অন্যযুগ/


পাথৈৰা

 মুনমী দত্ত হাজৰিকা




এদিন শীতৰ সন্ধ্যা
  জুহালৰ কাষত খীতুকাই বহি থাকে৷  ভাগৰে হেঁচি ধৰা শৰীৰটোতো  ওঁঠৰ জোৰ নকমে৷  নাতিল’ৰাৰ সৈতে কথাৰ থুনপাক ভৰে৷  

নাতিল’ৰাই খীতুকাইৰ ডিঙিতে ওলমি সোধে-

: “ঠেঙো নাই পাখিও নাই আকাশলৈ উৰি যায়?”

খীতুকায়ে সোলামুখেৰে হাঁহি পেলায়৷

 : এৰাতো! একেবাৰে সঁচা কথা৷ আকাশলৈ উৰি যায়৷ গৈ সৌ তাত পায়গৈ৷ আমি ঢুকিকে নাপাওঁ৷

: কিনো কৈ আছা, ককা৷  সাঁথৰটোৰ উত্তৰটো মোক শিকাই দিয়া ৷

খেক খেক কৈ হাঁহি খীতু বিশ্বাসে নাতিৰ আবদাৰ সহে৷ নৰাৰে পেঁপা বজোৱা বয়সত সাঁথৰ সুধি থকা ল’ৰাটোলৈ অবুজ মায়া জাগে তেওঁৰ৷

হাঁহোতে তেওঁৰ খীন, সোলা মুখখন ত্ৰিভূজ এটাৰ দৰে জোঙা হৈ পৰে৷ সাঁথৰটোৰ উত্তৰটো নাতিক শুদ্ধকৈ ‘ধোঁৱা’ বুলি কওঁতে তেওঁৰ চকুলৈ ধোঁৱা বলি থকা ভাত একাঁহী ভাহি আহে৷  লগতে এটি হুমুনিয়াহো৷ মচুৰ দাইলেৰে এসাজ গৰম ভাত, মিঠাতেল-পিঁয়াজত ভজা পাচলিও যাৰ বাবে বিলাসী, তেওঁ সাঁথৰৰ উত্তৰ এটা কিয় একাধিক দিব পাৰিব৷ খীতুকায়ে নাতিক দিব খোজা উত্তৰটো ‘বস্তুৰ আকাশলংঘী দাম’ বুলি ক’লেও কিজানি ভুল নহ’ব৷ ‘অচ্ছে দিন’ এটা বিচাৰি বিচাৰি এইখিনি পোৱাহি বাবে খীতুকাইৰ ভৰি দুখনত বিষ উঠে৷

দিনত চিমেণ্টৰ বেগ কঢ়িওৱা পিঠিখনৰ বিষটোকো পাহৰিব পৰা বিষ৷ তথাপি পিঠিটো পোনাই জাতি বাঁহৰ খুঁটাটোত খীতুকাই আঁউজি বহে৷


***

এসময়ত খীতুৱে বোকাৰে জোতা পিন্ধিছিল৷  খামীডাঠ ল’ৰাটোৱে নিপোটল ভৰি দুটাত আঁঠুলৈকে বোকাৰে লিপি ‘বুট’ পিন্ধি শাওনীয়া পথাৰৰ পৰা উঠি আহে৷ সি পোনাই মাষ্টৰৰ ঘৰলৈ আহে৷  নাঙল-যুৱলি, জাপি, চাহৰ ফ্লাক্স আদি ভাগে ভাগে থৈ মাষ্টৰণী নবৌক পিছ চোতালত মাত লগাই সি ঘৰমুৱা হয়৷ ৰঙাচাহ এটোপা বা মোৱামাছৰ ভাজিৰে সৈতে পঁইতা এখামোচা নবৌৱে তাক নযঁচাকৈ নাথাকে৷ সি কিন্তু বৰপুখুৰীত জোবোৰা এটা মাৰি নিজৰ ঘৰত বহি খাবলৈহে মন কৰে৷  সেয়ে খীতুৱে মাষ্টৰৰ ঘৰত দেৰি নকৰে৷

দুপৰৰ ভাত ঘুমটিত খীতুৱে তাৰ পাঁচ বছৰীয়া পুত্ৰ লাটুমনক কাষতে শুৱাই লয়৷ সাৰ পাই দুয়ো অনেক কথাৰ মেল মাৰে৷ মাষ্টৰৰ ঘৰৰ ৰোৱাতলিত বোকাৰে জোতা পিন্ধাৰ বাবদ পাবলগা টকাকেইটা হাতত পৰিলেই খীতুৱে লাটুমনৰ বাবে জোতা এযোৰো কিনাৰ কথা ভাবে৷ তাৰ বাবে হাতৰ তলুৱাৰে লাতুমনৰ ভৰিৰ তলুৱাৰ জোখ লৈ থয়৷

