পৰী পাৰবীন
সন্মুখৰ ঘৰৰ জংঘল হৈ
পৰা বাগিচাখনৰ পৰা পোক-পতংগৰ সমস্বৰৰ কোলাহল ভাহি আহিছে৷ নিগনি খোৱা সৰীসৃপ এটাই আগলি
বাঁহেৰে তললৈ নামি আহি গছৰ খোৰোঙত সোমাই পৰিল৷ পৰাণে বেলকনিৰ টাবকেইটালৈ চালে৷ বগা
ভেঁটফুলৰ পাহিবোৰ পানী পাই সতেজ হৈ উঠিছে৷ কফিন ফুলত মৌ এজনী সোমাই মৰি আছে৷ মৌজনীয়ে তাক এটা ভ্ৰুণৰ স্পন্দনৰ ছন্দৰে জোকাৰি
গ’ল৷ স্মৃতিৰ ওভতনি সোঁতত পিছসাঁতোৰ দিবলৈ
পাৰদৰ্শিতা থকা সত্তেও এই জোকাৰণিত সি হৈ পৰিছে এক অক্ষম, অসহায় এক জৈৱপদাৰ্থ, যেন
এটা অসহজ অক্টোপাছ৷ অক্টোপাছৰ প্ৰসাৰিত অষ্টপদেৰে নিজকে মেৰিয়াই লৈ জোকাৰণিটোত সি সৰি
নপৰিবলৈ ক্ষুদ্ৰ প্ৰয়াস এটি কৰিলে৷
স্বয়ংচালিত যন্ত্ৰৰ দৰে সি বে’ডকভাৰখন থুকুচি থুকুচি ধুলে আৰু বেলকনিৰ তাঁৰত মেলি দিলে৷ তেজৰ দাগটো সম্পূৰ্ণকৈ নগ’ল৷ বে’ডকভাৰখনত জিলিকি থকা ৰঙা ৰংটো তাৰ বাবে এক উগ্ৰ আচ্ছন্নতা৷ ইমান উগ্ৰতাৰ সতে সহবাস সি আচলতে কোনোদিনেই কৰা নাছিল৷ সেই উগ্ৰতাৰ আৰম্ভণি হৈছিল যিদিনাই প্ৰেমৰ সূত্ৰটো আয়ত্ত কৰি পেলাইছিল৷ সেই সূত্ৰটো, যিটোৱে তাক শিকাইছিল, কাক ভাল পাব লাগিব আৰু কিমানলৈ ভাল পাব লাগিব৷
এতিয়া কি কৰা যায়! দেওবাৰৰ এই সময়খিনি আচলতে জেৰিফাই ভালপোৱা গাখীৰ চাহ একাপ আৰু সি ভালপোৱা মালপোৱা নতুবা হয়তো ঘিলাপিঠা দুখনেৰে আৰম্ভ হ’লহেঁতেন৷ কিন্তু আজি জেৰিফাই সেইবোৰ যতনাই নথ’লে৷ সি ফ্ৰীজটো খুলি চালে৷ ব্ৰে’ড দুখন উলিয়াই ট’ষ্ট কৰিব পৰা যায়৷ ৰাতিয়ে ছুইগিত অৰ্ডাৰ দি অনা পিজ্জা দুটুকুৰা আছে, জেৰিফাই ভালপোৱা মাৰ্ঘেৰিটা পিজ্জা, সৰহকৈ চীজ সনা৷ তাকেই গৰম কৰা হওক৷ এয়াৰ ফ্ৰায়াৰটোত সি পিজ্জা দুটুকুৰা ভৰাই দিলে৷
চাহ দুকাপ বাকি সি টেবুলত
অপেক্ষা কৰিলে৷ এই হয়তো অলপ পাছতে টাব খুঁচৰি থকাৰ পৰাই তাই মাত দিব নতুবা গা ধুই তিতা
