অন্যযুগ/


পৰিস্মিতা বৰদলৈ ইজ ন’ ম’ৰ


 পৰিস্মিতা বৰদলৈ

 

পুৱা আগেয়ে চৰাইৰ মাতত সাৰ পোৱা মানুহটোৰ আজিকালি টোপনি ভাগে মূৰৰ শিতানৰ মবাইলৰ এলাৰ্মত৷ আগেয়ে সাৰ পায়েই বিছনাৰ ওপৰতে হাত-ভৰি পোনাই উঠি অহা মানুহটোৱে আজিকালি শোৱাপাটীতে ডাটাটো অন কৰি এনেয়ে অলপ দেৰি মবাইল পিছলাই থাকোঁ৷ অৱশ্যে এই কাৰবাৰটোৰ বাবে শ্ৰীমতীৰ পৰা কথা নুশুনাকৈও নাথাকোঁ৷ হ’লে কি হ’ব! এখন কাণেৰে যদি সোমায়, আনখনেদি ওলায়ো যায়৷ কোৱাই কৈ থাকক, মোৰ কি আহে যায়!

আজিও তাৰ ব্যতিক্ৰম নহ’ল৷ এলাৰ্ম বাজিল আৰু লেহেমীয়া গতিত দুবাৰমান স্নুজ বুটামটো টিপা-টিপি কৰাৰ পাছত যেনিবা উঠিলোঁ৷ উঠিলোঁ মানেনো আৰু কি! সেই একেই! মবাইলটো হাতত ল’লোঁ আৰু ডাটাটো অন কৰিলোঁ৷ টিলিং- টালাংকৈ ন’টিফিকেশ্বনবোৰ আহি থাকিল৷ ৱাটচ্এপৰ বিভিন্ন গ্ৰুপৰ মেছেজেই ভৰ্ত্তি৷ এনেতে হঠাৎ কাৰোবাৰ ৱাটছ্এপ ষ্টেটাছ এটাত চকু পৰিল ‘পৰিস্মিতা বৰদলৈ ইজ ন’ ম’ৰ!’ অকণমান সময়ৰ বাবে মই তভক মাৰিলোঁ৷ কালি ৰাতিলৈকেতো এই ছোৱালীজনীয়ে ষ্টেটাছ লগাই আছিল৷ সদায়ে দিয়াৰ দৰে নিশা তাই ৱাটছ্এপত যিকোনো ভগৱানৰ ফটো নতুবা থাপনাৰ ফটো এখন দি তলতে কীৰ্তন ঘোষাৰ এফাঁকি শ্লোক লিখে আৰু পৃথিৱীৰ কুশল কামনা কৰে৷ যেতিয়াৰে পৰা তাই মোৰ ৱাটছ্এপত আছে, আন একো আপডেট নিদিলেও এইটো আপডেটৰ কিন্তু হীন-ডেঢ়ি ঘটা চকুত পৰা নাই৷ হঠাৎ তাইৰনো কি হ’ল! মৃত্যু ইমান সহজনে! হয়তো সহজ! জীৱনহে দেখোন সহজ নহয় একেবাৰেই! 

