অন্যযুগ/


ৰে’ড লিপষ্টিক

 পাপৰি গোস্বামী 

 

প্ৰিয় পাঠক, শিৰোনামা দেখি হয়তো আপোনালোকে ভাবিছে গল্পৰ কাহিনীটো আধুনিক ধৰণৰ৷ অথবা কাহিনীৰ আধাৰত মূল চৰিত্ৰসমূহ  ‘গ্লেমাৰাছ’ অৰ্থাৎ আকৰ্ষণীয় হ’ব৷ পিছে, আৰম্ভণিতে জনাই থওঁ যে গল্পটোৰ পটভূমি  বিংশ শতিকাৰ নব্বৈৰ দশকৰ এখন সৰু চহৰ ৷  চহৰখনৰ পৰা  তেতিয়াও গাওঁ গাওঁ ভাৱটো যোৱাই নাই৷ চৰিত্ৰও নব্বৈৰ দশকৰ সমাজ এখনৰ অতি সাধাৰণ কেইটামান চৰিত্ৰ৷ আপুনি আৰু মই  বাস কৰি অহা সমাজখনেই প্ৰতিনিধিত্ব কৰে চৰিত্ৰকেইটাই৷ যদিহে আপুনি সেই সময়খিনিৰ মাজেৰে আপোনাৰ শৈশৱ অথবা যৌৱন পাৰ কৰি আহিছে, তেন্তে আপুনি গল্পটিৰ পৰিৱেশৰ বিষয়ে ভালদৰেই অৱগত৷ গল্পটোৰ মূল চৰিত্ৰ নিৰুপমা ভাগৱতী ওৰফে নিৰু বাইদেউ সৰু চহৰখনৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী৷ পিছে, চহৰখনে তেওঁক লিপষ্টিক লগোৱা ওঁঠযুৰিৰ বাবেহে বেছিকৈ চিনি পায়৷ বিয়া-বাৰু, পূজা-বিহু বাদ দি চহৰখনৰ জীয়াৰী-বোৱাৰীসকলে সাধাৰণতে সকলো সময়তে লিপষ্টিক ব্যৱহাৰ নকৰিছিল৷ বৰ বেছি কাজল, পাউডাৰ আৰু শশী মালতীয়েই আছিল মূল প্ৰসাধন৷ সেই হেন পৰিৱেশত নিৰু বাইদেউ আছিল কিছু ব্যতিক্ৰম৷ তেওঁ সদায় ডাঠ ৰঙৰ বোম্বে ডায়িং চিফন শাৰীৰ সৈতে ওঁঠত লে’কমেৰ ডাঠ ৰঙা লিপষ্টিক সানিছিল৷ ব্যতিক্ৰমী আছিল বাবেই চহৰখনে তেওঁক অনবৰতে চকুৰ আগত ৰাখিছিল৷ 

 

বাইদেউৰ জীৱনৰ প্ৰায় প্ৰতিটো খবৰেই চহৰখনে ৰাখে৷ অৱশ্যে, তাৰে কিছুমান খবৰত চহৰখনে নিজেই ৰহণ সানিও লয়৷ তাৰ বাবে কিন্তু বাইদেউৰ অকণো ভ্ৰুক্ষেপ নাই৷ তেওঁৰ বাবে প্ৰতিটো দিনেই উজ্জ্বল৷ প্ৰতিদিনেই তেওঁ প্ৰতিটো কাম সময়মতে কৰে৷ সময়মতে নিজকে সজায়৷ সময়মতেই কৰ্মস্থলীত উপস্থিত হয়৷ নিজৰ বৃত্তিৰ প্ৰতি সন্মান জনাই প্ৰতিটো কামেই নিয়াৰিকৈ কৰে৷ 

 

         কথাটো ৰাষ্ট্ৰ হৈ পৰিবলৈ সৰু চহৰখনে বেছি সময় নল’লে৷ ৰাতিটোৰ ভিতৰতে চহৰখনৰ সৰু সৰু গলিলৈকে কথাটো সৰৱ হৈ পৰিল৷ কোনে কৈছিল, কোনে দেখিছিল সেইবোৰ কথা তল পৰিল৷ কথাটো কিমান সঁচা বা মিছা সেয়াও কোনোৱে বিশ্লেষণ কৰি চোৱাৰ চেষ্টা কৰি অলপো সময় নষ্ট নকৰিলে৷  

