নীলোৎপল বৰুৱা
ফাৰ্চী-টাপু সেই বছৰ তিনিটা
আৱেশত আছিল৷
তিনিটা মুড৷
তাৰে পানীত গেলা মৰাপাটৰ
উৎকট গোন্ধৰ সময়টো আছিল এটা অচিন পুলকৰ৷
ফুৰফুৰীয়া আৰ্দ্ৰ বতাহ
এটা বৈছিল৷
কোনোবা অবালচন্দে জাগ্ৰত
আৰু নিদ্ৰাৱস্থাৰ মাজৰ স্বপ্নময় দশাত কাণ উনালে ৰুণা লায়লাৰ মাত শুনি যাব পৰাকৈ
ঠাইডোখৰ তন্দ্ৰালস৷
মথাউৰিটোৰ ঠিক মাজতে য’ত
-
...মনেৰ দুখ ক’ইনা ৰে
বন্ধু ৰাইখাছি অন্তৰে...
তোমায় নিয়ে ঘুৰি ৰে
বন্ধু দেশ দেশান্তৰে…
প্ৰতি ৰাতিপুৱা বাজে, সেইখিনিতেই
বৰকতৰ চাহ দোকান৷
‘ৰূপৱান’ত ৰুণা লায়লা
উজলি উঠিছিল৷
ভয়ংকৰ, খাঁও খাঁও কাৰুণ্যৰে৷
শ্বেখ মুজিবুৰেও হেনো ৰুণাৰ কণ্ঠত হ’বলগীয়া বাংলাৰ সোণাৰ প্ৰতিমুৰ্তিৰ অনিৰূদ্ধ কণ্ঠস্বৰ
শুনিছিল৷ আহাহা..বাংলাৰ কণ্ঠ৷ সোণৰ কণ্ঠ৷
(এইখিনি কথা লালটেন চাচাৰ
পৰা শুনা৷ ঠিক কিশোৰ হওঁ নহওঁ অৱস্থাত ভি চি আৰত চোৱা ‘ৰূপৱান’৷ বৰকতৰ কলিজাত সোমাই
ৰৈছে৷ ঠিক নাভীৰ ভিতৰৰ পাকত সোমাই থকা চাঁহী এটাৰ দৰেই৷ ওলাই অহা নাই৷ নাহে৷
এতিয়া সেইটো এটা প্ৰাৰ্থনা)
জাতীয় ছহিদ সোণাৰাম বৰাৰ
আৱক্ষ মূৰ্তিটোৰ পৰাই মথাউৰিটো৷ সেইখিনিতে মথাউৰিটো লতা কছাৰীৰ নাকটোৰ দৰে৷ আকৃতি
এটা ধাৰণ কৰাৰ অপেক্ষাত থকা নাক এটা৷
দোকান মানে কি আৰু, চালি
এখনৰ তলত কেবাখনো বেঞ্চ৷ বাঁহৰ খুটাত তক্তা বন্ধা৷ ইটা আৰু মাটিৰে বনোৱা দুটা চুলাৰ
ভাটি এটা৷ কাবা মছজিদৰ ডাঙৰ ফটো এখন, চাৰ্জিং লাইট এটা আৰু দুই এটা বাচন বৰ্তন৷ ভাটিটোৰ
তলতে অজু কৰিবলৈ লোৱা দুটা লোটা৷ ৰূপালী ৰঙৰ৷ কাৰোবাক লাগিলে লৈ যায়৷
উৎকট চেনি দিয়া ক’লা চানেকীয়া
গাখীৰ চাহ আৰু নকল অ’ৰিঅ’ বিস্কুটৰ সৰু সৰু পেকেট বেচি ৰঙাচুলীয়া বৰকতে বহু টকা ঘটে৷
পুৱাই দোকানৰ সন্মুখত ভিৰ
লাগে৷
বটলত ভৰোৱা পেট্ৰ’ল আৰু
বিড়িৰ প্ৰচুৰ বিক্ৰী আছে৷ পুৱাই চহৰলৈ হাজিৰা কৰিবলৈ ওলাই যোৱাকেইটাই সোৱাদ কমি যোৱাৰ
অভিযোগ একোটা দি কেবামুঠিও বিড়ী কিনি নিয়ে৷
: শালপাতবোৰৰ তাগদ কমিছে..
