প্ৰিয়ানুজ কলিতা
চিগাৰৰ ধোঁৱাখিনি প্ৰথমে চশমাখনৰ বাওঁফালৰ
কাঁচত জমা হৈছিল৷ সেউজীয়া লেম্পশ্বেডৰ পোহৰত ধোঁৱাবোৰ পানীত ভাঁহি থকা শেলাইৰ দৰে
লাগিছিল৷ কোঠাটোত তিনিজন মানুহ আছিল যদিও কাৰো মুখ স্পষ্টভাৱে দেখা যোৱা নাছিল৷ কেৱল
চশমাখন, চিগাৰৰ ৰঙা আগটো আৰু টেবুলৰ ওপৰত মেল খাই থকা ইউৰোপৰ মানচিত্ৰখন দেখা গৈছিল৷
খিৰিকীৰ কাঁচেৰে বৰষুণৰ টোপালবোৰ দীঘলীয়াকৈ বৈ আহিছিল৷ বাৰ্লিন, ভিয়েনা, পেৰিছ… সকলো
চহৰ মানচিত্ৰখনত ৰঙা ৰঙা বৃত্তৰ ঘেৰত আবদ্ধ হৈ আছিল৷ চশমা পিন্ধা মানুহজনে ধোঁৱাৰ মাজেদি
মহিলাগৰাকীৰ ফালে চালে৷
“আপুনি মানুহক কথা কোৱাব পাৰে৷” তেওঁ ক’লে৷
“ইউৰোপৰ আধাখিনি মানুহে এতিয়া যুদ্ধৰ কথা
ভাবি আছে৷ বাকী আধাখিনি মানুহে যুদ্ধৰ পৰা ধন কেনেকৈ উপাৰ্জন কৰিব সেই কথা ভাবি আছে৷
দুয়োপক্ষই সুৰাপান কৰে, দুয়োপক্ষই নাচ চায়, আৰু দুয়োপক্ষই প্ৰয়োজনতকৈ বেছি কথা
কয়৷”
নাৰীগৰাকীয়ে আয়নাৰ মাজেৰে বাহিৰলৈ চালে৷
বৰষুণত ভিজা পেৰিছৰ ৰাস্তাত গেছলেম্পৰ পোহৰে নীলা-হালধীয়াৰ অদ্ভুত খেলা সৃষ্টি কৰিছিল৷
“মই কি কৰিব লাগিব?” তেওঁ অৱশেষত সুধিলে৷
মানুহজনে হাঁহি এটা মাৰিলে৷
“আপুনি এতিয়া যি কৰি আছে, ঠিক সেইটোৱেই৷”
---
ৰাস্তাত নামি তেওঁ এখন টেক্সি ল’লে৷
আন এখন হোটেল৷
আন এখন মঞ্চ৷
আন এটা নাম৷
তেওঁৰ প্ৰকৃত নামটো ইতিমধ্যে বহুকেইজন মানুহে
বেলেগ বেলেগ ৰূপত উচ্চাৰণ কৰিছিল৷ কোনোবাই তেওঁক শিল্পী বুলি জানিছিল৷ কোনোবাই অভিযাত্ৰী৷
কোনোবাই ৰাজকুমাৰী৷ কোনোবাই বিদেশিনী৷ এই বিভ্ৰান্তিবোৰ সংশোধন কৰাৰ অভ্যাস তেওঁ বহু
আগতেই এৰি দিছিল৷
সেই নিশা বৃহৎ গম্বুজৰ তলত ক্ৰিষ্টেলৰ লন্ঠনবোৰ
জ্বলি উঠিছিল৷ দেৱালত সোণালী অলংকৰণবোৰে হলঘৰটোৰ শোভা চৰাইছিল৷ গাত সাম্ৰাজ্যৰ প্ৰতীক
খোদিত কৰা স্তম্ভবোৰৰ আঁৰে আঁৰে অসংখ্য অভিজাত মুখে ভীৰ কৰিছিল৷ বিশাল আয়নাবোৰে হলঘৰটোক
দুগুণ ডাঙৰ কৰি তুলিছিল৷
বিৰাট বপুৰ দেশৰ বৰমূৰীয়াসকলৰ সুৰাৰ পিয়লাসমূহ
পৰস্পৰে ঠেকা খাই ঠনৰ্ ঠনৰ্ শব্দ কৰিছিল৷ যিসকলে অস্ত্ৰ বিক্ৰী কৰিছিল, তেওঁলোকৰ টেবুলত
