অন্যযুগ/


দ্য এলজোলাম নাইটছ্

 পৰী পাৰবীন


o New Year’s Day to celebrate

No chocolate covered candy hearts to give away

No first of Spring, no song to sing



কাংৰা উপত্যকালৈ শৰৎ আহিছে৷ উপত্যকাটোৰ ওপৰেৰে পাতল ধোঁৱাবৰণীয়া নিহালি এখন মেলি দিয়া হৈছে৷ শৰতৰ বতৰ৷ য’ত ৰ’দ পৰিছে, তাত উষ্ণ, য’ত পৰ্বতৰ ছাঁ পৰিছে, তাত শীতল৷ এতিয়া সম্পূৰ্ণ শীত নহয়, কিন্তু তাৰ আগমনৰ সুহুৰি এটা পৰ্বতত ঠেকা খাই উৰি ফুৰিছে৷ বতাহত কাঠৰ ধোঁৱা, সেউজীয়া মাটিৰ সেমেকা বাষ্প আৰু চাহপাতৰ পকা সুবাস৷ পুৱাৰ কোমল ৰ’দত মাটিৰ পৰা উঠি আহি শইচৰ ওপৰত ওলমি থকা ৰূপালী কুঁৱলী৷ কুঁৱলী নহয় যেন আকাশখনৰ প্ৰতিফলন ধৰি থকা অসংখ্য ক্ষুদ্ৰ আইনাৰ টুকুৰা৷

লেণ্ডস্কেপত প্ৰশস্ত হিমালয় পৰ্বত৷ পথৰ দুকাষত পাইন গছৰ শাৰী৷ বতাহ আহিলেই পাতবোৰ কঁপে আৰু মৃদু সুৰেৰে সোঁ সোঁ শব্দ তোলে৷ পশ্চাদখণ্ডত ধৌলাধৰ গিৰিমালাৰে আৱৰা তুষাৰ আৱৃত শৃংগবোৰ গম্ভীৰ নীৰৱতাৰে দীঘলকৈ বিস্তৃত হৈ আছে৷  ঘন অৰণ্যানিৰ সেউজীয়াই নীলা আকাশ চুইছে৷ এক শান্ত সৌম্য পৰিৱেশ, পৃথিৱীখন যেন ধ্যানত বহিছে, ধীৰে ধীৰে উশাহ টানিছে, নিশ্বাস এৰিছে৷ শত প্ৰাৱল্যৰ এক উদ্ভাসিত আলোকত প্ৰকৃতিদেহৰ এপদ এপদ সম্ভাৰ জিলিকি উঠিছে৷ নাই, প্ৰকৃতিয়ে কুমাৰিত্ব হেৰুওৱা নাই৷ মহাকাব্যবৰ্ণিত কোনো দানৱৰ চকু পৰা নাই প্ৰকৃতিৰ ওপৰত৷

এনে এক নৈসৰ্গিকতাত অৱস্থিত হোটেলকক্ষৰ নামি মই বজাৰখনলৈ ওলাই আহিলোঁ৷ দুপৰৰ সময় যদিও যেন কিছু পৰৰ পাছতেই আন্ধাৰ নামি আহিব৷ যেন বেলি পৰা আবেলি এটা পাহাৰৰ আঁৰত অপেক্ষা কৰি আছে৷ হঠাতে চেঁচা বতাহ এজাকে মোৰ গাটো স্পৰ্শ কৰিলে৷ ছাঁইবৰণীয়া শ্ৰাগখনৰ মাজেৰেই গাটো সিৰিককৈ গ’ল৷ শীত এতিয়াও তীব্ৰ নহয়, কিন্তু আগমণৰ আকাংক্ষা তীব্ৰ৷ ওপৰৰ পৰা চাই পঠিয়ালে দেখা যায়, পাহাৰৰ ধাপে ধাপে ভিন ভিন খেতি৷ খেতিবোৰ শাক-পাচলিৰ ৰঙেৰে উজ্জ্বল৷ পান্নাৰঙী পালেং শাক, সৰিয়হৰ পাতত বিচ্ছুৰিত নিয়ৰ কণা, পাতৰ তলত লুকাই থকা ফুলকবি আৰু ৰঙচুৱা  মাটিৰ ভিতৰত আধা লুকাই থকা গাজৰ৷ সতেজতাৰ বিভিন্ন প্ৰলেপ, বিভিন্ন আচ্ছাদন, ভিন্নৰঙী আচ্ছাদন৷ আলপাইন পাতৰ সেউজীয়া, ওক পাতৰ সেউজীয়া, দেৱদাৰু গছৰ সেউজীয়া, ইজিপ্সিয়ান ঘাঁহৰ সেউজীয়া৷ জাপানী ৰামফলবোৰ সোণালী  লণ্ঠনৰ দৰে ওলমি আছে, ডালিম ফাটি পোখৰাজ ৰত্নবোৰ ছিটিকি পৰিছে, মধুৰীআমৰ লোভনীয় গোন্ধ এটা মলমলাই বতাহত মিলি গৈছে৷ ঘৰবোৰৰ ছাদত মূলাৰ টুকুৰা শুকুৱাই থোৱা আছে৷ ঘৰৰ পিৰালিত জলকীয়া পকি  ৰঙা জুইৰ ৰং লৈছে৷ টাবত ভিন্নৰঙী ক্ৰিচেনথেমাম, দেৱাল বগাই নামি অহা মধুমালতীৰ লতা, গোলাপ ফুলবোৰ ক্ৰমাৎ জেদী হৈ শীতৰ আগত হাৰ মানিবলৈ অস্বীকাৰ কৰিছে৷ মাত্ৰ কেইমাহমান আগতে বাৰিষাৰ বৰষুণত ভীষণ লেণ্ডশ্লাইড হৈছিল, পাহাৰৰ পৰা মাটি খহি ৰাস্তা বন্ধ হৈ পৰিছিল৷ কিন্তু এতিয়া সকলো শুকাই যোৱাৰ লগে লগে চহৰখন পুনৰ সজীৱ হৈ উঠিছে—পৰিষ্কাৰ, সজীৱ আৰু নিশ্বাস লোৱা যেন লাগিছে৷