লাহে লাহে খীতুৰ ভৰিৰ পিট খীনাই আহে৷ খেতিলৈও অনাহুত বিৰতি আহে৷ তথাপি বহি থাকি বেয়া পোৱা মানুহটোৱে পৰুৱাৰ দৰে কাম কৰে৷

সময় বাগৰে৷ খীতুৰ মৰমৰ লাটুম গুটিটোৰ গা ধৰে৷  স্কুলৰ কোনো এটা শ্ৰেণীত ডিঙিত গামোচা পিন্ধিব লগা নোহোৱাকৈ ফলাফল কৰি লাটুমনে পঢ়া-শুনা সামৰে৷ আজি অ’ত, কাইলৈ ত’ত কৈ ঘূৰি ফুৰাতকৈ খীতুৱে লাটুমনক মাষ্টৰৰ ঘৰৰ মাটিকেইডৰাৰ দায়িত্ব ল’বলৈ আনে৷ লাটুমনেও খেতিলৈ মন মেলে৷ তেজাল ল’ৰাটো দেখি মাষ্টৰে বেয়া নাপায়৷ আগৰবাৰ কেশৱক আধিলৈ দি থোৱা মাটিকেইডৰা পুনৰ খীতু বিশ্বাসক দিয়ে৷ বহুদিনৰ মূৰত খেতিলৈ ঘূৰি আহিবলৈ পাই খীতু সুখী হয়৷ নিজাকৈ মাটি এডৰা নথকাৰ দুখ পাতলি যায়৷ পৰিশ্ৰমী বাপেক-পুতেকে মনোযোগেৰে খেতিত ধৰে৷

ঋতু অনুযায়ী ধান, মাহ আৰু পাচলিৰ টোপোলা লৈ খীতু বিশ্বাস নাইবা লাটুমন নিয়মীয়াকৈ  মাষ্টৰৰ ঘৰলৈ যায়৷ পাচলিৰ ভাৰখন সন্তোষেৰে ভিতৰলৈ নিয়া মাকক আগভেটা দি মাষ্টৰৰ পুতেকে  বিৰক্তিৰে কৈ উঠে-

:  লাও, জিকা, ধান-মাহতে মাটিখিনি বৰ্বাদ কৰিবিনে মই কোৱা কথাটো ভাবিবি?

মাকৰ উত্তৰলৈ বাট নাচাই সি প্লেটৰ নুডলছ কাটা চামুছত পকাবলৈ ধৰে৷ চেঁচা নৌহওঁতেই মুখলৈ নিয়ে৷ পিঁয়াজৰ নল আৰু গুটি আলু ভাজিৰে ৰুটি খাবলৈ সি কাহানিও নৰয়৷

ছিমেষ্টাৰৰ ব্যস্ততাত ঋতু পাহৰি পেলোৱা ল’ৰাটোৰ কথাত মাকে বৰকৈ গুৰুত্ব নিদিয়ে৷ নৰাণি খচকি অহাৰ পাছত চেঁচা পানীৰে ভৰি ধুলে হোৱা খন্তেকীয়া ভকভকনিৰ দৰেই তাৰ কথা বুলি ভাবি থয়৷ ল’ৰাটোৱেও সোঁহাতৰ তৰ্জনী আৰু মধ্যমা আঙুলিৰ চেপত ৰাইট’মিটাৰ কলমটো লৈ জাপ জাপ কাগজত প্ৰশ্নোত্তৰ লিখি থাকোঁতে খীতুহতঁৰ কামবোৰক গুৰুত্ব নিদিয়ে৷ কঠিয়া পৰা, গোছ লোৱা সময়বোৰত খীতুহঁতে বোকাৰে পিন্ধা জোতাবোৰ সি দেখা নাপায়৷ বোকামাটিৰ গোন্ধটোও তাৰ নাকত লাগি নধৰে৷

মহাবিদ্যালয়ত ‘স্পেকুলেটিভ  ম’টিভ’ পঢ়ি ভালপোৱা অৰ্থবিজ্ঞানৰ ল’ৰাটোৱে মধ্যমা আঙুলিত দীৰ্ঘসময়  কলমটোৱে হেঁচি কৰা ভাঁজটোতহে গুৰুত্ব দিয়ে৷ তৎক্ষণাত আঙুলিটোৰ যতনো লয়৷

