অন্যযুগ/


ভৃঙ্গাৰ

 তৃপ্তি বৰা



মৃত শৰীৰ এটাৰ অংগ সঞ্চালন নোহোৱাৰ দৰেই মৃত মন এটাতো কোনো ধৰণৰ সঞ্চালন নাথাকে৷ নিঃসংগ মানুহবোৰৰ বুকুবোৰ একোখন তাপত দহি থকা মৰুভূমি৷ একাকিত্ব মোৰ বাবে আশীৰ্ৱাদ নে অভিশাপ, এই প্ৰশ্নটোৰ উত্তৰ মোৰ বাবে আজিও দুৰ্বোধ্য৷

বহুপৰ একেলেথাৰিয়ে বহি থাকি আমনি লাগিছিল৷ টেবুল ঘড়ীটোলৈ চালোঁ, দুই বাজিল৷ উঠি আহিলোঁ৷ বহুদিন ধৰি ছন পৰি থকা মাটিত এনেয়ো শস্য নগজে৷ টেবুল লেম্পৰ পোহৰতে ড্ৰেছিং আইনাখনৰ সন্মুখত ৰৈ নিজকে এবাৰ চালোঁ৷ আধা আন্ধাৰ আৰু আধা পোহৰত আইনাৰ সন্মুখত ৰৈ থাকোঁতে মোৰ নিজকে প্ৰেতিনী এজনীৰ দৰে লাগিল৷ শীৰ্ণ শৰীৰটোক ঢাকি ৰখা ঢিলা নাইটচুটযোৰৰ বাবেই নেকি! নিজকে অধিক ক্ষীণ যেন লাগিল৷ এন্ধাৰত চকুযুৰিও বেছিকৈ কোটৰলৈ সোমাই যোৱাৰ দৰে লাগিছে৷ নে সঁচাকৈয়ে মোৰ স্বাস্থ্যৰ ইমান অৱনতি ঘটিছে! অন্তিমবাৰ কেতিয়া মই নিজকে এইদৰে আইনাৰ সন্মুখত ৰৈ চাইছিলোঁ বাৰু? বহু চেষ্টা কৰিও মনত পেলাব নোৱাৰিলোঁ৷ আঃ! সেইটো কোনো প্ৰয়োজনীয় কথা নহয়৷ দৰকাৰী কথাটো হৈছে আজি মোৰ আইনাৰ সন্মুখত ৰৈ নিজকে এবাৰ চাবলৈ মন গ’ল৷ কিয় বা মন গ’ল ! নাজানো৷ আচলতে বিয়াগোম সংখ্যা এটাৰ সন্মুখত বিয়োগ চিন এডাল বহাই দিয়াৰ দৰেই কিজানি কথাবোৰ৷

  এই মুহূৰ্তত মই পিছে চিগাৰেট এটাৰ প্ৰয়োজন সাংঘাতিকধৰণে অনুভৱ কৰিলোঁ৷ বিছনাৰ সংলগ্ন ড্ৰয়াৰত থকা চিগাৰেটৰ পেকেটটোৰ পৰা চিগাৰেট এটা টানি দুই ওঁঠৰ মাজত গুজি ল’লোঁ৷ আজিকালি মোৰ বৰ ভাগৰুৱা যেন লাগে৷ কেতিয়াবা নিজকে চলন-ফুৰণ কৰি ফুৰা শ এটাৰ দৰেই লাগে৷ তথাপি কোনোবা সময়ত মোৰ মাজত থকা শৰীৰী তাগিদাবোৰে মই যে জীয়াই আছোঁ, সেই কথাক সোঁৱৰাই দিয়ে৷  হঠাতে মোৰ কেতিয়াবা মাজৰাতি খুব পিয়াহ লাগে৷ অন্ঠ-কণ্ঠ শুকাই যোৱাকৈ আৰু কেতিয়াবা পুহমহীয়া জাৰতো মাজৰাতি মই গৰমত জেপজেপিয়াকৈ ঘামি উঠোঁ৷ তেনেকুৱাতে মোৰ একাকিত্বক অভিশাপ যেন লাগে৷

     বহুদিন ধৰি বন্ধ হৈ থকা কোঠাটোক চিগাৰেটৰ ধোঁৱাই শ্বাসৰুদ্ধকৰ কৰি তুলিছিল৷ কোঠাৰ একমাত্ৰ খিৰিকিখন নোখোলাকৈ থকা বহুদিনেই হৈ গ’ল৷ উঠি গৈ খিৰিকিখন খুলি দিলোঁ৷ মন মতলীয়া কৰিব পৰা সুৱাস এটিৰ আৱেশত মোৰ দুচকু আপোনাআপুনি জাপ খাই গ’ল৷ গোন্ধটো উজাই বুকুৰ নিভৃত কোণলৈকে ভৰাই ল’লোঁ৷ আঃ! কিহৰ সুগন্ধ এয়া! চাৰিওফালৰ পৰিৱেশটোত এবাৰ চকু ফুৰালোঁ৷ আকাশত শেষনিশাৰ জোন৷ আজি বা কাইলৈ হয়তো পূৰ্ণিমা৷ এনে লাগিল জোনটোৱে যেন কলহে কলহে ৰূপালী জোনাক ঢালি নিশাটোক প্ৰস্তুত কৰিছে কোনোবা বিৰহী ছাইকীক ইৰ’ছৰ উমাল স্পৰ্শৰ বাবে বাউলী কৰি তুলিবলৈ!

