ড০ স্মৃতিমালা শৰ্মা
গুৱাহাটী
মহানগৰীৰ মাজ মজিয়াত, ব্যস্ত ৰাজপথ আৰু আকাশলংঘী
অট্টালিকাবোৰৰ মাজত এটা সৰু ৰেডিঅ’ ষ্টেচন। ৰেডিঅ’ ষ্টেচনটোৰ
চাৰিওফালে কংক্ৰিটৰ সুউচ্চ দেৱালৰ পৰিসীমাৰ
ভিতৰত আছে এখন সৰু কিন্তু সজীৱ পৃথিৱী। ইয়াতেই প্ৰতিদিনে সৃষ্টি হয় শব্দৰ মায়াজাল
আৰু ৰেডিঅ’ তৰংগৰ মাজেৰে গতি কৰি সেই শব্দই
সন্মোহিত কৰি ৰাখে অসমৰ হাজাৰজন শ্ৰোতাক।
“শুভ সন্ধিয়া অসমবাসী...” বুলি সুললিত শব্দৰ সাৱলীল ব্যঞ্জনাৰে শ্ৰোতাক
আপ্লুত কৰি সন্ধিয়াৰ পৰা দোভাগ ৰাতিলৈ
এটা ধনাত্মক আৱেশেৰে আৱৰি ৰাখিবলৈ সক্ষম হয় এটি যাদুকৰী কণ্ঠ। সেই
যাদুকৰী কণ্ঠ আৰ জে জোনাকৰ। এফ. এম. নাইনটি
নাইন পইণ্ট ফাইভৰ এটি বিশেষ
অনুষ্ঠানৰ আঁত ধৰে আৰ জে জোনাকে।
আৰ জে
জোনাকৰ শুৱলা আৰু যাদুকৰী কণ্ঠই ইতিমধ্যেই বলিয়া কৰিছে হাজাৰজন শ্ৰোতাক।
প্ৰতিদিনে
সন্ধিয়া দিগন্তৰ তলত যেতিয়া সূৰ্যটো বুৰ যায়, গুৱাহাটী
মহানগৰীৰ সৌৰশক্তি চালিত ষ্ট্ৰীট লাইটবোৰে কৃত্ৰিম পোহৰ বিলাবলৈ আৰম্ভ কৰি জিলিকি
উঠে, দিনটোৰ
ব্যস্ততাৰ অন্তত যেতিয়া
মহানাগৰিকসকলক যান্ত্ৰিক অৱসাদে আৱৰি ধৰে, আৰ জে জোনাক তেতিয়া
এয়াৰৱে’ভলৈ নামি আহে। তাইৰ সুৱদি
কণ্ঠত মোহাচ্ছন্ন হয় আকাশবাণীৰ শ্ৰোতাসকল। তাই কাহিনী কয়।
কাৰোবাৰ সফলতাৰ কাহিনী, কাৰোবাৰ বিফলতাৰ কাহিনী, কাৰোবাৰ
প্ৰেমৰ কাহিনী, কাৰোবাৰ বিচ্ছেদৰ কাহিনী, কাৰোবাৰ সত্য
অন্বেষণৰ কাহিনী, কাৰোবাৰ হতাশাগ্ৰস্ততাৰ কাহিনী।
বিভিন্নজনে
জোনাকলৈ নিজৰ নিজৰ কাহিনীবোৰ লিখি পঠিয়ায়। জোনাকে কাহিনীবোৰ শ্ৰুতিমধুৰ কৰি নিজৰ
অপৰিসীম দক্ষতাৰে শ্ৰোতাসকলৰ আগত উপস্থাপন কৰে আৰু ৰেডিঅ’ তৰংগৰ আঁৰত জোনাক
হৈ পৰে কোনোবাজনৰ দুখৰ সমভাগী হোৱা বন্ধু, কোনোবাজনৰ গল্পকথাত
মচগুল ভগ্নী আৰু কোনোবাজন নিষ্ঠাবান
শ্ৰোতাৰ নিৰৱ মুহূৰ্তৰ সাক্ষী আপোন সুহৃদ। প্ৰেম
আৰু আনন্দৰ উচ্চ স্তৰৰ পৰা হৃদয়ৰ বেদনা আৰু হতাশাৰ নিম্ন স্তৰলৈকে তাই শ্ৰোতাৰ
