অন্যযুগ/


প্ৰাচীন ভোকৰ মালিতা

 

                                                     ময়ূৰী কাকতি

 

     মই বহুবাৰ স্বীকাৰ কৰিছো অকপটে যে মোৰ এটা প্ৰাচীন ভোক আছে সেই ভোকৰ তীব্ৰ আঘাতৰ সময়ত মই পাহৰি যাওঁ নিজক আৰু কাকো পৰোৱা নকৰাকৈ মাত্ৰ গো-গ্ৰাসে গিলোঁতথাপিবহুসময়ত মই অনুমান কৰো ভোক মোৰ কমা নাইআছেই এতিয়া মই একপ্ৰকাৰে খাটাং এটা ৰাহুৰ আকাৰ 'লোঁ বুলি মই জ্যোতিষ শাস্ত্ৰ সিমান নাজানো। শুনিছোঁহে যে জ্যোতিষৰ মতে ৰাহু এটি আহুকলীয়া গ্ৰহযাৰ প্ৰভাৱ পৰিলে অমংগলৰ আশংকাত বহুতো বিধান মানিবলগীয়া হয়                 

 মোৰ সেই প্ৰাচীন ভোকটো লগত ৰাখিয়ে মই তাইৰ কাষ চাপিছিলোঁ। সেয়া নিশ্চয় ভুল নাছিলতাইক লগ পোৱাটো বা মোৰ ভোকটোদুয়োটাই। ভোক নিতান্তই স্বাভাৱিক ইন্দ্ৰিয়জাত পৰিঘটনা। কোনো নিৰ্দিষ্ট ব্যাখ্যা নিদিওঁ বুলিলেও ভোক আমাৰ পৰিচয়ত অন্তৰ্লীন তাড়না। ভোক মোৰ চকুৰ আগত বহুত দেখি আহিছোকোনো ভিক্ষাৰীৰ শুকান মুখব্যাপী জ্বলি থকা পেটতকোনোবাজনী সদ্য সন্তানপ্ৰাপ্ত মাতৃৰ বুকুতচেপেটা পেটৰ ভতুৱাৰ গাতঅনিচ্ছা সত্ত্বেও পঢ়া সামৰি ঘৰ পোহপাল দিয়া কোনোবা কিশোৰৰ চকুত আৰু কিমান কত! এতিয়া তাইৰ কথালৈ  আহোঁ। তাই তেতিয়া আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ নৈমিত্তিক ঘোষিকা আছিল। সুন্দৰ উপস্থাপন শৈলী তাইৰসাৱলীল প্ৰকাশভংগী আৰু সুন্দৰ কণ্ঠস্বৰ ময়ো "যুৱবাণী"লৈ প্ৰায় সঘনাই কিছু লেখা পঠাই আছিলোঁ ৰেডিঅ' বাবে অনুপযোগী যেন লগা  নিজৰ  মাতটোৰেই কেতিয়াবা ষ্টুডিঅ'  বাণীবন্ধনো কৰাই আহিছিলোঁ সেই তেনেদৰেই একেখন চহৰে কিবা কিবি ধৰণে সংযোগ ঘটাইছিল আমাৰ মাজত। লাহে লাহে মই তাইক সহজভাৱে জোকোৱা আৰম্ভ কৰিছিলোঁ, "ৰেডিঅ' কথা কোৱাৰ দৰে হৈ পৰিছেচোন তোৰ নৰ্মেল  কথাবোৰো। ইমানদিনে শুনিহে আছিলোঁ মানুহৰ মুখতকথাটো হয় মানে" কেতিয়াবা কিবা উচ্চাৰণ ভুল কৰি অফিচাৰৰ পৰা কথা শুনি আহি তাই ধৰফৰাইছিলহি । মই কৈছিলো, "ইমান শুদ্ধকৈ কথাবোৰ অকল তহঁতৰ ৰেডিঅ'তহে সম্ভৱ নেকি ' ? বাকীবোৰ  মিডিয়াতচোন সানমিহলি চব লগাব পাৰিতাই প্ৰায়েই ছৈয়দ ছাদুল্লা ছাৰ আৰু হীৰেন গোঁহাই ছাৰৰ প্ৰসংগ উলিয়াইছিল। তাই গান ভাল পাইছিল, গুনগুনাইছিল। ষ্টুডিঅ' কেতিয়াবা অকলে 'সুৰৰ সাতসৰী', 'ৰামধেনু 'বা 'গীতিমঞ্জৰী' অনুষ্ঠানৰ আঁত ধৰি থকাৰ সময়ত ভাললগা গানবোৰৰ লগে লগে গুনগুনাই  গাই গৈছিল। বাথৰূমত চিঞৰি চিঞৰি গাইছিল । তথাপি আনুষ্ঠানিকভাৱে তো গোৱা নাছিল আনকি বন্ধু-বান্ধৱীৰ সন্মুখতো তাইৰ কোনো সপ্তস্বৰ চৰ্চা কৰাৰ কথা মনত নাই              