মাইথ’লজী মোৰ প্ৰিয় বিষয় আছিল৷ বিশেষকৈ গ্ৰীক মাইথ’লজীৰ প্ৰতি মোৰ সাংঘাতিক আকৰ্ষণ আছিল৷

: তুমি জানানে গ্ৰীক মাইথ’লজীৰ প্ৰায়বোৰ কাহিনীৰ লগতেই মই ইণ্ডিয়ান মাইথ’লজীৰ সাদৃশ্য দেখা পাওঁ৷ যেনেকৈ ইন্দ্ৰ আৰু জিউছৰ মাজত, ডিডাল’ছ আৰু ইকাৰাছৰ সৈতে জটায়ু আৰু সম্পাতিৰ, পুৰুৰৱা আৰু উৰ্বশীৰ প্ৰেম আৰু বিৰহৰ কাহিনীৰ দৰেই যেন কোনোবাখিনিত মিল আছে ইৰ’ছ আৰু ছাইকিৰ প্ৰেম আৰু বিৰহৰ কাহিনীৰ৷ – এনেকুৱা এটা নিশাতেই মই অৰ্ণৱৰ বুকুত মুখ গুজি কথাষাৰ কৈছিলোঁ৷

: কাৰণ ভাষা বা ভূগোল যিয়েই হওক, জগতৰ সকলো মানুহৰে প্ৰেম-বিৰহ, প্ৰাপ্তি-অপ্ৰাপ্তি, ভোক আৰু পিয়াহৰ ব্যাকৰণবোৰ একেই৷

প্ৰয়োজন নহ’লে এটা শব্দও নোকোৱা অৰ্ণৱে মোৰ চুলিৰ মাজত আঙুলি বুলাই হঠাতে কৈ উঠিছিল৷ 

হাজাৰ হাজাৰ বছৰৰ পুৰণি পৃথিৱীখনত বৰ্তমানৰ নিৰ্ধাৰিত ঠাইবোৰৰ ভৌগোলিক অৱস্থিতিৰ বা বিস্তাৰিত ধৰ্মৰ বিষয়ে আমি জানোৱেইবা কিমান! অৰ্ণৱৰ কথাবোৰত সেইদিনা মই পতিয়ন যোৱা নাছিলোঁ যদিও শুনি থাকিবলৈ হেঁপাহ জাগিছিল৷ মোৰ চুলিৰ মাজত আঙুলি বুলাই থকা অৰ্ণৱৰ দুবাহুৰ মাজত কিবা এক আৱেশত নিজকে এৰি দি প্ৰশান্তি অনুভৱ কৰিছিলোঁ৷

অথচ ধৰ্ম নামৰ এই তথাকথিত শব্দটোৰ বাবেই অৰ্ণৱ আৰু মই এদিন ঘৰ, পৰিয়াল, সমাজ সকলোকে বাদ দি এই অচিনাকি ঠাইডোখৰত থাকিবলৈ লৈছিলোঁহি৷ অৰ্ণৱে কেতিয়াও মোক কোৱা নাছিল মোৰ নামটো সলাই ৰেজিয়াৰ পৰা ঋতু কৰিবলৈ অথবা ময়ো কেতিয়াও অৰ্ণৱক কোৱা নাছিলোঁ তেওঁৰ নামটো অৰ্ণৱৰ সলনি আব্ৰাম কৰিবলৈ!

অৰ্ণৱ! এই নামটোৱে মোক বাৰে বাৰে সোঁৱৰাই দিয়ে মোৰ ভিতৰত থকা জীয়া মানুহজনীৰ অস্তিত্বৰ কথা৷ পাহৰি থাকিব খুজিলেও এনেকুৱা নিশাবোৰত এই নামটোৱেই মোক পিয়াহত আতুৰ কৰি তুলিবলৈ যথেষ্ট হৈ পৰে৷ আজিও পিয়াহ লাগিছে মোৰ, বৰকৈ পিয়াহ লাগিছে৷

