসে তেতিয়া ঘোষণা কৰিলে, “প্ৰথমে তত্ত্ব, তাৰ পাছত গণিতৰ সূত্ৰৰে তাক প্ৰকাশ আৰু শেহত তাৰ প্ৰমাণ। এয়েই বিজ্ঞান, এয়েই মোৰ কাম। কিন্তু প্ৰমাণ সহজ নহয়। প্ৰমাণৰ বাবে লাগে যন্ত্ৰ। বহু একৰ যুৰি আমাৰ গৱেষণাগাৰ। আৰু সেইটো এটা যন্ত্ৰও। বহু সৰু সৰু যন্ত্ৰ লগ লাগি নিৰ্মাণ কৰা এটা বৃহৎ যন্ত্ৰ।”  

তেওঁ এইবাৰ পৰীক্ষাৰ জটিল প্ৰক্ৰিয়া আৰু যন্ত্ৰ-পাতিৰ কাৰ্য-প্ৰণালীৰ বৰ্ণনা দাঙি ধৰিলে। তেওঁ মাত্ৰ এজন তাত্ত্বিক বিজ্ঞানী নহয়, ব্যৱহাৰিক ক্ষেত্ৰতো তেওঁৰ অসামান্য জ্ঞানৰ কথা সৰ্বজনবিদিত। 

“আশা কৰোঁ, মই কথাখিনি ব্যাখ্যা কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকৰ কিবা প্ৰশ্ন, সেয়া যিকোনো হ’ব পাৰে, সুধিব পাৰে।” 

আচলতে কোনেও একো এটা বুজিব পৰা নাছিল। ইমান জটিল যন্ত্ৰ এটাৰ কাৰ্য-পদ্ধতি ইমান কম সময়তে পানী পানীকৈ বুজি পোৱাৰ শক্তি আৰু সামৰ্থ্য তাত কাৰো নাছিল। কেই মুহূৰ্তমান নীৰৱ হৈ ৰ’ল গোটেই হলটো। সকলোৱে মনে মনে বিচাৰিছিল কোনোবাই কিবা সোধক। যন্ত্ৰ-পাতিৰ জটিল বৰ্তনী আৰু সময় আৰু স্থানৰ বক্ৰতাৰ বাহিৰত বিক্ৰমাদিত্য দাসৰ অন্য কিবা জীৱন আছেনে? 

তেনেতে এজন জাৰ্মান ডেকা বিজ্ঞানী থিয় হ’ল। এমূৰ দীঘল সোণালী চুলিৰে ওখ আৰু চিনেমাৰ নায়কৰ দৰে চেহেৰাৰ হাৰমান বেকাৰে মাইকটো হাতত লৈ ক’লে, “মোৰ প্ৰশ্নটো অলপ বেলেগ ধৰণৰ। ধৰক মোৰ এটা সন্দেহ এয়া। সুধিব পাৰিমনে?” 

ক্ষীণ হাঁহিৰ ৰেখা বিক্ৰমাদিত্য দাসৰ মুখত বিৰিঙি উঠিল। ক’লে, “নিশ্চয়, নিশ্চয় সুধিব পাৰিব।”

হাৰমান বেকাৰৰ মুখখন গভীৰ হ’ল। সুধিলে, “আপুনি, আপুনি কেতিয়াবা কোনো নাৰীক চুমা খাই পাইছেনে?”  

হাঁহিৰ ৰেখাবোৰ বিক্ৰমাদিত্য দাসৰ মুখৰ পৰা কেই মুহূৰ্তমানৰ বাবে অদৃশ্য হৈ গ’ল। তাৰ পাছত এটা নিৰ্মল নিঃশব্দ হাঁহি তেওঁৰ দুয়ো কাণলৈকে বিয়পি পৰিল। আৰু লগে লগে হলৰ সকলো সশব্দ হাঁহিত ফাটি পৰিল। প্ৰথম শাৰীত বহি থকা অৱসৰপ্ৰাপ্ত অধ্যাপিকা প্ৰিয়ম্বদা চক্ৰৱৰ্তীয়ে মূৰটো সোঁৱে-বাঁৱে লাহে লাহে লৰাই মিচিকিয়াই হাঁহিলে। বিক্ৰমাদিত্যৰ চকু প্ৰিয়ম্বদাৰ চকুত অলপ সময়লৈ স্থিৰ হৈ ৰৈ গ’ল। সেই মুহূৰ্তত স্থিৰ হৈ ৰ’ল প্ৰিয়ম্বদাৰ বয়সেও ম্লান কৰিব নোৱৰা ধুনীয়া চকুযুৰিও।

“এই প্ৰশ্নটোৰ উত্তৰ মই পাছত দিম বাৰু।” বিক্ৰমাদিত্য দাসে নিঃশব্দ হাঁহিটোৰেই ক’লে। তেতিয়াও তেওঁৰ চকু প্ৰিয়ম্বদা চক্ৰৱৰ্তীৰ দুচকুতে ৰৈ আছিল।

তাৰ পাছত আৰু এঘণ্টামান সময় তেওঁৰ বক্তৃতা চলিল।

তাৰ পাছত মূল প্ৰশ্নোত্তৰৰ অনুষ্ঠান আৰম্ভ হ’ল। বিজ্ঞান, গৱেষণা আৰু বিভিন্ন বিষয়ক প্ৰশ্ন।

এজনে সুধিলে, “নোবেল বঁটা জয় কৰাৰ খবৰটো পোৱাৰ পাছত আপোনাৰ কেনে অনুভৱ হৈছিল?”

“খুব ভাল লাগিছিল।” তেওঁ নিৰাসক্তভাৱে উত্তৰ দিছিল। “ভাব হৈছিল মই এজন ধনী মানুহ হৈ গ’লোঁ।”

“আপোনাক নিউটন, আইষ্টাইন, ষ্টিফেন হকিং আদিৰ উত্তৰসুৰী বুলি গণ্য কৰা হয়। এই সফলতাৰ ৰহস্য কি বাৰু?” 

“প্ৰথম কথা, মই সেই নমস্য বিজ্ঞানীসকলৰ পৰ্যায়ৰ বুলি কেতিয়াও ভবা নাই। আৰু সফলতা-বিফলতা এই সকলোবোৰ আপেক্ষিক ধাৰণা এটা মাথোঁ। এই সকলোবোৰকেই সনাতন দৰ্শন মতে মায়া বুলি অভিহিত কৰিব পাৰি। ৰহস্য বুলিবলৈও একোৱেই নাই। মই মোৰ জীৱন, মোৰ সকলো সময় অধ্যয়ন আৰু গৱেষণাত নিয়োগ কৰিলোঁ।” 

“আপুনি আনসকলক, বিশেষকৈ যুৱ-বিজ্ঞানীসকলক কি উপদেশ দিবলৈ বিচাৰিব?” 

নিঃশব্দ হাঁহি এটা মাৰি কেইটামান মুহূৰ্তৰ বাবে তেওঁ কিবা চিন্তা কৰিলে। “উপদেশ দিবলৈ মোৰ আচলতে যোগ্যতা নাই। চাওক, আমি সকলোৱে কঙাল। আমাৰ হাতত মাত্ৰ এমুঠিমান মুদ্ৰা। সেয়া হৈছে সময়, যি জীৱনৰ বেপাৰ-বণিজৰ একমাত্ৰ সমল। জীৱনত তাকেই খৰচ কৰিব লাগে। কি কিনিম সেইটো আমাৰ হাতত। ভাল লগা সকলোবোৰকেই নিজৰ কৰিবলৈ এমুঠি মুদ্ৰা যথেষ্ট নহয়। বহুত কিবাকিবি ত্যাগ কৰিব লগা হয়। নোপোৱাৰ বহুতো দুখ হজম কৰিবলৈ নিজকে ব্যস্ত ৰাখিব লাগিব। আৰু আজি মোৰ ভাব হয়, আমি যাক কিনি লোৱা বুলি ভাবোঁ সেইবোৰেই আমাক খণ্ড খণ্ডকৈ কিনি লৈ যায়।” 

“আপুনি বিয়া নকৰালে, আপোনাৰ কোনো নাৰী-বন্ধুৰ কথা কেতিয়াও শুনা নাই। কাৰণটো কি? আপুনি নাৰী-বিদ্বেষী নিশ্চয় নহয়।”

একেই নিঃশব্দ হাঁহিৰে তেওঁ উত্তৰ দিলে, “ইলেক্ট্ৰন-প্ৰ’টন-নিউট্ৰন, কোৱাৰ্ক-লেপ্টন, ব্লেকহ’লৰ কেন্দ্ৰবিন্দুৰ বিজ্ঞান, সময় আৰু স্থানৰ বক্ৰতা আৰু গৱেষণাৰ যন্ত্ৰ-পাতিবোৰৰ মই ইমান ওচৰ চাপি গ’লোঁ যে অন্য সকলো মোৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি গ’ল। হয়তো কথাটো এনেকুৱাও হ’ব পাৰে - মোক শূন্য কৰিবলৈকে কোনোবা আহিছিল আৰু সেই শূন্যতাক পাহৰাই ৰাখিবলৈকে ক্ষুদ্ৰতম কণাবোৰ, সময় আৰু স্থানৰ বক্ৰতাই সকলো ৰহস্য লৈ মোৰ কাষ চাপি আহিল।”

