অন্যযুগ/


আৰিগাট’

 নীলোৎপল বৰুৱা

 

আৰিগাট’ যেতিয়া আৰিগাট’ হৈছিল, তেতিয়া জুন মাহ৷

মাখি আৰু লিকলিকিয়া অমৰলতাবোৰ জনতা গেৰেজৰ পাছফালে বাঢ়িবলৈ লৈছিল৷ ব্যৱহৃত কণ্ডম আৰু বীয়েৰৰ বটলবোৰৰ মাজত কমিউনিষ্ট পাৰ্টিৰ এগালমান প্ৰচাৰ‌ পত্ৰিকা পৰি আছিল৷ কাৰোবাক প্ৰচাৰৰ বাবে অতি বিশ্বাসৰে দিয়া হৈছিল৷ নিবিলালে৷ বীজ আৰু কেৰাচিনৰ দাম বৃদ্ধিৰ প্ৰতিবাদ পানীত উঁৱলিছে৷

তাৰ মাজত ভোগকচুৰ পোখা এটা উঠি আহিছিল আকাশ ধিয়াই৷ কিবা কাৰণত পোখাটোৰ বৰণ হালধীয়া হৈছিল৷ 

সেই বছৰটো বৃষ ৰাশিৰ বাবে বেয়া আছিল৷ বৃষৰ দৰে বৃষৰাশিৰ অৰাজনৈতিক ছাত্ৰ নেতা কেবাজনেও  অ’পেল পাথৰ বিচাৰি কনক সাহাৰ দোকানত ভিৰ কৰিছিল৷ কনক সাহাক দেখিলে যিকোনো মানুহে এবাৰ হ’লেও কৈ পেলাব- মানুহটো মোৰ কিবা এটা ভাল নালাগে৷ নিষ্পাপ প্ৰতিক্ৰিয়া এটাৰ‌ দৰেই৷

: ৰাহু মূল, শিৰত বহি ল’লে আপনাৰ কালসৰ্প যোগ আৰম্ভ হৈ যাব৷ এই দেখিব কামটো হ‌ওঁ হ‌ওঁ.. এই নোহোৱা হৈ যাব...৷

অ’পেল‌পাথৰ এটা ৰঙা মখমল এটুকুৰাৰে মোহাৰি মোহাৰি কনক সাহাই কৈ যাব৷ সন্মুখৰজনে কপালত অদৃষ্ট‌ই মোটা হাতেৰে চিকুটি দিয়া যেন পাব৷

: অ’পেলৰ গাৰাণ্টি আছে৷ প্ৰেম হোৱা নাই, হৈ যাব৷ চুম্বকে টনাদি আপোনাৰ কাষত মাইকী মানুহৰ ভীৰ লাগি যাব৷ ঝাঁই ঝাঁই আহি যাব কাষত৷ ধুনীয়া ধুনীয়া ছোৱালী৷ এই সৰু সৰু কমৰৰ কলেজ পঢ়া ছোৱালী৷ মোহিনী আছে অ’পেলৰ৷ মানুহ টানে৷

চিঞা ককাল আৰু ভাৰী নিতম্বৰ প্ৰতি কনক সাহাৰ আজন্ম টান আছে, জনাই জানে৷

:সভাৰ মাজত খাড়া হৈ যাওক৷ সকলো ফালে আপোনাৰ জয়জয়কাৰ চলিব৷ নেতা হ’বলৈ দুটা বস্তু বহুত জৰুৰী দাদা..‌. পহিলা ৰাজযোগ আৰু দোচোৰাটো হ’ল মোহিনী..

এক চাইদৰ পৰা চাওকনা.. মোহিনী লাগিব‌ই৷ মানুহ খাড়া খাড়া টানিব পাৰিব লাগিব৷ আপুনি চাই দিয়াৰ লগে লগে মানুহ আপোনাৰ গাত পৰুৱা‌ লগা দি লাগি যাব৷

সব নেতাই একবাৰ হ’লেও ৰূদ্ৰাক্ষৰ লগত অ’পেল পিন্ধে৷ সব মানে ম‌ই লালু পাঞ্জু বিলাকৰ কথা কোৱা‌ নাই৷ স্পেইনৰ ৰাণী, নেডাৰলেণ্ডৰ ৰাণী, ডেনমাৰ্কৰ ৰাণী, মেগান মাৰ্কেলৰ পৰা মহাৰাণী ভিক্টোৰিয়া, মহাৰাণী এলিজাবেথ দ্বিতীয়লৈকে কোনে পিন্ধা নাই অ’পেল৷ কোনে পিন্ধা নাই.. যি জানিছে সি জানিছে, নজনাবোৰে লেকাট ভূঞ্জিছে! আৰ কি!

