অন্যযুগ/


ঐকিক

 অংগনা ভট্টাচাৰ্য্য


(ঔ) 

ইতিমধ্যে মাজ নিশা পাৰ হৈ গৈছে৷ তথাপি স্বায়ন্তিনীৰ দুচকুত টোপনিৰ চিন-চাব নাই৷ তাই জানে, এনেকৈয়ে আৰু দুঘণ্টামান পাৰ হৈ যাব৷ তাৰ পাছত লাহেকৈ তাইৰ মূৰটো ঘুৰোৱা যেন লাগিব৷ চকু দুটা পুৰিবলৈ আৰম্ভ কৰিব৷ তেতিয়া তায়ো সংসাৰৰ সমস্ত চিন্তা নিলগাই থৈ চকু দুটা জোৰকৈ মুদি পোন হৈ বিছনাত পৰি থাকিব৷ সামান্য চিলমিল কিবা এক ভাবে তাইক মেৰিয়াই ল’বলৈ আৰম্ভ কৰিবহে, বাহিৰৰ পৰা বৌৱেকহঁতৰ মাত-কথা, ব্যস্ত চিঞৰ, সৰু বৌৱেকৰ কেঁচুৱা-পোৱালিটোৰ কান্দোন, কণ-কণ ভতিজাকহঁতৰ খাম-খেয়ালি, গৰু-ছাগলীৰ হেম্বেলনি, হাঁহ-কুকুৰাৰ পেকপকনি আৰু ঋষুয়ে নতুনকৈ পুহিবলৈ অনা জাৰ্মান ছেফাৰ্ডটোৰ ভুকভুকনিত তাই সেই ভাবনাৰ পৰা মুক্ত হ’ব লাগিব৷ তাৰ পাছৰ সেই নিতান্তই দিনজোৰা আলস্য৷ অৱশতা আৰু বিষণ্ণতা৷ 

তাই কৰিবনো কি? আৰুনো কিমান শ্লিপিং টেবলেট খাব? আজিকালি শ্লিপিং টেবলেটেও কাম নকৰে দেখোন৷ তথাপি এইবোৰতকৈও অন্য এটা কথাইহে তাইক চিন্তাত পেলাইছে৷ 

পোক এটাই নতুনকৈ কামুৰিবলৈ আৰম্ভ কৰিছে তাইক৷ এনেকৈ আগতে পোকে কামুৰিলে বৈভৱে লগে-লগেই আপডাল কৰিছিল তাইক৷ কামোৰণিৰ বিষটোও লাহে-লাহে নোহোৱা হৈ গৈছিল৷ কিন্তু বৈভৱৰ লগে-লগেই যেন তাইৰ জীৱনৰ সকলো শান্তি আৰু সান্ত্বনা কোনোবাফালেদি উৰি গুচি গ’ল৷ 

আজিকালি পোকটোৱে কামুৰিলে বহু সময়লৈ বিষটো নকমে৷ 

বিছনাখনত পোন হৈয়ে পৰি থাকিল তাই৷ পুৱাৰ পোহৰ পৰিলেই যেন তাই শান্তি পায়৷ হয়তোবা মুক্তি৷ 

ক্ষন্তেক পাছতেই ধহমহাই বিছনাতে উঠি বহিল তাই৷ কিজানি আজি তাইৰ পাতলীয়াকৈ সামান্য টোপনি আহিছিল৷ নহ’লেনো এনেকুৱা কথা তাইৰ মনলৈ আহেনে? সপোনেই আছিল চাগে’! নহ’লে অজগৰডালে সঁচাকৈ মেৰিয়াই ধৰিলে তাই জানো এতিয়ালৈ জীয়াই থাকিলেহেঁতেন? তাই ঘন-ঘনকৈ উশাহ ল’বলৈ ধৰিলে৷ সেপ ঢুকি-ঢুকি বিছনাৰ হেড বক্সত থকা বটলটোৰ পৰা পানী খাই তাই ঘড়ীটোলৈ চালে৷ পাঁচ বাজিবলৈ মাত্ৰ পোন্ধৰ মিনিট বাকী৷ ঘামি উঠা মুখখন হাতেৰে মচি লৈ চেণ্ডেলযোৰ কেনেবাকৈ চোঁচৰাই চোঁচৰাই তাই বাথৰূমলৈ সোমাই গ’ল৷ 