চুলিখিনি টুকি আহি ডাইনিং টেবুলত বহিবহি৷ নাই, একোৱেই শব্দ নাহিল৷ সি কাণ উণাবলৈ চেষ্টা কৰিলে৷ ওপৰৰ কোনো এটা এপাৰ্টমেণ্টৰ
পৰা কথক নৃত্যৰ অষ্টতাল ভাহি আহিল, “তা ধেই ধেই তা৷ আ ধেই ধেই তক৷” প্ৰতিটো তালত এটা
খোজৰ শব্দ, কিছু খৰখোজ, প্ৰতিটো খোজৰ লগে লগে একোটা কাহিনীৰ লম্বাকৃতিৰ ঘূৰ্ণায়মান প্ৰৱাহ,
নাই, সেয়া জেৰিফাৰ পদক্ষেপণৰ প্ৰৱাহ নহয়৷ জেৰিফাই সত্ৰীয়াহে নাচে৷ অৰ্ধবৃত্ত এটাত সোমাই খোলৰ
তালে তালে জেৰিফাই ৰাধাকৃষ্ণৰ প্ৰেমৰ কথা কৈ যায়৷
জেৰিফাৰ ডিঙিত ওলমি থাকে গণেশৰ লকেট এটা৷
ডিঙিত গণেশৰ লকেট আঁৰি ৰাধাকৃষ্ণৰ প্ৰেমৰ ভংগিমা দিয়া ছোৱালীজনীৰ গাত আৰব দেশৰ তেজ আৰু সেই তেজক সি স্পৰ্শ কৰিছে৷ এক চেঁচা অনুভুতিৰ বিদ্যুৎপ্ৰৱাহত সি আড়স্ত হ’ল৷ এই তেজ সত্য নে বে’ডকভাৰত লাগি থকা তেজৰ ৰংটো সত্য? নে নাইটিটোত লাগি থকা লেভেণ্ডাৰ ফুলৰ গোন্ধটো সত্য? সত্য-অসত্যৰ যুদ্ধত সি ধৰাশায়ী হৈ পৰিল৷ অনামী শূন্যতা এটাই হায়ৰাণ কৰি তুলিলে তাক৷ যেন কোনো হাহাকাৰ নাই, কোনো বিহ্বলতা নাই, হেৰুওৱাৰ দুখ নাই৷ কিছু প্ৰশ্ন সি নিজকো কৰিলে৷ তাৰ লগে লগে সি যাত্ৰা কৰিলে কিছু আগলৈ৷ য’ত সি বিচ্ছিন্ন নাছিল, য’ত সকলো পুৰুষ, সকলো নাৰী, সকলো গছ, সকলো গাড়ী একেই আছিল; য’ত সকলো বেলুন, সকলো আম, সকলো কিতাপ, সকলো ডায়েৰী, সকলো ছবি একেই আছিল; য’ত সকলো পুৰুষ মানেই এটা পুৰুষাংগ, সকলো নাৰী মানেই দুটা স্তন, এটা জৰায়ু - তাৰ বাদে কোনো ভেদাভেদ নাছিল৷ য’ত জেৰিফা আৰু অংগনাৰ মাজত কোনো ভেদাভেদ নাছিল৷
এৰা! জেৰিফা আৰু অংগনাৰ মাজত কোনো ভেদাভেদ নাছিল৷ ক’ত কিদৰে এই ভেদাভেদৰ জন্ম হ’ল সি নাজানে৷ জেৰিফাৰ দেউতাক হ’ল খিলঞ্জীয়া
অসমীয়া মুছলিম, তেওঁলোকৰ পূৰ্বপুৰুষক আহোম ৰজাই সোণ ৰূপৰ গুণা প্ৰস্তুত কৰিবলৈ অসমলৈ
আনিছিল৷ কিন্তু মাক আছিল আহোম আৰু মোগলৰ সংকৰণ৷ যুদ্ধবন্দী হিচাপে অসমত ৰৈ যোৱা মোগল