বনৰ গছেও দু-নম্বৰী কৰে
আজিকালি..
নাইবা আগৰ দৰে চেধাপাতবোৰ
গোৰাই নথয় বেছি দিন৷ যা তা পাত মিচল কৰে...
নতুবা
: স্বাধীনতাৰ আগৰ কোম্পানীবোৰৰ
একোটা উচুল আছিল৷ লাভচাড়া হ’লেও বেয়া মাল নিদিয়ে..
ইমান হ’ল আল্লাৰ দান৷
সবকে নিদিয়ে৷
ইমান ল’বলৈ কান্ধ লাগিব,
যি কান্ধে দোযখ পাৰ কৰোতে কচালি পেলাব পাৰে পাপ৷ কেয়ামতৰ দিনা সকলো হিচাপ কিতাব হ’ব৷
কাফেৰৰ দিন শেষ হ’ব৷
(এইটো অভিযোগ সাধাৰণতেই
লালটেন মিঞাইহে দিয়ে৷ বাকীবোৰৰ অভিযোগ কেঁচামালত সীমাৱদ্ধ৷ বস্তুগত চেতনাৰে ৰূদ্ধ৷
জৱাই কৰা মঙহ আৰু সিক্ত যোনীদ্বাৰৰ বাদে আল্লাহৰ পৃথিৱীত বহুতে একো নেদেখে৷ আনকি হামিদ
মৌলৱীয়েও৷ প্ৰতি দিনেই আজানত ‘আছাদুল্লা ইলাহ ইলাল্লাহ’টো ‘আছাউললালহ’ বুলি মাতি সামৰি
থোৱা গুড় বেপাৰী হামিদক লালটেনে এনেও দেখিব
নোৱাৰে৷
আল্লাহৰ খেদমতত ভুল কৰিলে
সমস্ত ভুল হৈ যাব৷ অজাতশত্ৰু হোৱাৰ পৰা লালটেনক
একমাত্ৰ হামিদেইহে ৰখাইছে৷
লালটেন মিঞাই একমাত্ৰ
যাৰ প্ৰতিটো কথা সময়ানুগ৷
প্ৰাচীন৷
অথৱা একোটা ফচিলৰ দৰে৷
এইমাত্ৰ খান্দি উলিওৱা৷ বিকট আকৃতিৰ কাল-বৃত্ত এটাৰ কেন্দ্ৰত লালটেন মিঞা দণ্ডায়মান৷
অৱশ্যে এই স্বাধীনতাটো সেই স্বাধীনতা নহয় বুলি ফাৰ্চীটাপুৱে জানে৷
এইটো মুজিবুৰে অনা স্বাধীনতা৷
ৰাজাকাৰৰ পৰা মুক্তি৷
তাৰ আগৰ স্বাধীনতাটো ভুৱা
আছিল৷
লালটেন মিঞাৰ এই গুণটোৰ
বাবেই সকলোৰে প্ৰিয়৷ সকলো কথা শিপাৰ সৈতে মিলাই পেলায়৷ ৰুহৰ সৈতে মিলি যায়৷ কোনোবাটো
সময়ত মানুহবোৰ অৱচেতনভাৱে লালটেনৰ সৈতে একমত হৈ পৰে-কয়ামত আহিব৷ অলম’ষ্ট আহি আছে৷)
চৰত বহু পাকঘৰলৈ চাহৰ যোগাৰ
এতিয়াও পুৰাকৈ অহা নাই৷ ঘৰত চাহ বনোৱাটো এতিয়াও এক ইলাহী কাৰবাৰ৷
কামত নহা গুটীয়া নাও কেইখনমান
বৰকতৰ দোকানৰ সন্মুখত মথাউৰিৰৰ সিপাৰে বান্ধে৷ দল ঘাঁহ আৰু ঈষৎ সেউজীয়া পানীৰ মাজত
আলকতৰা ঘঁহা নাওঁ কেইখন প্ৰায়েই এনেই পৰি থাকে৷ দুই এখনে বিলত মাছ মাৰে৷ এক দুখনে
