চিকিউৰিটি ছেকিঙৰ যাৱতীয় কামখিনি শেষ কৰি বিশাল এয়াৰপ’ৰ্টটোৰ জিৰনি কক্ষত সুকোমল ছ’ফাখনত নিজৰ গাটো ধমহকৈ এৰি দি স্বস্তিৰ নিশ্বাস পেলালে অৰুণাভ দত্তই৷ মাজৰাতিৰ ফ্লাইট, তাতে আকৌ হাড়, কঁপোৱা ঠাণ্ডা- কফি একাপৰ বৰ প্ৰয়োজন অনুভৱ কৰিলে তেওঁ৷ কফি একাপ ফুড্ কাউণ্টাৰৰ পৰা আনি অতি আগ্ৰহেৰে চুমুক দিবলৈ লওঁতেই মনত পৰিল তেওঁৰ হাতত থকা ফোনটো কফি কাউণ্টাৰতে থৈ আহিল৷ লৰা-লৰিকৈ আনিবলৈ বুলি উঠোঁতেই পিছফালৰ পৰা মিঠা মাত এটাৰে ‘‘এক্সকিউজ মি আঙ্কল’’ বুলি মতা শুনি ঘূৰি চাই দেখিলে তেওঁৰ ফালে চাই এজনী প্ৰায় ২০-২১ বছৰীয়া ছোৱালীয়ে তেওঁকেই কৈ আছে ‘‘ইজ, ইট, ইয়’ৰছ?’’ ‘‘ইউ লেফট ইট, ইন দ্য কফি কাউণ্টাৰ’’৷ ‘‘অহ্ ইয়েছ থেংক ইউ ছ’মাচ্ছ’’ বুলি নিজৰ আইফোনটো লৈ ছোৱালীজনীক ধন্যবাদসূচক হাঁহিৰে অৰুণাভ নিজৰ ছিটলৈ ঘূৰিলে৷ অসমত থকা ভনীয়েকলৈ ৱাটছ-এপত এটা ‘কল’ কৰি উঠোঁতেই সেই ধুনীয়া ছোৱালীজনী আহি তেওঁৰ ওচৰতে বহি অতি আগ্ৰহেৰে সুধিলে ‘‘আপুনি অসমীয়া’’? অৰুণাভে আচৰিত হৈ তাইলৈ চাই ক’লে, ‘‘অ’ হয়, কিন্তু আপুনি কেনেকৈ গম পালে? কিছুমান মানুহৰ চেহেৰা চায়েই অসমীয়া বুলি কৈ দিব পাৰি, কিন্তু অৰুণাভৰ চেহেৰাত ‘‘অসমীয়াৰ চিনাকি’’ নাই বুলি তেওঁ জানে৷ তদুপৰি জীৱনৰ সুদীৰ্ঘ সময় আমেৰিকাত কটাই তেওঁৰ ৰঙো আনকি আমেৰিকানৰ দৰেই হৈ পৰিছে৷ সতে সাগৰ তেৰ নদীৰ পাৰত অসমীয়া যেন নলগা ধুনীয়া ছোৱালীজনীৰ মুখত মাতৃভাষা শুনি সেয়েহে অৰুনাভ কিছু আৱেগিক হৈ পৰিল৷ সপ্ৰতিভ কণ্ঠেৰে তেওঁ ক’লে, হয়, হয় মই অসমীয়া কিন্তু আপুনি কেনেকৈ ধৰিব পাৰিলে আৰু আপুনিওতো সুন্দৰ অসমীয়া কয়! ঈষৎ হাঁহি মাৰি ছোৱালীজনীয়ে ক’লে– আপোনাক কাৰোবাৰ লগত ফোনত অসমীয়াত কথা পতা শুনিলোঁ৷ অৰুণাভে কলে– অহ্ ডেট্ছ্ গ্ৰেট্ - তুমিও অসমীয়া নেকি? ছোৱালীজনীয়ে উৎসাহেৰে ক’লে, হয়, ময়ো অসমীয়া, মোৰ নাম প্ৰস্তুতি। মই আপোনাক ‘বৰদেউতা’ বুলি মাতিব পাৰিমনে বাৰু? অৰুণাভৰ বৰ মৰম লাগিল ছোৱালী জনীলৈ - অ’, কিয় নোৱাৰিবা? নিশ্চয় মাতিবা।
চিনাকী পৰ্ব হৈ গ’ল– ছোৱালীজনী, মানে প্ৰস্তুতিৰ ঘৰ তেজপুৰত ৷ অতি তীক্ষ্ণ
