ময়ূৰী কাকতি
কথাবোৰ সজাটোৰ পৰা ওলায়েই পনপনাই ঘূৰি ফুৰিবলৈ ধৰিলে৷ কথাবোৰ ধৰোঁ বুলি কলমটো আনিবলৈ যাওঁতেই কথাবোৰ গৈ ক’ৰবাত পালেগৈ৷ আৰু সজাত নোসোমোৱা হ’ল৷ আকৌ বন্দী নহ’ল৷
কথাবোৰে নিজৰ মাজতে মন্ত্ৰণা কৰিলে... “এইদৰে আৰু কিমানদিন! এটা মানুহ বাচি লওঁ আহাঁ... যাক আমি কাণে কাণে ক’ম৷ কিন্তু কাক বাচিম?” শেষত স্থিৰ কৰা হ’ল যে এনে এজন পণ্ডিতক ক’ব যাৰ গভীৰ জীৱনবোধ আছে৷ যি ভাল পাব জানে৷ যি মানুহৰ মাজত ঈশ্বৰ দেখে৷
তাৰ পাছত কথাবোৰ আকৌ উৰি ফুৰিল৷ তেনেকুৱাতে জুই পুৱাই বহি থকা সময়বোৰ দেখিলে... কিছু সময় বহি আলেখ-লেখ চালে৷ তাত জুইবোৰেহে কথা কৈছিল... মানুহবোৰ আছিল দৰ্শক৷ ফুট-ফাট, ফিৰিঙ-ফাৰাঙ, দপ-দপ জুই জ্বলাৰ বিশেষ শব্দত মানুহবোৰে কি কথানো পাতিব তাকে ভাবি পোৱা নাছিল৷ কথাই নিজকে বন্দী কৰিব বিচাৰি এজনী আনমনা ছোৱালীক বাচি লৈ তাইৰ দীঘল চুলিটাৰিত পৰিলহি... তাই হাতত থকা ম’বাইলটো পিটিকি আছিল, তাত ভাহি আছিল কিছুমান Double meaning-অৰ কথা৷ কথাই জুমি চাইছিল... এজন বৃদ্ধ হ’বলৈ ধৰা তৰুণে তাইক kissing emoji দিছে৷ ছোৱালীজনী আঁউজি থকা পিঠিখন এজন তৰুণৰ৷ তাইৰ চুলিটাৰি তাৰ কান্ধতো সিঁচৰিত... সিহঁতহালৰ ভাব-ভংগীত এনে লাগিছে যেন শৰীৰ দুটা তেনেই চিনাকি দুয়োটাৰে৷ সিহঁতৰ দৃষ্টিবোৰ স্থিৰচিত্ৰৰ দৰে, একো ধৰিব নোৱাৰিলে কথাই৷ শেষত কথাই নিজকে এই সময়ত বন্দী কৰিব নুখুজিলে৷
কথাবোৰ
সুখী হ’ল৷ ... আৰু গৈ গৈ এজন কাহিনীকাৰৰৰ জেপত সোমাল... কাহিনীকাৰৰ ৰুমালখন ভাঁজে ভাঁজে জাপ খাই কথা
মিচমিচাই জেপতে বহি থাকিল৷ কাহিনীকাৰৰ চিন্তাবোৰ জটিল, বহুত কিতাপ পঢ়ে৷ কোনোবাই কয়
কাহিনীকাৰ ‘ৱিকিপেডিয়াৰ’ দৰে৷ সময়ৰ বজাৰেৰে কাহিনীকাৰ৷ কুশলে থাকে নিজৰ আন্দাজত৷ কথাই
কেতিয়াবা ভাবে কাহিনীকাৰে ইমান কাহিনী কিয় কয়! সময়ৰ বাৰেৰঙী বজাৰত কাহিনীকাৰে কিয় বিতৰণ
কৰে কাহিনী? বিক্ৰী নকৰে! কাহিনীকাৰে কথাবোৰক কাহিনীৰ আকাৰ দিয়ে৷ ফোনবোৰে অনবৰতে কাহিনীকাৰৰ
কাহিনী শুনিব বিচাৰে... কাহিনীকাৰ সুখী হয়, মানুহবোৰে জ্ঞান বিচাৰে৷ কথাবোৰ সুখী হয়....