এনেই ইফাল সিফাল কৰে৷ বিলৰ পাৰত থকা খালাজানৰ তালৈ পদিনা পাত কেইটামান আনিবলৈকে দুই
চাৰিটা কিশোৰ এনেই গুছি যায়৷ মাজ বিলত নাও ৰখাই সিহঁতে মোবাইলত নিষিদ্ধ ছৱি চায়৷
বৰকতৰ কাষতে থকা দোকানখন
চেলিমৰ৷ চেলিমে ইণ্টাৰনেটৰ সংযোগ থকা কম্পিউটাৰ লৈ চৰৰ বিভিন্ন কাম কৰে৷ শেহতীয়াকৈ
সি জেৰক্স মেচিন এটাও আনি লৈছে৷ হামিদ মৌলৱীয়ে দোৱা কৰা জেৰক্স মেচিনটোৱে দুদিনমান
নহওঁতেই কাগজ ফচাবলৈ আৰম্ভ কৰিছে৷ মেচিনত কাগজ ফচিলেই চেলিমে মনে মনে কলিমা পঢ়ে আৰু
ফাৰুকক গালি দিয়ে৷ মেচিন অনা বলেৰ’খন সি লাহে লাহে চলাবলৈ কৈছিল৷ ফাৰুকে ঠেকেচি উৰুৱাই
আনিছে৷
বতাহে বৰনদীৰ পৰা পাল
পাতি পাতি জল-গন্ধ লৈ আনে৷
পাটৰ বতাহ ব’লেই ডাঠ কফ্
আৰু পূৰ্বপুৰুষৰ স্মৃতিয়ে টান খামোচ দি ধৰা কলিজা এটাৰে লালটেন মিঞাই ভোৰভোৰাই..
...দ্যেখ দ্যেখ..এই খিনি
পদ্দাৰ বতাহ..গলদা চিংড়িৰ গোন্ধ৷ খাচা ভৰাই উঠাইছে৷ পানীত মিষ্টি ৰস পৰিছে ল’ৰাহঁত৷
মাছে মিলাদ পাতিব৷
থুতৰিটো প্ৰায় এশ বিশ
ডিগ্ৰীত উঠাই লালটেন মিঞাই এটা এটাকৈ শব্দবোৰ কৈ যায়৷
নকয়৷
টানি আনে আত্মাৰ পৰা৷ আত্মাৰ
ভিতৰত শব্দবোৰ বুলেটৰ দৰে খাজি থোৱা থাকে৷ লালিমৰ গুবিন দাসৰ সৰুজনী ছোৱালী ফুচুলাই
নিকাহ কৰোৱা, ইলেক্ট্ৰ’নিক্সৰ চাইনা মাল বেচা খোনা আবেদে জোকায়-
নানাজান..তোমাৰ ভিতৰত আছে
প্ৰাণ..
তাৰ ভিতৰত মেচিন গান..
তাৰ ভিতৰত মেচিন গান৷
আবেদ চৰৰ উত্তৰপাৰলৈ আজিও
যাব নোৱাৰে৷ কৈৱৰ্ত্ত গাঁৱত তাৰ বিপদ আছে৷ বস্তাত সোমাইহে চৰলৈ আহিব৷ (আবেদৰ বিকট আকৃতিৰ
পুৰুষাংগ আছে বুলি বুবু-বাবা এটা আছে৷ সমনীয়াৰ পৰা বিয়পি গৈ ডাঙৰখিনিৰ মাজতো তাৰ
এটা অনুচ্চাৰিত স্বীকৃতি আছে৷ আকৃতিবিহীন সমীহ আছে৷ কোনোবাই কয় সেই চৰৰ সিয়েই বৃহৎ৷
তেনেকুৱা সম্পদ থকা মানুহেটো যিকোনো নাৰীকে বশীভূত কৰিব পাৰে৷ যিকোনো নাৰী৷ )
আহাহা...আমৰ আচাৰৰ মকমকোৱা
গোন্ধ বৈ আহিছে..
এইজাক বতাহ মধুমতীৰ..মধুমতীৰ..
