অন্যযুগ/


মুক্তি

 স্বপ্না দত্ত ভৰালী

 

 

“ইচ্! কেনেকৈ?” 

“কি হৈছিল?” 

“বৰ ভাল মানুহ আছিল দেহি!” 

ৰাতিপুৱাই সৰু চহৰখনত খবৰটো ফাটি-ফুটি গ’ল৷ কৃপাল বৰা ঢুকাল৷ মানুহবোৰে ইচ্-ইচ্, আচ্-আচ্ কৰিলে৷ বিভিন্ন সামাজিক কামত জড়িত থকা মানুহ৷ সৰল আৰু নিৰহংকাৰী৷ আজি কিছুদিনৰ পৰা সৰু-সুৰা দুই এটা অসুখ হোৱাৰ বাদে তেওঁৰ অন্য অসুখ-বিসুখৰ কথা গম পোৱা নাছিলোঁ৷ হঠাতে এনে এটা ঘটনা ঘটাত সকলো আচৰিত হোৱা স্বাভাৱিক৷  

কৃপাল বৰা মোৰ স্কুলীয়া দিনৰে বন্ধু৷ সৰুৰে পৰা আমি দুয়ো একেলগে স্কুললৈ অহা-যোৱা কৰা৷ বমভোলা কৃপাল৷ কাকো টান কথা এটা ক’ব নোৱাৰে৷ ককাই-ভাই, বাই-ভনীকেইটাৰ অগাধ মিলা-প্ৰীতি৷ দেউতাক নাইকিয়া কৃপালহঁতক সৰু চাকৰি এটা কৰি মাকে কেনেকৈ যে ডাঙৰ কৰিছিল সেয়া মই চকুৰ আগতেই দেখিছিলোঁ৷ হায়াৰ ছেকেণ্ডাৰীলৈকে একেলগে পঢ়া কৃপালৰ সৈতে মোৰ সম্পৰ্ক কলেজত পঢ়া দিনবোৰত অলপ স্থবিৰ হৈ গৈছিল৷ মই নিজা চহৰৰ পৰা কিছু দূৰৈৰ কলেজ এখনত পঢ়িবলৈ যোৱাৰ বিপৰীতে সি স্থানীয় কলেজখনতে নাম লগাইছিল৷ সেই সময়ত মোবাইল ফোনবোৰো নাছিল৷ কেতিয়াবা বন্ধত ঘৰলৈ গ’লে তাক লগ পোৱাৰ সৌভাগ্য হৈছিল৷ পাছত চাকৰি সূত্ৰে একে চহৰতে আছিলোঁ যদিও আমাৰ লগ পোৱা সেৰেঙা হৈ আহিছিল৷ তেতিয়ালৈ সি আৰু আগৰ ৰঙিয়াল কৃপাল হৈ থকা নাছিল৷ আৰ তাৰ মুখে গম পাইছিলোঁ, নিজৰ জন্মঘৰখনৰ লগত তাৰ সম্পৰ্ক নাছিল৷ বাহীবিয়াৰ দিনাই তাৰ পত্নীয়ে বৌয়েকৰ সৈতে কিবা কাজিয়া কৰি সমস্ত বয়-বস্তু লৈ ভাৰাঘৰ লৈছিলহি৷ ঘটনাৰ আকস্মিকতাত স্থবিৰ হৈ পৰা মাকে তাৰ সংসাৰখন বচোৱাৰ খাতিৰত বুকুত শিল বান্ধি তাক বিদায় দিছিল৷ ককায়েক বা ভনীয়েক কেতিয়াবা খবৰ এটা লওঁ বুলি আহিলেও পত্নীৰ ব্যৱহাৰত প্ৰায়েই আহত হৈছিল৷ এনেকৈয়ে কৃপাল বৰুৱা দুটা সন্তানৰ বাপেক হৈছিল৷ সন্তান দুটিৰ স্বাৰ্থত তেওঁ এক নিজস্বতা নাইকিয়া সত্ত্বালৈ পৰিৱৰ্তিত হৈ পৰিছিল৷ জন্মঘৰখনত কিবা এটা অনুষ্ঠান পাতিলে পত্নীৰ অগোচৰে তেওঁ কেতিয়াবা সুবিধা অনুযায়ী অফিচৰ কামত ক’ৰবালৈ যোৱা বুলি পাক এটা মাৰি আহিছিলগৈ৷ আৰু কেতিয়াবা কেনেবাকৈ পত্নীৰ কাণত পৰিলে টালি-টোপোলা বান্ধি কৃপাল বৰাক ডিভোৰ্চ দি ঘৰলৈ গুচি যোৱাৰ নাটক এখন প্ৰায়েই কৰি পেলাইছিল৷ বমভোলা মানুহটোৱে প্ৰতি বাৰতেই ল’ৰা-ছোৱালীৰ মুখলৈ চাই পত্নীৰ হাতে-ভৰিয়ে ধৰি ঘৰলৈ ঘুৰাই আনে৷ প্ৰায় প্ৰতি মাহতেই কিছুমান তেনেই সাধাৰণ কথাতে ল’ৰা-ছোৱালীৰ চকুৰ সন্মুখত এই নাটকখন চলি আছিল৷ ঘৰুৱা ৰাজনীতিত সিদ্ধহস্ত মাকে ল’ৰা-ছোৱালী দুটাক দেউতাকৰ পৰিয়ালৰ মানুহবোৰ কিমান বেয়া সেয়া পতিয়ন নিয়াবলৈ সক্ষম হৈছিল৷ শেষত পত্নীয়ে তেওঁক এটা চৰ্ত দিছিল, পৰিয়াল লাগিব নে ঘৰৰ মানুহখিনি? যিকোনো এটাহে বাছি ল’ব পাৰিব৷ ল’ৰা-ছোৱালীহালৰ মোহত অৱশেষত কৃপাল বৰাই মাক, ককায়েক, বায়েক, ভায়েকহঁতৰ লগত সম্বন্ধ ছেদ কৰিছিল৷ নিৰ্যাতিত সদায় জানো কেৱল নাৰীয়েই হয়? পুৰুষকো কেতিয়াবা নাৰীয়ে নিৰ্যাতন চলায়৷ সেই অধ্যায় প্ৰায়েই আন্ধাৰত থাকি যায়৷ জীৱন্ত মৃতদেহ হৈ ঘুৰি ফুৰিলেও বহুত পুৰুষে সেয়া বাহিৰত প্ৰকাশ কৰিব নোৱাৰে, নকৰে৷ 