সেনাই আহোম কন্যাক বিয়া পাতি মাকৰ উপৰিপুৰুষৰ লিগেচী বহন কৰিছিল৷ জেৰিফাৰ মাহীয়েকজনী
যালৈ বিয়া হৈ গৈছিল তেওঁলোক আকৌ শংকৰদেৱৰ ওচৰত শৰণ লোৱা বাৰভূঞা পৰিয়ালৰ মানুহ আছিল৷ মহাকৰ
পৰিয়ালৰ আচাৰ ধৰ্মত শংকৰী প্ৰভাৱ আছে৷
জেৰিফা আৰু অংগনাই একেলগে সত্ৰীয়া নাচিছিল৷ সি খোল বজাইছিল৷ সিদিনা আকাশত ভোৰতাল বাজিছিল৷ হেলনীয়া বৰষুণজাক ৰূপৰ ৰচীৰে নামি আহি সেমেকা মাটিখিনিত খুন্দা মাৰিছিল৷ তাৰ চকুৰে যেন বন্দুকৰ গুলীহে বৰষিছিল৷ গীতাৰ্থী পইণ্টৰ কেঁকুৰিটোতে কথাবোৰে পাক সলাইছিল৷ বগা চেলৱাৰ আৰু হালধীয়া জয়পুৰী প্ৰিণ্টৰ দোপাত্তা উৰুৱাই অহা জেৰিফাক সি আধাবাটতে গাড়ীত উঠাই লৈছিল আৰু গুচি গৈছিল বাঘমৰা বালিচৰৰ ফালে৷ বালিচৰত কথাবোৰ ফুৰফুৰীয়া হ’ল৷ ঝাওবন আৰু এৰাসুঁতিবোৰ পাৰ হৈ সিহঁত বিশাল ব্ৰহ্মপুত্ৰৰ নামত প্ৰতিশ্ৰুতিৱদ্ধ হ’ল। হয়, প্ৰেমেই সত্য কেৱল, এই ধৰ্ম এই ৰাজনীতি সকলোবোৰ এদিন বুৰঞ্জীয়ে গিলি পেলাব৷ থাকি যাব কেৱল প্ৰেম৷ ৰ’মিঅ’-জুলিয়েটৰ দৰে, ডাণ্টে-ব্ৰিয়েটিছৰ দৰে৷
তাৰ পাছৰ কথাবোৰ অলপ
খৰ হ’ল৷ পঢ়া শেষ কৰি পৰাণে চহৰখনৰে কলেজত জইন কৰিলে৷ তাই সত্ৰীয়া নাচৰ শেষ পৰীক্ষাটো
দি গৱেষণাত লাগিল৷ জেৰিফাৰ ঘৰত বিয়াৰ কথা আগ বাঢ়িল৷ দৰা ওলাল আগৰৰ ব্যৱসায় কৰা এজন যুৱক৷ সেইখিনিলৈকেও জেৰিফাই ভয় খোৱা নাছিল আৰু সেয়ে এদিন
আহি পৰাণে নতুনকৈ লোৱা ফ্লেটৰ দুৱাৰত নক কৰি একেবাৰে নিগাজীকৈ থাকিবলৈ ল’লে৷ পৰাণে
অৱশ্যে কিছু সামাজিকতা নিবিচৰাকৈ থকা নাছিল৷ হঠাতে এই সিদ্ধান্ত ল’ব লগা হোৱাত সিও
কিছু অপ্ৰস্তুত হ’ল৷ বন্ধুবৰ্গ, বিশেষকৈ অংগনাৰ পৰা বেছ কিছু আপত্তি-অভিযোগ আহিল৷ একেখন থালিৰে পৰা লুচি-ভাজি খোৱা ছোৱালীজনীয়ে এতিয়া
জেৰিফাই যচা গিলাছত পানী নোখোৱা হ’ল৷ হঠাতে
ধৰ্মক লৈ সোচ্ছাৰ হৈ উঠিল তাই৷
জেৰিফাৰ দেহত আৰব দেশৰ