সন্মুখৰ ঘৰটোৰ ভিতৰৰ পৰা কোমল পোহৰ ভাহি আহিছে৷ আচৰিত! ইমানদিনে পৰিত্যক্ত হৈ থকা এই ঘৰটোলৈ কেতিয়া মানুহ আহিল! কোন আহিল! মই গমকে নাপাওঁ যে! হঠাতে মোৰ নিজৰ ওপৰতেই খং উঠিল৷ মই ইমানেই অন্তৰ্মুখী হৈ পৰিছোঁ যে নিজৰ খিৰিকিৰ সিপাৰে থকা ঘৰখনৰো খবৰ নোপোৱাকৈ আছোঁ৷ সৰু অসম আৰ্হিৰ ঘৰটোৰ বাৰণ্ডাৰ চালিখন মূল ঘৰখনতকৈ সামান্য চাপৰ৷ বাৰণ্ডাৰ কাষত লগোৱা মাধৱীলতাজোপা গ্ৰীলেৰে বগাই আহি বাৰাণ্ডাৰ চালিত জকমকাই আছে৷ জোনাকৰ পোহৰত বগা আৰু গুলপীয়া ৰঙৰ মাধৱীলতা ফুলবোৰৰ বগা পাপৰিবোৰক গছজোপাত লাগি থকা মুকুতা একোটাৰ দৰে লাগিছে৷ কোনোবাই যেন বাৰাণ্ডাৰ চালিখনত মুঠিয়ে মুঠিয়ে মুকুতাহে ছটিয়াই থৈছে! বিশেষ সুগন্ধিটোৱে মোক আকৌ জোকালেহি৷ মাধৱীলতাৰ লগত আন কোনো ফুলৰ গোন্ধৰ মিশ্ৰণত সৃষ্টি হোৱা এক অপূৰ্ব গোন্ধ৷ এয়া হয়তো খৰিকাজাঁই ফুলৰ গোন্ধ৷ জোনাক, সুগন্ধি, আৰু ঘৰটোৰ খিৰিকিখনৰ পৰা অহা কোমল পোহৰকণৰ সৈতে, চালিত জকমকাই থকা মাধৱীলতাজোপাই গোটেই পৰিৱেশটোকেই অভাৱনীয়ভাৱে সুন্দৰ কৰি তুলিছে৷ হয়তো এনে পৰিৱেশতেই কোনোবা অপ্সৰাই কামনাৰ জুই বৰষি কোনো তপস্বীক ধৰাশায়ী তুলিব পাৰিছিল!

মোৰ সৰ্বশৰীৰত মৃদু শিহৰণ এটিয়ে খেলি গ’ল৷ হঠাতে মোৰ মনত এক অদ্ভূত বাসনাই ক্ৰিয়া কৰিলে৷ দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিলোঁ৷ সন্তৰ্পণে বিশেষ ঘৰটোলৈ খোজ ল’লোঁ মই৷ জোনাকৰ কোমল পোহৰৰ আলমতেই মই খুপি খুপি গৈ পোহৰ হৈ থকা সেই বিশেষ খিৰিকিখনৰ কাষ পালোঁগৈ৷ মোৰ মনটো খু-দুৱাই উঠিল৷ খিৰিকিৰ আইনাৰ মাজেৰে মই ভিতৰলৈ চাই পঠিয়ালোঁ৷ হঠাতে অনুভৱ হ’ল, মোৰ যেন সমগ্ৰ শৰীৰৰ সিৰা-উপসিৰাৰে প্ৰয়োজনতকৈ অধিক গতিৰে তপত তেজ প্ৰৱাহিত হ’বলৈ ধৰিছে৷ নিজৰ দ্ৰুত হৃদস্পন্দন মই নিজেই শুনিলোঁ৷ মোৰ সন্মুখত সৌৱা যেন স্বয়ং আফ্ৰ’ডাইটি আৰু সেইজন কোনোবা সুঠাম গ্ৰীক দেৱতা! খাজুৰাহোৰ দেৱালত খোদিত প্ৰাচীন ভাস্কৰ্যৰ ভংগিমাৰে কোঠাৰ বিছনাৰ ওপৰত তেওঁলোকৰ নগ্ন দেহবল্লৰী! আৱেশত মুদ খাই আছে নাৰীমূৰ্তিৰ দুচকু অথচ পুৰুষজনৰ শৰীৰত আৰু মুখাৱয়বত উত্তেজনা ফুটি উঠিছে! মোৰ উশাহবোৰ ঘন হৈ আহিছিল৷ এক মুহূৰ্তৰ বাবে শৰীৰৰ নিম্নাংশত মই এক মৃদু শিহৰণ অনুভৱ কৰিছিলোঁ৷ কিন্তু পাছ মুহূৰ্ততে মোৰ দুচকুৰে ধাৰাষাৰে লোতক বাগৰিবলৈ ধৰিলে৷ কিবা এক যন্ত্ৰণাত মই দুচকু জপাই দিলোঁ৷ আঁতৰি আহিব খুজিছোঁ, অথচ মই লৰচৰ কৰিব পৰা নাই৷ মই ৰৈ থকা ঠাইখিনিতেই যেন মাটিৰ তলৰ পৰা দুখন অদৃশ্য অথচ বলিষ্ঠ হাত গজিছে আৰু মোৰ ভৰি দুখনক জপটিয়াই ধৰি ৰাখিছে!

