অন্যযুগ/


জ’নাথন ডাইদ

 নীলোৎপল বৰুৱা


 

:জ’নাথন ডাইদ,

জ’নাথন হেজ ডাইদ

বা জ’নাথন হেড ডাইদ- তিনিওটাই শুদ্ধ৷

অৰ্থ জ’নাথন মৰিল৷ মাত্ৰ প্ৰেক্ষাপট বেলেগ বেলেগ৷

মৰি গৈছে জ’নাথন৷

 

ব’ৰ্ডত তিনিওটা বাক্য লিখি কেটোৰ কৃষ্ণবৰ্ণৰ বাতাচ তিৰ্কীয়ে কিছু সময়‌ দৰক দিলে৷ বাক্যটোত তেওঁ চাবজেক্ট বিচাৰি পাইছে, কিন্তু অৱজেক্ট কোনটো ধৰিব পৰা নাই৷ ধেনুভিৰীয়া দেহাটো ডাঙি তেওঁ চিষ্টাৰ চুপেৰিয়ৰৰ সৰু কোঠাটোলৈ সোমাই গ’ল৷ ঘূণে ধৰা আলমিৰা এটাৰ‌ কাষত গালত ক্লিট’ৰিছ এটাৰ দৰে বাঢ়ি অহা মাহটোৰে কেৰেলিয়ান চিষ্টাৰ গৰাকী বহে৷

বিষণ্ণ মাহটো৷ পুৰণি বৰদিন এটাৰ দৰে৷ নতুবা উঁৱলি যোৱা ৰ’জেৰীবোৰৰ দৰে৷

 খ্ৰীষ্ট, ঘূণ আৰু আৰ্ণিকা ম’ণ্টানাৰ বিষালী গোন্ধ এটাৰ বাদে কোঠাটোত কেইটামান ডালশ‌লীয়া আছে৷ যি মাজে মাজে মূৰ উলিয়াই আৰু কোঠাটোৰ বাবে নিষিদ্ধ প্ৰগলভতা প্ৰদৰ্শন কৰি পুনৰ নোহোৱা হৈ যায়৷ ভৱিষ্যৎ, প্ৰজনন আৰু পুনৰ্বসনৰ দায়িত্বৰে তৃপ্ত ডালশলীয়া৷

চিষ্টাৰ চুপেৰিয়ৰে জীৰ্ণ আবেলিবোৰত উইল’ গছৰ বাকলি, নহৰু আৰু থাইম থেতেলিয়াই ঔষধ বনাই৷ বৃটিছৰ‌ পৰা উত্তৰাধিকাৰসূত্ৰে বৈ অহা প্ৰাৰ্থনা সংগীত এটাৰ কেৰেলিয়ান সংস্কৰণ গুণগুণাই৷

মিছনেৰী স্কুলখনত শিক্ষকতাৰে আধা বয়স গ’ল বাতাচ তিৰ্কীৰ৷ বেলেগত চাকৰি পোৱাৰ কোনো সম্ভাৱনা নথকাৰ বাবেই তেওঁ ওপৰাৱালা চিষ্টাৰসকলৰ আটাইতকৈ বিশ্বাসী চাৱজেক্ট৷

 

জনাথন ডাইদ জনাথন ডাইদ জনাথন ডাইদ..

বিৰবিৰাই বিৰবিৰাই অদ্ভুত পুলকত ডুব গ’ল লাষ্টবেঞ্চত জেগাবন্দী কৰি থকা গমধৰ টাইড৷

আস...