সম্মুখৰ শাৰীত বহি থকা প্ৰিয়ম্বদা চক্ৰৱৰ্তীয়ে বিদ্ৰূপ মিহলি ক্ষীণ হাঁহি এটা মাৰিলে।  

সন্ধিয়া বিক্ৰমাদিত্য দাসৰ সন্মানাৰ্থে এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালো আহিল আৰু তেওঁলোকে ভাষণত সকলোকে, বিশেষকৈ নতুন প্ৰজন্মক বিক্ৰমাদিত্য দাসৰ উদাহৰণৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনালে। ব্যস্ততাৰ বাবে তেওঁলোকে সোনকালেই সভাকক্ষ ত্যাগ কৰিব লগা হ’ল। 

মাথোঁ এগিলাছ চৰ্বত টেবুলত লৈ দাস বহি আছিল। কাষৰ আসনখনত গুণমুগ্ধসকল আহি বহি তেওঁৰ লগত এষাৰ-দুষাৰ কথা পাতি নিজকে ধন্য কৰি আছিল। 

বিখ্যাত নৃত্য-পটিয়সী অম্বা কৌশলে মঞ্চত ভাৰত-নাট্যম নৃত্য প্ৰদৰ্শন কৰিছিল। সেই সময়ত তেওঁৰ কাষৰ চকীখন খালী হ’ল।  

“ইয়াতে বহিব পাৰোঁনে?” প্ৰিয়ম্বদা চক্ৰৱৰ্তীয়ে মুখত এটা ৰহস্যময় হাঁহি লৈ সুধিছিল। 

কেতিয়া তেওঁ আহি কাষত থিয় হৈছিল বিক্ৰমাদিত্যই গম পোৱা নাছিল। কেইমুহূৰ্তমানলৈ  তেওঁ ৰহস্যময়ী হাঁহিৰে আৰু মোহনীয় হৈ পৰা মুখখনলৈ মুগ্ধ হৈ চাই ৰ’ল। মাজতে পাৰ হৈ যোৱা পঁয়ত্ৰিছটা বছৰে প্ৰিয়ম্বদাৰ আধাখিনি চুলি ৰূপালী কৰি থৈ গ’ল। মুখৰ পৰাও আগৰ তাৰুণ্য হেৰাই গৈছে। তথাপি আজিও এক অদ্ভুত সৌন্দৰ্য সেই মুখখনত বিৰাজমান। মাথোঁ আগৰ লাস্যময়ী মানুহজনী আজি ধুমুহাবিহীন সাগৰৰ দৰে শান্ত-সমাহিত।

কৌতুকৰ হাঁহি এটা মাৰি দাসে ক’লে, “কিন্তু এদিন তুমিয়েইতো কৈছিলা, তুমি মোৰ লগত কেতিয়াও বহিব নোৱাৰাঁ।”

সেইটো বহু বছৰৰ আগৰ কথা আছিল। এপলকৰ বাবে যেন প্ৰিয়ম্বদা দূৰ অতীতৰ কোনোবা এটা দিনত হেৰাই গ’ল।

“আৰু তুমি তাকেই বিশ্বাস কৰি ল’লা? আচলতে কি জানা, ব্লেকহ’লৰ গভীৰলৈ জুমি চাই থাকোঁতে তুমি পৃথিৱীৰ আটাইতকৈ সহজ কথাবোৰো নুবুজাকৈয়ে ৰৈ গ’লা।” কাষৰ আসনখনত বহি লৈ প্ৰিয়ম্বদাই ক’লে।

বিক্ৰমাদিত্য দাসৰ মনটোও বহু বছৰ আগলৈ উৰি গ’ল। প্ৰাইমাৰী স্কুলৰ ছাত্ৰ তেওঁ। প্ৰিয়ম্বদাও একে শ্ৰেণীত পঢ়ে। শিক্ষকে দুয়োকে পৰীক্ষাৰ এদিন একেখন বেঞ্চতে বহিবলৈ‌ কয়। কিন্তু প্ৰিয়ম্বদাই প্ৰতিবাদ কৰে, “মই তাৰ লগত কেতিয়াও বহিব নোৱাৰোঁ।” 

কিন্তু কিয়? বিক্ৰমাদিত্যই সম্ভাৱ্য কাৰণবোৰ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছিল। প্ৰিয়ম্বদা চহকী পৰিয়ালৰ আছিল কাৰণে নেকি? তাই তাতকৈ পঢ়া-শুনাত তেতিয়া বহুত ভাল আছিল, সেই কাৰণে?

তেওঁৰ মগজুত তেতিয়া সঁচাকৈয়ে একো নাছিল নেকি? স্কুলৰ শিক্ষক এজনে তেওঁক এদিন কৈছিল, “শুকান বালিত যিমান পানী ঢালিলেও কেতিয়াও বন নগজে, আৰু তোৰ মূৰত যিমান শিকালেও একো নোসোমায়।”

প্ৰিয়ম্বদাই শিক্ষকজনৰ কথা শুনি ডাঙৰকৈ হাঁহিছিল। শ্ৰেণীৰ সকলোৱে হাঁহিছিল। শিক্ষকজনৰ কথাষাৰ সেইদিনা বিক্ৰমাদিত্যই বুজিবই পৰা নাছিল। কিন্তু পাছলৈ কথাষাৰ আৰু হাঁহিবোৰ প্ৰায়ে তেওঁৰ কাণত বাজি উঠিছিল, আৰু বুকুত তেওঁ এটা বিষ অনুভৱ কৰিছিল। শিক্ষকজনৰ মুখৰ খং আৰু ঠাট্টাৰ ৰেখাবোৰ, প্ৰিয়ম্বদাৰ সেই হাঁহিটো তেওঁৰ মনত কেতিয়াও নিৰাময় নোহোৱা ঘা এটুকুৰা হৈ ৰৈ গ’ল।  

বিক্ৰমাদিত্যৰ জীৱনৰ আটাইতকৈ দুৰ্বল সময়খিনিতেই তেওঁ আটাইতকৈ কঠোৰ আঘাতবোৰ পাইছিল। আৰু যিসকলে তেওঁক আঘাত কৰিছিল সেইসকলে গমেই পোৱা নাছিল কিমান গভীৰ আৰু স্থায়ী হৈ ৰৈ যাব লগা আছিল সেই ক্ষতবোৰ। দাস সংকুচিত আৰু অকলশৰীয়া হৈ গৈছিল।

হাইস্কুলৰ বছৰবোৰৰ শেহৰ ফালে দাস প্ৰিয়ম্বদাৰ দৰেই এজন মেধাৱী ছাত্ৰ হৈ পৰিছিল। স্কুলৰ বছৰেকীয়া খেল-ধেমালিৰ এদিন, সেইদিনা ৰ’দজাক বৰ মিঠা আছিল, মিঠা ৰ’দৰ দৰে হাঁহিবোৰ চাৰিওফালে উফৰি ফুৰিছিল, সেইদিনা বিক্ৰমাদিত্যৰ সংকুচিত মনটোও খোল খাই গৈছিল। সি একো নভবাকৈয়ে প্ৰিয়ম্বদা বহি থকা বেঞ্চখনত তাইৰ কাষতে গৈ বহিছিল। লগে সাপৰ দৰে ফেট তুলি থিয় হৈছিল তাই। খঙত ৰঙা হৈ যোৱা মুখ এখনেৰে চিঞৰি উঠিছিল, “মই তোমাৰ লগত আজিও বহিব নোৱাৰোঁ।” 

ওচৰৰ ল’ৰা-ছোৱালীবোৰে ফিচিঙা-ফিচিংকৈ হাঁহিছিল। শিক্ষক এজনে বিক্ৰমাদিত্যৰ ফালে খঙেৰে চাইছিল। সি হতভম্ব হৈছিল। সকলোৱে যেন তাক অপৰাধী সাব্যস্ত কৰি অপমান কৰিবলৈকে তাত ৰৈ আছিল।

“কি ভাবিছা?” প্ৰিয়ম্বদাই হাঁহি সুধিলে।

বিক্ৰমাদিত্য দাস বৰ্তমানলৈ ঘূৰি আহিল। পাৰ হৈ যোৱা বছৰবোৰৰ কিমান কথা, কিমান কাহিনী আছে ভাবিবলৈ! ক’লে, “সকলো সলনি হৈ যায়, কিন্তু কিছুমান দাগ ৰৈ যায়। গাঁওখনলৈ মনত পৰিছে।”