একগাল জীয়ৰী বোৱাৰীয়ে
ঢাৰি পাৰি কেচাঁ আম ৰ’দাইছে..ভাজি গুড়ি কৰা জিৰা আৰু ঘাণীত পেৰা সৰিয়হৰ তেলৰ চোকা
উলাহ৷ আমৰ মঙহৰ ভিতৰলৈকে কুৰুকি সোমাই যায়৷
চৌপাশে ঘৰ, মাজত চোতাল৷
ৰেকাবিত সন্দেশ আৰু গুড়গুড়ীত গোপালগঞ্জৰ ধপাঁত৷ মধুমতীয়েহে পাৰে ইমান সুৱাসৰ ভাৰ
ব’ব..
লালটেনে কোনো দিনে বৰনদীক
বৰনদী কোৱা নাই, পদ্দাই কৈছে৷ তিনিসুঁতিক মধুমতী৷
আজিও ধপাঁত ভাল গোপালগঞ্জৰেই৷
চিকণৰ কাজ মৌলৱী-বাজাৰৰ নিচিনা ক’তোৱেই নহয়৷ ছোহৰাৱৰ্দীয়েই এই দুনীয়াৰ ত্ৰাণকৰ্তা৷
খাজা চাহাবৰ দৰে নেতা দুনাই নোলাব৷
বৰকতৰ দোকানত লালটেনৰ ভোৰভোৰণিবোৰ
যুজঁৰ বিউগলৰ দৰে৷
শীতৰ পৱিত্ৰ পুৱা এটাত
উফৰি অহা ৰণচালিৰ খনখননি এটাৰ দৰে৷ স্নায়ুৱৰ্তনী মুকলি কৰি দিব পৰাকৈ শক্তিমন্ত৷ অভয়৷
আনকি ভঙা-টুটা বিচাৰি পুৰণা
চাইকেলৰ ফ্ৰেমত বস্তা বান্ধি ওলাই অহা হাবুলেও দৰক দিয়ে৷
যিয়েই ভোৰভোৰাওক লালটেন
মিঞাই, সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে কাণ পাতে৷
এই ধৰক- লালটেন মিঞা এটা
পূত, মংগলময় ৰেডিঅ’৷ সনাতন কণ্ঠস্বৰ এটাৰে দুখৰ দিনত মানুহৰ হৈ অনৰ্গল দোৱা কৰি আছে৷
এটা নিস্তব্ধ তামৰংগী শুকান আলিবাটেৰে বহুদূৰ খোজকাঢ়ি গৈ থকা উদ্বাস্তু মানুহক ৰুণা
লায়লা শুনাইছে৷ সুমিষ্ট শুকান খেজুৰ, বেদেনাৰ দানা আৰু গুড়-মুৰিৰ ভৰ্তি পাত্ৰ এটা
হাতত তুলি দিছে৷
...আৰু কৈছে- আদমৰ জাত..যলৈকে
নগৈছা সেয়া তোমাৰেই সাম্ৰাজ্য৷ তাক বিস্তাৰ আৰু পৰিৱৰ্ধন কৰা৷ আল্লাহে বীৰ্যবান আৰু
বিশাল গৰ্ভৰে এই দুনীয়াত তোমাক কায়েম কৰিছে..
আনকি পানীৰ যুৱঁলীতে চয়তানে
টানি ডুবাই মৰা মৰ্জিনা বেগমৰ ফুলি উঠা লাচটো উঠাই আনোতেও লালটেনৰ কথা শুনিবলৈ দৰক
দিছিল জাকটোৱে৷
এনেই ভোৰভোৰাই আছিল লালটেনে৷
জুমৰএকেবাৰে শেহত৷
: কাবুচ যেতিয়া মিচৰৰ
ফাৰাও হৈছিল..৷ অহংকাৰে তাক সাপৰ দৰে মেৰাই ধৰিছিল৷ তাৰ মন গৈছিল সৰ্বজনপূজ্য দেৱতা হ’বলৈ৷
সকলোকে হুকুম দিছিল-আজিৰ
পৰা ময়েই তোমালোকৰ আল্লাহতালা৷..
আছিয়া বিবিয়ে বহু চেষ্টা
কৰিছিল কাবুচক বুজাবলৈ৷
কাবুচে নুবুজিলে!