এদিন এখন বাতৰি-কাকতৰ দেওবৰীয়া পৰিপূৰিকাত পৰিস্মিতা বৰদলৈৰ এটা গল্প প্ৰকাশ পাইছিল৷ মোৰ আকৌ এটা নিয়ম৷ পঢ়ি ভাললগা কিবা পালে, লেখাটোৰ তলত দিয়া নাম্বাৰটোত যোগাযোগ কৰি মতামত জনাওঁ৷ পৰিস্মিতা বৰদলৈৰ লগতো সেই সূত্ৰেই চিনাকি৷ তাৰপাছৰে পৰা কেতিয়াবা দুই-এষাৰ কথাৰ বিনিময় হয় ৱাটচ্এপতে৷ তাইৰ কিবা পুৰস্কাৰ পোৱাৰ খবৰ হওক বা লেখা প্ৰকাশৰ খবৰ হওক; তাইৰ ষ্টেটাছতে পাওঁ, অভিনন্দন জনাওঁ৷ তাই ধন্যবাদ দিয়ে৷ নিজেও অলপ-অচৰপ লেখা-মেলাৰ সৈতে জড়িত হেতু দুটামান ৱাটছ্এপ গ্ৰুপৰো আমি উমৈহতীয়া সদস্য৷ অৱশ্যে সেই বিষয়ে মই পৰিস্মিতাৰ সৈতে চিনাকি হোৱাৰ পাছতহে জ্ঞাত হৈছোঁ৷ যিয়েই নহওক, এই মুহূৰ্তত এইটো খবৰে মোক মৰ্মাহত কৰিছে৷ বয়সনো কিমান হৈছিল তাইৰ৷ খুব বেছি চল্লিছ বা তাতোকৈ কম৷ কি যে ঘটিব লাগিছে পৃথিৱীখনত৷ এই হাঁহি-মাতি কথা পাতি আছোঁ, পাছ মুহূৰ্ততে মানুহজন নাই৷ এইবোৰ ভাবি-ভাবি মোবাইল পিছলাই থাকোঁতেই চকুত পৰিল, মোৰ যোগাযোগৰ তালিকাৰ প্ৰায়ভাগেই পৰিস্মিতাৰ ফটো একোখন ষ্টেটাছত লগাই সমবেদনা জনোৱাৰ লগতে গুণো বখানিছে৷ মই কথাটোত অলপমান আচৰিতো হৈছোঁ৷ যদিওবা এই সময় এইবোৰ ভবাৰ উচিত সময় নহয়, তথাপি মোৰ মনত পৰিছে, এই ষ্টেটাছ লগোৱাসকলৰ প্ৰায়ভাগেই মোৰ যোগাযোগৰ তালিকাততো আগৰে পৰাই আছে৷ তেওঁলোকৰ মুখততো আজিলৈকে পৰিস্মিতাৰ নাম শুনা নাছিলোঁ৷ আনকি অলপতে পৰিস্মিতাই এটা সন্মানীয় বঁটা পোৱাৰ সময়ত দেখোন কোনোবা এটা ৱাটছ্এপ গ্ৰুপত এওঁলোকৰে কোনো-কোনোৱে আলোচনা কৰিছিল, যি মুঠেই ধনাত্মক নাছিল৷ অৱশ্যে সেইটো গ্ৰুপত পৰিস্মিতা নাছিল, কিন্তু তাইৰ কাণত হয়তো প্ৰকাৰান্তৰে কথাবোৰ পৰিছিলগৈ৷ কিয়নো মোৰ মনত আছে, এদিন তাই এটা ষ্টেটাছ দিছিল ক্ষোভেৰে৷ সাধাৰণতে এনেবোৰ কথাত মই মাত নিদিওঁ যদিও সিদিনা কৈছিলোঁ, “এনেকুৱা কথাবোৰত মনটোৰ ওজন নবঢ়াবা পৰিস্মিতা৷ আমি আমাক আলফুলে ৰাখিব লাগে৷ নিজক আনে কিদৰে জানে সেয়া জৰুৰী নহয়, নিজে নিজক কিদৰে জানা সেয়াহে আচল কথা!” মোৰ কথাষাৰ তাই সমীহ আৰু শ্ৰদ্ধাৰে শলাগি লগে-লগেই ষ্টেটাছটো ডিলিট কৰি দিছিল৷ তাইৰ সেইটো কথাই মোক মুগ্ধ কৰিছিল৷ মাজে-মাজে ছোৱালীজনীৰ মনৰ পৰিচ্ছন্নতাৰ উমান পাইছিলোঁ৷ সেয়ে কিজানি এটা কথাত নিশ্চিত আছিলোঁ এইজনী ছোৱালীয়ে