অ’পেল স্তোত্ৰৰে মুখৰিত হৈ থাকে মা মহামায়া মাণিক আলয়৷

 

ৰাজনৈতিকভাৱে সংকুল‌ সময়বোৰত বৃষ ৰাশিৰ জাতকসকল ত্ৰিশংকুৰ দৰে ওলমিছিল৷ বেয়া দিন বেয়া দিন৷ বৃক্ক উৱঁলিবলৈ আৰম্ভ কৰা বৃদ্ধ নেতাজনে চকীৰ মোহ এৰি দিয়া নাই৷ ক’লাজেন শুকাবলৈ ধৰা ৰাজহাঁড়ত বেল্ট বান্ধি প্ৰতিদিনেই বাতৰি কাকত চাইছে- ক’ত দ্ৰোহে পোখা মেলিছে৷ শেষ নোহোৱা আলতীয়া কাঁহ মাৰি চেনি নিদিয়া কফি গিলিছে৷ শিলাজিত, সৈন্ধৱ লৱণ আৰু অশ্বগন্ধাৰ মিশ্ৰণ তৈয়াৰ কৰিছে য়ুনানী হেকিমৰ হতুৱাই৷ নতুনলৈ বাট কটা নাই৷ আধা যৌৱন শেষ হৈ গৈছে ছাত্ৰ নেতাবোৰৰ৷ কোনোফালে উপায় উলিয়াব পৰা নাই৷ দ্ৰোহ দেখা মাত্ৰকে জপিয়াই পৰা বৃদ্ধ নেতাজনে সন্মোহনৰ যেন মমৰ আৱৰণ গাত সানি থৈছে৷

পাৰ্টি অফিচত কথা লগালেও কোনো শুনিবলৈ ৰাজী নহয়৷ অভিজ্ঞ মানুহ৷ পাৰ্টিৰ মেৰুদণ্ড৷

বলেন যেতিয়া কনক সাহাৰ ওচৰলৈ গৈছিল তেতিয়া তাৰ পিতাকৰ নামত থকা মাটিখিনি তাৰ নামলৈ নামজাৰী হোৱা নাছিল৷ ঢোৰাসাঁপ আৰু ভেকুলীৰ সহাৱস্থানত পৃথিৱীৰ আটাইতকৈ উত্তেজনাহীন পুখুৰী এটাৰে তাৰ ভেটি মাটিটুকুৰা৷ বাৰীৰ দুৰ্বল জেওৰাখনৰ সিপাৰেই খেতি মাটি চাৰিডৰা৷ নিয়মীয়া বীৰ্যপতন আৰু নিৰলস জীৱন চৰ্যা এটাৰে ঋতুবোৰ পাৰ কৰি বিধ্বস্ত হ’বলৈ ল‌ওঁতেই বটুবাবা আহিছে গাঁৱলৈ৷ বটুবাবাৰ আগমনৰ বতৰা তাৰ কাষ পোৱাৰ আগতেই সোণালীৰ বিশ্বাসঘাটকতাৰ বাতৰি পাইছে সি৷ অন্ততঃ সাতশবাৰ ( বেছি হ’লেও কম নহ’ব৷ তাই  পুষ্পিতা হোৱাৰ আগৰপৰাই৷ সিয়েই, এৰা সিয়েই আছিল তাইৰ একমাত্ৰ পৌৰুষৰ প্ৰতিনিধি৷ আদম৷ ঘৰিয়ালৰ মেলা মুখত সোমাই দাতৰ মাংস খোৱা চৰাইটিৰ দৰেই তাই নিৰ্ভয় আছিল৷ নিৰ্ভাৰ আছিল৷ ) আঠালেতীয়া, আবেগময় আৰু উজ্জ্বলতম ভৱিষ্যতৰ ফুচফুচনিৰে কৰা শাৰীৰিক সম্পৰ্কৰ পাছতো সোণালীৰ বিয়া ঠিক হৈছে বেলেগৰ লগত৷ উল্কাপাতে নতুবা সৰি পৰা গ্ৰহাণুৰ আঘাতে  কৰা দ গাঁত এটাৰ দৰেই তাৰ বুকু৷ কুৰুঙটোত দলিয়াই দিয়া শিল এটাৰ তলিত পৰা শব্দ বাহিৰলৈ আহিবলৈ বহু কেইটা আলোকবৰ্ষ লাগিব৷ বহুকেইটা৷