মাটিয়ে গিলি পেলাইছে জ’নাথনক৷ কিলবিল কিলবিল নৰকৰ কীটে আহি কুটি পেলাইছে দৰহি যোৱা জনাথনৰ দেহা৷

জনাথনৰ হাকোঁটাৰ দৰে আঙুলি পচি খহি পৰিছে৷ বিৱৰ্ণ হৈ পৰিছে কোচ খাই লাডু হৈ পৰা নীলা শিৰেৰে আপচু ভৰিহাল৷ দঞি পঃলৰ শাও লাগিছে৷

মুঠতে জ’নাথন মৰি গৈছে৷

জ’নাথন মৰিলেই ভাল পাই গমধৰে৷

জ’নাথনে তাৰ জাত খাই পেলাইছে৷

জ’নাথনে বিপ্লৱ খাই পেলাইছে৷

জ’নাথনক ভাল নলগা হৈ আহিছে তাৰ৷ একমাত্ৰ বাহিৰা বহীখনত সি কেবাবৰো লিখি পেলালে- জ’নাথন ডাইদ৷ জ’নাথনৰ মৰণ আঁকিছে সি, নীলা চিয়াঁহীৰে৷ তাৰ অকণমান আপচু জীৱনটোত ‘জ’নাথন ডাইদ’ এটা মন্ত্ৰৰ দৰে সোমাই গৈছে৷ খাটাং৷

জ’নাথন মৰক৷

 

গিলবাৰ্ট ফাদাৰে স্থাপন কৰা গীৰ্জাটোৰ গোহোম গোহোম গোন্ধোৱা দুকোঠালীৰ স্কুলখনলৈ অহাৰ আগতে  গমধৰ বাঁহৰ ভুৰত উঠি সুতিপাৰৰ প্ৰাইমেৰী স্কুললৈ গৈছিল৷

সি তেতিয়া মিৰৃ আছিল৷

নখৰ‌ পৰা চুলিলৈকে মিৰৃ৷

হাতকটা লেডেঙে চলোৱা বাঁহৰ ভুৰখন৷ খৰালি তাৰ কোচখোৱা বাওঁহাতখনৰ দৰে এলাগী হৈ থাকে সেইখন৷

দীঘল বাঁহডালত জোৰ দিওঁতে হাতকটা লেডেঙে অষ্ফুট চিঞৰ এটা মাৰে..

ঐয়েইইইই...ঐয়েইই..

লেডেঙে য’ত খোপনি লয়, তাৰ পাছফালেই জীয়ৰি মিলি বহে৷ এইটলৈ পোৱা‌ জীয়ৰিৰ এইই টিকিট্ জোঙা বুকুখনত সুতিপাৰৰ বতাহ লাগে৷ ভুৰৰ কঁপনিত ইফাল সিফাল হোৱা জীয়ৰি মিলিৰ কৰঙণলৈ চকু যোৱাটো হাতকটা লেডেঙে ভাল নাপায়৷ এনেই৷

তেতিয়া সুতিত কাবান ওপঙি আছিল৷ লেকেটিয়া কাবান এটা৷ ভৱিষ্যৎ আহিব বুলি দৰক দিছিল৷

তেতিয়া সকলো মিৰৃ আছিল৷

সুতিপাৰ হৈ ছাত্ৰ সন্থাৰ জয়ন্ত পেগু এইপাৰে নাহে৷ বগা চাৰ্টটো লেতেৰা হয় বুলি পেগুৰ ভয় এটা অনবৰতে থাকে৷ সুতিপাৰত নন্দেশ্বৰৰ পুৰণা মেৰটোতে মিটিং গাই জয়ন্ত পেগুৱে৷ ৰাইজখন ৰ’ লাগে৷

 

পলকতে সকলোবোৰ মিৰৃ হৈ পৰে৷

আনকি সুতিপৰীয়া কৃষ্টিসংঘৰ ভাওনাত সূত্ৰধাৰ নচা ৰীডম ঙাটে নামৰ লিচপিচিয়া ল’ৰাটোও৷ আসঃ .. তাৰ ঘোৰাপাক.. কি চাবা৷ লয়লাস৷ ল’ৰাইনে ছোৱালী ধৰিব‌ই নোৱাৰি৷ মিৰৃয়েই নে বেলেগ ধৰিবই নোৱৰি৷

তাৰ মাটি আখৰা চাই গা গৰম হৈ আহে দুই একৰ৷

 

...দিনবোৰ সলনি হ’ব ৰাইজখন..

