নিজৰা ৰাজকুমাৰী
- ১৯৯০ চনত কলিয়াবৰ মহকুমাত হোৱা বৰষুণৰ পৰিমাণ আছিল ১৯৭৩.৬ মিলিমিটাৰ, ১৯৯১-ত ২১১৫.৩ ৷ ১৯৯২-ত কিন্তু আগৰ
দুবছৰতকৈ বৰষুণৰ পৰিমাণ বহুত কম৷
- এই উঁৱলি যোৱা কাগজ-পত্ৰসোপা খুটিয়াই খুটিয়াই তই ক’ব খুজিছ যে, মোৰ জন্মৰ বছৰটো তহঁতৰ কলিয়াবৰৰ বাবে খৰাং বছৰ আছিল?
- ধেই! মই কোৱা নাই৷ অসম চৰকাৰৰ কৃষি বিভাগৰ তথ্যইহে কৈছে৷ আৰু শুন, আমাৰ নিচিনা সুজলা-সুফলা ঠাই এখনৰ কাৰণে খৰাং শব্দটোৱেই আচহুৱা৷ বৰষুণৰ
পৰিমাণবোৰ ভালকৈ মন কৰ৷ কলিয়াবৰৰ বাৰ্ষিক গড় বৃষ্টিপাত কিমান জান? ১৫০০ মিলিমিটাৰ৷
- অথচ তই বৰষুণ বেয়া পাৱ৷
- ঠিক বেয়া নাপাওঁ৷ কিন্তু বৰষুণৰ নামত
তহঁতৰ নিচিনাকৈ কাব্য কৰি থাকিবলৈ বেয়া পাওঁ৷ কামোৰ৷
- তহঁত মানে? তোৰ ৰাধিকাৰ কথা কৈছতো! হাঃ হাঃ৷ সেইযে
তোক লৈ লিখিছিল – তুমি যাওঁ বুলি ক’লে,
এজাক
বৰষুণে লুইতত উবুৰি খাই অভিমান কৰে...
- তোৰ কাম আছে বুলি কৈছিলি দেখোন৷ যা ইয়াৰ
পৰা৷
য়ুৰোপীয়ান য়ুনিয়নৰ এড্মিনিষ্ট্ৰেটিভ চেণ্টাৰ বেলজিয়ামৰ ৰাজধানী
ব্ৰাছেলছত সেইদিনা বৰষুণ দি আছিল৷ এপাৰ্টমেণ্টৰ খিৰিকিৰে হাত মেলি বৰষুণৰ স’তে
খেলা কৰি থকা হাতখনে অশোকৰ মুখমণ্ডল তিয়াই খিলখিল হাঁহি এটাৰে সৈতে কোঠাৰ পৰা
ওলাই গ’ল৷ অশোকে সমূখত মেলি লোৱা কাগজ-কিতাপতো তাইৰ হাতৰ বৰষুণৰ টোপাল পৰিল৷ এনেয়ে
পুৰণি কাগজ, তাতে পানী৷ উঃ! তেওঁ বিৰক্ত হ’ল৷ পিছে তেওঁ যদি সঁচাকৈ বিৰক্ত হৈছিলেই তেন্তে কাষৰ টেবুলত
ত্ৰিভূজ হৈ পৰি থকা শুধ বগা ৰুমালখন তুলি নিজৰ মুখখন মোহাৰি ল’ব পাৰিলেহেঁতেন৷
কিন্তু নল’লে৷ বুকুত উতলি থকা যন্ত্ৰণাৰ তাপ লাগি জীৱনৰ কত কি ধোঁৱা হৈ উৰি গ’ল৷
এয়াতো সামান্য কেইটোপালমান বৰষুণৰ পানী,
শুকাই
যাবলৈ কোঠাৰ উষ্ণতাই যথেষ্ট৷ অসমৰ এটি সফল ঔষধ কোম্পানীৰ প্ৰতিষ্ঠাতা, বুৰঞ্জীৰ বিষয় শিক্ষক অশোক চৌধুৰীয়ে বীয়েৰ এঢোক গিলি চিঞৰিলে -
- - কথাখিনি পুৰাকৈ নুশুনিলি৷ শুনি যা৷ শুনিছ? আমি হট্ এণ্ড হিউমিড্ জলবায়ুৰ মানুহ৷ সেই কাৰণে আমাৰ কলিয়াবৰত চিৰসেউজ
আৰু পৰ্ণপাতী দুয়োবিধ গছেই পায়৷ শুনিও নুশুনাৰ ভাও ধৰি মৌচন্দাই অশোকলৈ
নেমু-মেয়’নিজ ঢলা বেলজিয়ান ফ্ৰাইজ্ একাঁহী আগবঢ়াই দিলে৷ তেওঁ ব্ৰাছেলছলৈ, মানে তাইৰ কাষলৈ অহাৰ পাছত বহুত দিনৰ মূৰত ফৰকাল হৈছে তাই৷ অহৰহ দুপাহ কজলা
মেঘফুল হালিজালি থকা চকুযোৰত যেন টান ৰ’দত বালিচন্দা জিলিকাদি জিলিকিছে সময়৷
একান্ত মনে কিবা পঢ়ি থকা অশোকক পিছফালৰ পৰা দুহাতেৰে ডিঙিত মেৰিয়াই তাই কৈ উঠিল
-
- - খা আকৌ৷ বীয়েৰসোপাকে গিলি আছ যে!
- - গৰুৰ চৰ্বিত ভজা আলু৷ তয়ে খা৷ - খোৱাখিনি তেওঁ লাহেকৈ ঠেলি দিলে৷ তাইৰ অভিমান হ’ল৷
- হাৰে৷ কি কৰ৷ তোৰ কাৰণে মই নন-ভেজ আনিম
নেকি! নিশ্চিন্তে খা৷ ব্ৰাছেলছলৈ আহি যদি চ’ক’লেট,
ফ্ৰাইজ্, ৱাফল্ নাখালি তেন্তে খালি কি!