বটুবাবা বসন্ত এটাৰ দৰে আহিছিল৷ নতুবা চতিয়না গোন্ধৰ বতাহ এচাটিৰ দৰে৷

বটুবাবা গাঁৱলৈ আহোঁতে গাওঁখন ৰোগী আছিল৷ বিষণ্ণ আছিল৷ অলস আছিল৷ প্ৰাণপ্ৰাচুৰ্যহীন৷ দুপৰীয়া ঘৰত মতা মানুহ কোনো নথকা সময়ত অহা বাবাজী বোৰৰ দৰে নাছিল বটুবাবা৷ বটুবাবাৰ মোহিনী আছিল৷ কস্তুৰী মৃগনাভীৰ দৰে৷ ৰুগীয়া গাওঁখন কুমজেলেকুৱা এটাৰ দৰে লেটু-সেটু হৈ পৰিছিল৷

কুণকুনি জলকীয়া এমুঠি দি সিজোৱা দোৰোণ শাকৰ জোল আৰু শালিচাউলৰ (বলেনে জন্মৰ পৰাই শালি চাউলেই দেখিছে৷ মোটোহা ভাত৷ কাঠমিস্ত্ৰী বাপেক, বাকীজাঁই অফিচৰ চকীদাৰ ককাদেউতাক, অথৱা তাৰো আগৰ পৰাই বলেনৰ ঘৰত শালি চাউল! ঋতুবোৰৰ দৰেই নিশ্চিত! পূৰ্বে নিৰ্ধাৰিত৷) ভাত একাঁহী দি মাকে বলেনক বটুবাবাৰ কথা কৈছিল৷

: এপাক গৈ আহ পোনা৷ দেও লগা মানুহ সৈয়া৷ কিবা বিধান দিয়েই বা৷ ভাল দিন আহক৷

পুৰণি পুখুৰীৰ পৰা তুলি অনা বহু বছৰ আগতে হেৰোৱা এলুমিনিয়ামৰ ডেকচী এটাৰ দৰেই উজলি উঠিছিল বলেনৰ মাকৰ মুখ৷

কি মোহিনী কি মোহিনী বটু বাবাৰ৷

চুঁইইইপ শব্দ এটা কৰি এটা চুপিৰ দৰে আকৃতিত মহাকাশৰ সমস্ত পোহৰ একীভূত হৈ যেন বটুবাবাৰ ডিঙিৰ ঘটিকাটোত সোমাই পৰিছিল কোনোবা এটা শাওনৰ সন্ধ্যা৷ লগে লগে জ্যোতিহীন হৈ পৰিছিল ব্ৰহ্মাণ্ড৷ প্ৰাচীন জ্যোতিষ্ক এটাৰ দৰে উজলি উঠিল বটুবাবা৷

এনেকুৱাওটো হ’ব পাৰে- কোনোবা এটা মহিমাময় দুপৰীয়া বটুবাবা সোমাই পৰিছিল এটা বৃহৎ আকৃতিৰ এক্যুয়েৰিয়ামত৷ যি ভৰি আছিল ঈষৎ সেউজীয়া, ডাঠ মায়াৱী তৰলেৰে৷ চৌপাশে অবুজ মন্ত্ৰধ্বনি কৰিছিল বহিৰ্বিশ্বৰ কোনোবা অচিন গ্ৰহৰ পুৰোহিতে৷ যেতিয়া বটুবাবা সেই তৰলৰ পৰা উঠি আহিছিল...আহাহা আহাহা...বালিচন্দা মাছ এটাৰ দৰেই জিলিকি উঠিল তেওঁ ৷ কি সন্মোহন কি সন্মোহন৷

কি আভা৷

কি প্ৰভা৷

অমৰত্ব আৰু শক্তিমন্ততাৰে সলনি হৈ পৰিছিল বটুবাবাৰ তেজ মঙহৰ খোল৷

ৰেৱতী মাষ্টৰণী লুটি খাই পৰিছিল বাবাৰ চৰণত৷ ওঁঠ দুটা বাবাৰ ভৰিত পতাত এৰুৱাব নোৱাৰাকৈ হেঁচি থৈছিল৷