বিপ্লৱ হ’ব৷ মিমাগ!

আত্মপৰিচয়ৰ বিপ্লৱ৷ শিপামূললৈ ঘুৰি যোৱাৰ বিপ্লৱ৷ আমি আমাৰ দ্বাৰাই শাসিত হ’ম৷ আমি আমাক বিস্তৃত কৰিম৷

বিপ্লৱ আহিব৷ সকলো সলনি হ’ব৷ বৰা, শ‌ইকীয়া, হাজৰিকাই শাসন কৰাৰ দিন উকলিল৷

বিপ্লৱ আহিব..

মিমাগ গঃয়ে..

মিমাগ গঃয়ে..!!

গমধৰৰ বাপেক জোনাৰাম টাইড থৰ লাগি ৰৈ থাকে বিপ্লৱ অহালৈ৷

জয়ন্ত পেগুৰ গাতে লাগি থকা প্ৰিয়ংকা গামৰ স্তনবৃন্ত কঠিন হৈ আহে৷ জয়ন্ত পেগুৱে বিচাৰি বিচাৰি তাইক সাংস্কৃতিক সম্পাদিকা পাতিছে৷ দেশ আৰু জাতিৰ অৰ্থে উৎসৰ্গিত তাইৰ পানীবেলুন দেহা৷

জয়ন্ত পেগুৰ মুদ্ৰাদোষটো...বাওঁহাতখন মুঠি মাৰি গীয়েৰ সলোৱাৰ দৰে জোকাৰ মাৰি দিয়া..

শুনি থকাবোৰলৈ ঠেলি পঠিয়াইছিল ভৱিষ্যৎ‌ একোটা৷ শিয়ঁৰি উঠে কেবাং৷

..আজি সেই দিন নাই..

আমি আগুৱাই আহিলো৷ চোতালত কচুপাতত ভাত খাই খাই লিগিৰা খটা বোপা ককাৰ ভয় আমি কঢ়িয়াই ফুৰা নাই৷ এই মগজু ভৱিষ্যতৰ..

এই দেহা..ভৱিষ্যতৰ৷

এই জাতিয়ে বহু ঠেকিলে..বহু শিকিলে..

আৰু ন’হব৷

সিহঁতৰ একো নাছিল৷ যি লৈছে আমাৰ‌ পৰাই লৈছে৷ ধাৰ কৰি বনোৱা কালচাৰ আমাৰ ওপৰতে জাপি দিছে৷

...দঃঞি পঃল’কে অম্মাংঙে ঙ’লু..

কেমম এডিল’ পেচ’কিতান..

জোনাৰাম টাইডৰ নোম ডাং খাই আহে৷

ভৱিষ্যত আহি আছে৷ সন্তৰ্পণে৷ কালচাৰ এৰিব নালাগে৷ পৰিচয় মেইন৷

ভৱিষ্যতে কঢ়িয়াই আনিব বাত বিষৰ জুলীয়া দৰৱ৷ একে পালিতে জ‌ইন মৰা৷

নিটোল‌ কৰি আনিব মণিমাই টাইডৰ হাতৰ কেটোৰা কেটুৰি‌ আঙুলি, কিলাকুটি আৰু শুকান উৰু..

আৰ্দ্ৰ হৈ পৰিব ছাল৷

জোনাৰাম টাইডৰ একে জোঙে গাহৰি মাৰিব পৰা দেহা খোৱাচ’ডা নহ’লে নচলে৷

মিমাগ গঃয়ে..

মিমাগ গঃয়ে..