কাহিনীকাৰৰ জেপতে বন্দী হোৱাৰ কথা ভাবে৷
এদিন এজনী তৰুণী আহিছিল কাহিনীকাৰলৈ কাহিনী
কঢ়িয়াই৷ “দুৱাৰত কোনে টোকৰ মাৰে সদায় তোমাৰ? প্ৰেমিক নেকি তোমাৰ?” কাহিনীকাৰে সুধিছিল৷
“কিনো বকৱাচ কথা সোধাঁ? মানুহ পৰিস্থিতিৰ দাস৷ মাহত দুদিন এক হ’বৰ বাবে কোন ৰৈ থাকে আজিকালি৷ তেওঁ শদিয়াত, মই ধুবুৰীত৷ চাকৰি নকৰিলেতো পেট নভৰে৷” কাহিনীকাৰে মানি ল’লে৷ কথাই বুজিলে এয়া এক সময়ে কঢ়িয়াই অনা আত্মিক বুজাবুজি৷ কিন্তু কাহিনীকাৰৰ জেপৰ পৰা ওলাই আহি কথাই নিজৰ কথা ক’ব খোজে, ব্যাখ্যা কৰিব খোজে প্ৰেমৰ সংজ্ঞা৷ তৰুণীয়ে চিৎকাৰ কৰি উঠে... “বছ কৰাঁ, ভালপোৱাৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাথাকে৷ একাকাৰ নকৰিবা প্ৰেম আৰু শৰীৰক৷ শৰীৰৰ ভোক থাকে, এয়া বিজ্ঞানৰ কথা৷ ইন্দ্ৰিয়ৰ খেলবোৰ বন্ধনমুক্ত৷” কথা নিশ্চুপ হয়৷ কাহিনীকাৰেও মূৰ দুপিয়াই সমৰ্থন জনাই তৰুণীৰ দুচকুত চকু থয়৷ সেয়াও এক সন্মোহন৷ কথাই একেথৰে চাই ৰৈছিল, অবুজ চাৱনিৰে যেনেদৰে চাইছিল ৰে?ড বাছত সেইদিনা যুৱকৰ কান্ধত মূৰ থৈ শুই যোৱা আন এগৰাকী যুৱতীৰ অসীম বিশ্বাসক৷ তাৰ ঠিক কিছু বেলিৰ আগতে অচিনাকী যুৱকজনে যুৱতীৰ কাষৰ চিটটো অধিগ্ৰহণ কৰিবলৈ গৈ যুৱতীলৈ ‘হাই’ বুলি হাতখন আগবঢ়াই দিছিল৷ চিনা-পৰিচয় পবৰ্ৰ পাছতে সিহঁতে নিজৰ নিজৰ কথাবোৰ খুলিছিল, নিজৰ নিজৰ প্ৰেমাস্পদৰ ফটো দেখুৱাইছিল ম’বাইলত৷ ফোন নম্বৰ এক্সচেইঞ্জ কৰিছিল- য’ত আছিল পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি৷
কথাবোৰ নতুনৰ বিশ্বাসত প্ৰত্যয় গৈছিল৷ কথা
কাহিনীকাৰৰ স’তে বুৰ গৈ থাকোঁতেই মানুহবোৰে বেঢ়ি ধৰিলে কাহিনীকাৰক৷ কাহিনী লাগে সিহঁতক যিকোনো
ধৰণে৷