একেবাৰে গাটো ধুয়েই আহিল তাই৷ আহিয়েই তাই ৰঙা চাহ একাপ খাই ল’লে৷ বাকী মানুহবোৰ উঠাই নাই৷ তাই চৌকাত দুটামান চাউল সিজিবলৈ দিলে৷ ক্ষন্তেক পাছত কৰকৰীয়াকৈ ৰন্ধা ভাতকেইটা বাঁহৰ ঢাৰিখনত মেলি দি তাই বাখৰ তৈয়াৰ কৰাত লাগিল৷ আজি চিনচিনা প্ৰস্তুত কৰিব লাগিব৷ মাকৰ গা বেয়া৷ বৌৱেকহঁতৰো হাতৰ আজৰি নাই৷ তথাপি তাই চিনচিনাখিনি তৈয়াৰ কৰিবলৈ মন মেলিলে৷ মাকে তাইক বাকীখিনি দেখুৱাই দিব৷ তেওঁ শুই উঠি গা-পা ধুই আজৰি হোৱালৈকে তাই বাখৰখিনি তৈয়াৰ কৰি থ’বলৈ বিচাৰিলে৷ এইবোৰত সময়ো জানো কম লাগে? তথাপি ঘৰখনত চিনচিনা এটোপা নাথাকিলে ভাল লাগে জানো? বাখৰখিনি তৈয়াৰ  কৰিবলৈ তাই আগিয়া চিতাৰ শিপা, আকণ গছৰ ফুল-পাত, কুঁহিয়াৰৰ পাত, বিহলঙনি, জালুক, কুশবনৰ আগ, ভেটাই তিতাৰ পাত, মিঠা পাত, বাহক তিতাৰ পাতৰ লগতে পুৰণি বাখৰ আৰু পিঠাগুৰিখিনি কালিয়েই যোগাৰ কৰি থৈছিল৷ সেইবোৰ বাছি-ধুই-পখালি লৈছিলহে, অৱন্তীৰ ফোন আহিল৷ খাৰেৰে ধুই পৰিষ্কাৰ কৰি লোৱা জোঙাটো প্ৰথম পুৱাৰ কোমল ৰ’দখিনিত শুকাবলৈ দি তাই ফোনটো হাতত লৈ নিজৰ কোঠাত সোমাল৷ 

“ইমান পুৱাতেই ফোন কৰিলা যে অৱন্তী?” 

“বাইদেউ, আজি স্কুললৈ আহিবনে?” 

“যাম অৱন্তী৷ অলপ কাম আছে৷ কামৰ পৰা আজৰি হৈয়েই মই স্কুললৈ ওলাই যাম৷” 

“ঠিক আছে বাইদেউ৷ লগ পাম তেন্তে৷ স্কুলতেই কথা পাতিম৷” 

অৱন্তীয়ে ফোনটো ৰাখিলে৷ তাইৰ অৱন্তীলৈ বেয়া লাগিল৷ এইকণ বয়সতে কিমান কি যে সহিব ধৰিছে ছোৱালীজনীয়ে! 

তাই পুনৰ কামত মনোযোগ দিলে৷ বাখৰখিনি প্ৰস্তুত কৰিবলৈ ধৰাৰ লগে-লগেই তাইৰ দেউতাকলৈ মনত পৰিল৷ আগতে বাখৰ প্ৰস্তুত কৰাৰ সময়ত দেউতাক তাইৰ কাষে-কাষে আছিল৷ ইটো-সিটো দিহা দি ফুৰিছিল৷ আনকি বিছনা লোৱাৰ দুবছৰতো তেওঁ কিবাকিবি কথা কৈ তাইৰ গধূৰ মনটো পাতলাবলৈ যত্ন কৰিছিল৷ তেওঁ জানিছিল— বৈভৱ কেৱল তাইৰ জীৱনসংগী নাছিল, তাইৰ ক্ষুদ্ৰ জীৱনটোৰ প্ৰতিটো সুখ আৰু দুখৰ প্ৰধান আকৰ আছিল সি৷ এতেকে তেওঁ বৈভৱৰ স্মৃতিৰ পৰা তাইক আঁতৰি আহিবলৈ কেতিয়াও কোৱা নাছিল৷ কেতিয়াবা সেমেকা মন এটাৰে তেওঁ তাইক কৈছিল— 

“সি আৰু কেতিয়াও উভতি নাহে৷ এই তিনিটা বছৰৰ স্মৃতি মনত লৈয়েই জীৱনটো কেনেকৈ পাৰ কৰিবি অ’ই? এবাৰ নিজে ভাবি চাচোন৷” 

নাই নাই৷ তাই ভাবি নাচালে৷ বৈভৱৰ সলনি আন কাৰোবাক তাইৰ জীৱনলৈ আদৰাৰ কথা তাই কল্পনাও কৰিব নোৱাৰে৷ 

“আৱা!” 

