তৃপ্তি বৰা
সৰু কোঠাটো, বিছনাখন
আৰু এখন চাৰিকোণীয়া আকাশ! মাজে মাজে চুকৰ সৌ লঠঙা গছজোপাৰ ডাল এটাৰ পৰা বেলিটো লুটুপকৈ
সৰি পৰে, কেতিয়া কোন সময়ত সৰে মোৰ খেয়ালেই নাথাকে আজিকালি৷ তাৰ পাছত গোটেইখন আন্ধাৰ
হৈ পৰে৷ কেতিয়াবা জোনৰ পোহৰ অকণমান দেখোঁ, পিছে খিৰিকীৰ চাৰিকোণীয়া ফ্ৰেমৰ আকাশটুকুৰাই
জোনটোক সামৰি ল’বলৈ সক্ষম নহয়গৈ৷ যদিওবা হয়, মই আজিলৈ মনেই কৰা নাই৷ কিমান চাম একেখিনি
দৃশ্যকেই! মোৰ দৃষ্টিৰ দৰেই মোৰ মনৰ আকাশখনতো এটা পৰিসীমা গঢ় লৈছে ইতিমধ্যে৷ সেয়া
চাৰিকোণীয়া, বৃত্তাকাৰ, অৰ্ধাবৃত্তাকাৰ নে
ত্ৰিভূজাকাৰ নাজানো৷ মাথোঁ এটা কথা ধুৰূপ, সেয়া খিৰিকীৰ আকাৰতকৈও ঠেক হৈ পৰিছে৷ ৰং তুলিকাৰে জীৱনক সজাই ভালপোৱা মোৰ আজিকালি
হাতত ৰঙৰ প্লেটখন তুলি ল’বলৈ সাহস নহয়৷ এনে লাগে, উকা কেনভাছখনে মোলৈ আকুলতাৰে চাই
থাকে৷ কান্দে নে মাতে নাজানো! ৰংবিহীন মানুহে কেনভাছত ৰং সানিলেও জীৱনক ৰঙীণ কৰিব পাৰে
জানো!
এসময়ত ৰং মোৰ জীৱনতো
আছিল৷ অথচ মই নিজহাতেৰেই ৰংবোৰ এদিন মচি পেলাইছিলোঁ৷ মিঠা সুৰ এটি হৈ মোৰ জীৱনটোক সজাই
ৰখা সান্নিধ্যক মই এদিন স্ব-ইচ্ছাৰে আঁতৰাই পঠিয়াইছিলোঁ৷ তাঁৰচিগা ভায়োলিন এখনৰ দৰেই
পৰি ৰৈছিল বুকুৰ একোণত মোৰ সকলো হেঁপাহ৷
ভিতৰি মই টুকুৰা-টুকুৰ
হৈ পৰিছোঁ, এনে এক অনুৰূপ পৰিক্ৰমাৰ মাজেৰে সান্নিধ্যইও বাট বুলিছে - এই কথাষাৰ মনলৈ
আহিলেই, কেৰাহীৰ ভকভকাই থকা তপত তেলত জীয়ামাছে চটফটোৱাৰ মোৰ কলিজাটোৱেও ধৰফৰাই উঠে৷
দুখ,যন্ত্ৰণা,ক্ষোভ এই সকলোৰে মিশ্ৰিত অনুভৱে মোক পিহি থাকিলেও অনুতাপৰ জুয়ে পিছে
মোক কেতিয়াও কোনো পলতে দগ্ধ কৰা নাই৷ “কুশলে থাকাঁ সান্নিধ্য” - নিঃসংগতাই নেফানেফ
কৰি পেলোৱাৰ মুহূৰ্ততো প্ৰাৰ্থনাৰ দৰে মই মাথোঁ এই কথাকে আওৰাই থাকোঁ৷
“মোক অকণমান দয়া কৰা ৰুদ্ৰাণী! তুমিহীনতাই মোক মাৰি পেলাব৷ মই জীয়াই থাকিব নোৱাৰিম৷”
“কোনো কাৰো অবিহনে
