অন্যযুগ/


ৰতিৰ বাবে এখন ধুনীয়া ছবি

দেৱজিত হাজৰিকা

 

ব্ৰহ্মানন্দ পাচনিয়ে  নৈখনৰ ছবি এখন আঁকিবলৈ বহু সময় ধৰি  তাৰ পাৰতে বহি ৰৈছে৷ কিন্তু ভালদৰে মনঃসংযোগ কৰিব পৰা নাই, বাৰে বাৰে ব্যৰ্থ হৈছে, যেন তাৰ কোবাল সোঁতে তুলিকাডাল পিচলাই পিচলাই লৈ যায়, খোপনিটো ধৰিব পৰা নাই৷ তিনিদিন ধৰি তেওঁ এই চেষ্টা অব্যাহত ৰাখিছে৷ আজিও তাৰ ব্যতিক্ৰম হোৱা নাই৷

হঠাৎ নৈৰ সিপাৰৰ পৰা অহা ঢোলৰ কেঁচা কঁপনি এটাই ব্ৰহ্মানন্দ পাচনিক চুই গ’ল৷ খন্তেক ৰং-তুলিকা সামৰি কাণ ঊণাই ৰৈ গ’ল তেওঁ৷  কোনোবাই  বিহুৰ ৰিহাৰ্চেল কৰিছে৷ চ’তৰ চকৰিত ইতিমধ্যে বহাগ ঘূৰিবলৈ আৰম্ভ কৰিছেই৷ নৈখনৰ সিপাৰত তেওঁৰ পত্নী ৰতিৰ মাকৰ ঘৰ৷ আজিৰ পৰা পঁয়ত্ৰিছ বছৰৰ আগতে এদিনাখন জোনাক ৰাতি নাও লৈ পলুৱাই আনিছিল ১৮ বছৰ বয়সীয়া সুন্দৰী ৰতিক৷

আজিকালি ষাঠিৰ উৰ্ধ্বৰ ব্ৰহ্মানন্দ পাচনিক গাঁৱৰ প্ৰায়বোৰ ল’ৰা-ছোৱালীয়ে বৰদেউতা আনকি দুই-একে  ককা বুলিও মাতে৷ তেওঁ দুজনী ছোৱালী বিয়া দিলে৷ কণমানি নাতিও দুটা হ’ল৷

 

ঢোলৰ মাতটো নদীখনৰ সোঁতেদি উজাই কেঁকুৰি এটাত ঠেকা খাই ৰজনজনাই উঠিল৷ বাৰ্ধক্যমুখী ব্ৰহ্মানন্দই এবাৰ তেওঁৰ ভিতৰত লুকাই থকা ভৰ ডেকেৰুৱা ব্ৰহ্মানন্দজনক খেপিয়াই চালে৷

 

যদিও নদীখন খহনীয়াত  আগতকৈ জৰৌৰৌৱা হ’ল, সোঁত পিছে অকণো কমা নাই৷ য’তে বাধা পাইছে ত’ত পানীয়ে ঘূকুটিয়াই ঘূকুটিয়াই ডুবি একোটাহে খান্দি পেলাইছে৷


তেওঁৰ বাবে নৈ এখনৰ চিত্ৰকৰ্ম বৰ কঠিন৷ তাতে এই আজন্ম সহচৰ নৈখন অঁকাটো তাতোকৈও জটিল কাৰবাৰ হ’ব৷ এই নদীতেই তেওঁৰ ককা, আজোককাসকলে বৰ বৰ জালেৰে বৰ-বৰ মাছ ধৰিছিল৷ দেউতাক-বৰদেউতাকহঁতে আনন্দমনে তাত গা-পা  ধুইছিল৷ একালত  আইতাকহঁত আনকি তেওঁৰ মাক-বৰমাকহঁতে ভাত ৰান্ধিবলৈ চাউল-পাত পৰ্যন্ত তাতে ধুইছিলগৈ৷ তেতিয়া তাৰ পানী আইনাৰ দৰে আছিল৷

 