মই বজাৰত সোমালোঁ৷ বজাৰখনৰো নিজা ছন্দ আছে৷ ই জীৱন্ত, কিন্তু গ্ৰীষ্মৰ দৰে হৈ চৈ নহয়, এতিয়া অধিক শান্ত আৰু স্থিৰ৷ দোকান ভৰি আছে সতেজ সেউজীয়া শাক, কমলা, আখৰোট, আৰু সোণালী মৌৰ বটল৷ টুৰিষ্টসকলে বজাৰত ঘূৰি ফুৰিছে, কোনোৱে কেতিয়াবা শ্বল মেৰিয়াই, কোনোৱে কেমেৰা ডিঙিত ওলোমাই৷ চাহদোকানীয়ে গ্ৰাহকক ধোঁৱা বলি থকা চাহ আগবঢ়াই দিছে, লগত দিছে বেচনৰ পকৰী নাইবা মচমচীয়া ব্ৰেডচপ৷ উলৰ টুপী, হাতেগুঠা মোজা আৰু চুৱেটাৰ সকলো ঠাইত দেখা পোৱা গৈছে৷ এয়া শীতৰ বাণিজ্য আৰম্ভ হোৱাৰ সংকেত৷ পথৰ কাষৰ সৰু চাহৰ দোকানবোৰত ভিন বয়সৰ ভিন্ন পেছাৰ মানুহে একেলগে বহিছে৷ কৃষক, ড্ৰাইভাৰ, ছাত্ৰ, দোকানী সকলোৱেই একেলগে একেসুৰত ৰাজনীতি, কৃষি আৰু বতৰৰ আলোচনা কৰিছে৷ ঠাণ্ডাত কথা পাতোঁতে সিহঁতৰ নিশ্বাস ধোঁৱাৰ দৰে দেখা যায়৷ হাঁহি আহে আৰু বতাহত মিলি যায়৷

ঊণ কাপোৰেৰে শৰীৰ ঢকা হিমাচলী মহিলাসকলে মাটিতেই শাক-পাচলি বিক্ৰী কৰিছে৷ তেওঁলোকৰ দেহা আটিল, বৰণ বগা৷ তেওঁলোকে গাড্ডী ভাষাত কথা পাতিছে৷ তেওঁলোকৰ হাঁহিবোৰ পাহাৰৰ ঢালেৰে চৰাইৰ কল্লোলৰ দৰে শুনা যায়৷ সন্মুখৰ ৰেষ্টুৰেণ্টখনৰ পৰা গিটাৰৰ সুৰ এটা বাজি আহিছে—পশ্চিমীয়া সংগীত কেয়াৰলেছ হুইস্পাৰৰ সুৰ৷ মই কিছু থমকি ৰ’লোঁ৷

সুৰটো নীৰৱে মোৰ মনলৈ আহি থাকে৷ আশে-পাশে জীৱন স্বাধীনভাৱে চলি আছে৷ ডিঙিৰ ঘণ্টা বজাই গৰুবোৰ গাঁৱৰ পথত আপোনমনে ঘূৰি ফুৰে৷ ছাগলীবোৰে ৰ’দ বিচাৰি শিলৰ ওপৰলৈ উঠি যায়৷ ভেড়াৰখীয়াই নিজৰ ভেড়াপাল লৈ পাহাৰৰ পথ পাৰ কৰে, বান্দৰবোৰ খাদ্য বিচাৰি ঘৰৰ ছাদৰ পৰা গছলৈ জঁপিয়াই খাদ্য বিচাৰে আৰু পথৰ কুকুৰবোৰ পাইন কাঠৰ জুইৰ ওচৰত নিশ্চিন্তমনে শুই থাকে৷ পখীবোৰ জন্তুবোৰতকৈও মুক্ত আৰু স্বাধীন৷ বুলবুলি চৰায়ে বেৰীগছৰ আঁৰত লুকাই যায়, মইনা চৰায়ে বিজুলী তাঁৰত ওলমি কোলাহল কৰে আৰু দূৰৈৰ চিলনীবোৰ শুভ্ৰনীল আকাশৰ পৰা ঘূৰ্ণনগতিৰে নামি আহে৷ মন্দিৰবোৰত ঘণ্টা বাজে৷ শীতল বতাহত সেই শব্দ সীমা পাৰ হৈ অসীমত মিলি যায়৷  য’ত তিব্বতীয় বসতি হিমাচলী গাঁৱৰ সৈতে মিলে, তাত প্ৰাৰ্থনাৰ পতাকা উৰে— সূৰ্য আৰু বতাহত পতাকাৰ ৰং মোলান পৰিলেও মন্ত্ৰগীতসমূহৰ অৰ্থ অম্লান৷ শ্ৰমিকসকলে চাহপাতৰ কেনভাচত চানেকি তুলি সেউজীয়াৰ সৈতে মিলি পৰে৷