- ধৈ৷ এইবোৰক খোৱা বুলি কয় নেকি৷
ব্ৰাছেলছলৈ আহি যদি ইয়াৰ পৃথিৱীবিখ্যাত বীয়েৰ নাখালি, তেন্তে খালি কি! তই কিন্তু সোনকালে অসমলৈ ওভতাৰ ব্যৱস্থা কৰ দেই৷ লাগিলে
আকৌ য়ুৰোপলৈকে ঘূৰি আহিবি, কিন্তু অসমক, কলিয়াবৰক এৰিব নোৱাৰিবি৷ - জাৰ্মানীৰ পটছ্ডেম বিশ্ববিদ্যালয়ত পঢ়া-শুনা
কৰি ব্ৰাছেলছৰ আই টি কোম্পানীত ৱে’ব ডেভেলপমেণ্টৰ কাম কৰি থকা মৌচন্দাক এইবাৰ
অসমলৈ নিম বুলিয়েই আহিছে অশোক৷
- যাম বাৰু দে৷ এতিয়া তইহে খৰধৰ কৰ৷ তোক
আজি এট’মিয়াম আৰু গ্ৰেণ্ড প্লেছ দেখুৱাম৷ কাইলৈ ঘেণ্ট৷ - কেইবামাহো ভালকৈ কাম
নকৰাৰ ফলত দ্ৰুতগতিত হাতত থকা পইচা কমি আহিছে যদিও অশোকক তাই বেলজিয়ামৰ সকলো
সৌন্দৰ্যৰে সমৃদ্ধ কৰিব খুজিছে৷
- হ’ব৷ আৰু মানেকেন পিচ চাবলৈও যাম৷ শুনিছোঁ
যে...
অশোকে কিবা ক’ব খুজিছিল৷ মৌচন্দাই তেওঁক সাবটি ধৰি পিঠিত সোঁগালখন জোৰেৰে
হেঁচি ধৰিলে৷ মানেকেন পিচ-শব্দদুটাই যেন মৌচন্দাক জড় কৰিহে পেলালে৷ ভৰিৰ তলুৱা
দুখন যেন কলিয়াবৰীয়া নৈ এখনৰ চেঁচাই চুই থৈ গ’ল,
বুকুত
থোপাথোপে ছিটিকি পৰিল পিছবাৰীৰ বুঢ়া পনিয়লৰ কাঁইট৷ প্ৰয়োজনাধিক অসন্তুষ্টিৰে
তাই কৈ উঠিল-
- সেইটো কি চাবলগীয়া বস্তু বাৰু৷ অকণমানি
নাঙঠ ল’ৰা এটাৰ ব্ৰঞ্জৰ মূৰ্ত্তি মানেকেন পিচ৷ কোনোবা ধনী মানুহ এজনৰ সৰু ল’ৰা এটা
হেৰাইছিল, বহু বিচাৰ-খোচাৰৰ পাছত সেইখিনি ঠাইতে তাক
প্ৰস্ৰাৱ কৰি থকা অৱস্থাত পালেগৈ আৰু দেউতাকে তাতে মূৰ্তি এটা সজোৱাই দিলে, তাকো চৌধ্য নে পোন্ধৰ শতিকাতে হ’বলা৷ কি যে ভালপায় মানুহবোৰে! টুৰিষ্টবোৰে
সেইটো চাবলৈকে ঢপলিয়ায়৷
- হাৰে! কিয় ভাল নাপাব৷ মূৰ্তিটোৱে
পৰিষ্কাৰ খোৱাপানীৰোতো যোগান ধৰিছিল নগৰবাসীক৷ শ-শ বছৰে ব্ৰাছেলছবাসীৰ হাস্যৰস, মুক্তমন আৰু খোৱাপানীৰ ইতিহাস সামৰি থৈছে চৌব্বিছ ইঞ্চিৰ নাঙঠ মূৰ্তিটোৱে৷
১৬১৮ নে ১৯-ৰ পাছত...
তাই অত্যন্ত বিৰক্ত হ’ল আৰু অশোকৰ ওচৰৰ
পৰা উচাট মাৰি উঠি গুচি গ’ল৷ এই মানুহটোৰ স্বভাৱ সলনি নহ’ল আৰু! কি দৰকাৰ অহৰহ
বুৰঞ্জী খান্দি থকাৰ৷ বিৰক্তিখিনিক বাথৰুমৰ দুৱাৰখনত মৰা ঠেলাটোত উজাৰি মৌচন্দাই
ছাৱাৰ-কাৰ্টেইনখনকে খামুচি ধৰিলেগৈ৷ সৌ সিদিনালৈকে ব্ৰাছেলছৰ মানেকেন পিচ হৈ এইটো
বাথৰূমৰ ঠিক এইখিনিতে টুল এখনৰ ওপৰত উঠি তাইৰ চাৰি বছৰীয়া নাঙঠ-পিঙঠ শিশুপুত্ৰই
বাথটাবত প্ৰস্ৰাৱ কৰি হাঁহিত ফাটি পৰিছিল৷ তাৰ এনে ‘দুষ্কাৰ্য’ৰ ফল স্বৰূপে হাতত
ৰুলমাৰি এডাল লৈ তাই তাক পিছে পিছে খেদি ফুৰিছিল৷ অকল বাথটাবেই নে? তাই অতি যত্নেৰে কৰা বেলজিয়ামৰ ৰঙা পপী আৰু এজেলিয়া ফুলৰ টাবকেইটাকো
কণমাণি খটাসুৰটোৱে টয়লেট হিচাপে ব্যৱহাৰ কৰিছিল৷ যেন মৌচন্দাৰ ঘৰজুৰি ব্ৰাছেলছৰ
পৃথিৱীবিখ্যাত মানেকেন পিচটো জীৱন্ত হৈহে দৌৰি-ঢাপৰি ফুৰিছিল৷ মৌচন্দাৰ কৃত্ৰিম
খঙৰ পৰিৱৰ্তে পুত্ৰ আদ্ৰিয়ানৰ এই দুষ্টালিবোৰ উপভোগ কৰি গৰ্বিত হৈছিল আদ্ৰিয়ানৰ
পিতাক আশুতোষ৷
দীঘল উশাহ এটাৰে তাই ঈশ্বৰক স্মৰণ কৰিলে
– মানেকেন পিচৰ লগত জড়িত কাহিনীটো তাইৰ জীৱনতো সঁচা হ’ব নোৱাৰেনে! ব্ৰাছেলছ
বুৰঞ্জীৰ দেউতাকজনে হেৰুৱা ল’ৰাটোক বিচাৰি পোৱাৰ দৰে তায়ো তাইৰ আদ্ৰিয়ানক ঘূৰাই
পাব নোৱাৰেনে!