এতিয়া তেল কোম্পানীৰ পাইপ ফুটাই চুৰি কৰা খাৰুৱা তেল, প্লাষ্টিকৰ পেলনীয়া বিবিধ বস্তু আৰু প্ৰদূষিত পদাৰ্থই তাক লেতেৰা কৰি তুলিলে৷ আজিকালি চাউল পাত শাক-পাচলি ধোৱা দূৰৰ কথা, সৰহভাগ মানুহে তাত গাও নোধোৱে৷

 

তেওঁৰ নদীখনলৈ বৰ দুখ লাগে৷ গোটেই নদীখন যেন এমূৰৰ পৰা আগৰ নিচিনাকৈ  চাফা কৰি পেলাব তেওঁ৷ পাহাৰৰ পৰা বৰনৈলৈকে !!

 

তেওঁৰ মতে নদী নদীয়েই, সৰুৱেই হওক বা ডাঙৰেই হওক৷ পল ৰবচনৰ বৃদ্ধ  মিচিছিপিয়েই হওক, সুধাকণ্ঠৰ বুঢ়া লুইতেই হওক, ব্ৰহ্মানন্দৰ এই আজন্ম লগৰী চেনেহী  নৈখনেই হওক৷ নদীয়াল জীৱন চহকী৷

 

যেন আকাশৰহে প্ৰতিচ্ছবি  এই নদী৷ তাত প্ৰতিফলিত হয় সূৰ্য আৰু ৰাতিৰ তৰাখচিত ব্ৰহ্মাণ্ড আৰু তাৰ পাৰতে গা ধুই  কাপোৰ সলায়  ৰাতিৰ জোনে ৷

 

অমৃতময় আত্মা থাকে নদীত, থাকে সপোন, অনন্ত কাল নিৰৱধি নদী বৈ থকা বাবেইতো ইমানবোৰ সেউজীয়া পাৰে-পাৰে৷  সিক্ত চহৰ-নগৰ, কৃষিভূমি৷

 

নদী  বেদুইন, বৈ যায় অনন্তকাল সাগৰ অভিমুখে৷

 

জীয়া জোনটোক বুকুত লৈ নদীৰ প্ৰাৰ্থনা, নদীৰ নাচোন, সাজোন-কাচোন, সপোন সকলো সাগৰক লৈ৷ সাগৰ নদীৰ উপাস্য দেৱতা৷ নদীয়ে সপোন দেখে সাগৰৰ, প্ৰেমত পৰে, বিলীন হৈ ৰয় তাতে সৰ্বতিকাল৷ সৰুতে শুনা কোনোবা এখন নাটকৰ বচন এষাৰি মনত পৰি যায় ব্ৰহ্মানন্দৰ- ‘জানানে বাসন্তী, সাগৰত পৰোঁ বুলি ওলায় যেতিয়া নদী পৰ্বতবিদাৰি, কাৰ সাধ্য ৰোধে তাৰ গতি? আ: নদীৰ গভীৰত কোনোবা ঐতিহাসিক মাছৰ প্ৰাচীন মুদ্ৰা৷

 

অতবোৰ কথাৰে সাধুপৰী হৈ উঠা নৈ এখনক শিল্পকৰ্মত ধৰি ৰখা বৰ কঠিন কাম৷

 

কাগজ, ৰং-তুলিকাসমূহ মোনাত ভৰাই ব্ৰহ্মানন্দই পাৰত বান্ধি থোৱা এজাৰ কাঠৰ নাওখনৰ বান্ধ খুলিলে৷ এখন বহু পুৰণি নাও, যিখন নাৱত উঠাই ৰতিক পলুৱাই আনিছিল তেওঁ৷ ব’ঠাপাত এৰি তাতে উঠি সোঁতত এৰি দিলে নিজক৷ ন পানীৰ উতনুৱা সোঁতে অকলশৰীয়া মানুহটোক উটুৱাই  লৈ গৈ থাকিল৷

 