ৰিনপছেৰ ওচৰ গৈ পোৱালৈকে পাহাৰখনত সন্ধিয়া নামি আহিছে৷ পাহাৰবোৰ প্ৰথমে বেগুনীয়া, তাৰপিছত গাঢ় নীলা হৈ যায়৷ ৰিনপছেই পানী উতলাই আদা, নেমু আৰু মৌ মিহলাই চাহ বাকি দিলে৷ কাপটো হাতত ধৰি লাহে লাহে পান কৰি লেপটপত ৰিনপছেৰ ডকুমেণ্টৰীখন উলিয়াই ল’লোঁ৷ ডকুমেণ্টৰীখনত বিধ্বস্ত হোৱা জাতি এটাৰ বুৰঞ্জী লিখা আছে৷ ৰিনপছেৰ দৰে ময়ো আশা কৰোঁ, বিধ্বস্ততাৰ এই বুৰঞ্জী এদিন শেষ হৈ যাব৷ এই বুৰঞ্জীয়ে এদিন বিজয় পতাকা উৰুৱাই সিহঁতক এক ভূ-খণ্ডত প্ৰতিষ্ঠা কৰিব৷ দালাই লামাই সিহঁতক সিহঁতৰ মাটিলৈ ঘূৰি যোৱাৰ পথ সাজিব, য’ত সিহঁতে সাজি ল’ব পাৰিব জুনিপাৰ কাঠৰ ঘৰ এটা আৰু এপাল ভেড়া ছাগলী পুহিব পাৰিব৷ সোণালী পুৰাংসাজ পিন্ধি সিহঁতে মনলাম উৎসৱত ভাগ ল’ব, নাচিব৷ বৰ দামী এই সপোন৷ বাৰে বাৰে এই সপোন হতাশাত জ্বলি ভস্ম হয়, তাৰপিছত পুনৰ ফিনিক্স পখীৰ দৰে উঠি আহে৷  এনেকৈ সপোনক বাৰে বাৰে ফিনিক্সৰ পাখিত চিলা উৰুৱাদি উৰুৱাই মই আপোনাৰ ওচৰলৈ গতি কৰোঁ৷

ইয়াত গধূলি পাঁচ বাজিছে৷ আপোনাৰ তাত পুৱাৰ আঠ ৷ পুৱাৰ চিকুণ টোপনি মাৰি আপুনি শুই আছে৷ আপুনি শুই ভাল পায়৷ কলম্বোত ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেল হৈ আছে৷ বাহিৰত ফটকাৰ ধুচ ধাচ শব্দ৷ মোৰ হঠাতে অস্বস্তি লাগিল৷ ভাব হ’ল ফটকাৰ শব্দত আপুনি সাৰ পাই যাব৷

ভাবটো অহাৰ পাছতে নিজে নিজৰ ওচৰত ধৰা পৰি হাঁহি পেলালোঁ৷ এনেকৈ নিজেই নিজক লুকুৱাওঁ আৰু ধৰা পৰি যাওঁ৷ এই খেলাটো প্ৰথম আৰম্ভ হৈছিল আপোনাক লগ পোৱাৰ দিনাই৷ সিদিনা আপুনি আমাৰ ডিফেন্স ষ্টাডিজৰ ডিপাৰ্টমেণ্টত বহি আছিল৷ মোৰ গাইডে আপোনাৰ লগত মোক চিনাকী কৰাই দিছিল৷ আপোনাৰ চকুযোৰ এযোৰ শান্ত চকু নাছিল৷ প্ৰথমদিনাই মই আপোনাৰ মাজত এটা প্ৰচণ্ড restlessness দেখা পালোঁ৷ এইটো মই কিয় ধৰিব পাৰিলো, কাৰণ মই কিছুদিন আগতে মা-দেউতাক হেৰুৱাই একেটা পৰ্যায়ত যুঁজি আছিলো৷ তাৰ পাছত আপুনি যেতিয়াই আমাৰ ডিপাৰ্টমেণ্টলৈ আহে তেতিয়াই আমাৰ দুচকুৰ মাজত এটা খেলা আৰম্ভ হৈ যায়৷ এয়া টম এণ্ড জেৰীৰ খেলা৷ আপুনি আপোনাক লুকুৱাব খোজে, মোৰ ওচৰত ধৰা পৰি যায়৷ মই মোক লুকুৱাব খোজোঁ আৰু আপোনাৰ ওচৰত ধৰা নিদিয়াকৈ নোৱাৰোঁ৷

