অন্যযুগ/


পানীৰ শিল

 কল্পনা শৰ্মা

 

 লাইধনৰ ঘৰত শিল পানীত ভাহিছে আৰু কথাটো শুনা মাত্রকে লাইধনৰ চোতাললৈ মানুহ পানীৰ সোঁত বোৱাদি বৈছে৷ নাহিব মানুহ ! কম আচৰিত কথা এইটো! সাধুকথাত হে শুনিছিল মানুহবোৰে “লাও তল যোৱা- শিল ওপঙা”ৰ কথা৷ ঘোৰ কলিযুগত যেন এয়া সাক্ষা ঈশ্বৰৰ দৰশণ৷

অলপকৈ কাণ ভগা প্লাষ্টিকৰ চৰিয়া এটাত এচৰিয়া পানী আৰু তাত ওপঙি আছে এটুকুৰা শিল৷ চৰিয়াটোৰ কাষতে ইতিমধ্যে লাইধনৰ মাক বেঁকীবুঢ়ীয়ে আগলি কলাপাত এখিলাত দুযোৰমান ধূপ-চাকি জ্বলাই, কথনা ফুল দুপাহমান পানীত দি “ৰামঅ-কিচন” বুলি ঘোষা-পদ জুৰি উবুৰি খাই পৰি আছে৷ বুঢ়ীয়ে জ্বলোৱা ধূপ ছাই হোৱাৰ আগতেই গাঁৱৰ ইঘৰ সিঘৰৰ পৰা আমদানি হোৱা কিচিম-কিচিম ধূপৰ মিহলি গোন্ধ লাইধনৰ চোতাল পাৰ হৈ বাটলৈ বগাই গৈছে৷
            আৰু ধূপৰ গোন্ধৰ লগতে মানুহৰ কিচিম কিচিম
  কথাও!

: “হয় দেই, কমটি আচৰিত কথা হৈছে নে এইটো! এই জনমত নেদেখা নুশুনা কথা৷”

: “তাকেহে, একেবাৰে নাৰভুৰ-নাৰচুত কথা৷ মোৰ আকৌ কিবা ভয়হে লাগিছে জানে”- ভয় লগাগৰাকীৰ মুখত আকৌ নাভূত- নাশ্ৰুত নুফুটে৷

: “ভয় লাগিবলৈ নো কি টো আছে হে? ভালহে ছয়ং ঈচৰে দেখা দিছে গাঁৱত৷ কাৰ এনে ভাগ্য মিলে হে! লাইধনৰ কপাল ফুলিল বুলিয়েই ধৰক! সি আৰু গুমটি দোকানখনত বহি থাকিব নালাগে৷”

: “তাকেই৷ মিনুৱে গোটৰ চেকেত্তাৰীৰ পৰা গৈ এইবাৰ মেম্বৰ খেলিব বুলি শুনি আছো দেখোন৷ জিকি যাবও পাৰে৷”

মেহেঙা-মেহেংকৈ শাহুৱেক বেঁকীবুঢ়ীৰ কাষত ৰৈ থকা মিনুৱে সপোনতো ভবা নাছিল ঘটনাই যে ইমান দূৰ বগাব, কিন্তু কথাহে -ৰাৱণৰ নাড়ীখ্যাত হালধীয়া আকাশীলতা জাত বগোৱাদি সি বগায়েই থাকিল, বগায়েই থাকিল৷

: “অ’ আই, ঘটনাটো প্ৰথমে দেখিলে কোনে?”- এগৰাকীয়ে ঘোষা এৰি ক্ষন্তেক বিৰাম লোৱা বেঁকীবুঢ়ীক সুধিলে৷