আটাইতকৈ দামী বটলবোৰ আছিল৷ যিসকল যুদ্ধত মৰিবলগীয়া আছিল, তেওঁলোক এই হলঘৰত উপস্থিত
নাছিল৷
সংগীত আৰম্ভ হ’ল৷
নাৰীগৰাকী মঞ্চলৈ উঠিল৷
প্ৰথমে উচ্চস্বৰবোৰ বিৰবিৰণিত পৰিণত হ’ল৷
তাৰপিছত ফুচফুচনিত ৷ তাৰপিছত নীৰৱতা৷
নাচি থকা তেওঁৰ চকুহাল স্থিৰ আছিল৷ নৃত্যৰ
প্ৰতিটো ভংগীমাৰ আঁৰেৰে তেওঁ টেবুলবোৰলৈ চাইছিল৷ কোনে কাক সম্ভাষণ জনাইছে৷ কোনে কাৰ
লগত বহিবলৈ অস্বীকাৰ কৰিছে৷ কোনে কাণত মুখ নি কথা কৈছে৷
এজন স্থূলকায় জেনেৰেলে ক্ৰমান্বয়ে মদৰ পৰিমাণ
বঢ়াই নিছিল৷
এজন তপা কূটনীতিবিদে প্ৰতি দহ মিনিটৰ মূৰে
মূৰে ঘড়ী চাই আছিল৷
এজন অস্ত্ৰ নিৰ্মাতাই কেৱল হাঁহি আছিল৷ সোণালী
ফ্ৰেমৰ আঁৰৰ তেওঁৰ চকুকেইটা আৰু থুতৰিৰ আধাকেঁচা দাঢ়িখিনিৰে মানুহজনক ভেড়া এটাৰ দৰে
লাগিছিল৷
তেওঁৰ হাঁহিটো নাৰীগৰাকীৰ ভাল নালাগিল৷
দুদিন পিছত সেই অস্ত্ৰ নিৰ্মাতাৰ সৈতে তেওঁ
একেখন টেবুলত বহি নিশাৰ আহাৰ গ্ৰহণ কৰিলে৷ চাৰিওফালে মমবাতি৷ ৰূপালী বাচন৷ দামী মদ৷
মানুহজনে নিজৰ সফলতাৰ কাহিনী কৈ আছিল৷ আসন্ন
যুদ্ধত ব্যৱহাৰ হ’ব পৰা নতুন প্ৰযুক্তিৰ কথা কৈ আছিল৷ কামানৰ পাল্লা, গুলীৰ গতি, ধাতুৰ
গুণগত মান… এইবোৰ তেওঁৰ বাবে কবিতাৰ দৰে বিষয় আছিল৷
নাৰীগৰাকীয়ে শুনি আছিল৷
কেতিয়াবা হাঁহি আছিল৷
কেতিয়াবা গিলাচৰ মদখিনি ঘূৰাই আছিল৷
তেওঁ লক্ষ্য কৰিলে মানুহজনে কথা কওঁতে গোপন
কথা আৰু সাধাৰণ কথাৰ মাজত কোনো পাৰ্থক্য নকৰে৷
সেই নিশা তেওঁ হোটেললৈ উভতি গৈ এখন সৰু কাগজত
কেইটামান নাম লিখি পেলালে৷
কেইদিনমান পিছত কাগজখন আন এখন দেশত উপস্থিত
হ’ল৷
---
সময় আগবাঢ়ি গৈ থাকিল৷ দেশ সলনি হ’ল৷ নাম
সলনি হ’ল৷ হোটেল সলনি হ’ল৷
কিন্তু কাম একেই থাকিল৷
য়ুৰোপৰ বিভিন্ন চহৰত তেওঁ একে ধৰণৰ মানুহক
দেখা পাইছিল৷ তেওঁলোকৰ ভাষা বেলেগ আছিল, য়ুনিফৰ্ম বেলেগ আছিল, পতাকা বেলেগ আছিল; কিন্তু
তেওঁলোকৰ আত্মবিশ্বাস একে আছিল৷ সকলোৱে বিশ্বাস কৰিছিল যে তেওঁলোকেই ইতিহাসৰ কেন্দ্ৰবিন্দুত
থিয় হৈ আছে৷ বৰ্তমান আৰু ইতিহাস… ইতিহাসক লৈয়ে শংকা তেওঁলোকৰ৷ ইতিহাসে বা তেওঁলোকক
কি স্থান দিয়ে !