কাষত থাকি তেওঁলোকৰ জীৱনবোৰ ৰাতিৰ আন্ধাৰত সান্ত্বনা আৰু
সুৰৰ ঝংকাৰেৰে আৰামদায়ক কৰি তোলে। অফ
এয়াৰ আৰ জে জোনাক এক
ৰহস্য। তাইৰ প্ৰকৃত পৰিচয় কমেইহে জানে আৰু তাতোকৈ ডাঙৰ কথা কোনো সামাজিক মাধ্যমত
তাইৰ ছবি পাবলৈ নাই।
তাইৰ
কমনীয় আৰু সুললিত কণ্ঠই বহুতো যুৱকৰ হৃদয়ত প্ৰেমৰ ঢৌ তোলে, কিন্তু
তাই যেন সকলোৰে বাবে এক সাঁথৰ। তাইৰ কণ্ঠই তাইৰ
পৰিচয়। বিভিন্নজনে সামাজিক অনুষ্ঠানত আৰ জে
জোনাকৰ উপস্থিতি কামনা কৰি নিমন্ত্ৰণ কৰে। কিন্তু অতি বিনম্ৰতাৰে জোনাকে নিমন্ত্ৰণ
প্ৰত্যাখ্যান কৰি নিজক লুকুৱাই ৰাখে।
বছৰবোৰ
পাৰ হৈ যোৱাৰ লগে লগে আৰ জে জোনাকৰ
জনপ্ৰিয়তা বাঢ়ি আহিল, তাইৰ
নিশাৰ সম্প্ৰচাৰ অগণন শ্ৰোতাৰ জীৱনৰ মূল খাদ্য হৈ পৰিল। নিষ্ঠাবান শ্ৰোতাৰ বাবে
তাই আছিল আন্ধাৰ আৰু অনিশ্চিত যেন লগা পৃথিৱীখনৰ এছাটি কোমল ৰ’দালি।
তাৰ
মাজতেই আৰ জে জোনাকৰ
প্ৰেমত পৰিল নৱ প্ৰজন্মৰ অতি জনপ্ৰিয় আৰু সংবেদনশীল ঔপন্যাসিক অংগৰাগ কাশ্যপ।
কেইবাবাৰো অংগৰাগ কাশ্যপে টেলিফোনযোগে জোনাকক ভালপোৱাৰ প্ৰস্তাৱ দিছে। কিন্তু এই
বিষয়ত আচৰিত ধৰণে নিৰ্বিকাৰ আৰু নিৰুদ্বেগ তাই।
অংগৰাগ
কাশ্যপৰ প্ৰতিখন উপন্যাস জোনাকেও পঢ়িছে। তেওঁৰ লিখনিত
প্ৰতিফলিত প্ৰেম, হতাশা, লোভ, দুখৰ
অনুভূতিবোৰ বাৰুকৈয়ে অনুধাৱন কৰিব পাৰে জোনাকে। অংগৰাগ কাশ্যপৰ প্ৰতিখন
উপন্যাস শ্ৰোতাক পঢ়ি শুনাইছে জোনাকে কাৰণ জোনাকো অংগৰাগ কাশ্যপৰ লেখাৰ দুৰন্ত
ফেন। কিন্তু কোনো
কাৰণতে তাই অংগৰাগৰ প্ৰেমৰ দস্তাবেজৰ অংশীদাৰ হ’ব নোৱাৰে।
অংগৰাগে
তাইক এবাৰ লগ কৰিবলৈ অনুৰোধ কৰিছে অন্যথা হাতৰ পৰা কলম নমাই থোৱাৰ এক আচৰিত জেদ।
প্ৰায় এটা বছৰ তেনেকৈয়ে পাৰ হৈ গ’ল। অংগৰাগক হাতত কলম
তুলিবলৈ সামাজিক মাধ্যমত উপন্যাসপ্ৰেমীৰ অনুৰোধ। আচৰিত
ধৰণে নিৰ্বিকাৰ আৰু নিজৰ স্থিতিত অটল অংগৰাগ কাশ্যপ।
আৰ