তেজ৷ আৰব দেশৰ তেজ আৰু সিন্ধুপ্ৰদেশৰ তেজৰ মিলন তেল আৰু পানীৰ দৰে৷ দ্ৰৱীভূত নহয়৷ নিমিলে৷
নিমিলিল৷ নিমিলা কথাবোৰেই সৰু সৰু বুৰবুৰণি একোটা তুলি তুলি ডাঙৰ হৈ উঠিল৷ অভিমান, মনোমালিন্য, কথাৰ ওখনা-ওখনি৷ ওখনা-ওখনিৰ মাত্ৰাটো আগৰাতি অলপ বেছিকৈয়ে হৈছিল
আৰু আজি ৰাতিপুৱালৈ দেখিলে,
তাৰ বিছনাত জেৰিফা শুই থকা নাই৷ ড্ৰয়িংৰূমৰ
দুৱাৰখন ভিতৰৰ পৰা খোলা৷ তাৰ অগাধ বিশ্বাস ভংগ কৰি জেৰিফা গুচি গৈছে আৰু দি গৈছে মাত্ৰ
এটা বিদায়ৰ মেছেজ৷ বাকী সমূহ যোগাযোগ বিচ্ছিন্ন কৰি থৈছে তাই৷
চাহ দুকাপ চেঁচা পৰিল৷ পিজ্জা দুটুকুৰা তেনেকৈয়ে
থাকিল৷ সি দুৱাৰ লক কৰি তললৈ নামি আহিল৷ কলৈ যোৱা যায়? নিমাতীৰ ফালে নে? নে কাকচাঙৰ
ফালে? কাকচাঙৰ জলপ্ৰপাতত যোৱাবেলি ফাকুৱাত সিহঁতে পানীখেল খেলিছিল৷ বহল প্ৰস্তৰখণ্ডত বহি পানীত ভৰি জুবুৰিয়াই
তাই যেন নাৰ্চিছাচ হৈ পৰিছিল৷ সি দেখিছিল, তাইৰ চৌপাশে থোপা থোপে ডেফ’ডিল ফুল ফুলিছিল৷
“ধেই, ডেফ’ডিল নহয়, ফাকুগুৰি৷” তাই ৰসিকতা কৰি হাঁহিছিল৷ সেই একেই হাঁহি, জলপ্ৰপাতৰ ধাৰৰ দৰে বৈ অহা হাঁহি৷ সেই হাঁহিটোৰ শব্দটো আজি কিয় ইমান বিশ্ৰী শুনাইছে৷ সি কাণখন বন্ধ কৰি দিছে৷ সি আধা ৰাস্তাৰ পৰা উভতি আহিছে৷ সেই একেই লেণ্ডস্কে’প, অৰণ্য, নদী, পাহাৰ, ধাননি পথাৰ৷ হুইস্কিৰ বটল এটা কিনি সি ঘৰলৈ উভতি আহিল৷ পাঁচপে’গ হুইস্কিৰ উত্তেজনা চকুত সানি সি নীৰৱতাখিনিক ৰূমটোত বিয়পাই পঠিয়ালে৷ এটা অমিশ্ৰিত মিশ্ৰণেৰে কোঠাটো ভৰি পৰিল৷ এই ৰূপ, এই ৰস, এই গোন্ধ, এই স্পৰ্শ, এই উত্তেজনা, এই নীৰৱতা, তাৰ তেজ, জেৰিফাৰ তেজ, বে’ডকভাৰত লাগি থকা তেজৰ চেকুৰাটো- এই সকলোবোৰেই এটা অমিশ্ৰিত মিশ্ৰণ- an unmixable mixture.
সি অংগনালৈ ফোন লগালে,
“জেৰিফাই কি সেই আগৰৰ ব্যৱসায়ীজনকে দৰা সজাই ল’বগৈ৷ মোৰ অতদিনৰ
সংগ-সান্নিধ্য একেবাৰতে বিচ্ছিন্ন কৰি দিব?”