এদিন ভিয়েনাৰ এখন হোটেলৰ ওপৰৰ মহলাত তেওঁ
এজন সামৰিক বিষয়াৰ সৈতে বহি আছিল৷ বাহিৰত তুষাৰপাত৷ ভিতৰত জ্বলি থকা জুইকুৰাই কোঠাটোত
উম দিছিল৷ বেৰত ওলমি থকা দামী তৈলচিত্ৰবোৰ জুইৰ পোহৰত কঁপি আছিল৷ মানুহজনে কোট খুলিবলৈও
পাহৰি গৈছিল৷ তেওঁ ক্লান্ত আছিল৷ বহু ঘণ্টা ধৰি কাম কৰি অহা মানুহৰ দৰে৷
কিছু সময় নীৰৱতাৰ পিছত নাৰীগৰাকীয়ে সুধিলে,
“আপোনালোকৰ নতুন ডিভিজনটো ক’ত স্থাপন কৰা হৈছে?”
“য’ত নদী শেষ হয় আৰু ৰেললাইন আৰম্ভ হয়৷”
তাৰপিছত তেওঁ দুয়ো হাতৰে মুখ ঢাকি বহি ৰ’ল৷
আলাপ-আলোচনা তাতেই শেষ৷
নাৰীগৰাকীৰ বাবে সেয়াই যথেষ্ট আছিল৷
তেওঁৰ বাহুবন্ধনৰ মাজত পৰম আকুতিৰে মুখখন
গুজি এটি শিশুৰ দৰে টোপনি গৈছিল বিষয়াজন৷
যুদ্ধখনৰ মাজভাগত তেওঁ পুনৰ পেৰিছলৈ আহিল৷
এইবাৰ চহৰখন সলনি হৈছিল৷ কেফেবোৰ আগৰ দৰে ভৰি থকা নাছিল৷ সংবাদপত্ৰৰ শিৰোনামবোৰ সলনি
হৈছিল৷ ষ্টেচনত আহত সৈনিক দেখা গৈছিল৷ মানুহে কম হাঁহিছিল৷
এদিন সন্ধিয়া তেওঁ আন এটা নৃত্যশালাত উপস্থিত
হ’ল৷
এইটো আগৰ বিলাসী হলঘৰৰ দৰে নাছিল৷ স্থাপত্য
আধুনিক৷ দেৱালত ধাতুৰ পেনেল৷ আয়নাৰ সলনি ক’লা কাঁচ৷ পোহৰ ইচ্ছাকৃতভাৱে কম৷
কোঠাটোৰ ভিতৰত বহি থকা মানুহবোৰক দূৰৰ পৰা
চিনাক্ত কৰাটো কঠিন আছিল৷
নাৰীগৰাকীয়ে মঞ্চলৈ উঠোতে হঠাতে অনুভৱ কৰিলে
যে তেওঁৰ নিজৰ বাবেও এতিয়া নিজকে চিনাক্ত কৰাতো কঠিন হৈ পৰিছে৷
আয়নাৰ সন্মুখত সাজিবলৈ বহোতে আজিকালি বহুক্ষণ
ধৰি তেওঁ নিজৰ মুখখন চাই থাকে৷
সেই মুখত তেওঁ কিমানজনী নাৰীক দেখা পাইছিল?
অভিনেত্ৰী৷
নৃত্যশিল্পী৷
গুপ্তচৰ৷
প্ৰেমিকা৷
প্ৰতাৰক৷
এই সকলোবোৰৰ মাজত আচল মানুহজনী ক’ত আছে?