প্ৰিয়ম্বদাই হাঁহিটো মুখত লৈয়ে ক’লে, “ব্লেকহ’লৰ অভ্যন্তৰৰ ৰহস্যৰ আকৰ্ষণে তোমাক বহু দূৰলৈ টানি লৈ গ’ল। তুমি গাঁও এৰি বহু দূৰলৈ গুচি গ’লা। মই কিন্তু গাঁৱলৈ গৈয়ে থাকোঁ।”

“কেতিয়াবা মোৰ যাবলৈ মন যায়। কিন্তু ঘূৰি যাবলৈ মোৰ বাবে তাত একোৱেই ৰৈ থকা নাই।” দাসে নিৰাসক্তভাৱে যোগ দিলে।

“কিয়? গাঁৱৰ আকাশ আছে, পথাৰ আছে, নদী আছে, আৰু …।”

“আৰু কি?” প্ৰিয়ম্বদাৰ বয়সেও অনুজ্জ্বল কৰিব নোৱৰা বুদ্ধিদীপ্ত ধুনীয়া চকুযুৰিলৈ চাই তেওঁ সুধিলে।

“কেতিয়াবা গাঁৱৰ নিশা ঘন এন্ধাৰেৰে ভৰি পৰে। ইমান বিশুদ্ধ, নিৰন্ধ্ৰ সেই এন্ধাৰ! আৰু ঘন ক’লা আকাশখন তৰাৰে জিকমিকাই থাকে। অজস্ৰ, অগণন তৰা। নগৰৰ কৃত্ৰিম পোহৰে প্ৰদূষিত কৰা আকাশত ইমান তৰা কেতিয়াও নেদেখা।” শেহৰ ফালে প্ৰিয়ম্বদাৰ কথাখিনিত এটা কৰুণ সুৰ বাজি উঠিল।

গাঁৱৰ এন্ধাৰ নিশাৰ তৰাভৰা আকাশ এখন দাসৰ দুচকুত ভাহি উঠিল। সেই আকাশখন এৰি অহাৰ পাছত বহু বছৰ পাৰ হৈ গ’ল। গৱেষণাৰ কামত এটা বৃহদাকাৰ টেলিস্কোপেৰে বিক্ৰমাদিত্য দাসে প্ৰায়ে আকাশলৈ চায়। খালী চকুৰে নেদেখা আৰু অসংখ্য তৰা তেওঁ দেখিবলৈ পায়। সেইবোৰৰ মাজে মাজে তেওঁ বহু প্ৰশ্নৰ উত্তৰ বিচাৰি ফুৰে, যি প্ৰশ্নবোৰৰ উত্তৰ মানৱজাতিৰ ওচৰত এতিয়াও নাই।

প্ৰিয়ম্বদাই বিক্ৰমাদিত্যৰ মনৰ ভাবটো যেন পঢ়ি ল’লে। ক’লে, “তৰাবোৰ চাওঁতে বিজ্ঞানৰ সূত্ৰবোৰ যদি পাহৰি নোযোৱাঁ, তেনেহ’লে তুমি তৰা চাবলৈ জনাই নাই। বিজ্ঞান, গণিত সকলো পাহৰি শিশু এটাৰ দৰে তৰাবোৰলৈ এতিয়াও কেতিয়াবা চাবাচোন। কিন্তু শিশু হৈ পৰাটো বৰ কঠিন, নহয়নে?”

“এনেকৈয়ে, শিশু এটাৰ দৰেই ময়ো এদিন আকাশখন চাবলৈ বিচাৰিছিলোঁ। কিন্তু আকাশখন বোধহয় মোৰ কেতিয়াও নাছিল।” বিক্ৰমাদিত্যই বিষণ্ণ সুৰত ক’লে। 

“আস্, সেইটো তুমিহে ভাবি লৈছিলা। আকাশক জানো সুধি চাইছিলা কেতিয়াবা?” প্ৰিয়ম্বদাৰ হাঁহিটো আকৌ ৰহস্যময় হৈ উঠিছিল। 

পুৰণি দুখ এটা আকৌ উক দি উঠিল বিক্ৰমাদিত্যৰ বুকুৰ গভীৰত। মঞ্চত অপূৰ্ব ভংগিমাৰে বিখ্যাত শিল্পীগৰাকীয়ে নৃত্য কৰি আছিল। সেইফালে চাই ৰ’ল তেওঁ অলপ পৰ।

“মই আকাশ বিচাৰি মোৰ এখন আকাশ এৰি থৈ আহিলোঁ। গমেই নাপালোঁ।”

“নহয়, আকাশৰ পৰা আকাশলৈকে গুচি গ’লা তুমি। স্থান-কালৰ বক্ৰতাৰ মাজত নিজকে ডুবাই দিলা। বোধহয় সৰু সৰু সহজ কথাবোৰলৈ তোমাৰ সময়েই নাথাকিল। আমি সৰু মানুহবোৰৰ দৰেতো তুমি নোহোৱা, নহয় জানো? তোমাৰ সকলো আছিল, মাত্ৰ নিজৰ মনৰ কথাটো কৈ দিয়াৰ সাহসকণ তোমাৰ কাহানিও নাছিল।”

আকৌ নৃত্যৰতা অম্বা কৌশলৰ ফালে চাই ৰ’ল বিক্ৰমাদিত্য দাসে। কি ক’ব তেওঁ? এতিয়া কিবা কোৱাৰ কোনো অৰ্থ আছেনে? সময়ৰ গতি সম্মুখৰ ফালেই নে? সময়ে পশ্চাদগমন কৰিবও পাৰে নেকি? সেই প্ৰশ্নবোৰৰ উত্তৰ মানুহৰ হাতত এতিয়াও নাই, আৰু সম্ভৱতঃ কাহানিও নাথাকিব।

“আনকি সেই কথাষাৰ নিজৰ মুখেৰে ক’বলৈও তোমাৰ সাহস নহ’ল! কিয় ইমান ভয়াতুৰ আছিলা তুমি?” প্ৰিয়ম্বদাৰ মুখখন হতাশা, আৰু কিবা হেৰোৱাৰ বেদনাই যেন কেই মুহূৰ্তমানলৈ এন্ধাৰ কৰি আনিলে। 

বিক্ৰমাদিত্যই একো উত্তৰ নিদিলে। বিষণ্ণ চাৱনিৰে প্ৰিয়ম্বদাৰ চকুলৈ মন্ত্ৰমুগ্ধৰ দৰে চাই ৰ’ল তেওঁ। 

“কিন্তু সকলো ভালেই হ’ল, নহয় জানো? মাটিৰ ক্ষুদ্ৰ কথাবোৰক গুৰুত্ব নিদিলা কাৰণেই তুমি আকাশলৈ, ইমান উচ্চতালৈ উৰিব পাৰিলা। অভিনন্দন তোমালৈ। আমি এই ক্ষুদ্ৰতাবোৰৰ মাজতেই ৰৈ গ’লোঁ।” প্ৰিয়ম্বদাই আকৌ ক’লে। 

অলপ পৰ নীৰৱ হৈ ৰ’ল দুয়োজন। বিক্ৰমাদিত্য দাসৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত মূল্যবান।

“বাৰু, তোমাৰ আৰু বেছি সময় মই ল’ব নোখোজোঁ। বহুতে তোমাৰ লগত কথা পাতিবলৈ ৰৈ আছে। আমাৰ ক্ষুদ্ৰ কথাবোৰৰ বৰ্ণনাৰে তোমাক বিৰক্ত কৰিবও খোজা নাই।” প্ৰিয়ম্বদাই উঠিব খুজিলে।

“আকাশত চুই চাবলৈ একোৱেই নাথাকে। তাত কেৱল শূন্যতা, সীমাহীন শূন্যতা! প্ৰভাসৰ কি খবৰ? ভালে আছেনে? তোমালোকৰ ল’ৰা-ছোৱালী?” বিক্ৰমাদিত্যই সুধিলে।

“তাৰ ভালেই। ময়োতো ভালেই আছোঁ। আমাৰ ল’ৰাটো তোমাৰ ডাঙৰ ফেন। তোমাৰ দৰে এজন বিজ্ঞানী হ’ব খোজে সি। প্ৰভাসেও তোমাৰ কথা কৈয়ে থাকে। তুমি জানাই, সিও তোমাৰ গুণমুগ্ধ।”  

“গুণমুগ্ধ। বাঃ!” বিদ্ৰূপভৰা নিঃশব্দ হাঁহি এটাই বিক্ৰমাদিত্যৰ ওঁঠত ঢৌ খেলাই গ’ল। 

“তৰাৰ দৰে জিলিকি থাকিবা তোমাৰ আকাশত। মাটিৰ পৰা তৰাটো আমি চাই থাকিব পাৰিলেই হয়। এইটো অনুগ্ৰহ অন্ততঃ পাৰিলে ৰাখিবা। অন্য একো বিচৰা নাই।” প্ৰিয়ম্বদাই অলপ আঁতৰৰ টেবুল এখনৰ ফালে আগুৱাই গ’ল।

দুজন বিখ্যাত সংগীতজ্ঞই মঞ্চত চেতাৰ আৰু তবলাৰ যুগলবন্দী আৰম্ভ কৰিছিল।

“ৰাগ শিৱৰঞ্জনী।” এগৰাকী বয়সীয়া মহিলাই কাষৰ আসনখন অধিকাৰ কৰি কৈছিল। তেওঁ নিজৰ পৰিচয়টো দিলে। বিখ্যাত ফেশ্বন-মেগাজিন এখনৰ সম্পাদক তেওঁ।  

আৰু এজনী প্ৰায় চল্লিছ বছৰীয়া সুন্দৰী সাংবাদিক আহি তেওঁৰ কাষৰ আন এখন আসনত বহি লৈছিল। তেওঁ কৈছিল, “শাস্ত্ৰীয় সংগীতে আপোনাক আকৰ্ষণ কৰেনে?” 