দেউতাকক মনত পেলাই তাই ফেঁকুৰি উঠিল৷ একে সময়তে জোঙাকেইটাৰ ভিতৰত ধানখেৰ ভৰাই জুই লগাই পুৰিবলৈও দিলে৷ যন্ত্ৰবৎ৷ এৰা, জীৱনৰ এটা সময়ত সকলো দেখোন যন্ত্ৰবৎ হৈ পৰে! 

ইতিমধ্যে সাত বাজিল৷ তাই লৰালৰিকৈ চৰুত চাউল উতলিবলৈ দি পিঠালি শাক ৰান্ধিবৰ বাবে কেইপদমান শাক বিচাৰি আনিলেগৈ৷ আজি পুৱাৰ জলপানৰ সলনি পিঠালি শাকৰ সৈতে তাই মায়মাচি ৰান্ধিলে৷ তাইৰ ৰন্ধা হোৱালৈকে বৌৱেকহঁত আহি পাকঘৰ চম্ভালি ল’লেহি৷ তাই স্কুললৈ যাবলৈ ওলোৱা ভতিজাকহঁতৰ সৈতে একেলগে বহি মায়মাচি অকণমান খাই স্কুললৈ ওলাই আহিল৷

 

(ও) 

“আমাৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা বহু কেইগৰাকী নাৰীৰ ভিতৰত বগীমলা মৰাং অন্যতম৷ বিদেশী দ্ৰব্য বৰ্জন কৰাৰ কাৰণে বগীমলা মৰাঙে আমাৰ নাৰী-পুৰুষ উভয়কে আহ্বান জনাইছিল৷ নিজেও হাতেবোৱা কাপোৰ পিন্ধিছিল৷ ব্লাউজ নিপিন্ধি বুকুত মেথনি মাৰিছিল৷ কাকো ভয় নকৰিছিল৷ আনকি তেওঁ মিচিমি আটি নামৰ ঠাই এডোখৰত খাৰুৱালাৰ বিদেশী সামগ্ৰীবোৰ জুই লগায়ো দিছিল৷ কিমান সাহসী আছিল চোৱাঁ! ইয়াৰ উপৰি কেইবাজনো সহযোগীৰ লগ হৈ তেওঁ মিচিমিআটি প্ৰাথমিক বিদ্যালয় স্থাপনো কৰিছিল৷ বগীমলা মৰাঙৰ দৰে আন এগৰাকী মুক্তিযুঁজাৰু আছিল প্ৰমিলা মেদক৷ তেওঁৰ নামো তোমালোকে শুনা নাই চাগৈ! এইবোৰ তোমালোকৰ পাঠ্যক্ৰমত নাই৷ কিন্তু তোমালোকে জানিবই লাগিব৷ বাৰু প্ৰমিলা মেদকৰ বিষয়ে মই কাইলৈ ক’ম দেই৷” 

ক্লাছটোৰ পৰা ওলাই আহি স্বায়ন্তিনীয়ে বটলটোৰ পৰা ঢোকে-ঢোকে পানী খালে৷ যোৱাৰাতিৰ বিমৰ্ষতাই এতিয়াও তাইৰ লগ এৰা দিয়া নাই৷ তথাপি ছাত্ৰ-ছাত্ৰীৰ মাজত থাকিলে মনটোৱে কিছু সকাহ পায়৷ বিক্ৰম ছাৰে কিবা ধেমেলীয়া কথা কৈ আছে৷ তেওঁৰ কথা শুনি কমন ৰূমৰ প্ৰত্যেকেই হাঁহি আছে৷ তাইৰ হাঁহিবৰ মন যোৱা নাই৷ ৰাতি দেখা সপোনটোৱে তাইক বাৰে-বাৰে ভেঙুচালি কৰি আছে৷ তাই মেজখনতেই মূৰটো পেলাই চকুহাল মুদি দিলে৷