বাবা আত্মনিমগ্ন৷

নিষ্পলক৷

ৰেৱতী মাষ্টৰণীৰ একমাত্ৰ ল’ৰাটো কোঠাৰ পৰা নোলোৱা হৈছে৷ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল৷ নগা ৰুমমেট আছিল হেনো৷ নীলা ৰঙৰ মেথ লৈছিল চিৰিঞ্জেৰে৷ এদিন চাকি চাইছিল৷ পঢ়া শেষ নহ’ল৷ ঘুৰি আহিল৷ এতিয়া কোঠাৰ পৰা নোলায়৷ শুকান কথনা ফুলৰ দৰে মুখৰ ৰং৷ দিনৰ দিনটো লেপটপটোত লাগি থাকে৷ মাক বাপেক দুইটাই চোচোৰাইও উলিয়াব পৰা নাই৷

মধুমেহত ভোগা গিৰিয়েক প্ৰতিদিনেই খিঙখিঙিয়া হৈ গৈছে৷ মাজতে মাছবেপাৰীৰ লগত কাজিয়া লাগি ঢকা খাই আহিছে৷ প্ৰৌঢ়, ভদ্ৰলোকযেন চেহেৰাৰ দৰে দেখি বাবেহে গুৰুলা গুৰুলকৈ নিকিলালে৷

বাবা কেইদিনমান ৰৈ গৈছে৷

ধন্য হৈছে গাওঁখন৷

ৰেৱতী মাষ্টৰণীৰ ভাড়াঘৰ লানিৰ কোঠা এটাত৷ আগফালে টাবত তুলসী এজোপা, ক’ৰবাৰ পৰা অনা ধতুৰা দুজোপামান আৰু বেলগছ এডাল ৰুই দিয়া হৈছে৷ দ’মে দ’মে ফুল ফল গোট খাইছে৷

মুঠতে আধ্যাত্মিক পৰিৱেশ এটা৷

কাষৰ কোঠাৰ গুঞ্জন হালৈ গড়কাপ্টানীৰ তৃতীয় বৰ্গৰ৷ বহুদিন অফিচলৈ যোৱাই নাই৷ ধূতী চুৰিয়া পিন্ধি, কান্ধত গামোচা এখন লৈ ইফালে সিফালে ঘুৰি ফুৰিছে৷

সসব্যস্ত৷

সেৱকীসুলভ মনোভংগী৷ ৰেৱতী মাষ্টৰণী নতুন পাঁচটকীয়া মুদ্ৰা এটাৰ দৰে জিলিকিছে৷ আটাইতকৈ বেছি সময় ৰেৱতী মাষ্টৰণীয়ে পাইছে৷ স্বাভাৱিক৷‌ অৱশ্যে যাত্ৰীক অহা সময়ত আমনি নকৰে৷ সকলো যোৱাৰ পাছৰ সময় ৰেৱতী মাষ্টৰণীৰ৷

হঠাৎ গাওঁখনৰ হৃৎস্পন্দন বাঢ়িছে৷

পোহৰময় চৌপাশ৷

পোহৰ গছা এটাৰ দৰে দণ্ডায়মান বটুবাবা৷ মুক্তিময়৷ ফুৰফুৰীয়া৷ প্ৰত্যাশাৰ চলমান অস্থিপিঞ্জৰ৷

