কল্যাণী দত্ত
“হ’ল বুলিয়েই এনেকে মানুহ থাকিব পাৰিনে হেৰৌ! কাৰো মাত বোল নাই, কাৰো ক’লৈকো আহ-যাহ নাই৷ আমি কিবা নিবোকা গ্ৰহৰ প্ৰাণী নে মানুহ এটা নেদেখাকৈ অতদিন থাকিব পাৰিবলে!”
ৰাতিপুৱাৰে পৰা চকু জাপ নোখোৱালৈকে এইকেইদিন এইখনেই ৰচনা হৈছে মেদিনীৰ৷ ঘৰৰ বন কৰি থাকোঁতেও এইখিনিয়েই, ভাত ৰান্ধোতেও এইখিনিয়ে, আনকি ৰত্নেশ্বৰক আপদাল কৰি থাকোঁতেও একেখিনিয়েই কথা৷ বিচনাত পৰি থকা সাৰ-সিকতি নাইকিয়া মানুহটোৱে একেথৰে চাই থাকে তাইলৈ৷ তাইৰ কথাবোৰৰ কিবা বুজে নে নুবুজে মানুহটোৰ চকুলৈ চালে একো ধৰিব নোৱাৰি৷ মাথোঁ সি শুই থাকে একেথৰে৷
তাৰ মাজতে সাউতকৈ মেদিনী ৰাতুলৰ দোকানলৈ বুলি লৰ দিয়ে৷ কালিয়েই চাহপাত নাইকিয়া হৈছিল সাঁজৰবেলা চাহ খাওঁতে, পিচে এশ ছকুৰি কামৰ মাজত তাই আনিবলৈ যাবলৈকে পাহৰি আছিল৷
মূৰৰ ওপৰত চ’তমহীয়া ৰ’দটো লৈ তাই বেগাই খোজ দিয়ে তিনিআলিৰ মূৰলৈ বুলি৷ ৰাস্তাটো গোমসাপ এডালৰ দৰে পৰি আছে৷ কাৰো হাই-উৰুমি নাই৷ ইমান নিমাওমাও গাঁৱৰ পৰিৱেশ মেদিনীহঁতৰ চিনাকী নহয়৷ খৰ খোজেৰে গৈ থাকোঁতেই তাই অনুমান কৰিলে পিছফালে কিবা এখন গাড়ীৰ মাত৷ ঘূৰি চাই দেখে জীপ গাড়ী,পুলিচৰ জীপ৷ তাইৰ জীউটো উৰি যাওঁ যেন কৰিলে৷ গাঁওখনলৈ সাধাৰণতে পুলিচ মিলিটাৰীৰ আহ-যাহ নাই৷ কোনোবাই কেতিয়াবা কাজিয়া লাগিলে নাইবা ক’ৰবাত চুৰ-তাৰি হ’লেহে গাঁৱৰ ৰাস্তাই পুলিচৰ গাড়ী দেখে৷ আজি বা ক’ত কি হ’ল বুলি ভাবি তাই জোতাপুতি খাই বেগাই খোজ দিওঁতেই তাইৰ সন্মুখত গাড়ী ৰখাই মুখত কিবা পিন্ধা পুলিচ এটা নামি আহি তাইক আগভেটি ধৰিলেহি -
“হেৰি, লকডাউন বুলি গম নাপাই নেকি আপুনি? আৰু মাস্ক নিপিন্ধাকৈ এনেদৰে বাহিৰলৈ ওলোৱা-সোমোৱা নকৰিব৷” তাই ভেবাচেকা খালে৷ এনেধৰণৰ একো শব্দ তাইচোন আজিলৈকে শুনাই নাই৷ কিহৰ কথা বা কৈছে! বুকুখন ভয়ত ধপধপাবলৈ ধৰিলে তাইৰ৷ তথাপি সাহ কৰি সেপ ঢুকি ক’লে– “ছাৰ চাহপাত নাইকিয়া হ’ল৷ মানুহটো মোৰ বেমাৰী, আজি চাৰি মাহমানেই হ’ল কিবা পেৰেলাইজ নে কি হৈছে৷ ডাক্তৰে কৈছে এক ছাইডৰ কামেই নাই৷ লৰাফুৰা কৰিব পৰা হ’বলৈ হ’লে বহুত টকা লাগিব৷ আমি খাটি খোৱা মানুহ ছাৰ, ইমান টকা ক’ত পাম? সেই কাৰণে ঈছৰক ধিয়াই বিছনাতে পেলাই থৈছোঁ আৰু৷ ভাগ্যত থাকিলে ভাল হ’ব...” চাদৰৰ আঁচলেৰে চলচলীয়া চকু দুটা মচি কৈ উঠে মেদিনীয়ে৷