ফাৰাওৰ পতন হ’ল৷
মিচৰৰ সোণালী যুগ অন্ত
পৰিল৷
আনকি জীয়ৰীৰ বয়সৰ ছোৱালী
এজনী আগৰাতি নিকাহ কৰাই অনা মৰ্জিনা বেগমৰ গিৰিয়েক খাজাও কিছু সময় ৰৈ দিছিল৷ কয়ামত
আহিলে কি হ’ব৷ সি চাগৈ চিধাই দোযখৰ জুইত পৰিব৷
দিনৰ দিনটো চাহদোকানৰ এচুকত
বহি থকা লালটেনক প্ৰতি এক দুঘণ্টাৰ মূৰে মূৰে চাহ একোকাপ দিয়ে বৰকতে৷
এনেই৷
কোনো মতলব নাই৷ পো-নাতিৰে
ভৰি থকা ঘৰৰ লালটেন মনত পৰাৰ পৰা চিৰা আৰু গুড়তে জীয়াই আছে৷ কেতিয়াবা তিয়াই থোৱা
চিৰা, কেতিয়াবা শুকানে গাল মাৰি৷ চল্লিশ কেজি মান ওজনৰ দীৰ্ঘকায় শুকান মানুহটোৱে
কাহানিবাই ঘৰুৱা কাম-কাজৰ পৰা অৱসৰ লৈছে৷
চাহ খাবলৈ অহা কোনোবাই
আৰু একাপ চাহৰ পইচা ওপৰঞ্চি দি যায়৷ লালটেন চাচাৰ কাৰণে৷ সাত সোতৰই মিলি বহু কাপ
চাহ জমা হয়গৈ৷
মাটিৰ তলৰ পৰা খান্দি
উলিওৱা মানচিত্ৰ এখনৰ দৰেই লালটেনৰ কপালখন৷ গাৰ ছালবোৰ৷ শোটোৰা-শোটোৰি৷
: … দ্যেখ পোলাৰা..বংশ
ভূতৰ নিচিনা৷ উপৰি পুৰুষ ডাইনীৰ নিচিনা৷ গম নোপোৱাকৈ পিঠিত উঠি আহে৷ নমাব নোৱাৰ৷ কোন
সময়ত ই তোক গিলি পেলাব ক’বই নোৱাৰিবি৷
বংশ হেৰুৱাৰ বেদনা তেজ
বতিয়াই দিয়া কাঁহতকৈ ভয়ানক৷ ই তোক খুলি খুলি খাব৷
:...কয়ামত আহিব৷ বংশ
খোৱা কাফেৰবোৰ জ্বলা জুইত পৰিব৷ চাল্লা..নিজৰ জমিত বিদেশী হৈছো৷
সুৰমাৰ ইটো পাৰ সিটো পাৰৰ
ফৰক৷ কাফেৰবিলাকে ইপাৰে বংশ খাই পেলাইছে৷
সিপাৰে এতিয়াও মধুমতীৰ
বতাহ দলদোপ হেন্দোলদোপ৷
সুৰমা অথৱা মধুমতীক নজনাবোৰো
অকস্মাত বিষাদত ব্যথিত হৈ পৰে৷
চৰকাৰী দলৰ সংখ্যালঘু কোষৰ
চেক্ৰেটাৰী হোৱা নিজামুদ্দিনৰ ওঠখন অলপ ফাক হৈ যায়৷ আঁতত কোনোবাই প্লাচ এডালেৰে চেপি
দিয়াৰ দৰে বিকৃত ওঁঠ৷ নিজামে নিজকে কেতিয়াবা কাফেৰৰ দৰে পাই৷ এনেও সি মাজে মাজে গানী
ডাকে বুলি মানুহে সন্দেহ কৰে৷
শেহতীয়াকৈ নিজামে দুখন ট্ৰেক্টৰ কিনিছে৷ পাটৰ গুদাম
লৈছে টাউনত৷ চৰৰ পাট নিজামৰ নামত যায়৷ অকল ফাৰ্চীটাপুৰে নহয়৷ কাষৰ টাপু বিলাকৰো
পাট নিজামৰ গাদীতে পৰে৷ কোনোবাই কয় পাটৰ গাড়ীত শুকান ভাঙো যায়৷ ৰিফাইন হোৱাৰ পাছত
আগুনৰ দামত বিক্ৰী হয়৷
: ভাচানীয়ে জানিছিল৷ খাজা
চাহাবেও জানিছিল৷ দেৱদাসৰ আনোৱাৰ হোছেইনৰ দৰে নায়কৰ চেহেৰাৰ মুজিবুৰেও জানিছিল৷ কিন্তু
পাকিস্তান অনাৰ তাড়নাত সিহঁতে বংশ চোবোৱা চয়তান মানচিত্ৰত মেলি দিছে৷ চবেই জানিছিল
চবেই..