আৰু আমি এদিন কথা আৰম্ভ কৰিছিলোঁ৷ ডিপাৰ্টমেণ্টৰ ভিতৰত, কেফেটেৰিয়াত, সপ্তপৰ্ণী গছৰ তলত, গাইডৰ ওচৰত, ৰিনপছেৰ ওচৰত, আমাৰ গৱেষণাৰ মানুহখিনিৰ ওচৰত আমি বহু কথা পাতিছিলোঁ৷ কথাবোৰ মূলতঃ আছিল গৱেষণা সম্পৰ্কীয়৷ যিখিনি কথা কোৱা নাছিল, সেইখিনিয়ে আমাক বান্ধি ৰাখিছিল৷ হিমালয়ান বোৰ্ডাৰৰ মানুহখিনিৰ স্থানচ্যুতিক লৈ আপোনাৰ মনত এক ক্ষোভ আছিল৷ মোৰ গৱেষণাৰ বিষয় আছিল ভৌগোলিক নিৰাপত্তা৷ আপোনাৰ কথাবোৰ সীমাৰ পৰিসীমা ভেদি কোনোবা দিগন্তলৈ গৈছিল৷ মই ৰৈ গৈছিলোঁ ভাৰতৰ নিৰ্দিষ্ট ভূমি সীমাৰ ভিতৰত৷ এদিন আপুনি ডিপাৰ্টমেণ্টৰ পৰা বিদায় লৈছিল৷ ডিপাৰ্টমেণ্টৰ পৰা নহয় আচলতে, দেশৰ পৰাই বিদায় লৈছিল আপুনি৷ আমাৰ গৱেষণাৰ কাম শেষ হৈছিল৷ মই অসমলৈ ওভতি গৈছিলোঁ৷ অসমৰ ৰাতিবোৰ আছিল বেছি উদভ্ৰান্ত৷ ৰাতিবোৰত মই শুব নোৱাৰা হৈছিলোঁ৷ বিচনাত পৰিলে বেৰৰ কোনো এটা ফুটাৰে পোহৰ এছাটি সোমাই আহি যেন মোৰ চকু চাট মাৰি ধৰে৷ গভীৰ আন্ধাৰতো আপোনাৰ চকুহাল দেখা পাওঁ৷  অস্থিৰ যদিও চকুহালে মোক যেন সাহস আৰু শক্তিৰ কথাকে কয়৷ গভীৰ ৰাতি যেতিয়া টোপনিৰ স’তে যুদ্ধ কৰোঁ, তেতিয়া আপোনাক মনত পেলাই মনটো শান্ত কৰি টোপনি আনিব খুজিছিলোঁ আৰু এনেকৈয়ে আপোনালৈ এদিন লিখি পঠিয়াইছিলোঁ, you are the lullaby that plays through my sleepless nights মোৰ মনে আপোনাৰ পৰা কিবা এক আবেগিক নিৰাপত্তা দাবী কৰি উঠিছিল৷ মই জানো যে প্ৰেমৰ ধাৰণাটো লৈ আপোনাৰ মনত হাজাৰ প্ৰশ্ন উদ্ৰেক হয়৷ আপুনি বিশ্বাস আৰু সংশয়ৰ পেণ্ডুলামত দুলি আছে৷ মই আপোনাৰ বিভ্ৰান্তিক মূল্য দিওঁ৷ আনে যিহক প্ৰেম নাম দিয়ে আপুনি তাত সংশয় প্ৰকাশ কৰে৷ মই আপোনাৰ দ্বিধাগ্ৰস্ততাক মূল্য দিওঁ৷

অসমত তেতিয়া ফাগুন৷ ফাগুন ভীষণ সৃষ্টিশীল মাহ৷ সৃষ্টিৰ তাড়নাত মই গোটে গোটে এলজোলাম গিলোঁ৷ ফাগুনে বতাহ আনে, বৰষুণ আহে, গছৰ বুঢ়া পাতবোৰ আঁতৰাই নতুন পাত পিন্ধাই দিয়ে৷ আপোনাক সৰাপাতৰ খবৰ দিছিলোঁ আৰু কুঁহিপাতৰ ফটো দিছিলোঁ৷ আপুনি কৈছিল, “change is the only constant.” আপুনি কৈছিল অস্থায়িত্বৰ কথা, আপুনি কৈছিল entropy ৰ কথা৷ মই বৰ ভয় খাইছিলোঁ৷ মই পদাৰ্থবিজ্ঞান নুবুজোঁ৷ দৰ্শনৰ জ্ঞান মোৰ নাই৷ আপুনি মোক কোৱাণ্টাম ফিজিক্সৰ কথা কয়৷ ৰিনপছেই মোক মেটাফিজিক্সৰ কথা কয়৷ মই নুবুজোঁ৷ মই আপোনাৰ প্ৰতি যি সহৃদয়তা অনুভৱ কৰোঁ, মই কেৱল সেয়াহে দেখোঁ৷ চন্দ্ৰকলাৰ দৰে সেয়া নীৰৱে বাঢ়ি আহিছিল৷ মই ব্ৰহ্মাণ্ডৰ ওচৰত নিজক সমৰ্পণ কৰি দিছিলোঁ৷ মা-দেউতা ঢুকুৱাৰ পাছত মই কেৱল আপোনাৰ ওচৰতে নিৰাপদ অনুভৱ কৰিছিলোঁ৷ আপুনি মোলৈ কিতাপ পঠিয়াবলৈ লৈছিল৷

আমাৰ সংযোগৰ মূল কাৰণটো মই চলাথ কৰিছিলোঁ৷ দুদিনমানৰ পাছত মোৰ জন্মদিন আহি আছিল৷ মই ঠিক কৰিলোঁ যে, জন্মদিনৰ দিনা মই আমাৰ ৰিনপছেৰ সেৱা লৈ আহিম৷ ৰিনপছেই মোৰ গৱেষণাত বহুত সমল দিছিল৷ মই ট্ৰেইনৰ টিকেট কাটিছিলোঁ৷ আগৰ জন্মদিনটো মোৰ খুব কষ্টত গৈছিল৷ গোটেই দিন ফোন অফ কৰি থৈছিলোঁ৷ বন্ধু-বান্ধৱ কোনোৱেই মোক পোৱা নাছিল৷ মই শীতনিদ্ৰাত থকাৰ দৰে সকলোৰে পৰা আতঁৰত লুকাই আছিলোঁ৷ কিন্তু এইবাৰ জন্মদিনৰ কথাটো সুকীয়া৷ মই ৰিনপছেৰ ওচৰলৈ গৈ আমাৰ বাবে আশীৰ্বাদ লোৱাটো জৰুৰী হৈ পৰিল৷ ৰিনপছেৰ ওচৰত আঁঠু লৈ ওভতাৰ সময়ত ৰিনপছেই ক’লে, আপুনি হেনো ভাৰতলৈ আহিব এসপ্তাহ পাছত৷

মই অলপ উচপ খালোঁ৷ অলপ অভিমানো হ’ল৷ মোকচোন আপুনি কোৱাই নাই৷ ইমানদিনৰ মূৰত লগ পাম নে? সঁচাকৈ নে?