“হয়। সংগীত মোৰ প্ৰিয়।” বিক্ৰমাদিত্য দাসে উত্তৰ দিলে। “আৰু শাস্ত্ৰীয় সংগীত আৰু বেছি ভাল পাওঁ।” 

“হয়। কিন্তু শাস্ত্ৰীয় সংগীত উপভোগ কৰিবলৈ প্ৰথমতে এটা বোধ জাগি উঠাৰ প্ৰয়োজন। সংগীতৰ এটা বোধ।” ফেশ্বন-মেগাজিনৰ সম্পাদকে ক’লে। 

“হয়। কিছুমান সংগীত উপভোগ কৰিবলৈ আমি শিশু হৈ পৰিব লাগে আৰু কিছুমান সংগীত উপভোগ কৰিবলৈ আমাক সংগীতৰ বোধৰ প্ৰয়োজন। তথাপি সংগীতৰ আৱেদনৰ ৰহস্য মূলতঃ এটাই।” 

“সেয়া কি?” সুন্দৰী সাংবাদিকৰ প্ৰশ্ন।

“এটা কম্পন, যি এটা শৃংখলিত পেটাৰ্ণত হয়। অজস্ৰ বিশৃংখলতাৰ মাজত সংগীত এটা শৃংখলিত কম্পন হৈ আমাৰ মস্তিষ্কক নিচুকাই যায়।” 

“হয়। হয়। কিন্তু এই গোটেই ব্ৰহ্মাণ্ডই এটা অবিৰত কম্পন নহয়নে? ক্ষমা কৰিব, বিজ্ঞানৰ কথাবোৰ মোৰ বাবে সংগীতৰ দৰেই। যেনেদৰে সহজ সংগীতহে মোৰ প্ৰিয়, তেনেদৰে বিজ্ঞানৰ সৰল সূত্ৰবোৰহে বুজি পাওঁ।” সুন্দৰী সাংবাদিকে ক’লে। 

“আপুনি ঠিকেই কৈছে। এই ব্ৰহ্মাণ্ড, ইয়াৰ প্ৰত্যেক অণু-পৰমাণু, কোৱাৰ্ক-লেপ্টন এই সকলোবোৰ সেই কম্পনেৰেই এক অভিব্যক্তি। আৰু আপাততঃ দৃশ্যমান নহ’লেও সেয়া এক সুশৃংখলিত পেটাৰ্ণ, ঠিক আটাইতকৈ সুন্দৰ শাস্ত্ৰীয় সংগীতৰ দৰে, নৃত্যৰ দৰে।” 

“হয়। বোধহয় এয়াই নটৰাজৰ নৃত্য। আমাৰ দৰ্শনত কোৱাৰ দৰে।” 

“হয়। ময়ো বিশ্বাস কৰোঁ।” 

“আৰু সেইটো অনুভৱ কৰিবলৈ আমাৰ বোধক অন্য এটা পৰ্যায়লৈ উন্নীত কৰিব লাগে। যিটো আপোনাৰ দৰে দুই-এজন যোগীৰ পক্ষেহে সম্ভৱ।” 

সুন্দৰী সাংবাদিকগৰাকীৰ প্ৰশংসাই বিক্ৰমাদিত্য দাসৰ মনত কি প্ৰতিক্ৰিয়া কৰিলে বুজা নগ’ল। তেওঁ উদাসভাৱে হাঁহি সোঁৱে-বাঁৱে মূৰ জোকাৰিছিল মাত্ৰ।

তেওঁৰ সান্নিধ্যত অকণমান সময় কটাবলৈ তাত উপস্থিত অনেক যশস্বী বিজ্ঞানী, শিল্পী- সাহিত্যিকৰ ভিৰ লাগি আছিল। কিন্তু বিক্ৰমাদিত্য দাসে নিশা ন বজাৰ পাছত সদায় অকলশৰে থাকিবলৈ ভাল পায়। তেওঁৰ এই স্বভাৱটোৰ কথা বহুতেই জানে। তেওঁ কেতিয়াবা শীতনিদ্ৰাত নিমগ্ন হোৱাৰ দৰে বহু মাহ অকলশৰে বাহিৰৰ পৃথিৱীৰ লগত সংযোগশূন্য হৈ পাৰ কৰে। সেই সময়ত তেওঁ ধ্যানত নিমগ্ন হয়। স্থান-কালৰ বক্ৰতা, কোৱাৰ্ক-লেপ্টনৰ ৰহস্যময় প্ৰান্তৰত তেওঁ অকলশৰে কিবা উত্তৰ বিচাৰি ঘূৰি ফুৰে।

তেওঁক ন-বজাতেই পঞ্চতাৰকা হোটেলৰ বিলাসী কক্ষত থৈ যোৱা হ’ল। গা ধুই আহি তেওঁ সৰু মধুৰিআম এটা আৰু অলপমান দাইল-ভাত তাতেই খালে। ছোফা এখনত বহি খিৰিকীৰে আকাশলৈ চাই পঠিয়ালে। আকাশত এটা-দুটা তৰা দেখা গৈছে। শৈশৱৰ গাঁৱৰ গভীৰ এন্ধাৰ নিশাৰ তৰাভৰা আকাশখনলৈ তেওঁৰ মনত পৰিল। 

ফোনটো বাজি উঠিল। বিৰক্তিৰে তেওঁ সেইটো কাণত তুলি ল’লে। ৰিচেপশ্বনৰ পৰা কোনোবাই দোষী দোষী সুৰত ক’লে, “ছাৰ, আমি মানুহজনক বুজাই কৈছোঁ। কিন্তু তেওঁ আপোনাক লগ কৰিহে যাব হেনো। আপোনাৰ সম্বন্ধীয় বুলি কৈছে, প্ৰভাস দাস …।” 

“প্ৰভাস দাস। প্ৰভাস দাস …!” 

“হয়, অধ্যাপক প্ৰভাস দাস।” ৰিচেপচনিষ্টজনে আকৌ ক’লে। 

“ঠিক আছে। আহিবলৈ দিয়ক।” তেওঁ ফোনটো থৈ আকৌ আকাশলৈ চাই ৰ’ল। সকলো সলনি হৈ যায়। আকাশখন সদায়ে এখন নতুন আকাশ !

অলপ পাছত কলিং বেলটো বাজি উঠিল। তেওঁ দুৱাৰখন খুলি দিলে। প্ৰভাস দাস সোমাই আহিল। বিক্ৰমাদিত্য দাসৰ চকু-মুখত বিস্ময়ৰ ৰেখা কেইডালমান বিৰিঙি উঠিল। পঁয়ত্ৰিছ বছৰৰ আগৰ এমূৰ ক’লা দীঘল চুলিৰ সুদৰ্শন যুৱক প্ৰভাস আজি এজন প্ৰৌঢ় ব্যক্তি। চুলিখিনি কহুৱাৰ দৰে শুভ্ৰ, কিন্তু আগৰ দৰেই দীঘল আৰু ঘন। ক’লে, “বহুত সলনি হৈ গ’লি তই। বহ।” 

প্ৰভাস দাসে চোফাত বহি ল’লে, “তয়ো সলনি হৈছ। কিন্তু তোৰ ছবি কাকতে-পত্ৰই পায়ে থাকোঁ। সেই কাৰণে মই চমক খাব লগা হোৱা নাই।” 

বিক্ৰমাদিত্যই গহীন সুৰত ক’লে, “সলনি হৈছ, ভালেই হৈছে। আৰু ইমান বছৰৰ পাছত কিজানি তোৰ মনটোও সলনি হৈছে। কিন্তু এতিয়াও যদি তোৰ মন আগৰ দৰেই হৈ আছে, সেইটো বৰ বেয়া কথা হ’ব। সকলোৰে বাবে।” 