কাহিনীকাৰে সকলোৱে জনা কাহিনী এটাকে নতুন ধৰণে উপস্থাপন কৰিলে৷ সকলোৱে সাধু বুলি ভাবিলে৷ কাহিনীকাৰে এবাৰ কথালৈ চালে আৰু গলখেকাৰি এটা মাৰি ডিঙিটো পৰিষ্কাৰ কৰি গলগলীয়া মাতেৰে আৰম্ভ কৰিলে... “গাঁওখনত এক অচিন বতাহ বলিবলৈ লৈছিল... সকলোৱে অনুভৱহে কৰিছিল কিন্তু কোনেও আৱিষ্কাৰ কৰিব পৰা নাছিল৷ অচিন বতাহত বহুতৰে... ওহোঁ নহয়, প্ৰায়ভাগৰে কিবা জ্বৰ, কাহৰ নিচিনা বেমাৰ এবিধ হৈছিল... হৈয়ে থাকে... মাজে মাজে ভাল হৈ হৈও থাকে... কেতিয়াবা জুপুকা লাগে মানুহবোৰ, কেতিয়াবা বৰকৈ হৈ চৈ কৰি ভাওনাৰ বচন মাতে যেন! কথাবোৰ কিবা খুল্লম-খোল্লা টাইপ কিবা এটা হ’বলৈ ধৰিলে৷ কিতাপৰ লাইেব্ৰেৰী দুটাত আড্ডা নবহা হ’ল... ম’বাইল নামৰ যন্ত্ৰবিধ হাতে হাতে হ’ল আৰু ছোৱালী, বোৱাৰী, বুঢ়া-বুঢ়ী চব একাকাৰ হ’ল... ageless society-ৰ দৰে৷ Age is just a number বুলি কোৱা মালাইকাৰ কথাষাৰো সকলোৱে জনা হ’ল৷ চবেই সৰ্বজান্তা হ’ল আৰু কোনেও কাৰো কথা নুশুনা হ’ল৷ তাতে এদিন ‘ট্ৰেণ্ডিঙ’ কি বস্তু, খায়নে পিন্ধে বুজি নোপোৱা মাকণেও ট্ৰেণ্ডিঙত থকা গান এটাত এপাক নাচি দিলে৷ গাঁৱৰ সকলোৱে বেঙী বুলি ভবা আবিয়ৈ মাকণ তাই আক’৷ মাকণৰ ধেপেচি মাকে গম পাই উধাই মুধাই গালি পাৰিলে- “হতছিৰি যোৱাজনীয়ে কোনটো পৈয়েকক পাবলৈ নাচিছে ঐ...৷” লগৰ এজনীও বিয়া হ’বলৈ বাকী নাই গাঁওখনত... মাকণৰ মাকৰ খংটো তাতেই যে জীয়েকে কণা-খোৰা এটাকো পটাব নোৱাৰিলেনে! কিন্তু কি চমৎকাৰ! ৰাতিটোৰ ভিতৰতে মাকণ হৈ গ’ল ভাইৰেল৷ কেঁচুৱা নচুৱাই নচুৱাই নিজৰ কপালক ধিয়াই মাকণৰ লগৰ কেইজনীয়েও মাকণক চালে “তাইৰহে ভাল দে৷” মাকণৰ এতিয়া ঢেৰ নাচ-বাগ৷ বেঙী মাকণে কিটিপটো জানিলে, ম’ৰা চৰাইটোলৈ নহয় তাৰ পেখম ধৰা ৰঙীণ পাখিতহে সকলোৰে চকু৷ গাঁৱৰ অচিন বেমাৰটো ক’ৰ’নাৰ দৰেই আহিল আৰু গ’ল, কোনেও পাত্তা নিদিলে৷ বোৱাৰী, ছোৱালীবোৰৰ আমনি লাগিলে ৰাধা হৈ প্ৰেমত পৰিব পৰা হ’ল বাৰে বাৰে৷ কোনেও নামঘৰত আৰু আলোচনা নকৰিলে... কোনো কাৰো বাবে এঘৰীয়া নহ’ল৷
মাকণৰ
ইনকাম ভাল হ’ল৷ মাকণৰ মাকে আৰু তাইক গালি নপৰা হ’ল৷ চবে কয় মাকণে বহুত কথা জানে৷ মাকণৰ
কথাবোৰ শুনিবলৈ বহুতো কাণ ৰৈ থাকে ব্যগ্ৰ হৈ... “আজি বা কি কয়? কাক উদ্দেশ্য কৰি কয়?”