“বাইদেউ৷” 

ক্ষন্তেক পাছতেই কাৰোবাৰ মাতত তাই চকু মেলিলে৷ সমুখত অৱন্তী বহি আছে৷ অৱন্তীয়ে ক’লে— 

“সকলোৱে হাঁহি-ধেমালি কৰি আছে বাইদেউ৷ মোৰ অকণো ভাল লগা নাই৷ সেয়েহে আপোনাক আমনি কৰিবলৈ আহিলোঁ৷” 

তাই বৰ মৰমেৰে ক’লে— 

“একো নাই অ’৷ মোৰ মনটোও ভাল নহয়৷ ৰাতি একেবাৰেই টোপনি নাহে৷ কাইলৈ বাইছ তাৰিখ নহয় জানো? তোমাৰ জন্মদিন দেখোন!” 

“ৱাহ! আপোনাৰ যে মনত আছে বাইদেউ৷ আজিকালি এইবোৰ পালন কৰিবলৈ মুঠেও মন নাযায়৷ ৰাভীয়ে হেপী বাৰ্থডে মা বুলি ক’লেই মনটো ভৰি উঠে৷” 

“বয়সৰ লগে-লগে সকলোৰে এনেকুৱা হয় অ’৷ স্কুললৈ জইন কৰিবলৈ অহা মৰম লগা অৱন্তীজনীক মোৰ এতিয়াও মনত আছে৷ এই ন বছৰ চকুৰ পচাৰতে কেনেকৈ পাৰ হৈ গ’ল চোৱাঁচোন!” 

“সিদিনাও মোৰ জন্মদিন আছিল৷ সেয়ে আপোনাৰ চাগৈ মোৰ জন্মদিনৰ তাৰিখটো মনত ৰৈ গ’ল ন বাইদেউ?” 

“এৰা অ’৷” 

“সিদিনা মোৰ লগত আদিত্যও আহিছিল৷ গাত ৰাভী আছিল৷” 

“মোৰ সকলো মনত আছে অৱন্তী৷ এতিয়া তুমিও অকলশৰীয়া৷ সেয়েহে চাগৈ তোমাৰ সৈতে মোৰো মনটো মিলে৷” 

“হয় বাইদেউ৷ ডিভোৰ্ছৰ অত বছৰ পাৰ হৈ গ’ল৷ তথাপি নিজকে চম্ভালি ল’ব পৰা নাই দেখোন! আদিত্যৰ সৈতে থকা আৱেগিক সম্পৰ্কই আজিকালি মুঠেও আমনি নকৰে৷ তথাপি নামহীন একাকিত্বই বৰ জুৰুলা কৰে বাইদেউ৷ এতিয়া আগৰ দৰে কাজিয়া-পেচাল নাই৷ শান্তি আছে জীৱনটোত৷ প্ৰয়োজনীয় সকলো আছে৷ তথাপি কিবা যেন এক নাই৷” 

“মই বুজি পাওঁ অৱন্তী৷ বৈভৱ নোহোৱা হোৱাৰ বহুদিনলৈকে মই মানুহৰ সৈতে কথা পাতিব পৰা নাছিলোঁ৷ নিজৰ পৰাই নিজকে লুকুৱাবলৈ বিচাৰিছিলোঁ৷ তাৰ দুবছৰ পাছতেই আৱাও নোহোৱা হৈ থাকিল৷ মই শেষ হৈ গৈছিলোঁ অৱন্তী৷ আমাইৰ মৰম আৰু আদাহঁতৰ প্ৰেৰণাই মোক নতুনকৈ জীয়াই তুলিলে৷ পিছে এই জীৱনটো বৈভৱ থকাৰ দৰে নহ’ল৷ বিয়া নোহোৱাকৈ থকাটো এটা বেলেগ বিষয়৷ কিন্তু বিয়া হোৱাৰ পাছত ভৰ বয়সতে অকলশৰীয়া জীৱন কটোৱাটো বৰ সহজ নহয়৷ মনটোক সহি-সামৰি স্থিৰ কৰালৈকে শৰীৰটোৱে আমনি কৰিবলৈ আৰম্ভ কৰি দিয়ে৷” 

“বাইদেউ!” 

