পাপৰি গোস্বামী
“মাষাণ ঠাকুৰক পূজা দেওৱা খাইবে, তা ছাড়া আৰ গংগাধৰ শান্ত
হবাৰ নয়৷”
“হ্যে হ্যে, মাষাণ ঠাকুৰ কোনো দোষ ধৰিৰ পায়৷ নিশ্চয় পূজা চায়৷”
গাওঁৰ দেৱানী মনো অধিকাৰীৰ কথাত জীৱনে সহমত দিলে৷
উপায় নাই, উপায় নাই৷
গংগাধৰৰ পৰা গাওঁখন ৰক্ষা কৰিবলৈ হ’লে কিবা এটা বন্দোৱস্ত কৰিব লাগিব৷
“হাত ধৰি বসি থাকলে কি আৰ হইবে…৷”
এয়া বিনোদৰ মাত৷
হাত ধৰি বহি থাকিবলৈ তাৰ হাত এখন নাই৷ বিনোদে এবাৰ গংগাধৰৰ
সোঁতলৈ চায়, এবাৰ তাৰ নতুনকৈ সজা ঘৰটোলৈ চায়৷ দিনটো তাৰ সেয়াই কাম৷ অলপ পৰ সেইটো নকৰিলেই
যেন খহাই নিব তাৰ নতুন ঘৰটো৷
দুবছৰ আগলৈকে বিনোদ আছিল গাওঁখনৰ ভিতৰতে বাহুবলী ডেকা৷
কেৰেলাৰ শিলৰ কুৱেৰীত এটা দূৰ্ঘটনাত পৰি তাৰ সোঁ হাতখন কটা গ’ল৷ বাওঁখন আছে যদিও প্ৰায়
অকামিলা৷ ঘৈণীয়েকে পোৱা চৰকাৰী ঘৰটোতে কুৱেৰীৰ মালিকে দিয়া পইচাখিনি লগাই কোনোমতে তিনিটা
কোঠাৰ ঘৰটো সাজিছে৷ এতিয়া সেয়াও যদি গংগাধৰে নিয়ে….৷
বিনোদে বাওঁহাতখন এনেয়ে ডঙা-ডঙি কৰি চায়৷ যেন হাত দুখন
থাকিলে সিয়েই গংগাধৰক ভেঁটা দিলেহেঁতেন৷
গংগাধৰ উদভ্ৰান্ত হৈ পৰিছে৷ প্ৰতি দিনে চপৰা চপৰে খহাইছে
মাটি৷ বিঘাই বিঘাই উৰ্বৰা ভূমি এতিয়া
গংগাধৰৰ বুকুত৷ হয়তো দুই এদিনৰ পিছতে গড়কাপ্তানি পথটোৰ এছোৱা খহাই নিব৷ ৰাস্তা খহালে
গাওঁ খনো নিচিহ্ন হ’বলৈ বেছি দিন নালাগিব৷ চৰকাৰী জিও বেগে গংগাধৰক কিমান পৰ ভেটিব পাৰিব সেয়া ক’ব নোৱাৰি৷
নিজে শান্ত নহ’লে গংগাধৰক শান্ত কৰা কঠিন৷
“কিন্তু মাষাণ পূজবে কায় ! ঘন বুঢ়া থাকলে কতা আলদা আচিল৷ সেই ঘন বুঢ়াও মাৰা গেইল,
মাষাণ পূজা দেওৱাও বন্ধ হইল৷ কায় এলা পূজা দিবে মাষাণ৷”
“ভালমতো পূজা
নাপাইলে মাষাণ ঠাকুৰ গোটায় গ্ৰামখানকে নিয়া যাইবে৷ নিয়ম নীতি ঠিক হৱা লাগবে৷ তবচেনে
মাষাণ ঠাকুৰ পূজা নিবে৷”
ইতিমধ্যে, চাৰিওকাষে মানুহখিনি গোট খাইছিল৷
হয় হয়, কোনে মাষাণ পূজা কৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন৷ আজিৰ
চামে মাষাণ পূজা দেখা নাই৷ আচলতে গংগাধৰে কেতিয়াবাই গাওঁখনত চৰ পেলাই থৈ বহুদূৰলৈ গৈছিল৷
সেয়া বহুদিন আগৰ কথা৷ উত্তৰৰ গাওঁখনৰ বহুতৰে মাটি ভেটি গংগাধৰে নিজতে সামৰি নিছিল৷