“ বাৰু বাৰু সোনকালে গৈ ঘূৰি আহক৷ আৰু শুনক, এই পাঁচদিনেই নহয় আৰু একৈছ দিনলৈ বন্ধ হ’ব৷ পাৰিলে বয় বস্তু গোটাই থ’ব আৰু য’তে ত’তে ওলাই-সোমাই নুফুৰিব৷”
গাঁৱৰ ৰাস্তাৰ ধূলি উৰুৱাই পুলিচৰ গাড়ীখন গুচি গ’ল৷ তেওঁ কৈ যোৱা কথাবোৰৰ কেইটামান মেদিনীয়ে বুজিলে আৰু কেইটামান তাইৰ মূৰৰ ওপৰেদি পাৰ হৈ যোৱা যেন লাগিল৷ আৰু একৈশ দিন বন্ধ হ’ব বোলা কথাষাৰে তাইৰ সৰ্বশৰীৰ কঁপাই তুলিলে৷ ইমান দিন বন্ধ হ’লে সিহঁতে খাব কি! বেমাৰী মানুহটোৰ মুখৰ আগত ভাত এগৰাহ যাচিবলৈ ক’ত পাব তাই! মানুহটো বেমাৰী হোৱাৰ পৰা আৰ তাৰ ঘৰত দুই এটা কাম কৰি কোনোমতে চলাই আছে তাই ঘৰখন৷ এতিয়া কি সতে চলিব?
“বচাবা আৰু প্ৰভু, তোমাৰ বিনে গতি নাই” মুখৰ ভিতৰতে বিৰবিৰাই তাই বেগাই খোজ দিলে৷
ৰাতুলৰ দোকানতো আজি ভিৰ নাই৷ নিজান-জান পৰিৱেশটোত চাংখনৰ ওপৰত বহি কাণত কিবাডাল লগাই এবেগেতীয়া ফোনটোত সি কিবাকিবি চাই আছে৷ তাই গৈ তিনিবাৰ মান মাতিও একো সঁহাৰি নাপাই তাক গাত ধৰি জোকাৰি দিয়াতহে সি উচপ খাই উঠাৰ দৰে তাইলৈ চাই– “কি লাগে নবৌ? পিছে, দেশৰ খবৰ গম পাইছ’ নে নাই? কৰোণা আহিছে নহয়৷”
“জানো বোপাই বৰ বেছি গম পোৱা নাই৷ পাঁচ দিন বন্ধ থাকিব বুলি পৰহি ৰাণু মাষ্টৰণীয়ে কৈছিলে৷”
“অঁ তয়ো বৰকৈ ওলাই মেলি নুফুৰিবি৷ পুতেৰকো ঘূৰি ফুৰিবলৈ নিদিবি৷ এইটো বৰ বেয়া বেমাৰ৷”
“ক’ব নোৱাৰোঁ পাই ৰাতুল৷ অতদিনে এইবোৰৰ নামেই শুনা নাছিলোঁ৷ কি যে হ’বলে ধৰিছে দুনীয়াখনত, একো বুজিয়েই পোৱা নাই৷ অ’ই আৰু বোলে বন্ধ বাঢ়িবহে! এতিয়া পুলিচৰ গাড়ী এখন ৰখাই মোক কৈ গৈছে৷”
“অ’ হ’ব হ’ব নিউজত দি আছে নহয়৷ যি কণ্ডিচন হৈছে আমেৰিকা ইউৰোপৰ দৰে দেশতে, আমাৰ এই আমতল গাঁৱত এনেকুৱা হ’ব লাগিলে মানুহ খৰি দিবলৈও ঠাই নোহোৱা হ’ব৷”
মেদিনীৰ ভয়টো বাঢ়ি যায়৷ অথনি পুলিচজনে কোৱা কথাবোৰ আৰু ৰাতুলৰ কথাবোৰ পাকঘূৰণি খাই মেদিনীৰ মনত ঘূৰি ফুৰে৷ ঘৰলৈ ঘূৰি আহি মৰাকাঠ হেন মানুহটো আৰু পুতেকৰ আগত কথাবোৰ তাই বুজি পোৱাৰ ধৰণেৰে বুজাই কয়৷ লেবালেঠাকৈ কিবা এটা ক’বলৈ চেষ্টা কৰিও ক’ব নোৱাৰে মানুহটোৱে৷ পুতেকে স্কুলৰ হেড ছাৰে কোৱা কথাবোৰ, ৰেখাহঁতৰ টি.ভি.ত দেখা কথাবোৰ মাকক বুজায়৷ বেমাৰটো যে অতি ভয়াবহ এই কথা মেদিনীয়েও লাহে লাহে বুজি উঠিছে৷