“তুমি মোৰ কথাখিনি নিশ্চয় বুজিবা অৱন্তী৷ শৰীৰবোৰ তেজ-মঙহৰ৷ মনটোৱে শৰীৰটোক বহু পৰ্যায়লৈ নিয়ন্ত্ৰণত ৰাখিব পাৰে৷ পিছে ইষ্ট্ৰ’জেনৰ কাম-কাজবোৰ মনটোৱে বাৰু কেনেকৈ চম্ভালি ল’ব কোৱাচোন?” 

“মই বুজিছোঁ বাইদেউ৷ আনক কেতিয়াও ক’বলৈ বিচৰা নাছিলোঁ। পিছে সত্য এটাই- শৰীৰটোও এটা যন্ত্ৰ৷ ভালকৈ চলি থাকিবলৈ সময়মতে ইয়াকো সকলো লাগে৷” 

“তাৰ মানে মাজে-মাজে তোমাৰো পোক এটাৰ বিষত টোপনি নাহে নেকি অৱন্তী?” 

অৱন্তীয়ে থতমত খালে৷ তাইৰ ঔদাহ্যক বহু দূৰলৈ ঠেলি পঠিয়াই স্বায়ন্তিনীয়ে ক’লে—

 “চিন্তা নকৰিবা অৱন্তী৷ এয়া কোনো অসুখ নহয়৷ অপ্ৰাকৃতিক বিষয়ো নহয়৷ তোমাৰ ছয়ত্ৰিছ বছৰীয়া শৰীৰটোৰ আবদাৰহে৷ মানুহে ভবাৰ দৰে শৰীৰ আৰু মন সকলো সময়তে এক হৈ নাথাকে৷ শৰীৰৰ প্ৰয়োজন মনে পূৰণ কৰিব নোৱাৰাৰ দৰে মনৰ প্ৰয়োজনবোৰো শৰীৰে কেতিয়াবা পূৰণ কৰিব নোৱাৰে৷ এয়া মই খুব ভালকৈ বুজি পাইছোঁ৷ মই মনত দুখ পাম বুলিয়ে ঘৰৰ মানুহে মোক বৰ আতোলতোলকৈ ৰাখে৷ বৈভৱৰ ঘৰৰ মানুহখিনিয়েও মোক ডাঙৰ বোৱাৰী বুলি বৰ সন্মান কৰে৷ জীৱনটোক চলাই নিয়াৰ জোখেৰে ভাল চাকৰি এটা কৰোঁ৷ বৈভৱৰ সাঁচতীয়াখিনিও আছে৷ ঘৰ-দুৱাৰৰো চিন্তা নাই৷ কিহৰ অভাৱ মোৰ কোৱাঁ? কিন্তু কেতিয়াবা ৰাতিবোৰ বৰ দীঘল হৈ আহে৷ কিচকিচিয়া ক’লা অজগৰ এডালে মোক মেৰিয়াই ধৰে৷ মই উশাহ ল’বলৈ কষ্ট পাওঁ অৱন্তী৷ বিশ্বাস কৰাঁ, সেইখিনি সময়ত মোৰ মনৰ পৰা বৈভৱৰ উপস্থিতিও নোহোৱা হৈ যায়৷ মোৰ সেই ছটফটনি যিয়ে নিজে উপলব্ধি কৰি পোৱা নাই, তেওঁ নুবুজিব ইয়াৰ বিষ কিমান! যাতনা কিমান!” 

“মই বুজি পাওঁ বাইদেউ৷” 

“তুমি বুজিবা কাৰণেই কৈছোঁ অৱন্তী৷ বেছিভাগ মানুহেই নুবুজে৷ ইষ্ট্ৰ’জেনে তাৰ কাম সময় মতে কৰি থাকিবই৷ সিতো নাজানে কোন দেশৰ নাগৰিক আমি, আমাৰ দেশত শৰীৰৰ প্ৰাকৃতিক প্ৰয়োজনসমূহো যে বহুত নীতি-নিয়মৰ মাজত আৱদ্ধ হৈ থাকে৷” 

অৱন্তী মনে-মনে ৰ’ল৷ কেতিয়াবা দেখোন মৌনতায়ো বহুত কিবাকিবি কৈ যায়! 