              "সা ৰে গা মা পা ধা নি সা - শিক এতিয়া ,অনুশীলন কৰ, কি ডাঙৰ কথানো । তোৰ মাত ভাল... "

             তাই মন নকৰিলে ,বিপৰীতে নাটকৰ 'ডিচনৰ কথা ভাবিলে । সপোনজ্যোতি ঠাকুৰৰো ময়ো এসময়ত "মধুৰতম সময়"  নিজৰ আপোন সময়ৰ দৰে মানিছিলোঁ । তায়ো বোলে মনে মনে ৰশ্মি বুলি ভাবিবলৈ লৈছিল নিজকে। ময়ো নপৰোঁ বুলিও বাৰে বাৰে পৰিছিলো প্ৰেমত, ৰশ্মিৰ। শ্যামল নে ৰঞ্জন হৈ!

              "এয়া আকাশবাণী ডিব্ৰুগড় " - পুৱা 'ছিগনেচাৰ টিউনটোৰে' তাই প্ৰথম অধিৱেশনৰ অনুষ্ঠান সম্প্ৰসাৰণ মুকলি  কৰে। সেই জাৰ্মান-ইহুদী শৰণাৰ্থী ৱাল্টাৰ কফমেনে  ১৯৩৬ চনতে ভাৰতীয় শাস্ত্ৰীয় ৰাগ শিৱৰঞ্জনীৰ আধাৰত ৰচনা কৰামেহলী মেহতাৰ ভায়'লিনৰ বৈশিষ্ট্য সন্নিৱিষ্ট  নষ্টাল্জিকবিখ্যাত বিশেষ সুৰটো এই সুৰটোৰ লগতে শোৱাপাটী এৰাৰ অভ্যাস সৰুতে আছিলএতিয়া নাই কণ্ট্ৰ'  ৰূমৰ পৰা পঠাই দিয়া ৰঙা ছিগনেলটো তাইৰ আপোন হৈ পৰে। 'বন্দেমাতৰম' বজাৰ সময়ত এটা কম্পিউটাৰত 'ভক্তিগীতি' চিডিখন সাজু হৈ থাকে । তাৰ কিছু সময়ৰ আগতেৰেডিঅ' পুৰণি এম্বেছাদৰ গাড়ীখনত উঠিবলৈ পুৱাৰ কুঁৱলি ফালি তাই খপজপকৈ ওলাই যাওঁতে হোষ্টেলৰ মালিক দুৱৰা বৰত্তাই গলিটোৰ মূৰলৈকে তাইৰ পিছে পিছে আহি আগবঢ়াই থৈ গৈছিল যাতে ভতুৱা কুকুৰ কেইটাই নাকামোৰে টোপনিৰপৰা সাৰ পাই যোৱা নিশা মাজৰাতিলৈকে মোৰ ভোকৰ কথাৰে তাইক আমনি কৰাৰ কথাই লাজত পেলায়। ইছ্ সেইদিনাতো তাই মোক চাউল-দাইল কিবা কিনিবলৈ পাঁচশ টকা  ধাৰলৈ বিচাৰিছিল আৰু মই অতি সাধাৰণভাৱেই পাহৰি থাকিলোঁ। অক্ষমনীয় অপৰাধবোধত মই ছটফটালো। থানা চাৰিআলিৰ পৰা চৌকিডিঙ্গীলৈ মই বাইক দৌৰালোঁ। তাই একেই আছিল। ঠিকেই আছিল। ভোক নলগাকৈ... "বৰষাৰাণী বিষয়া ডিব্ৰুগড়ত আছেৰেডিঅ' আজি ইণ্টাৰভিউ আছে। লগ পাই আহিছো মই", তাই লাল চাহৰ তে খাবলৈ মমছ্ মেজিক বিস্কুট দুটাৰ প্লেটখন হোষ্টেলৰ বাৰান্দাত বহি থকা মোলৈ আগবঢ়াই দিলে ময়ো একাপ চাহৰ বিৰাট প্ৰয়োজনবোধ কৰি আছিলো

