নীলোৎপল বৰুৱা
লুলু...লুলু..
লুলু ঔ..
ঔ..লুলু..
স্বৰ আৰু
ব্যঞ্জনৰ মাজত ওপঙি ওপঙি জয়ৰাম বৰাৰ ‘ল’ কেইটা আত্মাৰ পৰা ওলাই আহিছে৷
তেনেই আলসুৱা
‘ল’৷
অন্তঃস্থ
প্ৰাৰ্থনাৰ ‘ল’৷ কাহিলী পুৱা জৱাই কৰিবলৈ লোৱা ভেড়া এটাৰ দৰে কৰুণ ‘ল’৷
কোনোবা সময়ত
‘ল’টো ‘চ’ হৈছে অথবা ‘ম’৷ যিয়েই নহৈছে আত্মা গলি ওলাই আহিছে৷
(মাকে শেষ
সময়ত বিৰবিৰোৱাৰ দৰে- বুবাই অ’ বুবাই...৷ চেপা খাই সৰু হৈ যোৱা কণ্ঠনলীৰ পৰা কেনেকৈ
যে ওলাই আহিছিল সেই মৰণকাতৰ বিৰবিৰণিটো৷ পলু এটাৰ দৰে বগাই কাণেৰে সোমাই কলিজাৰ ফাঁকত
পকাই পকাই লেটা বনাই৷ তাৰ পাছৰ আৱাজটো বৃন্দগীত এটাৰ মাজতে মাইক্ৰ’ফ’নে হঠাতে তোলা
কৰ্কশ ৰিৰিয়নিটোৰ দৰে৷ বুকুৰ গহ্বৰ ফালি পেলায়৷)
কাণত আইপ’ড
লগাই থোৱা প’লকা ডটেড ফৰকচোলা পিন্ধা ছোৱালীজনী হন্ত-দন্তকৈ পাৰ হৈ গৈছে৷ তাই জয়ৰাম
বৰাক নাই দেখা৷ দেখিলেই নেনোচেকেণ্ড এটাৰ বেছি দৃষ্টিপাত কৰিব লগাকৈ জয়ৰাম বৰা ভাল
আৰ্টিকল নহয়৷ অনুজ্জ্বল৷
ফেচ্ ভেল্যুহীন৷
আনকি তাই
লাওখোলাটোও নেদেখিলে চাগৈ৷ লাওখোলাটো দেখিলে বহু দৃষ্টিয়েই বেচ কিছু সময় থমকি ৰয়৷
বহুদিন মগজুত
পাপ গোৰাই গোৰাই ওলাই অহা পীতপানীৰে অস্বচ্ছ ঢেলা চকু৷
আৱহত গৰম
তেৱাত পানী চটিয়াই দিওঁতে জুই ওলোৱাৰ শব্দ এটা আৰু তাক অন্য আৱহ প্ৰদান কৰি ডাফ্ আৰু
ঢোলৰ ত্ৰিতালত বজা সংগীত এটা৷
আহাহাহ্...এবাৰ
চাই দিয়া হলে..এবাৰ৷ চকুৰ চাৱনিৰ এটা লহমাও যথেষ্ট জয়ৰাম বৰাৰ বাবে৷ এক চিকুট৷ আকুল
এটা চিকুট৷
একেৰাহে
হেডফোন লগাই থ’লে শ্ৰৱণশক্তি নষ্ট হৈ যাব৷ বাপেকে দেখা নাই নেকি এবাৰো৷
ঠিক আছে,
ছোৱালী গাভৰু হৈছে৷
অকলে থাকি
ভাল পায়৷
বাপেকটো
প্ৰয়োজনলৈ পৰ্যবসিত হৈছে৷
প্ৰয়োজনবোৰো
প্ৰতিদিনৰ পৰা গৈ গৈ সপ্তাহান্তিক হৈছে৷ লাহে লাহে মাহিলী প্ৰয়োজন৷
উত্তৰ ছুটি
ছুটি৷ লগাটোহে কয়৷ তাৰ পাছতো হে’ডফোনৰ কথাটো তাইৰ খং নুঠাকৈ প্ৰতিদিনেই কৈ থাকিব পাৰিতো৷
বাপেকৰ জীয়েকৰ ওচয়ত অনুনয়ৰ নিজা সুৰ আছে৷ তাল আছে৷
লয় আছে৷
প্ৰয়োজন
হ’লে কৰুণ হৈ দিলেই হ’লতো৷ নিজৰ মঙহৰ টুকুৰা৷ মানি যাব৷ মানি যাব৷
মুনুক বিচাৰি জয়ৰাম বৰা পুৰণা চিনেমা হলটোৰ ফালে ঘুৰি দিলে৷ যিকোনো ষোল্ল সোতৰ বছৰীয়া ছোৱালীৰ মাজত ধুনুক বিচাৰি ফুৰিছে যোৱা ছমাহ ধৰি৷
জয়ৰাম বৰা
মানুহ চিনাত পাকৈত৷ গোন্ধ পালেই কৈ দিব পাৰে মানুহজন বাঁওফালে হালি যোৱা নতুবা কঠোৰ
সোঁ৷ মিঠা মাতৰ চোৰ নতুবা পুৰুষত্বহীনতাত ভূগি বাগাড়ম্বৰ কৰা সুগঢ়ী ব্যক্তি৷ যিকোনো
মানুহৰ কথা জয়ৰাম বৰাই অন্ততঃ সত্তৰ শতাংশ কৈ দিব পাৰে৷ প্ৰায়েই মিলি যায়৷
