অন্যযুগ/


লা দঁছ্যুজ

 প্ৰিয়ানুজ কলিতা 

 

 

চিগাৰৰ ধোঁৱাখিনি প্ৰথমে চশমাখনৰ বাওঁফালৰ কাঁচত জমা হৈছিল৷ সেউজীয়া লেম্পশ্বেডৰ পোহৰত ধোঁৱাবোৰ পানীত ভাঁহি থকা শেলাইৰ দৰে লাগিছিল৷ কোঠাটোত তিনিজন মানুহ আছিল যদিও কাৰো মুখ স্পষ্টভাৱে দেখা যোৱা নাছিল৷ কেৱল চশমাখন, চিগাৰৰ ৰঙা আগটো আৰু টেবুলৰ ওপৰত মেল খাই থকা ইউৰোপৰ মানচিত্ৰখন দেখা গৈছিল৷ খিৰিকীৰ কাঁচেৰে বৰষুণৰ টোপালবোৰ দীঘলীয়াকৈ বৈ আহিছিল৷ বাৰ্লিন, ভিয়েনা, পেৰিছ… সকলো চহৰ মানচিত্ৰখনত ৰঙা ৰঙা বৃত্তৰ ঘেৰত আবদ্ধ হৈ আছিল৷ চশমা পিন্ধা মানুহজনে ধোঁৱাৰ মাজেদি মহিলাগৰাকীৰ ফালে চালে৷

 

“আপুনি মানুহক কথা কোৱাব পাৰে৷” তেওঁ ক’লে৷

 নাৰীগৰাকীয়ে উত্তৰ নিদিলে৷

 “সেইটো এক বিশেষ দক্ষতা৷ আমাৰ কামত তাৰ মূল্য আছে৷”

 ধোঁৱাৰ মাজেৰেই চশমাখন ৰঙা ৰঙা বৃত্তৰে ভৰা মানচিত্ৰখনলৈ নামিল৷ বাৰ্লিনৰ ওপৰত তৰ্জনী আঙুলি এটা জিলিকি উঠিল৷ 

 

“ইউৰোপৰ আধাখিনি মানুহে এতিয়া যুদ্ধৰ কথা ভাবি আছে৷ বাকী আধাখিনি মানুহে যুদ্ধৰ পৰা ধন কেনেকৈ উপাৰ্জন কৰিব সেই কথা ভাবি আছে৷ দুয়োপক্ষই সুৰাপান‌ কৰে, দুয়োপক্ষই নাচ চায়, আৰু দুয়োপক্ষই প্ৰয়োজনতকৈ বেছি কথা কয়৷”

 

নাৰীগৰাকীয়ে আয়নাৰ মাজেৰে বাহিৰলৈ চালে৷ বৰষুণত ভিজা পেৰিছৰ ৰাস্তাত গেছলেম্পৰ পোহৰে নীলা-হালধীয়াৰ অদ্ভুত খেলা সৃষ্টি কৰিছিল৷

“মই কি কৰিব লাগিব?” তেওঁ অৱশেষত সুধিলে৷

মানুহজনে হাঁহি এটা মাৰিলে৷

“আপুনি এতিয়া যি কৰি আছে, ঠিক সেইটোৱেই৷”


---

 

ৰাস্তাত নামি তেওঁ এখন টেক্সি ল’লে৷  

 গাড়ীখন বৰষুণে ভিজোৱা বুলেভাৰ্ড পাৰ হৈ গৈ থাকিল৷ দোকানৰ আগত ক’লা কোট পিন্ধা মানুহবোৰ ছাটি জপাই থিয় হৈ আছিল৷ কেফেবোৰত মানুহে কফি খাই আছিল৷ কোনোবাই সংবাদপত্ৰ পঢ়ি আছিল৷ কোনোবাই ৰাজনীতিৰ কথা কৈ আছিল৷ কোনোবাই প্ৰেমৰ কথা৷ সকলো কথাৰ মাজত যুদ্ধৰ গোন্ধ আছিল, যদিও যুদ্ধ তেতিয়াও আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা নাছিল৷