             বিচমিল্লা খাঁৰ চেহনাই বাদনেৰে তাইৰ তৃতীয় অধিৱেশন সামৰাৰ ফালে অগ্ৰসৰ হোৱাৰ সময়ত ডিউটি ৰূমত চাহ আৰু পেটিজৰ আড্ডা আৰু বঢ়া নাছিল । 'অসম আদিত্য' সম্পাদকীয়টোৰ প্ৰসংগও মাৰ পৰিছিল । মাজৰাতি তাইক মই ৰাগ এটাৰ কথা কৈছিলো – ‘ভৈৰৱী ৰাগ। তাই আন এটা সুৰ বাঁহীত বজাইছিল ইথাৰৰ মাজেৰে অহা সেই একেটা সুৰেই যিটো তাইৰ দেউতাকে হাল বাই মাটি চহাই থাকোঁতে বজাইছিল । কিবা এক অদ্ভুত ভাব এটাই মোৰ মস্তিষ্কটো যেন খুলি খুলি খাইছিলএয়া সম্ভৱনে! এজন খাটি খোৱা মানুহে একেলগে মমতা আৰু অকথিত প্ৰেম অভিলাষক বোৱাই ৰাখিব ! তাই কৈছিল তাইৰ দেউতাক যেন এজন জুয়ে পোৰা সোণহেযি মেঘমল্লাৰ ৰাগ হৈ সিহঁতৰ আজন্ম ভোকবোৰত বৃষ্টিৰ বন্যা সিঁচিব জানিছিল মোৰ মনলৈ আহিছিল ৰেডিঅ' 'জুয়ে পোৰা সোণ' বুলি প্ৰচাৰ হৈ থকা অনুষ্ঠানটোলৈ দিনটো টলৌ টলৌকৈ ঘূৰি ফুৰি ৰাতি বিছনাত এনেয়ে ফোনত এফ. এম ষ্টেচনটো খুলি বাগৰি থাকোঁতে এইটো অনুষ্ঠানতে কিছু বৰেণ্য ব্যক্তিৰ জীৱন চৰ্যাৰ বিষয়ে অৱগত হৈছিলোঁ। তাইৰ দেউতাকেও আনে নজনাকৈ হয়তো তেনে একোখন আলেখ্যই কঢ়িয়াই ফুৰিছিল বুকুত যাৰ বাবে নিজৰ জীয়েকক মুক্ত কণ্ঠৰ অধিকাৰী 'বলৈ এটা কলমৰ প্ৰচ্ছায়াত নিজৰ দৃষ্টি খেদি খেদি নাহৰকটীয়াৰ ভিতৰুৱা গাঁও এখনৰপৰা ওলাই আহিবলৈ উদ্বুদ্ধ কৰিলে" ছোৱালীক বেছি নপঢ়াবিপঢ়াই লাভ নাইবিয়া দিব নোৱাৰিবি"- এইবোৰ শুনি শুনিও তাহাঁতক দেউতাকে মাত্ৰ কৈছিল "মানুহে 'লেই সকলো কথা সঁচা নহয় " তেওঁৰ নীৰৱ প্ৰতিবাদৰ দাৰিদ্ৰ ফিৰিঙতি তাইৰ গাত ফুটেমাক বা ভায়েকে নজনাকৈ এদিন কৰ্কট ৰোগত হাৰ মানি দেউতাক নোহোৱা হোৱাৰ পাছত বৈধব্যৰ সাজত মাকে দেউতাকৰ বাঁহীৰ সুৰটো সামৰি লয়। কিন্তু দেউতাকৰ মাটিৰ সুঘ্ৰাণ মিহলি বাঁহীৰ সুৰটো মাকে লোৱাত সেয়া কেৱল মাটিৰ সুৰ হৈ নাথাকিল । দেউতাকে কোৱা সেই মাটিৰ ঘ্ৰাণমাটি জীৱনমাটি শৰীৰমাটিতেই বিলীন সকলোমই উদগ্ৰীৱ হৈছিলোঁ জানিবলৈ যে তাই আচলতে কোনটো সুৰ বজাইছে! মাকৰটো নে দেউতাকৰটো? নে ব্যক্তিবিশেষে থকা স্বকীয়তাক দোহাই এটা সুৰো একো একোজন ব্যক্তিৰ তেহে সংপৃক্ত হৈ থাকেপৰিৱহণ নহয় সেই একাকী সুৰ আৰু ব্যক্তিজনৰ জীৱনৰ পৰিসমাপ্তিৰ লগে লগে তেওঁৰ লগতে জাহ যায়যিকণ থাকে সি কেৱল মাত্ৰ অনুৰণনহেতাই কথা কমকৈ কয়মই সুধিম বুলিয়ে হয়তো প্ৰসংগ সলনি কৰিলেকিজানিবা ধৰা পৰে তাইৰ নকৈ ৰূপ লোৱা একান্ত নিজা বাঁহীৰ সুৰটোৰ 'তে ! সোধা ' বেলেগ এদিন