বিপ্লৱ আহিব৷

জোনাৰাম টাইডে হাত ভৰি মাৰি জিন্দাবাদ জনাই বিপ্লৱক৷ এই যেন বিউগল বাজিছে, ফেক্টৰীলৈ শ্ৰমিক অহাদি আহি আছে বিপ্লৱ৷ পিন্ধনত ৰঙা চোলা, দগধা জীন আৰু গৰুছালৰ বুট৷

 

এইখন স্কুললৈ অহা কেইটামান দিনহে হৈছে গমধৰৰ৷ অহা নাছিল৷

চোচোৰাই আনিছে জোনাৰাম টাইডে৷ তাক স্কুলত থৈ গোহোমৰ‌ বস্তা এটা চাইকেলৰ‌ কেৰিয়াৰত আটি আটি বান্ধি নিছে ঘৰলৈ৷ চোলাৰ আগপকেটত সন্তৰ্পণে ভৰাই নিছে আৰ্ণিকা ম’ণ্টানাৰ চিচা এটা৷ ওপৰঞ্চি অন্য এটা চিচাৰ বটলত উইল’ গছৰ‌ বাকলি, নহৰু আৰু থাইম থেতেলিয়াই কৰা ক’লা বৰণৰ জোল৷ লগত অদৃশ্য ইংৰাজী-লাটিন প্ৰাৰ্থনা এটা৷

কঁকালত খুঁচি লৈছে চামৰাৰ ক’ভাৰ লগোৱা বাইবেল এখন কোনেও নেদেখাকৈ৷ বিৱৰ্ণ পেণ্টটোত চিকচিকাই আছে চামৰাৰ বকলাটো৷

আগৰটো দেওবাৰেই জোনাৰাম টাইডে যীশুখ্ৰীষ্টৰ ৰক্ত খাইছে৷ বিস্কুটৰ দৰে চোবাই পেলাইছে খ্ৰীষ্টৰ মাংস৷ ভৱিষ্যতে থিতাপি ল’বলৈ শুদ্ধ‌ কৰা হ’ল জোনাৰাম টাইডৰ অবিশ্বাসৰ দেহা৷

মোটামুটি ডাঙৰ উৎসৱ এটাই হৈছিল সেইদিনা৷

ফুল কটা কাগজ আৰু মমদানীৰে জিলিকা গীৰ্জা৷

চেংক্টাম চেংক্ট’ৰাম সুগন্ধীৰে পৱিত্ৰ কৰি তোলা হৈছিল৷ বাপ্টিস্মাৰ পাছত ভিজা দেহাৰে জোনাৰাম টাইডৰ খ্ৰীষ্টিয় নামকৰণ কৰাৰ পাছত সকলোৱে মিলিজুলি গাহৰি মঙহৰে এসাঁজ খালে৷ অবিশ্বাসীসকলৰ মাজত পৰম পিতাৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ জোনাৰামক সকলোৱে দঢ়াই দঢ়াই অনুৰোধ জনালে৷ (এতিয়াও গঢ়ি উঠা নাই ঈশ্বৰৰ সাম্ৰাজ্য)

কেবাখনো ধৰ্মপুস্তক উপহাৰস্বৰূপে গোট খালে৷

মণিমাই টাইডৰ বিষৰ উপশমৰ বাবে এখন সমূহীয়া প্ৰাৰ্থনা সভাও হৈ গ’ল৷ বটলত ভৰাই দিয়া হ’ল পৱিত্ৰ মদিৰা৷ 

পিতা-পুত্ৰ আৰু পৱিত্ৰ আত্মাৰ প্ৰতি প্ৰাৰ্থনা দলিয়াই সকলো খ্ৰীষ্টগানত মত্ত হৈ পৰিল৷

গমধৰৰ বাপেকক ভাল নলগা হৈ আহিছে৷ কেইদিনমানৰ আগতে শিপামূললৈ ঘূৰি যাবলৈ জিন্দাবাদ কৰা জোনাৰাম টাইডে চিষ্টাৰ চুপেৰিয়ৰৰ হাতত চুমা খাইছে৷