মৰিব নোৱাৰে সান্নিধ্য৷ তুমিও জীয়াই থাকিবা, ময়ো থাকিম৷”
গম্ভীৰ মাতেৰে মই
সেইদিনা সান্নিধ্যক এটা গোকাট মিছা কথা কৈছিলোঁ৷ মই জানো সান্নিধ্য অবিহনে মই প্ৰতিদিনেই
মৰিম৷ আচলতে “তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ” বুলি কোৱা মানুহবোৰে সঁচা কথাই
কয়৷ ক্ৰমশঃ মৰি অহা মানুহবোৰে সেয়ে হয়তো বিচাৰে কৰুণ সুৰ(একো নথকাতকৈ) এটা হ’লেও
বুকুৰ ভিতৰত ৰি-ৰিয়াই বাজি থাকক৷ শুকান হৈ পৰা চকুযুৰি তিয়াব পৰাকৈ অকণমান অশ্ৰু হৈয়েই
কোনোবা থাকক৷ বুকুৰ শুকান মৰুভূমিত সাগৰফেনা হৈ ফুলি থাকক অথবা স্মৃতিৰ তলসৰা বকুল
এপাহৰ সুৱাস এধানমান হৈয়েই বিয়পি থাকক৷
চিত্ৰ প্ৰদৰ্শনী এখনতেই প্ৰথম দেখা হৈছিল সান্নিধ্যৰ সৈতে৷ মই আঁকি থকা ছবি এখনৰ ভায়’লিন বজাই থকা যুৱকজনৰ কৰুণ চকুযুৰিৰ সৈতে যেন সান্নিধ্যৰ চকুদুটিৰ কোনোবাখিনিত সাদৃশ্য আছিল৷ তেওঁলৈ মোৰ আগ্ৰহ বাঢ়িছিল৷ আমি ঘনিষ্ঠ হৈ পৰিছিলোঁ৷ এদিন আৱিষ্কাৰ কৰিছিলোঁ সান্নিধ্যই সঁচাকৈয়ে বৰ ভাল ভায়’লিন বজায়, তেওঁৰ কণ্ঠও বৰ সুৱলা৷
“মিউজিকৰ উপৰি মই
কিবাকৈ থাকিব পৰাকৈ তোমাৰ বুকুত ঠাই অকণমান হ’ব নেকি? বেছি নালাগে, তুমি নিৰ্ধাৰণ কৰি
দিয়া ঠাইটুকুৰাই মোৰ বাবে যথেষ্ট হ’ব৷” - ধেমালিৰ চলেৰে এদিন তেওঁক মনৰ কথাষাৰ কৈ
পেলাইছিলোঁ৷
“অকণমান ঠাই কিয়? বুকুৰ গোটেইকেইটা কোঠালিয়েই তোমাৰ৷
তুমি সাতোৰঙেৰে সজাই তুলিবা আৰু মই সপ্তস্বৰেৰে ছন্দময় কৰি তুলিম৷”
স্বভাৱসুলভ হাঁহিটিৰে তেওঁ কৈ উঠিছিল৷
কতবোৰ জীয়া কথাই
মানুহৰ বুকুত খলখলাই ফুৰে৷ প্ৰস্তৰৰ দৰে কিমানবোৰ কথাই ভৰ কৰি ৰাখে, গভীৰৰ পৰা গভীৰলৈ
নেদেখাজনে জানো সেই কথা বুজে! মানুহ নৈ বা পাহাৰ হ’ব নোৱাৰে, সেয়ে মানুহক এজন বিশ্বস্ত
শ্ৰোতাৰ প্ৰয়োজন হয়, ভিৰত হেৰাই যাব নোৱৰাকৈ এখন আশ্বাসৰ হাত, ভৰত কোঙা হৈ নপৰাকৈ
দাঙি ধৰিব পৰা এখন বিশ্বাসী কান্ধ কোনেনো নিবিচাৰে!