“ৰিজুমণি আহেনে কেতিয়াবা?”

এদিন মই ৰাতিপুৱা খোজ কাঢ়োঁতে কৃপালক লগ পাইছিলো৷ ৰিজুমণি তাৰ সৰু ভনীয়েক৷ সি সাধাৰণতে মৰ্নিং-ৱাক নকৰে৷ পিছে সেইদিনা তাক লগ পাই দুয়োটাই একেলগেই খোজ কাঢ়িছিলোঁ৷ 

“নাই৷ একেবাৰেই নাহে অ’ আজিকালি৷”

তাৰ কণ্ঠত ফুটি উঠা ক্ষোভ মই লক্ষ্য কৰিছিলোঁ৷ 

“কিয়? কিবা হ’ল নেকি?”

“আহিছিল এবাৰ৷ বহুত দিনৰ মানে কেইবা বছৰৰ মূৰত তাই অহাত আনন্দৰ পাৰ নোহোৱা হৈছিল মোৰ৷ কি খুৱাওঁ, কি নুখুৱাওঁ লাগি বজাৰৰ পৰা আটাইতকৈ ডাঙৰ মাছটোৱেই লৈ আনিছিলোঁ৷ পিছে সেই মাছটোৱেই কাল হ’ল৷ পত্নী সেইদিনা অসুস্থ আছিল৷ তেওঁৰ অসুস্থতা সত্ত্বেও মই তাইক ডাঙৰ মাছ আনি ভাত খুউৱাৰ দৰে অক্ষমণীয় অপৰাধটো নকৰা হ’লে তাই হয়তো কেতিয়াবা আহিলহেঁতেন৷” 

কথাষাৰ কৈ যাওঁতে ক্ষোভত, দুখত তাৰ চকুৰ কোণ সিক্ত হৈ পৰিছিল৷ অন্যদিনা সি এনে কথা কোৱা শুনা নাছিলোঁ৷ সেইদিনা কথাষাৰ চকুহাললৈ চাবলৈ মোৰ সত্ যোৱা নাছিল৷ কিছু আক্ষেপেৰে সি কৈ গৈছিল কেনেদৰে ল’ৰা-ছোৱালীহালেও পেহীয়েকক বেছিকৈ বেয়া পাবলৈ আৰম্ভ কৰিছিল৷ মাকৰ অসুখৰ সময়ত মাছেৰে ভাত খাব পৰা পেহীয়েকৰ ছাঁটোও সহ্য কৰিব পৰা নাছিল৷ সিহঁতৰ মনত খোপনি পুতি বহি গৈছিল যে দেউতাকৰ পৰিয়ালৰ সকলোয়েই বেয়া৷ ভাল কেৱল নিজৰ মাক৷ মাকে দিয়া হলাহলকে পান কৰি বিষাক্ত হৈ পৰিছিল সিহঁত৷ 