ব’ঠাহীন নাওখন পকনীয়া এটাৰ প্ৰায় মুখতে পৰি তিনিপাকমান ঘূৰিল৷ অৱশ্যে আকৌ বাট ল’লে৷ কিছু দূৰ গৈ খন্তেক পাছত কেঁকুৰি এটাৰ কাষৰ পাৰ এছোৱাত লাগি ধৰি ৰৈ গ’ল নাওখন৷ এইবাৰ ব্ৰহ্মা নামি গ’ল পাৰলৈ৷ তেওঁ সিটো পাৰ পালেগৈ৷

 

দুজন মানুহে দুখন জাল লৈ  মাছ মাৰি আছে৷

 

পাৰত থিয় দি  সৰু সৰু ল’ৰা-ছোৱালী দুটামানে  মাছ ধৰা চাইছে৷

 

একালত গৰম কালি মানুহে নৈৰ পাৰৰ বাঁহৰ বেঞ্চিত বহি বতাহৰ জুৰ লৈছিল, তাছপাত খেলিছিল৷ কিছুমানে তাতে বহি বানপানী আৰু মথাউৰিৰ কথা পাতিছিল৷

 

তাৰ মাজতো বহু  মজাৰ ঘটনা ঘটিছিল৷

 

দুপৰীয়া নিজানত গা ধোৱা বোৱাৰীবোৰক কেইটামান অঘাইটং আবিয়ৈ ডেকাই  পাৰৰ বৰগছৰ আঁৰৰ পৰা জুমি জুমি চাইছিল৷ সিহঁতৰ কাম কেৱল সেয়াই আছিল বুলি ব্ৰহ্মাই শুনিছিল৷ আজিকালি সেইখন জগত নাই৷ আজিকালি নদীত গা ধোৱা মানুহো নাই, জুপিবলৈ ডাঠ হাবি অথবা বৰগছবোৰো নাই, পাৰে পাৰে পিটপিটাই ঘূৰি ফুৰা চেঙেলীয়া ডেকাবোৰো নাই৷ ভাল ভাল ডাঙৰ গছবোৰ কাটি মানুহে পকীঘৰত লগালে, কোনো কোনোৱে  ফাৰ্নিচাৰ, আলমিৰা আদি সজালে৷ কোনোৱে ছোৱালীৰ যৌতুকৰ বাবে আচবাব সজালে৷

 

চকুৰ আগতে বহুত সলনি হ’ল নৈ আৰু তাৰ কাহিনী৷ ব্ৰহ্মাই নাওখন পাৰত বান্ধি মাছমৰীয়া দুটাৰ লগত কথা পাতিবলৈ ধৰিলে৷

 

আগৰ দৰে মাছ নাই৷ পানীত কোম্পানীৰ খাৰুৱা তেল মিহলি হোৱাৰ বাবে মাছৰ শ্ৰীবৃদ্ধি একেবাৰে কমি গ’ল৷

 

ব্ৰহ্মানন্দ পাচনি এগৰাকী ভাল চিত্ৰকৰ৷ অঞ্চলৰ সকলোৱেই তেওঁক চিনি পায়৷বিশেষকৈ প্ৰকৃতিৰ লগত তেওঁৰ নিবিড় সম্পৰ্ক৷ পথাৰ, কৃষিজীৱী গ্ৰাম্য জীৱন,অৰণ্য,নদী, চৰাই, বন-উপবন আদিয়েই তেওঁৰ চিত্ৰকৰ্মৰ মূল উপজীব্য৷ পুৱা-গধূলি ওচৰৰে ল’ৰা-ছোৱালী দুটামানক টিউশ্বন কৰে আৰু এনে ধৰণৰ ছবিসমূহ আঁকি অতি কম মূল্যতে বিক্ৰী কৰে৷ সেই  ধনেৰেই বহু বছৰ ধৰি চাৰিজনীয়া পৰিয়ালটি চলালে তেওঁ৷ অৱশ্যে এতিয়া ছোৱালী দুজনী দুখন ঘৰলৈ উলিয়াই দিলে৷

 