মোৰ বুকুত চৰাই এজনীয়ে বাহ সাজিবলৈ খেৰকূটা কঢ়িয়াবলৈ ধৰিছিল৷

বুকুৰ চৰাইজনী আলফুলে সামৰি হোটেললৈ ঘূৰি আহিলোঁ৷ মই ষ্ট’ভটোত পাচলি সিজিবলৈ দিলোঁ৷ পাচলি সিজি হয় মানে মই মেইল দুটামান কৰি লেপটপটো বন্ধ কৰি দিলোঁ৷ ভাৰত-পাকিস্তানৰ খেল শেষ হৈছে৷ ভাৰত জিকিছে৷ সৈন্যশিবিৰৰ পৰা কোৰ্হাল ভাহি আহিছে৷ টৰ’ন্তোত এতিয়া দুপৰৰ বাৰ বাজিছে৷

চিমনীৰ পৰা ধোঁৱা উঠি যায়, পাচলিৰ চুপখিনিৰ পৰা বনৰীয়া মছলাৰ গোন্ধ এটা কোঠা ভৰি পৰে৷ শুবলৈ যোৱাৰ আগতে মই বাহিৰলৈ ওলাই যাওঁ৷ ঠাণ্ডা বতাহে মোৰ গাল স্পৰ্শ কৰে৷ দূৰত কুকুৰৰ মাত৷ গছৰ মাজেৰে বতাহৰ শব্দ—যেন কথা পাতিছে৷ ওপৰত পাহাৰবোৰ প্ৰথমে বেঙুনীয়া, তাৰ পিছত গাঢ় নীলা হৈ ৰাতিত মিলি যায়৷ আকাশত কেৱল তাৰকাৰাশি, অসংখ্য আৰু তীক্ষ্ণ৷ উপত্যকাখন নীৰৱ৷ এই উপত্যকাখনতে সৰু ঘৰ এটা সাজি আপোনাৰ সৈতে কটোৱাৰ অলীক চিন্তা এটা মনলৈ আহি যায়৷

আপুনি সুধিছিল—ঘৰ মানে কি? ঠাই? স্মৃতি? স্থিতি? নে আহি থকা ভৱিষ্যৎ?

সম্ভৱতঃ চাৰিওটাই৷

ভিতৰলৈ উভতি আহি মই শেতেলিত পৰিলোঁ৷ কাইলৈ পুনৰ নতুন দিন, নতুন কাহিনী৷ মই লাইট নুমুৱাই দিলোঁ৷ খিৰিকীত বহি শৰতৰ পূৰ্ণচন্দ্ৰই মোক পহৰা দিলে৷ পুৱাৰ বতাহজাক সাধাৰণতকৈ অলপ বেছি ঠাণ্ডা আছিল৷ শীত আহি আছে৷ আকাশত এটা শেঁতা বেলি৷ বেলিৰ পোহৰে চৌহদত দীঘল ছাঁ পেলাইছিল৷ মেৰুণ ৰঙৰ বসনত লামাসকল গহীনভাৱে খোজ কাঢ়ি গৈ আছিল, তেওঁলোকৰ পদধ্বনিয়ে শিলৰ মাটিত স্পৰ্শ নকৰে৷ প্ৰাৰ্থনা চক্ৰবোৰ ঘূৰি থাকে৷ প্ৰাৰ্থনাচক্ৰৰ মৃদু শব্দই মন্দিৰৰ ভিতৰৰ পৰা অহা স্তোত্রোচ্চাৰণৰ গভীৰ ধ্বনিৰ সৈতে মিলি সমবেত সংগীতৰ লয় এটা সৃষ্টি কৰে৷

মই ভিতৰলৈ সোমাই গ’লোঁ৷ ঘিঁউৰ সুগন্ধি আৰু ধূপৰ ধোঁৱাই মোক একেবাৰে আৱৰি ধৰিলে৷ বুদ্ধৰ সোণালী প্ৰতিমাৰ আগত শাৰী শাৰী চাকি জ্বলি আছিল৷ সৰু সৰু শিখাবোৰ আপোন লয়লাসত নাচি উঠিছিল৷ ধাতুৰ মসৃণ পৃষ্ঠত পোহৰৰ প্ৰতিফলন ঘটিছিল আৰু সেই পোহৰত বুদ্ধৰ শান্ত মুখখন যেন জীৱন্ত হৈ উঠিছিল৷ মই হাত জোৰ কৰি মূৰ নত কৰিলে, তাৰ পাছত মজিয়াত সাষ্টাংগে প্ৰণিপাত কৰিলোঁ৷ এই প্ৰাৰ্থনা বহুবাৰ পুনৰাবৃত্তি হ’ল৷ মোৰ চকু ভৰি আহিল৷

মন্দিৰৰ মূল অংশত কেইবাজনো লামা ভৰি কোঁচাই পদ্মাসনত বহি গভীৰ স্বৰত স্তোত্র পাঠ কৰি আছিল৷ সেই ধ্বনি যেন মাটিৰ তলৰ পৰা উঠি আহি বায়ুৰ মাজেৰে মোৰ বুকুত খুন্দা মাৰিলে৷ মন্ত্ৰবোৰৰ প্ৰাবল্য অতি বেছি৷ শব্দবোৰ সাগৰৰ ঢৌৰ দৰে উঠিছিল আকৌ নামিছিল, পৰ্বতত ঠেকা খাই প্ৰতিধ্বনিত হৈছিল৷ অতি পুৰণি মন্ত্রবোৰে শতাব্দীৰ বিশ্বাস বহন কৰি তিব্বতীয় বুদ্ধৰ মাজত আবেগ সঞ্চাৰ কৰিছিল৷