আবেলি নামঘৰৰ কুঁৱাৰ পৰা পানী আনিবলৈ গৈ চুবুৰীৰ আটাইকেইজনী মহিলাই এই কথাবোৰকে মেল মাৰে৷ কেতিয়াও নুশুনা কথাবোৰ, অচিন বেমাৰটোৰ পৰা নিজকে ৰক্ষা কৰিবলৈ নাৰায়ণক মিনতি কৰে৷ তাৰে মাজৰে কোনোবা এজনীয়ে কয়– “শুনিছোঁ ইটোৱে সিটোক চুলেও বোলে বেমাৰটো বিয়পে৷ এনেকে হ’লেচোন গোটেই ভাৰস্তখনতেই বেমাৰ হ’ব৷ কোনে কাক ক’ত চুইছে কি ঠিক হয় নে!”
“এৰা হে ঘোৰ কলিকাল বুইছ? পিথবি ধংস হ’ব আউ এনেকেই৷ নাপাই নহয় মনিছেও জানো কমখন অত্যাচাৰ কৰিছে পিথিবিৰ ওপৰত! নেদেখাজনে চাই আছে নহয়, মৰ এতিয়া সোপাকে মানুহ পৰুৱা মৰাদি৷”
ৰমলা বুঢ়ীয়ে আক্ষেপেৰে কোৱা কথাকেইটাত সকলোৱে হয়ভৰ দিয়ে৷ ভাগ্যকে ধিয়াই কঁকালত পানী কলহ লৈ মেদিনী ঘৰলৈ উভতে৷ ঘৰলৈ ওভতাৰ পৰত তাই মনতে এটা জটিল অংক কৰে৷ মানুহটোক ডাক্তৰক দেখুৱাই ঔষধে-পাতিয়ে গৈ দেখোন তাৰ হাতত সাঁচতীয়া বুলিবলৈ বেছি কেইটকা নায়েই৷ সিফালে পুতেক ৰুবুলৰ পঢ়াৰ খৰছ আছেই৷ ল’ৰাটো পঢ়াত ভাল৷ এইবছৰ থাকি অহাবছৰলৈ মেট্ৰিক দিব৷ শিক্ষকে কৈছে অকণমান গুৰুত্ব দিলেই সি জিলাৰ ভিতৰতে নাম কৰি পাছ কৰিব৷ শ্ৰেণীত সদায় প্ৰথম হয় সি৷ ভালকৈ যা-যোগাৰ পোৱা হ’লে হয়তো আৰু অকমান ভাল হ’লহেঁতেন৷ পিছে, দুখীয়াৰ দুখৰ জানো অন্ত থাকে! চাৰিআলিৰ কাঠৰ মিলত কাম কৰি ঘৰ চলোৱা ৰত্নেশ্বৰৰ হঠাতে হোৱা এই অসুখটোৰ পাছত ঘৰখন টানি নিবলৈ মেদিনীৰ দুখে কোলাই পাচিয়ে নধৰা অৱস্থা হৈছেগৈ৷
মাজতে ৰত্নেশ্বৰৰ অসুখটো অলপ বাঢ়িল৷ হাত ভৰিকেইটা ঠৰঙা লাগি চকুদুটা ঢেল খাই যাবলৈ ধৰিলে৷ আৰ তাৰ হাতে ভৰিয়ে ধৰিও মেদিনীয়ে মানুহটোক ডাক্তৰখানালৈ নিবলৈ গাড়ী এখন যোগাৰ কৰিব নোৱাৰিলে৷ সকলোৱে একেমুখে না কৰে৷ বোলে – “এই কেইদিনত মেডিকেললৈ গৈ হাৰাশাস্তি ভুগিবলৈ নাই৷ চব মানুহকে ক’ভিড টেষ্ট কৰিছে৷ অকণমান গা-মূৰ গৰম যেন পালেই ভৰাই থ’ব৷”