মাকণে কয় তাইৰ জান, এলাগীৰ পৰা লাগী হোৱাৰ
কথা, মাকৰ কথা, গাঁৱৰ কথা, তাইৰ ছাগলীজনী, কুকুৰটোৰ পৰা তাই খোৱা ভাতসাজৰ কথালৈকে
সকলো৷ মাকণে হুংকাৰ দিয়ে “বেয়া কমেণ্ট দিবলৈ আহ যে, তহঁতি কি কৰি আছ? কাম আছে তহঁতৰ,
ইনকাম আছে?” মাকণৰ ৰাতিপুৱা ছাগলী এৰাল দিয়াৰ পৰা ৰাতি আঁঠুৱা তৰি শোৱালৈকে সকলো কথা
ৰাজ্যৰ চুকে-কোণে বিয়পে৷ মাকণ খুচ, কেতিয়াবা ফেশ্বন শ্ব’লৈ যায়, কেতিয়াবা প’ডকাষ্টৰ
অতিথি হ’বলৈ৷ আজিকালি মাজে মাজে চুটি ফ্ৰক একোটা পিন্ধি মাকণৰ মাকেও মাকণৰ সৈতে কঁকাল
ঘূৰাই নাচে...৷ ডেকাবোৰে মাকণক খুচ কৰিবলৈকে ধেপেচি মাকক কয় “একেবাৰে মাধুৰী দীক্ষিত
যেন লাগিছে খুৰী৷ মাকণে প্ৰশ্ৰয়ৰ হাঁহি এটা বিয়পায়৷”
কাহিনীকাৰৰ কাহিনীটো প্ৰায় শেষ হৈছিল৷ মানুহবোৰে সামাজিক মাধ্যমত নাইনটিজৰ মাধুৰীক ট্ৰেণ্ডিঙত থকা গান এটাত নিজৰ ষ্টাইলত নচা দেখি আহিছিল৷ পুৰণি মানুহবোৰে নাইনটিজৰ গ্লেমাৰাছ মাধুৰীক Gen-Z-অৰ সময়ছোৱাত খুঁচৰি চালে৷ এহালিচামান comment লিখি লিখি ফে’চবুক ভৰাই তুলিলে৷ Public memory is short, গতিকে নিজেই পাহৰিলে কি দেখিলে, কি লিখিলে৷ কেউফালে চেপা উত্তেজনা ফিউজন, ফিউজন৷ মাকণ, মাকণৰ মাক আৰু মাধুৰী একাকাৰ হৈ ঘূৰি থাকিল৷
এদিন
কাহিনীকাৰৰ অচিন বেমাৰ হয়৷ কণ্ঠ শুকাই যায়৷ মানুহবোৰে কাহিনী নিবলৈ আহি কাহিনীকাৰৰ
একমাত্ৰ চোলাটো ফালি চিৰি পেলায়... আঁকুহি পেলায় বুকু৷ কাহিনীকাৰৰ বুকুৰ পৰা দৌৰি
পলোৱা কাহিনীবোৰৰ দৰে কাহিনীকাৰো মুহূৰ্ততে অদৃশ্য হৈ যায়৷ দিক-বিদিক হেৰুৱাই কথাবোৰ
থক্থককৈ কঁপে....৷ কাহিনীকাৰৰ এজাপ কাহিনী বাতৰিত ওলায়, সামাজিক মাধ্যমত দমদমকৈ গোট
খায়... যিবোৰ কাহিনীকাৰৰ নিজৰ নহয়৷ নিজৰ কাহিনীবোৰ ইতিমধ্যেই আন কাৰোবাৰ হৈ গ’ল৷ কথাই
জানে সঁচা কি, ফুচফুচাই পাতে আৰু সজাই থোৱা কিতাপৰ আলমাৰি এটাত আত্মগোপন কৰে৷
আপোনালোকে নিশ্চয় ভাবিছে কাহিনীকাৰৰ জীৱনৰ
সমাপ্তিৰ লগে লগেই কথাৰো যাত্ৰা সমাপ্ত৷ ওহোঁ, তেনে নহয়৷ কথাবোৰ এদিন ভয়ে ভয়ে ওলাই আহি
সুৰৰ মায়াজাল এখনত বন্দী হ’ব খুজিলে৷ ডেকা-গাভৰুৰ সুৰীয়া যাত্ৰাই কথাক টানি টানি বান্ধিলে৷
“কি ক’ব খুজিছিলা, কোৱা এতিয়া.... নাইনটিজৰ
কথা, ৰামায়ণ, মহাভাৰত চোৱা সময়ৰ কথা... বকুল ফুলৰ কথা... ও আহা আক’ সুৰ কৰো, গান গাওঁ....’’