থিৰথিৰকৈ কঁপে এনেকুৱাত,
লালটেন৷ ধমনীৰ মাজেৰে শংখচূড়ৰ বিষ বৈ যোৱাৰ দৰে৷ সন্মুখত জুম থাকিলে জুমটোৰ চলতি
কথাবোৰ ঘূৰ্ণীত উৰি যোৱা ছাঁইৰ দৰে অদৃশ্য হয়৷
চিলেট আৰু মৈমনচিংহত ভাচানী
ঘুৰি ফুৰিছিল পাকিস্তানৰ ওকালতি কৰি৷ অসমৰ পৰা বাৰে বাৰে সভা কৰিবলৈ যোৱা ভাচানীয়ে
খালী ভৰিৰে সুৰমাৰ পাৰে পাৰে পাকিস্তানৰ মন্ত্ৰ আওৰাইছিল৷
..দোআ কৰা ভাইজান..
পাকিস্তান আহিলে সকলো দুখৰ
অন্ত পৰিব..
এই জমিত সোণ ফলিব৷ পদ্দাই
পেটত সামৰি থ’ব বান৷ জিন্না চাহাব সাধাৰণ ইন্সান নহয়৷ দূৰ দিগন্তৰ সপোন এটা টানি
আনি মুলুকত দেখুৱাইছে৷ আদৰি লোৱা মোৱাজ্জিন ভাই সকল.. আদৰি লোৱা৷ কাফেৰৰ দেশত মূৰ তল
কৰি কিমান দিন জীয়াবা৷
কাইলৈ হিন্দুস্তান হ’লে
কফন বিচাৰি নাপাবা..
বৰকতে চাহ একাপ থককৈ থৈ
যায় লালটেনৰ সন্মুখত৷
: লাখ লাখ মানুহৰ বংশ
হেৰাই গৈছে৷ চাই থাক কেয়ামত আহিব৷
চন্দুকত সোমাই আহিব৷
বিদেশীৰ পৰা আহিব কয়ামত৷
ভূমধ্যসাগৰ আৰু ৰঙা সাগৰৰ
মাজৰ সুৰুকীয়া বাটেৰে সোমাই আহি মিচৰত বহা বিদেশী বণী ইজৰাইলীৰ পৰাই কেয়ামত আহিছিল৷
কোনেও গম নোপোৱাকৈ৷
নীল নদীৰ বুকুৰে উটি আহি
ফাৰাওৰ মহলত ঠেকা খাইছিল৷
কাবুচে ভয় খাইছিল৷
সৰ্বশক্তিমান ফাৰাওৱে সপোন
দেখিছিল৷ বৃদ্ধ এজনে হাতত পাল্লা লৈ ৰৈ আছে দৰবাৰত৷ মিচৰৰ সকলো গণ্যমান্য ব্যক্তি এফালে,
আনফালে এটা কণমান ভেড়া পোৱালি৷ কিন্তু ই কি..
আচৰ্য৷ ভেড়া পোৱালিটিৰ
ফালেই পাল্লা ভাৰী৷
সপোনৰ অৰ্থোদ্ধাৰ কৰি ভীত
কাবুচে হুকুম দিছিল৷ যিমান বণী ইজৰাইলী আছে সকলোৰে শিশু, সন্তানক হত্যা কৰা হওক৷ কেনান
দেশৰ পৰা আহি মিচৰত বহা এই বিদেশীবোৰৰ কোনোবা অচিন অজান সন্তানে পৰম শক্তিমান, পূজ্য
দেৱতা কাবুচক হত্যা কৰিব৷ অসম্ভৱ৷
কাবুচে জনা নাছিল যে কিবতীসকলৰ
অভেদ্য দূৰ্গত নিজৰ মানুহৰ মাজতে বিদেশী সাপ সোমাই আছে..