“বুইছা, মোৰ দুয়োটা ল’ৰা-ছোৱালীৰ মাজত বৰ মিলা-প্ৰীতি৷ ঠিক আগতে আমাৰ ককাই-ভনীহঁতৰ মাজত যেনে মিলা-প্ৰীতি আছিল তেনে৷ তুমিতো দেখিছিলাই৷”

“বৰ ভাল কথা৷ সেয়া থাকিবই লাগে৷ নথকাটোহে বেয়া৷”

মই তাৰ সুৰতে সুৰ মিলাই কৈছিলোঁ৷

“নহয়৷ থাকিব নালাগে৷ এই মিলা-প্ৰীতিৰ বাবে সিহঁতে কেতিয়াবা কষ্ট পোৱাটো মই নিবিচাৰোঁ৷”

“কিবা এটা কথাত মনটো বেয়া৷ সেয়ে নক'বলগীয়া কথা দুষাৰমান তোমাক কৈ পালোঁ৷ এইবোৰ কথা যেন আমাৰ দুজনৰ মাজতে  থাকে৷”

ঘৰ সোমাবৰ সময়ত কৈ কৃপালে মোৰ হাতদুখনত ধৰিছিল৷ তাৰ দুচকুত আকুতি৷ তাক আশ্বাস দিয়েই মই ঘৰলৈ আহিছিলোঁ৷ আজি তাৰ মৃত্যুৰ খবৰ পাই কথাবোৰে মোৰ মনত পাকঘুৰনি খাবলৈ ধৰিলে৷ ভৰিদুটাই টানি মোক কেতিয়া সিহঁতৰ ঘৰৰ চোতাল পোৱালেহি মনত নাই৷ তাৰ পত্নী আৰু ল’ৰা-ছোৱালীহাল তাৰ মৃতদেহৰ কাষত বহি কান্দি আছে৷ পত্নীৰ চুলি আউলি-বাউলি৷ ওচৰৰ দুই একে আহি সান্ত্বনা দিছেহি৷ ল’ৰা-ছোৱালী দুটালৈ দুখ লাগিলেও কাষত বহি থকা তাৰ পত্নীৰ প্ৰতি মোৰ কোনো অনুকম্পা নুপজিল৷ 

“শ্মশানলৈ নিয়াৰ দিহা কৰিব লাগে আৰু৷”

কাষৰে হাজৰিকাই আহি প্ৰস্তাৱ দিলেহি৷ 

“কিয়? কৃপাল বৰাৰ ঘৰৰ মানুহবোৰ আহি পাওকহি৷ খবৰ দিয়া হোৱা নাই নেকি?”

“বৰানীয়ে দেখোন তেওঁলোকলৈ ৰ’ব নালাগে বুলিয়েই কৈছে৷”

মোৰ কথাৰ উত্তৰত হাজৰিকাই ক’লে৷

“নাই৷ প্ৰথমে বৰাৰ ঘৰৰ মানুহ আহি পাওক৷ তাৰ পাছতহে শ্মশানলৈ নিয়াৰ দিহা কৰিম৷ অন্তিম সময়ত অন্ততঃ মুখখনকে দৰ্শন কৰক৷”

প্ৰয়োজনতকৈ চাগৈ মোৰ মাতটো ডাঙৰকৈয়ে ওলাইছিল৷ বৰানী আৰু ল’ৰা-ছোৱালীহালে মোলৈ মূৰ দাঙি চালে৷ লগত থকা কেইজনে হয়ভৰ দিলে৷ তেনেতে মোৰ ফোনটো বাজি উঠিল৷ চালোঁ৷ আমাৰ লগৰে হৰীশে কৰিছে৷

“বেয়া খবৰ এটা পালোঁ৷ কৃপাল হেনো ঢুকাল৷ হয় নেকি?”

বেয়া খবৰ? মুক্তি পোৱাটো জানো বেয়া খবৰ! 

এই মুহূৰ্তত এইটো কথা সমীচীন নহয় যদিও কিয় জানো মোৰ মনলৈ আহিল! 

“ওঁ৷ মই ইয়াতে আছোঁহি৷ তয়ো আহ৷”

কৈ মই ফোনটো চোলাৰ জেপত ভৰালোঁ৷

 

ঠিকনা :

টঙনাপাৰা, ধেমাজি

ভ্ৰাম্যভাষ : ৮৪৭৩০৭৮০৮৫

মেইলঃ swapnduttabharali@gmail.com

ফেচবুকৰ লিংকঃ https://www.facebook.com/swapanadutta.bharali

 

 

 

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