ঋতুবোৰ সামৰি বছৰ নাবাগৰে কিন্তু ল’ৰাই অৰ্থনীতি বিজ্ঞানৰ কিতাপ জপাই নতুন  বিষয়ৰ কিতাপ মেলে৷ যেন অন্য এক ছিমেষ্টাৰৰ এক নতুন এছাইনমেণ্টহে৷ স্পেকুলেটিভ মটিভ হাতে-কামে কৰি দেখুওৱাৰ এছাইনমেণ্ট৷

পঢ়া সামৰি মহানগৰীত ছেট্‌ল হোৱাৰ আগলৈকে জাতীয়তাবাদী সংগঠনত থকা বহুমুখী প্ৰতিভাধৰ ল’ৰাটোৱে ঘৰ এৰাৰ আগত মাক-দেউতাকক কাঢ়া নিৰ্দেশ দিয়ে৷

:  নতুন হাইৱে’টো আমাৰ খেতিখোলাৰ কাষেদিয়েই পাৰ হ’ব৷ সেইখিনি মাটি সোণতকৈ দামী হ’ব৷  তহঁতে খীতুৱে দিয়া ধান-মাহ নাখালেও হ’ব৷

নাখায়৷ মাষ্টৰ-মাষ্টৰণীয়ে ধান-মাহ নাখায়৷ পুতেকৰ আৰ্জনৰ ৰাজভোগো নাখায়৷ মাষ্টৰে ‘বিধায়ক ছাৰৰ দেউতাক’ হোৱাৰ আগতেই ৰাইজে তেওঁৰ শৰাধ খায়৷ পিছে পিছে মাষ্টৰণীও সেইবাটে আগবাঢ়ে৷

হাইৱে’দি দামী গাড়ীৰ চকা ঘূৰে৷ দীঘল, ওখ, চুটি, চাপৰ বিবিধ গাড়ী৷ চাৰিচকীয়া-দহচকীয়া গাড়ী৷ সেইবোৰৰ কথা খীতুৰ তাতকৈ বেছিকৈ ভাবিব লগা নাই৷ কিন্তু অতবছৰে খেতি কৰা পথাৰখনৰ কথা নাভাবোঁ বুলিলেও তাৰ মনলৈ আহে৷ সেইখন পথাৰত মূৰ দাঙি থকা অট্টালিকা শাৰীয়ে এতিয়া খীতুৰ বোকাৰ জোতা নিচিনে৷ মাষ্টৰৰ পুতেকৰ ‘ৰজাৰ পাদুকা’ চিনে৷ গাড়ী চিনে৷ কনভয় চিনে৷ জেঠত মেটেকা ফুলা পিটনিখন, ডাউকবোৰ অদৃশ্য হৈ হৈ অট্টালিকাৰ দেৱালৰ ‘ৱাল পেপাৰ’ হৈ পৰে৷ সেই ‘ৱাল পেপাৰ’ সন্মুখত লৈ কলম খুলি ৰজাৰ উদীয়মান গল্পকাৰ পত্নী বহি থাকে৷ মাটিৰ গোন্ধ থকা গল্প এটাৰ প্লট বিচাৰি তেওঁ শীতাতপ নিয়ন্ত্ৰিত কোঠাটোত ঘূৰ্মুটিয়াই ফুৰে৷ সপ্তাহন্তৰ অৱসৰ বিনোদন অথবা ডিজিটেল ৱেলবিয়িঙৰ খাতিৰত  ইয়াত দুনিশা কটাবলৈ অহা গল্পকাৰে নতুন গল্পটো ইয়াতে লিখি আজৰি হৈ যাব খোজে৷ এটা বাস্তৱধৰ্মী গল্প৷ যিটো মহানগৰীৰ বিধায়ক আৱাসত থাকি লিখিবপৰা নাযায়৷