মৃতকৰ প্ৰতি প্ৰাৰ্থনাৰ দৰেই গম্ভীৰ ঝিলিৰ মাতৰ সন্ধ্যা এটাত যিদিনা বলেন বটুবাবাৰ বহালৈ গৈছিল- উৎফুল্লিত মানুহৰ দল এটা সমূহীয়াকৈ আহিছিল৷ ষোড়শোপাচাৰৰ অন্তত অলস আলোচনাৰ মাজত ভুমুকি মাৰিছিল বলেনে৷ এক মুহূৰ্তৰ স্থৱিৰতাৰ শেষত পুনৰ আৰম্ভ হৈছিল বাবাৰ বান্দৰ খেদাৰ বিধান৷ জাকৰীয়া বান্দৰৰ উপদ্ৰৱত পৰিশ্ৰান্ত হৈ পৰা গঞাক বাবাই দিছিল বান্দৰ মৰাৰ সহজাত পদ্ধতি৷ বান্দৰ অহা বাটত, ঘৰৰ টিঙত শুকান মাছৰ গুড়ি অথৱা গাড়ীৰ পুৰণা গ্ৰীজ সানি থ’বা৷ বানৰৰ হাত ভৰিৰ তলুৱা তেনেই মসৃণ৷ হাতত লগা শুকান মাছৰ গোন্ধ নাইবা গ্ৰীজে বান্দৰক ব্যতিব্যস্ত কৰিব৷ মানসিক ৰোগীৰ দৰে একেৰাহে ঘঁহি থাকিব হাত বা ভৰিৰ তলুৱা৷‌ ঘঁহোতে ঘঁহোতে ছাল ক্ষয় গৈ ঘাঁ লাগিব৷ সেই ঘাঁ নুশুকায়৷ মানসিক বিকাৰগ্ৰস্ত বান্দৰৰ অৱশেষত মৃত্যু নিশ্চিত৷

জাক জাক হাত ভৰি ঘঁহি থকা মানসিক বিকাৰগ্ৰস্ত বান্দৰৰ ছৱিয়ে মন্ত্ৰমুগ্ধ কৰিছিল এদল গঞাক৷ পৰম বিধান শিৰত তুলি ওলাই যোৱা তৃপ্ত মানুহবোৰৰ পাছত বাবাই টটকৈ বলেনৰ চকুলৈ চালে৷

: বৃষৰাশি বৃষৰাশি৷

আৰ্তনাদ এটাৰ দৰে শুনা গৈছিল বাবাৰ মাত৷

:বৃষৰাশি বাবু৷ বিৰাট উত্থান বিৰাট পতন৷ শুক্ৰ নামি গৈছে হৰহৰাই৷ ৰাহু তুংগত৷ বাবা৷ বেয়া দিন৷

মানসিক বিকাৰগ্ৰস্ত বান্দৰৰ দৰেই অষ্ফুট গোঁগোঁৱনি তুলিলে বলেনে৷

: দেহ জেউতী হেৰা‌ই যাব৷ মানুহ আতৰি যাব৷ কালসৰ্প যোগ পৰিব৷ আন্ধাৰ হ’ব চৌপাশ৷

হাত ভৰিৰ তলুৱাত যেন শুকান মাছৰ গুড়ি লাগিল বলেনৰ৷

: ভাল‌ দিন আছে আগত৷ মাতিব লাগিব ভাল দিন৷ টানি আনিব লাগিব৷ নিজে নাহে বাবা৷ নিজে নাহে৷ আনিলে, ভাগ্য পালটি যাব৷ ৰাজযোগ পৰিব৷

বটুবাবা কস্তুৰী মৃগৰ দৰেই গোন্ধাইছিল৷ ভুন্ ভুন্ সুগন্ধী৷ বাবা উঠি আহিছে মায়াৱী তৰলৰ এক্যূয়েৰিয়ামৰ পৰা৷ বাবাৰ শৰীৰ তেজ মঙহৰ নহয়৷  বহিঃগ্ৰহৰ অক্ষয় ধাতুৰ৷ হাঁওফাঁও, অগ্ন্যাশয়, পিত্ত একো এই পৃথিৱীৰ নহয়৷

: বাহনৰ যোগ আছে৷ লখিমী টানিব৷ মাৰমাৰ লখিমী৷ অলপ ৰিস্ক ল’ব লাগিব৷ বৃষৰ জীৱনেই ৰিস্কৰ৷

ৰাগ মালকোশৰ দৰে শুনা গৈছিল সেই স্বৰধ্বনি৷ ৰিণি ৰিণি ভাঁহি অহা ঘোৰা নেজেৰে ৰেপা বেহেলাৰ তাঁৰৰ শব্দ৷

প্ৰতিকাৰ আৰু ৰেৱতী মাষ্টৰণীৰ চাহ ( ৰেৱতী মাষ্টৰণীয়ে গম পাইছিল সোণালীয়ে তাক এৰি যোৱাৰ কথা, চাহ কাপত মৰম পুতৌ আৰু অত্যধিক চেনি আছিল), আৰু বাবাৰ পৰা পোৱা ধতুৰা ফুল লৈ বলেন আহোঁতে ঝিলীৰ মাত নিজম পৰিছিল৷