অলপ পৰ ৰূমটোৰ চাৰিওফালে চকু ঘূৰাই ঘূৰাই চাই থাকিল প্ৰভাস দাসে। তাৰ পাছত ক’লে, “কথাটো তেনেকুৱা নাছিল। আচলতে কি হ’ল সেইটো ক’বলৈ তেতিয়া সময় নাপালোঁ আৰু সাহসো নহ’ল। ইমান বছৰ পাৰ হৈ গ’ল যেতিয়া অন্ততঃ এতিয়া তই কথাটো জনা উচিত। মোৰ ধাৰটোও মাৰি যাবলৈ আৰু ক’ত চাঞ্চ পাম। তোক কিজানি আৰু কেতিয়াও লগ নাপাৱেঁই।” 

ৰুমটোৰ এফালৰ ফ্ৰীজৰ কাষৰ টেবুল এখনত আপেল, কমলা, মধুৰিআম আদি ফল সজাই থোৱা আছিল। “কিবা খাবি?” সেইফালে দেখুৱাই বিক্ৰমাদিত্য দাসে ক’লে। ফ্ৰীজটোৰ দুৱাৰখন খুলি তেওঁ ক’লে, “এইটো খাবি? চলেনে তোৰ এইবোৰ?” ফ্ৰীজত দামী, বিদেশী সুৰাৰ বটল কেইটামান। 

“নাই, নাই। একো নাখাওঁ। আৰু ড্ৰিংকছতো মই নকৰোঁৱেই।” মূৰ জোকাৰি প্ৰভাসে উত্তৰ দিলে।

বিক্ৰমাদিত্যই শুকান হাঁহি এটা মাৰিলে, “আমি একে ধৰণৰ মানুহেই হৈ থাকিলোঁ তেনেহ’লে। একেই পুৰণিকলীয়া, গাঁৱলীয়া।” 

“একে ধৰণৰ মানুহ? কি যে কৱ ! পৃথিৱী-বিখ্যাত শ্ৰেষ্ঠ বিজ্ঞানী তই, আৰু সৰু কলেজ এখনৰ অধ্যাপক মই। আৰু তোৰ দৰে আধুনিক মানুহ কেইজন আছে পৃথিৱীত? বাৰু কথাবোৰ চমুকৈ কওঁ। তই ৰাতিও কামত ব্যস্ত হৈ থাক বুলি জানো। সময় বেছি নলওঁ। প্ৰিয়ম্বদাক তই ক’বলৈ কোৱা কথাটো কৈছিলোঁ। মানে তই যে তাইক ভাল পাৱ বুলি ক’বলৈ কৈছিলি, মই সেইটোৱে কৈছিলোঁ।”

বিক্ৰমাদিত্য দাসে একো নক’লে। আকৌ খিৰিকীৰে তেওঁ দূৰৰ আকাশখনলৈ চাই পঠিয়ালে। এটা-দুটা তৰা ধিমিক-ধামাককৈ জ্বলি আছে। বহু বছৰৰ আগৰ কথাবোৰ তেওঁৰ মনলৈ আহিল। বছৰবোৰ পাৰ হৈ গ’ল, অথচ সেই কথাবোৰ এতিয়াও তেওঁৰ মনত ফটফটীয়া হৈ এটুকুৰা ঘাৰ দৰে ৰৈ আছে।

তেওঁ কাম কৰা বিশ্ববিদ্যালয়খনৰ পৰা কিছু দূৰৰ কলেজ এখনত প্ৰিয়ম্বদা দাসে অধ্যাপিকাৰ কামত যোগদান কৰিছিল। বাছত মাজে মাজে তাইক লগ পাইছিল। দাসৰ চকুত তাই আৰু ধুনীয়া হৈ আহিছিল। কিন্তু তাইৰ লগত কথা পাতিবলৈ, মনৰ কথাটো তাইক ক’বলৈ তেওঁ কেতিয়াও সাহস কৰিব নোৱাৰিলে। কেতিয়াবা কাষেৰে পাৰ হৈ গ’লে তেওঁৰ ভাব হৈছিল, প্ৰিয়ম্বদাৰ পৃথিৱীত তেওঁৰ কোনো অস্তিত্বই নাছিল। 

তেওঁৰ ভাৰাঘৰত থাকি বিশ্ববিদ্যালয়ত পঢ়িছিল প্ৰভাসে। প্ৰিয়ম্বদাক সি ভালকৈয়ে চিনি পায়। তাৰ মাহীয়েকৰ ঘৰৰ কাষতে প্ৰিয়ম্বদাহঁতৰ ঘৰ আছিল। আৰু শেহত সিয়েই অভাৱনীয় কামটো কৰিছিল। বিক্ৰমাদিত্যই জীৱনত পোৱা আটাইতকৈ ডাঙৰ আৰু অপ্ৰত্যাশিত আঘাতটো পাইছিল প্ৰভাসৰ পৰা।

প্ৰভাসে কৈ গ’ল - 

বিক্ৰমাদিত্যই ক’বলৈ কোৱাৰ দৰে সি প্ৰিয়ম্বদাক কৈছিল। কৈছিল, বিক্ৰমাদিত্যই তাইক ভাল পায়। কথাষাৰ শুনাৰ লগে লগে তাই খঙত ফাটি পৰিছিল। মুখামুখিকৈ ক’বলৈ বিক্ৰমাদিত্যৰ সাহস কিয় নাই? কি বুলি ভাবিছে তাইক? সম্মুখত পালে তেতিয়াই দেখুৱাই দিলেহেঁতেন তাই আচলতে কি? আৰু তেতিয়াই প্ৰভাসে এটা কাণ্ড কৰি পেলাইছিল। 

“কি কাণ্ড?” বিক্ৰমাদিত্য দাসে নিস্পৃহ সুৰত সুধিলে। 

“মই ক’লোঁ, আচলতে তই নহয়, মইহে তাইক ভাল পাওঁ। আচলতে মই তোৰ সন্মান ৰক্ষাৰ বাবেই তেনেকৈ কৈছিলোঁ। ভাব হৈছিল, কোনো ফালৰ পৰাই তাই তোৰ সমান নহয়। অথচ তোক লৈ ইমান বেয়াকৈ মন্তব্য কৰিছিল। সহ্য কৰিব পৰা নাছিলোঁ মই। কিন্তু কি কৰিম? ভাবিলোঁ, মোকেই গালি পাৰক তাই।” 

বিক্ৰমাদিত্য দাসৰ চকুৱে-মুখে আশ্বৰ্য। “কিন্তু তই মোক কৈছিলি, তাইৰ কোনো আপত্তি নাছিল?” 

“মিছা কৈছিলোঁ। আচল কথাটো জানিলে তই বৰ দুখ পাবি বুলিয়ে মিছা কৈছিলোঁ। তাই বুজা নাছিল, কিন্তু মই তোৰ মূল্য বুজি পাইছিলোঁ। ভাবিছিলোঁ, তোৰ গৱেষণাত কোনো ব্যাঘাত নহওক। আৰু আমাৰ দৰে সাধাৰণ মানুহৰ দৰে প্ৰেম-পীৰিতিৰ কথাই তোক তোৰ লক্ষ্য চোৱাত বাধা নিদিয়ক। সেই কাৰণেই কৈছিলোঁ তোক, প্ৰিয়ম্বদাই কথাটো তোৰ গৱেষণাৰ কাম শেষ নোহোৱালৈকে গোপনে থকাটো বিচাৰে, তেতিয়ালৈকে তই তাইক লগ কৰাটো তাই মুঠেই নিবিচাৰে।” 

দুয়োজন কিছুসময় নীৰৱ হৈ ৰ’ল। এটা উদাস বিদ্ৰূপৰ হাঁহি বিক্ৰমাদিত্য দাসৰ মুখত জিলিকি উঠিল। “তই মোৰ কথা বৰকৈ চিন্তা কৰিছিলি তেনেহ’লে? মই তোৰ কথাবোৰ সঁচা বুলিয়েই ভাবি থাকিলোঁ। আটাইতকৈ ডাঙৰ আঘাতটো তয়ে দিছিলি মোক।” 

“আচলতে কথাবোৰ ভবামতে হোৱা নাছিল। তথাপি আজিকালি ভাব হয়, সেই আঘাতটোৰ কিজানি প্ৰয়োজন আছিল। আচলতে সেই আঘাতটো নোপোৱা হ’লে তই কিজানি এজন শ্ৰেষ্ঠ বিজ্ঞানী হ’ব নোৱাৰিলিহেঁতেন। সমগ্ৰ পৃথিৱী তোৰ ওচৰত আজি কৃতজ্ঞ, ঋণী। হয়তো এনে কিছুমান আঘাতেই তোৰ দৰে প্ৰতিভাশালী মানুহক কালজয়ী কবি, দাৰ্শনিক বা বিজ্ঞানী কৰি তোলে।”

বিক্ৰমাদিত্যই ক’লে, “ইমান ডাঙৰ প্ৰবঞ্চনা, তাকো তোৰ পৰা। কিন্তু মোৰ ক’ব লগা একো নাই। সকলো কথাবোৰ সময়ৰ হাতত এৰি দিবলৈ বোধ কৰোঁ সময়েই শিকাই থৈ গ’ল।” 

“সঁচা কথাটো হ’ল - তই যি হেৰুৱালি, সেয়া অতি সামান্য। তোৰ জীৱনৰ প্ৰাপ্তি তাতকৈ বহু বেছি বিশাল। এটা শতিকাত কিজানি দুই-এজন মানুহৰ বাবেহে সেয়া সম্ভৱ।” 

বিক্ৰমাদিত্যই আকৌ হাঁহিলে, “প্ৰাপ্তি কি, অপ্ৰাপ্তি কি কোনে জানে? শেহত এটা শূন্যই ৰৈ থাকে, সকলোৰে বাবে।”

“প্ৰকৃততে কিবা পাবলৈ কিমান কি হেৰুৱাবও লগা হয় জীৱনত নহয়নে?”, পলাশে কৈছিল, “ভেন গঘে জীৱনত আচলতে কি পালে বা নাপালে তাক মোৰ দৰে সৰু মানুহৰ স্কেলেৰে জুখিব পাৰি জানো?”