 তিনিসপ্তাহ পিছত তেওঁ বাৰ্লিনত আছিল৷

আন এখন হোটেল৷

আন এখন মঞ্চ৷

আন এটা নাম৷

 

তেওঁৰ প্ৰকৃত নামটো ইতিমধ্যে বহুকেইজন মানুহে বেলেগ বেলেগ ৰূপত উচ্চাৰণ কৰিছিল৷ কোনোবাই তেওঁক শিল্পী বুলি জানিছিল৷ কোনোবাই অভিযাত্ৰী৷ কোনোবাই ৰাজকুমাৰী৷ কোনোবাই বিদেশিনী৷ এই বিভ্ৰান্তিবোৰ সংশোধন কৰাৰ অভ্যাস তেওঁ বহু আগতেই এৰি দিছিল৷

 

সেই নিশা বৃহৎ গম্বুজৰ তলত ক্ৰিষ্টেলৰ লন্ঠনবোৰ জ্বলি উঠিছিল৷ দেৱালত সোণালী অলংকৰণবোৰে হলঘৰটোৰ শোভা চৰাইছিল৷ গাত সাম্ৰাজ্যৰ প্ৰতীক খোদিত কৰা স্তম্ভবোৰৰ আঁৰে আঁৰে অসংখ্য অভিজাত মুখে ভীৰ কৰিছিল৷ বিশাল আয়নাবোৰে হলঘৰটোক দুগুণ ডাঙৰ কৰি তুলিছিল৷ 

 

বিৰাট বপুৰ দেশৰ বৰমূৰীয়াসকলৰ সুৰাৰ পিয়লাসমূহ পৰস্পৰে ঠেকা খাই ঠনৰ্ ঠনৰ্ শব্দ কৰিছিল৷ যিসকলে অস্ত্ৰ বিক্ৰী কৰিছিল, তেওঁলোকৰ টেবুলত আটাইতকৈ দামী বটলবোৰ আছিল৷ যিসকল যুদ্ধত মৰিবলগীয়া আছিল, তেওঁলোক এই হলঘৰত উপস্থিত নাছিল৷

সংগীত আৰম্ভ হ’ল৷

নাৰীগৰাকী মঞ্চলৈ উঠিল৷

প্ৰথমে উচ্চস্বৰবোৰ বিৰবিৰণিত পৰিণত হ’ল৷ তাৰপিছত ফুচফুচনিত ৷ তাৰপিছত নীৰৱতা৷

 

নাচি থকা তেওঁৰ চকুহাল স্থিৰ আছিল৷ নৃত্যৰ প্ৰতিটো ভংগীমাৰ আঁৰেৰে তেওঁ টেবুলবোৰলৈ চাইছিল৷ কোনে কাক সম্ভাষণ জনাইছে৷ কোনে কাৰ লগত বহিবলৈ অস্বীকাৰ কৰিছে৷ কোনে কাণত মুখ নি কথা কৈছে৷

এজন স্থূলকায় জেনেৰেলে ক্ৰমান্বয়ে মদৰ পৰিমাণ বঢ়াই নিছিল৷

এজন তপা কূটনীতিবিদে প্ৰতি দহ মিনিটৰ মূৰে মূৰে ঘড়ী চাই আছিল৷

এজন অস্ত্ৰ নিৰ্মাতাই কেৱল হাঁহি আছিল৷ সোণালী ফ্ৰেমৰ আঁৰৰ তেওঁৰ চকুকেইটা আৰু থুতৰিৰ আধাকেঁচা দাঢ়িখিনিৰে মানুহজনক ভেড়া এটাৰ দৰে লাগিছিল৷