ভাৰাঘৰৰ কেম্পাছৰ ব’গেনভেলিয়াৰ কথা, ৰঙা চাহৰ
অজুহাতৰ কথা... স্মৃতিকাতৰ গায়ক-গায়িকাই গাই গ’ল৷ ৰিলচ বনিল এশৰো ওপৰ৷ ট্ৰেণ্ডিঙত থকা
ছং ...৷ ছোৱালীবোৰে মাক-আইতাকক একো নুসুধিলে... আৱেগ নুবুজিলে, তথাপি ব’গেনভেলিয়া গছৰ
ডালটো চুই চালে, ফুলবোৰ গালে-মুখে লগালে৷ কথাই সুৰৰ যাত্ৰাত বন্দী হৈ থাকোতেই হৰিনামৰ
বৰকাঁহে থকা-সৰকা কৰিলে৷ আকৌ ট্ৰেণ্ডিং! হয় হয়৷ উভতি চাই কথাই কাকো নেদেখিলে৷
কথাবোৰ পুনৰ উৰিবলৈ ল’লে৷ উৰি থকাইচোন জীৱন৷
কথাবোৰ এসময়ত এটা নান্দনিক প্ৰেম কাহিনীৰ সাক্ষী আছিল৷ বাচি বাচি মুকুতাযেন শব্দৰে
প্ৰেমপত্ৰ একোখন কথাই যুগুতাই দিছিল তেতিয়াৰ প্ৰেমিক চৰাইক তথা এতিয়াৰ সফল ব্যৱসায়ীজনক৷
মনে মিলা প্ৰেমিক চৰাইহালৰ বিয়াত কথাই বৰ আশাৰে প্ৰেমৰ জয়গান গাইছিল৷ হঠাতে সেই মানুহজনক
লগ পাই পিছ নেৰিলে কথাই৷ ভণ্ড জীৱনবোধৰ বৈপৰীত্যত আহত কথাই মনত সকাহ পালে... আকৌ প্ৰেম
ভালপোৱা...৷ পিছে পঞ্চাছৰ উৰ্ধ্বৰ মানুহজনৰ দেহৰ ভাঁজত সোমাই আছে এজনী ছোৱালী৷ হয়তো
তেওঁৰ নিজৰেই ঔৰসজাত জীয়াৰী৷ কিন্তু ভাব-ভংগীততো লগা নাই তেনে৷ কথাই জুমি চাই শুনিলে...
বেবীয়ে ডেড্ডীক সময় দিয়ে, প্ৰেম দিয়ে... আৰু বিনিময়ত মৰ্যাদা আৰু নিৰাপত্তা৷ কথাই সোধে
আচলতে কাৰ পৰা বাচিবলৈ এই মৰ্যাদা আৰু নিৰাপত্তা...? সময়ৰ পৰানে!
কোনোবাই কয় “সময়ৰ পৰা পলালে পলায়নবাদী বুলি
শতিকাই হাঁহিব৷ নপলাওঁ গতিকে৷ মুখামুখি হ’ম৷ সাহসী হ’বলৈ দীক্ষা সময়েই দিছে৷” কথাই
মন দি শুনে৷ কলমতিয়াই কলমতিয়াই শতিকাৰ প্ৰেমিকাবোৰ নিদ্ৰাত ঢলি পৰে৷ ট্ৰেণ্ডি বেশভূষাৰ
আঁৰত সিহঁতৰ ভোকাতুৰ একোটা মন থাকে... কোনো প্ৰেমিকে নিৰাপত্তাৰ উমেৰে বুৰাব নোৱাৰা৷
কথাই
স্থিৰ কৰিলে সভাবোৰত কথা ক’ব, মানুহবোৰৰ সাহস হ’ব৷ কথা মতেই কাম... সভাত বহি আছিল কথা,
মানুহবোৰ ভয়াতুৰ৷ ‘কাক ভয় কৰা! নিজক নে সমাজক, নে সময়ক!’ কথাৰ প্ৰশ্নবোৰ শতিকাৰ প্ৰশ্ন
হৈ ওলমি ৰৈছিল বতাহত৷ LGBTQ ৰ সভা এখনতো সাহস গোটাই কথাই সোধে ‘ট্ৰেইনত তোমালোকৰ
কোনোবাই পইচা বিচাৰে নেকি? কিয় সিহঁতকো নিজৰ নকৰা?” সোধাটো আঁভজা কিবা হ’ল নেকি! মানুহবোৰে
টেলেকাকৈ চালে৷ এদিন ধমীৰ্য় এখন সভাত কথাই ফুচফুচাই সোধে, “ধৰ্মই কিয় পাপ কৰোৱাই...