নিয়াৰিত হাতুৰী পৰাৰ দৰে
ঝনঝনাৎ কাহিনী কৈ যায় লালটেনে৷ শুকান চিৰা আৰু গুড়ে শুকান দেহাত ইমান শকতি কেনেকৈ
দিয়ে৷ কেনেকৈ৷
লালটেনৰ দেহা যদি পদ্দা
নদী তেতিয়াহলে কাবুচৰ কাহিনী কোৱা সময়খিনি চৌসত্তৰৰ বান৷
নতুনকৈ মটৰ চাইকেল এখন
লোৱা হামিদ মৌলৱী চক খাই যায়৷ মক্তৱ, মাদ্ৰাছা পঢ়ি অহা হামিদৰ হঠাৎ কয়ামতলৈ ভয়
লাগি যায়৷
: ফাৰাওৰ নিজৰ দূৰ্গৰ দাৰোৱান
ইমৰাণেই আছিল বিদেশী৷ যি সময়ত মিচৰত ইজৰাইলীসকলৰ শিশু সন্তানক এফালৰ পৰা হত্যা কৰা
হৈছিল, সেইসময়ত ইমৰাণৰ বিবিজান ইউখাৱেজ গৰ্ভৱতী৷ খোদাৰ কৃপাত নৃসংশ সৈন্যই ইউখাৱেজৰ
পেটত হাত ফুৰাইও গৰ্ভৱতী বুলি ধৰিব নোৱাৰিলে৷ আল্লাহৰ কৃপা দ্যাখ দ্যাখ..
ভূমিষ্ঠ হোৱা পুত্ৰ সন্তান
মুচা (আঃ)ক জ্বলি থকা চিমনীত পেলাই দিয়াৰ পাছতো জীয়াই থাকিল৷ চন্দুকত ভৰাই নীল নদীত
পেলাই দিয়া মুচা (আঃ) ক আছিয়া বিবিয়ে পাই নিজৰ সন্তানৰ দৰেই প্ৰতিপাল কৰিলে৷
আহাহা...আল্লাৰ কি মৰ্জি
বৰকত আল্লাৰ কি মৰ্জি...
সৰ্বনাশ চন্দুকত সোমাই
আহি ৰাজমহলত পৰিল৷ গাখীৰ খুৱাই সাপ তুলিলে কাবুচে৷
সেই মুচা (আঃ)য়েই তোলনীয়া
পিতৃ ফাৰাওক শেষ কৰিলে৷ নৃসংশ কিবতীসকলক কেয়ামতৰ জুইত নিক্ষেপ কৰিলে৷
কেতিয়াবা কাহিনীৰ মাজত
লালটেন মিঞাৰ সন্মুখৰ পৰা উঠি যাব লগা হোৱা সকলে খোদা হাফেজ কৰি ওলাই যায়৷ শিৰণত
কৰি৷ হাউলি পৰা দেহ সজ্জাৰে৷
একাপ চাহ আৰু এমুঠি বিড়ী
যোগাবলৈ বৰকতক পইচা দি যায়৷ বিনা বাক্যব্যয়ে বৰকতে ষোড়শোপচাৰৰ যোগান ধৰে৷
বিলাহী পকাৰ সময়ত ফাৰ্চীটাপুৰ
আৱেশ সলনি হ’ল৷ বৰকতৰ দোকানৰ সন্মুখত মথাউৰিৰ সিপাৰে জলাহখিনি শুকায়৷ লুঙলুঙীয়া আলিবাট
এটা হয়৷ পুৱতী নিশাতে বৰকতে দোকান খোলে৷ বিলৰ পৰা মাছ আহি পোৱালৈ কাষৰীয়া গাঁৱৰ
পৰা মাছূৱৈ আহি ভিৰ কৰে৷ দুই একে বৰকতৰ দোকানতে চাহ একাপ খায়৷
মাছৰ ডাকত খকাখুন্দা লাগে৷
শোতোৰা পৰি যোৱা শিশু আৰু শুকান ছালৰ মানুহবোৰে নকল অৰিঅ’ বিস্কুট চোবাই পুঁজিবাদক