( ৰামধূন গাই গাই কান্দি দিব পৰা বুলু সন্ন্যাসীক জয়ৰাম বৰাই ঠিকেই চিনিছিল৷ ৰাতি ৰাতি চচানত ঘুৰি ফুৰা বুলু সন্ন্যাসী ৰাজন কলিতা মাৰ্ডাৰ কেচটোৰ সময়ত একদম ঠাইতে আছিল৷ বাবাজী বুলিহে কোনেও সন্দেহ নকৰিলে৷ সেইবাৰ টিকেট ৰাজন কলিতাৰে খাটাং আছিল৷ পাছত জয়ৰাম বৰাই তিনিখনকৈ মদৰ মহল পাইছিল৷ তিনিখন৷ চোজা কথা৷)
বিশ্বাস
এটা জয়ৰাম বৰাৰ মন মগজুত সোমাই আছে যে তেওঁৰ ছোৱালীজনীৰ যিহাল চকু হ’ব সেইহাল মালি
মাছৰ চকু হ’ব৷
মালি মাছৰ চকু, মালি মাছৰ চকু৷ মৰা বা জীয়া৷
জয়ৰাম বৰাৰ
মাকৰ চকু আছিল মালি মাছৰ৷ কোনোদিনেই কোনেও ক’ব পৰা নাই, কান্দিছে নে হাঁহিছে৷ উন্মাদনাৰ
চকু নতুবা প্ৰশান্তিৰ৷
এবাৰেই জিলিকনি
এটা দেখিছিল জয়ৰাম বৰাই, গাড়ী দিয়া মিহি পাৰিৰ পাটৰ চাদৰ দুখন আনি দিছিল৷
সেউজীয়া৷
ফিৰিককৈ
পোহৰ এচেৰেঙা৷ আগতেও ধেৰ কাপোৰ আনি দিয়ে৷ কোনোদিনেই সেই পোহৰ নাছিল৷
অৱশ্যে মাকৰ চকু পুতেকলৈ আহে৷ নৰকৰ লেউ লেউ পোকবোৰ তেওঁৰ মগজুত ঘৰ নসজাহ’লে তেওঁৰো চকুহাল মালিমাছৰ দৰেই হৈ থাকিলহেঁতেন৷ পাপে চকুৰ শালীনতাই প্ৰথমে খায়৷ তাৰ পাছত গিলি পেলায় ছাল৷
ফুচুক বিচাৰি
জয়ৰাম বৰা নটসূৰ্য গলিটোৰে সোমাই গ’ল৷
যোৱা প্ৰায়
ছয়টা মাহে জয়ৰাম বৰা প্ৰতিদিনেই নটসূৰ্য গলিৰে ফুচুক বিচাৰি সোমাইছে৷
থানা তিনিআলিৰ
বাচুৰ দোকানত চেনি বেছিকৈ দিয়া চাহ একাপ আৰু ভজা কাবুলী বুট একপ্লেট খাইছে৷ চকচকীয়া
নোট এখন উলিয়াই দিছে৷ পইচা ঘুৰাই লোৱা নাই৷ অৱশ্যে যি নোটেই নাথাকক, বাচুৰ পৰা কোনোদিনেই
পইচা ঘুৰাই লোৱা নাই৷ বাচু পুৰণি মানুহ৷ এইখন চহৰৰ সৈতে যোগসূত্ৰ থকা কম মানুহবোৰৰ
ভিতৰত এজন৷
গাড়ীখন অলপ চাবি বুলি কৈ চহৰখন ইমূৰৰ পৰা সিমূৰলৈ এপাক মাৰিছে৷
বাচুয়েই
কৈছিল৷
হয় হয়৷
বাচুৱেই
কৈছিল৷ প্ৰায় ছয়মাহমানৰ আগতেই কথা প্ৰসংগত বাচুৱে কৈ আছিল পুৰণি ইটা ভাটাটোৰ কথা৷
বহুদিনৰ মুৰত জয়ৰাম বৰাক দেখি উৎফুল্লিত বাচুৱে বেণ্ডপাৰ্টি বজাই তাজিয়া খেলি থকাৰ
শব্দকো চেৰ পেলাই পুৰণি স্মৃতি ৰোমন্থন কৰি আছিল৷ সোঁহাতখন তাৰ গৰম চাহ পৰি গেলি গৈছে৷
দীঘল বেণ্ডেজ এটা মাৰি নিয়মীয়া গ্ৰাহকক চাহ দি গৈছে সি৷
জয়ৰাম বৰাৰ
প্ৰায় সোতৰ বছৰ আগতেই বেচা ইটা ভাটাটোৰ মজদুৰবিলাক কাম বন বিচাৰি কেইদিনমান চহৰখনতে
ঘুৰি ফুৰিছিল৷ বিহাৰৰ পৰা অহা নুনীয়াবোৰৰ প্ৰায়বোৰেই ঘুৰি গৈছিল নিজৰ ঠাইলৈ৷ ঠিকাদাৰে
পাছৰ চিজনলৈ ৰখাই থ’ব নোৱাৰে৷ ইমানসোপা মানুহক খুৱাই বুৱাই ৰখাতকৈ ঘৰলৈ পঠাই দিয়াই
ভাল৷
কথাৰ মাজতে
বাচুৱে কৈ উঠিছিল তাইৰ কথা৷
পেণ্ডোৰাৰ
বাকচ এটা সন্তৰ্পণে খোল খাই গ’ল৷ সন্তৰ্পণে৷
কি নাম আছিল তাইৰ..