কিয় নৰহত্যা কৰোৱাই? কিয় পেহেলগাম? কিয় কুৰুক্ষেত্ৰ?” তেতিয়াই এজাক বৰষুণ আহে লগত ৰজা
আহে... কথাবোৰ ওলোটা-ওভোটা হয়৷ সকলোৰে ইগ’ হাৰ্ট হয়৷ খেদা খেদি হয়৷ শব্দবোৰহে ডাঙৰ
ডাঙৰকৈ ঘূৰি ফুৰে, কথাবোৰ কোনেও নুশুনে৷
খুচুৰা পইচাৰ জনজননিত কথাৰ টোপনি ভাগে৷ স্বয়ংসম্পূৰ্ণ
হ’বলৈ ৰৈ থকা সপোন এটাই কাঁহি এখন আগবঢ়াই দিয়ে৷ প্ৰাচীন বৌদ্ধ ভিক্ষুৰ দৰে৷
অবুজ
সাঁথৰ যেন তাৰ মুখৰ ব্যাখ্যাবোৰৰ বাবে জিভা কটা যোৱা সপোনটোৱে কথা বিচাৰি ফুৰে৷ এদিন
কথাই তাক লগ পাই ৰহস্যময়ী নাৰীৰ সাজত...“কিয় নাৰী!”
“নাৰী প্ৰকৃতি, নাৰী সন্মোহিনী, নাৰীৰ একোখন
ময়ূৰ পাখি থাকে য’ত মহাদেৱ আৰু অসুৰ দুয়োৱে অৱগাহন কৰিব পাৰে৷ নাৰীয়ে হেনো সপোন দেখুৱাবও
পাৰে আৰু ভাঙিবও পাৰে৷”
কথাই নিজৰ কথা ৰাখে, যদি সঁচাকৈয়ে কোনোবাই
শুনিব বিচাৰে কথাই কথা ক’ব... সভ্যতাৰ কথা, সপোনৰ কথা, পৃথিৱীৰ ৰহস্যৰ কথা আৰু বহুতো.......৷
সেই তেতিয়াই মানুহবোৰৰ ভোক লাগে৷ কিহৰ ভোক!
মানুহবোৰে বুজি নাপায়!
সময়বোৰ খায় একাংশই.....
একাংশই খায় নিজক... অত্যাধুনিক শতিকাই মুখ
টিপি হাঁহে ... নাৰীৰ কথা কোৱাবোৰে কেৱল নাৰীৰ ব্যাখ্যা দিয়ে৷
জন্তু প্ৰেমীসকলে জন্তুৰ কথা৷
মানুহবোৰ মানুহৰ পৰা আঁতৰি থাকে৷
সভ্যতাৰ কথা কোনে শুনে!
সপোনটোৱে কথাক কয় “মই শুনো, মোক কোৱা৷”
ফুটপাথৰ বস্তাখনত কথা আৰু সপোনটো বহি পৰে,
কথাই সপোনটোলৈ চাই কয়, “তুমি নাৰী নহয়, মানুহ হোৱা প্ৰথমে৷’ সপোনটোৱে হাঁহে প্ৰথমে
মিচিকিয়াই, তাৰ পাছত অট্টহাস্য কৰি... হাঁহিয়ে থাকে... হাঁহিয়ে থাকে৷
স্মৃতিকাতৰ
কথাই কাহিনীকাৰৰ অস্তিত্বক বিচাৰে৷ কাহিনীকাৰ অবিহনে কথাৰ অস্তিত্ব ক’ত! কথাই পুনৰ
জীয়াই তুলিব কাহিনীকাৰক৷
বতাহত কেৱল শব্দ থাকে৷ কথা নাথাকে৷ “কথাক
বিচাৰা৷ কথাক বিচাৰা৷” কোনোবাই আতাহ পাৰে৷
***
ভ্ৰাম্যভাষ : ৬০০৩৮০০৮৭৭