গালি পাৰে৷ প্ৰতিদিনে বস্তুৰ দাম বঢ়োৱা মেচিনটোক জহন্নামে যাবলৈ শাওপাত দিয়ে৷ অৱশ্যে
ধৰ্মৰ কথা কোনেও নাপাতে৷
বৰকতৰ দোকানত চাহ নোখোৱাসকলে
উন্নাসিক আনন্দ এটাৰ বহিৰ্প্ৰকাশ নকৰাকৈ পানীৰ বটল এটা কিনি লয়৷
বিৰিণাৰ বেৰ দি বনোৱা ঘৰবিলাকত
কুৱঁলী পৰিল আৰু ভিতৰত আল্লাহে শৰীৰৰ উষ্ণতাৰে সন্তান সকলক আনন্দময় কৰি ৰাখিলে৷
সেই বেলি লালটেনে বণী ইজৰাইলীৰ
কথা কোৱা নাছিল৷ এবাৰলৈকো কেয়ামতৰ কথা কোৱা নাছিল৷
শইচ আৰু সাৰৰ কথা ভোৰভোৰাইছিল৷
মধুমতীৰ উপত্যকাৰ চিনিগুড়া
নতুবা বাঁচফুল ধানৰ সোৱাদৰ কথা৷ খেতিৰ মাজত পাটি পাৰি এলুমিনিয়ামৰ থালিত কাটলা মাছৰ
জোল আৰু বাঁচফুল চাউলৰ ভাতৰ দ’ম একোটা গোগ্ৰাসে খহাই যোৱাৰ কথা কৈছিল৷
: মানুচেৰ ভোক আৰু টোপনী
আল্লাহৰ দান৷ ক’তো কিনা নাযায়৷ ক’তো বেচা নাযায়৷ টোপনী চিৰন্তন সত্য আৰু ভোক তাৰ
উন্মাদ সমৰ্থক৷ মানুহ ইতিহাসৰ গুহ্যদ্বাৰৰ একোটা কীটৰ দৰে অনুজ্জ্বল হৈ যাব পাৰে, কিন্তু
ভোক...
...আহাহা..ভোক..বংশৰ পাছত
বংশ উজ্বলি থাকিব ৰে বাবা..
লালটেনে চিৰাও খাব নোৱাৰা
হৈ আহিছিল৷ দিনৰ দিনটো বৰকতৰ দোকানত বহা লালটেনে চাহ কেই কাপমানতে দিনটো কটাই দিয়ে৷
বিলাহী আৰু মৰাপাটৰ মাজৰ
সময়খিনিত লালেটাপুৰ আৱেশটো কৰুণ আছিল৷
বৰকতৰ দোকানখন তাৰ পৰা
উঠি গ’ল৷ মথাউৰি ছিঙি জলাহৰ পৰা বিললৈকে পানীয়ে গিলি থ’লে৷ ফাৰ্চীটাপু নাথাকিল৷ তাৰ
পৰা প্ৰায় ষোল্ল কিলোমিটাৰ দূৰলৈ স্থানান্তৰিত হ’ল৷
নিজে বয়স এশ বুলি ক’লেও
প্ৰায় নব্বৈ মান হোৱা লালটেন নিৰুদ্দিষ্ট হৈছিল৷ কয়ামত অহাৰ আগে আগে যেন ভীৰু সৈন্যৰ
দৰে উধাও হৈছিল ক’ৰবালৈ৷ লাচটোও পোৱা নগ’ল৷ সৰ্বসন্মতিক্ৰমে লালটেন মিঞাৰ অতি মৰমৰ
সম্পদ চিমনী আৰু শলিতা নথকা পিতলৰ লালটেনটোকে কৱৰ দিয়া হ’ল৷ ধুনীয়া লালটেনটো লালটেনৰ
পিতাকে দেশ ভাঙোনৰ সময়ত আতোলতোলকৈ লৈ আনিছিল৷
কেবাটাও ‘ল’ একেলগে উচ্চাৰণ
কৰি হামিদ মৌলৱীয়ে কলিমা তয়ীবা পঢ়িছিল..
লা ইলাহা ইলাল্লাহু মুহম্মদুৰ
ৰছুলুল্লাহ...
মাটিৰ তলত পৰি আছিল লালটেন৷
ভ্ৰাম্যভাষ – ৯৮৫৪৫৬৬৪২৯