               ***

সেইদিনাই আবেলি পৰত খীতুকায়ে পুৰণি খেতি-মাটিৰ পিনে এনেয়ে এবাৰ পাক মাৰিছিল৷ পথাৰখনৰ আধাভাগ সামৰি লোৱা অট্টালিকাটোৰ সিপাৰে বেলি বহা ৰংবোৰ বিয়পি আছিল৷ অট্টালিকাটোৰ আনটো পাৰে এলানি সৰু সৰু দোকান৷ আগেয়ে তাত থকা গো বাটটো এতিয়া নাই৷ তাৰ সলনি আছে ‘গাখীৰৰ মহল’ বুলি লিখা চাইনবোৰ্ড এখন৷ তাতে কাড় চিন দি গাখীৰৰ মহললৈ যোৱা দিশটো বুজোৱা আছে৷ চাইনবোৰ্ডখনৰ সন্মুখত পানীৰ এটি সৰু ডোঙা৷  আগবেলা অহা কাৰো একো কামত নহা বৰষুণজাকে থৈ যোৱা পানীৰ ডোঙা সেয়া৷ তাতে উদঙীয়া গৰুৰ মূত মিহলি হৈ আছে৷ খীতুৱে এনেয়ে বৰষুণৰ পানীডোঙাটোলৈ এপলক চালে৷ পিছে সি তাত নিজৰ মুখখন মনিব নোৱাৰিলে৷ নিজক চিনিব নোৱৰাকৈ পানীখিনি ঘোলা হৈ আছিল৷ সি কংক্ৰিটৰ অৰণ্যখন চাই চাই কিছুপৰ তাতে ৰৈ নিজতে মগন হ’ল৷

পথাৰখন থকাহ’লে এতিয়া সি ভাৰে ভাৰে শালিধানৰ ডাঙৰি কঢ়িয়ালেহেঁতেন৷ লাটুমনে মানা কৰি ডাঙৰিভাৰ নিজৰ কান্ধলৈ ল’লেহেঁতেন-

: এই বয়সত তুমি কান্ধত বিৰিয়া ল’ব নালাগে৷ মই আছোঁ নহয়৷ ৷ মৰণা মৰা মেচিনেৰে পথাৰতে গুটিধান উলিয়াই ঠেলাৰে  কঢ়িয়াই নিম৷

পিছে খীতুক লাটুমনে ৰাখিব পাৰিলেহেঁতেন নে! পকা ধানৰ ফুৰফুৰীয়া গোন্ধত মতলীয়া হৈ থকা খীতুৰ শৰীৰো মন-মগজুৰ দৰেই  বলি হৈ উঠিলহেতেঁন৷

“হেঃ ডাঙৰি কঢ়িয়াওঁতে কিহৰ কান্ধৰ বিষ হে!”-খীতুৱে লাটুমনক ধমকি মাৰি উত্তৰ দিলেহেঁতেন৷ কিন্তু এতিয়া  মুখেৰে এটা হুমুনিয়াহ সৰিল৷ উকা কান্ধৰ ভৰ কঢ়িয়াবলৈহে বেছি কষ্টকৰ দেখোন! ইমান দূৰ্বল হৈ পৰিল খীতু৷

সেই মুহূৰ্ততে খীতুৰ মুখখন  ঘৰটোৰ ক’লা আইনাৰ সিপাৰৰ পৰা  গল্পকাৰে দেখা পালে৷ স্পষ্টকৈ দেখা পালে৷ খীতুৰ মুখখন ৰজাৰ গল্পকাৰ পত্নীয়ে পঢ়িব ধৰিলে৷ কুৰুকি কুৰুকি সোমাই পৰিল খীতুৰ বুকুত জমা কথাবোৰত৷ খীতুৰ অনুমতি নোলোৱাকৈয়ে৷ নিজাববীয়াকৈ৷ গল্পকাৰৰ হাতত খীতুৱে প্ৰথমে কান্দিলে৷ তাৰ পাছত ৰ’দ নলগা আৰু বৰষুণ নপৰা শৰীৰটোৰে অক্লান্ত শ্ৰম কৰিলে৷  লাহে লাহে সুখৰ মুখ দেখি খীতুৱে হাঁহিলে৷

 এইবাৰ গল্পকাৰে খীতুৰ জীৱনলৈ টুইষ্ট আনিলে৷ 

... আৰামত খাব পৰা চৰকাৰী উপহাৰে তাৰ দুহাত ক্ৰমে গেধা কৰি আনে৷ তাৰ অভ্যাস সলনি হৈ আহে৷ এতিয়া সি ৰ’দত কাম কৰিলে মূৰৰ বিষত থাকিব নোৱৰা হয়৷ বৰষুণত তিতিলে পানীলগা জ্বৰ উঠে৷ মাহেকৰ আধাদিন উৎসৱ আৰু বিয়া-সবাহৰ ব্যস্ততাত সি কাম কৰিবলৈ সুযোগ নাপায়৷ সেই ব্যস্ততাৰ অন্তত তাৰ ভাগৰুৱা দেহাই আৰাম বিচাৰে৷ বেলি উঠাৰ পৰা বেলি বহালৈকে চৰকাৰী উপহাৰ গোটায়৷ উপহাৰৰ অপপ্ৰয়োগত খীতু পুণৰ কঙাল হৈ উঠে৷ গল্পকাৰে গল্পটো সেইখিনিতে শেষ কৰে৷