           আলীদাৰ আবৃত্তিৰ স্কুলখনত তাই এংক'ৰিং শিকাইছিল । আলীদাৰ ঘৰৰ মুকলি কোঠা এটাত ভূপেন হাজৰিকাজ্যোতি-বিষ্ণুৰ বেৰত আঁৰি থোৱা ফটোকেইখনৰ তলতে বিভিন্ন বয়সৰ 'ৰা-ছোৱালী এগাল লৈ তাই ওম ধ্বনিৰে পাঠদান আৰম্ভ কৰিছিল। তাত আলীদাৰ 'ৰা-ছোৱালী দুটাও আছিল। সেইদিনা আলীদাই হাৰমনিয়াম সংগত কৰি "নিয়ৰৰে ফুল" গাইছিল এসময়ত ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গো আহিছিল তালৈ "এইবাৰ জান আমাৰ প্ৰতিষ্ঠা দিৱসত পুলক বেনাৰ্জী আহিব "

             "ফুলৰে মেলাতে ---"মই গুনগুনাইছিলো    

           "গাব গাব ,অনুৰোধ কৰিমতয়ো আহিবি "  ইমান উৎসাহ তাইৰ ! সেইজনী ছোৱালীয়েই মৰাণৰ শংকৰ হোটেলত চাহ একাপ খাবলৈ সোমাই ভাবুক হৈ পৰে । তাই কথাহে কম কয়ভাবুক হয় জানো ! তাৰ ঠিক কেই মুহূৰ্তমান আগতে ডিব্ৰুগড় -শিৱসাগৰ সংযোগী পথটোৰ দুয়োকাষে লাহে লাহে নাইকীয়া 'বলৈ ধৰা চাহ বাগিচাবোৰৰ কথা পাতি আহিছিলোঁ আমি । তাই কৈছিল, "পৰিৱৰ্তন স্বাভাৱিক পৰিঘটনাতথাপি চাহ বাগানৰ সৌন্দৰ্যই আমাৰ মনবোৰ ভৰাই ৰাখে নহয়নে!" সেই সময়তো মই নিজৰ ভোকৰ কথাই ভাবি আছিলোঁ

            এদিন মোৰ বৰকৈ ভোক লাগিছিল ,ঈদৰ দিনা। তাইৰো ৰেডিঅ' কম্পজিঙৰ কাম এটা আছিল। ফৰ্থ গ্ৰেডৰ বাবুল আহমেদে মুংদালিৰ হালুৱা আনিছিল। তাৰে অলপ তাই মোক দিছিল, "তই নাখালি?" 

     "খালোঁএয়া তোৰ বাবে" মই নোকোৱাকৈয়ে কেনেকৈ জানো তাই মোৰ তীব্ৰ ভোকটোৰ উমান পাইছিল !মন গৈছিল তাইক সাবটি ধৰি সুধিম, "এই তীব্ৰতা কেনেকৈ জানিলি তই ?" কিন্তু সকলো কথা জানো সোধা হয় !                                                                  

ৰাগবোৰ মোৰ অলিয়ে গলিয়ে জাগ্ৰত প্ৰহৰী। তাইক দাপোণত চাওঁতেও মই ৰাগৰ এখন আঁচলৰ মাজেৰে চাইছিলো। সাংবাদিকতা নপঢ়াকৈ সংবাদসেৱী হোৱা ছোৱালীজনীৰ কৰ্মঠ দুহাত আলতীয়া মাটিৰে ধুই শান্তি পাইছিলো। 'প্ৰেছ' বুলি লিখা বাইকখনৰ প্ৰতি থকা মোহটো এৰি চৰকাৰী অফিচৰ কেৰাণীৰ চকীখনত বহাৰ পাছত অৱশ্যে বহি বহিয়ে মই ৰাগবোৰ হিচাপ কৰিলোঁ নতুন ধৰণে তথাপি তীব্ৰ ভোকটো নকমিল অথচ, তাইৰ খহটা হাতখনত জেতুকাৰ বোল মোৰ পচন্দ নহ'… "অলপ ছোৱালীৰ দৰে থাকিবিদেখা নাইনে সেইবোৰ কিমান ধুনীয়া ছোৱালী মিডিয়াত...তাই বুজিছিল তাত কোনো হাস্যৰস নাছিলমোৰ বিৰক্ত চকুহালত তাই এটা বেলেগ ভোকহে প্ৰত্যক্ষ কৰিছিল। কিন্তু তাইক ঠেলি পেলাই দিয়া পৃথিৱীখনযে তাইৰো অচিনাকীএদিন মেঘমল্লাৰ ৰাগ শুনাই থাকোঁতে হঠাতে তাই কৈ পেলাইছিল ,"মই বৃষ্টিবিহীন পলৰীয়া মেঘ ভাল নাপাওঁ"     

বাৰিষাৰো এক নিজা ৰাগী আছে মই জানো মেঘালী। পাতবেঙৰ পিঠিত উঠি কচুপাতৰ ছাতি মেলাৰ দৰে শৈশৱৰ কল্পনাবোৰে কেতিয়া যে অতিক্ৰমে সাগৰ আৰু উমনি লয় অনুৰাগৰ বৰ বৰ কাৰেঙত !