কোনে দেখিব আও, ময়েই দেখিলোঁ৷ এই মিনুৱে পানী চৰিয়া ইয়ালৈ অনা দেখি আছিলোঁ মই৷ তাৰ পৰা তাই এইখিনি ইয়াতে এৰি গাইজনীক দানাৰ বাল্টিটো দিবলৈ গ’ল৷ মই বোলোঁ তাইনো চোতালৰ কাণত কিহৰ কাপোৰ ধোৱা চৰিয়াটো এৰে বুলি আঁতৰাই থ’বলৈ আহিহে দেখোঁ যে কথা বিষম৷ শিল পানীত ভাহি আছে৷”

: “পৰভু ভগৱন্তৰো কি লীলা চাওক আই৷ থৈ গ’ল মিনুৱে, কিন্তু প্রথম দৰশণ পালে আপুনি৷ তাতেই জীৱৰ পাপ পুইনৰ পৰিচয়!”

: “হে...এহ্, মইনো কি পুইনটো কৰি থৈছো হেৰৌ! মহাপাপী জীৱ আমি৷ অঅঅ, কিন্তু ডাঙৰ-সৰু, গোঁসাই-গুৰুজনক আজিকালিৰ মানুহৰ দৰে অবইগ্গা কৰি পোৱা নাই দেই৷ তাতেই ভগৱন্ত নিজ গুণে সন্তোষ হ’ল কিজানি৷” বেঁকীবুঢ়ীয়েও সুযোগ পাই বোৱাৰীয়েক মিনুলৈ শেলপাত এৰি দুয়ো হাত যোৰ কৰি কপালৰ আগলৈ নিলে৷ মিনুৰ মুখত “এতিয়া কি কৰা যায়” ধৰণৰ কিবা যেন ভয়, কিবা যেন সংকোচৰ ৰেখা৷

: “হয় আই, ঈছৰ কাৰ ওপৰত কেতিয়া সন্তোষ হয় কোনে জানে৷ আমিতো শুনিছিলোঁ, হনুমন্ত পৰভুৱে ছয়ং চিৰিৰাম পৰভুৰ নাম লিখি সাগৰত পেলাই দিয়া শিল থহ-থহকৈ পানীত ওপঙি উঠিছিল৷ কিন্তু কোনে জানিছিল, এই হেন ঘোৰ পাপাচাৰৰ যুগতো শিল পানীত ভাহিব৷”

: “কি ঠিক, এই ভাহি থকা শিলটুকুৰা কেনেবাকৈ হনুমন্ত পৰভুৱে সৈ যুগতেই পানীত পেলোৱা শিলৰ টুকুৰাই কিজানি৷ কেনেবাকৈ সাগৰৰ পৰা ভটিয়াই নদীৰে আহি যুগৰ পাছত আমাৰ গাঁৱত দৰশণ দিলেহি৷ ঈছৰৰ হে লীলা!” এজনে গধুৰ মন্তব্য ৰাখেহি৷

মুঠতে লাইধনৰ চোতাল এতিয়া ভক্তিৰসেৰে ৰৌৰৌ-চৌচৌ৷

অসময়ত তাৰ দোকানত ধূপ বিচাৰি যোৱা গাঁৱৰে এজনৰ মুখতহে তাৰ ঘৰত ঘটি থকা ঘটনাৰ কথা গম পাই দুপৰবেলাতে দোকান সামৰি লাইধনে ঘৰলৈ আহি দেখে গোটেই গাঁওখন তাৰ চোতালত উবুৰি খাই আছেহি৷ লগতে গুজগুজীয়া মেল৷ তাৰ মাজৰ পৰা উফৰি আহে, “লাইধন, তোৰ কপাল ফুলিল আৰু দেই৷”