স্বায়ন্তিনীয়ে ফোনটো হাতত তুলি লৈ বৈভৱৰ হাঁহিমুখীয়া ফটো এখন উলিয়াই ল’লে৷ সাত বছৰ আগৰ মাইকৌ চুমফাইত লোৱা ফটো এইখন৷ সন্ধিয়া ৰেজাক কৰাৰ পাছত সমনীয়াৰ সৈতে সি খয়াকু গ্ৰহণ কৰি আছিল৷ তেতিয়াই সি গম নোপোৱাকৈ তাই সমূহীয়াকৈ তাৰ এই ফটোখন তুলিছিল৷ তাৰ পাছত ঘৰলৈ আহি তাই ফটোখন কাটি-কুটি কেৱল সি থকা অংশখিনিহে ৰাখিছিল৷ তেতিয়ালৈ সিহঁতৰ প্ৰেমৰ কথা গাঁৱৰ প্ৰায় সকলোৱে জানিছিল৷ সেইবাৰৰ মাইকৌ চুমফাইৰ দুদিনমান পাছতে ঘৰত সিহঁতৰ বিয়াৰ দিন ঠিক কৰা হৈছিল৷ 

তাইৰ দুচকুৰে দুটোপাল চকুলো  দুধাৰি চন্দ্ৰহাৰ হৈ ডিঙিলৈকে বিয়পি পৰিল৷ অৱন্তীয়ে একেথৰে তাইলৈ চাই ৰ’ল৷

 

(ঐ) 

বহুদিনৰ মূৰত তাই কীম কন্তঙত বহিল৷ কন্তঙত তাই ৰৌফান লগাইছে৷ এযুঁতি কাম্বাং বৈ-কাটি উলিওৱাৰ পাছতে দেউতাকক হস্পিতালত থ’বলগীয়া হৈছিল৷ তাৰ দুদিন পাছতেই দেউতাক চিৰদিনলৈ গুচি গৈছিল৷ সেইভাজেই তাই কন্তঙত চকু দিয়া নাছিল৷ প্ৰায় চাৰি বছৰৰ মূৰত নিজৰ দুখ আৰু অৱসাদখিনি আঁতৰাবলৈকে তাই ৰৌফান এযুঁতি লগোৱাৰ কথা ভাবিলে৷ কামত থাকিলে মনটোৱেও দুঃশ্চিন্তাৰ পৰা সাময়িক বিৰতি পায় । সেয়ে আজিকালি তাই ভাত ৰন্ধাৰ পৰা ফুলনি চোৱালৈকে, শাক লগোৱাৰ পৰা কাপোৰ বোৱালৈকে, চিনচিনা প্ৰস্তুত কৰাৰ পৰা স্কুলৰ দায়িত্ব সামৰালৈকে প্ৰায় সমস্ত কাম অঁতাই সামৰে৷ ৰাতিটোহে কেৱল নিজৰ বাবে থাকে৷ ৰাতিবোৰত থাকে কেৱল বৈভৱ আৰু এডাল মস্ত অজগৰ৷ 

পুনৰ এটা উজাগৰী ৰাতি পাৰ কৰিলে স্বায়ন্তিনীয়ে৷ 

স্কুললৈ আহিয়েই তাই একেলগে দুটা ক্লাছ কৰিলে৷ দুটা ক্লাছৰ পাছত দহ মিনিটৰ বাবে জিৰণি থাকে৷ কমন ৰূমৰ কাষতেই এজোপা আঁহত গছ আছে৷ তাই আঁহতজোপাৰ তলতে চকী এখন আনি বহি ল’লে৷ ওচৰতে জেবা, অঞ্জলি, অৱন্তী আৰু সত্যব্ৰত ছাৰ বহি আছে৷ তাইক দেখি অৱন্তীয়ে নিজৰ চকীখন তাইৰ ওচৰলৈ টানি আনিলে৷ বাকী কেইজনৰ পৰা কিছু আঁতৰত বহি অৱন্তীয়ে তাইক সুধিলে— 

“বাইদেউক আজি দেখাই নাই৷” 

তাই মিচিকিয়াই ক’লে—

 “ক’ত দেখিবা? একেলগে দুটা ক্লাছ আছিল৷” 

“তাকেই ভাবিছোঁ৷ আজি মঙলবাৰ নহয় জানো? এতিয়া মোৰো এটা ক্লাছ অফ্ আছে৷”

“পিছে তুমি কালি নাহিলা যে?”

