পল্লৱী কৌশিক শৰ্মা
কুকুৰা মঙহৰ লগত ৰথিন বুঢ়াৰ আজিকালি যেন এক অদৃশ্য দূৰত্ব গঢ় লৈ উঠিছে!
গৰম মঙহৰ তেলীয়া গোন্ধটো নাকত লাগিলেই বুঢ়াৰ পেটে বিদ্ৰোহ ঘোষণা কৰে৷ পুতেকে কেতিয়াবা
নিজৰ ভাগৰ পৰা কোমল চাই মঙহৰ টুকুৰা এটা জোৰ কৰি যাঁচিলেও ভাতৰ পাতৰ পৰা উঠি, বাজলৈ
গৈ হলকা-হলককৈ বতিয়াই আহে বুঢ়াই৷ মুখত দিয়াটোতো দূৰৰে কথা ৷
ৰথিন বুঢ়াৰ ডিঙিৰ পৰা ওলাই অহা ওৱাক-ওৱাক শব্দই বোৱাৰীয়েক সৰু মইনাৰ ভাত
খোৱাৰ মুড সমূলি নষ্ট কৰে৷ অসহ্য ঘৃণাত কাঁহিতে পানী ঢালি বকবকাই উঠে তাই - গেলাসোপা খাই-খাই
বাপেৰৰ হজম শক্তি শেষ৷ জানি-বুজি কিয়নো খাবলৈ দিয় মাংসসোপা? দিনডাল কষ্ট কৰি ৰাতি চাল্লা
ভাত এগাল খোৱাৰো শান্তি নাই মোৰ৷’
পিন্ধি থকা মেখেলাখন উজাই, পেটিকোটৰ ৰচীডালতে খোঁচ এটা মাৰি, কলাফুল উলিয়াই গিৰিয়েকৰ
সন্মুখেৰে চটচটাই ওলাই যায় তাই৷ বসুৱে মুখেৰে ‘টু’ শব্দ এটাও উচ্চাৰণ নকৰে৷ সি জানে
- অলপ কথাৰ আঁচতে ঘৈণীয়েক স্ফুলিংগতে দাবানল হোৱা মানুহ৷ আনৰ হুকুম ছাঁত জীয়াই থকা
মানুহৰ দৰে পাকঘৰৰ মজিয়াত চেদেলি-ভেদেলি হৈ পৰি ৰোৱা বাচনকেইটা ধুই-পখালি নিঃশব্দ মমতাৰে
বসু, বুঢ়াৰ ওচৰ পায়গৈ আৰু দৰদেৰে সোধে - ফিকা চাহ এটুপিকে খাবি নেকি ?
মাত নিদিয়ে বুঢ়াই৷
ফিচিকা মলিয়ন কাপোৰ এখনৰ তলত বয়সৰ ভাঁজ কঢ়িয়াই লুকাই থকা তোচকখনত কাঠছলিৰ
দৰে পৰি ৰয় ৰথিন বুঢ়া৷ হয়তো ক্লান্ত চকুযুৰি তেতিয়ালৈ টোপনিত নামে অথবা সৰু মইনাৰ গুৱাল
গালিবোৰ নীৰৱে গিলাৰ প্ৰচেষ্টাত শব্দবোৰ বুঢ়াৰ ডিঙিৰ দুৱাৰতে ফচে৷
দীঘলদৰি চাহ বাগানত জনাথন হাতীবৰুৱা ওৰফে বৰ চাহাবৰ খিদমত কৰা দিনবোৰ পিছে
সুকীয়া আছিল৷ সাঁঝ নামিল মাত্ৰই হাৰিয়াৰ টেঙা-মিঠা সোৱাদ আৰু মছলাযুক্ত কুকুৰাৰ শুকান
মঙহৰ গোন্ধে ৰথিন বুঢ়াৰ ক্লান্ত দেহলৈ যেন গৰমাহট আনি দিছিল! হাৰিয়াৰ শেষ চুমুকটো লৈ
সুবুজ বাগিচাৰ আঁকাবাঁকা বাটেদি ৰথিন বুঢ়া যেতিয়া টলমল খোজেৰে লাইন ঘৰলৈ উভতিছিল, বুঢ়াৰ
শুকান ওঁঠত ভঙা-ভঙা শব্দৰে প্ৰেমৰ সাদ্ৰী সুৰ ফুটিছিল ৷
‘তোৰে লাগি মনৱা মোৰ / চাহ বাগিচা মে ঘূৰে
পাতি পাতি হাৱা ব’লে / তোৰে নামবা সুনে’
জৱান আছিল তেতিয়া ৰথিন বুঢ়া৷
ঘৈণীয়েক কুন্তী আছিল জীৱনৰ উম৷
বয়সৰ উমাল বসন্তত কুন্তীৰ এচাৱনিয়েই ৰথিন বুঢ়াৰ বদনত পিৰীতিৰ ফুল ফুলিবলৈ
যথেষ্ট আছিল৷ দিনভৰ খাটি আহি কুন্তীক বুকুত আঁকোৱালি লৈ মানুহটো যেন সজীৱ হৈ উঠিছিল!