ভালপোৱাৰ সাতো ৰং
আৰু সাতো সুৰেৰে জীৱনটো ৰঙীণ আৰু ছন্দময় হৈ পৰাৰ সময়তে সকলোবোৰ খেলিমেলি কৰি পেলাইছিল
এখন ছবিয়ে৷ মই নিজহাতেৰে অঁকা এখন ছবি৷ কিয় আঁকিছিলোঁ, কিহৰ তাড়ণাই মোক ছবিখন আঁকিবলৈ
বাধ্য কৰাইছিল নাজানো৷ ইমান পৰিপূৰ্ণ জীৱন এটা মোৰ হাতৰ মুঠিত থকাৰ পাছতো কেনেবাকৈ
মই মৃত্যুকাতৰ হৈছিলোঁ নেকি বাৰু! কিহৰ আবাহনত মই আঁকিবলৈ বাধ্য হৈছিলোঁ মৃত্যু যন্ত্ৰণাত
ছটফটাই থকা চিপজৰী লোৱা যুৱকৰ ছবি৷ কাহানিও আঁকিম বুলি নভবা অদ্ভূত ছবিখন আঁকি উঠাৰ
পাছতেই মোৰ ফোনটোৱে কঢ়িয়াই আনিছিল ভয়ংকৰ খবৰটো- শোৱা কোঠাৰ চিলিং ফেনত ওলমি আছিল
মোৰ বাল্যবন্ধু বৰ্ণিল৷ জীৱনক সদায় ধনাত্মক দৃষ্টিৰে চোৱা বৰ্ণিলৰ মৃত্যুৰ কাৰণ কোনেও
জনা নাছিল৷ আশ্বৰ্য্য আৰু শঙ্কামিশ্ৰিত দৃষ্টিৰে মই নিজে অঁকা ছবিখনলৈ বিস্ফাৰিত নেত্ৰে চাই ৰৈছিলোঁ৷ ছবিখনত সৌৱা মৃত্যু যন্ত্ৰণাত ছটফটাই থকা যুৱকজনৰ চকুযুৰি সাইলাখ বৰ্ণিলৰ
দৰে৷ ঠাইতেই ঢলি পৰিছিলোঁ মই৷ সান্নিধ্যৰ বুজনিয়েও মোক শান্ত কৰিব পৰা নাছিল৷
লাহে লাহে কথাবোৰ
মোৰ সন্মুখত স্পষ্ট হৈ পৰিছিল৷ ছবিৰ ভায়’লিন বজাই থকা যুৱকজনৰ সৈতে সান্নিধ্যৰ দুচকুৰ
সাদৃশ্যৰ কথা৷ সেয়াই যেন আৰম্ভণি! মোৰ হাতৰ মুঠিৰ পৰা আঙুলিৰ ফাঁকেৰে সুখবোৰ ঝৰঝৰকৈ
বালিৰ দৰে সৰকি পৰিবলৈ ধৰিলে৷ ছবি আঁকিবলৈ মোৰ ভয় লগা হ’ল৷ তথাপি সান্নিধ্যৰ মৰম
আৰু আব্দাৰতেই আঁকিবলৈ চেষ্টা কৰিছিলোঁ হেঁপাহৰ ছবি এখন৷ কিন্তু আচৰিত ধৰণে মই আঁকিবলৈ
খোজা ছবিখনৰ পৰিৱৰ্তে আঁকি পেলাইছিলো নিজৰেই এখন কৰুণ ছবি৷ ফাগুন ফাগুন লগা বতৰ এটাত
বগা সাজ, কৰুণ দুচকু, বিয়পি পৰা ৰঙা কপাল আৰু খোলা চুলিৰে সেয়া যে মই! বুজি উঠিলো,
এয়া যে অৱধাৰিত৷
“তাতে কি হ’ল, বগা
সাজ পিন্ধালা? বগা মানেই দেখোন সাতো ৰঙৰ সমাহাৰ৷ বগা ৰংটোক লৈ ইমান আপত্তি কিয়?” -
সান্নিধ্যই প্ৰথমে মোৰ কথাটোক তেনেকৈয়ে উৰাই দিছিল৷
“তথাপি উকা বগা
কেনভাছখন তোমাৰ জানো ভাল লাগে সান্নিধ্য? তুমিয়েই দেখোন মোক ৰং সানিবলৈ কোৱাঁ৷ নোকোৱানে?”