গড়ালৰ বাহিৰত আঠুকাঢ়ি পাপ স্বীকাৰ কৰিছে৷

(পাপ..পাপ-হে পৰম পিতা..আমি বিধৰ্মী আছিলো..অন্ধকাৰত বিচৰণ কৰিছিলো অন্ধ কীটৰ‌দৰে! সেই দ্যূতি..সেই পৰম দ্যূতি.. আমি অন্ধলাই চিনাক্ত কৰিব পৰা নাছিলো৷‌আমাক ক্ষমা কৰা‌ কুমাৰী মাতৃ মেৰী..এই অন্ধকাৰৰ পৰা তুলি ধৰা!! )

বিশ্বাসঘাটকতা গান এটাৰ দৰে তাৰ গাত বিয়পি যায়৷ জাতিদ্ৰোহিতাৰ লজ্জাকাতৰ গান এটা৷

এনেও বাপেকৰ সৈতে তাৰ বৰ এটা ভালবাসা নাই৷ হকে বিহকে খুন্দে তাক৷ মাকৰ কেকঁনি বাঢ়িলেও গমধৰেই কোব খাই৷ মাজতেতো বাপেকে তাৰ মুখৰ আগতে কৈছে- সন্দেহ আছে বুলি৷ সন্দেহ আছে৷

তাৰ জন্মৰ সময়ত সুতিপাৰ আচপাতালত ধেৰ গাভাৰী মাইকী৷ এসোপামান পোৱালিৰ মাজত ৰসময়ী শ‌ইকীয়া নাৰ্চে সলাই দিছে তাক৷ মানুহজনী এনেও তাৰ ঠিক নালাগিছিল৷ আচলতো নহয় সি৷ চুলিখিনি বাপেকৰ নিচিনা বুলিহে সি ইমান দিন সেইখন ঘৰত থাকিব পাৰিছে৷ সেও নমনা ঠিয় চুলি৷ লেপলেপীয়াকৈ খাইতেল ঘঁহিও বহুৱাব নোৱাৰি৷

(কথাখিনি কৈ বাপেকে প্ৰায়েই তাৰ চুলিখিনি বেমিলি‌ কৰি দিছিল৷)

প্ৰথমবাৰ এইখন স্কুললৈ অহাৰ দিনা প্ৰাইমেৰী স্কুলৰ আগৰ সমনীয়াবোৰে জোকাইছিল..

..গোহোম খোৱা গাহৰি.

...অকণো নাই আহৰি..

জীয়ৰি মিলিৰ‌ কথা সুকীয়া৷ তাই ব্যস্ত আছিল শৰীৰত হোৱা প্ৰভূত পৰিৱৰ্তনক লৈ৷

খ্ৰীষ্টৰ‌ পোহৰ নপৰা সৰু সৰু ঘৰ বিলাকত প্ৰতিধ্বনিত হৈছিল..

গোহোম খোৱা গাহৰি..গোহোম খোৱা গাহৰি..

ডেৰশতকৈ অধিক চিলাই পৰা জয়তুল পাৱে চিঞৰি চিঞৰি শাও দিছিল- পাপ হুব পাপ৷ জৈতুল পাৱ, ডাম্পাৰৰ তলত পৰিছিল পঃয় আপঙ টেটুলৈকে গিলি৷

 

ভেকুৰে ধৰা ঘেঁহুৰ দৰে ৰং বেৰবোৰৰ৷ স্কুলৰ ঘৰটোৰ কাষতে চালি এখনত দুপৰীয়া ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ কেৰাহী এটাত গোহোম সিজাই৷ ফলীয়া তুঁহৰ ধোঁৱাই চালিখনত ডাঠ ক’লা তেল চিকটি লগাইছে৷ চৌহদৰ গুটি নলগা বৃহদাকাৰ কফিগছবোৰৰ ছাঁ আৰু শুষ্ক যৌৱনৰ চাৰিগৰাকী নানৰ নিষ্প্ৰভতাত থৰ লাগি ৰৈ থাকে এটা -চেংক্টাম চেংক্ট’ৰাম৷