ভাৰাক্ৰান্ত মনটোক কঢ়িয়াব নোৱাৰাকৈ গধুৰ হৈ পৰা শৰীৰটোক কোনোমতে চোঁচৰাই আনি মই ঘৰ সোমালোঁহি৷ কোঠাত সোমায়েই লৰালৰিকৈ খিৰিকিখন জপাই দিলোঁ৷ অকস্মাতে মোৰ চৌপাশৰ পৃথিৱীখন মিছা যেন লাগিবলৈ ধৰিলে৷ শৰীৰৰ কঁপনি এতিয়াও মাৰ যোৱা নাছিল৷ পিয়াহত মোৰ ডিঙিটো শুকাই কৰ্কৰীয়া মাৰিছিল৷ বিছনাৰ শিতানত থকা জাৰটোৰ পৰা পানী এগিলাছ বাকি লৈ কোটকোটকৈ পি পেলালোঁ৷ অৱশ হৈ পৰা শৰীৰটোক বিছনাখনত এৰি দিলোঁ৷ মনৰ ভৰ জোখতকৈ বেছি হৈ পৰাৰ বাবেই নেকি, টোপনিয়ে মোৰ চকুত ভৰ কৰিব পৰা নাই৷ সকলো পাহৰি জোৰকৈ দুচকু জপাবলৈ চেষ্টা কৰা সত্তেও মই শুব নোৱাৰিলোঁ৷ চকুৰ আগত বাৰে বাৰে ভাহি উঠিল খাজুৰাহোৰ দেৱালত খোদিত নগ্ন ভাস্কৰ্যৰ ভংগিমাৰে দুটি জীৱন্ত শৰীৰ! এক অদ্ভূত মিশ্ৰিত আৱেগত মোৰ শৰীৰটো এতিয়াও দুলি আছিল৷ খিৰিকিখন জপাই থৈছিলোঁ যদিও বাৰে বাৰে মোৰ সেইফালেই চকু গৈ থাকিল৷

এসময়ত বাহিৰৰ চৰাইৰ কিছিৰ-মিছিৰ মাতবোৰ মোৰ কাণত পৰিলহি৷ খিৰিকিৰ ফাঁকেৰে কেইডালমান সোণালী ৰেখাই আহি মোৰ কোঠাৰ মজিয়াত মৰল সাজিলেহি৷ মই আকৌ এবাৰ খিৰিকিখনৰ ফালে চাই পঠিয়ালোঁ৷ ঠিক যেন পুতলা নাচৰ পুতলা এজনীৰ দৰে অদৃশ্য সূতা এডালে মোক টানি আনি খিৰিকিখনৰ কাষ পোৱালেহি৷ মন্ত্ৰমুগ্ধৰ দৰে বন্ধ হৈ থকা খিৰিকিখন খুলি পেলালোঁ৷ সন্মুখৰ ঘৰটোলৈ চালোঁ৷ দিনৰ পোহৰতহে ভালদৰে দেখিলোঁ৷ পদূলিৰ পৰা ঘৰৰ মূল দুৱাৰলৈ সোমাই যোৱা দীঘলীয়া বাটটো পকীকৈ বন্ধা৷ বাটটোৰ দুয়োকাষে শাৰী শাৰী পিটুনিয়া আৰু বাখৰুৱা নাৰ্জীয়ে জকমকাই আছে৷ সেউজীয়া ঘাঁহনিৰে আৱৰা চোতালখনত পৰিপাটিকৈ কৰা বিভিন্ন ধৰণৰ দেশী-বিদেশী ফুল ফুলি আছে৷ বাহিৰৰ পৰা দেখিয়েই অনুমান কৰিব পাৰি, ঘৰৰ গৃহস্থ কিমান ৰুচিসম্পন্ন৷

   অদৃশ্য সূতাডালে মোক খিৰিকিৰ কাষৰ পৰা বাহিৰলৈ লৈ আহিল৷ সন্মোহিত মানুহৰ দৰে মই বিশেষ ঘৰটোলৈ বাট বুলিলোঁ৷ গে’টখন খুলি দীঘল পদূলিটোৰে মই ভিতৰলৈ সোমাই আহিলোঁ৷ চোতালৰ এচুকত থকা ফুল গছ এজোপাৰ কাষত থমকি ৰ’লোঁ৷ যোৱা নিশাৰ সুগন্ধিৰ উৎসটি যেন মই আৱিষ্কাৰ কৰি পেলালোঁ, তেনে এক ভাবত মোৰ মুখত হাঁহি এটি জান নেজানকৈ ফুটি উঠিল৷