“গুৱাহাটীলৈ গৈছিলোঁ বাইদেউ৷ ৰাভীয়ে দেউতাকক লগ পাবলগীয়া আছিল৷” 

“হয় নেকি? মই আকৌ ভাবিলোঁ তোমাৰ গা বেয়া হ’ল নেকি?” 

“গা ঠিকেই আছে বাইদেউ৷ শনিবাৰেই স্কুলৰ পৰা গৈ গুৱাহাটীলৈ ওলালোঁ৷ যোৱা দুদিন গুৱাহাটীতেই থাকিলোঁ৷” 

“আদিত্যৰ ফ্লেটত?” 

“হয় বাইদেউ৷ ৰাভীয়ে দেউতাকক নাপালে বৰকৈ আমনি কৰা হৈছে আজিকালি৷ মোৰ উপায় নোহোৱা হৈছে৷” 

“একো বেয়া কথা হোৱা নাই অৱন্তী৷ তাই দেউতাকক বিচাৰিবই৷ তাতে আদিত্যয়ো নতুনকৈ বিয়া পতা নাই৷ কিবা খঙে-ৰাগে ভুল সিদ্ধান্ত এটা লৈছিলা বাৰু৷ এতিয়া যদি আকৌ মন মিলে, কথাবোৰ নতুনকৈ ভাবিব পাৰাঁ৷” 

অৱন্তীয়ে তাইৰ চকীখন আৰু অলপ স্বায়ন্তিনীৰ ওচৰলৈ আনি ক’লে— 

“বহুদিন ধৰি আপোনাৰ সৈতে ভালকৈ কথা পতাৰ সুবিধা পোৱা নাই বাইদেউ৷ সেয়ে কিছুমান কথা আপোনাক কোৱা হোৱা নাই৷ আদিত্যই মোক আকৌ বিচাৰিছে৷ তেওঁ কৰা ভুলবোৰ শুধৰাই আকৌ মোৰ সৈতে আগুৱাই যাবলৈ বিচাৰিছে৷ কিন্তু মই সন্মতি দিয়া নাই৷ পুনৰ বিয়াত বহি নিজৰ স্বাধীনতা হেৰুৱাব নোখোজোঁ মই৷ মই আদিত্যক কৈছোঁ যে, মই আগৰ দৰে তেওঁৰ প্ৰেমিকা হ’ব বিচাৰোঁ৷ এহাল প্ৰেমিক-প্ৰেমিকাৰ দৰে আমি মাজে-মাজে লগ হ’ম৷ নিতৌ কথা পাতিম৷ ৰাভীৰ মাক-দেউতাক হিচাপে সকলো দায়িত্ব পালন কৰিম৷ কিন্তু কাৰোবাৰ জীৱনসংগী হোৱাৰ ভুল আকৌ এবাৰ কৰাৰ সাহস নাই৷ মই বাৰু ভুল কৰিছোঁ নেকি বাইদেউ?” 

স্বায়ন্তিনীয়ে মিচিকিয়াই ক’লে— 

“তুমি একো ভুল কৰা নাই অৱন্তী৷ তোমাৰ জীৱন, তোমাৰ সিদ্ধান্ত৷ জীৱনটো নিজৰ মতে উপভোগ কৰাৰ অধিকাৰ সকলোৰে থকা উচিত৷ তুমি বৰ ভাল সিদ্ধান্ত লৈছা অৱন্তী৷ মই তোমাৰ বাবে বৰ সুখী হৈছোঁ৷” 

“জীৱনত পুৰুষ এজনৰ প্ৰয়োজন আমি সম্পূৰ্ণৰূপে নস্যাৎ কৰিব নোৱাৰোঁ বাইদেউ৷”

“যিয়ে ৰিক্ততা পোৱা নাই, তেওঁ এই ব্যথা নুবুজিব৷” 

“বেয়া নাপায় যদি কথা এটা সোধোনে বাইদেউ?” 

“সোধাঁ আকৌ৷” 

“আপুনি কিবা নতুন সিদ্ধান্ত লৈছে নেকি?” 