বান্দৰ কমি অহাৰ খৱৰটোৱে ( বান্দৰৰ মৰাশ কোনেও দেখা নাই আজিলৈকে৷ মৰণ আহিলে মৃত্যুমুখী বান্দৰ গভীৰ অৰণ্যলৈ গুচি যায়৷ গতিকে ঘাঁ লগা বান্দৰবোৰ মৰিল নে নাই কোনেও নাজানিলে) বীৰদৰ্পে গুজৱবোৰ অধিকাৰ কৰাৰ সময়তে একেলগে দুটা ঘটনা ঘটিল৷ বটুবাবাৰ অন্তৰ্ধান আৰু বলেনৰ নামলৈ মাটিৰ নামজাৰী৷

পাতল বতাহ এচাটিৰ দৰেই বটুবাবা নোহোৱা হ’ল৷ গমনোন্মুখ বসন্তৰ দৰে তেওঁ কোনো চিন নেৰিলে৷ ৰেৱতী মাষ্টৰণীৰ বাদে আন‌ কাকো সেই ঋতুপতনে প্ৰভাৱান্বিত কৰিব নোৱাৰিলে৷ ৰেৱতী মাষ্টৰণী মলিন ঋতু এটাৰ অনন্ত আৱৰ্ত এটাত সোমাই পৰিল৷

কথা ক’ব নোখোজা আৰু কোঠাৰ পৰা নোলোৱা দুজনকৈ সদস্যৰ মাজত দৰক দি থাকিল খিঙখিঙিয়া মধুমেহ ৰোগী এজন৷

গিৰিয়েকে স্বস্তিৰ স্বন এটাৰে ৰেৱতী মাষ্টৰণীক প্ৰৱোধ দিছিল দুই এদিন৷

: সন্তসকল এনেকুৱাই৷ নৰক আৰু স্বৰ্গৰ দৰে৷ সকলোৱে জানে ক’ৰবাত আছে৷ কিন্তু কোনেও দেখা নাই৷ মাথো ধাৰণাৰ ক্ষীণ অৱস্থিতিত সকলো ত্ৰাসিত অথবা উৎফুল্লিত৷ (আলিমহৰী মানুহটোৰ মনলৈ প্ৰথমবাৰৰ বাবে স্বৰ্গ নৰকৰ ধাৰণা আহিছিল৷ নিজেও চক্ খালে তেওঁ৷ বটুবাবা নিশ্চিতভাৱে মায়াৱী৷ মৃগনাভীৰ দৰে সুগন্ধিত৷ তাৰ পাছতো লুকুৱাব নোৱাৰা স্বস্তিৰ স্বন আছিল কথাকেইটাত৷ বহুদিনীয়া কব্জমুক্তিৰ দৰে আহ্লাদ৷)

: শংকিত শৰপহুৰ দৰেই তেখেতলোকৰ বিচৰণ৷ কোন মণিচে ধৰি ৰাখিব কোৱাঁ৷

নাকীসুৰীয়া বুজনিৰ পাছতো ৰেৱতী মাষ্টৰণীৰ মলিন ঋতুপতন নঘটিল৷

চকচকীয়া অ’পেল পাথৰ এটা মধ্যমাত পিন্ধি‌ বলেনে ৰিস্ক ল’লে৷ ঈষৎ শুক্ল পাথৰটোৰ ভিতৰত চাইক’ডেলিক ব্ৰহ্মাণ্ড এখন সোমাই থকাৰ দৰে দেখা যায়৷ পাথৰটো পিন্ধাৰ পাছতে গা গৰম গৰম লগাতো কনক সাহাৰ বাদে অন্য কোনেও বুজিব নোৱাৰিলে৷ সাহাই কোৱামতে অৰিজিনেল‌ পাথৰ৷ বেলেগ ঠাইত ইমান খাঁটি পাথৰ কোনো মাই কা লালে বিচাৰি উলিয়াব নোৱাৰিব৷

মাটি চাৰিডৰা বেচি পেলাইছে৷ ভাল দাম পাইছে৷ লিকলিকিয়া জেওৰাখনে পথাৰখন আৰু পুখুৰীটোৰ মাজত সীমা এডাল প্ৰাণেপণে টানি থকাৰ পাছতো মাকে সেইটুকুৰা ভেটি মাটি বুলিয়েই ধৰি আছিল৷ (মিনমিনাই, সোঁতসোঁতাই দুই এবাৰ কৈছিলো, ভেটি মাটি বেচিলে উচন যাবি অ’ পোনা...নেপায়৷ ককাৰ আজোককাৱৰৰ দিনৰ ভেটি৷ নেপায়৷ উচন যাবি!)