হাৰিয়াৰ নিচাই মনৰ বান্ধ ভঙাৰ সময়ত কুন্তীৰ পকা জামু বৰণীয়া মঙহহীন শৰীৰটো মোহাৰি-মোহাৰি
প্ৰায়ে সি কৈছিল - তই হামাৰ বিহানেকা উজেৰ, ঘৰেকা উজালা, বুকেকা ধৰকন, আঁখিকো তৰা
… ৷
টোপনিৰ কোলাত ঢলি পৰা বুকুৰ মানুহটোক জোৰেৰে সাৱটি ধৰিছিল কুন্তীয়ে৷ হাৰিয়াৰ
ভেকেঁচা গোন্ধ অথবা ঘামত জবজবীয়া জলহু কামিজটোৰ পৰা নিৰ্গত উৎকট দুৰ্গন্ধই নহওক কিয়
কুন্তীৰ মৰমৰ টানত একোৱেই ভেঁটি দিব পৰা নাছিল৷ বিপৰীতে গিৰিয়েকৰ দেহস্ৰাৱৰ তীক্ষ্ণ
গোন্ধই এক অদ্ভুত মোহত আচ্ছন্ন কৰিছিল তাইক৷ মুঠতে বুঢ়া লগত থাকিলে দুনীয়াৰ সকলো চিন্তা-ফিকিৰ
পাহৰি যাব পাৰে কুন্তীয়ে ৷
মৌকা পালেই মাতাল পানীটুপি টেঁটুলকৈ গিলি নিচাৰ প্ৰকোপত খালে-ডোঙে পৰি থকা
আৰু হকে-বিহকে ঘৈণীয়েকজনীক দুই-এটা গালি-গালাজ কৰাৰ বাদে মানুহটোৰ অন্য বেয়া গুণ একোৱেই
নাই৷ একদম পোন মগজুৰ মানুহ সি৷ বৰ চাহাবৰ খাচ আদমী৷ বসুৰ জন্মৰ পিছত বৰুৱাই তাক লাইন
ঘৰৰ পৰা নিজৰ বাংলোলৈ লৈ আহে৷ চাহাবৰ ঘৰত খানচামাগিৰি কৰি কুন্তীয়েও এইবাৰ দুই পইচা
ৰোজগাৰ কৰিবলৈ ধৰে৷ লাইন ঘৰৰ অভাৱ-অনাটনৰ জোঁকৰ পৰা ওলাই বৰ লাড-পিয়াৰত সিহঁতে বসুক
ডাঙৰ কৰাৰ সুবিধা পায়৷ ঘৈণীয়েকৰ প্ৰতি কৃতজ্ঞতাৰ ঢৌ এটাই ৰথিন বুঢ়াৰ বুকুখন ওপচাই পেলায়৷
নতুনকৈ যেন মৰম জাগে তাইলৈ !
‘তোক মই এনেই নকওঁ কুন্তী - তই মোৰ সকালেৰ আলো৷ মোৰ জীৱনলৈ সুখ-চেইন সব আনি দিছ ৰে
তই ৷’
পিছে দীঘলদৰি বাগানত কথাবোৰ একে হৈ নাথাকিল৷ সেই বছৰ প্ৰচণ্ড বৰষুণে বাগানখন তচনচ কৰি
দিলে৷ পাহাৰৰ পৰা নামি অহা ঢল আৰু বাঢ়নি পানীৰ বুকুত শাৰী-শাৰী চাহ গছবোৰ ডুব গ’ল৷
‘এক কলি দুটি পাত’ৰ সেউজ পৃথিৱীত সপোনৰ মাত যেন স্তব্ধ হ’ল ! বিঘাই-বিঘাই মাটিত মৰি
যোৱা গছবোৰে উৰ্বৰতা হেৰুওৱাৰ কাহিনী ক’লে৷ মজদূৰবোৰৰ মুখত চিন্তাৰ ছাঁ নামিল - ‘কামো
নাই৷ খাটনিও নাই৷ পইচা-কড়িও নাই৷ তবু পেটৰ আগুন কেমনে দমিব ?’