সিপাৰৰ মানুহখিনিয়ে এইখন গাওঁতেই পুনৰবাৰ নিজৰ জীৱন আৰম্ভ কৰিছিল৷ তেতিয়াৰ মানুহবোৰ
নোহোৱাই হ’ল৷ দুই এগৰাকী আছে যদিও চকুৰে নমনা, কাণেৰে নুশুনা বৃদ্ধাৱস্থাত৷
“আছে, আছে, মাষাণ পূজা দেওৱাৰ মতো মানুস আছে এলাও গ্ৰামত৷ গংগা বুড়ি পূজৱে মাষাণ৷”
মনো অধিকাৰী কথাত কিন্তু দম থাকে৷ যি তি নকয়৷ সদায় কিবা নহয় কিবা উপায় থাকেই তেওঁৰ হাতত৷
ঠিক ঠিক, গংগা বুঢ়ীয়ে জানিব মাষাণৰ নীতি নিয়ম৷
ঘন বুঢ়াই নিশ্চয় শিকাই থৈ গৈছে গংগাক৷
তথাস্তু…
মহাদেৱে ভগীৰথৰ তপস্যাত সন্তুষ্ট হ’ল৷
দেবাদিদেৱৰ আশীৰ্বাদপুষ্ট হৈ ভগীৰথে তপস্যা ভংগ কৰি গংগাক
মৰতলৈ আহ্বান জনালে৷ স্বৰ্গলোকৰ সুখ ত্যাগ কৰিবলগীয়াৰ ক্ৰোধাগ্নিত গংগাই উদভ্ৰান্ত
হৈ পৰিল৷
নিজ শক্তিৰে মহাদেৱক কৈলাশৰ পৰা উটুৱাই নিবলৈ চেষ্টা কৰিলে৷
মহাদেৱে নিজৰ জঁটা খুলি দিলে আৰু গংগাৰ গৰ্ব খৰ্ব কৰি নিজৰ জঁটাৰ মাজত আবদ্ধ কৰি ৰাখিলে৷ আপ্ৰাণ
চেষ্টা কৰিও গংগাই মহাদেৱৰ জঁটাৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰিলে৷ লাহে লাহে গংগা শান্ত
হৈ পৰিল৷ মহাদেৱৰ জঁটাৰ মাজত নিজকে পূণ্যত্বৰ শিখৰলৈ বিলীন কৰি দিলে৷ ইফালে ভগীৰথে
গংগাৰ অপেক্ষাত পুনৰ তপস্যাত মগ্ন
হ’ল৷
অৱশেষত মহাদেৱে গংগাক নিজৰ জঁটাৰ পৰা মুক্ত কৰি দিলে৷ দেৱাদিদেৱৰ চৰণ ধুৱাই গংগাই এইবাৰ উচ্ছল জলধিৰে
ভগীৰথৰ পিছে পিছে গৈ থাকিল৷ গৈ থাকিল৷ পৰ্ব্বত পাহাৰ অতিক্ৰমী গংগাই যিফালেই গ’ল সেই
ঠাই পৱিত্ৰ হৈ পৰিল৷
গংগাক নিজৰ জঁটাৰ মাজত ধাৰণ কৰাৰ বাবে মহাদেৱৰ এটা নাম গংগাধৰ ৷
“ অ’... তাৰ মানে মহাদেৱ এখন নদীহে নেকি মা! “
“নহয়, মহাদেৱৰ নামেৰে হে নদীখনৰ নাম গংগাধৰ ৷”
“ অ’ ঠাকুমাৰ নামও যে গংগা সেইকাৰণে ঠাকুমা ই সদায় ৰাতিপুৱা
গংগাধৰক প্ৰণাম কৰে নহয়নে মা..!”
হিৰকৰ প্ৰশ্নৰ যেন শেষ নাই৷ বকুলে উত্তৰ দি ভাগৰি নপৰালৈকে
তাৰ প্ৰশ্নৰ উত্তৰ বিচাৰে৷ আজিকালি অৱশ্যে তাইৰ মাজে মাজে ভয়ো লাগে৷ হিৰক ডাঙৰ হৈ অহাৰ
লগে লগে প্ৰশ্নবোৰো ডাঙৰ ডাঙৰ হৈ পৰিছে৷ কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বহুদিন অপ্ৰস্তুত
হৈ পৰে তাই৷
“তুমি কেনেকৈ এইবোৰ কথা জানিলা মা, তোমাকো তোমাৰ মায়ে এইবোৰ সাধু কৈছিল নেকি?”