চহৰৰ চিনাকী মানুহবোৰ আৰু গাঁৱৰ সম্ভ্ৰান্ত লোকসকলে তেওঁক ছবিসমূহ আঁকিবলৈ অৰ্ডাৰ দিয়ে৷ মাহটোত কেতিয়াবা এখন, দুখন ,খুব বেছি তিনিখন ছবি৷ নিচেই সস্তাতে এৰি দিয়ে৷ হাতে অঁকা ছবিৰ আজিকালি বিশেষ বেছি কদৰ  নাই৷ সেয়ে কেতিয়াবা খাতিৰ কৰিও বিক্ৰী কৰিবলগীয়া হয়৷

 

কিন্তু, আজি তেওঁ যিখন ছবি আঁকিবলৈ নৈৰ পাৰৰ নিজানত বহি লৈছিল, সেইখন ছবি বিক্ৰীৰ বাবে নহয়৷ সেইখন তেওঁ তেওঁৰ পত্নীৰ বাবে আঁকিব বিচাৰিছে৷ এসপ্তাহমান আগতে তেওঁৰ পত্নী ৰতিয়ে আচম্বিতে কৈ উঠিছিল, কোনোদিনে নোকোৱা এষাৰ কথা৷

 

ব্ৰহ্মানন্দৰ কাণত ৰতিৰ কথা কেইষাৰ পুনৰ ধ্বনিত হ’ল-

 

“আমি হ’লোঁ দুখীয়া মানুহ, পেটে ভাতে খাই থকা৷ আমাৰ কোনো উচ্চাকাংক্ষা নাই, থাকিলেও শোভা নাপায়৷ ধনী মানুহবোৰে পত্নীসকলক গহনা, দামী কাপোৰ আদি উপহাৰ দিয়ে৷ তেওঁলোকে স্বামীৰ পৰা এনেবোৰ উপহাৰ আশাও কৰে৷ আমাৰতো আৰু জীৱন সংগ্ৰামৰ ব’ঠা কোবাওঁতে কোবাওঁতেই দিন গ’ল! উপহাৰ বুলিওযে শব্দ এটা আছে সেয়া আমাৰ মন-মগজুৰ পৰা সুদূৰত৷ অৱশ্যে, সৰু-সুৰা কম দামতে পোৱা বস্তুও উপহাৰ হ’ব পাৰে৷ কিন্তু মই আজিলৈকে আপোনাৰ পৰা কোনো উপহাৰ দাবী অথবা আশা কৰা নাই, আপুনি নিজেই মোৰ বাবে এক বৃহৎ উপহাৰ৷”

 

কথাষাৰে ব্ৰহ্মানন্দক অতিকে আচৰিত কৰি তুলিলে৷ সপোন যেন লগা কথাষাৰৰ উত্তৰত কি ক’ব তেওঁ ভাবিয়ে নাপালে৷ মুখেৰে একো নামাতিলেও৷

 

মাথোঁ, ওৰে ৰাতি নিৰলে ভাবিলে, ৰতিয়ে কি বিচাৰে আৰু কি উপহাৰে তাইৰ মন ভৰাই তুলিব৷

 

বস্ত্ৰ-গহনাৰ বিলাসিতাতো তাইৰ সমূলি নাই৷ কিন্তু …

 

“আপুনি নিজেই মোৰ বাবে এক বৃহৎ উপহাৰ৷” - এই কথাষাৰে ব্ৰহ্মাৰ অন্তৰত এক অনাবিল আনন্দৰ জোৱাৰ তুলিলে৷

 

তথাপি যেন ৰতিয়ে মৰমৰ উপহাৰস্বৰূপে কিবা এটা মূৰ্ত বস্তুৱেই বিচাৰে !

 

বহু সময়  ভাবি ভাবি  অৱশেষত ব্ৰহ্মানন্দই ঠিৰাং কৰিলে যে ৰতিক তেওঁ নিজ হাতে অঁকা এখন ছবি উপহাৰ দিব, যিখন ছবি তেওঁ ওৰেটো জীৱন অঁকা সকলো ছবিতকৈ সুন্দৰ হ’ব৷

 

***

 

ভ্ৰাম্যভাষ : ৭০০২৯৩২৭০২


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