“মোৰ অবিহনে তোমাৰ
জীৱনৰ কেনভাছখনত ৰং থাকিবনে ৰুদ্ৰাণী? সঁচা কথা ক’বা৷” - এই প্ৰশ্নৰ উত্তৰ কি হ’ব পাৰে
সান্নিধ্যই হয়তো জানিছিল৷ তথাপি দুচকুত প্ৰশ্নবোধক ওলমাই লৈ মোৰ দুচকুলৈ চাই ৰৈছিল৷
“তুমি অহাৰ আগতে
মোৰ জীৱনত ৰং নাছিল বুলিতো মই তোমাক কাহানিও কোৱা নাই!” মোৰ এতিয়াও মনত আছে, মোৰ চকুযুৰি
তেতিয়া দূৰৈৰ সৌ লঠঙা গছজোপাতে নিৱদ্ধ হৈ আছিল৷
“তোমাক আচলতে চিকিৎসাৰ প্ৰয়োজন৷ মই তোমাক এনেকৈ
এৰি যাব নোৱাৰোঁ৷”
“তুমি মোক বলিয়া বুলি ভাবিছা নেকি ?”
“মই কেতিয়াও তেনেকৈ ভবা নাই৷ তুমি মোৰ কথাষাৰ ভুলকৈ
বুজিলা”...হাজাৰ যুক্তি-তৰ্ক, বাক-বিতণ্ডাৰ অন্ততঃ এসময়ত সান্নিধ্যৰ কণ্ঠত কান্দোন
আৰু আকুতি ফুটি উঠিছিল৷ সেই সকলোবোৰ আওকাণ কৰি এসময়ত মই তেওঁক মোৰ কাষৰ পৰা একেবাৰে
আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিলোঁ৷ সপ্তাহ, পষেক, মাহ যুঁজিও সান্নিধ্যই মোৰ লগত যোগাযোগ
কৰিবলৈ সক্ষম হোৱা নাছিল৷ মোৰ অবিহনে তেওঁ জীয়াই থাকিব পাৰিছেনে নাই নাজানো, কিন্তু
আখৰা যে কৰিছে সেই কথা ইতিমধ্যেই অনুমান কৰি লৈছোঁ৷
আজিকালি মোৰ নিজৰ
হাত দুখনলৈ ভয়তকৈও বেছি ঘৃণা উপজিবলৈ লৈছে৷ ৰংবোৰতকৈ বীভৎস যেন পৃথিৱীত একোৱেই নাই৷
বন্ধ কোঠাটো আৰু চাৰিকোণীয়া খিৰিকীখনৰ পৰিসীমাই ঢুকি পোৱা পৃথিৱীখনতেই নিজকে আৱদ্ধ
কৰি পেলাইছোঁ৷ ৰং তুলিকাতেই জীৱনৰ সমস্ত সুখ বিচাৰি পোৱা মানুহজনীৰ পৰা এতিয়া ৰং-তুলিকাই
জীৱনৰ সকলো ৰং কাঢ়ি নি উকা কেনভাছ এখন উপহাৰ দি গ’ল৷ কি যে যন্ত্ৰণা!
কোঠাৰ চুকতে পৰি মোলৈ ফেলফেলকৈ চাই থকা উকা কেনভাছখনৰ কাষলৈ উঠি গৈ এনেয়ে এবাৰ হাত ফুৰালোঁ৷ কি আছেনো মোৰ হেৰুৱাবলৈ! পাবলৈয়ে বা আছে কি! ছবিতেই জীৱনৰ সমস্ত সুখ বিচাৰি পোৱা মোৰ আকৌ এবাৰ মন গ’ল ছবিৰ জৰিয়তেই নিজকে এবাৰ জুখি চাবলৈ৷ পেঞ্চিল, ব্ৰাছ, ৰঙৰ পেলেট সকলোবোৰ ছপাই লৈ কেনভাছত উজাৰি পেলালোঁ হৃদয়ৰ সমস্ত ক্ষোভ-যন্ত্ৰণাৰ অব্যক্ত কথাবোৰ৷
চাৰিওফালে লেলিহান
শিখাৰ মাজত সেয়া মই৷ জুইৰ ৰঙা ৰঙা জিভাবোৰে মোৰ শৰীৰক চেলেকিছে আৰু মই যেন যন্ত্ৰণাত
ছট্ফট্ কৰিছোঁ৷ এয়া কি কৰি পেলালোঁ মই! মোৰ হাতৰ ব্ৰাছ মজিয়াত খহি পৰিল৷