বকুলে থতমত খায়৷
নাই নাই, তাইৰ মাকে এইবোৰ সাধু কোৱা নাছিল৷ ক’বনো কেনেকৈ,
দিনৰ দিনটো ৰন্ধা-বঢ়া, ধান-চাউল, চিৰা-মুড়িৰ মাজতে পাৰ হৈছিল৷ আৰু দেউতাকৰ খাটত হোৱা শব্দত মাকৰ ৰাতি পাৰ হৈছিল৷ ভাল বোৱাৰী, ভাল পত্নীৰ খিতাপ পোৱা
মাকে এল পি স্কুলৰ চাৰিটামান শ্ৰেণীহে পঢ়িছিল৷ তাতেই তেওঁৰ গৰ্ব৷ সেয়েহে বকুলৰ পঢ়াতকৈ ঘৰৰ কাম বন বোৰ শিকোৱাতহে মাকৰ বেছি আগ্ৰহ আছিল৷ মাকে জানিছিল, বুজিছিল
বাস্তৱ জীৱনৰ তিক্ততা৷ সেই তিক্ততাৰ মুখামুখি হ’ব পৰাকৈ জীয়েকক আগতীয়াকৈ উপযুক্ত কৰি তুলিব বিচাৰিছিল৷
কিন্তু, কোনোদিনে তাইৰ পঢ়া-শুনাৰ প্ৰতি অলপো গুৰুত্ব দিয়াটো তাইৰ মনত নপৰে৷ সেই কাৰণে
জান-নাজানকৈ হ’লেও মাকৰ প্ৰতি তাইৰ মনত বিদ্বেষ পুহি আহিছে৷ ঘৰুৱা কামৰ বাহিৰে মাকে
তাইক কেতিয়াও শিকোৱা নাছিল, সমাজৰ কুকুৰনেচীয়াবোৰৰ লোলুপ দৃষ্টিৰ পৰা কেনেকৈ নিজকে
ৰক্ষা কৰিব পাৰি, কেনেকৈ নিজেই বহুজনৰ উপলুঙাৰ যথাযথ উত্তৰ দিব পাৰি, কেনেকৈ সীতাৰ
দৰে নহয়, দ্ৰৌপদীৰ দৰে নিজৰ আত্মসন্মানত আঘাত দিয়াসকলৰ ওপৰত প্ৰতিশোধ ল’ব পাৰি৷
“দিদিমাই কৈছিল নেকি?”
পুতেকৰ মুখৰ ফালে চাই ৰয় তাই৷ তাৰ চকুদুটাই উত্তৰ বিচাৰে৷
চকু দুটাত ৰৈছে সেই জ্যোতি৷ যি জ্যোতিয়ে তাইক উদ্ভাসিত কৰি তুলিছিল৷ ভুল কৰিবলৈ বাধ্য
হৈছিল তাই সেই পোহৰত৷
আচলতে, পোহৰৰ মাজতো হেনো আন্ধাৰৰ বাট লুকাই থাকে৷ বকুলে আন্ধাৰ বাটটো চিনি পোৱা
নাছিল৷
কোনে কৈছিল তাইক এইবোৰ কথা তাইৰ মনত পৰে৷ কিন্তু পুতেকক
সঠিক উত্তৰটো দিব নোৱাৰে৷ হয়তো এনে এটা দিন আহিব যিদিনা পুতেকে নিজেই উত্তৰ উলিয়াই
ল’ব৷ সিদিনা তাইৰ কি অৱস্থা হ’বগৈ!
গংগাৰ দৰেই নহ’বনে!