লাইধনৰ চুবুৰীৰ প্ৰায়খিনি মানুহেই হৈছে গোটৰ ঋণত টিভি কিনি চোতালত খুটি পুতি হ’লেও ডিচ লগাই চিৰিয়েল চোৱা, পষেকত এবাৰমান গোটৰ মিটিং কৰা আৰু মিটিং নথকা দিনবোৰত চিৰিয়েলৰ বোৱাৰী আৰু কাষৰ ঘৰৰ বোৱাৰীৰ তুলনামূলক বিশ্লেষণাত্মক অধ্যয়নত ব্যস্ত থকা মানুহ৷ এতিয়ালৈ লাইধনৰ চোতালত উপস্থিত থকা মানুহখিনি আছিল আদহীয়া, দিনৰ ভাগতো ঘৰতে থকা, চৰকাৰী হিতৰ অধিকাৰ থকা পুৰুষ মহিলাখিনি৷ কিন্তু লাহে ধীৰে ডিজিটেল সমাজৰ বাসিন্দা স্মার্ট নাগৰিকখিনিয়েও হাতত স্মার্ট পৃথিৱীৰ পাৰপত্ৰ বিধ লৈ মঞ্চত প্ৰৱেশ কৰিলেহি৷ আহিয়েই বিভিন্ন এংগলৰ পৰা ক্লিক্‌ ক্লিক্‌ ক্লিক্‌৷

আৰু এনে মূল্যবান বস্তু ক্লিক্‌ কৰি কেৱল নিজৰ বাবে সাঁচি ৰাখিলে সেই ধনত গুলৈয়ে বাহ নল’ব জানো৷ গতিকে ৰাইজৰ কুশলাৰ্থে বিলাই দিয়া যাওক৷

তাৰ পিছত হ’বলৈ কি আছিল৷ “অবহেলা নকৰি জয় শ্রী ৰাম লিখক৷ ২৪ ঘণ্টাৰ ভিতৰত ভাল খবৰ পাব”  বা  “এই ফটো দহজনক বিলাই দিলে সাত দিনৰ ভিতৰত সম্পত্তি লাভ হ’ব” ইত্যাদি ইত্যাদি প্ৰবচনেৰে বিভুষিত হৈ পানীত ওপঙা শিলৰ ফটো, ভিডিঅ, ৰীলবোৰ ৰাইজৰ কুশলাৰ্থে স্মার্ট দুনিয়াত ভ্ৰমি ফুৰিল ...ভ্ৰমি ফুৰিল... ভ্ৰমিয়েই ফুৰিল৷

আধা ঘণ্টাত “১.২৩ কে” শ্বেয়াৰ কি ধেমালি কথা!

কিন্তু তাতকৈও ডাঙৰ কথা হ’ল যেতিয়া সেইবোৰ গৈ যেতিয়া স্মার্ট দুনিয়াৰ অন্যতম সেনাপতি স্বৰূপ নিউজ প’ৰ্টেলৰ কাণ্ডাৰীসকলৰ হাতত পৰিলগৈ৷ সেইটো নিউজ আপলোড হোৱাৰ লগে লগে ডিজিটেল সভ্য সমাজৰ পৰা অহা গৰু, গাধ, গজমুৰ্খ ধৰণৰ গালিৰে কমেণ্ট বক্স ভৰি যাব বুলি জানিও লগে লগে হুকুম জাৰি হ’ল, সেই “নিউজ ইম্মিডিয়েট কাভাৰ কৰিব লাগে”৷ আৰু আধা ঘণ্টাৰ ভিতৰতেই প’ৰ্টেলৰ সাংবাদিক আহি লাইধনৰ চোতালত হাজিৰ৷

উপস্থিত দুই এজনৰ বাইট লৈ এইবাৰ সাংবাদিকে গৈ লাইধনৰ পৰিয়ালৰ মানুহক ধৰিলেগৈ৷ তেতিয়াও পানী চৰিয়াৰ কাষতেই বহি থকা লাইধনৰ মাক বেঁকীবুঢ়ীয়ে বোলে, “কলিযুগত এয়া সাক্ষাৎ ঈছৰৰ দৰশণৰ দৰে কথাহে হ’ল৷ থওঁতে পানী চৰিয়া মোৰ বোৱাৰীয়ে আনি থোৱাটো হয় যদিও পথমতে দেখিছোঁ মইহে৷”