দূৰদৰ্শনৰ অসমীয়া ধাৰাবাহিকৰ কামত ইউৰোপ
ঘূৰি ফুৰা মৌচন্দাৰ সম্পৰ্কীয় বায়েক এগৰাকীয়ে এদিন আমষ্টাৰডামৰ পৰা উখা-মুখাকৈ
আহি সময়ৰ অভাৱত কেৱল মানেকেন পিচ চায়েই ব্ৰাছেলছ্ ভ্ৰমণ সামৰিছিল, আৰু লগত লৈ গৈছিল দোকানত কিনিবলৈ পোৱা প্ৰস্ৰাৱ কৰি থকা এমোনা নাঙঠ শিশুৰ
পুতলা– মানেকেন পিচ৷ তাৰে এটি পুতলাই কলিয়াবৰত থকা ৰাধিকাৰ বহাকোঠা শুৱনি কৰিছিল৷
ৰাধিকা অভিমানত ওফন্দি উঠিছিল –
- জীমনিয়ে অনা পুতলাটোকে সজাই থৈছো আৰু৷ তেজ-মঙহৰ সঁচা পুতলাটোতো বেলজিয়ামতে
থাকিল৷ তই আদ্ৰিয়ানক অসমলৈ কেতিয়াও নানো বুলি ভাবিছ নেকি?
- ধেই ধেই! কিয় সদায় এনেকৈ কৈ থাক?
তই
দেখোন মোৰ আৰু আশুতোষৰ ব্যস্ততা জানই৷ তাতে পৃথিৱীৰ ইপাৰ-সিপাৰ৷ আৰু অলপ ধৈৰ্য ধৰ, বহুত দিন থকাকৈ গৈ আছোঁ৷
ৰাধিকাই ধৈৰ্য নধৰিলে৷ যোৱা নহ’ল
মৌচন্দাৰো৷ মাতৃ হৈও গৰ্ভজাত সন্তান আদ্ৰিয়ানক বুকুত সামৰি নিজ জন্মভূমিলৈ
প্ৰত্যাৱৰ্তনৰ অধিকাৰ হেৰুৱাই পেলালে তাই৷ আশুতোষে আদ্ৰিয়ানক লৈ গুচি যোৱাৰ পাছত
অশোকে বাৰে বাৰে তাইক কলিয়াবৰলৈ ওভতাই নিবলৈ চেষ্টা কৰি আহিছে৷
- সেইবোৰ দেশত বিৱাহ বিচ্ছেদ ভাতৰ লগত পানীখোৱা কথা৷ তই অসমলৈ ঘূৰি আহ৷ ইমান
উচ্চশিক্ষিত ছোৱালীজনীয়ে ইয়াতো ভাল চাকৰিয়েই পাবি, আহ৷
সেই সময়তে এটা পথ দূৰ্ঘটনাত ৰাধিকাৰ
মৃত্যু হ’ল বুলি অশোকৰ পৰা মৌচন্দালৈ খবৰ আহিল৷ অথচ ৰাধিকাবিহীন জীৱন এটাৰ বাবে
অশোক মুঠেই প্ৰস্তুত নাছিল, যেনেকৈ আশুতোষ-আদ্ৰিয়ানবিহীন জীৱন
মৌচন্দাৰ বাবে আছিল কল্পনাৰ অতীত৷ পৰিয়ালৰ হাজাৰ বাধা সত্তেও তেইছ বছৰ বয়সতে বিছ
বছৰীয়া ৰাধিকাৰ সৈতে সংসাৰ আৰম্ভ কৰিছিল অশোকে৷ বহুবছৰীয়া সংগ্ৰামৰ পাছত জীৱনলৈ
সুস্থিৰতা অহা সময়তে ৰাধিকা গ’লগৈ৷ অশোকে কেনেকৈ সহিছে বাৰু এই বিচ্ছেদ! ধান দাই
শেষ কৰা পুহৰ বহল-শৃন্য পথাৰ এখন আছাৰ খাই পৰিছে নেকি বাৰু তেওঁৰ বুকুত? নাই, একোৰে উমান নাপায় মৌচন্দাই৷ নিজকে
তলাবদ্ধ কৰি ৰখাত অশোক পাকৈত৷ অনায়াসে মৌচন্দাৰ মন পঢ়ি পেলাব পৰা অশোকক পঢ়িবলৈ
চেষ্টা কৰি তাই কিন্তু সদায়েই উজুটি খায়৷ আত্মঘাতী হ’বলৈ ওলোৱা মানুহৰ দৰে মৌচন্দাৰ
সমগ্ৰত ৰিম ৰিমকৈ এআকাশ শূন্যতা বাগৰি পৰে৷ পাছ মূহৰ্ততে জেদী-অভিমানী মৌচন্দাৰ জেদ
দুগুণে বাঢ়ে৷ সকলো গুচি যাওক তাইৰ জীৱনৰ পৰা,
তাই
কাকো বিচাৰি নাযায়, কাৰো বাবে তাই চকুলো নোটোকে – ৰাধিকা, আশুতোষ, আদ্ৰিয়ান – কোনো তাইৰ আপোন
নহয়...নাছিল৷ ফুল নুফুলা, কুঁহিপাত নেমেলা আদিম-একাকী গছ হৈ তাই
অকলে ৰৈ যাব৷ আঃ! বিচ্ছেদে কেনে পূৰঠ কৰে মানুহক৷ মগজুৰ সকলো কোষে অহৰহ মৃত্যুসম
যন্ত্ৰণাৰ প্ৰৱাহত ব্যস্ত থাকোঁতেও অন্ধকাৰ পিহি জীৱন ইঞ্চি ইঞ্চিকৈ বাঢ়ে৷ জীৱন
সকলো বিষাদৰ উৰ্ধ্বত! জীৱন সকলো বিচ্ছেদৰ উৰ্ধ্বত! সেয়ে চাগৈ পিতাক হাস্পতালৰ
মৰ্গত শুই থাকোঁতেও সন্তানৰ ভোক লাগে,
দুখত
অৰ্ধমৃত হৈ থকাজনৰো নখ বাঢ়ে, চুলি বাঢ়ে৷
- চুলিখিনি এনেকৈ অথালি-পথালিকৈ কাটিছ কিয়? হ’ল কি তোৰ?