বুদ্ধিসম্পন্ন এই ছোৱালীজনীয়ে মুম্বাই আই. আই. টিৰ পৰা ইিঞ্জিনিয়াৰিঙৰ বেচ্ছেলৰ ডিগ্ৰী লৈ আমেৰিকালৈ উচ্চ শিক্ষাৰ কাৰণে
আহিছে৷ নিউ য়ৰ্কত থাকে৷
ইতিমধ্যে নিউ য়ৰ্কৰ পৰা দিল্লী অভিমুখী ফ্লাইটৰ ব’ৰ্ডিঙৰ ঘোষণা শুনি অৰুনাভ ব্যস্ত্য হৈ পৰিল৷ বৰ্ডিং পাছ হাতত লৈ দুয়ো অগাপিছাকৈ একে শাৰীতে থিয় হ’ল৷ তেতিয়াহে অৰুনাভে ছোৱালীজনীক ভালকৈ মন কৰিলে ছোৱালীজনীৰ পিন্ধনত এটা অ’লিভ্ গ্ৰীন কালাৰৰ পেণ্ট আৰু ওপৰত এটা ক’লা-বগা ফাৰ থকা অ’ভাৰকোট৷ মাখন বৰণীয়া ছোৱালীজনীক পোছাকটোৱে তুলি ধৰিছে৷ দীঘল কেঁকোৰা চুলিবোৰ ধুনীয়াকৈ কটা। দেখিলে তাইকো অসমীয়া বুলি ধৰিবই নোৱাৰি৷ এনে লাগিব, তাইৰ যেন বহুদিন হ’ল নিউ য়ৰ্কত থকা৷ সপ্ৰতিভ আৰু হাঁহিমুখীয়া ছোৱালীজনীৰ কিবা এটা গাম্ভীৰ্যপূৰ্ণ ব্যক্তিত্ব আছে৷ ফ্লাইটত উঠি নিজৰ ছিট্টো বিচাৰি বহিবলৈ লওঁতেই দেখিলে তেওঁৰ কাষৰ ছিট্ত ছোৱালীজনী৷ অৰুনাভৰ মনে মনে ভালেই লাগিল- ইমান দূৰ ৰাস্তা অন্ততঃ বহুদিনৰ চিনাকি যেন লগা ছোৱালীজনীৰ লগত মাতৃভাষাতে কথা পাতি যাব পাৰিব৷ প্ৰস্তুতিয়ে উচ্ছ্বাসেৰে ক’লে ‘‘বৰদেউতা, আপুনি মোৰ ওচৰত! মোৰ আজি ভাগ্যখন বৰ ভাল দেই। দীঘলীয়া জাৰ্নিটো বৰ ভাল লাগিব৷’’ অৰুণাভে হাঁহি মাৰি ক’লে- ‘‘ময়ো তাকেই ভাবিছোঁ, ভালেই হ’ল দিয়াঁ।’’
এজন ষাঠিৰ উৰ্ধ্বৰ ব্যক্তি আৰু এগৰাকী প্ৰায় ২০-২১ বছৰীয়া সুন্দৰী ছোৱালী যেন এক অদৃশ্য বান্ধোনত বান্ধ খাই পৰিল৷ বিভিন্ন কথা, নিজৰ চখ, পৰিয়ালৰ কথা, মাকৰ কথা, বন্ধুৰ কথা, পঢ়াৰ কথা- প্ৰস্ততিৰ যেন কথাৰ শেষেই নহয় অৰুণাভে ভাবিলে তেওঁৰ জীয়েক এজনী থকাহ’লেও চাগে ইমান ডাঙৰেই হ’লহেঁতেন। একাকিত্বৰে ভৰা অৰুণাভৰ জীৱনৰ কিছুমান ডুখৰীয়া ছবিয়ে তেওঁৰ মনটোত সুখ-দুখৰ কিছুমান মিশ্ৰিত অনুভতি সিঁচি দিলেহি৷ পত্নী ইজাবেলা আৰু পুত্ৰ ৰিছাৰ্ডৰ সেই আত্মকেন্দ্ৰিক, সহানুভুতিহীন সম্পৰ্কৰ জড়তাবোৰে যেন অৰুণাভৰ গোটেই দেহ-মন এটা শিলৰ চোলাৰে আবৃত কৰি ৰাখিছিল আৰু আজি এই মুহূৰ্ততে অৰুণাভৰ শিলৰ চোলাৰ আৱৰণ ভেদি ক’ৰবাত যেন হৃদয়ৰ তাঁৰ এডাল ঝংকৃত হৈছে- এই মৰমলগা ছোৱালীজনীৰ পৰশত... কিবা এক অদ্ভূত মায়া উপজিল অৰুণাভৰ ছোৱালীজনীলৈ৷ বাৰে বাৰে অৰুণাভৰ ভাব হ’ল- ছোৱালীজনীক যেন তেওঁ আগতেও ক’ৰবাত লগ পাইছে- বৰ চিনাকি যেন তাইৰ প্ৰতিটো অঙ্গী-ভঙ্গী- চকুৰ চাৱনি... ঠিক যেন মনত পেলাব পৰা নাই তেওঁ।