শাওপাত লাগিল দীঘলদৰি বাগানত৷
ঘোৰ শাওপাত ৷
পাহানে বিধান দিলে - থান-দেৱীৰ পূজা-অৰ্চনা কৰিব লাগিব ৷
কুকুৰা বলি দিব লাগিব ৷
পায়সৰ ভোক আগবঢ়াব লাগিব৷
ঢোল-মাদলৰ গুমগুমনিৰ মাজত পাহানে থানত ধূপ জ্বলালে, নৈবেদ্য চঢ়ালে৷ হাত
জোৰ কৰি মজদূৰবোৰে একেলগে থান দেৱীক কাকূটি কৰিলে— ‘ৰক্ষা কৰ মা, ৰক্ষা কৰ৷’
দেৱী সন্তুষ্ট নহ’ল ৷
মাহ-মাহ ধৰি চাহগছৰ পঁচা শিপাবোৰ উশাহহীন হৈ পৰি থাকিল৷ বাগানৰ কলঘৰত আৰু
ধোঁৱা নুঠিল৷ লাইন ঘৰবোৰ খালি কৰি মজদূৰবিলাকো নতুন কাম বিচাৰি ওলাই গ’ল৷ বৰবাদ হৈ
গ’ল দীঘলদৰি বাগান৷ মাত্ৰ জান নাইকিয়া চাহ গছবোৰহে হেৰোৱা সেউজীয়াৰ বিৰহ গীত জুৰি চাৰিওফালে
মাটিত পুতি থোৱা অগণন খুঁটাৰ দৰে থিয় দি থাকিল৷
মৰা গছৰ দৰে ৰথিন বুঢ়াও থম মাৰি ৰ’ল৷ বাগানখনৰ প্ৰতিটো বাট, প্ৰতিজোপা গছ আৰু প্ৰতিটো
সুৰৰ লগত ৰথিন বুঢ়াৰ যৌৱন সাঙোৰ খাই আছিল৷ সেইখন বাগান মৃত্যুমুখত দেখি মানুহটোৰ বুকুৰ
এচুকত যেন বিষ এখিনি উজাই উঠিল !
বৰ চাহাবৰ লগতে বুঢ়াও আহি গাঁওবাসী হ’লহি৷ ৰুজি-ৰোজগাৰ সলনি হ’ল৷ বৰ চাহাবৰ
খেদমত কৰিবলৈ এৰি গাঁৱৰ মানুহৰ ঘৰত দিন হাজিৰা কৰিবলৈ ল’লে সি৷ ইফালে চাহাবি নামটো
ত্যাগ কৰি জনাথন হাতীবৰুৱাইয়ো মাক-দেউতাকে দিয়া নামটোকে পুনৰ আঁকোৱালি জনাৰ্দন হাতীবৰুৱা
হৈ পৰিল৷ জনাৰ্দনলৈ উভতি অহাৰ লগে-লগে বৰ চাহাবৰ গাম্ভীৰ্যৰ আৱৰণখনো যেন পাতল হৈ আহিল
! ৰথিন বুঢ়াৰ বাদে গাঁৱৰ অন্য মানুহে হাতীবৰুৱাক বৰ চাহাব বুলিবলৈ এৰিলে ৷
মুঠতে সময়ৰ চকাটোৱে সেউজীয়া কাহিনী এটাক অতীতৰ কুঁৱলীত বিলীন কৰিলে ৷
লাহে-লাহে বসুৰ শিশু-ধেমালি, হাঁহিৰ গুঞ্জনবোৰ ৰথিন বুঢ়া আৰু কুন্তীৰ অভাৱীয়া সংসাৰখনত
এচাকি পোহৰ হৈ জিলিকিল৷ কুন্তীৰ প্ৰতি বুঢ়াৰ ভালবাসাক সময় আৰু পৰিস্থিতিৰ আঁচোৰে পিছে
কোনোদিন চুব নোৱাৰিলে৷ মিলনৰ বেলিকা কুকুৰাৰ শুকান ভাজা আৰু চুলাইৰ নিচাত জড়োৱা জিভাৰে
কুন্তীৰ বুকুৰ জীৰ্ণ পাহি দুটাত হাত বোলাই সেই একে আৱেগেৰে ৰথিন বুঢ়াই সদায়ে কয় -