বঁটা-বাহন বা স্বীকৃতিৰ বাবে নিলিখে৷ দৰাচলতে লিখা কথাটোৰ সৈতে কেৱল লিখিবলৈ থকা তাড়নাৰ আৰু নিজৰ ভাষাটোৰ প্ৰতি থকা দায়বদ্ধতাৰ বাদে অন্য কোনো কথা জড়িত হ’বই নালাগে৷ আজিকালি প্ৰায়ভাগ লেখকেই হতাশাত ভোগে,উচিত প্ৰাপ্য নাপালে, সন্মান নাপালে; কোনো-কোনোৱেতো কাকত-আলোচনীত লেখা বাৰে-বাৰে প্ৰত্যাখ্যিত হ’লেও নিৰাশ হৈ পৰে৷ নাজানো কিয় এনে হয়! মানুহেতো লিখেই নিজক ভালে ৰাখিবলৈ, মানে মই তেনেকৈয়ে ভাবোঁ৷ আকৌ লিখি উঠিও যদি ভালে থকাই নাযায়, তাতকৈ নিলিখাই ভাল দেখোন! আজিকালি সাহিত্য চৰ্চাৰ বিভিন্ন প্লেটফৰ্ম আছে, লিখাসমূহো সোনকালেই পঢ়ুৱৈৰ কাষ চাপে৷ কিন্তু কেতিয়াবা সাহিত্য-চৰ্চাৰ বাবেই খোলা ৱাটছ্এপ গ্ৰুপ হৈ উঠে পৰচৰ্চাৰ কেন্দ্ৰ৷ আজি এই মুহূৰ্তত, এই পৰিস্থিতিত, কিছু কথা মনত পৰি তাইৰ অবৰ্তমানত একেজনী মানুহৰে গুণানুকীৰ্তন কৰা মানুহখিনি দেখি মই তাজ্জব মানিছোঁ৷ ভাবিছোঁ মানুহৰ গুণ বখানিবলৈ হ’লে মৃতক হোৱাটো কি অত্যাৱশ্যকীয় ! নাজানো, এই মুহূৰ্তত কি কি চিন্তা আহিব ধৰিছে মনলৈ! সেইবোৰ ভাবি-ভাবি হাতৰ আঙুলিকেইটা গৈ কেতিয়া ফেইচবুকৰ মজিয়া পালেগৈ গমেই নাপালোঁ৷ ফেইচবুকতো দেখোন পৰিস্মিতা বৰদলৈয়ে পৰিস্মিতা বৰদলৈ৷ বেছি সময় চাই থাকিবলৈ মন নগ’ল যদিও এটা কথা ভাবি সঁচাই তবধ মানিলোঁ পৰিস্মিতা বৰদলৈয়ে নিজে বাৰু জানিছিলনে এদিন তাইৰ মৃত্যুত জীৱনকালত এবাৰো শুভেচ্ছামূলক বাৰ্তা নিদিয়া বা দিলেও তাইৰ পাছফালে বু বু- বা বা কৰা মানুহখিনিয়ে এইদৰে প্ৰশস্তিৰে বুৰাই পেলাব! কথাখিনিয়ে মোক ইমান আমনি কিয় দিছে, তাৰো আঁৰত আছে কিছু কথা৷ মই আচলতে অলপ-অচৰপ লিখা-মেলা কৰোঁ যদিও নিজকে এজন ভাল পঢ়ুৱৈ বুলিয়েই মানি আহিছোঁ৷ মাজে-মধ্যে কাকতে-পত্ৰই দুই এখন কিতাপৰ সমালোচনা লিখোঁ৷ কিছু নতুনকৈ লিখিবলৈ লোৱা লেখকে তেওঁলোকৰ কিতাপৰ একোটা কপিও মোলৈ প্ৰেৰণ কৰে৷ অনুৰোধ কৰে পঢ়ি উঠি একলম লিখিবলৈ৷ কিন্তু মোৰ এটাই কথা, সেয়া হ’ল পঢ়ি বিশেষ একো নাপালে মই লিখিব নোৱাৰোঁ৷ সেয়ে কিতাপ উপহাৰ পালে মই নিজকে ‘ঋণী’ যেনহে অনুভৱ কৰোঁ৷ অৱশ্যে পঢ়ি ভাল পালে নিলিখাকৈয়ো নাথাকোঁ বাৰু৷ অলপতে, এটা ঘটনা ঘটিল৷ এগৰাকী যুৱ গল্পকাৰে মোলৈ তেওঁৰ গল্পৰ সংকলন দুখন পঠিয়ালে৷ পঠিওৱাৰ পাছৰেপৰা প্ৰায় সপ্তাহে-সপ্তাহে