দীঘলীয়া যাত্ৰাটো বৰ সুন্দৰকৈ পাৰ হ’ল৷ গুৱাহাটী এয়াৰপ’ৰ্টত দুয়ো দুয়োকে বিদায় সম্ভাষণ জনাই নিজৰ নিজৰ গন্তব্যস্থানলৈ বুলি ওলাল৷ অৰুণাভক নিবলৈ গাড়ী ৰৈ আছিল৷ গাড়ীৰ ফালে যাবলৈ লওঁতেই অৰুণাভে কোবাকোবিকৈ প্ৰস্ততিক তেওঁৰ ওচৰলৈ অহা দেখিলে৷
-‘বৰদেউতা, আপুনি যদি বেয়া নাপায় মোক ‘আই, এছ, বি, টি’ত নমাই দিব পাৰিব নেকি? মই আজিয়েই তেজপুৰলৈ যাবলৈ লাগিব৷ মাৰ গা বহুত বেয়া, মামাই ফোন কৰিছিল৷
-কেলৈনো নোৱাৰিম আহাঁ আহাঁ৷
প্ৰস্তুতিৰ মুখখন দেখি অৰুণাভে গম পালে তাইৰ বহুত চিন্তা হৈছে৷ গোটেই ৰাস্তাটো তাই মাকৰ কথাকে কৈ আহিছে মাকৰ গা বেয়া বুলি জানি স্বাভাৱিকতেই তাইৰ চিন্তা হ’বই৷ অৰুণাভে সুধিলে, ‘‘কি হৈছে তোমাৰ মাৰাৰ?’’ কলেজৰ পৰা অৱসৰ লোৱাৰ পাছৰ পৰা মাৰ ইটো-সিটো নুগুচাই হৈছে৷ এতিয়া বোলে কেইদিন মানৰ পৰা নোখোৱা হৈছে, খুউব দুৰ্বল৷ মই গৈ পোৱাৰ দুদিন মানৰ পাছতে মাক গুৱাহাটীলৈ আনি ভালকৈ দেখুৱাব লাগিব৷ পাৰিলেতো মই নিউ য়ৰ্কলৈকে লৈ যাবলৈ মন, মাহে নাযায়৷ অৰুণাভে হঠাৎ সুধি পেলালে-
‘‘তোমাৰ দেউতাৰা’’?
‘‘নাই মই তেওঁক লগ পোৱা নাই, মোৰ জন্মৰ পাছতেই মানে...।
প্ৰস্তুতিৰ বেদনাভৰা উদাস চকুযুৰিৰ চাৱনিটোৱে তেওঁৰ বুকু ভেদ কৰি গ’ল৷ প্ৰস্ততিয়ে কৈ গ’ল মোৰ মা বহুত ধুনীয়া আৰু মেধাৱী আছিল জানে বৰদেউতা। এতিয়াও তেওঁ বহুত ধুনীয়া– এইবাৰ বা কেনেকুৱা দেখিমগৈ৷ দুবছৰৰ মূৰত দেখিম মাক৷
গন্তব্যস্থল আহি পাইছিলহি তেওঁলোক৷ প্ৰস্ততিক বিদায় দি অৰুণাভে গাড়ীলৈ ঘূৰি আহি অকমান দূৰ আহিছেহে মাত্ৰ অচিনাকী নাম্বাৰ এটাৰ পৰা ফোন আহিল ‘‘হেল্ল’’ বৰদেউতা, মই মোৰ অ’ভাৰকোটটো এৰি আহিলোঁ গাড়ীতে বৰ বেয়া কথা হ’ল, এইটো মাৰ বহুত পুৰণা কোট- মায়ে গম পালে বৰ বেয়া পাব৷ আপুনি ভালকৈ থৈ দিব দেই৷ মই গুৱাহাটীলৈ আহিলে আপোনাৰ পৰা লৈ ল’ম৷
এসপ্তাহ বাগৰিল৷ প্ৰায় পাঁচ বছৰৰ পাছত অৰুণাভ