অশোকে মৌচন্দাৰ হাতৰ পৰা কেঁচীখন আঁজুৰি আনিলে৷ প্ৰকৃতিস্থ হ’বলৈ মৌচন্দাই
মাত্ৰ কেইটামান ছেকেণ্ড ল’লে৷ আশুতোষে ভাল পাইছিল বাবেই নিজৰ চুলিকোছালৈ তাইৰ
বিতৃষ্ণা বাঢ়ি আহিছিল৷ আজি অশোক থাকোঁতেই কিয় যে তাই এই বলিয়ালিখন কৰিলে৷ লাজ
লাগিল মৌচন্দাৰ৷
- ভিডিঅ’ চাই নতুন হেয়াৰকাট এটা শিকিছিলোঁ৷
সেয়ে...৷-- মৌচন্দাই মুখটিপি হাঁহিলে৷
- বহ৷ মই মিলাই দিওঁ৷ ছেঃ, কি যে কৰিলি চুলিখিনি৷ – তাইৰ অভিনয়খিনি
বুজি নোপোৱাৰ অভিনয় কৰি অশোকে কটা চুলি গাত নপৰিবৰ বাবে বগা টাৱেল এখনেৰে
মৌচন্দাক মেৰিয়াই পেলালে৷ শুকুলা সাজেৰে তেওঁৰ চকুত তাই পৰী হৈ ধৰা দিলে৷ দুপাখি
হেৰুৱাই মৌন উচুপনিত শিল হোৱা পৰী৷
- ৰাধিকাৰ চুলিও এসময়ত তয়েই কাটিছিলি ন৷ দুয়োটা সাংঘাতিক কৰাইচ আছিলি দেই৷
– বুৰবুৰনি তুলি বুকুৰ পৃষ্ঠভাগলৈ উঠি অহা দুখবোধক অনৰ্থক হাঁহিৰ ঢাকোন এখন দিবলৈ
তাই আকৌ মুখ টিপি হাঁহিলে৷ তাইৰ ভাব হয়– তাই হাঁহিলে ঘৰটোত আশুতোষ-আদ্ৰিয়ানৰ
হাঁহিৰো প্ৰতিধ্বনি হয়৷ কেইমাহমান আগত সিহঁত দুটাৰ লগত কটোৱা সুখময় মুহূৰ্তৰ
কোলাহল এতিয়াও ওপঙি ফুৰিছে এই এপাৰ্টমেণ্টৰ বতাহত৷ তাইক তলিলৈকে খালী কৰি
পেলাবলৈকেহে আছিল নেকি বাৰু সেই প্ৰাণময় ভ্ৰমৰ আয়োজন! ভ্ৰম? এৰা, ভ্ৰম৷
দিল্লীৰ ল’ৰা আশুতোষ পাৰমাৰক মৌচন্দাই লগ
পাইছিল তাইৰ কেইটিমান চিনাকি পৰিয়ালে ডেহানত আয়োজন কৰা এটা বীচ্ছ পাৰ্টিত৷ সি
ইউৰোপীয়ান এন জি অ’ কনফেডাৰেশ্যন ফৰ ৰিলিফ এণ্ড ডেভেলপমেণ্টৰ অন্তৰ্গত এটা
আন্তৰ্জাতিক এন জি অ’ৰ কৰ্মী৷ আই টি কোম্পানীৰ ৱে’ব ডেভেলপাৰ মৌচন্দাৰ তেতিয়া
বেলজিয়ামত থকা বৰ বেছি দিন হোৱা নাছিল৷ ফৰাছী আৰু জাৰ্মান ভাষাত থকা দখলৰ বাবে
অত্যন্ত মেধাৱী মৌচন্দা-আশুতোষৰ বাবে বেলজিয়ামত চাকৰি পোৱাটো সহজ আছিল৷ বিদেশৰ
মাটিতে দুয়ো আৰম্ভ কৰিছিল এখন সপোনৰ ঘৰ৷ সেইদিনা কলিয়াবৰত মৌচন্দাৰ সুখৰ বাবে
ৰাধিকাই এঘাৰগছ ঘিঁউচাকিৰে নামঘৰত শৰাই আগ বঢ়াইছিল৷ সুখবোৰ পিছে খোলাৰ পৰা জুইলৈ
জঁপিওৱা আখৈ হ’ল৷ সুখবোৰ পিছবাৰীৰ পুখুৰীৰ পিছল-জেকা গৰাত খোপনি হেৰুৱাই পানীত পৰা
দন্দুৰী চেউৰী হ’ল৷ মৌচন্দাৰ বেলকনিৰ পপী আৰু এজেলিয়া ফুলবোৰ অৱশ্যে ঠিকেই থাকিল, ব্ৰাছেলছৰ পথ-আকাশ, মানেকান পিচ, ৰঙীণ সন্ধ্যাবোৰ, বীয়েৰপূৰ্ণ সুদৃশ্য পাত্ৰবোৰ-সকলো একেই
থাকিল৷ মাথো গুচি গ’ল আশুতোষ আৰু আদ্ৰিয়ান ৷ আৰ্নো,
ভাল নাম
আদ্ৰিয়ান ৷ আশুতোষে সাধাৰণ ভাৰতীয় নামৰ সলনি সিহঁতৰ সন্তানৰ বাবে এনে এটা নাম
নিৰ্বাচন কৰাত মৌচন্দাই দস্তুৰমত আপত্তি কৰিছিল ৷
- চোৱাঁ,
মই
তোমাক প্ৰথম লগ পাইছিলোঁ ডেহানৰ বীচ্ছত,
প্ৰেমত
পৰিছিলোঁ ব্ৰাছেলছত, বেলজিয়ামৰ হাৱা-পানী খাই তুমি আমাৰ
প্ৰথম সন্তানক জন্ম দিলা, সেয়ে তাক বেলজিয়ান নাম দি ভাৰতীয়
সংস্কাৰেৰে ডাঙৰ কৰিম৷– আশুতোষৰ কথাত কোমলকৈ হঁহাৰ বাদে মৌচন্দাই একো মতা নাছিল৷ আজি
অশোকে ডেহানলৈ যোৱাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰোঁতেও মৌচন্দাই একো নামাতিলে ৷
- নাজী জাৰ্মানীৰ পৰা গুচি আহিব লগা হোৱাত মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন ৱেষ্ট ফ্লেণ্ডাৰ্ছৰ ডেহানত আছিল জান! এই দেশলৈ আহি সেই ঘৰটো চাবলৈ নাপালে দুখ এটা ৰৈ যাব বুজিছ!