হওঁতে কথাবোৰ মেদিনীয়েও নুশুনা নহয়৷ গাঁৱৰে হৰকান্ত মহৰীৰ কোম্পানীত চাকৰি কৰা পুতেক দিগন্ত বোলে ঘৰলৈ আহিও আজিলৈকে ঘৰৰ চোতালখনকে গচকিবলৈ পোৱা নাই৷ সিফালে ৰেলৰ পৰা নামিও ক’ৰবাত বোলে দুসপ্তাহ থাকি আহিছেই৷ এইকেইদিনত সি অহাৰ পাছত গাঁওখনলৈ গাঁওবুঢ়া, নাৰ্ছ, আশাৰ সোঁত ববলৈ ধৰিছে৷ কথাবোৰ গাপ দিবলৈ হৰকান্তৰ ঘৈণীয়েকে চেষ্টা কৰিছে যদিও সূৰুযৰ মুখত সোপা দিব কেনেকৈ! গতিকে, মানুহবোৰে ভয় খোৱাটো একো ডাঙৰ কথা নহয়৷ চুবুৰীৰ মানুহবোৰেও ৰত্নেশ্বৰক এইকেইদিনত মেডিকেললৈ নিলে সিহঁতৰ ঘৰলৈ অহা যোৱা নকৰে বুলি মেদিনীক কৈ দিছে৷ ভয়ত বুকুখন ধান বনাদি বানিছে তাইৰ৷ গতিকে সেঁক পোতক দিয়ে মানুহটোক ভাল কৰিবলৈ উঠি পৰি লাগিছে মেদিনী৷ ‘বাৰীৰ কচু-ঢেঁকীয়াৰে ভাত মুঠি খোৱাই হ’লেও মানুহটোক মানুহ কৰিব লাগিব৷ বেলি মাৰ গ’লে জগতক আন্ধাৰে আৱৰে৷ তাইৰ কঁপালৰ বেলিটো মাৰ যাবলৈ দিব নোৱাৰি৷ অশ্ৰুসিক্ত নয়নেৰে মেদিনীয়ে তামোল-পাণ এহালিৰ লগত টকা এটা নামঘৰলৈ বুলি টোপোলা বান্ধে৷ মানুহটো ভাল হ’লে বৰনামঘৰত গৈ শৰাই এখন দিব বুলিও মনতে পাঙি থয়৷
“আহ ঐ মেদিনী খুৰীটি৷ চাৰিআলিৰ মূৰত বোলে চাউল আৰু কিবা বিলাইছে৷ চৰকাৰে বোলে এইবাৰ চবকে দিছে, ধনী দুখীয়াৰ কথা নাই৷” ৰিং মাৰি সেইজনী পল্লবীয়ে কৈ গ’ল৷ চুবুৰীটোত উথপথপ লাগে৷ যিয়ে যেনেকে পাৰে চৰকাৰী সাহাৰ্য ল’বলৈ ঢাপলি মেলে৷ উথপথপ নহ’বনো কিয়? প্ৰায় আধামাহ দিন ঘৰত বহি খোৱা জানো কম কথা! উপাৰ্জনৰ পথ বুলিবলৈ নাই যি নাই একোৱেই নাই৷ চহৰত কাম কৰিবলৈ যোৱা কেইটাও এইকেইদিন ঘৰতে শুই বহি আছে৷ কোনো ক’লৈকো ওলাব নোৱাৰে৷ ওলাই গ’লেও পুলিচৰ কিল খাব লাগে৷
“মেদিনী নবৌ, ককাইৰ কি খবৰ? অকণ বাৰু হৈছে নে?”- চাউল-দাইল বিলাই থকাৰ পৰাই পঞ্চায়তৰ মেম্বাৰণীয়ে সোধে তাইক৷
“নাই অ’ ঘৰতে পেলাই থ’লে নো ক’ত ভাল হ’ব অ’! আছে আৰু তেনেকেই৷”- হুমুনিয়াহ কাঢ়ে মেদিনীয়ে৷ বুকুখন আজিকালি শিল কৰিবলৈ শিকিছে তাই৷ চকুৰ পানীবোৰ চকুতে শুকুৱাই, দুখবোৰ বুকুতে লুকুৱাই হাঁহি এটা পিন্ধি থাকিবলৈ যে কিমান কষ্ট এই পাঁচটা মাহে বাৰুকৈয়ে শিকাইছে মেদিনীক৷ চহৰলৈ নিব পৰা হ’লে মানুহটো ভাল হ’লহেতেন কিজানি, এই ভাৱটোৱে তাইক খুলি খুলি খাই থাকে৷ পিছে, গোটেই সংসাৰখনেই এতিয়া বন্ধ হৈ পৰিছে, তাই নো মানুহটোক লৈ যায় ক’লৈ!