কথাটো শুনি নিৰু বাইদেৱে লাজ পাব লাগিছিল৷ 

দস্তুৰমত লাজ পাই  নিজকে গৃহবন্দী কৰি ৰাখিব লাগিছিল৷ 

কিন্তু সকলোকে আচৰিত কৰি নিৰু বাইদেৱে আগৰ দৰেই থাকিল৷ কোনো ধুমুহাই টলাব নোৱাৰাকৈ৷ স্থিতপ্ৰজ্ঞ তেওঁ৷ 

 

খবৰটো ইউনুছৰ মুখৰ পৰা ওলোৱা৷ তিনিআলিটোৰ চুকটোতে তাৰ গুমটি দোকানখন৷ দোকানৰ পিছফালৰ তৰ্জাৰ সৰু কোঠাটোৱেই তাৰ ঘৰ৷ বাছৰ হেণ্ডিমেন আছিল সি৷ তলৰ চিৰিটোত ভৰি এখন ৰাখি আনখন বাহিৰ উলিয়াই বাছত ওলমি যোৱাটো তাৰ একপ্ৰকাৰ নিচাই হৈ পৰিছিল৷ এই নিচাই পিছে তাৰ কাল হ’ল৷ এদিনৰ কথা, তাৰ হাতখন পিছলিল৷ আগফালৰ চাৰিটা দাঁত ভাগি থাকিল৷ জিভাখনৰো আগটো কটা গ’ল৷ কটা জিভাৰ উচ্চাৰণ বোৰে যাত্ৰীক বিপাঙত পেলায়৷ গতিকে, গাড়ীৰ মালিকে তাক হেণ্ডিমেনৰ পৰা অব্যাহতি দিলে৷ তেতিয়াৰে পৰা ইউনুছ দোকানী হ’ল৷ 

ইউনুছৰ দোকানৰ সন্মুখৰ ঘৰ দুটা ৰহমান চাচাৰ৷ প্ৰতিদিনে পুৱাই সি ৰহমান চাচাৰ ঘৰৰ আগফালৰ দমকলটোৰ পৰা পানী এবাল্টি আনে৷ ৰহমান চাচাৰ নতুনকৈ সজা ঘৰটোৰ দুটা ৰূম ভাড়ালৈ লোৱা নৰুল হুদাই যোৱা বছৰেই চহৰখনলৈ আহিছে৷ ছোৱালী হাইস্কুলৰ বিজ্ঞান শিক্ষক তেওঁ৷ স্বভাৱতে তেওঁ অলপ ইণ্ট্ৰ’ভাৰ্ট৷ বৰ বেছি মিলা মিছা নাই আন মানুহৰ সৈতে৷ সহকৰ্মীসকলৰ সৈতেই যি দুই এটা কথা৷ গধুলি ইউনুছৰ দোকানৰ পৰা দুই-এটা প্ৰয়োজনীয় বস্তু নিয়েহি৷ তাতেই দুই-একৰ সৈতে নক’লে নোহোৱা কথা বাদ দি  কাৰো সৈতে আড্ডা মৰা কোনেও দেখা নাই৷ স্কুলৰ পৰা ঘৰলৈ ওভোটা সময়তে বজাৰ-সমাৰ কৰি আনে৷ বিয়া বাৰু কৰোৱা নাই৷ গতিকে, সংসাৰৰ বৰ বেছি ঝামেলাও নাই৷ দুটা টিউশ্বনৰ বেটচ্ৰ বাহিৰে বেলেগ কোনো লোকৰ আহ-যাহ নাই বুলিলেই হয়৷ তেনেস্থলত হুদা চাৰৰ ঘৰৰ বাৰাণ্ডাত হেনো মহিলাৰ অন্তৰ্বাস দেখা পোৱাটো অলপ আচৰিত ধৰণৰ কথাই৷ 

 

আচ্ছা, ডেকা মানুহৰ ঘৰলৈ কোনোবা মহিলা আহিলেই যেনিবা, কাৰনো খোৱা কাঁহীত বিষ ঢলা কথা হ’ল!

আহিব পাৰে! 