কি নাম আছিল..
জানকী? চুহেলা??
মোকাৰামা?
কি নাম আছিল
কি নাম আছিল৷
সংঘটনটোও
কিবা বিশেষ নাছিল৷ জয়ৰাম বৰাৰ উদণ্ড জীৱনচৰ্যাৰ কোনোবা এটা বিন্দুৰ সাধাৰণ আৰু সহজ
তলপেটৰ অস্বস্তি বিয়োগ সেয়া৷
গিৰিয়েক
কেৰেলাত কাম কৰিবলৈ গৈ ঘুৰি নাহিল৷ বাৰ বছৰ সম্পূৰ্ণ হোৱাৰ পাছত সেন্দুৰ মচি পুতেক দুটাক ঘৰত থৈ ঠেকেদাৰৰ লগত গুচি আহিছিল অসমলৈ৷
অচিন অজান ঠাইত দিনৰ দিনটো বোকা মাৰিছিল৷ হিচাপ মতে বালি মিহলাই বোকা খচাত পাৰ্গত হৈ
উঠিছিল৷ লাইন লাইনকৈ বনাই দিয়া খেৰৰ জুপুৰীবিলাকৰে কোনোবা এটাত তাই সোমাই লৈছিল৷ বহুতৰে
পৰিয়াল লগতে আহিছিল৷ তাইৰ অকলশৰীয়া জুপুৰীটো বাকী বোৰতকৈ চাফ-চিকুণেই আছিল৷ বনোৱা
ইটাৰ হিচাপ ৰাখিবলৈ দিয়া কৌড়িবোৰ তাই মোনা এটাৰ ভিতৰত জমা কৰি ৰাখিছিল৷ শণিবাৰে পেৰ্মেট
হোৱাৰ পাছতে পইছাকেইটা থিতাদহে ঠিকাদাৰৰ হাতত জমা দিছিল৷ মাহটো শেষ হোৱাৰ লগে লগে
ল’ৰা দুটালৈ মানিঅৰ্ডাৰ কৰি দিবলৈ খাটনি জুৰিছিল৷
কি আছিল
নামটো কি আছিল৷
নাম মনত
নাই৷ গোন্ধটো মনত আছে৷
জটামাংসী
জটামাংসী৷
ফাটি যোৱা
ভৰিৰ গেৰোৱাত শণিবাৰে পুৰণা পায়েল এযোৰ পিন্ধিছিল৷ গিৰিয়েকৰ শেষ স্মৃতি আছিল সেইযোৰ৷
সপ্তাহটো টিনৰ বাকচত ভৰাই থয়৷ বোকা বোকা গোন্ধ এটা আছিল তাইৰ গাত৷ তাৰ ওপৰ তৰপত বিটুমিনাচৰ
লগত পইচা বচাবলৈ মিহলোৱা পিট কয়লা পোৰাৰ গোন্ধ৷ নোমৰ ভিতৰলৈকে সোমাই গৈছিল ৷
নটসূৰ্য গলিটোৰ মূৰতে পাঁচঠেঙীয়া গাই এজনী লৈ ৰৈ আছিল এজনী জটাধাৰী মাইকী মানুহ৷
ঘোলা চকুৰে
তাই প্ৰতিজন বাটৰুৱালৈ এনেকৈ চাইছে যেন নৰকলৈ প্ৰৱেশ কৰিব খোজা পাপী আত্মা পাৰ হৈছে৷
নৰকৰ পৰাও
নিৰ্বাসিত হোৱাৰ ভীতি এটা জয়ৰাম বৰাৰ আছে৷ ঠিক সেই সময়ৰ পৰাই যি সময়ত তেওঁৰ চমকপ্ৰদ
উত্থান এটা হৈছে৷
হঠাৎ জীৱন
সলনি হৈছে৷
দক্ষিণৰ
টকৌপাতৰ কোনোবা কেম্পৰ পৰা বতাহে লৈ আহিছে এজাৰৰ গোন্ধহীন পাহি৷ ফেৰফেৰীয়া বতাহ৷ শুকান
আৰু ডিপ্ল’মেটিক৷
তেওঁৰ চোতালত
পেলাই দিছেহি৷ ৰঙা ৰঙা চৌপাশ৷
বহুতে কৈছে
সেয়া তেজ৷
দুজনকৈ ভোটা
মগজুৰ লিংকমেন যাৰ মেডুলা অবলংগটাত নিতম্ব আৰু ৰঙা মদৰ বাদে অন্য একোৱেই বাস নকৰে,
চেৰা গুলীত (চেৰা গুলী চেৰা গুলী?? থ্ৰী নট থ্ৰী বৃটিছ? চেভেন পইণ্ট চেভেন এম এম৷
যিকোনো এটাই যথেষ্ট৷) থেতেলা খাই সন্মুখৰ পথাৰখনৰ পৰা ঘাই আলিলৈ উঠা গোবাটটোতে পৰি
আছিল৷
ধূলিয়ে