: খৰিকাজাঁই আপোনাৰ বৰ প্ৰিয় ফুল যেন পাইছোঁ৷ – মোৰ পিছফালৰ পৰা ভাহি অহা গলগলীয়া পুৰুষ কণ্ঠটি শুনি স্বাভাৱিকতে উচপ খাই উঠিলোঁ৷ কণ্ঠটিক অনুসৰণ কৰি উভতি চালোঁ৷ মোৰ বুকুৰ ভিতৰখন সিৰিককৈ উঠিল৷ দুৱাৰমুখত সৌৱা কেঁকোৰা চুলিৰ, উজ্জ্বল গাৰ ৰঙৰ, প্ৰায় ছফুট উচ্চতাৰ, পেশীবহুল শৰীৰ, তীক্ষ্ণ নাক আৰু উজ্জ্বল চকুৰে নীলা নাইটচুট পৰিহিত গ্ৰীক দেৱতা মোৰ সন্মুখত! এক কথাত যিকোনো নাৰীৰ কল্পনাৰ পুৰুষ হোৱাৰ সকলো যোগ্যতা থকা এজন ব্যক্তি৷ বলিয়াৰ দৰে চিনি জানি নোপোৱা মানুহ এঘৰলৈ এনেকৈ সোমাই আহিবলৈ মোক কিহে পাইছিল বাৰু! মই যে কেনে উদ্ভট কাম এটা কৰিলোঁ সেই কথা এতিয়াহে অনুভৱ হ’ল৷

  : ৰাতিফুলা সকলো ফুলেই মোৰ প্ৰিয়৷ – মুখমণ্ডলৰ পৰা অসহজ ভাবটো লুকুৱাবলৈ চেষ্টা কৰি জোৰকৈ হাঁহি এটা ওলমাই ক’লোঁ৷

: আচলতে ৰাতিফুলা ফুলবোৰৰ বিশেষত্বই হৈছে ইয়াৰ সুগন্ধি৷ মোৰ এনে লাগে ফুলবোৰে যেন নিজৰ সুগন্ধিৰেই সিহঁতৰ অস্তিত্বক জাহিৰ কৰে! খৰিকাজাঁইৰ সুগন্ধিৰ পিছে আন এক বিশেষত্বও আছে৷ জানেনে? – হাঁহি এটি মাৰি কথাষাৰ কৈ এইবাৰ তেওঁ মোৰ নিচেই কাষতে ৰ’লহি৷

: ইট এনহেঞ্চেচ আৱাৰ ছেক্সুৱেল ডিজায়াৰছ৷ – মই কিবা উত্তৰ দিয়াৰ আগতেই তেওঁ মোৰ কাণৰ কাষত প্ৰায় ফুচফুচাই কোৱাৰ দৰে কথাষাৰ ক’লে৷  

মোৰ কাণদুখন গৰম হৈ গ’ল৷ হঠাতে মোৰ যোৱাৰাতিৰ কথাবোৰ চকুৰ আগত ভাহি উঠিল৷ কেনেবাকৈ তেওঁ কিবা গম পোৱা নাইতো!

  : ফুলত আপোনাৰ বৰ চখ যেন পাইছোঁ৷ চৌহদটোক ইমান সুন্দৰকৈ সজাইছে, যিকোনো মানুহকেই আকৰ্ষণ কৰিব – তেওঁৰ ফালে নোচোৱাকৈয়ে চাৰিওফালে এনেয়ে চকু ফুৰাই পৰিৱেশটোক সহজ কৰিবলৈকে কথাষাৰ ক’লোঁ৷ মোৰ শেষৰ কথাষাৰত আত্মৰক্ষাৰ সুৰটো স্পষ্টকৈ ফুটিছিল কিজানি৷ তেওঁ গহীনকৈ ক’লে,

: অনুমতি নোলোৱাকৈ আমাৰ ঘৰত প্ৰৱেশ কৰিলে পিছে জৰিমনা ভৰিব লাগে৷ – তেওঁৰ কথাষাৰৰ অৰ্থ বুজিবলৈকে মই তেওঁৰ চকুলৈ পোনপটীয়াকৈ চালোঁ৷ মন কৰিলোঁ, তেওঁৰ চকুযুৰি গভীৰ অথচ তীক্ষ্ণ৷ ওঁঠত হাঁহি এটিয়ে খেলিছিল৷ হাঁহিটো ধুনীয়া৷ হাঁহিলে এখন গালত টোল পৰে৷

মোৰ মনৰ ভাব বুজিব পাৰি তেওঁ পুনৰ ক’লে,

: জৰিমনা হিচাপে আপোনাৰ মূল্যবান সময়ৰ পৰা অকণমান সময় উলিয়ায় মোৰ লগত একাপ চাহ খাব লাগিব৷ আহক ভিতৰলৈ৷ কথাৰ লগে লগে তেওঁ এইবাৰ ভিতৰলৈ খোজ ল’লে - তেওঁৰ কথাত মই এইবাৰ হাঁহি পেলালোঁ৷ অগত্যা আন উপায় নেদেখি ময়ো তেওঁক অনুসৰণ কৰিলোঁ৷