প্ৰভাসৰ মুখৰ এই দাৰ্শনিক কথাবোৰত বিক্ৰমাদিত্যই কৌতুক এটা অনুভৱ কৰিলে। মুখৰ পৰা বিদ্ৰূপৰ ৰেখাবোৰ তেওঁ লুকুৱাব নোৱাৰিলে।

প্ৰভাসে কৈ গৈছিল -

সি আশাই কৰা নাছিল, সি বাধা দিবও পৰা নাছিল। কিন্তু প্ৰিয়ম্বদা তাৰ খুব ওচৰ চাপি আহিছিল। তাতকৈ চাৰি বছৰে ডাঙৰ তাই, অথচ কেতিয়াবা সৰু ছোৱালীৰ দৰে আচৰণ কৰিছিল। ঘৰত তাইৰ বিয়াৰ কথা চলিছিল। বিদেশত কাম কৰা এজন অভিযন্তাৰ প্ৰস্তাৱ আহিছিল। মাক-দেউতাকে তাইৰ ওজৰ-আপত্তিক অকণো গুৰুত্ব দিয়া নাছিল। তেতিয়াই তাই এদিন প্ৰভাসক কৈছিল, যদি সি সেইদিনাই তাইৰ শিৰত সেন্দূৰ নিদিয়ে, তেনেহ’লে তাই কিবা কৰি পেলাব। তাৰ উপায় নাছিল। মন্দিৰ এটাত গৈ সিহঁতে মালা সলনি কৰিছিল।

বহু বছৰৰ আগৰ এটা দৃশ্য বিক্ৰমাদিত্য দাসৰ চকুত স্পষ্টকৈ ভাহি উঠিল। অস্থিৰ হৈ প্ৰভাসৰ মাক-দেউতাক আহি ওলাইছিল। “সি এনে কৰিব বুলি জনাই নাছিলোঁ। ছোৱালীজনী তাতকৈ বয়সতো ডাঙৰ।” মাকে কান্দি কান্দি কৈছিল।

“আপুনি ধৈৰ্য ধৰকচোন খুৰী। সিহঁত এতিয়া ক’ত আছে জানানে?” বিক্ৰমাদিত্যই তেওঁলোকক শান্ত কৰিবলৈ চেষ্টা কৰিছিল।

এজন ল’ৰাই তেওঁলোকক লৈ গৈছিল। ভাৰাঘৰ এটাত প্ৰভাস আৰু প্ৰিয়ম্বদাই খুব শান্ত হৈ বহি আহিছিল। ইমানখিনিলৈ বিক্ৰমাদিত্যই কল্পনাও কৰিব পৰা নাছিল। প্ৰিয়ম্বদাৰ শিৰত জিলিকি থকা সেন্দূৰ, কপালৰ ৰঙা ফোটটোৱে তেওঁৰ বুকুৰ মাজৰ মন্দিৰটো ভাঙি চূৰমাৰ কৰি পেলাইছিল। তথাপি তেওঁৰ মুখখন কিজানি ভাবলেশহীন হৈয়ে আছিল। সহজ সুৰত তেওঁ বুজাইছিল, “খুৰা, আৰু খুৰী, প্ৰিয়ম্বদা খুব ভাল ছোৱালী। এনে এজনী ছোৱালীক বোৱাৰী কৰি পোৱাটো ভাগ্যৰহে কথা। … আৰু বয়সৰ কি কথা কৈছা, আজিকালি সেইবোৰো কিবা কথা নেকি …।”

তাৰে দুমাহমানৰ পাছত বিক্ৰমাদিত্য দাস বিদেশলৈ গুচি গৈছিল। সকলোৱে ভাবিছিল, অসমত বা ভাৰতৰ আন ঠাইতো তেওঁৰ বাবে উচ্চ পৰ্যায়ৰ গৱেষণাৰ প্ৰতিষ্ঠান নাছিল। কিন্তু বিক্ৰমাদিত্য দাসে আচলতে পলাই গৈছিল। নিজকে আকণ্ঠ অধ্যয়ন আৰু গৱেষণাত নিমজ্জিত কৰি ৰখাটোও আচলতে এক প্ৰকাৰৰ পলায়নেই আছিল। পদাৰ্থ বিজ্ঞানৰ কোনো ৰহস্যৰ বিষয়ে চিন্তা কৰি তেওঁ ঘণ্টাৰ পাছত ঘণ্টা, দিন, মাহ, বছৰ কটাই দিব পাৰিছিল। আধুনিক যুগৰ তপস্বী যোগী বুলি তেওঁৰ নাম বিদ্যত সমাজত বিয়পি পৰিছিল। কিন্তু কোনেও নজনা কথাটো আছিল, এই সকলোৰ মাজেৰে তেওঁ জীৱনৰ মুহূৰ্তবোৰ পাৰ কৰি দিব বিচাৰিছিল। যিমানেই পৰিশ্ৰম কৰিছিল, যিমানেই গৱেষণাত ব্যস্ত হৈ পৰিছিল সিমানেই বেগেৰে যেন পাৰ হৈ গৈছিল সময়। আৰু তেওঁ তাকেই বিচাৰিছিল - তেওঁৰ জীৱনৰ সময়খিনি দ্ৰুত গতিত পাৰ হৈ যাওক। 

“তোক কথাবোৰ তেতিয়াই কৈ দিম বুলি ভাবিছিলোঁ। কিন্তু তই বিদেশলৈ গুচি গ’লি। মোৰ লগত যোৱাৰ আগেয়ে এবাৰো কথা নাপাতিলি। তই মোক আজিও লগ কৰিবলৈ নিদিবি বুলিয়েই ভাবিছিলোঁ।” প্ৰভাসে ক’লে। 

“কথাবোৰ জানিলোঁ। ভাল লাগিল। কিন্তু এতিয়া এইবোৰৰ কোনো অৰ্থই নাই মোৰ বাবে। জীৱনটো প্ৰায় শেষেই হৈ গ’ল।” 

“তেনেকৈ কিয় কৈছ? মোৰ হাততহে সময় বেছি নাই। কিন্তু যোৱাৰ আগেয়ে মই সকলো ধাৰ-ঋণ মাৰি থৈ যাবই লাগিব। তোৰ ওচৰতো মোৰ এটা ডাঙৰ ধাৰ আছে।”

“তোৰ ধাৰ আছে? মোৰ ওচৰত? ময়েই দেখোন নাজানো।” শুকান হাঁহি এটা মাৰি বিক্ৰমাদিত্যই ক’লে।

“তইতো সেই দুটা বছৰ ভাবিয়েই থাকিলি, প্ৰিয়ম্বদাই তোকেই…। আৰু তই তাইক উপহাৰো দিছিলি। মনত আছে কি দিছিলি তই?” 

জীৱনৰ বহু কথাই বিক্ৰমাদিত্য দাসে পাহৰি গৈছিল। কিন্তু এই কথাবোৰ তেওঁ পাহৰিব বিচাৰিও পাহৰিব পৰা নাছিল। 

“মনত আছে। সেইবোৰ পাহৰি যাবলৈ খুব চেষ্টা কৰিছিলোঁ কাৰণেই বোধহয় পাহৰিব নোৱাৰিলোঁ। এটা বেগ, এটা ঘড়ী, এডাল সোণৰ সৰু চেইন।”

“ঠিক কৈছ। আৰু কি জান, তই মোক এইবাবেও মাফ কৰিব লাগিব, সেইবোৰ প্ৰিয়ম্বদাক মই দিয়া বুলি কৈছিলোঁ। এতিয়াও তাই আচল কথাটো নাজানে। আৰু তেতিয়াও মোৰ দৰে বেকাৰ এটাই সেইবোৰ তাইৰ কাৰণে কেনেকৈ কিনিলোঁ বুলি সোধা নাছিল। আচলতে সুধিব লাগিছিল, নহয়?”