শুহি লোৱা তেজৰ মাজত৷ আধাখোৱা চিগাৰেটৰ ছাঁই পেলাই ডাঠ কৰা ঘোঁৰামদে পাতল কৰা তেজ৷
এটা কিম্বদন্তীত
তেওঁ টকাভৰ্তি ছুটকেচ এটা পাইছিল৷ ভি আই পি কোম্পানিৰ ছুটকেচত৷ লিংকমেনকেইটাই আনিছিল
ক’ৰবালৈ৷ কোনে গুলীয়ালে কেনেকৈ গুলীয়ালে নোলাল৷ সিহঁতে যে ছুটকেচত এবাকচ টকা আনিছিল,
সেয়াও কোনেও গম নাপালে৷
আনটোত জয়ৰামে
মাটিত পুতি থোৱা সোণৰ কলহ পাইছিল৷ সোণ বিচৰা মেচিন আছে জয়ৰাম বৰাৰ হাতত৷ পুৰণি ঢিপ,
কুৱাঁৰ কাষে পাজৰে মেচিনটো ঘুৰালেই হ’ল৷ মাটিৰ তলত সোণ থাকিলে বিপ্ বিপ্ বাজি যায়৷
ৰাতি ৰাতি গাড়ীত মেচিন উঠাই লগত দুই তিনিটা বিহাৰী লাঠিয়াল লৈ জয়ৰাম বৰা ঘুৰি ফুৰিছিল
পুৰণি ঢিপ বিচাৰি৷
দুই এক তাৰো
ওপৰত,- কেকোসাঁপ ভৰি থকা ধেৰ ঠোহা তেওঁৰ পৰাই বিদেশলৈ গৈছে৷ অলেখ টকা অলেখ টকা৷
কিম্বদন্তীত
ওপঙি ওপঙি জয়ৰাম বৰা ঘুৰি ফুৰিছিল ক’লা আৰু সোণালী বৰণ মটৰ চাইকেলত৷
এটা সাংকেতিক লাওখোলা লৈ৷
জয়ৰাম বৰাই কেতিয়াবাই এৰি থৈ যোৱা চহৰখনলৈ তিনিটা
বস্তু একেলগে আহিছিল৷ আহমদীয়া জামাতৰ মছজিদটো, ম’ম’ আৰু ঘৰত বনোৱা ন্যুডল বেচা লাহোৰে
দাজুৰ দোকানখন আৰু জয়ৰাম বৰাৰ মটৰচাইকেলখন৷ ক’লা আৰু সোণালী ৰঙৰ মটৰ চাইকেলখন৷
নাছিল নাছিল৷
মানুহে কাষলৈ
আহি পিটিকি পিটিকি চাইছিল৷ টকা আৰু মঙহ বৰ মহঙা আছিল সেই দিনবোৰত৷
টকাৰ দৰ
বৰ ওপৰত বৰ ওপৰত৷
সেয়ে মানুহবোৰ
শীতল আৰু লেহেমীয়া আছিল৷ ‘আমাৰ দাবী’ আৰু ‘ঐক্য সম্প্ৰীতি’ৰ দৰে দুই এক শব্দগুচ্ছই
মানুহবোকক অলপ গতি দিছিল৷ তাকো বৰ বেছি দূৰলৈকে নহয়৷ সপ্ত-শ্বহীদ বাকৰিৰ পৰা নেলচন
ৰোড হৈ থানা তিনিআলিলৈকেহে গতিৰ এটা নিৰ্ধাৰিত নিকায় আছিল৷ গতিয়ে অলপ দৰক দিয়ে গংগামল
গুণাভাইৰ গোলাৰ সন্মুখত৷
ৰাইজখনৰ
গতিৰ প্ৰতি সহমৰ্মিতাৰে গংগামল গুণাভায়ে পাতলকৈ ৰুহ আফজা মিহলোৱা পানীৰ বাল্টি দুটা
আগফালে টেবুল এখন পাতি থৈ দিয়ে৷ গতিয়ে দিয়া পিঁয়াহত ৰাইজখনৰ দুই একে তিনি গিলাচলৈকে
পাতল ৰুহ আফজা পিয়ে৷ পুনৰ গতি গুচি যায় থানা তিনিআলিলৈকে৷
এতিয়া চহৰখন বেগী৷
দ্ৰুত বেগী৷
তিনিদিনৰ
আগতে ঠেলাৱালা ৰাজাৰামক ডিফেণ্ডাৰ এখনে খুন্দিয়াই থৈ গ’ল৷ ৰাজাৰাম চহৰখনৰ প্ৰাচীন
স্থাপত্যবিলাকৰ ভিতৰত এটা৷ ওলাই অহা পেটৰে বিয়াগোম চেহেৰা৷ প্ৰকাণ্ড মোছ৷ ধেনুভিৰীয়া৷
...এগু কোণা আৰা মেঁ, বাবুজী, ত’ দুচৰা ছাপ্ৰা মেঁ৷
দাঢ়ি হামাৰ
দিলদাৰ বা, মহিলাঁয়ে খতৰে ম্যেঁ..