চৌহদটোৰ মাজতে গুহা এটাৰ দৰে বৰ্তুলাকৃতিত শিলৰে সজোৱা‌ ঘৰটোৰ মাজত মেৰী মেগডেলিন ৰৈ থাকে৷ থৰ লাগি৷ আকাশত তিনিটা তৰা আৰু অদূৰত তিনিজন পৰিব্ৰাজক৷ প্ৰথম পৰিব্ৰাজকৰ উটৰ খুৰাৰ ৰঙটো কাহানিবাই এৰাইছে৷ আগৰ বছৰেই ওলোমোৱা তৰাবিলাক অলপ ম্লান পৰিছে৷ চিকমিকনি নাই৷

দুপৰীয়া দিয়া সিজোৱা গোহোম আৰু গুড়ৰ চপৰাটো, যীশুখ্ৰীষ্টৰ চুলি আৰু চিষ্টাৰ লুডমিলাৰ ক্ৰছ অঁকাৰ ঠেউকীটোৰ বাদে স্কুলখনৰ আন একোৱেই ভাল‌ নালাগে তাৰ৷ পিৰামিডৰ দৰে আকৃতি চিষ্টাৰ লুডমিলাৰ৷ খাদ্যৰ বাদে অন্য নিচা নাই৷

গোহোম সিজোৱা‌ খাওঁতে চিষ্টাৰ লুডমিলাই চাই থাকে গেব্ৰিয়েলক৷ (গমধৰৰ খ্ৰীষ্টিয় নাম৷ সকলোৰে সন্মিলিত প্ৰচেষ্টাৰ পাছতো, পৰিয়ালৰ কোনেও নামটো ফুটাব নোৱৰিলে৷ সলাই দি বেলেগ এটা দিয়াৰ কথা চলি আছিল৷ ডেভিদ, বনী, নতুবা মেথিউ..৷ সদ্যহতে- গেব্ৰিয়েল৷)

শৈশৱ সন্তৰ্পণে সোমাই আহে লুডমিলালৈ৷ কোনো কালেই সংসাৰ নকৰাৰ প্ৰতিজ্ঞাৱদ্ধ লুডমিলা ভাতৰ নিঃসনি আৰু সিজোৱা কলৰ আশৈশৱ প্ৰতিবিম্ব৷ সেই ভোক চিনি পাই লুডমিলাই৷ কেৰেলিয়ান চিষ্টাৰ চুপেৰিয়ৰত তাই নিজৰ ভৱিষ্যৎ দেখা পায়৷ নিৰ্জল চকু, ক্লিট’ৰিচ এটাৰ দৰে বাঢ়ি অহা মাহ আৰু এদেহা অপ্ৰজনন৷ অদ্ভুত ধৰণৰে বিষণ্ণ ভৱিষ্যত৷

গেব্ৰিয়েল নতুন অতিথি৷

ঠৰঙা চুলিৰ৷

লুডমিলাৰ ঈশ্বৰৰ বিশ্বাসকৰ্তাসকলৰ মাজত পুনৰুত্থান ঘটিছে৷ এই জয় চিষ্টাৰ চুপেৰিয়ৰ আৰু তেওঁৰ য়ুনানী ঔষধৰ কেবিনেটটোৰ৷ সাপে খোটাৰ পৰা আৰম্ভ কৰি মধুমেহলৈকে বিভিন্ন ধৰণৰ ঔষধ৷ প্ৰাৰ্থনা‌ আৰু বিভিন্ন গছৰ‌ শিপাৰে চিষ্টাৰে ৰোগ নিৰাময় কৰে৷ হালেলুয়া৷ অৱশ্যে বিশ্বাসী সকলৰ বাবেহে এই নিদান৷  