বিক্ৰমাদিত্য দাসে আকৌ শুকানকৈ হাঁহিলে।

“সেইবোৰৰ দাম মনত আছেনে?”

এইবাৰ বিক্ৰমাদিত্যই ডাঙৰকৈ হাঁহিলে, “ইমান বছৰ পাৰ হৈ গ’ল। কেনেকৈ মনত থাকিব? আৰু ময়ো কিয় মনত ৰাখি থাকিম?” 

“মোৰ কিন্তু মনত আছে। বিল কেইখন এতিয়াও মই ৰাখি থৈছোঁ। এই, ইয়াতে আছে।” প্ৰভাসে উঠি বিক্ৰমাদিত্য দাসৰ হাতত বন্ধ খাম এটা দিলে। আকৌ আহি তেওঁ আগৰ ঠাইতেই বহিল। 

“কিন্তু এইবোৰ এতিয়া কিয়? কি দৰকাৰ আছে?” 

“চা। বিলৰ পইচাখিনি যোগ কৰিলে যিখিনি হ’ব, সেইখিনিৰে এতিয়া ভাল হোটেলত পৰিয়াল লৈ এসাঁজ ভালকৈ খাবও নাপাব পাৰোঁ। মই আজিৰ হিচাপত দামবোৰ ধৰিছোঁ। আৰু তাৰ ওপৰত ইমান বছৰৰ চক্ৰবৃদ্ধি সূত, সেইটোও যোগ কৰিছোঁ। যিমান হ’ল সেইখিনি …।” 

“কি কৈ আছ তই? কিহৰ অংক এইবোৰ?” বিক্ৰমাদিত্য দাসে একো বুজিব পৰা নাছিল। 

প্ৰবাসে কৈ গ’ল, “সেইখিনি কালিৰ হাৰত ডলাৰত কিমান হ’ব চালোঁ। আৰু এই খামটোত সিমানখিনি ডলাৰেই আছে। কমো নাই, বেছিও নাই।”  

বিক্ৰমাদিত্য দাসৰ মুখখন আৰু অধিক উদাস হৈ পৰিল। তেওঁ যি হেৰুৱালে তাক কোনো মূল্যৰে জুখিব পৰা নাযায়। ক’লে, “দৰকাৰ নাই। এইখিনিৰে এতিয়া কি কৰিম মই?”

“নহয়, নহয়, তই ৰাখিবই লাগিব। ধাৰবোৰ মই যোৱাৰ আগতে মাৰিবই লাগিব। নহ’লে মই শান্তি নাপাম। তোক আৰু কিজানি কেতিয়াও লগ নাপাওঁ। মোৰ হাতত আৰু চাৰি বছৰহে আছে।” 

“চাৰি বছৰ চাকৰি আছে?” 

“নাই, নাই। চাকৰি দুবছৰহে আছে। কিন্তু জীৱন আৰু খুব বেছি চাৰি বছৰ। তাকো সাৱধানে চলিলেহে। নহ’লে দুই-তিনি বছৰতো টিকট কাটিব লগা হ’ব পাৰে।” নিজে কোৱা কৌতুক এটাৰ ৰসত প্ৰভাসে যেন নিজেই হাঁহিলে। 

হতভম্ব চাৱনিৰে বিক্ৰমাদিত্য দাসে প্ৰভাসৰ ফালে চাই ৰ’ল কেই মুহূৰ্তমান। “কি কৈছ তই?” 

“মই কোৱা নাই। ডাক্তৰে কৈছে। গম পালোঁ এবছৰমান আগতে।”, প্ৰভাসে হাতৰ ম’বাইলটোত কিবা চাই চাই সহজ সুৰত ক’লে, “আচলতে তিনি বছৰ থকা বুলি কৈছে। কিন্তু সাৱধানে চলিলে চাৰি বছৰ থাকিব পাৰিম বোলে। মইতো ভালকৈ চলোঁৱেই। গতিকে চাৰি বছৰ থাকিব পাৰিম বুলি ধৰি লৈছোঁ।” 

বিক্ৰমাদিত্য দাসে প্ৰভাসৰ মুখৰ পৰা এনে কিবা শুনিব বুলি যেন মুঠেই আশা কৰা নাছিল। তাৰ ঋজু শৰীৰ, চকুৰ প্ৰখৰ চাৱনি, হাঁহিৰে উজলি থকা মুখখন - কেনেকৈ কিবা এটা বিসংগতিয়ে নিশ্চিতভাৱে তিল তিলকৈ খাই নিব পাৰে? 

প্ৰভাসে কিজানি বিক্ৰমাদিত্যৰ মনৰ কথা পঢ়ি ল’লে। ম’বাইলৰ পৰা চকু আঁতৰ নকৰাকৈয়ে ক’লে, “দেহাটোক মন্দিৰ এটাৰ দৰেই ৰাখিলোঁ। তথাপি ভাগ্য বুলিও কথা এটা থাকে। সকলোবোৰ কিজানি, এই যে অহাৰ সময় যোৱাৰ সময় এইবোৰ, আগতেই ঠিক কৰা থাকে।” 

বিক্ৰমাদিত্যৰ বুকুখনলৈ খালী খালী ভাব এটা আহিল। মস্তিষ্কৰ পৰা কোন স্নায়ুৰ কি সংকেত আহিলে বুকুত এনে অনুভৱ হয়? সেয়া কি শক্তি যিয়ে মস্তিষ্কক এনে সংকেতৰ বাবে উদ্বুদ্ধ কৰে? হয়তো তেওঁৰ মস্তিষ্কৰ চিনাকি মেপ এখনত প্ৰভাসৰ উপস্থিতি সদায় আছিল। কিজানি তাৰ বিদায়ৰ পাছত মেপখন কিছু অচিনাকি হৈ পৰিব আৰু সেই সম্ভাৱনাটোৱেই কিজানি মস্তিষ্কক সামান্য অস্থিৰ কৰি তুলিছে। 

“চিনাকি মেপ এখন অচিনাকি হৈ যোৱাটোৱেই সম্ভৱতঃ সকলোৰে এটা দুখ। কিন্তু অচিনাকি হৈ পৰা মেপখন ক্ৰমাত চিনাকি হৈ আহে পুনৰ, মাথোঁ কিছু সময় লাগে।” বিক্ৰমাদিত্যই অস্ফুটভাৱে ক’লে।

প্ৰভাসে ম’বাইলৰ পৰা মূৰ তুলি বিক্ৰমাদিত্যৰ ফালে অলপ পৰ চাই ৰ’ল। ক’লে, “ইমান বছৰ যে পাৰ কৰি আহিলোঁ, সেয়া কম আছিলনে? তাৰো ওপৰত আৰু আছে চাৰি বছৰ। বহুত সময়। আৰু এটা যুগেই আছে বুলিব পাৰি।” জীৱনৰ প্ৰতি কৃতজ্ঞ, অভিযোগশূন্য মানুহ এজনৰ দৰে প্ৰভাসে হাঁহিছিল। 

বিক্ৰমাদিত্যৰ মনটো আকৌ বহু বছৰ আগলৈ গুচি গ’ল। তেওঁৰ ভাৰাঘৰত থাকি বিশ্ববিদ্যালয়ত পঢ়ি থকা প্ৰভাসৰ তজবজীয়া মুখখন চকুত ভাহি উঠিল। তাৰ সেই শিশুসুলভ হাঁহিটো একেই আছে। আগৰ দৰেই নিৰ্মল, অভিযোগশূন্য, পোহৰ ছটিয়াই দিব পৰা এটা হাঁহি। 

“অৱসৰ পাবৰে হ’লোঁহি। নিশ্চিন্ত মনে গুচি যাব পাৰিম। যোৱাৰ সময়টো আগতীয়াকৈ কেইজনেনো গম পায়? সেই হিচাপত ভাগ্যৱান নহয়নে মই?” হাঁহি বন্ধ নকৰাকৈয়ে প্ৰভাসে ক’লে। 

বিক্ৰমাদিত্যৰ মনত প্ৰভাসৰ প্ৰতি একো বেয়া ভাব কোনোদিনেই নাছিল। হয়তো সামান্য অভিযোগ আছিল; সেইখিনিও সেই সময়ত কৰ্পূৰৰ দৰে উৰি বতাহত মিহলি হৈ গ’ল।

“ক’বলৈ গ’লে এই সকলোবোৰ ধেমালিয়েই। জীৱনটোৱে এটা ধেমালি।” প্ৰভাসে লাহে লাহে মূৰ জোকাৰি ক’লে। নিজৰ কৌতুকত যেন নিজেই ৰস পালে।

“ধেমালি!” বিক্ৰমাদিত্য দাসে সৰু সৰুকৈ ক’লে। চকু দুটা মুদি দিলে তেওঁ। তেনেহ’লে এই ধেমালিৰ কি প্ৰয়োজন আছিল। সম্ভৱতঃ এই ব্ৰহ্মাণ্ডও এটা ধেমালি, কোনোবা স্ৰষ্টাৰ, বা প্ৰকৃতিৰ ধেমালি !