ধাঁ ধাঁ কৈ পৰিৱৰ্তন হোৱা দিন চৰ্যা বলেনে অনুভৱ কৰিছে৷ শালি চাউলৰ পৰিৱৰ্তে মিহি আইজঙ চাউলৰ ভাতে এটা অচিন পুলক দিছে বলেনক৷

তেনেকুৱাতে কোনোবাই খবৰ আনিছে বাটৰ লগৰী নামৰ বাছখনৰ৷ স্কুটাৰ গৈ থকা দুটা সন্তান আৰু গিৰিয়েক ঘৈণীয়েকক পিহি মাৰি বাটৰ লগৰী বহুদিন জয়নালৰ চোতালত পৰি আছিল৷ কেচ ছিগিল যদিও জয়নালে বাছখন চলাব খোজা নাছিল৷ আনদিনাৰ দৰে নিৰ্বিবাদে গৈ থকা বাছখনে পৰিয়ালটোক মহতিয়াই নিয়াৰ আগলৈকে ড্ৰাইভাৰে ফোনত জয়নালৰ সৈতে কথা পাতি আছিল৷ অন্যদিনাৰ দৰে বেছবৰ্ডত কপি আছিল স্প্ৰীং লগোৱা মেকুৰী এটাৰ অৰ্ধাংশ৷

চিটিকি পৰি থকা তেজৰ কাষতে বিৰাট ডাঙৰ ভিৰ এটা গোট খাইছিল৷ ৰাজপথৰ মাজত ওচৰ চুবুৰীয়া নেপালী মানুহবোৰ গোট খালে৷ বহু সময় ঘাই আলিটো অৱৰোধ কৰি ৰাখিলে৷ ধেৰ সময়লৈকে কোনো উদ্দেশ্য নোহোৱাকৈ অৱৰোধত বহি থকা মানুহখিনিয়ে অৱশেষত এটা দাবী সাজি উলিয়ালে৷ স্পীড ব্ৰেকাৰ লাগে৷ প্ৰথম অৱস্থাত মৃতকলৈ অনুকম্পা থকা দুই এক দৰ্শকে পাছৰ ফাললৈ নিজৰ মাজতে কোৱাকুই কৰিলে- দেখিছে দেখিছে...সৌ সিদিনা আহি বহা নেপালীয়ে আজি ঘাই পথ অৱৰোধ কৰিব পৰা হ’ল৷ কাইলৈ পৰহিলৈ ইহঁতে দেখোন দেশখনেই খাই পেলাব৷

দেহত্যাগী আত্মাৰ প্ৰতি থকা বিষাদৰ পৰিৱৰ্তে পাছলৈ গমগমীয়া উষ্মা আহিল৷ কোনেও একো ন’কলেও লাহে লাহে বাতাৱৰণটো অলপ গৰমেই হ’লগৈ৷ উপায়ুক্ত আহি স্পীড ব্ৰেকাৰ বনোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত মানুহবোৰ ঘৰাঘৰি গ’লগৈ৷ বাটৰ লগৰী দুদিনমান থানাত থাকিল৷ পুৰণা বেপাৰী জয়নালে ভালকৈয়ে জানে কেচ কেনেকৈ ছিঙিব লাগে৷ বাটৰ লগৰী ঘৰ পাই চোতালতে বহি থাকিল৷ স্পীড ব্ৰেকাৰ এটা হ’ল৷ জনাসকলে ঠাইটুকুৰা পাৰ কৰোতে স্পীড ব্ৰেকাৰটোৰ উপৰিও মৃতকলৈ বুলিও মূৰ দোঁৱাই যায়৷

বলেনক কনক সাহায়েই ক’লে৷ বাছখনৰ নামটো সলাই পেলোৱা৷ বৃষ ৰাশিৰ নাম৷ (বাছক অ’পেল পিন্ধাব পাৰি নে নাই সেই সম্পৰ্কে কনক সাহা নিমাত) এতিয়া মেষৰ দিন ভাল চলিছে৷