হয়তো কোনোবা আত্মীয় হ’ব পাৰে৷ অথবা বায়েক-ভনীয়েক কোনোবা অহাটোও স্বাভাৱিক৷ কিন্তু ইউনুছৰ মতে হুদাৰ চাৰৰ ঘৰলৈ কোনো আলহী অহা সি দেখা নাই৷ গতিকে, চহৰখনে মানি ল’লে যে হুদা চাৰৰ ঘৰৰ সেই অন্তৰ্বাস নিৰু বাইদেউৰেই আছিল৷ 

গোটেই চহৰ খনে ছিঃ ছিঃ কৰিলে৷ ব্ৰাহ্মণ পৰিয়ালৰ কন্যা হৈ এনেকুৱাহে কৰিবলগীয়া হ’ল নে..! 

 

এনেয়েও চহৰখনত বাইদেউক লৈ বহুতো গুজৱ৷ ঠিক বাইদেউক লৈ নহয়, বাইদেউৰ লিপষ্টিকক লৈ৷ এদিন হেনো কোনোবাই ছয়াময়া আন্ধাৰত এযোৰ চচমা আৰু দুটা ৰঙা ওঁঠ শূন্যতে ভাঁহি আহি থকা দেখিলে৷ ভয়তে পেটত হাত ভৰি লুকোৱা অৱস্থা৷ পিছে ওচৰ চাপিলত দেখিলে সেয়া নিৰু বাইদেউ হে৷ চচমা আৰু ওঁঠ দুটা বাদ দি বাকী অংশ এন্ধাৰত মিলি যোৱা ৰঙৰ৷ সন্ধিয়াৰ আড্ডাত কথাবোৰ বিয়পে৷ হাঁহিবোৰ ছিটিকি পৰে চাৰিওফালে৷ 

সকলোৱে উপভোগ কৰে৷ 

নিৰু বাইদেউৰ বিয়া কিয় নহয়! 

চহৰখনে কাৰণটো  আলোচনা কৰে৷ 

বাইদেউৰ বাবে পাত্ৰ যে নাহে এনে নহয়৷ তাতে হাইস্কুলৰ চাকৰি এটা আছে৷ চাকৰিৰ এনে মহঙা দিনত হাইস্কুলৰ চাকৰি কৰা পাত্ৰী পোৱাটো কম কথা নহয়৷ পিছে, পাত্ৰ আহি হেনো বাইদেউৰ ৰঙা ওঁঠৰ ফাঁকেৰে সৰকি অহা হাঁহিটোত অহংকাৰহে দেখা পায়৷ পাত্ৰ বিৰক্ত হয়৷ গতিকে, কথাবোৰ তাতেই শেষ হয়৷ 

 আগ নাবাঢ়ে৷ 

এবাৰ হেনো নিৰু বাইদেউৰ টাইফয়েদ হৈছিল৷ যোৱা থোৱা অৱস্থা৷ কোনোমতে সুস্থ হৈ উঠিল যদিও গাৰ বৰণটো মলিন হ’ল৷ ওঁঠ দুটা ক’লা হৈ পৰিল৷ তেতিয়াৰে পৰা লিপষ্টিকটো বাইদেউৰ সহচৰী হৈ পৰিল৷ 

এয়া বাইদেউৰ প্ৰতি সহানুভূতিশীল একাংশৰ কথা৷ 

মুঠতে বাইদেউৰ জীৱনটোৰ প্ৰতিটো বিষয়ক লৈ চহৰখনৰ বৰ আগ্ৰহ৷ পিছে বাইদেউৰ স্থিতপ্ৰজ্ঞতাৰ অন্তৰালৰ ছৱিখনৰ প্ৰতি কোনো আগ্ৰহ নাই৷ 