নিশা গভীৰ হৈ অহাৰ লগে লগে বকুলৰ ছটফটনি বাঢ়ি যায়৷ কিছুদিনৰ
পৰা তাইৰ চকুৰ টোপনি নোহোৱা হৈছে৷ তাই বুলি নহয়, গাওঁখনৰ প্ৰত্যেকেই শংকাৰে পাৰ কৰিছে
বহু ৰাতি৷ দুই বিঘাৰ বাৰীখনৰ পিছফালেই গংগাধৰ৷ হিচ্
হিচ্ কৈ গৰ্জনবোৰ আন্ধাৰৰ মাজেৰে পাৰ হৈ যেতিয়া বকুলৰ কাণত সোমায়, এনে লাগে যেন তাইৰ
বুকুৰ মাজেৰে ৰে’লগাড়ী এখনহে পাৰ হৈ গৈ আছে৷ বুকুখন হেচাঁ মাৰি ধৰে৷ উশাহ চুটি হৈ
যাব ধৰে৷ দুৱাৰ খুলি বাহিৰ ওলাই বুকু ভৰাই উশাহ ল’বলৈ মন যায়৷ কাষৰ কোঠাত শুই থকা
শাহুৱেকে সাৰ পাই উঠে বুলি নিতাল মাৰি পৰি থাকে৷
গংগাও ওৰেটো ৰাতি সাৰে থাকে৷ নুশুৱে৷
শুব নোৱাৰে৷ যোৱা এঘাৰটা মাহে গংগা শুৱা নাই৷ জানিছিল,
কিবা এটা আপদ আহিব৷ গংগাই দোষ কৰিছে, মাষাণ ঠাকুৰক জোকাই লৈছে৷
সেই দোষৰ পৰিণতি নিশ্চয় এয়া, যি হৈ আছে৷ এবছৰৰ ভিতৰতে
কিবা এটা ফল ভূগিব লাগিব বুলি গংগা বুঢ়ী সজাগ হৈ আছিলেই৷ কিন্তু, সেই ফল যে গোটেই
গাঁৱৰ মানুহে ভোগ কৰিবলগীয়া হ’ব সেইটো চিন্তা তেওঁৰ মনলৈ অহা নাছিল৷
মতা মানুহটোৰ থকাৰ দৰে গাভৰু মানহজনীৰো শৰীৰৰ ভোক নাথাকে নেকি! কিন্তু সমাজখনে মাইকী মানুহৰ ভোক নেদেখে৷
দেখিব নিবিচাৰে৷ না পেটৰ ভোক দেখা পায়, না মনৰ ভোক, না দেহৰ ভোক৷ কিন্তু প্ৰতিটো ভোকেই
নাৰী এগৰাকীক ভোকাতুৰ কৰি তোলে৷ বকুলৰো ভোক আছিল৷ পেটৰ ভোক নাথাকিলেও মনৰ ভোক আছিল৷ শৰীৰী ভোক আছিল৷
দেহৰ ভোকে তাইৰ গাভৰু শৰীৰটোক বৰকৈ জুৰুলা কৰিছিল৷
গংগাও নাৰী হে৷
বুজিছিল বকুলৰ মনৰ কথা৷ বুজি পাইছিল তাইৰ দেহৰ প্ৰতিটো
অংগৰ ভোকৰ কথা৷
ভুল কৰিছিল নে তাই?
সেয়া ভুলেই আছিল৷ কিন্তু সমাজে জনাৰ আগতেই গংগা বুঢ়ীয়ে
তাক শুধৰাইছিল৷ পুৱতি নিশা বাৰীৰ পিছফালে বাঁহনিডৰাৰ
তললৈ কাপোৰ এখনেৰে মেৰিয়াই লৈ গৈছিল এটুকুৰা মাংসপিণ্ড৷ হাত দুখন কঁপিছিল তেওঁৰ৷ বুকুৰ
ধপধপনি নিজেই শুনিছিল৷ হয় হয়, তেতিয়াই তেওঁ দোষটো কৰিছিল৷ বাৰীৰ পিছফালে খন্দা গাঁতটোত সুমুওৱাৰ
পৰিৱৰ্তে কুহুমীয়া হৈ থকা
মাংসপিণ্ডটো গংগাধৰত দলিয়াই দিছিল৷
তেওঁ কৰা সেই ভুলটোৰ পৰিণাম হয়তো আজি গাঁওখনেই ভূগিছে৷ কিবা এটা উপায়