তেওঁৰ হাঁহিটো নাৰীগৰাকীৰ ভাল নালাগিল৷

দুদিন পিছত সেই অস্ত্ৰ নিৰ্মাতাৰ সৈতে তেওঁ একেখন টেবুলত বহি নিশাৰ আহাৰ গ্ৰহণ কৰিলে৷ চাৰিওফালে মমবাতি৷ ৰূপালী বাচন৷ দামী মদ৷

মানুহজনে নিজৰ সফলতাৰ কাহিনী কৈ আছিল৷ আসন্ন যুদ্ধত ব্যৱহাৰ হ’ব পৰা নতুন প্ৰযুক্তিৰ কথা কৈ আছিল৷ কামানৰ পাল্লা, গুলীৰ গতি, ধাতুৰ গুণগত মান… এইবোৰ তেওঁৰ বাবে কবিতাৰ দৰে বিষয় আছিল৷

নাৰীগৰাকীয়ে শুনি আছিল৷

কেতিয়াবা হাঁহি আছিল৷

কেতিয়াবা গিলাচৰ মদখিনি ঘূৰাই আছিল৷

তেওঁ লক্ষ্য কৰিলে মানুহজনে কথা কওঁতে গোপন কথা আৰু সাধাৰণ কথাৰ মাজত কোনো পাৰ্থক্য নকৰে৷

সেই নিশা তেওঁ হোটেললৈ উভতি গৈ এখন সৰু কাগজত কেইটামান নাম লিখি পেলালে৷

 

কেইদিনমান পিছত কাগজখন আন এখন দেশত উপস্থিত হ’ল৷

---

সময় আগবাঢ়ি গৈ থাকিল৷ দেশ সলনি হ’ল৷ নাম সলনি হ’ল৷ হোটেল সলনি হ’ল৷

কিন্তু কাম একেই থাকিল৷

য়ুৰোপৰ বিভিন্ন চহৰত তেওঁ একে ধৰণৰ মানুহক দেখা পাইছিল৷ তেওঁলোকৰ ভাষা বেলেগ আছিল, য়ুনিফৰ্ম বেলেগ আছিল, পতাকা বেলেগ আছিল; কিন্তু তেওঁলোকৰ আত্মবিশ্বাস একে আছিল৷ সকলোৱে বিশ্বাস কৰিছিল যে তেওঁলোকেই ইতিহাসৰ কেন্দ্ৰবিন্দুত থিয় হৈ আছে৷ বৰ্তমান আৰু ইতিহাস… ইতিহাসক লৈয়ে শংকা তেওঁলোকৰ৷ ইতিহাসে বা তেওঁলোকক কি স্থান দিয়ে !

এদিন ভিয়েনাৰ এখন হোটেলৰ ওপৰৰ মহলাত তেওঁ এজন সামৰিক বিষয়াৰ সৈতে বহি আছিল৷ বাহিৰত তুষাৰপাত৷ ভিতৰত জ্বলি থকা জুইকুৰাই কোঠাটোত উম দিছিল৷ বেৰত ওলমি থকা দামী তৈলচিত্ৰবোৰ জুইৰ পোহৰত কঁপি আছিল৷ মানুহজনে কোট খুলিবলৈও পাহৰি গৈছিল৷ তেওঁ ক্লান্ত আছিল৷ বহু ঘণ্টা ধৰি কাম কৰি অহা মানুহৰ দৰে৷

 

কিছু সময় নীৰৱতাৰ পিছত নাৰীগৰাকীয়ে সুধিলে, “আপোনালোকৰ নতুন ডিভিজনটো ক’ত স্থাপন কৰা হৈছে?”