একমাত্ৰ পুত্ৰৰ আকস্মিক মৃত্যুৰ পিছতেই মাক শয্যাশায়ী হ’ল৷ বয়সৰ লগে লগে দেউতাকৰ এজমাৰ সমস্যাও বাঢ়ি গৈছিল৷ বিধবা নবৌৱেক আৰু ভতিজা ল’ৰাটোৰ দায়িত্ব নিৰুপমা ভাগৱতীয়ে  নিজৰ গাত ল’লে৷  নিৰু বাইদেৱে নিজৰ দায়িত্ব পালন কৰাত অকণো হেৰফেৰ নকৰে৷ বজাৰ-সমাৰ, দেউতাকৰ পেঞ্চন, মাকৰ ঔষধ-পাতিৰ পৰা ভতিজাক ৰাহুলৰ পঢ়া-শুনালৈকে সকলোখিনি চায়৷ সেইবুলি নিজৰ যত্ন ল’বলৈও নাপাহৰে৷ নিজৰ পচন্দ অনুসৰি পিন্ধে, নিজৰ পচন্দমতে প্ৰসাধন কৰে৷ ডাঠ ৰঙা লিপষ্টিক তেওঁৰ খুবেই পচন্দৰ৷ আচলতে, সৰুৰে পৰাই বাইদেৱে নিজকে বৈজয়ন্তীমালাৰ ৰূপত কল্পনা কৰি ভাল পাইছিল৷ কলেজত দুখন মান নাটকত অভিনয়ো কৰিছিল তেওঁ৷ নায়িকাৰ ভনীয়েক অথবা বান্ধৱীৰ চৰিত্ৰ হ’লেও তেওঁ নিজকে বৈজয়ন্তীমালাৰ সৈতে ৰিজাই চাইছিল৷ গাৰ ৰঙটো মিঠা হ’লেও বাইদেউ দেখিবলৈ বেয়া নহয়৷ মোমায়েকহঁতে কেইবাটাও দৰাৰ খবৰো আনিছিল৷ পিছে বিয়াখনহে নহয়গৈ৷ 

বাইদেউৰ চৰ্ত, বিয়াৰ পিছতো তেওঁ মাকৰ ঘৰখনৰ দায়িত্ব এৰি নিদিয়ে৷ 

নাৰী হে৷ নাৰীৰ আকৌ কিহৰ চৰ্ত! সমাজখনে এনেবোৰ কথা মানি নলয়৷ বাইদেউৰ চৰ্ত  মানি ল’ব নোৱাৰে৷ নাৰী চৰ্ত মানি কোনো পুৰুষে নিজৰ দৈন্যতা প্ৰকাশ নকৰে ৷ 

বাইদেউৰ অহংকাৰ সমাজে সহ্য কৰিব নোৱাৰে৷ ফলস্বৰূপে নিৰু বাইদেউৰ বিয়া ভাঙে৷ 

   

তাৰ বাবে বাইদেউৰ আক্ষেপ নাই৷ জীৱনটো সুন্দৰ কৰি তুলিবলৈ নিজকে ভাল পাব লাগিব৷ নিজক ভাল পোৱা ধৰণে সজাই ল’ব লাগিব৷ ডাঠ ৰঙা লিপষ্টিকেৰে ওঁঠযুৰি বুলাই লৈ সান্ধ্য ভ্ৰমণলৈ ওলাই যায়৷ 

   

এদিন বজাৰত হুদা ছাৰে মাছ কিনি থাকোঁতে বাইদেউক লগ পালে৷ দুয়ো হেনো হাঁহি-মাতি কথা পাতিলে৷ ৰমাৰ দোকানত বহি গজা আৰু চাহো খালে৷ দুয়ো মিলি  দুই কেজিৰ মাছটো কিনি ভগাই ল’লে৷ চহৰখনে দেখিলে৷ 

 

ৰাহুলে আবেলিৰ বেট্‌চত ছাৰৰ ওচৰত বিজ্ঞানৰ টিউশ্বন লৈছে৷ কোনোবাদিনা টিউশ্বন শেষ হওঁতে সন্ধিয়া লাগে৷ ছুটীৰ সময়ত নিৰু বাইদেৱে ৰাহুলক আনিবলৈ যায়৷ ইউনুছৰ দোকানৰ কাষতে ৰৈ থকা চহৰখনে দেখা পায় ৷ 

গতিকে, ইউনুছে দেখা অন্তৰ্বাস নিশ্চিতভাৱে নিৰু বাইদেউৰেই হ’ব লাগিব৷

ইচ্ ইচ্, বিয়া নহ’ল বুলিয়েই নিৰু বাইদেৱে ইমান তললৈ নামিব লাগেনে..! 