সেই প্ৰশ্নৰ উত্তৰ তেওঁৰ ওচৰত নাছিল৷ উত্তৰ
বিচাৰিবলৈ লাহে লাহে এৰি দিছিল তেওঁ৷
সেই নিশাৰ নৃত্যটো দৰ্শকে মনোযোগেৰে চাইছিল৷
কিন্তু নৃত্য শেষ হোৱাৰ পিছত তেওঁ উপলব্ধি
কৰিলে যে এই মানুহবোৰৰ চকুত আগৰ সেই মোহ নাই৷ সন্দেহ আছে৷
যুদ্ধ যিমান দীঘলীয়া হৈছিল, সন্দেহো সিমান
গভীৰ হৈছিল৷
---
য়ুৰোপৰ উত্তৰ অংশৰ সেমেকা সামৰিক ভৱনটোৰ তলৰ
মহলাত ৰাতিৰ ডিউটি চলি আছিল৷
তামৰ তাঁৰ, কাগজৰ ফিটা, ঠাণ্ডা কফিৰ মাজত
কেইজনমান নিম্নপদস্থ কৰ্মচাৰীয়ে টোপনিৰ সৈতে যুঁজ দিছিল৷
হেডফোন পিন্ধি বহি থকা অপাৰেটৰজনে সেই নিশা
তৃতীয়বাৰৰ বাবে সংকেতবোৰ তুলিলে৷ টুপীটোৰে হাত ভৰাই মূৰটো মোহাৰি মোহাৰি তেওঁ দূৰৰ
অদৃশ্য মানুহে পঠোৱা অদৃশ্য বাৰ্তাবোৰ শুনি কাগজত লিখি গৈছিল৷
সংখ্যা৷
আখৰ৷
পুনৰ সংখ্যা৷
পুনৰ আখৰ৷
হঠাতে চৰাচৰ গতিক পৰিহাৰ কৰি অপাৰেটৰজনক চক
খুৱাই এটা আখৰ আৰু দুটা অংকবিশিষ্ট এটি নতুন সংকেত আহিল৷ অপাৰেটৰজনে দূৰ্বোধ্য সংকেতটো
কাগজ এখনত লিখি ওপৰৰ টেবুললৈ পঠিয়াই দিলে৷ ৰাতিটোৰ ভিতৰতে কাগজখন কেইবাখনো টেবুল পাৰ
হ’ল৷
কেইদিনমান পাছৰপৰা বিষয়টোৱে সেনাবিষয়াসকলৰ
মাজত ক্ৰমাৎ উত্তাপ বঢ়াবলৈ লৈছিল৷ ৰূদ্ধদ্বাৰ বৈঠকবোৰত এই বিষয়টোৰ সঘন উত্থাপন হ’বলৈ
ধৰিছিল৷
এদিন এখন সভাত এজন বিষয়াই হঠাতে নাৰীগৰাকীৰ
নাম উচ্চাৰণ কৰিলে৷
কোঠাটো ক্ষন্তেক নীৰৱ হৈ ৰ’ল৷
তাৰপিছত আন এজন বিষয়াই ক’লে– “হয়... সম্ভৱ৷”
তৃতীয়জনে ক’লে– “সম্পূৰ্ণৰূপে সম্ভৱ৷”
চতুৰ্থজনে ক’লে– “মই আৰম্ভণিৰ পৰাই সেইটো
সন্দেহ কৰিছিলোঁ৷”
বাস্তৱত তেওঁ আৰম্ভণিৰ পৰা একো সন্দেহ কৰা
নাছিল৷
নথিবোৰ পুনৰ সাজি লোৱা হ’ল৷ কাগজবোৰ একেলগ
কৰা হ’ল৷ অনুমানবোৰ তথ্যৰ কাষত ৰখা হ’ল৷ তথ্যবোৰ অনুমানৰ কাষত৷
তাৰপিছত ফাইলটো ডাঠ হ’বলৈ ধৰিলে৷ বৰমূৰীয়াৰ
স্বাক্ষৰ আহিল, স্বাক্ষৰৰ কাষত চৰকাৰী মোহৰ আহিল৷ কেইদিনমানৰ ভিতৰত আখৰটো আৰু অংক
দুটা এজনী নাৰীত পৰিণত হ’ল৷ আৰু নাৰীগৰাকী ক্ৰমাৎ এগৰাকী নৰ্তকীত৷
সেইদিনা ৰাতিও নৃত্যশালাত ফৰাচী ৱাল্ট্জৰ
সুৰৰ তালে তালে এটি স্বল্পবসনা পেলৱ শৰীৰে মৃদু মৃদু ঝংকাৰ তুলিছিল৷ সেই মৃদু কম্পনৰ
কোমল আঘাতত অনেকজন দেশৰ ভাগ্যনিয়ন্তাৰ শৰীৰ আৰু মগজু বীৰ্যধৌত অথৰ্বত পৰিণত হৈছিল৷
---
কেইসপ্তাহমানৰ পিছত হোটেলৰপৰাই তেওঁক গ্ৰেপ্তাৰ
কৰা হ’ল৷
ঘটনাটো নাটকীয় নাছিল৷
কোনো দৌৰাদৌৰি নাছিল৷
কোনো চিঞৰ-বাখৰ নাছিল৷
মাত্ৰ কেইজনমান বিষয়া৷
কেইখনমান কাগজ৷
এখন গাড়ী৷
তেওঁ গাড়ীত উঠি বহিল৷
জালনাৰ বাহিৰত পেৰিছ চলি আছিল৷ দোকান খোলা
আছিল৷ মানুহে বজাৰ কৰিছিল৷ জীৱন স্বাভাৱিক আছিল৷ জালনাৰ সিপাৰে বহি থকা ললনাগৰাকীক
লৈ কাৰো পুৰণি উৎসুক্য নাছিল৷
জেৰাত তেওঁ বহু প্ৰশ্নৰ সন্মুখীন হ’ল৷
“কোনে আপোনাক নিযুক্তি দিছিল?”
“কাৰ লগত যোগাযোগ আছিল?”
“কিমান টকা পাইছিল?”
কোনখন দেশৰ বাবে কাম কৰিছিল?
প্ৰশ্নবোৰ ঘূৰি আহি থাকিল৷
তেওঁৰ উত্তৰবোৰো৷
দিন গ’ল৷ মাহ গ’ল৷
তাৰপিছত বিচাৰ আৰম্ভ হ’ল৷
আদালতত তেওঁ প্ৰথমে সাংবাদিকসকলক লক্ষ্য কৰিলে৷
তেওঁলোকৰ কলম আগতেই প্ৰস্তুত৷
বিচাৰ আৰম্ভ হোৱাৰ আগতেই বহুতে নিজৰ সিদ্ধান্ত
লৈ পেলাইছে৷
যুদ্ধ তুংগত উঠিছে৷
যুদ্ধৰ সময়ত মানুহে নায়ক বিচাৰে৷
বিশ্বাসঘাতকো বিচাৰে৷
দুয়োটাই সমান প্ৰয়োজনীয়৷
নাৰীগৰাকীয়ে কোনটো ভূমিকা পালন কৰিব সেইটো
আদালতত নিৰ্ধাৰণ হোৱাৰ আগতেই সংবাদপত্ৰই প্ৰায় নিৰ্ধাৰণ কৰি পেলাইছিল৷
বিচাৰকে অভিযোগ পঢ়িবলৈ ধৰিলে৷
সাক্ষী আহিল… নথি আহিল… যুক্তি আহিল… প্ৰতিযুক্তি
আহিল…
শেষত ৰায় আহিল৷
“অভিযুক্তক মৃত্যুদণ্ড প্ৰদান কৰা হ’ল৷”
কোঠাটো নীৰৱ হৈ গ’ল৷
নাৰীগৰাকীয়ে মূৰ দাঙি বিচাৰকৰ ফালে চালে৷
তেওঁৰ মুখত কোনো নাটকীয় অভিব্যক্তি নাছিল৷
দীঘলীয়া ৰে’লযাত্ৰাৰ শেষত ষ্টেচনত নামি পৰা
যাত্ৰীৰ মুখত যিমানখিনি ক্লান্তি থাকে, ঠিক সিমানখিনিহে আছিল৷
---
ফায়াৰিং স্কোৱাডৰ আকাশখন ডাৱৰীয়া আছিল৷
সৈনিকসকলে নিজৰ স্থান গ্ৰহণ কৰিলে৷
বিষয়াজনে কাগজ এখন চাই কিছু আনুষ্ঠানিক বাক্য
পঢ়ি শুনালে৷
তাৰপিছত নাৰীগৰাকীৰ হাত বান্ধি দিয়া হ’ল৷
তেওঁ অস্বীকাৰ নকৰিলে৷
সকলো প্ৰক্ৰিয়া নিয়মমতে চলিল৷
এই মুহূৰ্তটোলৈকে তেওঁৰ সমগ্ৰ জীৱনটোক কিছুমান
কাগজ, কিছুমান সাক্ষ্য আৰু কিছুমান অভিযোগত সংকুচিত কৰি অনা হৈছিল৷
তেওঁ শেষবাৰৰ বাবে আকাশলৈ চালে৷
তাৰপিছত সৈনিকসকলৰ ফালে৷
কোনো নাটকীয় ভাষণ নিদিলে৷
কোনো আবেদন নকৰিলে৷
আদেশ দিয়া হ’ল৷
ৰাইফলকেইটা উঠিল৷
নিৰ্দেশৰ লগে লগে বাৰটা বন্দুকে একেলগে গৰ্জি
উঠিল৷ ক্ষন্তেক পিছতে ধুনীয়া মুখখন নিঠৰ দেহটোৰ পৰা আগলৈ তলমূৰকৈ ওলমি ৰ’ল৷