           এদিন মোৰ ইমান ভোক লাগিল যে তাইক নোকোৱাকৈ মই 'ৰবালৈ গুচি আহিলো এয়াও সম্ভৱনেসলাই পেলালো নামফোন নম্বৰবন্ধ ৰাখিলোঁ সামাজিক মাধ্যমলৈ ওলোৱা-সোমোৱা প্ৰত্যেকটো পথ। তাই মোক বিচাৰিছিলনে নাই সেইটোও মই এক প্ৰকাৰে ভাবিবলগীয়া কথা বুলিয়ে গণ্য নকৰিলোঁ। বাটে বাটে গান গালোঁৰাগৰ কথা কলোঁকাকনো কলোঁ মই লক্ষ্যই নকৰিলোঁ। মিকিৰ পাহাৰত মই পিৰবিহঁতৰ নাচটো শিকিলোঁ। লাহে লাহে আমনি লাগিলএনেদৰে আৰু কিমান দিন ? এদিন উজনিলৈ উভতি আহোঁতে চকামকাকৈ উজনিৰ গাভৰুহঁতৰ মাজত তাইক দেখিলোঁ। মোৰ এনে লাগিল, নাহৰৰ মাজে মাজে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা কেন্দ্ৰত 'মাছ কমিউনিকেশ্যন' এডমিছন  'বলৈ বেলিফুলীয়া হাঁহি পিন্ধি যোৱা ছোৱালীজনীৰ হাঁহিটো একেই আছেএকেই আছে । তাই ঐনিতম এটাক কেমেৰাৰ লেন্সত আৱদ্ধ কৰিবলৈ গৈ এংগল মিলাই আছেনিজাববীয়াকৈ কৰা কিবা তথ্যচিত্ৰৰ বাবে। বহুদিনৰ আগতে মই তাইক জনপ্ৰিয় টি ভি চেনেল এটাত ৰিপৰ্টাৰৰ ৰূপত দেখিছিলোঁহয়তো তাই আৰু ৰেডিঅ' নাই। ' 'বলৈ থাকি গৈছে, মোৰ অঘৰী সপোনটোক নাকী লগাবলৈ ইতিমধ্যেই ঘৰৰ মানুহে মোক পৰীৰ দৰে গাভৰু এজনীৰ লগত বিয়া পাতি দিছে মই যে বেছ কিছুদিন ভাগৰুৱা তাক কোনেও অনুমান কৰিব নোৱাৰে। বেলিফুলৰ দেশ এখনত পোহৰ বিচাৰো ঁমই আৰু বাৰে বাৰে আওৰাওঁ 'দুটা দেহ এক কৰাৰ মন্ত্ৰ এফাকি সদায় আত্মালৈ সোমোৱা পথ নহয়সেই তেতিয়াই এখন বসন্তৰ দাগ লগা নিষ্পাপ  মুখে মোক আহি আমনি কৰে। মোৰ প্ৰাৰ্থনাৰ সুৰতে ৰৈ যোৱা মেঘালীৰ              মই পুনৰ স্বীকাৰ কৰিবলৈ বাধ্য হৈছোঁ যে ভোকৰো থাকে এক নিজা যন্ত্ৰণাহেপাঁহ বা পোৱা-নোপোৱাৰ । যাক বহু সময়ত আওকাণ কৰিব বা মানিওতো ' নোৱাৰি "মোক নায়িকা বনাই বজাৰত বেচি দিলি তৰংগ? কিয় দুয়োটাই একেলগে কাহিনী এটা লেখাৰ কথা নাভাবিলি? নে নোৱাৰি বুলি ভাবিলি ?" সেইদিনা জনপ্ৰিয় আলোচনীখনৰ বুকুত থকা গল্পটোৱে বুৰ্বকৰ দৰে সন্মুখৰ মেজখনৰ পৰা আমালৈ চাই আছিল। অপৰাধবোধত মই তাইৰ চকুলৈ চাব পৰা নাছিলোঁ                                                                হঠাতে তাহানিৰ দৰেই এটা  হেৰোৱা কিবা বস্তুৰ  যন্ত্ৰণাৰ ভোক  নে সন্মুখত হেৰাই পোৱা বস্তুৰ সামগ্ৰিক চেতনাৰ উত্তেজনাৰ ভোককিহে মই ঠিক ' নোৱাৰোঁ, মোক গতিয়াই দিয়ে। মই প্ৰায় চিঞৰিলো - "মেঘামেঘালী ... " সুদূৰত সেয়া মেঘালী                          