“ওঁ মণি পদ্মে হুঁ… ওঁ মণি পদ্মে হুঁ…”

এই পুনৰাবৃত্তিয়ে সময়ৰ অনুভূতিটোৱেই যেন বিলোপ কৰি পেলালে৷

বিশ্বাসৰ বহু ভাষা থাকে৷ কোনোবাই নিয়মত বিশ্বাস কৰে৷ কোনোবাই বেদনাত৷ কোনোবাই বিস্ময়ত৷ কোনোবাই যন্ত্ৰণাত৷

হঠাতে ঘণ্টাৰ মৃদু ধ্বনি উঠিল, লামাসকলে শাৰী শাৰীকৈ মন্দিৰৰ চৌপাশে পাক মাৰিবলৈ ধৰিলে৷ মঠৰ গভীৰ কোণৰ পৰা দীঘল শিঙাৰ তীক্ষ্ণ শব্দ বতাহত বিয়পি পৰিল৷ সেই কম্পনটোৱে যেন দেহত জোকাৰণি তুলিলে৷ মই চকুৰ পানী ৰখাব নোৱাৰিলোঁ৷ 

কেতিয়াবা মই আৱেগক সম্বৰণ কৰিব নোৱাৰা হওঁ৷ আপুনি মোক thinking state আৰু non-thinking state ৰ মাজত ভাৰসাম্য আনিবলৈ কয়৷ লামাসকলৰ কাষতে বহা হ’লে মই thinking state ত নাথাকিলোহেঁতেন৷ কিন্তু মই বহিলোঁ পাছফালে৷ সেয়ে মোৰ মনত অজস্ৰ ভাৱৰ সাগৰৰ জোৱাৰ ভাটা৷ আপোনাৰ spiritual ভাষাত এক non-thinking state৷ কিন্তু সেই নিসংগতাবোধটো নাই৷ শূন্যতাবোধো নাই৷ কিবা এক ধৰণৰ প্ৰাপ্তি, একধৰণৰ পূৰ্ণতাবোধ৷ ঠিক একাকীত্ব উপভোগো নহয়, কাৰণ মই আন এজনৰ সংগ মুহূৰ্তে মুহূৰ্তে অনুভৱ কৰি আছো৷ আচ্ছা আমি কাৰোবাৰ প্ৰেমত পৰো নে? নে আচলতে আমি নিজৰেই প্ৰেমত পৰোঁ, মাত্ৰ এজন মানুহে কেটালিষ্টৰ দৰে আহি আমি আমাৰ প্ৰেমত পৰাত সহায় কৰে৷ ভাবি চাবচোন৷

আপুনি নিজৰ প্ৰেমত পৰিছে নে কাহানিবা?

মন্দিৰৰ বাহিৰত অজস্ৰ চৰাইৰ মাতে সুৰৰ চিম্ফনী তুলিছে৷ মোৰ আত্মাৰ সুৰটো তাত মিলি গৈছে৷ এই চৰাইৰ চিম্ফনীয়ে তৰংগ তুলি গোটেই পৃথিৱীলৈ গুচি যাব৷ ক’ৰবাত আপুনি মোৰ মাতো শুনা পাব৷ চৰাইৰ মাতে নিসংগতা দূৰ কৰে হেনো (কৰবাত পাইছিলোঁ)

আপুনি জানে নে, সৰুতে অসমত থাকোঁতে মোৰ বেলকনিৰ টাবত চৰাইৰ বাহ এটা আছিল৷ সৰু চৰাই৷ ঘনচিৰিকাতকৈও সৰু৷

মন্দিৰৰ পৰা ওলাই আহি মই বজাৰৰ ফালে নামি গলোঁ৷ মেইন স্কোৱাৰ পথটো যেন পাহাৰীয়া চহৰখনৰ মাজেৰে বৈ যোৱা এক জীৱন্ত শিৰাৰ দৰে ঘূৰি গৈছে৷ তাত সৰু সৰু তিব্বতী দোকান, কেফে, উলৰ কাপোৰৰ ষ্টল আৰু প্ৰাৰ্থনা পতাকাৰে সজোৱা কোণবোৰ দেখা যায়৷ দোকানীসকলে ডাঠ শ্ব’ল, হাতে বোৱা মোজা, মাফলাৰ আৰু য়াকৰ উলৰ চুৱেটাৰ সাজি থয়—মাটিৰ দৰে ৰংবোৰ চাৰিওফালৰ পাহাৰৰ সৈতে যেন একাত্ম হৈ পৰে৷ বতাহত মাখন চাহৰ ধোঁৱা, ভজা বাদামৰ ঘ্ৰাণ, আৰু ম’ম’ দোকানৰ পৰা উঠা জুলীয়া বাষ্প৷ কেফেবোৰ মানুহেৰে ভৰি উঠে—আদা-নেমু-মৌ চাহ, গৰম থুকপা আৰু ভাপত দিয়া ম’ম’ৰ প্লেটবোৰ শীতৰ মাজত ব্যস্ত হৈ পৰে৷ তিব্বতী মহিলা বিক্ৰেতাসকলে নম্ৰস্বৰত গ্ৰাহকক মাত দিয়ে৷ তেওঁলোকৰ মাত বৌদ্ধ মঠৰ পৰা অহা মৃদু মন্ত্রোচ্চাৰণৰ সৈতে মিলি যায়৷ নৱেম্বৰৰ সতেজ শাক-পাচলি আৰু ফলবোৰ বজাৰত সুন্দৰকৈ সজাই থোৱা থাকে৷ ফল দোকানীসকলে উলৰ টুপী পিন্ধি বহি থাকে, ঠাণ্ডাত হাত ঘঁহি গৰম কৰি গ্ৰাহকৰ সৈতে দাম-দৰ কৰে৷