---
প্ৰায় একে সময়তে, সেই চহৰৰ আন এটা প্ৰান্তত
এটা অভিজাত নৃত্যশালাৰ পৰ্দা উঠিল আৰু অৰ্কেষ্ট্ৰাই সংগীত আৰম্ভ কৰিলে৷ এগৰাকী নৱাগতা
নৰ্তকী মঞ্চলৈ উঠিল৷ তাইৰ বয়স কম আৰু চকুহাল উজ্জ্বল আছিল৷ সেইদিনাও দৰ্শকৰ শাৰীত
জেনেৰেল, কূটনীতিবিদ, অস্ত্ৰ ব্যৱসায়ী আৰু ধনী উদ্যোগপতিসকল বহি আছিল৷ তেওঁলোকৰ মাজৰ
কেইজনমানে এসময়ত আন এগৰাকী নৰ্তকীৰ লগতো একেখন টেবুলত বহি মদ খাইছিল, একেধৰণৰ কথা
কৈছিল, একেধৰণৰ প্ৰতিশ্ৰুতি দিছিল৷ এতিয়া জোৰ কৰিও তেওঁলোকে সেই কলংকিনীৰ নামটো মনত
পেলাব নিবিচাৰিছিল৷
ইফালে অলপ আগতে গুলীয়াই হত্যা কৰা নৰ্তকীগৰাকীৰ
মৃতদেহটো তেতিয়া এখন লেতেৰা ভানত তোলা হৈছিল৷ চালকৰ সহায়কজনে চাদৰ এখন দি তেওঁৰ মুখখন
ঢাকি দিছিল৷ দুয়োৰে সেই মৃতদেহটোৰ প্ৰতি তিলমাত্ৰ কৌতুহল নাছিল৷
সমগ্ৰ পৃথিৱীজুৰি নতুন কিবা এটা গঠনৰ প্ৰক্ৰিয়া
চলিছে৷
পুৰণি সীমাৰেখাবোৰ মচি নতুন সীমাৰেখা অঁকাৰ
অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে এচাম মানুহ৷
ধৰ্ম, ৰাষ্ট্ৰ, শিল্প, আইন, মানুহ… মানুহ!
এৰা মানুহকো নতুনকৈ গঢ়ি তোলাৰ প্ৰস্তুতি চলিছে৷
পুৰণি মানুহৰ মৃতদেহে দ’ম বান্ধিছে৷
এইটোও নতুনত্বৰ প্ৰতিবন্ধক কোনোবা পুৰণি মানুহৰে
মৃতদেহ চাগে! কোনবা আছিল ! কিয়বা মৰিল… কাৰ কি আহে যায় ?
অট্টালিকাবোৰ ফালি ভানখন গৈ থাকিল ডাৱৰীয়া
আকাশখনৰ ছাঁৰে…
নৃত্যশালাত সংগীতৰ মাত্ৰা বাঢ়িল…
নৱাগতা নৰ্তকীগৰাকীয়ে প্ৰথমটো ভংগীমা ল’লে৷
দৰ্শকৰ শাৰীৰপৰা ভাঁহি অহা হাততালিৰ প্ৰচণ্ড
শব্দই মৃত নৰ্তকীগৰাকীৰ নামটোৰ শেষ চিনটোও চিৰদিনৰ বাবে ইতিহাসৰ পৰা মচি পেলালে৷
লেখকৰ ই-মেইল : Kalitapriyanuj698@gmail
দূৰভাষ : ৯৯৫৪১৩৫৯৯২