অৱধাৰিত মৃত্যুৰ
বাবে মই এতিয়া অপেক্ষা কৰাৰ বাদে গত্যন্তৰ নাই৷ ৰৈ থাকিলোঁ মৃত্যুৰ অপেক্ষাত৷ কেতিয়া
মোক লেলিহান শিখাই গিলিব, কেতিয়া মই মৃত্যুৰ কোলাত প্ৰশান্তিৰে ঢলি পৰিম৷ এঘণ্টা,
এদিন, দুদিন পাৰ হৈ গ’ল৷ তেনে ধৰণৰ একো ঘটনা মোৰ লগত নঘটিল৷
তেনেহ’লে কি ৰংবোৰেও
মানুহৰ দৰে মিছা মাতে! নে বৰ্ণিলৰ সদাহাস্য চকুযুৰিয়ে মিছা মাতিছিল? কোনে জানে হাঁহিৰ
ৰংসনা ধুনীয়া ছবিহেন লগা মুখবোৰৰ আঁৰত কিজানি সকলোৱে একোটা গজাল পুতি থৈ দিয়ে৷ কেঁচা
কলিজাত পুতি থোৱা যন্ত্ৰণাৰ গজালত ওলমি থাকে একোখন সঁচা সঁচা যেন হাঁহিমুখৰ ছবি! কিজানি
বৰ্ণিলেও বুকুত কঢ়িয়াই ফুৰিছিল এটি গজাল! ছবিয়ে আচলতে ঠগা নাই মোক, ৰঙেও কাহানিও মিছা মতা নাই৷ ৰংবোৰেতো
নিজে কাহানিও কোৱাহি নাই সিঁহতৰ চৰিত্ৰ বা বৈশিষ্ট্যৰ বিচাৰ কৰিবলৈ!
কি ভাবি নাজানো,
হঠাতে দুদিন ধৰি অফ কৰি ৰখা ফোনটো অন কৰিবলৈ মন গ’ল৷ মৃদু শব্দ এটিৰে মেছেজ ট’নটো বাজি
উঠিল৷ যোৱা দুদিনত মোৰ সৈতে ঘটি যোৱা ঘটনাৰাজিয়েও মোক ইমান আচৰিত কৰা নাছিল, যিমান
মই এই মুহূৰ্তত আচৰিত হ’লোঁ৷ মোবাইলৰ স্ক্ৰীনত জিলিকি আছিল সান্নিধ্যৰ মেছেজ -
“ৰংবিহীন জীৱনক অকল সুৰেৰে সজাবলৈ বৰ কষ্ট হৈছে
ৰুদ্ৰাণী৷ মোক ৰং লাগে, সুৰ সজাবলৈ, জীয়াই থাকিবলৈ! তুমি বুজিছানে? আশা ৰাখিছোঁ তুমি
সোনকালেই বুজি উঠিবা৷”
ফোনটো হাতৰ মুঠিতে
লৈ খোলা খিৰিকীখনেৰে বাহিৰলৈ এনেয়ে চালোঁ৷ কিয় জানো! আজি মোৰ কোঠাৰ খিৰিকীৰে দেখা আকাশখনক
চাৰিকোণীয়া যেন নালাগিল৷ বৰং এখন কেনভাছৰ দৰে লগা আকাশখনত মোক আচৰিত কৰি এখন ৰামধেনু
ওলাইছে৷ সুদূৰৰ লঠঙা গছজোপাত কেইটিমান কুঁহিপাত ওলাইছে৷ মই বিছনাৰ পৰা উঠি গৈ ড্ৰেছিং
আইনাখনৰ সন্মুখত ৰ’লোঁ৷ এতিয়া চাগৈ বসন্ত সোমাইছে৷ এনে লাগিল যেন ক’ৰবাৰ পৰা কুলিৰ মাত
এটি যেন ভাহি আহিব৷ বিশৃংখল কোঠাটোৰ চাৰিওফালে এনেয়ে এবাৰ চকু ফুৰালোঁ৷ মজিয়াত সিঁচৰতি
হৈ পৰি থকা ৰঙৰ পেলেটখনৰ পৰা হাতৰ তিনি আঙুলিৰ আগেৰে ৰং অকণমান চুঁচি আনি ড্ৰেছিং আইনাৰ
সন্মুখত ৰৈ মোৰ গাল দুখনত সানি দিলোঁ৷
ফোন : ৮৬৩৮০৫৪৯৪৮