“য’ত নদী শেষ হয় আৰু ৰেললাইন আৰম্ভ হয়৷”

তাৰপিছত তেওঁ দুয়ো হাতৰে মুখ ঢাকি বহি ৰ’ল৷

আলাপ-আলোচনা তাতেই শেষ৷

নাৰীগৰাকীৰ বাবে সেয়াই যথেষ্ট আছিল৷

তেওঁৰ বাহুবন্ধনৰ মাজত পৰম আকুতিৰে মুখখন গুজি এটি শিশুৰ দৰে টোপনি গৈছিল বিষয়াজন৷

 ---

 

যুদ্ধখনৰ মাজভাগত তেওঁ পুনৰ পেৰিছলৈ আহিল৷ এইবাৰ চহৰখন সলনি হৈছিল৷ কেফেবোৰ আগৰ দৰে ভৰি থকা নাছিল৷ সংবাদপত্ৰৰ শিৰোনামবোৰ সলনি হৈছিল৷ ষ্টেচনত আহত সৈনিক দেখা গৈছিল৷ মানুহে কম হাঁহিছিল৷

 

এদিন সন্ধিয়া তেওঁ আন এটা নৃত্যশালাত উপস্থিত হ’ল৷

এইটো আগৰ বিলাসী হলঘৰৰ দৰে নাছিল৷ স্থাপত্য আধুনিক৷ দেৱালত ধাতুৰ পেনেল৷ আয়নাৰ সলনি ক’লা কাঁচ৷ পোহৰ ইচ্ছাকৃতভাৱে কম৷

 

কোঠাটোৰ ভিতৰত বহি থকা মানুহবোৰক দূৰৰ পৰা চিনাক্ত কৰাটো কঠিন আছিল৷

 

নাৰীগৰাকীয়ে মঞ্চলৈ উঠোতে হঠাতে অনুভৱ কৰিলে যে তেওঁৰ নিজৰ বাবেও এতিয়া নিজকে চিনাক্ত কৰাতো কঠিন হৈ পৰিছে৷

আয়নাৰ সন্মুখত সাজিবলৈ বহোতে আজিকালি বহুক্ষণ ধৰি তেওঁ নিজৰ মুখখন চাই থাকে৷

সেই মুখত তেওঁ কিমানজনী নাৰীক দেখা পাইছিল?

অভিনেত্ৰী৷

নৃত্যশিল্পী৷

গুপ্তচৰ৷

প্ৰেমিকা৷

প্ৰতাৰক৷

এই সকলোবোৰৰ মাজত আচল মানুহজনী ক’ত আছে?

 

সেই প্ৰশ্নৰ উত্তৰ তেওঁৰ ওচৰত নাছিল৷ উত্তৰ বিচাৰিবলৈ লাহে লাহে এৰি দিছিল তেওঁ৷

সেই নিশাৰ নৃত্যটো দৰ্শকে মনোযোগেৰে চাইছিল৷

কিন্তু নৃত্য শেষ হোৱাৰ পিছত তেওঁ উপলব্ধি কৰিলে যে এই মানুহবোৰৰ চকুত আগৰ সেই মোহ নাই৷ সন্দেহ আছে৷

যুদ্ধ যিমান দীঘলীয়া হৈছিল, সন্দেহো সিমান গভীৰ হৈছিল৷

---

য়ুৰোপৰ উত্তৰ অংশৰ সেমেকা সামৰিক ভৱনটোৰ তলৰ‌‌ মহলাত ৰাতিৰ ডিউটি চলি আছিল৷

তামৰ তাঁৰ, কাগজৰ ফিটা, ঠাণ্ডা কফিৰ মাজত কেইজনমান নিম্নপদস্থ কৰ্মচাৰীয়ে টোপনিৰ সৈতে যুঁজ দিছিল৷

হেডফোন পিন্ধি বহি থকা অপাৰেটৰজনে সেই নিশা তৃতীয়বাৰৰ বাবে সংকেতবোৰ তুলিলে৷ টুপীটোৰে হাত ভৰাই মূৰটো মোহাৰি মোহাৰি‌ তেওঁ দূৰৰ অদৃশ্য মানুহে পঠোৱা অদৃশ্য বাৰ্তাবোৰ শুনি কাগজত লিখি গৈছিল৷