উফ্! অশোকৰ বাবে ডেহানত মহান বিজ্ঞানীৰ
স্মৃতি থাকিব পাৰে, কিন্তু মৌচন্দাৰ বাবে আজিও তাৰ বালিত
আশুতোষৰ খোজৰ চিন পৰি আছে৷ তাইৰ বাবে বীচ্ছ আৰু ফুলৰ মাজে মাজে ঘূৰি একেটা
চামিয়ানাৰ পৰা একেলগে একে সময়তে আকাশ চাই ফুৰা কিছুমান প্ৰেমময় দিন ডেহানৰ মাটিত
নিজেই চামিয়ানা তৰি ৰৈ গৈছে ৷ ঠাই আৰু গান-এই দুইতকৈ বেছিকৈ কিহে বাৰু সময় আৰু
মানুহৰ সোঁৱৰণি বান্ধি ৰাখিব পাৰে! কলেজ হোষ্টেলৰ পৰা পিকনিকলৈ যাওঁতে গাড়ীত
বেছিকৈ বজোৱা গানটোৱে, প্ৰিয়জনৰ লগত প্ৰথমবাৰৰ বাবে উপভোগ কৰা
সন্ধ্যাৰ সঙ্গীত এখিনিয়ে বছৰ বছৰৰ পাছতো গুচি যোৱা সময়কণক ডাংকোলাকৈ আনি আমাৰ
সমূখত তুলি নধৰেনে!
- মোৰ হাতত ফুৰিব পৰাকৈ বহুত পইচা, মানে ইউৰো আছে, তই চিন্তা কৰিছ নেকি?
- হুম! – হুমুনিয়াহ সৰে মৌচন্দাৰ ৷ ফুল নুফুলা, কুঁহিপাত নেমেলা আদিম-একাকী গছ হোৱাৰ প্ৰতিজ্ঞাত অটল হৈ থাকিলেও তাই জানে মন মাৰি থাকিলে অশোকে ভীষণ কষ্ট পাব ৷ সেয়ে তেওঁৰ ওচৰত ধৰা পৰিলে তাইৰ অস্বস্তি বাঢ়ে ৷ অহাৰে পৰা অশোকে এবাৰো সোধা নাই ডিভোৰ্চৰ পাছত আশুতোষ আৰু আদ্ৰিয়ান ক’লৈ গ’ল, কিহৰ অপৰাধতনো মৌচন্দাই চাৰি বছৰীয়া সন্তানৰ মোহ এৰিবলগীয়া হ’ল! অশোকৰ জিজ্ঞাসাই তাইৰ মনোকষ্ট বঢ়াব বুলিয়েই হয়তো তেওঁ তেওঁৰ এইকেইদিনৰ পৃথিৱীখন মৌচন্দাতে সামৰি পেলাইছে ৷
ফৰকাল পুৱা এটাত দুঘণ্টীয়া ৰে’ল যাত্ৰাৰে ব্ৰাছেলছৰ পৰা অশোকৰ আঙুলিত ধৰি তাই সাগৰীয় সৌন্দৰ্যৰ নগৰী ডেহান পালেগৈ ৷ পূৰ্বৰ দৰেই মুকলি বীচ্ছ৷ পৰিষ্কাৰ আৰু বিশাল! এই বিশালতাই জানেনে আশুতোষ তাইৰ কাষৰ পৰা গুচি যোৱাৰ কথা? এই বিশালতাই অনুভৱ কৰিব পাৰেনে তাইৰ সৰ্বত্ৰত হোৱা সংকোচনৰ কথা? অশোকক অলপ অকলে ঘূৰিবলৈ এৰি দি আঁহ-পাহ মেলি তাই ছান লাউঞ্জত ৰ’দ ল’লে ৷ বুকুৰ ঢুকি নোপোৱা তলিলৈকে সোমাই গ’ল নেকি বাৰু ৰ’দৰ তাপ! যাতনাৰ শিলাখণ্ড চাগে সামান্য কুমলিল৷ সাগৰৰ পাৰৰ পৰাই মৌচন্দাৰ দেখোন আজি সকলোকে ক্ষমা কৰি দিবলৈ মন গ’ল৷ অশোকৰ লগত অসমলৈ, সিহঁতৰ একান্তই নিজৰ ব্ৰহ্মপুত্ৰখনৰ কাষলৈ গুচি যাবলৈ হঠাৎ তাইৰ হেঁপাহ অকন গজি উঠিল৷ মুহূৰ্তে মুহূৰ্তে সলনি হোৱা আৰু নিজৰেই বিপক্ষে থিয় দিবলৈ সাহস ৰখা মানুহবোৰ প্ৰচণ্ড জীৱন-বিলাসী৷ ফুল নুফুলা, কুঁহিপাত নেমেলা আদিম-একাকী গছবোৰ ভ্ৰম৷ ভ্ৰমৰ পৰা নিজক মুক্ত কৰি পেলাব পৰা সময়বোৰহে সত্য৷ অশোকক আশুতোষ-আদ্ৰিয়ানৰ কথাবোৰ মুকলিকৈ কৈ পেলোৱা ভাল হ’ব নেকি বাৰু? ৰাধিকাৰ বাবেও এই পৰৰ দেশখনতে অশোক-মৌচন্দাই কলিজা পখালি পখালি চকুপানীৰ ধাৰবোৰ এৰি থৈ যোৱাতো ভাল হ’ব নেকি বাৰু!