একপ্ৰকাৰ তাগিদা দি থকা হ’ল সমালোচনা এটা লিখিবলৈ৷ কথাটো মোৰ বাবে আছিল অলপমান অস্বস্তিদায়ক৷ তাতোকৈও অস্বস্তিদায়ক আছিল, তেওঁৰ সমসাময়িক গল্পকাৰসকলৰ বিষয়ে হোৱাই-নোহোৱাই লাগ-বান্ধ নোহোৱা কথা কিছুমান কোৱা অভ্যাসটো৷ নিজৰ প্ৰতি আত্মবিশ্বাস থকা খুব ভাল, কিন্তু উচাত্মিকতবোধে মানুহক অহংকাৰী কৰে৷ ‘মই ভাল’ আৰু ‘মইহে ভাল’ ৰ মাজত তফাৎ নিশ্চয় থাকে৷ এনে নহয় যে তেওঁ ভাল নিলিখে৷ কিন্তু ভাল লিখিলেই আচলতে এজন মানুহ ‘মানুহ’ হ’ব নোৱাৰে; যেতিয়ালৈ আনৰ কামৰ প্ৰতি তেওঁ সন্মান ৰাখিব নাজানে৷ এইগৰাকী গল্পকাৰে আজি ফেইচবুকত প্ৰয়াত পৰিস্মিতা বৰদলৈৰ বিষয়ে যিমানখিনি লিখিছে, মোৰ নিজৰে বিশ্বাস হোৱা নাই যে এইখিনি তেঁৱেই লিখিছে৷ কিয়নো পৰিস্মিতাই সেই সন্মানীয় বঁটাটো পোৱাৰ সময়তে তেওঁ কোনোবা এটা ৱাটছ্এপ গ্ৰুপত মুকলিকৈ লিখিছিল, “আজিকালি কিতাপ-পত্ৰ নথকাকৈও মানুহে বঁটা পায় পায়৷ আমাৰহে কপালত এইবোৰ নাই৷” লগতে যোগ দিছিল আন এগৰাকী উদীয়মান গল্পকাৰে এইবুলি, “তাকেহে পাই! এইবোৰ বঁটা ক’ত, কেনেকৈ এপ্লাই কৰে ভূ-ভটঙকে নেপাওঁ দেখোন৷ ৰাইজে এতিয়া ঈৰ্ষা কৰা বুলি নাভাবিব আকৌ দেই৷ নাজানো বাবেহে সুধিছোঁ আকৌ! গল্পতো বহুতেই লিখি আছে ন!”_এই সকলোবোৰ কথা পৰিস্মিতাৰ কাণত পৰিছিলহি৷ সেই বিষয়ে মই কেনেকৈ গম পালোঁ, সেয়া বাৰু তেহেলৈ থাকক সদ্যহতে৷ মুঠতে এচাম সমসাময়িক গল্পকাৰৰ মতে বঁটাটো তাই পাবই নালাগে৷ আন এচাম যি আগৰেপৰাই লিখি আহিছে তাৰে মাজৰ কোনো-কোনোৱে কিন্তু অন্তৰৰপৰা কথাটো ভাল পাইছিল আৰু অভিনন্দন জনাইছিল, এচাম আছিল নিৰুদ্বিগ্ন হৈ আৰু আন এচামে অভিনন্দন জনোৱাৰ নামত সৌজন্য ৰক্ষা কৰিছিল মাত্ৰ৷ এইবোৰ কথাই পৰিস্মিতাক বেয়া লগোৱা নাছিল, তাই সকলোৰে প্ৰতি যিহেতু উদাৰমনা আছিল আৰু এনে ধৰণৰ কথাবোৰত ব্যস্ত থকাতকৈ, জীৱনত সংযোজিত হ’বলৈ আৰু বহুত ডাঙৰ কাম আছে বুলিহে ভাবি লৈছিল৷ মানুহৰ বাবে, জীৱনৰ বাবে আৰু ভাল কিবা কৰিবলৈহে যেন তাই বদ্ধপৰিকৰ হৈছিল৷ তাইৰ বাবে লিখা কামটো আছিল এক থেৰাপী, উপশমৰ এক উপায়৷ তাই লিখি সকাহ পাইছিল৷ এই লিখাৰ প্ৰক্ৰিয়াটোৱে তাইৰ জীৱনটোক এটা নতুন দিশ দিছিল, কিছুমান মানুহ পাইছিল৷ তাই যেন নতুনকৈ জী উঠিছিল৷ ভালপাবলৈ লৈছিল বেছিকৈ জীৱনটোক৷  