খবৰটোৰ বেগ খুৱেই তীব্ৰ আছিল যে সেইফালৰ পৰা এইফাল পাওঁতে তাৰ গতি শেষ হৈ গ’ল৷
আহি নাপালেহি৷
ৰাজাৰামৰ ডিঙিৰ ক’লা সূতাত ৰূপৰ ফ্ৰেমত বন্ধা বাঘৰ দাঁত দুটা উভতি বুকুৰ ভিতৰলৈ সোমাই
গৈছিল৷ চিনি পোৱা দুই একে ইচ্ ইচ্ আচ্ আচ্ কৰিলে৷ তীব্ৰ বেগত ইচ্ ইচ্ আচ্ আচবোৰ নোহোৱা
হৈ গ’ল৷
বেছি দূৰলৈ
যাব নোৱাৰিলে৷
কম বয়সতে
বিধৱা হৈ বাপেকৰ ঘৰলৈ ঘুৰি অহা জীয়েকে মুখাগ্নি কৰিলে বাবে কাম কাজ কৰিবলৈ বামুণ নাহিল৷
নীলচীয়া মটৰ চাইকেল এখন তীব্ৰ বেগেৰে চলাই প্ৰায় সোতৰ বছৰমান বয়সৰ ছোৱালী এজনী পাৰ হৈ গ’ল৷ দুৰ্দান্ত গতি৷ বাপেকৰ আপডালৰ অভাৱত এই গতিত বাইক চলাইছে৷
বাপেকে শিকোৱা
হলে নিৰ্দিষ্ট গতিত গ’ল হয়৷
ইচ্ ইচ্..হেলমেট
এটাও নিপিন্ধে এই পোৱালিবোৰে৷
টানকৈ চকু
পকাই গুলপীয়া ৰঙৰ মিকি মাউচ অকাঁ হেলমেট এটা পিন্ধাই দিব লাগে৷ অলপ ওফোন্দ লগা যেন
পালে বৃহৎ আকৃতিৰ চকলেট এটা আনি দিব লাগে৷
চকু পকাবই
লাগিব, আলবৎ৷
সেই বুলি
গালি গালাজ কৰিব নালাগে৷ গাভৰু ছোৱালী৷ ফটকৈ বেজাৰ পাই যাব৷ তাতে বাপেকে গালি পাৰিলে
আৰু দুখ পাই ছোৱালীবোৰে৷
পাছফালে
বহি চিঞৰি চিঞৰি কৈ যাব লাগে- ছাগলী, পাগলী আৰু ছোৱালী, আগত থাকিলে স্পীড একদম কমাই
দিবা ধুনু..
ক্লাট্ছ
ডবাব নালাগে৷ ব্ৰেকত মিহিকৈ চাপ দিবা৷
ধুনু ধুনু..
ঔ ধুনু..
বুট এযোৰ
কিনি দিব লাগে৷ পিঅ’ৰ লেডাৰৰ৷ পাৰ্পল কালাৰৰ৷
মটৰ চাইকেল
চলাওঁতে বুট পিন্ধিলে ছোৱালীবোৰক বৰ ভাল দেখি৷
...লাহে
লাহে, ফুচু..আগত সেইখন ডাম্পাৰ৷ ইহঁতে কেয়াৰ নকৰে৷ নিজেই সাৱধান হ’বা৷
হানা ম’ণ্টানাৰ
দৰে আধা জীনচ বুটত ভৰাই মটৰ চাইকেল চলোৱা জীয়ৰী..
হানা ম’ণ্টানা৷
হানা ম’ণ্টানা৷
পিংক লেডাৰৰ
জেকেট এটা আৰু তলত শুধ বগা সূতাৰ চাৰ্ট এটা...
মৃত্যুক
চাকি চাই পুনৰ জী উঠাৰ অবালচন ধাৰণা এটাত পকাই দিছে এক্সেলেটৰ৷ গ্ৰীক বৰ্শামুখৰ দৰে
চোকা দেহা এটাৰে বতাহ ফালি গুচি গৈছে৷
গুচি গৈছে৷
বাপেকে চাব
লাগে৷ এই মৃত্যুমুখী গতি নিয়ন্ত্ৰণ বাপেকেই কৰিব লাগে৷ দোচোৰা কোন আছে৷ মাকৰ দায়িত্ব
এশ শতাংশ নাৰী কৰি তোলা৷ হাণ্ড্ৰেদ পাৰ্চেণ্ট নাৰীত্ব৷ সেই নাৰীত্বৰ ওপৰত পুৰুষসুলভ
আত্মসন্মান আৰু ডেম কেয়াৰ কৰি তোলাটো বাপেকৰ কাম৷
কিন্তু বাপেকে
স্পীড কন্ট্ৰ’ল কৰাবই লাগিব৷
গুচি গৈছে৷
তাই নুশুনিলে
কাতৰ জয়ৰাম বৰাৰ কাতৰ আৱাহন৷
ফুচু..ফুচু..
ফুচু ঔ..
ঔ..ফুচু..