উলিয়াবই লাগিব৷ ৰাতি পুৱাবলৈ বেছি পৰ নাই৷ কাষৰ কোঠাত বকুলৰ সৈতে হিৰক শুই আছে৷ তেওঁ
অতি সন্তৰ্পণে ঘৰৰ পৰা ওলাই নদীৰ পিনে খোজ ল’লে৷
আবেলি পৰত গংগা বুঢ়ীৰ ঘৰত সকলোৱে গোট খালে৷ গাঁৱৰ মুখিয়াল কেইজন আহি
বুঢ়ীক মাষাণ পূজা ভাগ কৰিবলৈ অনুৰোধ কৰিলে৷ সকলোৰে মুখ কেইখন গহীন৷ চিন্তাক্লিষ্ট৷
মাজতে বকুলে আহি সকলোকে চাহ, তামোল দি গ’ল৷
গংগা বুঢ়ীক বৰ চিন্তিত দেখা গ’ল৷ অলপ পৰ ভাবি তেওঁ লাহে
লাহে ক’লে,
“অনেক জিনিস লাগবে, অনেক জিনিস…”
হ’ব হ’ব, সকলো যোগাৰ হৈ যাব এদিনতে৷ মাত্ৰ বুঢ়ীয়ে পূজা ভাগ কৰিব লাগে৷ নীতি - নিয়মমতে৷
সাত বিধ ফুল, সাত বিধ ফল, সাত গাইৰ গাখীৰ ক’লা, ৰঙা সোলা
(কুঁহিলা)ৰ ফুল, এযোৰ চেং মাছ সৱ যোগাৰ কৰিব গাওঁখনে৷
শেষত গংগা বুঢ়ীয়ে কোৱা কথাটোতহে মানুহবোৰৰ মুখৰ মাত হৰিল৷
পূজা গংগা বুঢ়ীৰ ঠাইত বোৱাৰীয়েক বকুলে হে কৰিব৷ কথাটো ঠিক নহ’ব, ঠিক নহ’ব৷
উজনিৰ ফালৰ বকুলে
এই
অঞ্চলৰ নীতি নিয়মেৰে পূজা কৰিব৷ কিন্তু কিবা যদি ভুল-ভ্ৰান্তি ৰৈ যায়, ঠাকুৰে ভালমতে পূজা নাপায় দোষ নধৰিবনে!
গংগা বুঢ়ীয়ে ভালদৰে শিকাই বুজাই দিলে নিশ্চয় পাৰিব৷ তাতে
বকুলৰ শিক্ষাও আছে৷ অৱশেষত, মনো অধিকাৰীৰ বুজনিত সকলোৱে মান্তি হ’ল৷ পিছদিনা মঙলবাৰ৷ অমাৱস্যাও মিলিছে৷ সেই নিশাই
পূজাভাগ হোৱাটো খাটাং হ’ল৷
সকলো
সামগ্ৰী
যোগাৰ কৰি পশ্চিম দিশৰ আঁহতজোপাৰ তলত ৰখা হৈছে৷
পিছে, কিবা এটা খুদুৱনি মনো অধিকাৰীৰ মনত লাগি থাকিল৷
তেওঁ শুনা মতে, মাষাণ ঠাকুৰক ক’লা ৰঙৰ জীৱ উৎসৰ্গা কৰিব লাগে৷ তেওঁ মনত পেলাই দিছিল যদিও গংগা বুঢ়ীয়ে
সেই কথাত নিমাত হৈ ৰৈছিল৷
তেজপুৰৰ আৰ্মী
কেম্পৰ
ৰান্ধনি চাকৰি কৰা পুতেকে বকুলক আনি ঘৰ সোমাওঁতেই বুঢ়ীয়ে উমান পাইছিল যে তেতিয়াই বকুলৰ
পেট ভাৰী৷ কত আশা আছিল পুতেকৰ বিয়াক লৈ, মনৰ আশা মনতে মোহাৰি পেলাই তেওঁ বকুলক আদৰিছিল৷
গাৱঁখনক তেলাল খাহীৰ মাংসৰে এসাজ খুৱাই সমাজতো তুলিছিল৷ আঠমাহ পিছতে ল’ৰাটো জন্ম হোৱাৰ
পিছত দুবছৰলৈ ঠিকেই আছিল৷ সময়ে সময়ে ঘৰলৈ আহি আছিল৷ হিৰকৰ দুবছৰীয়া জন্মদিনৰ পিছতে