জে জোনাকে এটা সিদ্ধান্ত ল’লে। তাই অংগৰাগ কাশ্যপক লগ কৰিব । তাইৰ
প্ৰিয় ঔপন্যাসিকজনৰ কলমক তাই স্তব্ধ হৈ যাবলৈ দিব নোৱাৰে। তাই ইমান স্বাৰ্থপৰ
নহয়।
আজি
আৰ জে জোনাকৰ এটি বিশেষ অনুষ্ঠান সম্প্ৰচাৰ হ’ব। এফ
এম নাইনটি নাইন পইণ্ট ফাইভৰ শ্ৰোতাসকল ৰৈ
আছে । যথা সময়ত অনুষ্ঠান আৰম্ভ হ’ল। “শুভ সন্ধিয়া
অসমবাসী।” জোনাকৰ যাদুকৰী
কণ্ঠই শ্ৰোতাসকলক সন্মোহিত কৰি নতুন এটা কাহিনীৰ ফালে লৈ গ’ল।
“প্ৰিয় শ্ৰোতাবন্ধুসকল, আহকচোন আজি আমি
শুনো আমাৰ বিশেষ কাহিনীটো।
আমাৰ
আজিৰ কাহিনীটোৰ মুখ্য চৰিত্ৰটো শেখৰ ৰংপী। পাহাৰীয়া
জিলাখনৰ ভিতৰুৱা গাঁও এখনত ডাঙৰ-দীঘল হোৱা শেখৰক
ছয় বছৰ বয়সতে দেউতাকে পঢ়িবৰ বাবে থৈ গৈছিল পাহাৰীয়া
জিলাখনৰ উপায়ুক্তগৰাকীৰ ঘৰত। পঢ়াৰ বাহিৰে শেখৰৰ একো কাম নাছিল কাৰণ চৰকাৰী আৱাসত
কাম কৰা মানুহৰ অভাৱ নাছিল। কিতাপেৰে ভৰি
থকা ঘৰখনত সেয়েহে যেতিয়াই তেতিয়াই কিতাপ পঢ়িছিল শেখৰে। লগৰ
সমনীয়াক বৰ সুন্দৰকৈ কিতাপৰ কাহিনীবোৰ কৈছিল। স্থানীয় মইনা পাৰিজাতখনৰ পৰা শিশু
অনুষ্ঠানবোৰত বক্তৃতা দিবলৈ গৈছিল শেখৰ। শেখৰৰ শুৱলা কণ্ঠত জ্ঞানগৰ্ভ বক্তৃতা শুনি
দৰ্শকে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি দিছিল।
সময়বোৰ বৰ সুন্দৰকৈ পাৰ হৈছিল শেখৰৰ। এদিন শেখৰৰ
বক্তৃতাৰ মাজত এটি আচৰিত ঘটনা ঘটিল। শেখৰে বক্তৃতা আৰম্ভ কৰিছিল আৰু সন্মুখত বহি
থকা দৰ্শকসকলে ঠাট্টাসূচক মন্তব্য কৰি হাঁহিবলৈ আৰম্ভ কৰিছিল। শেখৰে বক্তৃতা
আধৰুৱা কৰি মঞ্চৰ পৰা নামি আহিল। শেখৰে সেইদিনাহে অনুভৱ কৰিছিল যে যিমানেই সি
কৈশোৰৰ পৰা যৌৱনৰ ফালে অগ্ৰসৰ হৈছিল, সিমানেই কমনীয়
আৰু নাৰীসুলভ হৈ পৰিছিল তাৰ কণ্ঠ। হঠাতেই কথা কৈ
ভাল পোৱা ল’ৰাটোৰ কণ্ঠ স্তব্ধ হৈ পৰিছিল। চিকিৎসাও কৰাইছিল
উপায়ুক্ত মহোদয়ে। কিন্তু সুফল পোৱা নাছিল শেখৰে। শেখৰ হতাশাৰ চিকাৰ হৈ পৰিছিল। বন্ধু-বান্ধৱৰ পৰা আঁতৰি পুনৰ কিতাপৰ সৈতে