অসমলৈ আহিছে৷ অৰুণাভৰ দৰে আমেৰিকাৰ বিখ্যাত অংক’লজিষ্ট অহাৰ খবৰ পায় ইতিমধ্যে
কেইবাখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে তেওঁক চিকিৎসা সেৱা আগবঢ়াবৰ বাবে আমন্ত্ৰণ কৰিছে৷
অৰুনাভৰ সময়ে নোজোৰা হৈছে৷ ইষ্ট, কুটুম্ব, বন্ধু বান্ধৱৰ নিমন্ত্ৰণো ৰক্ষা কৰিব লগা হৈছে৷
তদুপৰি আকৌ নিউজ চেনেলৰ ‘‘টক্ শ্ব’বোৰ আছেই৷ মুঠতে দিনটোৰ ২৪ ঘণ্টায়ো অৰুনাভক
নোজোৰা হৈছে৷
ব্যস্ততাৰ মাজত অৰুনাভে প্ৰস্ততিৰ কথা পাহৰি গৈছিল৷ হঠাৎ এদিন প্ৰস্ততিয়ে ৱাটছ্ এপ’ত মেছেজ কৰিলে ‘‘বৰদেউতা মই গুৱাহাটীত আছো, আপোনাক লগ কৰি কোটটো লৈ আহিম৷ আপোনাক ক’ত লগ পাম বাৰু? কবচোন।
মেছেজৰ উত্তৰ লিখিবলৈ লৈ অৰুনাভৰ হঠাৎ প্ৰস্ততিৰ ডি.পি. খনত চকু পৰিল প্ৰস্ততিৰ সেই ক’লা-বগা ফাৰৰ ধুনীয়া কোটটো পৰিহিতা এইগৰাকী কোন? অৰুনাভৰ চকুৱে জলক-তবক দেখিবলৈ আৰম্ভ কৰিলে...
মূণালিণী, মানে প্ৰস্তুতি তোমাৰ...
অৰুনাভে স্বগতোক্তি কৰিলে৷ সুদীৰ্ঘ বিছটা বছৰ পিছুৱাই গ’ল অৰুনাভ, অতীত যেন জীৱন্ত হৈ পৰিল৷ স্মৃতিৰ প্ৰতিখিলা পাত এখন এখনকৈ অৰুনাভৰ চকুৰ সন্মুখত মেল খাবলৈ ধৰিলে৷
হয় এই ক’লা-বগা ফাৰৰ
কোটটোৱেই অৰুনাভে আমেৰিকাৰ পৰা লৈ আহিছিল মৃণালিণীলৈ৷ তাৰ হৃদয় মন তেতিয়া কেৱল ভৰি
আছিল মৃণালিনী নামৰ ধুনীয়া, মেধাবী
ছোৱালীজনীৰ প্ৰেমৰ সুৱাসেৰে৷ সকলো ঠিকেই আছিল, প্ৰথমতে আমেৰিকালৈ যোৱাৰ কিছুদিন পাছত
বস্তুবাদৰ ৰঙীন চশমা পিন্ধি নিজক প্ৰতিষ্ঠা কৰাৰ দৌৰৰ প্ৰতিযোগিতাত নামি পৰিছিল
অৰুনাভ৷ পিছলৈ ঘূৰি চোৱাৰ সময় নাছিল তেতিয়া অৰুনাভৰ৷ সময়ৰ চকৰি ঘূৰিছিল- দৌৰি দৌৰি
ভাগৰি নপৰালৈকে অৰুনাভ থমকি ৰোৱা নাছিল৷ যেতিয়া থমকি ৰৈছিল তেতিয়া মধুৰ সময়বোৰ
স্মৃতি হৈ পৰিছিল৷ সময়ৰ সোঁতত ক’ৰবাত হেৰাই গৈছিল মৃণালিনী নামৰ ছোৱালীজনীৰ সকলো
স্মৃতি৷ যদিও অৰুনাভে কেতিয়াও জানিবলৈ চেষ্টা কৰা নাছিল এসময়ৰ তাৰ হৃদয়ৰ গৰাকী
মৃণালিনীৰ খবৰ, তথাপিতো হৃদয়ৰ কোনোবা এটুকুৰা ঠাইত যেন বন্দী কৰি ৰাখিছিল সেই নাম,
সযতনে ৰাখিছিল মৰহি যোৱা
প্ৰেমৰ সেই গোলাপ কলি৷
‘‘ছাৰ এগৰাকী ৰোগী দুদিন আহিও আপোনাক লগ পাব পৰা নাই আজিও বহু দেৰিৰ পৰা ৰৈ আছে,
এবাৰ লগ পাব নেকি ছাৰ?