অংগনাই একেটা কথাকে দোহাৰিলে, “ইহঁতবোৰ এনেকুৱাই৷ স্বাৰ্থপৰ, সুবিধাবাদী৷”
অংগনা সুখী হ’ল৷ তাইৰ
অতদিনৰ সপোন এটাত বোধহয় ডক্টৰেট ডিগ্ৰী লোৱা হৈ গ’ল৷
জেৰিফা আঁতৰি যোৱাৰ ঘটনাটোত সি যিমান কষ্ট পালে, তাই সিমানেই সুখী হ’ল৷ কিন্তু জেৰিফাই হয়তো এনে আচৰণ নকৰিলেহেঁতেন৷ সি
কষ্ট পোৱা কোনো কথাতে তাই সুখ প্ৰকাশ নকৰিলেহেঁতেন৷ কিন্তু এতিয়ানো কি হ’ল, একেইতো
হ’ল৷ তাক কষ্ট দি তাই গুচি গৈছে, বোধহয় অলপ দিনতে তাইৰ ঘৰৰ সন্মুখত চামিয়ানা তৰিব, চামিয়ানাৰ
তলত কোনোবা কাজীয়ে তাইৰ নিকাহ কবুল কৰিব আৰু মোহৰানাত এগাল ধন ধাৰ্য কৰি সেই ল’ৰাজনে
জেৰিফাক কইনা সজাই লৈ যাব৷ আৰু বোধহয় সেই নিশাটোৱেই সিহঁতৰ প্ৰথম নিশা হ’ব আৰু জেৰিফাই
ইয়াত এৰি যোৱা তেজৰ চেকুৰাটোৰ কথা মনত পেলাব নুখুজিব৷ বোধহয় ইয়াত ৰৈ যোৱা স্মৃতিবোৰৰ
কোনো সাক্ষী নাথাকিব৷
জেৰিফাৰ স্মৃতি থকা ঘৰটো এৰি সি যেন নামনিমুৱা ৰে’লগাড়ীখনত উঠি দিব৷ জলপাইগুৰি ষ্টেচনত নামি সি কালিমপঙৰ ৰিফিউজীৰ মাজত সি হেৰাই যাব৷ নতুবা হাওৰা ব্ৰিজত ৰৈ মমতা বেনাৰ্জীৰ চৰকাৰক সমালোচনা কৰিব৷ এজাক শেঙুননকা শিশু আৰু অঘৰী, অসহায়, নিঃস্ব, ৰুগীয়া, ক্ষুদ্ৰ, সৰ্বহাৰা মানুহবোৰৰ কাষত ৰৈ সি এৰি যোৱা ঘৰটোৰ চাবিকোচা গণি চাব৷
এৰা! চাবিকোচা সযতনে থ’ব লাগিব৷ কথাবোৰ পুৰণি হৈ গ’লেও উলিয়াই চাব পৰাকৈ চাবিকোচা সি ভালকৈ থ’ব লাগিব৷ চাবিকোচাত কাৰো হাত লাগিব নালাগিব৷ অংগনাৰ হাততো লগাব নালাগিবই৷ অংগনা নামৰ সত্তাটোৱে তাৰ ওচৰে-পাজৰে থাকি বিষ নঢলা হ’লেই জেৰিফা তাৰ ওচৰত গােটেই জীৱনৰ বাবেই থাকিলহেঁতেন৷ চিৰদিনৰ বাবেই৷
সি উচুপি উঠিল৷ চকুপানীখিনি
বৰপেৰাটোত সোমাই পৰিল৷ বৰপেৰাটো বন্ধ কৰি সি চাবিকোচা সামৰি ল’লে৷
দিন পাৰ হৈছে৷ কথাবোৰ লিপিট খাই লাগি ৰৈছে চম্পাকলিৰ গোন্ধৰ দৰে কোটৰ হেঙাৰত, ফ্ৰীজৰ বিলাহীত, ৰাস্তাৰ ডিভাইডাৰত, ৰেষ্টুৰেণ্টৰ প্লে’টত, শব্দৰ অভাৱত, চকুৰ শূন্যতাত, জৈৱবিজ্ঞানীয় সময়ত, ভূতাত্ত্বিক সূত্ৰত৷ অষ্ট্ৰেলিয়ান ৱাইনৰ গিলাছত চুমুক দি সি কোনোবা চহৰৰ ডিস্ক’থেকত অকলে বহি ৰৈছে৷ কামৰ পৰা গধূলি দৌৰাদৌৰিকৈ যাবলৈ নিজৰ চহৰত তাৰ যেন কোনো ঘৰ নাই, তলা লগাই থ’ব পৰা দুৱাৰ নাই, জেপত অৱশ্যে একোচা চাবি আছে আৰু মনটোত খলপাখলপ কাবাৰ্ড আৰু দেহৰ লোমকূপত অলেখ স্মৃতিকাতৰ স্পৰ্শ৷ মনৰ উৰ্ধ্বত শৰীৰ নে দেহৰ উৰ্ধ্বত মন সি কেতিয়াও জুখি চোৱা নাই৷ হন্যমানে শৰীৰ বুলি সি কিতাপত পাইছিল৷ জেৰিফাই তাৰ শৰীৰক পূজা কৰিছিল৷ শৰীৰটো সেয়ে সি বৰ আপুৰুগীয়া সম্পদৰ দৰে প্ৰতিপালন কৰিছে৷ মনটোক খলপাখলপ কাবাৰ্ডত ৰাখি সি দাইলত ফোৰণ মাৰিছে৷ প্ৰেছাৰ কুকাৰত চাউল সিজাইছে৷ দাইলৰ নিমখ, ভাতৰ পানী সকলো জোখমতে হৈ গৈছে৷ খলপাখলপ কাবাৰ্ডটোৰ পৰা মনটো তুলি অনাৰ কোনো প্ৰয়োজন হোৱা নাই৷ চকুৰ স্মৃতি, হাতৰ স্মৃতি, ৰূপ-ৰস-গন্ধৰ স্মৃতিত সকলো পৰিক্ৰমা চলি গৈছে৷
দেহৰ স্মৃতি থাকেনে? সি ভাবিলে৷ তাৰ চকুত ভাহি
আহিল জেৰিফাৰ সপ্ৰতিভ চকুহাল৷ তাৰ কাণত বাজি থকা জেৰিফাৰ মাতষাৰ, তাৰ নাকত উজাই অহা
জেৰিফাৰ দেহৰ গোন্ধ, শেষৰাতিৰ জেৰিফাৰ চকুপানীৰ সেই লুণীয়া সোৱাদ আৰু সেই নিভৃততম স্পৰ্শ-এইবোৰ
দেহৰ স্মৃতি নে? এইবোৰ স্মৃতিৰ কোনো মূল্য
আছে নে? যেতিয়া মনৰ পৰা কোনো কথা পাহৰি যোৱা যায়, তেতিয়া দেহৰনো কি স্মৃতি থাকিব?
মাইলৰ অলেখ খুঁটা সি পাৰ
হৈ আহিল৷ খুঁটাত বহি মাইলবোৰৰ হিচাপ লওঁতে সি অলপ খোনাইছিল৷ অৱশ্যে সি কেতিয়াও ভবা
নাই যে কাবাৰ্ডবোৰ এদিন খুলিব নালাগিব, ভবা নাই যে মংগলসূত্ৰ এডালত গণেশৰ লকেটটো লগাব
নোৱাৰিব৷ সি ভবা নাই যে জেৰিফাৰ সত্ৰীয়াৰ গৱেষণাৰ
থেছিছখন লিখি শেষ নহ’ব৷ শংকৰদেৱে ম্লেছ কছাৰীক শৰণ দিওঁতে মুছলমানসকলে কিয় শৰণ নল’লে
সেই কথা সি ভবা নাই…
এনেকৈয়ে নভবাকৈয়ে আন কিছু কথাও সংঘটিত নোহোৱাকৈ নাথাকিল৷ অংগনাই তাইৰ দীঘল পাঁজিসেৰীয়া আঙুলিকেইটাৰে তাৰ বুকুৰ নোমকেইটা লিৰিকি বিদাৰি তাক অপ্ৰস্তুত, অসহজ অক্টোপাছ এটালৈ ৰূপান্তৰ কৰাৰ দিনা সি অনুভৱ কৰিলে অক্টোপাছটোত বহুত আপুৰুগীয়া স্পৰ্শ আছে, সুখমিহলি বহুত দুখ আছে, আছে বহু বিন্দু, বহুত ৰেখা, সৰল ৰেখা, বক্ৰ ৰেখা…