“প্ৰিয়ম্বদা আৰু শশাংক আহিব পাৰিব নেকি? শশাংকৰ মানে তোক লগ কৰিবৰ বৰ মন। তই তাৰ ৰ’ল মডেল।” 

কিন্তু আগৰ দৰেই এতিয়াও নিঃসংগতা বিক্ৰমাদিত্যৰ প্ৰিয়। আৰু কাৰোবাৰ লগত বহি কথা পাতিবলৈ তেওঁৰ অকণো ইচ্ছা নাছিল। সুধিলে, “শশাংক, কোন?”

“আমাৰ ল’ৰা। মানে আমাৰ সিয়ে সকলো। তই ভয় নকৰিবি, আৰু দহ মিনিটৰ বেছি সময় আমি নলওঁ।”

 বিক্ৰমাদিত্যৰ মুখত ক্ষীণ হাঁহি এটা বিৰিঙি উঠিল, “আহিবলৈ ক’।”

প্ৰভাস আৰু ম’বাইলত অলপ সময়ৰ কাৰণে ব্যস্ত হৈ পৰিল। 

“প্ৰিয়ম্বদাই জানেনে? মানে তোৰ অসুখৰ কথা।” 

“জানে, জানে।” প্ৰভাসে ম’বাইলৰ পৰা চকু তুলি ক’লে। “দুয়োটাই জানে। সিহঁত সাজু হ’বলৈ ধৰিছে। সকলো অভ্যাসৰ কথা, বুইছ। মই যে চাৰি বছৰৰ বেছি নাথাকোঁ, সেই কথাটোৰে সিহঁত লাহে লাহে অভ্যস্ত হৈ আহিছে। ময়ো সাজু হৈছোঁ দে। দুবছৰমানতে কামবোৰ থান-থিত লগাব পাৰিম বুলি ভাবিছোঁ। তাৰ পাছত আৰু দুবছৰ। সেই দুবছৰৰ ছমাহমান কিজানি বিছনাত পৰি থাকোঁতে যাব,  হাঃ হাঃ হাঃ !”

বিক্ৰমাদিত্যই একো নক’লে। কান্ধৰ এটা সৰু বোজাৰ দৰে সুন্দৰ কিজানি একোৱেই নাই পৃথিৱীত। কাৰোবাৰ বাবে কিবা থান-থিত লগাই থৈ যাবলৈ তেওঁৰ নিজৰ কোনো প্ৰয়োজন নাথাকিব।

“প্ৰিয়ম্বদাই এটা সন্ধি কৰিছিল। জীৱনৰ লগত এটা সন্ধি। কিজানি সকলোৱেই সন্ধি কৰিব লগা হয়।” প্ৰভাসে খিৰিকীৰে বাহিৰলৈ চাই ক’লে।

“মানে?”

“তাই যাক বিচাৰিছিল, সেইজন খুব সম্ভৱ মই নাছিলোঁ। কিবা এটা দুখ তাইৰ সদায় আছিল। তেনেকৈয়ে সময় পাৰ হৈ গ’ল।” প্ৰভাসৰ হাঁহি বন্ধ হৈছিল।

প্ৰিয়ম্বদাৰ লগত এজন ওখ-পাখ পঁচিছ-ছাব্বিছ বছৰীয়া সুদৰ্শন যুৱক সোমাই আহিল। নমস্কাৰ জনাই সি বিক্ৰমাদিত্যৰ ভৰি চুই সেৱা কৰিলে। 

“শশাংক! দেউতাকৰ দৰেই সি তোমাৰ গুণমুগ্ধ।” প্ৰিয়ম্বদাই বিক্ৰমাদিত্য দাস বহি থকা ছোফাখনৰ এমূৰে বহি কৈছিল। 

শশাংকই কৃষ্ণ পদাৰ্থ আৰু শক্তিৰ ওপৰত কৰি থকা তাৰ গৱেষণাৰ কথা ক’লে। তাৰ পাছত দেউতাকৰ কাষত বহি অলপ পৰ কিবা কথাত ব্যস্ত হৈ পৰিল। দুয়োজনে কথাই কথাই হাঁহিছিল। অভিযোগশূন্য শিশুসুলভ হাঁহি।

“কিজানি আমি এনেদৰে আগেয়েও বহিব পাৰিলোহেঁতেন। আমাৰ সাহস নাছিল, হয়তো আমাৰ অহংকাৰ আছিল।” প্ৰিয়ম্বদাই অৰ্থপূৰ্ণভাৱে সৰুকৈ হাঁহি বিক্ৰমাদিত্য দাসলৈ চাই কৈছিল।

বিক্ৰমাদিত্যয়ো হাঁহিছিল। তেওঁৰ হাঁহিটোত আৰু কোনো অভিযোগ নাছিল। কিন্তু প্ৰিয়ম্বদাৰ দুচকুৱে আৰু হাঁহিটোৱে তেওঁক চুম্বকৰ দৰে আকৰ্ষণ কৰিছিল। লেপ্টন-কোৱাৰ্ক, স্থান-কালৰ বক্ৰতা আৰু শক্তি আৰু পদাৰ্থৰ সেই চিৰন্তন নৃত্যৰ বিজ্ঞানৰ বাহিৰৰ অন্য এক বিজ্ঞান সেই চুম্বক যাৰ ব্যাখ্যা তেওঁৰ ওচৰত কোনোকালেই নাছিল আৰু কোনোকালেই নাথাকিব।

আধা ঘণ্টামান সময় পঞ্চতাৰকা হোটেলখনৰ সেই কোঠাটো পুৱাৰ নিৰ্মল ৰ’দৰ দৰে জলমল হাঁহিৰে ভৰি থাকিল। বিক্ৰমাদিত্যৰ মনটো যেন ভৰহীন হৈ গৈছিল। এজাক ৰিব ৰিব বতাহত তেওঁ যেন নিজকে এৰি দিছিল।

শংশাকৰ বিক্ৰমাদিত্য দাসৰ দৰে এজন মহান বিজ্ঞানী হোৱাৰ এটা সপোন আছে। যোৱাৰ আগেয়ে সি সুধিছিল, “আগুৱাই যাবলৈ মই কি কৰিম, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি?”

তাক সাবটি ধৰি বিক্ৰমাদিত্যই কৈছিল, “হৃদয়ৰ কথাবোৰ শুনিবা। সাহসী হ’বা। আৰুনো কি ক’ম?”

সিহঁত তিনিওজন ওলাই গৈছিল। লিফ্টৰ পিনে ঘূৰা কৰিডৰটো লোৱাৰ আগতে সিহঁতে বিক্ৰমাদিত্য দাসলৈ আকৌ উভতি চাই হাঁহিছিল। শশাংকই মাক-দেউতাকৰ কান্ধত হাত দুখন ৰাখিছিল। প্ৰভাসতকৈ ওখ সি। খন্তেক পাছত আকৌ তাৰ সৰল উচ্ছ্বল হাঁহিৰ শব্দ ভাহি আহিছিল। 

সেই হাঁহিটোৱেইতো জীৱনৰ শ্ৰেষ্ঠ প্ৰাপ্তি! বিক্ৰমাদিত্যই ভাবিছিল। শূন্য কোঠাটোলৈ সোমাই আহি চোফা এখনত বহি পৰিল তেওঁ। খিৰিকীৰে আকাশখনলৈ চাই পঠিয়ালে। অ’ত ত’ত এটা-দুটা তৰা তিৰবিৰাই আছে। কিমান শ আলোক বৰ্ষ দূৰত সিহঁতৰ অৱস্থিতি? কিমান বেগত সিহঁত দূৰলৈ আৰু দূৰলৈ গৈ আছে? চিৰসম্প্ৰসাৰিত বিশ্বত কোনো এটা তৰাই চিৰকাল জ্বলি থাকিব নোৱাৰে। নিশাৰ আকাশখন দিনৰ আকাশতকৈও উজ্জ্বল হ’ব লাগে। কিন্তু নহয়।নহয় কাৰণেই নিশাবোৰ এন্ধাৰ। নিঃসীম এন্ধাৰ কেতিয়াবা কিমান সুন্দৰ !

তেওঁৰ কিছু সময়লৈ সকলো বিজ্ঞান পাহৰি যাবলৈ মন গ’ল। লাহে লাহে যেন কোঠাটো এন্ধাৰেৰে ভৰি পৰিবলৈ ধৰিলে। লাহে লাগে এন্ধাৰ হৈ আহিল আকাশখনো আৰু অজস্ৰ তৰাৰে ভৰি পৰিল। 

সেই আকাশৰ তলত বিক্ৰমাদিত্য দাস শিশু এটাৰ দৰে টোপনি গ’ল।

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