বিৰবিৰালে
জয়ৰাম বৰাই৷
ৰাষ্ট্ৰপতি
শাসনৰ কোনোবা এটা ফাগুনত জয়ৰাম বৰাৰ বৰ আই ওলাইছিল৷ ডিঙিটোত জামদানী কাপোৰ এখন মেৰাই
মাকে শুৱাই থৈছিল চ’ৰাঘৰত৷ সাংকেতিক চিহ্নত অঁকা লাওখোলাৰ ক’লা তিনিটা গোলৰ দৰে তিনিটি
দাগ থাকি গ’ল৷
ডিঙিৰ ঘটিকাটোৰ
কাষে-পাঁজৰে সাংকেতিক লাওখোলা এটা ৰৈ থাকে৷ তাৰ ঠিক তলেৰে ওলাই আহে আদৰুৱা মাত এটা৷
ধুনু..ধুনু..
ধুনু ঔ..
ঔ ধুনু..
যিকোনো কন্যা
শিশুৰ বাবে ব্যৱহৃত বৃত্তানুপ্ৰাস শব্দ একোটাত গলি যায় জয়ৰাম বৰা৷ হাউলী পৰে ফুটুকলা
ডাল এটাৰ দৰে৷
চিলনীৰ ছাঁ
মাটিত পৰা ভৰ দুপৰীয়াও জয়ৰাম বৰা এটা সন্ধ্যাত বাস কৰে৷ কোমল, ধূনা ধূনা গোন্ধোৱা
সন্ধ্যা এটাত৷ ব্ৰহ্মাণ্ডৰ জালিকাখনৰ কোনোবা অনামী গ্ৰহত বিচৰণ কৰা এলিয়েন এটাৰ দৰেই
তেওঁৰ আঙুলিবোৰ৷ সান্দ্ৰ দুহাত৷ গলি গলি বৈ যাব পৰা জিভা৷
মনোহাৰী দোকানখনৰ সন্মুখত ৰৈ থকা পাটগাভৰু দুজনীমানে উচ্চস্বৰত ‘অঅঅ’ উচ্চাৰণ কৰিলে৷ লিপষ্টিকডাল ফাৰ্ষ্ট কপি৷ সিহঁতে চিনি পাইছে৷ দোকানীয়ে মূল্য অৰিজিনেল প্ৰডাক্টৰ কৈছিল৷ দোকানীজনৰ বহুবছৰীয়া অভিজ্ঞতা পাটগাভৰু চম্ভালাৰ৷ তেওঁ জানে কোন সময়ত সিহঁতে আত্মসমৰ্পণ কৰিব আৰু তেওঁ ইচ্ছামতে বিচৰা দামটো আদায় কৰি ল’ব৷
প্ৰায় চাৰে
পাঁচফুট ওখ ছোৱালীজনী..
ধুনু ধুনু..
ধুনু ঔ
ঔ ধুনু..
ছোৱালীজনীয়ে
শুনা নাই জয়ৰাম বৰাৰ অষ্ফুট মাত৷ এক লহমাত তাইৰ চকুযুৰি দেখিছে জয়ৰাম বৰাই৷
নাঃ৷
এইহাল অ’ফেলিয়া
চকু৷ মণিটো ঈষৎ হালধীয়া৷ মালিমাছৰ নহয়৷
অনুচ্চ নিতম্বত
বৈ পৰা চুলি৷
অৱশ্যে জয়ৰাম
বৰাৰ জেনেটিকচত বৈ পৰা চুলি আছে৷ গালত এটা দেখা নেদেখা ডিম্পলো বৰ বিৰল নহয়৷
জয়ৰাম বৰাৰ
বিয়োগ পঁচিশ বছৰ বয়সত যিগৰাকী পেহীয়েক ঢুকাইছিল তেওঁ হেনো সাইলাখ অপেচৰী আছিল৷ মাত্ৰ
বংশলতাৰ অভিশাপ বৈ অনা তেওঁ আছিল অনুচ্চ নিতম্বৰ অপেচৰী৷ কিবা কাৰণত ফাঁচ লাগি মৰিছিল৷
কিয় কোনেও নাজানে৷
স্কোৱাট মৰাব লাগিছিল৷ ঠিক পুষ্পিতা হোৱাৰ আগৰপৰাই দিনে ত্ৰিশটাকৈ স্কোৱাট মৰাই দিয়া ছোৱালীজনী অনুচ্চ নিতম্বৰ কোনো কাৰণতে নহয়৷
বিশটা লাঞ্জ,
ত্ৰিশটা স্কোৱাট কেইটামান পুল আপ৷
হৈ যাব৷
ফিট ছোৱালী
এজনী ওলাই আহিব ছয় মাহত৷ লাগিলে অলপ প্ৰ’টিন পাওডাৰ (দামী কোম্পানিৰ, কমদামীৰ কথাই
নুঠে৷) পাতলকৈ গুলি খুৱাই থাকিলেই হ’ল৷
কোনো কাৰণত
খেলিবলৈ দিব নালাগে৷
পুৰুষোচিত
খেলবিলাকে নাৰীত্ব হ্ৰাস কৰি পেলায়৷ একদম দিব নালাগে৷
তাতকৈ নচুৱাব
লাগে৷ খুৱ নাচিবলৈ দিব লাগে৷
বাপেকে অন্ততঃ
এইবিলাক চাব লাগিব৷
আৱাৰ গ্লাচ
শ্বেপ এটা ইমানো টান কাম নহয়৷ ভালকৈ গাইড কৰিলেই হ’ল৷
নটসূৰ্য
গলিৰ পৰা অলপ আগুৱাই গ’লেই নিমাই কলনী৷ কলনীখনৰ আধাখিনি মাটিয়েই এসময়ত জয়ৰাম বৰাৰ