 মোক বহিবলৈ কৈ তেওঁ ভিতৰলৈ সোমাই গ’ল৷

‘বাঃ!’   ড্ৰয়িংৰূমটোত সোমায়েই মোৰ মুখৰ পৰা আপোনাআপুনি শব্দটো সৰি পৰিল৷ দুৱাৰ–খিৰিকিবোৰত বগা আৰু সেউজীয়া ৰঙৰ পৰ্দাৰে সজোৱা ৰূমটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ ইনড’ৰ প্লেণ্ট লগোৱা৷ আটোমটোকাৰিকৈ সজোৱা কোঠাটোৰ একোণত এখন সৰু বুকছেল্ফ৷ কিতাপবোৰৰ শিৰোনামবোৰ চালোঁ৷ প্ৰায়বোৰ কিতাপৰেই বিষয়বস্তু মাইথ’লজি৷

: মাইথ’লজী মোৰ প্ৰিয় বিষয়৷ মোৰ পত্নীৰ মতে আকৌ মিথ মানেই মিথ্যা৷ আচলতে পৌৰাণিক কথাবোৰ অকল কথাই নহয়, সেই সময়ৰ আচাৰ-আচৰণ, সমাজ জীৱন, ভৌগোলিক পৰিসীমা, সভ্যতা আৰু সংস্কৃতিকো বহন কৰে৷ – হাতত লৈ অহা চাহৰ ট্ৰে’খন চেণ্টাৰ টেবুলখনত থৈ তেওঁ মোৰ সন্মুখৰ চকীখনতে বহি ল’লে৷

: মাইথ’লজী মোৰো প্ৰিয় বিষয় – হাঁহি এটা মাৰি তেওঁৰ চকুলৈ চাই ক’লোঁ ৷

 মোৰ কথাত তেওঁ সুখী হৈছিল, চকু দুটাত তৰা দুটা ফুলি উঠিছিল৷ বৰ উৎসাহেৰে তেওঁ কৈ উঠিল,

: বঢ়িয়া! তেন্তে আমাৰ বেছ জমিব৷

: আপোনাৰ পত্নী? – ইমানপৰ  বহি থকাৰ পাছতো ভিতৰৰ পৰা কোনো ওলাই নহাত মই সামান্য আচৰিত হৈছিলোঁ৷ চাহৰ কাপত চুমুক এটা দি তেওঁক কথাটো সুধিয়েই পেলালোঁ৷

: তেওঁ আপোনাৰ বিষয় নহয়৷ – তেওঁৰ মাতত কৃত্ৰিম গাম্ভীৰ্য আছিল যদিও চকুযুৰিত তীক্ষ্ণতা স্পষ্ট৷

 : বিষয় নহয়! মানে?

মোৰ কণ্ঠত আশ্বৰ্য বাৰুকৈয়ে ফুটি উঠিছিল কিজানি৷ তেওঁ ধুনীয়াকৈ হাঁহিটো মাৰি সুধিলে,

: মোৰ লগত কথা পাতিবলৈ বেয়া পাইছে নেকি? – হাঁহিলে তেওঁৰ চকু দুটায়ো হাঁহে৷ মই মন কৰিছিলোঁ মনৰ ভাব প্ৰকাশ কৰোতে তেওঁৰ চকু দুটাই তেওঁক সম্পূৰ্ণ সহযোগ কৰে৷ একো নক’লোঁ৷ হাঁহি এটাৰে কথাটো সামৰি থ’লোঁ৷

: আপোনাৰ পৰিয়াল? – তেওঁ পুনৰ সুধিলে৷

মোৰ এনে লাগিল তেওঁ যেন এইমাত্ৰ মোৰ কলিজাত বিষলগা কাঁড় এপাত সুমুৱাই দিলে! কেনেকৈ কওঁ! কেনেকৈ কওঁ তেওঁক যে, খাণ্ডৱ বনত পাণ্ডুৱে শৰবিদ্ধ কৰা হৰিণটোৰ দৰেই মোৰ চোতালৰ ঠিক সৌখিনিতেই তেজৰ ডোঙাত সেইদিনা পৰি আছিল অৰ্ণৱৰ নিথৰ দেহ!

বুকুৰ যন্ত্ৰণা মোৰ শৰীৰলৈকে বিয়পি পৰিছিল৷ ডিঙিটো শুকাইছিল, কপাল আৰু নাকত ঘাম বিৰিঙিছিল৷

: কি হৈছে আপোনাৰ? মই কিবা ভুল প্ৰশ্ন কৰিলোঁ নেকি? আপুনি ঠিকে আছেনে? – তেওঁৰ  মাতটো ক’ৰবাত ঠেকা খাই অহাৰ দৰে লাগিল৷ উশাহ ল’বলৈ কষ্ট হৈছিল মোৰ৷ কঁপা কঁপা হাতেৰে চাহৰ কাপটো টেবুলৰ ওপৰত থৈ তেওঁক মাত নলগোৱাকৈয়েই মই তাৰপৰা প্ৰায় দৌৰি অহাদি ওলাই আহিলোঁ৷ কোঠাত সোমায়েই দুৱাৰ আৰু খিৰিকিবোৰ বন্ধ কৰি মজিয়াতে ধপহকৈ বহি পৰিলোঁ৷