পুতেকে ঘৰ এৰিলে৷ সেই যে গ’ল, আজিলৈকে নাহিল৷ শুনা মতে কাৰ্বি নে কিবা বিধবা মহিলা
এজনীৰ সৈতে শ্বিলঙত হোটেল খুলিছে৷ ধৰ্মও হেনো সলনি কৰিছে৷ শুনাৰ দিনাই বুঢ়ীয়ে বকুলৰ কপালৰ সেন্দুৰ মচি দিছিল৷
বকুলে গংগা বুঢ়ীৰ দিহামতেই সকলো কাম কৰি পূজাত বহিল৷
প্ৰায় উৱঁলি যোৱা ডাঠ মুগাবৰণ ধৰা কাগজ কেইখিলামান বকুলৰ হাতত দি গংগা নদীৰ পাৰলৈ গ’ল৷
যোৰা ঢাকৰ শব্দত চাৰিওদিশ ৰজনজনাই গৈছে৷ বুঢ়ীয়ে শিকোৱামতেই বকুলে ঘট স্থাপন কৰি সাত গাইৰ কেঁচা গাখীৰ
ঢালিলে৷ সাত খন নৈৱদ সাজিলে,
সাত বিধ ফুল, ফল দান কৰিলে৷ চেং মাছ যোৰা পূজা দিলে৷ যথাবিধি পূজা সম্পন্ন হ’ল৷ ফুল,
ফল আৰু চেং মাছ দুটা নদীত অৰ্পণ কৰিবলৈ বুলি বকুল আগবাঢ়িল৷ পিছলৈ ঘূৰি চোৱা নিষেধ৷ বুকুত যেন হাতুৰীৰ কোবহে
পৰিছে এনে লাগিল তাইৰ৷ মাষাণ ঠাকুৰ মাছ
দুটাতে সন্তুষ্ট হ’বনে..! বুঢ়ীয়ে কোৱামতে
ক’লা
জীৱ এটা উৎসৰ্গা লাগেই মাষাণ ঠাকুৰক৷
বকুল প্ৰায় নদীৰ কাষ পালে৷ তাই থিয় দিয়া মাটিখিনিত লাহেকৈ ফাঁট
মেলিছে৷ যিকোনো মুহূৰ্ততে খহি পৰিব৷ তাই ততাতৈয়াকৈ গংগাধৰৰ মাষাণ ঠাকুৰক প্ৰণাম জনাই
এটা এটাকৈ বস্তুবোৰ অৰ্পণ কৰি গ’ল৷ শেষত মাছ দুটা দলিয়াই দিয়াৰ লগে লগে অলপ দূৰত জপংকৈ শব্দ এটা হ’ল৷ হয়তো ডাঙৰ মাটিৰ চপৰা খহি পৰিল৷
ভয় খোৱা নিষেধ, ভয় খোৱা নিষেধ৷ গংগা বুঢ়ীয়ে দঢ়াই দঢ়াই
কোৱা স্বত্তেও বকুলৰ বুকুখন চিৰিংকৈ মাৰিলে৷ অলপ বেগাই খোজ কাঢ়ি তাই ঘূৰি আহিল৷ পিছলৈ
চোৱা নাযায়৷ ঘূৰি চালে ঠাকুৰ নৈৱদ গ্ৰহণ নকৰিব৷ পূজা অথলে যাব৷
ৰাতিপুৱা
বকুলে
ঘৰ সোমাই শাহুৱেকক নেদেখিলে৷ সেই ৰাতিয়েই গংগা বুঢ়ী নোহোৱা হ’ল৷ সকলোৱে বিচাৰ-খোচাৰ
কৰিলে৷ কিন্তু একো চিন-চাব নাপালে৷ কেৱল বুঢ়ীয়ে বিচনাৰ শিতানত ৰাখি যোৱা মাদলীটোৰ
বাহিৰে৷
গংগা বুঢ়ী নোহোৱা হোৱাৰ তিনিদিনৰ দিনা বকুলে মাদলীটো নিজৰ ডিঙিত আঁৰি ল’লে৷
গংগা বুঢ়ীৰ গাৰ বৰণ ক’লা আছিল৷ কিচকিচিয়া ক’লা৷
লেখিকাৰ ঠিকনা:
পাপৰি গোস্বামী
গোলকগঞ্জ, ধুবৰী৷
ভ্ৰাম্যভাষ - ৯৭০৬৯১১৫৩৩