পিছে অশোকৰ মুখলৈ চালেই মনৰ সমস্ত ভাবৰ আঁত হেৰুৱাই তাই বিমূঢ়, কনফিউজড্ হয়৷ তাইৰ সুখৰ কাৰণে মৰি যাব পৰা মানুহজনক কেনেকৈ কয় তাই তাইৰ অসুখৰ কথা ৷
- আইনষ্টাইনক বিচাৰি পালিনে? য’লৈ যাৱ ত’ৰে বুৰঞ্জী খান্দি ফুৰ বুলি জানো৷ কিন্তু ইয়ালৈ আহিও যে ঠাইবোৰৰ সৌন্দৰ্য উপভোগ কৰাতকৈ এইবোৰ বিচাৰি ফুৰিবি ভবা নাছিলোঁ৷ – হাঁহিটোৰে সকলো ঢাকি মৌচন্দা প্ৰগল্ভ হয়৷
অশোকেও কতবাৰ দহহাত দহ আঙুল গাঁতত পুতি পেলায় অযুত কথা৷ পাৰ্থক্য মাথোঁ এটাই – নোকোৱা কথাবোৰেৰে মৌচন্দাই জীৱনৰ পৰা পলায়ন কৰিব খোজে আৰু অশোকে তাইক
জীৱনৰ সৈতে এঘড়ী যুঁজিবলৈ উৎসাহিত কৰিব খোজে৷
- কলিয়াবৰীয়াই আজিও ৰণলৈ ভয় নকৰে বুজিছ ৷ আহোমৰ দিনত কলিয়াবৰৰ গড় আৰু কোঠেহে গড়গাঁৱক নিৰাপদে ৰাখিছিল ৷ তাহানিৰ মূল কলিয়াবৰ আমাৰ শ্যামলাগড়ত বন্দুক-বাৰুদ, বৰটোপ নিৰ্মাণকে ধৰি আহোম স্বৰ্গদেৱে প্ৰতিৰক্ষাৰ সকলো ব্যৱস্থা কৰিছিল ৷ একান্তই নিজা পৃথিৱী এখন ধৰি ৰাখিবলৈ মানুহৰ মনেও অহৰহ গড়-কোঠ নিৰ্মাণ কৰি থাকিব লাগে ৷ জী থাকিবলৈ প্ৰস্তুতি লাগে ৷ বতাহৰ দিশত নিজক এৰি দিবলৈ মানুহ পতান নাইবা ধূলি-বালি নহয় বুজিছ !
আহোম-কছাৰী, আহোম-মুছলমানৰ ৰণত কলিয়াবৰৰ গুৰুত্বৰ কথা কৈ কৈ নাভাগৰে অশোক ৷ তেওঁৰ মতে
জন্মভূমিৰ বীৰত্বৰ ইতিহাসে মানুহৰ ব্যক্তিগত জীৱনৰ সংগ্ৰামক প্ৰতিনিয়ত প্ৰভাৱিত
কৰি থাকিব লাগে ৷
অশোকৰ নেৰা-নেপেৰা চেষ্টাত অৱশেষত তেওঁৰে সৈতে ব্ৰাছেলছ এয়াৰপ’ৰ্টত মৌচন্দা দিল্লীমুখী ফ্লাইটত বহিল ৷ আশুতোষৰ প্ৰেম-অভিমান, প্ৰথম মাতৃত্বৰ আহুকাল, শিশুপুত্ৰ আদ্ৰিয়ানৰ হৈ-হাল্লাবোৰ পপীফুল হৈ ফুলা ব্ৰাছেলছৰ ঘৰ, মানেকেন পিচৰ স্মৃতি উশাহত লৈ তাইক আজীৱন চেনেহেৰে বুৰাই ৰখা অশোকৰ বাবে, কেৱল অশোকৰ বাবে তাই কলিয়াবৰলৈ আহিল ৷ তাত আশুতোষ-আদ্ৰিয়ান নাই, ইয়াত ৰাধিকা নাই ৷ মুঠতে নাই আৰু নাই ৷ ইমানৰ পাছতো, ঔষধৰ ব্যৱসায়ী অথচ মনে-প্ৰাণে বুৰঞ্জীৰ শিক্ষক, অশোকে কলিয়াবৰৰ কুকুৰাকটা, শ্যামলাগড়ৰ শৌৰ্য-বীৰ্যৰে তাইক তুলি ধৰিব খোজে৷ কাটি-কুটি মানুহে হাল বাবলৈ লোৱা চামধৰা গড়ৰ অৱশিষ্ট চাবলৈ মৌচন্দাই যোৱা কেইবাদিনো অশোকৰ সৈতে অঞ্চলটো ভ্ৰমি ফুৰিছে ৷ অশোকে কোৱাৰ দৰে বুৰঞ্জীয়ে আপোনজনক হেৰুওৱা মানুহৰ বুকুৰ ঘা শুকুৱায়, বুৰঞ্জীয়ে জগত-জীৱন চিৰস্থায়ী নোহোৱাৰ সত্যক চিনায়৷ সেই সত্যৰ অন্বেষণতে ব্ৰাছেলছৰ পৰা অহাৰ কেইদিনমান পাছত, মাঘৰ প্ৰথম পুৱাই মৌচন্দা ব্ৰহ্মপুত্ৰৰ একেবাৰে কাষ পালেগৈ ৷
দুচকু মুদি ৰিক্ত মৌচন্দাই আশুতোষ-আদ্ৰিয়ান আৰু ৰাধিকাক স্মৰণ কৰিলে ৷ সমূখত লুইত ৷ লুইতে কলিয়াবৰক শতিকা শতিকাজুৰি উৰ্বৰ কৰি ৰাখিছে৷ তাইকো নাৰাখিবনে! হাজাৰ বুজনি-নিচুকনিৰ পাছতো দেখোন তলসৰা ফলৰ দৰে তাইৰ জীৱনৰ পচন আৰম্ভ হৈ গৈছে৷ বাহ্যিক ৰূপত পচনৰ পৰা প্ৰাণময়তালৈ ওভতনি সকলো জীৱৰ পক্ষেই অসম্ভৱ ৷ ভাগি-ছিগি গুৰি হৈ গলি-উঁৱলি যোৱাৰ পৰা পূৰ্বৰ বা পূৰ্বতকৈও ভাল ৰূপলৈ প্ৰত্যাৱৰ্তন কেৱল মানুহৰ অভ্যন্তৰতহে সম্ভৱ ৷ সেই প্ৰত্যাৱৰ্তনৰ উমান ল’বলৈকে মৌচন্দাৰ অজানিতে তাইৰ পিছে পিছে অহা অশোকে তাইৰ কান্ধত হাত থ’লে ৷ মমতাত জুবুৰিয়াই অনা হাত ৷ মিছলীয়া অশোকৰ ইমান চেনেহ মৌচন্দাই সহে কেনেকৈ ! অশোক মিছলীয়া? আৰু তাই?