বৰ্তমান মূল কথাটো হৈছে ‘পৰিস্মিতা বৰদলৈ আৰু এই পৃথিৱীত নাই৷ তেওঁৰ মৃত্যু হৈছে৷ তেওঁৰ মৃত্যুৰ লগে লগেই যেন তেওঁক ভালপোৱা মানুহৰ সংখ্যা বৃদ্ধি পাব ধৰিছে৷ কেৱল তেওঁকেই নে তেওঁৰ কামবোৰকো দেখোন মানুহে মৰম দিবলৈ আৰম্ভ কৰিছে ছ’চিয়েল মিডিয়াত৷’ হায় ৰে মানুহ! 

“আপুনি মৃত্যু মেনিফেষ্টেশ্বনত বিশ্বাস কৰেনে?” 

“মৃত্যু মেনিফেষ্টেশ্বন আকৌ কি বস্তু?” 

“এইটো মই ভাবি উলিওৱা বস্তু৷” 

“মানে?” 

“মানে ধৰক, এই যে আমি মেনিফেষ্টেশ্বন কৰি থাকোঁ৷ য়ুনিভাৰ্ছে সেয়া আমালৈ ওভতাই দি থাকে৷ মানে মই খুব বিশ্বাস কৰোঁ সেই কথা৷ দুটামান প্ৰমাণো পাইছোঁ নিজৰ লগতে৷” 

“মেনিফেষ্টেশ্বন বাৰু বুজিছোঁ৷ কিন্তু মৃত্যু মেনিফেষ্টেশ্বন?” 

“বুজাই কৈছোঁ শুনক৷” 

“...” 

“আমি কেতিয়াবা নিজৰ মৃত্যুৰ কথা খুব ক’বলৈ আৰম্ভ কৰোঁ৷ আমাৰ দৰে খেয়ালী মানুহবোৰৰ এইটো এটা হবিৰ দৰে৷ মানুহৰ অৱচেতনে মৃত্যুৰ এখন ছবিখন বহন কৰিবলৈ আৰম্ভ কৰে৷ আচৰিত যে বহু ক্ষেত্ৰতেই সেই ধৰণেৰেই মৃত্যুক সাবটি লোৱাও আমাৰ চকুত পৰে৷ অৰ্থাৎ মৃত্যুৰ মেনিফেষ্টেশ্বন অসম্ভৱ নহয়৷ অৱশ্যে ইয়াৰ বৈজ্ঞানিক ভিত্তিৰ বিষয়ে মই আপোনাক ক’ব নোৱাৰিম সদ্যহতে৷” 

ঠিক এনে ধৰণৰ এখিনি কথাই সিদিনা মোক তাই কৈছিল৷ কিন্তু সেইবুলি তাইৰ মৃত্যুৰ কথাটো এতিয়াওচোন মানি ল’বৰ মোৰ সত যোৱা নাই৷ এই সময়ত মোৰ মনলৈ আন এটা প্ৰশ্নও আহিছে৷ সিদিনা তাইক সোধাও নহ’ল৷ ‘মৃত্যু মেনিফেষ্টেশ্বন’ কেৱল নিজৰ বাবেই কৰিব পাৰি নে আনৰ বাবেও! ধেৎ কি যে উদ্ভট চিন্তা কিছুমান আহিছে মনলৈ! তাই যে কৈছিল ‘ৰ’ব মই এদিন গল্প এটাকে লিখি দিম৷ গল্পই বঁটা আনিব পাৰে নে নোৱাৰে সেইটো মই নাজানো৷ কিন্তু বঁটা এটাই হ’লে গল্পৰ সৃষ্টি কৰিবই পাৰে!’ মই সিদিনা ৰগৰ কৰি সুধিছিলোঁ, “কেতিয়াবা তোমাৰ গল্পত ময়ো থাকিমনে?”

তাইৰ স্বভাৱজাত হাঁহিটোৰে যেন এইমাত্ৰই মোক ক’লে, “থাকিম মানে আছেই দেখোন!” 

মই ইফালে-সিফালে চালোঁ৷ ক’তা! পৰিস্মিতা বৰদলৈতো ইয়াত নাই, কিন্তু ময়ো জানো আছোঁ! বাস্তৱত মোৰ অস্তিত্বই বা কি! পৰিস্মিতা বৰদলৈ নাই মানেতো ময়ো নাই৷ স্ৰষ্টাৰ অনুপস্থিতিত সৃষ্টি জানো থাকিব! 

“স্ৰষ্টাৰ অবৰ্তমানতো সৃষ্টি যুগমীয়া হৈ ৰয়৷” 

পুনৰ তাই কোৱা কথাষাৰেই কাণত ভাহি আহিছে৷ এই মুহূৰ্তত না মই সঁচা! না পৰিস্মিতা বৰদলৈ সঁচা! সঁচা কেৱল এই গল্পটো৷ যাৰ শিৰোনামটো গল্পকাৰে ইতিমধ্যে ঠিৰাং কৰিছে, “পৰিস্মিতা বৰদলৈ ইজ ন’ ম’ৰ!”

                                                     ***

ভ্ৰাম্যভাষ-৯৬১৩৭৯৩০৭৭

 




অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