‘তই মোৰ সকালেৰ আলো৷ বুকেকা ধৰকন৷’
******
ৰথিন বুঢ়াই কুকুৰাৰ মঙহ খাবলৈ এৰিলে৷
পেটটো বোলে পকাই আহে৷
উশাহটোও হেনো কিহবাই হেঁচা মাৰি ধৰা যেন লাগে৷
অপ্ৰয়োজনত এটা শব্দও বুঢ়াৰ মুখৰ পৰা নিগৰি নাহে আজিকালি ৷
দিনভৰ মলিয়ন তোচকখনতে ভগ্নপ্ৰায় মানুহটো এলানি মেলি শুই থাকে৷ খাবলৈ পাইছে
নাপাইছে, সেইবোৰ লৈ কোনো মতলব নাই বুঢ়াৰ৷
এদিন টান নৰিয়াত পৰিল ৰথিন বুঢ়া ৷
জ্বৰৰ জুই মূৰলৈ বগাই উঠাত অসংলগ্ন কথা এগালেৰে মানুহটোৱে প্ৰলাপ গাবলৈ
ধৰিলে - ‘পাপ হ’ল৷ পাপ হ’ল৷ সকালেৰ আলো নিভি গ’ল৷’
সৰু মইনাৰ খেছখেছনি কাণত বাজি থাকিলেও বসুৰ বুকুৰ একোণত বাপেকৰ প্ৰতি আকৌ
মৰমৰ নৈ এখন সদায়ে বৈ আছিল৷ বৰটো হ’ল, নিজেয়ো বাপেকি হ’ল, পিছে ৰথিন বুঢ়াই বেমাৰ গোৱাৰ
চিন-চাবিও তাৰ মনত নাইচোন !
চিন্তাতে বসু গৈ কবিৰাজৰ ওচৰ পালেগৈ৷ কবিৰাজে শিপা-বাকলি বটি দৱাই বনাই
দিলে৷ পিছে হাজাৰ অনুনয়-বিনয় কৰিও বাপেকক সি সেইবোৰ মুখত দিয়াব নোৱাৰিলে৷
জৰায়ুৰ বেমাৰত তেজ যাই যাই এদিন মৰণৰ কোলাত ঢলি পৰা কুন্তীৰ স্মৃতিয়ে যেন ৰথিন বুঢ়াক
জহাই পেলালে ! পৰলোক গোৱা পিৰিতিৰ ঘৈণীজনীৰ লগত মিলিবলৈ ৰথিন বুঢ়াৰ বুকুত বৰ টান উঠিল৷
কুন্তী মৰিল৷
সকালেৰ আলো নিভি গ’ল৷
মচলা সানি কুৰকুৰিয়াকৈ ভজা কুকুৰা মঙহৰ টুকুৰাবোৰ ৰথিন বুঢ়াৰ বাবে অভিশাপ
হ’ল ৷
তাহানিখনতে গাঁৱৰ বুঢ়া-মেথাই কোৱা কথাবোৰক গুৰুত্ব নিদিলে সি৷ ৰোজ পুৱা
সুৰুজক ডাকি অনা কুকুৰাবোৰ বধি কৃতজ্ঞ নহ’ল৷
বুঢ়াৰ ঘৰত এন্ধাৰ নামিল৷
পোহৰৰ দূত হেৰালে৷
কুন্তীক খালে ৰথিন বুঢ়াই৷
পাপ হ’ল৷
পাপ৷
মৰণ বিচাৰি বুঢ়াই আকৌ এটা পাপ কৰাৰ ফিকিৰ ধৰিলে৷
দৱাই নহয়, কুকুৰাৰ মঙহ খাব সি৷
কুন্তীক খাব৷
ঘৈণীয়েকৰ জৰায়ুৰ তেজে লঠঙা বন্ধা তোচকখন ৰথিন বুঢ়াই জীৰ্ণ শৰীৰ অথচ পূৰ্ণ
মনৰ সমস্ত হেঁপাহেৰে সাৱটি ধৰিলে৷
—------////—-----
প্ৰেৰক : পল্লৱী কৌশিক শৰ্মা
ডিমৰুগুৰি / নগাঁও
ভ্ৰাম্যভাষ : ৯১০১২০৩৫৫৪