তাৰ পাছৰে পৰা অশান্ত সাগৰ এখনত লংগৰ নোহোৱাকৈ সি জাহাজ চলাই আছে৷ চহৰৰ পাছত সি চহৰ ঘূৰিছে, সাগৰৰ পাছত সাগৰত নামিছে৷ সি হয়তো কেতিয়াও পাৰলৈ উঠিব নোৱাৰিব৷ তাৰ দুখবোৰ কেতিয়াও যথেষ্ট দুখ নহ’ব৷ তাৰ সুখবোৰ হয়তো কেতিয়াও যথেষ্ট সুখ নহ’ব৷ তাৰ জীৱনটোও হয়তো ইমান গুৰুত্বপূৰ্ণ নহ’ব৷ হঠাতে যেন এলাৰ্ম ঘড়ীটো বাজি উঠিল৷ হৰ্নটোও বাজি উঠিল৷ ওপৰ মহলাৰ পৰা ভাহি আহিল তৎকাৰ তালৰ খৰ পদধ্বনি৷ খিৰিকীৰে সি হালধীয়া টেক্সিবোৰ অহা-যোৱা কৰা দেখি থাকিল৷ ফুটপাথত বহি থকা মগনীয়াটোৱে গান এটা গাইছে৷ বাংলা গান৷ পূৰ্ববংগীয় সুৰ নে পশ্চিমবংগীয় সুৰ সি ধৰিব নোৱাৰিলে৷ ভিক্তোৰিয়া মেম’ৰিয়েলত ইতিহাসৰ গোন্ধ ওলাইছে৷ কলকাতাৰ ইতিহাস, বিশ্ববুৰঞ্জী, বিশ্বযুদ্ধ, স্বপ্নযুদ্ধ, চন্দ্ৰত মানুহ, বিজ্ঞান সাহিত্য, দৰ্শনবিদ্যা, নক্সালৰ দাবী, শ্ৰমিক সংস্থাৰ প্ৰতিবাদ সকলোবোৰ থূপ খাই পৰিছে তাৰ চকুৰ আইৰিছৰ নীলাৰ মাজত৷ এটা শেঁতা জোন ৰাতিৰ আকাশত ওলমি থাকিল৷ সি য’লৈকে যায়, জোনটোও তালৈকে গ’ল৷
দেহ নামৰ জ্যামিতিক পেৰাডক্সটোত এই এটা ক্ষতবিন্দুৰ উৎপত্তি কেতিয়া হ’ল সি নিজেই নাজানে আৰু নাজানে ইয়াৰ সমাপ্তি ক’ত৷ অংগনাই বিচাৰিছে তাই আঁকি দিয়া ৰেখাবোৰেৰে সি এটা উপপাদ্য উদ্ভাৱন কৰক৷ সি ভাবিছে, সি নিজেই নিজৰ উপপাদ্য এটা ৰচনা কৰিব পৰা নাই, তেনেস্থলত কিদৰে আনৰ ৰেখাবোৰ পাঠ কৰিব? ডিম লাইটৰ কোমল পোহৰত তাৰ বিছনাখনত সাপৰ দৰে হিচহিচাই উঠা প্ৰাণী এটা দেখি সি এদিন চক খাই উঠিল৷ সি লাইটটো জ্বলাই বাথৰূমলৈ আহি শ্বাৱাৰ অন কৰি দিলে৷ নাই, কথাবোৰ ইমান সহজ নহয়৷ তাৰ ডিএনএ’-ত ৰৈ যোৱা তৰংগবোৰক সি নোহোৱা কৰিব পৰা নাই৷ দেহৰ স্মৃতিক উপেক্ষা কৰাটো তাৰ পক্ষে সম্ভৱ হোৱা নাই৷ আৰু মনৰ স্মৃতি? জেৰিফাৰ সৰু-সৰু আবদাৰবোৰত, যত্নবোৰত কেৱল শৰীৰ নাছিল, মনটোও যে ভৰপূৰ হৈ আছিল৷
সেই মন-শৰীৰৰ স্মৃতিৰ আঁত ধৰি জেৰিফাও নিশ্চয় চামিয়ানাত বহাগৈ নাই৷ হয়তো মোহৰানাত ধাৰ্য কৰিব পৰা নাই নিজৰ গা-ধন৷ সি চাবিকোচা উলিয়াই কাবাৰ্ডটো খুলিলে৷ বগা বে’ডকভাৰখন সি ভালকৈ ধুব জনা নাছিল৷ ৰঙচুৱা দাগটো তাত থাকি গৈছিল৷ ঠিক এনেকুৱা ৰঙা ৰঙৰে ৰিবি-গালে এযোৰৰ কথা জেৰিফাই সেই তেতিয়াই তাক কৈছিল৷ সি কামিজটো পিন্ধি বাহিৰলৈ ওলাই আহিল৷
কাংকানখন খোলাৰ লগে লগেই
সি ৰিবি-গালে এযোৰ কিনি পেলালে৷ জেৰিফাক লগ পোৱাৰ উদগ্ৰ কামনাটোৰেই সি চাবিকোচা হাতত
লৈ জেৰিফাৰ কাষলৈ বুলি গাড়ীখনৰ ষ্টিয়েৰিঙত হাত থ’লে৷