সমাজে নিৰু বাইদেউক এঘৰীয়া কৰাৰ দৰেই হ’ল৷ কিন্তু বাইদেৱে কাকো একো স্বীকাৰোক্তি নিদিলে৷ বাইদেউৰ ওঁঠ দুটা বেছি ৰঙাহে হ’ল৷ সেই ঘটনাৰ পিছৰ পৰাই বাইদেৱে প্ৰাতঃভ্ৰমণলৈ গ’লেও ৰঙা লিপষ্টিকেৰে ওঁঠযুৰি বুলাই লয়৷ 

কথাবোৰে হুদা ছাৰকো চুলে ৷

বৰ দুখ পালে তেওঁ৷ বাইদেউৰ প্ৰতি তেওঁৰ অগাধ সন্মান৷ বাইদেউৰ ব্যক্তিত্বই তেওঁক আকৰ্ষিত কৰে৷ মিছা অপবাদ এটাই দুয়োকো অসহজ পৰিস্থিতিলৈ টানি লৈ গ’ল৷ বাইদেউৰ সন্মুখত নিজকে নিস্বঃ যেন লাগিবলৈ ধৰিলে৷ ইয়াৰ পিছত তেওঁ ইউনুছৰ দোকানত কোনোদিনে ভৰি নিদিলে৷ 

তিনিমাহ পিছত হুদা ছাৰে চহৰখন এৰিলে৷ তেওঁ ষ্টেট বেংকত গাণনিকৰ চাকৰি পালে৷ হুদা ছাৰে চহৰ এৰাৰ আগদিনা মাজৰাতি ইউনুছৰ দোকানত চোৰ সোমাল৷ নিবলগীয়া বিশেষ একো নাপালে যদিও ইউনুছৰ ভৰি এখন কোবাই ভাঙি থৈ গ’ল৷ ইউনুছে চোৰটোক  চিনি পালে, কিন্তু আগ কটা জিভাৰে শুদ্ধ উচ্চাৰণেৰে নামটো ক’ব নোৱাৰিলে৷

 

চহৰখনে লাহে লাহে ৰূপ সলালে৷ ইতিমধ্যেই, বহুবোৰ ধুমুহা চহৰখনৰ ওপৰেদি পাৰ হৈ গ’ল৷ সন্ত্ৰাসজৰ্জৰ সময়খিনিত বহুবোৰ কথাই সলনি হ’বলৈ ধৰিলে৷ গোলকীয় উদাৰীকৰণৰ যুগত চহৰখনো উদাৰ হ’বলৈ ধৰিলে৷ নতুন শতিকাত ভৰি থৈ চহৰখনে নতুনক আদৰি ল’বলৈও শিকিলে৷ পাৰ্ক, ৰেষ্টোৰেণ্ট, ক্লাব আদিৰে ভৰি পৰিল৷ 

 

চহৰখনে এতিয়া বাইদেউৰ খবৰ নাৰাখে৷ অৱসৰ জীৱন কেনেকৈনো কটাইছে সেই কথা জানিবলৈ কাৰোৱেই আগ্ৰহ নাই৷ অৱসৰৰ কেইবছৰমান পিছতে বাইদেৱে পৃথিৱী এৰিলে৷ চহৰখনে নাজানিলে৷ এতিয়া চহৰখনে বহু দূৰ আগুৱাই আহিল৷ পুৰণি কথাবোৰ মনত নাৰাখে৷ বহুদিন পিছত কোনোবাই কোৱা শুনিছিলোঁ, বাইদেউৰ শেষ সময়ত হেনো হুদা ছাৰ তেওঁৰ কাষলৈ আহিছিল৷ হাতত গুজি দিছিল ডাঠ ৰঙা লিপষ্টিক এটা৷ অন্তিম সময়খিনিতো বাইদেউৰ মুখখনত ৰঙা ৰঙটো জিলিকি আছিল৷

কিয় জানো মাজে মাজে মনত খুন্দিয়াই থাকে, পুৰুষতান্ত্ৰিক সমাজখনৰ বিৰুদ্ধে বাইদেউৰ  প্ৰতিবাদৰ অস্ত্ৰ আছিল নেকি ৰঙা লিপষ্টিক..! 

দৃঢ় আত্মবিশ্বাসেৰে বাইদেৱে প্ৰত্যাহ্বান জনাইছিল পুৰুষ শাসিত সমাজব্যৱস্থাক৷

এক অভিনৱ উপায়েৰে৷ 

ৰে’ড লিপষ্টিকেৰে৷ 

***

লেখিকাৰ ঠিকনা:

গোলকগঞ্জ, ধুবৰী

ফোন – ৯৭০৬৯১১৫৩৩

   

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