“নাই লোৱা অৱন্তী৷ যোৱা বায়-খোত হয়মাৰু চাবলৈ গৈছিলোঁ৷ তাতে আদাৰ বন্ধু এজনৰ সৈতে চিনাকি হৈছিলোঁ৷ তেওঁৰ বিয়াৰ বয়স পাৰেই হৈ গৈছে৷ মানুহজন শিক্ষক৷ পিছে কিয় জানো তেওঁ বিয়াত বহাই নাই!” 

“আপোনাৰ সৈতে কেনেবাকৈ মন মিলিছে নেকি বাইদেউ?” 

“ইমান সোনকালে মন মিলাৰ কথাই নাহে অৱন্তী৷ তথাপি মই জানো, ঘৰৰ মানুহে মনে-মনে তেওঁৰ সৈতে মোৰ সম্পৰ্কটো আগবঢ়াবলৈ চাইছে৷” 

“আৰু আপুনি?” 

“তেওঁৰ সৈতে মাজে-মাজে কথা পাতোঁ৷ দিনত ব্যস্ত থাকোঁ বাবে ৰাতিহে আমাৰ কথা পতা হয়৷ আমাৰ সম্পৰ্ক একো আগবঢ়া নাই৷ পিছে তেওঁৰ সৈতে কথা পাতি মোৰ বেয়া লগা নাই৷ মানুহজনক ভাল যেনেই লাগিছে৷ তেওঁৰ লগত কথা পাতিলে মনটো মোৰ কিছু হ’লেও পাতল লাগে৷ অন্ততঃ বহুদিন ধৰি পোকটোৱে মোক আমনি কৰা নাই৷ অথবা এনেকৈয়ো ভাবিব পাৰাঁ যে, মই ৰাতিবোৰলৈ আজিকালি কমকৈ ভয় কৰা হৈছোঁ৷” 

অৱন্তীয়ে তাইলৈ চাই থাকিল৷ তাইৰ মুখখন সামান্য উজলি উঠিছে নে ক্লান্তিৰ ভৰত মোলান পৰিছে, তাই ঠিক ধৰিব নোৱাৰিলে৷

                                                             *** 

 

টোকা :

পিঠালি শাক- কেইবাবিধো শাক, পিঠাগুৰি আৰু খাৰ ব্যৱহাৰ কৰি ৰন্ধা ৰাভাসকলৰ এবিধ জনপ্ৰিয় খাদ্য৷

মায়মাচি- মাৰ ভাত৷

বাখৰ- ৰাভা সমাজত মদ প্ৰস্তুত কৰিবলৈ অতি প্ৰয়োজনীয় এবিধ উপাদান৷ বাখৰৰ অবিহনে মদ প্ৰস্তুত কৰিব নোৱাৰি৷

চিনচিনা- ৰাভা সমাজত প্ৰচলিত কেইবাবিধো মদৰ এবিধ প্ৰকাৰ৷

জোঙা- ৰাভাসকলে মদ তৈয়াৰ কৰা পাত্ৰ৷ দেখিবলৈ কলহৰ নিচিনা৷

আৱা- ৰাভাসকলে দেউতাকক আৱা বুলি কয়৷

কীম কন্তং- ৰাভাসকলে তাঁতশালক কীম কন্তং বোলে৷

ৰৌফান- ৰাভা সম্প্ৰদায়ৰ মহিলাসকলে পৰিধান কৰা ফুলাম মেখেলা৷

কম্বাং- ৰাভা সম্প্ৰদায়ৰ মহিলাসকলে গাত লোৱা চাদৰ সদৃশ এক বস্ত্ৰ৷

আদা- ৰাভা ভাষা অনুসৰি ককাইদেউ৷

বায়-খো- ৰাভাসকলৰ জনপ্ৰিয় লোক উৎসৱ৷

হয়মাৰু- ৰাভাসকলে পৰিবেশন কৰা স্তুতিমূলক নাট-গীত৷

(গল্পটো লিখোঁতে মাপাকছিনি (সমন্বয়) প্ৰকাশক গোষ্ঠীয়ে প্ৰকাশ কৰা “ৰাভা ভাষাৰ দৈনন্দিন ব্যৱহৃত শব্দ সম্ভাৰ” কিতাপখনৰ সহায় লোৱা হৈছে৷)

                                                              *** 

ভ্ৰাম্যভাষ - ৮৬৩৮৪০৭৯১৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