 পাছৰ মাহৰ আলোচনীত গল্পটো প্ৰকাশ হয়৷ পাঠকে গল্পটো আদৰি লয়৷  একাংশ পাঠকে  গল্পটো  পঢ়ি শেষ কৰি খীতুক গৰজি উঠে-

“এলেহুৱাৰ জাত! বহিখোৱা, তোৰ এনেকুৱাই হ’ব৷”

 “গল্পকাৰ বাস্তবধৰ্মী গল্প লিখাত পাকৈত৷ তামাম লিখিছে৷ ”

গল্পকাৰৰ হোৱাটছএপ, ফেচবুক একাউণ্টত প্ৰশংসাৰ ফোৱাৰা বয়৷ ৰাতি এডোখৰলৈকে মেছেজৰ প্ৰত্যুত্তৰ দি গল্পকাৰৰ টোপনি খতি হয়গৈ৷


            ***

জুহালৰ কাষৰ পৰা উঠি গৈ খীতুকাই বিছনাত পৰে৷ গল্পৰ নায়ক হৈ গোটোৱা অতবোৰ গুৱাল গালিৰ ভূ নোপোৱাকৈয়ে উজাগৰে থাকে তেওঁ৷ চিমেণ্ট কঢ়িওৱাৰ বাবে হোৱা পিঠিৰ বিষৰ বাবে এই অনিদ্ৰা নহয়৷ কিবা এক অন্তহীন নিৰাশা, কিবা এক বিশৃংখলতাৰ বাবেহে৷ চৰকাৰী আঁচনিত বান্ধ খাই পংগু হ’ব নোখোজা তাৰ মনটোৰ আজল-মঠালিত খীতু শুব নোৱাৰে৷ কিয় টোপনি নাহে?

নাতিয়ে সোধা সাঁথৰটোৰ উত্তৰ হৈ পৰাৰ চোটত নে বোকাৰে জোতা পিন্ধিবলৈ নোপোৱাৰ দুখত! খীতুৱে নিজেও  ভালকৈ নাজানে৷ কিন্তু আগৰ দৰে বোকাৰে জোতা এযোৰ পিন্ধিবলৈ  তেওঁৰ বৰ মন যায়৷

চিনাকী ঠাইখনতে অচিনাকি হৈ পৰা পথাৰখন বিচাৰি ফুৰোতে তেওঁৰ হাত-ভৰি সিৰামূৰিয়ে ধৰে৷ তথাপি বোকাৰে জোতা এযোৰ আকৌ পিন্ধাৰ আশাতে  খীতুহঁতে সময়ে সময়ে হাতৰ তৰ্জনী আঙুলিৰ নখত বেঙুনীয়া ৰং ঘঁহি থাকে৷ মাষ্টৰৰ পুতেকে ৰজাৰ পাদুকা  পিন্ধি সিহঁতৰ পথৰুৱা জোতাবোৰৰ সপোনেৰে লিপপ সাজি থাকে৷ তেতিয়া ৰজাই নাকৰ ফুটা বন্ধ কৰি থয় যাতে বোকামাটিৰ গোন্ধ  আহি নাকত লাগিব নোৱাৰে৷ তেওঁৰ পত্নীয়েও  খীতুহঁতক লৈ গল্প লিখি থাকে৷  একে ঠাইতে একে সময়তে থাকিও তিনিটা পক্ষ তিনিডাল বাহু হৈ ৰৈ থাকে৷ কিন্তু কাষচাপি আহি ত্ৰিভূজ এটাহে হ’ব নোৱাৰে৷

কেনেকৈনো পাৰিব?

বাহুবোৰৰ মাজত যে ৰৈ যায় কিছুমান খালী ঠাই৷ বিশ্বাসহীনতাৰ খালী ঠাই, যিবোৰক চৰকাৰী বৰ্ষপূৰ্তিৰ সাফল্যৰ কথা লিখা ডাঙৰ হৰ্ডিংবোৰে ঢাকি ৰাখিব নোৱাৰি৷



***

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