সংখ্যা৷

আখৰ৷

পুনৰ সংখ্যা৷

পুনৰ আখৰ৷

 

হঠাতে চৰাচৰ গতিক পৰিহাৰ কৰি অপাৰেটৰজনক চক খুৱাই এটা আখৰ আৰু দুটা অংকবিশিষ্ট এটি নতুন সংকেত আহিল৷ অপাৰেটৰজনে দূৰ্বোধ্য সংকেতটো কাগজ এখনত লিখি ওপৰৰ টেবুললৈ পঠিয়াই দিলে৷ ৰাতিটোৰ ভিতৰতে কাগজখন কেইবাখনো টেবুল পাৰ হ’ল৷ 

 

কেইদিনমান পাছৰপৰা বিষয়টোৱে সেনাবিষয়াসকলৰ মাজত ক্ৰমাৎ উত্তাপ বঢ়াবলৈ লৈছিল৷ ৰূদ্ধদ্বাৰ বৈঠকবোৰত এই বিষয়টোৰ সঘন উত্থাপন হ’বলৈ ধৰিছিল৷

 

এদিন এখন সভাত এজন বিষয়াই হঠাতে নাৰীগৰাকীৰ নাম উচ্চাৰণ কৰিলে৷

কোঠাটো ক্ষন্তেক নীৰৱ হৈ ৰ’ল৷

তাৰপিছত আন এজন বিষয়াই ক’লে– “হয়... সম্ভৱ৷”

তৃতীয়জনে ক’লে– “সম্পূৰ্ণৰূপে সম্ভৱ৷”

চতুৰ্থজনে ক’লে– “মই আৰম্ভণিৰ পৰাই সেইটো সন্দেহ কৰিছিলোঁ৷” 

বাস্তৱত তেওঁ আৰম্ভণিৰ পৰা একো সন্দেহ কৰা নাছিল৷

নথিবোৰ পুনৰ সাজি লোৱা হ’ল৷ কাগজবোৰ একেলগ কৰা হ’ল৷ অনুমানবোৰ তথ্যৰ কাষত ৰখা হ’ল৷ তথ্যবোৰ অনুমানৰ কাষত৷

 

তাৰপিছত ফাইলটো ডাঠ হ’বলৈ ধৰিলে৷ বৰমূৰীয়াৰ স্বাক্ষৰ আহিল, স্বাক্ষৰৰ কাষত চৰকাৰী মোহৰ আহিল৷ কেইদিনমানৰ ভিতৰত আখৰটো আৰু ‌অংক দুটা এজনী নাৰীত পৰিণত হ’ল৷ আৰু নাৰীগৰাকী ক্ৰমাৎ এগৰাকী নৰ্তকীত৷

 

সেইদিনা ৰাতিও‌ নৃত্যশালাত ফৰাচী ৱাল্ট্‌জৰ সুৰৰ তালে তালে এটি স্বল্পবসনা পেলৱ শৰীৰে মৃদু মৃদু ঝংকাৰ তুলিছিল৷ সেই মৃদু কম্পনৰ কোমল আঘাতত অনেকজন দেশৰ ভাগ্যনিয়ন্তাৰ শৰীৰ আৰু মগজু বীৰ্যধৌত অথৰ্বত পৰিণত হৈছিল৷

---

 

কেইসপ্তাহমানৰ পিছত হোটেলৰপৰাই তেওঁক গ্ৰেপ্তাৰ কৰা হ’ল৷

ঘটনাটো নাটকীয় নাছিল৷

কোনো দৌৰাদৌৰি নাছিল৷

কোনো চিঞৰ-বাখৰ নাছিল৷

মাত্ৰ কেইজনমান বিষয়া৷

কেইখনমান কাগজ৷

এখন গাড়ী৷

তেওঁ গাড়ীত উঠি বহিল৷

 

জালনাৰ বাহিৰত পেৰিছ চলি আছিল৷ দোকান খোলা আছিল৷ মানুহে বজাৰ কৰিছিল৷ জীৱন স্বাভাৱিক আছিল৷ জালনাৰ সিপাৰে বহি থকা ললনাগৰাকীক লৈ কাৰো পুৰণি উৎসুক্য নাছিল৷

জেৰাত তেওঁ বহু প্ৰশ্নৰ সন্মুখীন হ’ল৷

“কোনে আপোনাক নিযুক্তি দিছিল?”