- তই নিজকে খুব চতুৰ বুলি ভাব নহয় অশোক? তইহে জীৱন চিনি পাৱ হা! মই সকলো গম পালোঁ বুজিছ ৷
ৰাধিকাৰ মৃত্যু কাৰ এক্সিডেণ্টত হোৱা নাছিল ৷ মোক তহঁতৰ সকলো অসুখৰ পৰা দূৰত ৰাখি সুখী কৰিব খুজিছিলি?
- অহ! –অশোক উচপ খাই উঠিল ৷ ইমান সাৱধান
হোৱাৰ পাছতো মৌচন্দাই কেনেকৈ....কেনেকৈ! উফ্!
পৰিয়ালৰ কোনোবা অজীনপাতকীয়ে ক’লে নিশ্চয় ৷ ৰাধিকাৰ ৰোগটো ধৰা পৰাৰ সময়তেই মৌচন্দাৰ জীৱনত ঘটিছিল ভয়ংকৰ ঘটনাটো ৷ তাই স্বামী-সন্তানক হেৰুৱাইছিল ৷ সেই পৰিস্থিতিত তাইক একো কোৱা নাযায় ৷ অশোক দিশহাৰা হৈছিল ৷
- ফেল’পিয়ান টিউবৰ কেঞ্চাৰৰ যন্ত্ৰণা অনুমান কৰিব নোৱাৰোঁ ৷ কিন্তু আমি দুয়ো মিলিতো ৰাধিকাৰ বাকী থকা জীৱনক অলপ হ’লেও সুখময় কৰিব পাৰিলোহেঁতেন ৷ পাৰিলোহেঁতেন ন? – মৌচন্দাৰ মাত ভগা-ছিগা৷ হিকটিত লাগি ধৰিছে ক’ব খোজা বহু শব্দ ৷
অশোকে হাজাৰ হাজাৰ মাইল দূৰত থকা মৌচন্দাক ৰাধিকাৰ অসুখৰ কথা জনোৱা নাছিল ৷
ৰাধিকা গুচি যাব বুলি তেওঁ সপোনতো ভবাই নাছিল ৷ কেঞ্চাৰৰ চিকিৎসা আৰম্ভ হোৱাৰ এমাহৰ
পাছতে ৰাধিকাই হাৰ্টফেইল কৰিছিল ৷ হতভম্ব,
অসহায়
অশোকে তাইক ৰাধিকাৰ মৃত্যুৰ খবৰ দিবলৈও মন কৰা নাছিল ৷ অৰ্ধমৃত ছোৱালীজনীলৈ
প্ৰাৰ্থনা পঠিওৱা উচিত নে শোক! মৌচন্দাক ৰাধিকাৰ মৃত্যুৰ কাৰণ নজনাবলৈ পৰিয়ালক
সাৱধানবাণী শুনাই তেওঁ এপষেক পাছতহে তিনিআলিৰ পথ দূৰ্ঘটনা এটাত নিমিষতে ৰাধিকা
গুচি যোৱাৰ কথা মৌচন্দাক জনাইছিল ৷ পাছত জানিলেও জানিব, কিন্তু চকুলোত বুৰি থকা মৌজনীক ৰাধিকাৰ কষ্টকৰ মৃত্যুৰ কথা ক’বলৈ অশোকৰ সত
নগ’ল ৷
- অকালতেই হওঁক বা সঠিক কালতেই হওক,
গুচি
যোৱাজনৰ বাবেহে মৃত্যু সম্পূৰ্ণ সত্য ৷ মৃতকৰ পৰিয়ালৰ বাবে কিন্তু সেই মৃত্যু অলপ
সত্য আৰু অগাধ ভ্ৰম৷ অনুভৱ-স্পৰ্শৰ উৰ্ধ্বলৈ গুচি যোৱা প্ৰিয়জনক আমি নিজৰ
বিষাদ-বিলাসৰ বাবে বান্ধি ৰাখোঁ কিয়?
মৃত্যুসৃষ্ট
শূন্যতা সহনীয় কৰাৰ বাদে আমাৰ অন্য উপায় নাই! উঠ মৌ৷ – এনেকুৱা মুহূৰ্তত ক’বলৈকে
যেন অশোকে কথাখিনি বহুদিন ধৰি সাঁচি ৰাখিছিল ৷
- ময়ো তোৰ পৰা কথা এটা লুকুৱাইছোঁ ৷ –
নিয়ৰত তিতা নৈপৰীয়া বালিত বহি থকা ভাগৰুৱা মৌচন্দাৰ আজি কথাবোৰ কৈ নিৰ্ভাৰ হ’বলৈ
মন গৈছে ৷
- জানো ৷
- জান?
একো
নাজান তই৷ শুন, আশুতোষৰ লগত মোৰ ডিভোৰ্ছ হোৱা নাই৷ মই
তোক কোৱাৰ দৰে বুদ্ধিৰে আদ্ৰিয়ানক কাঢ়ি সি মোক কোনো বিশ্বাসঘাতকতাও কৰা নাই ৷
- ওঁ জানো ৷
- কি জান? কি জান তই?