আছিল৷ কমদামী ভাড়াঘৰ সাজিছিল৷
এগালমান৷
মহানগৰত সুযোগৰ সন্ধান পাই সৰু চহৰখনৰ প্ৰায়বোৰ সম্পত্তিয়েই বেচি দিছে জয়ৰাম বৰাই৷
লাম-লাকটুবোৰ আচলতে মাথা ব্যাথা৷ এটা জাগাত মাথা মৰাই বুদ্ধিমানৰ কাম৷ তাতে বয়স হৈ
আহিছে৷ তাৰোপৰি ইমান সম্পত্তিৰে কৰিব কি৷
লাখে লাখে
টকা খৰছ কৰাৰ পাছতো জয়ৰাম বৰা নিঃসন্তান হৈয়েই থাকিল৷ বহুকেইখন ফাৰ্টিলিটি হস্পিটেলে
জয়ৰাম বৰাক শুহি পেলাইছে৷
তুলি লোৱাৰ
কথাও বহুবাৰ মনলৈ আহিছে৷ এলাহ আৰু একধৰণৰ সংকোচত কামটো এই বয়সলৈকে হৈ নুঠিলগৈ৷ এতিয়া
আৰু বয়সো নাই৷
গলিৰ শেষত গেলামালৰ দোকানখনত জয়ৰাম বৰা ৰ’ল৷ গাখীৰৰ কাৰ্টন, ঘিঁউ দুকিলোমান, কৰ্ণফ্লেক্সৰ কাৰ্টন আৰু আটাৰ মধ্যমীয়া বস্তা এটা কিনিলে৷ হঠাতে দোকানৰ চেল্ফত ধূপৰ পেকেট এটা দেখি জয়ৰাম বৰা কিছু সময়ৰ বাবে বিধ্বস্ত হৈ পৰিল৷
জয়া ব্ৰেণ্ডৰ
লোবান ধূপৰ পেকেটবোৰ সজাই থোৱা আছে৷
হয় হয়..
সেই সন্ধ্যা
লোবান ধূপেই জ্বলাইছিল নুনীয়াবোৰে৷
এন্ধাৰ আৰু
বিদায়ী ভাৱনা এটাৰে নিস্প্ৰভ সন্ধ্যা৷
ভাটাটো বিক্ৰী
হ’ব বুলি গম পাই মজদুৰবোৰে পূজা এটা পাতিছিল৷ বোধকৰো বিদায় জনাবলৈ নতুবা ইমান দিনে
ৰুজী-ৰুটি দি থকা ইটা ভগৱানৰ সন্তুষ্টিৰ অৰ্থে!
কি নাম আছিল
তাইৰ কি নাম৷
আলতীয়া
লোবান ধূপৰ লাৰু এটা লৈ হাতেৰে পকাই পকাই ষ্টিলৰ ঠাল এখনত থৈ জ্বলাই দিছিল চুলাৰ কাষত৷
জটামাংসী পোৰাৰ গোন্ধ এটা বিয়পি পৰিছিল চৌপাশে৷
ৰাতি দুপৰলৈ
মদে মাংসৰে ভোজ খাই নুনীয়াবোৰ শুইছিলগৈ৷ ভাটাৰ কিনাবেচা শেষ কৰি কিনোতা পাৰ্টিটোও
গ’ল৷ ৷
একধৰণৰ মুক্তিৰ
আনন্দতে হওক বা ভাল দাম পোৱাৰ সুখতে জয়ৰাম বৰা অলপ বেছিকৈয়ে মাতাল হৈছিল৷
কি কৰিছিল
তাই চুলাৰ কাষত?
কি কৰি আছিল
জটামাংসীৰ ধোঁৱাত৷
কি কৰি আছিল!
সেই ৰাতি
জয়ৰাম বৰাই ডাঙি অনা তাইৰ দেহাৰ গোন্ধৰ তিনিটা তৰপ আছিল৷
বোকা, বিটুমিনাছ
আৰু জটামাংসীৰ৷
জয়ৰাম বৰাই
তিনিওটা তৰপ ভেদি ভিতৰলৈ সোমাই গ’ল৷
ওলাই আহিছিল
যেতিয়া জটামাংসীৰ ধোঁৱা নাইকীয়া হৈছিল৷
দুমাহমানৰ
পাছত যেতিয়া কিবা কাৰণত ভাটাটোলৈ আহিছিল তেতিয়া বহু নুনীয়া ঘৰলৈ ঘুৰি যোৱা নাছিল৷
কি নাম আছিল
তাইৰ৷ কি নাম আছিল৷
মালিক অহা
গম পাই তাইও ওলাই আহিছিল৷
কি নাম আছিল
তাইৰ৷ কি নাম আছিল৷
আউল বাউল
চুলি আৰু বিটুমিনাছৰ গোন্ধৰ মাজৰ পৰা টৰটৰকৈ এহাল চকুৱে জয়ৰাম বৰাৰ ফালে চাইছিল৷ হয়
হয় চাইছিল৷ চাইছিল৷
তলপেটত ঢিপ
এটা আছিল নেকি তাইৰ৷
ঢিপ এটা৷
হয়েই হয়েই
৷ সেইটো এটা ঢিপ৷
জয়ৰাম বৰাৰ
সোণ বিচৰা মেচিনটো৷ সোণৰ সন্ধান পালেই বিপ্ বিপ্ কৰা৷ সেইটো ঢিপত সোণ আছিল৷ এচপৰা সোণ৷
মেচিনটোৱে
বিপ্ বিপ্ নকৰিলে৷
তাত ধুনু
আছিল৷
মুনু মুনু
ঔ মুনু
মুনু ঔ..