         "দাদাসেয়া ঝৰ্ণা মেম" মোৰ দৃষ্টি অনুসৰণ কৰি 'ৰা এটাই 'লে হয়তো একেটা টিমতে আছে

         "ঝৰ্ণা ? কোন ঝৰ্ণা? মেঘালী '? ‘'

        "মেঘালীকোন মেঘালীনাজানো দাদা "

        তাই ঘূৰি চালেএখন মেকআপ কৰা মুখআকৰ্ষণীয়। মেঘালীৰ নে ঝৰ্ণাৰ ! মেঘালীৰ দৰে ঝৰ্ণাৰ নে ঝৰ্ণাৰ দৰে মেঘালীৰ! মেঘালী হয় অথচ নহয়! মোলৈ চাই তাই হাঁহিলে। তাইৰ ৰহস্যময় হাঁহিটো পাকঘূৰণি খাই খাই মোৰ মূৰত সোমাই থাকিল

 সময় সলনি 'আপোন প্ৰাচীন চহৰখনত আমাৰ  খোজবোৰ মচ খাই গলনে ! হেৰাই 'লনে ! ৰূপান্তৰ 'লনে ? নে এতিয়াও 'ৰবাত ৰৈ আছেমই ঠিক ধৰিব পৰা নাই একো মই পাগলৰ দৰে মাথো ইফালৰপৰা সিফাললৈ ঘূৰি ফুৰিছোঁ আৰু তীব্ৰ ভোকত ছটফটাইছো