বিশালোদৰ বিশ্বপে আহি বাৰটা পেৰিছৰ মাজত চিষ্টাৰ চুপেৰিয়ৰক ভুৰি ভুৰি প্ৰশংসাৰে বুৰাই থৈ গৈছে৷ সোনকালেই চিষ্টাৰ চুপেৰিয়ৰ ডাঙৰ পেৰিছলৈ যাব৷ খ্ৰীষ্টৰ সাম্ৰাজ্য বিস্তাৰৰ একান্ত ক্ৰূছেডাৰ তেওঁ৷ এই প্ৰান্তৰ পাপী আত্মাৰ মাজত নিৰন্তৰে, অকলশৰে চলাই নিছে প্ৰাচীনতম ধৰ্মযুদ্ধ৷

অৱশ্যে চিষ্টাৰ চুপেৰিয়ৰক লুডমিলাই উজ্বলি উঠা দেখা নাই৷

খ্ৰীষ্ট‌ই ভৱিষ্যত ঘোষণা কৰাৰ আগতেই দুই তিনিবাৰ গোহোম লৈ গৈছে জোনাৰাম টাইডে৷ লগতে প্ৰাৰ্থনা৷ আকালৰ দিনত সিজোৱা গোহোম, কচুশাক আৰু কণবিলাহীৰ আঞ্জাই মমৱাই তুলিছে চৌপাশ৷

যীশুৰ চুলিৰ দৰে মাজেদি সেওঁতা ফালিবলৈ লৈ গমধৰ হতাশাগ্ৰস্ত হৈছে৷ পকী আলিৰ দৰে যীশুখ্ৰীষ্টৰ সেওঁতা৷ ঠিক জয়ন্ত পেগুৱে ঠিকা লৈ সজোৱা পকী আলিটোৰ দৰে৷

সেওঁতা এটা ফালিবলৈ আপ্ৰাণ চেষ্টাৰ মাজতে লগৰ দিনমণিয়ে কৈ উঠিছে- বিদেশী ঈশ্বৰৰ পোহনীয়া কুকুৰ...

ধুই...মিৰৃৰ সেওঁতা৷ মিৰৃৰ সেওঁতা...

নাফাটে৷ জাত এৰা মিৰৃ..টাঃয়ুম্মে..

জ’নাথন ডাইদ..জ’নাথন ডাইদ..

গমধৰে বিৰবৰাই৷

গোহোম আৰু কণজলকীয়া সনা কচুশাকৰ ভুৰি ভোজনেৰে জোনাৰাম টাইড নাক বজাই শুই পৰে৷

বহু দিনলৈ ভড়াল টনকিয়াল৷ স্বস্ত্বি, প্ৰাৰ্থনাতকৈ প্ৰভাৱী৷ 

আৰ্ণিকা ম’ণ্টানাই কিছু পৰিমাণে কমাই আনিছে মণিমাই টাইডৰ কেঁকনি৷ পৱিত্ৰ আত্মাৰ কেকঁনি প্ৰভূ যীশুই শুনে আৰু সেই সকলক আন্ধাৰৰ‌ পৰা তুলি ধৰে৷ তেওঁৰ বাটেৰে যোৱাসকলৰ ৰক্ষাকৰ্তা হ’বলৈ মেৰীপুত্ৰ দায়ৱদ্ধ৷

অলপতে জয়ন্ত পেগুৰ পকী আলিটো কালভাৰ্টৰ জ‌ইনটোতে খহি পৰিছে৷ অবিশ্বাস্য ধৰণে কালভাৰ্টটো ৰৈ গৈছে৷