থাংকা, সিংগিং বাউল, ধূপ আৰু হাতে বনোৱা গহনাৰ দোকানৰ আগত প্ৰাৰ্থনা চক্ৰবোৰ অবিৰত ঘূৰি থাকে৷ মাজে মাজে কোনোবাই বাউল বজাই চায়, তাৰ ধাতৱ ধ্বনি বতাহ ভেদি পাৰ হৈ যায় আৰু পৰ্যটকৰ শুনা-নুশুনা মাতৰ সৈতে মিলি যায়৷ মেৰুণ ৰঙৰ বসন পিন্ধা ভিক্ষুসকলে শান্তভাৱে ভিৰৰ মাজেৰে আগবাঢ়ে, কেতিয়াবা চাহ বা ৰুটি কিনিবলৈ থমকি ৰয়৷ তেওঁলোকৰ উপস্থিতিয়ে বজাৰখনত এক বিশেষ গাম্ভীৰ্যতা আনে৷

মই ঊণকাপোৰৰ দোকানত সোমালোঁ৷ আপোনালৈ এটা চুৱেটাৰ লৈ লওঁ৷ আপুনি যিদিনা ৰিনপছেৰ ওচৰলৈ আহিব, সেইদিনাই মই আপোনাক চুৱেটাৰটো উপহাৰ দিম৷ বাৰু, আপোনাৰ বাবে নীলা চুৱেটাৰটো লওঁ নে হালধীয়াটো? আপোনালৈ এটা ভিডিঅ কলৰ অনুমতি বিচাৰি মেচেজ দিলোঁ৷ আপুনি স্ক্ৰীণত ভাঁহি আহিল৷ আপুনি খিৰিকীৰ গ্লাচেৰে বৰফৰ টুকুৰাবোৰ দেখুৱালে৷ মানচিত্ৰত আপোনাৰ ঘৰটো আছে টৰ’ন্ত’ চহৰৰ এখন নিস্তব্ধ উপকণ্ঠীয় অঞ্চলত-ভাৰতৰ পৰা বহু দূৰত, শৈশৱৰ পাহাৰৰ পৰা বহু দূৰত৷ পথৰ দুয়োফালে শীতত লঙঠা হৈ পৰা মেপল আৰু ওক গছবোৰৰ সদম্ভ স্থিতি৷ ইটাৰ ঘৰবোৰৰ মাজেৰে বিটুমিনৰ ৰাস্তাটোৱে সৰ্পিল বক্ৰৰে আগুৱাই গৈ অসীমত মিলি পৰিছে৷ কাঁচৰ খিৰিকীৰে জিলিকি আহিছে উজ্জ্বল হালধীয়া লাইটৰ পোহৰ৷  দূৰত লেক অণ্টাৰিঅ’ৰ ধূসৰ বিস্তৃতি আকাশৰ সৈতে একাকাৰ হৈ গৈছে৷ হঠাতে হালধীয়া পোহৰে আকাশ ছানি ধৰিছে৷ অৰোৰা! অৰোৰা! আপুনি আনন্দত চিঞৰি উঠিছে৷ আকাশৰ পৰা মেৰুপ্ৰভাৰ পোহৰ ছিটিকি পৰিছে৷ শীতৰ বৰফত নিস্তব্ধ গধূলিটো যেন সৰৱ হৈ উঠিল৷

 “তুমি ঠাণ্ডা পাইছা,” সোণালী চুলিৰ মহিলা এগৰাকীৰ চেহেৰা আপোনাৰ ভিডিঅ কলত ভাহি আহিল৷ আপুনি তেওঁৰ কঁকালত মেৰিয়াই ধৰিলে৷

মেকলিয়ড গঞ্জত চিগাৰেট হুপি থকা ল’ৰা এটালৈ মনত পৰিল মোৰ৷ দেখাত বেপৰোৱা, উদ্বাস্তু, খং-জেদ-হতাশাৰে ভৰা মুখ৷ দেহত উঁৱলি যোৱা চুৱেটাৰ এটা৷ ভৰিত হাৱাই চেণ্ডেল৷ মুখখন মনত ৰৈ গ’ল, হতাশাৰ মুখবোৰৰ আকাৰ-আকৃতি প্ৰায় একেই৷

অলপ বেলেগ ধৰণৰ উপলদ্ধি৷ এয়া অভিমান নহয়, এয়া খঙো নহয়, এয়া আন কিবা এক হাহাকাৰ৷ ইয়াক বুজাব নোৱাৰি৷ ইয়াক বুজাব নোৱাৰোঁ৷

আত্মবিশ্বাস অলপ কমিছে৷ অলপ অজুহাত পালেই পলাই যাবলৈ সাজু হৈ থকা মানুহ মই৷ অথচ ৰৈ গৈছোঁ, ৰৈ যাওঁ৷ কিয় নাজানো৷ নিজকে প্ৰশ্ন সুধি সুধি বহু দূৰ পালোঁগৈ৷ ওভতি আহি গা ধুলোঁ, লেপটপত বহিলোঁ৷ অলপ যেন suffocation, ক’ৰবাত যেন বতাহ আগৰ দৰে বলা নাই৷ আমি ভাবিছিলোঁ আমি বতাহৰ সৈতে গতি কৰিম, বতাহ ৰৈ গ’লে কি কৰিম ভবা নাছিলোঁ৷

আইনাৰ ওচৰত ৰৈছোঁ৷ আইনাৰ সিপাৰে দেখা মানুহজনীক মই অসংখ্যবাৰ বিশ্বাসঘাতকতা কৰিছোঁ৷ মই এই মানুহজনীৰ বাবে জী থাকিব নিশিকিলোঁ৷ কেতিয়া শিকিম? জীৱন কিমান বাকী আৰু?