অৰুনাভৰ সম্বিত ঘূৰি আহিল। ক’লে, আহিবলৈ কোৱাঁ৷
আৰু অৰুনাভক আশ্চৰ্যান্বিত কৰি দুৱাৰ খুলি সোমাই আহিল প্ৰস্ততি আৰু পিছে পিছে তাইৰ মাক মৃণালিনী। প্ৰস্ততিয়ে চিঞৰি দিলে– ‘‘বৰদেউতা আপুনি! মানে আপুনিয়েই আমেৰিকাৰ পৰা অহা সেই বিখ্যাত অংক’লজিষ্ট ডাঃ অৰুনাভ বৰুৱা! বৰদেউতা, এয়া মোৰ ‘মা’। মোৰ মাৰ জীৱন এতিয়া আপোনাৰ হাতত - মাক বচাই দিয়ক বৰদেউতা।’’ প্ৰস্ততিৰ মাত থোকা-থুকি হৈ পৰিল৷ ইফালে মৃণালিনী আৰু অৰুনাভ শিল পৰা কপৌ যেন৷ প্ৰস্ততিয়ে মাকক উদ্দেশ্যি ক’লে -‘‘মা মই যে কৈছিলোঁ এইবাৰ আহোঁতে লগ পোৱা বৰদেউতাজনৰ কথা, এখেতেই সেইজন- কি দৈৱ সংযোগ! তুমি চিন্তাই নকৰিবা মা-বৰদেউতাই তোমাৰ বেমাৰ ভাল কৰি দিব৷’’ অৰুনাভে দেখিলে মৃণালিনীয়ে ভাৱলেশহীনভাৱে মাত্ৰ অৰুনাভৰ মুখলৈ চাই ৰ’ল– কি আছিল সেই চাৱনিত– শ্লেষ, ঘৃণা, দুখ, অভিমান নে খং অৰুনাভে একো ধৰিব নোৱাৰিলে৷ মৃণালিনীৰ নিৰৱতাই অৰুনাভৰ হৃদয় যেন ভাঙি পেলালে৷
প্ৰস্ততিৰ আৱেগভৰা, চিন্তাক্লিষ্ট মুখলৈ চাই অৰুনাভে মাথোঁ আশ্বাস দিলে ‘‘হ’ব তুমি একো চিন্তা নকৰিবা সকলো ঠিক হৈ যাব৷’’
স্বাভাৱিকভাৱেই অৰুনাভে মৃণালিনীৰ স্বাস্থ্য পৰীক্ষা কৰিলে, প্ৰেছক্ৰিপছন লিখিলে আৰু সকলো যাৱতীয় পৰীক্ষা কৰাৰ বাবে হস্পিটেলৰ কৰ্মী এজনক মাতি সকলো বুজাই দি তেওঁলোকক লৈ যাবলৈ ক’লে৷ যোৱাৰ আগমুহূৰ্তত অৰুনাভে মৃণালিনীৰ হাতত তুলি দিলে ৩০ বছৰীয়া স্মৃতি বিজড়িত প্ৰস্তুতিৰ সেই ক’লা-বগা কোমল ফাৰৰ কোটটো - দ্বিতীয় বাৰৰ বাবে।
‘‘সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই লৈ ফুৰে
বাস্তৱৰ আঁৰৰ বাস্তৱ।’’ এই জীৱন্ত বাস্তৱৰ সন্মুখীন হৈ অৰুনাভে যেন হৃদয়ৰ দাপোণত
নিজকে স্পষ্ট ৰূপত দেখা পালে৷ অৰুনাভে প্ৰস্ততিলৈ ৱাটছ্ এপ’ত মেছেজ লিখিলে– ‘‘চিন্তা
নকৰিবা, মা ভাল হৈ যাব৷
তুমি পাৰিলে নিউ য়ৰ্কলৈ মাক লৈ অহাৰ ব্যৱস্থা কৰাঁ৷ চিকিৎসাৰ সকলো দায়িত্ব মই ল’ম৷’’
ক’লা-বগা কোমল ফাৰৰ অভাৰ কোটটোৰ কোমলতাখিনি আৰু
মিঠা মিঠা গোন্ধ এটাই তেতিয়াৰ অৰুনাভৰ হৃদয়ৰ ভিতৰে বাহিৰে আৱৰি আছিল৷
***
ঠিকনা : গুৱাহাটী
ফোন- ৯৮৫৯১ ১১৯০৬