(সুতিপাৰৰ বালি মিলাইছিল৷ কম খৰছত৷ বালি নহয় সেয়া৷ বোকা৷ বোকা৷ কালভাৰ্টটো জয়ন্ত‌ পেগুৱে বনোৱা নাছিল৷ ৰাস্তা সম্পাদকে পাব, কালভাৰ্ট উপসভাপতিৰ৷ কোনো কাজিয়া নাই৷ কালভাৰ্টবোৰ এতিয়াও ভগা নাই৷ এইবেলি জয়ন্ত পেগুৰ অৱস্থা ভাল নহ’ব বুলি কৈছে, ৰাইজে৷ মিমাগ আনিলে উপসভাপতিয়েই আনিব লাগিব৷ কেঞা আঙুলিত ফ্ৰেকচাৰ হোৱা উপসভাপতিয়ে গোটেই হাতটো প্লাষ্টাৰ কৰাই লৈছে৷ মিমাগ আহিব৷ লৈ‌ আহিব ভৱিষ্যত৷)

কফি বৰণৰ ৰাতিপুৱা এটাত জলফাই তেলত ভজা গোটা মুৰ্গী এটা আৰু ছীজ সনা ব্ৰেড এটা খাই থকাৰ সপোন দেখোতে সাৰ‌ পোৱা গমধৰে শুই উঠিয়েই চুলিখিনি চালে৷ সপোনত তাৰ‌ চুলিখিনিৰ সেওঁতা ফটা৷ তাঁৰৰ দৰে ঠৰঙা চুলিখিনি বাধ্য হৈ পৰিছে৷ মাজেদি মেলি দিছে এটা সেওঁতা৷

সসব্যস্ত জোনাৰাম টাইড৷ ৰাতিপুৱাটো বিন্যস্ত কৰি লৰা-ধপৰা৷ বেৰৰ‌ পৰা আঁতৰিছে সেওঁতা ফলা ঈশ্বৰপুত্ৰ৷ ধৰ্মপুস্তক লুকাই গৈছে ক’ৰবাত৷ সুতিপাৰ‌ নিম্ন বুনিয়াদী বিদ্যালয়লৈ পুনৰায় উভতি যাবলৈ হুকুম দি চাইকেলখন লৈ ওলাই গৈছে জোনাৰাম টাইড৷

নন্দেশ্বৰৰ মেৰত ৰাইজখন গোট খাইছে৷

মানুহবোৰ মিৰৃ হৈ‌ পৰিছে৷

মিমাগ হ’ব৷ উপ সভাপতিৰ নেতৃত্বত৷ আগৰ বাটেৰে নহয়৷ এইবাৰ বাট দোচোৰা৷ শুদ্ধ, চফা গণতান্ত্ৰিক মিমাগ৷ সময় সলনি হৈছে৷ গোগোঁৱনি, আবেগ কিম্বা উষ্মাৰে কাম নচলিব৷ পৰিকল্পনা লাগিব৷ নীলপত্ৰ লাগিব৷ ৰাইজখন একগোট হ’ব লাগিব৷ শিপামূল পাহৰিব নালাগিব৷

প্লাষ্টাৰ‌ কৰা হাতেৰেই দেশৰ হকে নামি পৰিছে উপ সভাপতি৷ দৰকাৰ হ’লে ঈশ্বৰৰ সংজ্ঞা সলনি হ’ব৷

বৰণ সলনি হ’ব৷ অদ্ভূত ধৰণৰ টুপী এটা পিন্ধি‌ জিলিকি আছে উপ সভাপতি৷ কাষত প্ৰিয়ংকা মিলি৷ জাতিৰ বাবে উৎসৰ্গিত পানীবেলুন৷

 

জোনাৰাম টাইডৰ পদূলীৰে চাইকেল খন ঠেলি ঠেলি বাতাচ তিৰ্কী সোমাই আহিল৷ চিষ্টাৰ চুপেৰিয়ৰে পঠাইছে৷ বহুদিন গেব্ৰিয়েল স্কুললৈ যোৱা নাই৷

দুৱাৰমুখৰ পৰাই মাত দিলে ন-জ্ঞাতি, খ্ৰীষ্টীয় সহকৰ্মীক-

: জ’নাথন আছানে??

ভিতৰত গমধৰে বিৰবিৰালে..

জ’নাথন ডাইদ জ’নাথন ডাইদ..

 

 

ফোন- 9854566429

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