মই আচৰিত হওঁ, আপুনি নিজৰ প্ৰতি কিদৰে ইমান সত্য৷ আপোনাৰ এই সত্যতা আৰু দায়বদ্ধতাত মোৰ চকু ভৰি যায়৷ সেয়া মোৰ অনন্য শিক্ষা আপোনাৰ পৰা৷ আমি যেতিয়া জীৱন চক্ৰৰ বিষয়ে পঢ়িছিলোঁ, তেতিয়া জানিছিলোঁ যে যিকোনো ঘটনাৰ চাৰিটা স্তৰ থাকে৷ আৰম্ভণি, উন্নতি, শীৰ্ষ আৰু অধোনতি৷ মই নিজকে কেতিয়াও শীৰ্ষত দেখিব নোখোজোঁ, কাৰণ তাৰ পৰা তললৈহে ৰাস্তা থাকে৷ আজি মই তললৈ যোৱা ৰাস্তাটো দেখি বিভ্ৰান্ত হৈ পৰিছোঁ, মই শীৰ্ষত উঠিলো কেতিয়া? কিজানি এয়াই শীৰ্ষ আছিল, মই নাজানিলো৷ মোৰ একোৱে মনত নাই৷ একোৱেই ছেভ হৈ থকা নাই লেপটপ-ম’বাইলৰ মেমৰীতো৷ এতিয়া জন্মদিনৰ কোনো পৰিকল্পনা নাই, শৰতৰ বতাহ নাই, সৰাপাতৰ খৰমৰণি নাই, বহাগী চৰাইৰ কল্লোল নাই, মকৰ সংক্ৰান্তিৰ উৎসৱ নাই, এলজোলামৰ ষ্ট্ৰাইপত এটাও এলজোলাম নাই৷ কথাবোৰ খেলিমেলি হৈ গৈছে, মই সজাব পৰা নাই৷ ভাববোৰেই খেলিমেলি হৈ গৈছে, বুজাব জনা নাই৷ নীৰব কোলাহল এটা বাঢ়ি আহিছে৷ কোলাহলটো থামিবলৈ দিয়ক৷

চকু মুদি বিচনাত পৰিছোঁ৷ চকুত বিস্মৃতিৰ ভৰ৷ মই মোক য’ত হেৰুৱালোঁ, তাৰ পৰা উঠাই আনিবলৈ সপোনৰ ৰচীডাল বিচাৰি ফুৰিছোঁ৷

কি বুজিব আপুনি? আপুনি বুজিব যে এয়া ভালপোৱাৰ হাহাকাৰ৷ কিন্তু আচলতে নহয়৷ এয়া এটা সত্তাৰ হাহাকাৰ৷ এয়া এটা অস্তিত্বৰ হাহাকাৰ৷ এয়া এক উপস্থিতিৰ হাহাকাৰ৷

কিছুমান বেয়া স্মৃতিৰ পকনীয়াত জাহ গ’লোঁ৷, জটিল, দুৰ্বোধ্য, অসহনীয়, ক্লেদাক্ত৷ উঠি আহিব পৰা নাই৷ সময় লাগিব৷ তথাপি মই আপোনালৈ কিয় লিখি আছোঁ সেয়াও নাজানো৷ পৃথিৱীৰ আঠ বিলিয়ন মানুহৰ মাজত কেৱল আপোনালৈকে এলজোলামৰ এই মাজৰাতি মোৰ কলম চলিল৷ কিয় চলিল নাজানো৷ কোনোবা পত্নীয়ে লিখেনে পতিলৈ, কোনোবা প্ৰেমিকাই প্ৰেমিকলৈ লিখেনে? বান্ধৱীয়ে বন্ধুলৈ বা ভন্টীয়ে দাদালৈ৷ এইটোৰ সঁচাকৈয়ে অৰ্থ নাইকিয়া কাম নেকি? মোক উত্তৰটো কোনে দিব?

বেদত বা কোৰাণত বা বাইবেলত শব্দৰ মাহাত্মৰ কথা আছে৷ আপুনি কিমান বিশ্বাস কৰে নাজানো৷ মই গভীৰভাৱে কৰোঁ৷ গতিকে মই য’ত শব্দ খৰচ কৰোঁ সেই মাধ্যমৰ ওজন থাকিব৷ সকলো মাধ্যমে আত্মাৰ ভৰ সহিব নোৱাৰে৷ মগজু ফালি বুকু চিৰাচিৰ কৰি ৰক্তকণিকাৰ মাজেৰে বৈ অহা শব্দপ্ৰবাহৰ গতিত মই এই মাধ্যমৰ ভৰ আৰু ওজনৰ বিষয়ে আশ্বস্ত হৈছিলোঁ৷

ৰাতি গাৰুত দুটোপাল চকুপানী পৰিছিল৷ দুদিনমানৰ পৰা ইউটিউব খুঁচৰি গান বিচাৰি ক’ৰিঅ’গ্ৰাফী কৰি আছিলোঁ, মোৰ জন্মদিনত আপোনালৈ নাচ এটা উপহাৰ দিব খুজিছিলোঁ৷ আৰু আজি ৰাতি সপোনত মোৰ কাণত বাজি উঠিল, I’m never gonna dance again/ guilty feet have got no rhythm…..

আপোনাৰ যুগ্ম জীৱনলৈ শুভেচ্ছা থাকিল৷

 

ইতি,

কাংৰাৰ পৰা মই অৰণ্যা

  

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