তাৰ পাছত প্ৰায় তিনিদিন মই খিৰিকিখন খোলা নাছিলোঁ৷ তিনিদিনৰ পাছত যেতিয়া খিৰিকিখন খুলিলোঁ, ঘৰৰ চোতালত তেওঁ ৰৈ আছিল৷ পিন্ধনত বগা টি-চাৰ্ট এটাৰ সৈতে ছাইৰঙী ট্ৰাউজাৰ এটা৷ এনে লাগিছিল, তেওঁ যেন মই খিৰিকিখন খোলালৈকে বাট চাই আছিল৷ মোক দেখিয়েই তেওঁ হাতখন উলাহেৰে জোকাৰিলে৷ মই হাঁহি এটা মাৰি ওলাই গ’লোঁ৷ সিদিনাৰ আচৰণৰ বাবে লাজ লাগিছিল৷ অভদ্ৰৰ দৰে যে মই তেওঁৰ সন্মুখৰ পৰা উঠি আহিছিলোঁ৷ অৱশ্যে তেওঁৰ স্বভাৱগত আচৰণে মোক সেই কথা অনুভৱ হ’বলৈ নিদিয়াকৈ কথাবোৰ সহজ কৰি তুলিলে৷ আমি বহুতো কথা পাতিলোঁ৷ সুখী, পৰিপূৰ্ণ যেন লগা মানুহজনৰ অপ্ৰাপ্তি, অশান্তিৰ কথাবোৰেৰে গধুৰ মন এটা লৈ মই সাঁজ লগাৰ পৰত ঘৰ সোমালোঁহি৷ তেওঁৰ হাঁহি থকা মুখখনৰ আঁৰৰ বিষালি মনটোৰ কথাবোৰে মোক কষ্ট দিছিল হয়, কিন্তু সেইৰাতি কিবা এক প্ৰশান্তিত মোৰ গভীৰ টোপনি আহিছিল৷

ৰাতিপুৱা যেতিয়া সাৰ পালোঁ৷ মোৰ চকুৰ সন্মুখত তেওঁৰ মুখখন ভাহি উঠিল৷ তেওঁৰ নামটো! তেতিয়াহে মোৰ মনলৈ আহিল,তেওঁৰ সৈতে ইমানবোৰ কথা পাতিলোঁ, অথচ আজিলৈকে তেওঁৰ নামটোৱেই সোধা নাই দেখোন! কি যে মানুহ মই! মই বাৰু নুসুধিলোৱেই, তেওঁ নিজেও ক’ব পৰা নাইনে! হঠাতে মোৰ তেওঁক লগ পাবলৈ মন গ’ল৷ খিৰিকিখন খুলি চালোঁ তেওঁ নাই৷ ঘৰৰ দুৱাৰখনো বন্ধ হৈ আছে৷ ক’লৈ গ’ল তেওঁ? মোৰ বুকুৰ ভিতৰখনত হাহাকাৰ এজাক বলিবলৈ ধৰিলে৷ শ্লীপাৰযোৰ ভৰিত সোমোৱাই মই বাহিৰলৈ লৰ মাৰিলোঁ৷ তেওঁৰ ঘৰৰ গে’টখন খুলি প্ৰায় দৌৰি যোৱাদি পদূলিয়েদি সোমাই গ’লোঁ৷ তেওঁৰ পত্নীয়ে কি ভাবিব পাৰে, সেই কথালৈও মোৰ ভ্ৰূক্ষেপ নাছিল৷ ঘৰৰ মূল দুৱাৰখনত তলা এটা ওলমি আছিল৷ মোৰ মনটোৱে নামানিলে, এনে লাগিল তেওঁ যেন মোৰ আশে পাশেই আছে৷ বিচাৰি চলাথ কৰি মই ঘৰৰ একেবাৰে পিছফালে থকা পুখুৰীটোৰ কাষ পালোঁগৈ৷

আছে – তেওঁ পুখুৰীৰ পাৰতে বহি আছে৷ মেটেকাৰে পৰিপূৰ্ণ পুখুৰীটোলৈ চাই কিবা চিন্তা কৰি আছে৷ মই অহাৰ উমান পাইছিল কিজানি তেওঁ৷ সন্মুখৰ পৰা চকু নাতৰোৱাকৈয়ে তেওঁ বিৰবিৰালে – 

 : কিছুমান সম্পৰ্ক মেটেকাৰ দৰেই৷ দৃষ্টিনন্দন অথচ অগভীৰ, অপকাৰী আৰু শিপাহীন৷ বেঙুনীয়া মাথোঁ বেঙুনীয়া৷ – তেওঁৰ কথাবোৰ অসংলগ্ন৷ মোৰ কিবা এটা ভয় লাগিল৷ তথাপিও সহজ ভাবতে সুধিলোঁ,