একাত্ম হৈ পৰিছিল সি। ইয়াৰ পাছত পাহাৰীয়া চহৰখনত কোনোদিনেই শেখৰক দেখা পোৱা নগ’ল।
একাকিত্বত
ভুগি আত্মহননৰ কথাও ভাবিছিল শেখৰে। তেনেকুৱা
দিনবোৰতে উপায়ুক্ত মহোদয়ে জনপ্ৰিয় ঔপন্যাসিক অংগৰাগ কাশ্যপৰ প্ৰথম উপন্যাস
“জীৱন” শেখৰক উপহাৰ দিলে। শেখৰে তিনিটা দিন একে লেথাৰিয়ে পঢ়ি উপন্যাসখন শেষ
কৰিলে। হতাশাৰ ডাৱৰৰ মাজেৰে ৰামধেনু এখন যেন ওলাই আহিল। কি
এক মাদকতা কিতাপৰ সৈতে একাত্ম হৈ যোৱাৰ। শেখৰে
অংগৰাগ কাশ্যপৰ প্ৰতিটো লেখাই বিচাৰি বিচাৰি
পঢ়িবলৈ আৰম্ভ কৰিলে। সময়বোৰ গৈ থাকিল। অংগৰাগ কাশ্যপৰ লেখাবোৰৰ লগত এক আত্মিক
সম্পৰ্ক গঢ়ি উঠিছিল শেখৰৰ। জীৱনবোধৰ এক সঞ্জীৱনী সুধাই শেখৰক অনুপ্ৰাণিত কৰিলে।
হেৰোৱা
আত্মবিশ্বাস লাহে লাহে ঘূৰি আহিল আৰু
নিজকে নতুনকৈ আৱিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিলে শেখৰে।
প্ৰিয়
শ্ৰোতাবন্ধুসকল, আপোনালোকৰ বহুতেই মোক আপোনালোকৰ প্ৰিয় ঔপন্যাসিক
অংগৰাগ কাশ্যপক লগ ধৰিবলৈ অনুৰোধ জনাইছে। মই আপোনালোকৰ অনুৰোধক সন্মান কৰোঁ।
আপোনালোকৰ প্ৰিয় ঔপন্যাসিকজনৰ কলমক আৰু স্তব্ধ হ’বলৈ নিদিওঁ।
তেখেতক লগ ধৰাৰ প্ৰতিশ্ৰুতিৰে
আজিৰ অনুষ্ঠানৰ পৰা বিদায় ল’লোঁ। শুভ ৰাত্ৰি।
পাছদিনা
একে সময়ত শ্ৰোতাসকল ৰৈ থাকিল। কিন্ত্ত
আৰ জে জোনাক এয়াৰ ৱে’ভলৈ নামি নাহিল। আৰ জে গৌৰৱে পঢ়ি শুনালে আৰ জোনাকৰ বাৰ্তা।
প্ৰিয়
শ্ৰোতাবন্ধুসকল, আপোনালোকৰ অনুৰোধ মই ৰাখিলোঁ। এতিয়াৰ পৰা অংগৰাগ কাশ্যপৰ
কলম আৰু ৰৈ নাথাকে। কালি আমাৰ শেষ অনুষ্ঠান আছিল। আপোনালোকলৈ এটি বিনম্ৰ অনুৰোধ, মোক
বিচাৰি নুফুৰিব। প্ৰতিটো আৰম্ভণিৰ এটি শেষ থাকে। আমাৰ যাত্ৰাও ইয়াতে শেষ হ’ল। কেতিয়াবা পুনৰ লগ পাম।
ইয়াৰ
পাছত আৰু কোনোদিনেই এফ এম নাইনটি নাইন পইণ্ট ফাইভত আৰ
জে জোনাকৰ অনুষ্ঠান শুনিবলৈ পোৱা নগ’ল। কোনোৱে নাজানিলে আৰ
জে জোনাক ক’লৈ গ’ল। ৰেডিঅ’ তৰংগৰ
আঁৰত এটি সাথঁৰ হৈ থাকি গ’ল আৰ জে জোনাক।