        এণ্টিকপ্ৰতিটো প্ৰাচীন বস্তুৱেই একো একোটা বিশেষ কাহিনী ধৰি ৰাখে -Yes, each antique holds a story আৰু কাহিনীকাৰে ৰূপ দিয়ে তাৰ আধাৰত নিজৰ ধৰণে সামাজিক মাধ্যমত কোনোবা এগৰাকী মহিলাক সৰুতে পাঠ্যপুথিত পঢ়া কাহিনী এটাৰ পম খেদি এটা ৰজাদিনীয়া পুখুৰীৰ পাৰত প্ৰত্যক্ষ কৰিছিলো। মামণি ৰয়ছম বাইদেউৰ উপন্যাসৰ বিধৱা তিৰোতা কেইগৰাকীৰ অনুভৱৰ সৈতে লীন যাবলৈ সেই বিশেষ ঠাইবোৰলৈ যাবলৈ মন যায় চৰিত্ৰবোৰৰ পৰা কাহিনীকাৰৰ হাতলৈ আৰু তাৰ পাছত আমাৰ হোৱা কাহিনীবোৰৰ সৈতে কিযে এক আত্মিক  সংযোগদীঘলীয়া হৈছে যদিও আন এটা সৰু কথা সংযোগ কৰোনে? 'ব, মোৰ ককাৰ এডাল বেতৰ লাখুটি আছিল। সেইডাল হয়তো মোৰ আজোককাৰে আছিলপাছত ককাৰ ' । ককা ঢুকুৱাৰ পাছতো তেওঁৰ কেইপদমান বস্তুৰ লগতে আমি লাখুটিডালো সাঁচি ৰাখিছিলোঁ আৰু পাছত কাৰোবাক দি দিলোঁ। সেই লাখুটিডালে এটা বিশেষ চৰিত্ৰ বহন কৰিছিল ককাৰ। যদিও ককা সাধাৰণ খেতিয়কহে আছিললাখুটিডালৰ বাবেই ককা মোৰ দৃষ্টিত এজন জমিদাৰৰ দৰে। সেই সময়ত কিতাপত আৰু বিশেষকৈ টি ভিবোৰত খুব জমিদাৰ থকা চিনেমাছিৰিয়েল চলিছিল। জমিদাৰৰ হাতত সদায় এডাল লাখুটি থাকে। জমিদাৰৰ হুকুম সকলোৱে মনাৰ দৰে মোৰ ককাৰ কথাও ঘৰৰ সকলোৱে মানি লৈছিল। ককা-আইতাৰ বিৰাট ভালপোৱা থকাৰ পাছতো জমিদাৰে দুখীয়া খেতিয়ক বা লগুৱাক প্ৰহাৰ কৰাৰ দৰে মোৰ আইতাৰ পিঠিতো ককাই লাখুটিডালেৰে দুই-একোব শোধাইছিল তথাপি আমি ককাক বেয়া পোৱা নাছিলো। কাহিনীকাৰ যেকথাবোৰ সদায় বেছি বেছিকৈ ওলায়বেয়া