“কাৰ লগত যোগাযোগ আছিল?”

“কিমান টকা পাইছিল?”

কোনখন দেশৰ বাবে কাম কৰিছিল?

প্ৰশ্নবোৰ ঘূৰি আহি থাকিল৷

তেওঁৰ উত্তৰবোৰো৷

দিন গ’ল৷ মাহ গ’ল৷

তাৰপিছত বিচাৰ আৰম্ভ হ’ল৷

আদালতত তেওঁ প্ৰথমে সাংবাদিকসকলক লক্ষ্য কৰিলে৷

তেওঁলোকৰ কলম আগতেই প্ৰস্তুত৷

বিচাৰ আৰম্ভ হোৱাৰ আগতেই বহুতে নিজৰ সিদ্ধান্ত লৈ পেলাইছে৷

যুদ্ধ তুংগত উঠিছে৷

যুদ্ধৰ সময়ত মানুহে নায়ক বিচাৰে৷

বিশ্বাসঘাতকো বিচাৰে৷

দুয়োটাই সমান প্ৰয়োজনীয়৷

নাৰীগৰাকীয়ে কোনটো ভূমিকা পালন কৰিব সেইটো আদালতত নিৰ্ধাৰণ হোৱাৰ আগতেই সংবাদপত্ৰই প্ৰায় নিৰ্ধাৰণ কৰি পেলাইছিল৷

বিচাৰকে অভিযোগ পঢ়িবলৈ ধৰিলে৷

সাক্ষী আহিল… নথি আহিল… যুক্তি আহিল… প্ৰতিযুক্তি আহিল…

শেষত ৰায় আহিল৷

“অভিযুক্তক মৃত্যুদণ্ড প্ৰদান কৰা হ’ল৷”

কোঠাটো নীৰৱ হৈ গ’ল৷

নাৰীগৰাকীয়ে মূৰ দাঙি বিচাৰকৰ ফালে চালে৷

তেওঁৰ মুখত কোনো নাটকীয় অভিব্যক্তি নাছিল৷

দীঘলীয়া ৰে’লযাত্ৰাৰ শেষত ষ্টেচনত নামি পৰা যাত্ৰীৰ মুখত যিমানখিনি ক্লান্তি থাকে, ঠিক সিমানখিনিহে আছিল৷

---

 

ফায়াৰিং স্কোৱাডৰ আকাশখন ডাৱৰীয়া আছিল৷

সৈনিকসকলে নিজৰ স্থান গ্ৰহণ কৰিলে৷

বিষয়াজনে কাগজ এখন চাই কিছু আনুষ্ঠানিক বাক্য পঢ়ি শুনালে৷

তাৰপিছত নাৰীগৰাকীৰ হাত বান্ধি দিয়া হ’ল৷

তেওঁ অস্বীকাৰ নকৰিলে৷

সকলো প্ৰক্ৰিয়া নিয়মমতে চলিল৷

 

এই মুহূৰ্তটোলৈকে তেওঁৰ সমগ্ৰ জীৱনটোক কিছুমান কাগজ, কিছুমান সাক্ষ্য আৰু কিছুমান অভিযোগত সংকুচিত কৰি অনা হৈছিল৷