গেলমাল দোকানত
বহি থকা ছোৱালীজনীয়ে পইচা কেইটা ল’লে আৰু কাম কৰা ল’ৰাটোক বস্তু কেইটা ৰিক্সা এখনত
উঠাই দিবলৈ আদেশ দিলে৷ কুৰিৰ তলৰ বয়সৰ হ’ব ছোৱালীজনী৷ ঢিলা চুৰিদাৰ এযোৰ পিন্ধি আছে৷
মটিয়া ৰঙৰ৷ চুলিখিনি টিপি টিপি নি পাছফালে খোপা এটা বান্ধি থৈছে৷
মাশ্বৰূম
কাট এটা দি অকণমান টান আৰু উজ্জ্বল বৰণৰ কাপোৰ এযোৰ পিন্ধা হলে তাইক বৰ ভাল দেখা গ’লহেঁতেন৷
ভয়চ মড্যুলেচনটো তেনেই বেয়া৷ কৰ্কশ আৰু শুকান৷ বাপেকে কথা কোৱাৰ ধৰণটোত অলপ চকু দিব
লাগিছিল৷ ছোৱালীবোৰে কথা কোৱাৰ ধৰণটো সাধাৰণতে বাপেকৰ পৰাই আয়ত্ব কৰে৷ বডী লেংগুৱেজ,
ভয়চ মড্যুলেচন এইবিলাক চব বাপেকৰ৷ সুৰ কঠিন আৰু আদেশমূলক হওক৷ সেইটো ভালেই৷ দমনমূলক
কণ্ঠই লাগে আচলতে৷ কিন্তু কৰ্কশ নালাগে৷ মিঠা আৰু সুৰীয়া লাগে৷
ভিৰত থিয়
দি মাত মতাৰ লগে লগে সন্মুখৰ সকলো ক্ৰীতদাস হৈ পৰিব পৰাকৈ বলিষ্ঠ কণ্ঠ এটা লাগে ছোৱালীবোৰক৷
সোনকালে
পইচা-পাতি দি জয়ৰাম বৰা দোকানখনৰ পৰা ওলাই আহিল৷ সোনকালে ঘুৰি যাব লাগে৷ প্ৰতি সন্ধ্যা
পুৰণি চহৰখনলৈ দীঘলীয়া ভ্ৰমণটোত শ্ৰীমতীৰ অলপ সন্দেহ হৈছে৷ তাতে অনবৰতে বিৰবিৰাই থকাটো
তেওঁ ছাইকিয়াট্ৰিষ্টৰ ওচৰলৈ যাবলৈ কৈয়েই আছে৷ সাতে-সোতৰই মিলি বিচাৰি ওলায়হে লাগে৷
ৰিক্সাখনত
উঠি জয়ৰাম বৰা ৰাজাৰামৰ ঘৰ ওলালগৈ৷
চুলি খুৰুৱা
ৰাজাৰামৰ বিধৱা জীয়েক ওলাই আহিল৷ বস্তুকেইটা আগবঢ়াই দি তেওঁ নিজৰ চিনাকী দিলে৷ ৰাজাৰাম
জয়ৰাম বৰাৰ বিশ্বাসী মজদুৰ আছিল৷ ছোৱালীজনীয়ে জয়ৰাম বৰাক চিনি পালে বোধকৰো৷ সসব্যস্ত
হৈ পৰিল৷
প্ৰায় সাত
বছৰীয়া আৰু পাঁচ বছৰমানৰ ছোৱালী দুজনী মাকৰ গাতে লাগি আছিল৷
সিহঁত অৰ্ধ
মানৱ৷ মাকৰ ফালটো আছে৷ বাপেকৰ ফালটো নাই৷ খালী৷ অসম্পূৰ্ণ৷
আহিবৰ সময়ত
সুযোগ বুজি ছোৱালীজনীক জয়ৰাম বৰাই ভাটা বিক্ৰীৰ পাছত থাকি যোৱা মজদুৰবিলাকৰ কথা সুধিলে৷
ছোৱালীজনীয়ে দুই একৰ কথা ক’লে৷ জয়ৰাম বৰাৰ মনত নপৰিল৷ জয়ৰাম বৰাই পুনৰাই অকলশৰীয়া
মহিলাগৰাকীৰ কথা বিশেষভাৱে সুধিলে৷
: অহ্৷ চনু
ভাৱী৷ ৰেলৰ আগত পৰি মৰিছে৷ বাচ্ছা আছিল পেটত৷ ঘৰলৈকো ঘুৰি যাব নোৱাৰা হ’ল৷
***
ভ্ৰাম্যভাষ
– ৯৮৫৪৫৬৬৪২৯