নাপাব বহু সময়ত আমি সময়বোৰ মনত ধৰি ৰাখোঁ, নহয়নে! তৰংগই (মোৰ কাহিনীৰ নায়কজন) প্ৰথম উপহাৰ দিয়া ঘড়ীটো অচল হৈ পৰাৰ পাছতো মেঘালীয়ে সাঁচি 'লে  সযতনেপুৰণি নজহা-নপমা সাধুবোৰ আপোনাৰ-মোৰ দৰে তাইৰো যাত্ৰাপথৰ জিৰণিৰ ঠাই। জীৱন কিনো, যাত্ৰাহে - আগবাঢ়াঁ মাথোঁ প্ৰাচীন সমাধিত দুটোপাল চকুলো গাঁথি । আপোনাৰ দৰেই মোৰো এনে লাগে যেন তৰংগ ' মেঘালীৰ আঁচলত আত্মগোপন কৰি তাইকে যুঁজিবলৈ সাজু কৰা যুদ্ধৰ পলৰীয়া সৈনিক এগৰাকী কাহিনীকাৰ হিচাপে মই পাৰিলোহেঁতেন তৰংগ আৰু মেঘালীক আকৌ আনি সিহঁতৰ প্ৰাচীন গলি এটাত ৰোমান্তিক মিলনেৰে কাহিনীৰ সমাপ্তি ঘটাব। আপুনি নিশ্চয় গম পাইছেই কিমান কাহিনী বুকুত কঢ়িয়াই প্ৰাচীন চহৰ এখন জী থাকে । আৰু ভোকৰ প্ৰকাৰবোৰ আপুনি হয়তো ইতিমধ্যে গন্তি কৰি পেলাইছেই। মই তাকে আওৰাইছিলোঁ। গতিকে  সময়ৰ পাখিত ধৰি আত্মগোপন কৰা মেঘালী বা তৰংগৰ চেতনাত নিহিত ভোকৰ দৰে মোৰো আদিম ভোকৰ চেতনা আছে। প্ৰকাৰ হিচাপে সেই ভোক নিশ্চয়কৈ কাহিনী বৰ্ণন বা কথন সম্পৰ্কীয় কাহিনীৰ যিখিনি লুকাই থকা অকথিত ভাববিলাস তাক আপোনালোকৰ হাতত গতাই দি মই মোৰ দ্বায়িত্ব সামৰিলোঁ। মই মাথোঁ কোনোবাটো ভোকৰ ক্ষণত মোৰ কাষলৈ অহা তৰংগ আৰু মেঘালীক সিহঁতৰ নিজৰ ধৰণেই আপোনালোকৰ বাবে উপস্থাপন কৰিলোঁ    

                                                                                      ***

ঠিকনা :

শিৱসাগৰ

৬০০৩৮০০৮৭৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