লাইধনে আকৌ তাৰ কথাবোৰ সাংবাদিকৰ হাতত থকা যন্ত্রবোৰেৰে গৈ বহুতৰে চকুত পৰিব বুলি কথাৰ লাইন অলপ বেলেগ ফাললৈহে পোনাই- “চৰকাৰে দিয়া মোৰ ঘৰটোৰ বেৰকেইখন হে ইটাৰ, মজিয়া কেঁচা৷ চোতালত পদুলি সকলো ফালেই মাটিহে৷ ৰাস্তাও আমাৰ এইখিনি অঞ্চলৰ ভিতৰত আমাৰ দুটা চুবুৰীৰ হে কেঁচা হৈ আছে৷ নাজানো তাৰ পাছতো এই ধৰণৰ আচৰিত শিলটো মোৰ ঘৰতহে ক’ৰ পৰা আহিল৷”

ইমানখিনি সময়ে মিনুৱে মনতে পাগুলি পাগুলি ভাবি আছে, সাংবাদিকজনে তাইক কিবা সুধিলে তাইনো কি বুলি ক’ব! শিলটো তাই বাটত পাই বুটলি অনা বুলি ক’ব নে শনিবাৰে গোটৰ মিটিঙৰ পৰা বাহিৰে বাহিৰে টাউনলৈ গৈ, তাত নতুনকৈ খোলা ষ্টেচনেৰী দোকানখনত নগদ এশ পয়ষষ্ঠি টকা দি গোৰোহা মাজিবলৈ কিনি অনা বুলি সঁচা কথাটোকে কৈ দিব৷ এনেয়ে ওঁঠ পলিচ- নখ পলিচ সানি ধুন মাৰি মিটিং কৰি ফুৰে বুলি বুঢ়ীয়ে কথা শুনাই থাকেই৷ তাতে আকৌ মিটিং কৰিবলৈ গৈ অতগাল ধন ভৰি গোৰোহা মাজিবলৈ শিল কিনা বুলি গম পালে তাইক সুদাই এৰিব জানো! তায়োতো কেইদিনৰ আগতে তাইৰ ভাগৰ সূৰ্যউদয়ৰ টকাৰে কিনা ডেৰশটকীয়া মিঠা তেল ভৰি হাতত কিয় সানিব বুলি শাহুৱেকৰ লগত এখুন্দা ভালকৈয়ে লাগি থৈছে৷ তাৰ হোৰ জানো বুঢ়ীয়ে নুতুলিব! কিন্তু এনেহেন শিল জানো বুটলি আনিবলৈ বাটত পায়? মিছা ক’ব পাৰে, টাউনৰ শ্ৰীহৰি দশকৰ্ম ভাণ্ডাৰৰ পৰা কিনি অনা বুলি, কিন্তু তাত যদি আনে বিচাৰি যায় তেনে এটা শিল!

ছেঃ, কি কৰা যায়! কি কোৱা যায়! তাইতো সপোনতো ভবা নাছিল কথা ইমান দূৰ গৈ পাবগৈ বুলি৷

সপোন সপোন....

হয় তো... সপোন!

ঠিক ঠিক ঠিক...... কাৰ সপোনতনো কি হৈছিল কোনে জুপি চাব পাৰে!

তাৰ পিছত তাই গাৰ চাদৰখন টানিটুনি ঠিক কৰি কথাখিনি মনতে জুকিয়াই লয়৷

“... চকু চাট মৰা পোহৰ... আগেয়ে কেতিয়াও নুশুনা গলগলীয়া মাত এটা... ব্ৰহ্মমুহূৰ্তৰ সময়...পদূলিৰ পৰা পূবলৈ এশ আঠ খোজ... আৰু কিবা কিবি... আৰু কিবা কিবি... শাহুৱেক বুঢ়ীয়ে দেখাৰ আগতে তায়েই দেখিছে, মাতো শুনিছে...”

সৌৱা, সাংবাদিকজন তাইৰ ফালে আহিছে....

 

***

ভ্ৰাম্যভাষ : ৭৮৯৬৩৯৩২৩০

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