: আপুনি ইয়াত এনেকৈ কিয় বহি আছে? গোটেইখন বিচাৰি চলাথ কৰি অৱশেষত ইয়াত পালোঁহি৷

: ক’ৰবাত ছন্দপতন ঘটিছে৷ অথচ আপুনি অহাৰ আগলৈকে সকলোবোৰ সন্তুলিত হৈ আছিল৷ মোৰ এখন সুখৰ সংসাৰ আছিল, এগৰাকী সুন্দৰী পত্নীৰ সৈতে এজন সুখী মানুহ আছিলো মই৷ সকলোবোৰ খেলিমেলি কৰি পেলালে আপুনি৷ তাৰ বাবে আপুনিয়েই জগৰীয়া৷ – এইবাৰ মোৰ চকুলৈ চাই তেওঁ কথাখিনি ক’লে৷ তেওঁৰ চকুযুৰি ৰঙা, গুৰিখিনি ক’লা পৰিছে৷ টোপনি খতিৰ চিন স্পষ্ট৷ চুলিবোৰ অসংযত৷ মুখমণ্ডলত আগৰ উজ্জ্বলতা নাই৷ মোৰ এইবাৰ তেওঁলৈ ভয় লাগিল৷ তেওঁৰ দুচকুত মোৰ প্ৰতি অভিযোগ স্পষ্ট৷ শুকাই যোৱা ওঁঠযুৰি জিভাখনেৰে তিয়াই লৈ মই খোকোজা লগা মাতেৰে সুধিলোঁ,

: ম...মই কি কৰিলোঁ?

: আচলতে আপুনি এগৰাকী অসুখী, নিৰাশাবাদী, নিষ্ঠুৰ মানুহ৷ আপোনাৰ নিজৰ অসুখবোৰ মোৰ ওপৰত আৰোপ কৰি আপুনি তৃপ্তি লৈছে৷ মোৰ জীৱন নৌকাৰ পালখনক আপোনাৰ কল্পনাৰ প্ৰৱাহে যিদিশলৈ টানিছে, আপুনি সেইদিশেই লৈ গৈছে৷ আপুনি আচলতে অপ্ৰাপ্তি তথা মানসিক অপুষ্টিত ভোগা এগৰাকী হিংসুক নাৰী৷

: উঃ! নহয়, নহয়৷ এয়া মিছা অপবাদ৷ বিশ্বাস কৰক৷ আপোনাৰ কষ্টত মোৰো সমানে কষ্ট হৈছে৷

: মিছা কথা৷ মোৰ কষ্টই আপোনাৰ কষ্টক লাঘৱ কৰিছে৷ আপুনি মানসিক প্ৰশান্তি লৈছে৷ আপুনি এগৰাকী স্বাৰ্থপৰ মানুহ, ভীষণ স্বাৰ্থপৰ মানুহ৷ আপুনি গুচি যাওক ইয়াৰ পৰা৷ নহ’লে মই নিজেই আঁতৰি দিম – এইবাৰ তেওঁ চিঞৰি উঠিল৷

: আঃ! তেনেকৈ নক’ব৷ মই মাত্ৰ আপোনাৰ নামটোহে সুধিবলৈ আহিছিলোঁ৷ – মোৰ মাতটো কাকূতিৰ দৰে লাগিল৷

শ্লেষপূৰ্ণ হাঁহি এটা মাৰি তেওঁ কৈ উঠিল,

: হাঃ হাঃ কি ক’লে? নাম? সেইটোত জানো মোৰ অধিকাৰ আছে? নামনো কি আৰু! ইতিমধ্যে মোৰ পৰা পাবলগীয়াখিনি আপুনি পাইছেই৷ মই এৰিছোঁ আপোনাক৷

মোৰ চকুৰ পলকতেই বতাহত বিলীন হৈ পৰিল তেওঁ৷ চাৰিওফালে চালোঁ৷ তেওঁ নাই, ক’তোৱেই নাই৷ জংঘলেৰে আৱৰা জৰাজীৰ্ণ পুখুৰীটোৰ পাৰত মই অকলে৷ কোনো এক জনপ্ৰাণীও নাই৷

হঠাতে মোৰ গাটো শিঁয়ৰি উঠিল৷ প্ৰায় লৰ মাৰি অহাৰ দৰে পুখুৰীৰ পাৰৰ পৰা উভতি আহিলোঁ৷ দৌৰি দৌৰি আহি তেওঁৰ চোতালত ৰৈ দীঘলকৈ উশাহ এটা লৈ কিছুপৰ ৰ’লোঁ ৷ এয়া কি! পৰিপাটিকৈ ফুলেৰে সজাই ৰখা চোতালখনত কঁচু, চোৰাত আৰু অন্যান্য বনৰীয়া গছেৰে ভৰি পৰিছে! ভয়ে ভয়ে ঘৰটোলৈ চাই পঠিয়ালোঁ, আচৰিত! মোৰ ভৰি দুখন যেন মাটিৰ তললৈকে কোনোবাই পুতি পেলাইছে! ধোঁৱাকোৱা চকুৰে দেখিলোঁ, মোৰ সন্মুখত এটা জৰাজীৰ্ণ, পৰিত্যক্ত ঘৰ৷

 

ভ্ৰাম্যভাষ : ৮৬৩৮০৫৪৯৪৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