তেওঁ শেষবাৰৰ বাবে আকাশলৈ চালে৷

তাৰপিছত সৈনিকসকলৰ ফালে৷

কোনো নাটকীয় ভাষণ নিদিলে৷

কোনো আবেদন নকৰিলে৷

আদেশ দিয়া হ’ল৷

ৰাইফলকেইটা উঠিল৷

নিৰ্দেশৰ লগে লগে বাৰটা বন্দুকে একেলগে গৰ্জি উঠিল৷ ক্ষন্তেক পিছতে ধুনীয়া মুখখন নিঠৰ দেহটোৰ পৰা আগলৈ তলমূৰকৈ ওলমি ৰ’ল৷

---

 

প্ৰায় একে সময়তে, সেই চহৰৰ আন এটা প্ৰান্তত এটা অভিজাত নৃত্যশালাৰ পৰ্দা উঠিল আৰু অৰ্কেষ্ট্ৰাই সংগীত আৰম্ভ কৰিলে৷ এগৰাকী নৱাগতা নৰ্তকী মঞ্চলৈ উঠিল৷ তাইৰ বয়স কম আৰু চকুহাল উজ্জ্বল আছিল৷ সেইদিনাও দৰ্শকৰ শাৰীত জেনেৰেল, কূটনীতিবিদ, অস্ত্ৰ ব্যৱসায়ী আৰু ধনী উদ্যোগপতিসকল বহি আছিল৷ তেওঁলোকৰ মাজৰ কেইজনমানে এসময়ত আন এগৰাকী নৰ্তকীৰ লগতো একেখন টেবুলত বহি মদ খাইছিল, একেধৰণৰ কথা কৈছিল, একেধৰণৰ প্ৰতিশ্ৰুতি দিছিল৷ এতিয়া জোৰ কৰিও‌ তেওঁলোকে সেই কলংকিনীৰ নামটো মনত পেলাব নিবিচাৰিছিল৷ 

 

ইফালে‌ অলপ আগতে গুলীয়াই হত্যা কৰা নৰ্তকীগৰাকীৰ মৃতদেহটো তেতিয়া এখন লেতেৰা ভানত তোলা হৈছিল৷ চালকৰ সহায়কজনে চাদৰ এখন দি তেওঁৰ মুখখন ঢাকি দিছিল৷ দুয়োৰে সেই মৃতদেহটোৰ প্ৰতি তিলমাত্ৰ কৌতুহল নাছিল৷ 

 

সমগ্ৰ পৃথিৱীজুৰি নতুন কিবা এটা গঠনৰ প্ৰক্ৰিয়া চলিছে৷

পুৰণি সীমাৰেখাবোৰ মচি নতুন সীমাৰেখা অঁকাৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে এচাম মানুহ৷

ধৰ্ম,‌ ৰাষ্ট্ৰ, শিল্প, আইন, মানুহ… মানুহ! এৰা মানুহকো নতুনকৈ গঢ়ি তোলাৰ প্ৰস্তুতি চলিছে৷ 

পুৰণি মানুহৰ মৃতদেহে দ’ম বান্ধিছে৷

এইটোও নতুনত্বৰ প্ৰতিবন্ধক কোনোবা পুৰণি মানুহৰে মৃতদেহ চাগে! কোনবা আছিল ! কিয়বা মৰিল… কাৰ কি আহে যায় ?  

অট্টালিকাবোৰ ফালি ভানখন গৈ থাকিল ডাৱৰীয়া আকাশখনৰ ছাঁৰে…

​নৃত্যশালাত সংগীতৰ মাত্ৰা বাঢ়িল… 

নৱাগতা নৰ্তকীগৰাকীয়ে প্ৰথমটো ভংগীমা ল’লে৷ 

দৰ্শকৰ শাৰীৰপৰা ভাঁহি অহা হাততালিৰ প্ৰচণ্ড শব্দই মৃত নৰ্তকীগৰাকীৰ নামটোৰ শেষ চিনটোও চিৰদিনৰ বাবে ইতিহাসৰ পৰা মচি পেলালে৷

 

লেখকৰ ই-মেইল : Kalitapriyanuj698@gmail 

দূৰভাষ : ৯৯৫৪১৩৫৯৯২

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