নদীলৈ নামি অহা ঘন ডাৱৰহেন কুঁৱলীখিনি
কঁপি যোৱাকৈ চিঞৰি উঠিল তাই ৷
- ডৱন প্ৰদেশত অতি বিষাক্ত ৰাসায়নিক পদাৰ্থ কঢ়িয়াই নিয়া ট্ৰেইনখনত প্ৰচণ্ড গতিৰ পেছেঞ্জাৰ ট্ৰেইন এখনে খুন্দিওৱাৰ কথা জানো ৷ – মৌচন্দাৰ দৰে আজি অশোকৰো নিৰ্ভাৰ হ’বলৈ মন গৈছে ৷ অতি আপোনজনৰ সৈতে বিষাদ আৰু হাঁহিৰ লুকাভাকু খেলি খেলি তেওঁৰো ভাগৰ লাগিছে ৷
- নেশ্বনেল ৰে’লৱে কোম্পেনি অৱ বেলজিয়ামৰ ষ্টেটমেণ্টত ১৯ জন যাত্ৰীৰ মৃত্যুৰ কথা সদৰি হোৱাৰ কথা জানো ৷ তাৰে দুজন আশুতোষ-আদ্ৰিয়ান বুলিও মই জানো মৌ ৷
মৌচন্দা ব্যস্ত থকাৰ কাৰণে ছুটীৰ দিন এটাত আশুতোষে অকলেই আদ্ৰিয়ানক
ফুৰাবলৈ উলিয়াই নিছিল৷ লেপটপ খুলি কামত মগ্ন হৈ থকা মৌচন্দাক যাবৰ পৰত দুয়ো দুগালত দুটা চুমা দি গৈছিছিল৷ সেই চেনেহৰ প্ৰত্যুত্তৰ দি স্বামী-পুত্ৰক আদৰেৰে বিদায়
দিবলৈও তাইৰ হাতত সেইদিনা সময়ৰ অভাৱ আছিল ৷ আজি সময় আছে, সিহঁত নাই ৷ দুয়োটাৰ জীয়া শৰীৰৰ শেষ উত্তাপকণ বিচাৰি উজাগৰ ৰাতি তাই
নিজৰেই দুগাল বাকুঁহি পেলায় ৷
- স্বামী-সন্তানৰ মৃত্যুৰ শোক অকলে সামৰি থৈছ..মিছলীয়া...তই.....মৌ...!
নিৰ্ভাৰ হ’বলৈ গৈ অশোক দুখত গধুৰহে হ’ল ৷ বয়সে শিকোৱা আত্মনিয়ন্ত্ৰণৰ উৰ্ধ্বত মানুহ কেতিয়াবা কেৱল কাটিলে তেজ ওলোৱা সাধাৰণ পচনশীল জীৱলৈ ৰূপান্তৰিত হ’বলৈ বাধ্য ৷ ইতিমধ্যেই দুয়ো দুয়োৰে ওচৰত ধৰা পৰি গৈছে ৷ কলিজাত চিচুখৰিৰ দগমগ আঙঠাৰ দৰে দুখ লুকুৱাই ইজনে সিজনক সুখী কৰি ৰাখিব খোজা ল’ৰা-ধেমালিৰ অন্ত পৰিছে ৷
- আমি এতিয়া কি কৰিম অশোক? – মৌচন্দা যেন গুৰগুৰকৈ খহি পৰা এটা পুৰণি উঁই হাফলু ৷
স্থিতপ্ৰজ্ঞ অশোকৰো মাত কঁপিছে ৷ সান্ত্বনাৰ বৃথা চেষ্টাৰ পৰিৱৰ্তে মাঘৰ কুঁৱলি আৰু চকুলোত তিতা দুচকু ঢাকি দুয়ো পিতা-পুত্ৰী কান্দোনত ভাগি পৰিল ৷ ককাক-আইতাকৰ মুখত শুনি শুনি মা-দেউতাৰ পৰিৱৰ্তে পিতৃ-মাতৃক অশোক-ৰাধিকা বুলি নামকাঢ়ি মাতিবলৈ লোৱা মৌচন্দাজনী ফুটুকী কণমানি এজনী হৈ পিতাকক সাবটি ধৰিলে ৷ খন্তেকৰ বাবে অশোক অসহায় হ’ল ৷ কাৰ বাবে কান্দে এতিয়া তেওঁ? মৃতকৰ বাবে নে শোকত অৰ্ধমৃত একমাত্ৰ সন্তানৰ বাবে! ভ্ৰমৰ পৰা মুক্ত হৈ কেৱল পিতা হ’বলৈ তেওঁ নিজৰ সৈতে তয়াময়া ৰণত অৱতীৰ্ণ হ’ল ৷ শত্ৰুক ভেটিবলৈ বন্ধা গড়ৰ ইতিহাসেৰে চহকী প্ৰকৃত কলিয়াবৰীয়াই জীৱনৰ গড় বন্ধাৰ কলা-কৌশলো ভালকৈ জানে ৷ এয়া অস্ত্ৰ পেলোৱাৰ সময় নহয় ৷ যুঁজাৰু মন এটাৰে এইবাৰ অশোক পোন হ’ল আৰু জননী-সন্ততি-জীৱনসঙ্গীক একে সময়তে চিৰদিনলৈ হেৰুৱাই পেলোৱা চেনেহৰ জী মৌচন্দাৰ ৰাজহাড় হৈ তেওঁ তাইক তুলি ধৰিলে ৷
লাহে লাহে কুঁৱলি ফালি বেলিও উঠি আহিল ৷ অভ্যন্তৰৰ ধুমুহা সহিবলৈ দুয়ো বুৰঞ্জীৰ বীৰযোদ্ধা হৈ পুৱাৰ ৰঙাবেলিলৈ বৰ আশাৰে চালে ৷ এই বেলিও যেন বুৰঞ্জীত
জন্মা গৌৰৱগাঁথাৰেই বেলি ৷
আকাশৰ সিপাৰৰ আশুতোষ-আদ্ৰিয়ান-ৰাধিকাৰ অদৃশ্য সাধুকথাৰ পৰিৱৰ্তে ৰ’দ
জিলিকা ব্ৰহ্মপুত্ৰৰ বালিত ক্ৰমশঃ দৃশ্যমান হ’ল এহাল পিতা-পুত্ৰীৰ জীৱনমুখী ওভতনি
খোজ ৷
***
ভ্ৰাম্যভাষ : ৯৬১৩১৪০১৫৩৷