জনতা গেৰেজত আৰিগাট’ৰ জন্ম৷ (পুনৰ্জন্ম?? জন্ম বস্তুটোৰ কোনো চাচপেন্স নাই৷ কোনোবা নহয় কোনোবা দ্ৰষ্টাই জানেই- জন্ম হ’ব৷ পুনৰ্জন্মৰ মচলুম চাচপেন্স নাথাকে৷ কোনো প্ৰাথমিক কৌতুহল নাথাকে৷ থাকে যদি দুই এটা সংশ্লিষ্ট প্ৰশ্ন থাকে৷ স্থিতি আৰু প্ৰকৃতিৰ অনুসন্ধিৎসা থাকে৷ সিমানেই৷ কথাকেইটা ৰেৱতী মাষ্টৰণীৰ গিৰিয়েকৰ৷ আৰিগাট’ লোৱাৰ খবৰ পাই নিজে আহি ওলাইছিল মানুহজন৷ সৰসৰাই দাৰ্শনিকৰ দৰে কথা কয় অৱসৰপ্ৰাপ্ত আলিমহৰীয়ে৷ দাঢ়ি চুলি কটা নাই বহুদিন ধৰি৷)

বাটৰ লগৰীৰ ক’লা আখৰ কেইটা মচি তাৰ ওপৰত জাপানী আখৰৰ দৰে ফণ্ট এটাত আৰিগাট’ লিখি থাকোতে বলেন জনতা গেৰেজৰ সন্মুখত ৰৈ আছিল৷ বাছ মালিকৰ শৰীৰ সজ্জাৰে৷ অকণমান ৰিস্ক আৰু অ’পেল পাথৰৰ দিপ্তীয়ে পোন কৰি তোলা বাছৰ মালিক৷

ৰণ্টু বৰাই বৰ আতোলতোলকৈ  স্প্ৰে’ গানটো চলাইছিল৷ জাপানী আখৰৰ দৰে শৈলী এটা তৈয়াৰ কৰিবলৈ ৰণ্টু বৰাই সমস্ত কল্পনা শক্তি লগাইছে৷ এই শৈলীত তেওঁৰ সেইটো প্ৰথম কাম৷ বহু সম্পৰীক্ষা চলাইছে, বডীত লিখাৰ আগতে৷ ‘আ’ কাৰ ডাল বাঁহ এডালৰ দৰে৷ দুটামান পাত থকা বাহৰ জেং এডালো দিছে দেখ নেদেখকৈ৷ সেউজীয়াৰ আৱহত ক’লা ৰঙৰ আখৰকেইটা৷ পাছফালৰ আইনাত কিম’নো পিন্ধা জাপানী ছোৱালী এজনীও আঁকি দিছিল, নমস্কাৰৰ ভংগীত থকা৷

 

ঘুৰি নিৰ্বাচনত বৃদ্ধ নেতাজন পৰিল৷ টিকেটেই নাপালে৷ সমষ্টিৰ ভিতৰতে দ্ৰোহ ৷ অপশাসনৰ বিৰোধিতাৰে সমষ্টি বন্ধ বিৰাট সফল হ’ল৷ ৰাজপথ অৱৰোধ, সান্ধ্য আইন, পিকেটিং ৷ কেবাদিন ধৰি সমষ্টি বন্ধ থাকিল৷ ঘৰৰ পৰা মানুহ ওলাব নোৱাৰা অৱস্থা৷

মেষ ৰাশিৰ বেয়া দিন চলি আছিল৷

তিনিদিন ধৰি বহি থকা আৰিগাট’ চতুৰ্থ দিন ওলাই গৈছিল৷ কোনোবাই জ্বলাই দিছিল আৰিগাট’ক৷

কোনে জ্বলালে উলিয়াব পৰা নগ’ল৷ ভিৰৰ মুখ নাথাকে৷

কিবা কাৰণত জ্বলি যোৱা বাছখনৰ ভিতৰত অ’পেল পাথৰ এটা পোৱা গৈছিল৷

আধাপোৰা অ’পেল পাথৰটো হাতত লৈ বলেনে হাতত গ্ৰীজ লগা বান্দৰ এটাৰ দৰে মোহাৰি আছিল৷

 

 

ফোন- ৯৮৫৪৫৬৬৪২৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