চাউল-দাইল কেইটা লৈ মনতে কথাবোৰ পাগুলি তাই ঘৰলৈ বুলি খোজ দিয়ে৷ এক কে.জি. ডাইলেৰে অলপ দিন ভালদৰেই চলিব পৰা যাব বুলি ভাবি মনটো অলপ ভাল লাগি যায় তাইৰ৷
* * *
সন্ধিয়া মাকৰ ওচৰতে বস্তা এটাত বহি কিতাপ মেলা ৰুবুলৰ মুখখন টিপচাকিৰ পোহৰত উজ্বলি উঠা চাই চাই মেদিনীয়ে গুণাগথা কৰে– “এনেকৈ স্কুল নহ’লে দেখোন ল’ৰা ছোৱালীমখা একেবাৰে অধঃপতনে যাব৷ ঘৰত যিমানেই নপঢ়িলেও স্কুলৰ শিক্ষাটো অলপ বেলেগ৷” কথাষাৰ ভাবি তাই কচুথুৰি মুঠি কলপাতখিলাত মেৰিয়াই জুইকৰা খুচৰি খুচৰি আঙঠাৰ মাজত ভৰাই দিয়ে৷
ৰাতিটো মেদিনীৰ টোপনি নাহে৷ ইকাতি-সিকাতিকৈয়ে পাৰ হয় দীঘল ৰাতিটো৷ মানুহটোৰ নিস্তেজ চকুহাল, ৰুবুলৰ ফটা হাফপেণ্টটোৰে জিলিকি থকা তপিনাৰ এটা অংশ ওৰে নিশা মেদিনীৰ চকুৰ আগেদি লৰাধপৰা কৰি ফুৰে৷ চকুৰ পলক নেপেলোৱাকৈ তাই টিপচাকিটো লৈ মানুহটোৰ মুখখন চাই থাকে৷ এই মানুহটোৰ নামতে শিৰত সেন্দূৰীয়া আলিটো আঁকি তাই ঘৰৰ পৰা পলাই আহিছিল৷ মানুহটোৰ বুকুৰ উমেৰে উমাল হৈ প্ৰায় পোন্ধৰটা বসন্ত কটালে৷ কত অভাৱৰ বান আহিল, কত বিধ্বংসী ধুমুহা আহিল, অথচ বৰগছজোপা যেন হৈ থকা মানুহটোৰ বাবেই তাই অভাৱৰ বানত ককবকাবলৈ নাপালে৷ অথচ, এইজাক ধুমুহাই সঁচাকৈয়ে তাইক ধুমুহাই ফালি চিৰাচিৰ কৰা কলপাতখিলাৰ দৰে কৰি পেলাইছে৷
ঘৰৰ অমতত বিয়া হৈ অহাৰ বাবে তাই এতিয়া অনাটনৰ দিনত গৈ সেইখন ঘৰতো হাত পাতিব নোৱাৰে৷ কি কৰা যায়, কি কৰা নাযায় ভাবি-গুণি আজিও ৰাতি টোপনি নাহে মেদিনীৰ৷ টোপনিত ৰুবুলে বাগৰ সলায়, তাৰ ফিচিকি থকা গেঞ্জীটোত চেৰেককৈ শব্দ এটা হৈ এবখলা চেৰচেৰকৈ এৰি যায়৷ মেদিনীয়ে নিজৰ চকুদুটা চুই চাই....সেমেকা৷
পুৱাই ছাগলী এৰাল দিবলৈ যোৱা মেদিনীয়ে ইকাণ-সিকাণকৈ শুনে- ৰুবুলৰ কিবা অনলাইন ক্লাছ হ’ব৷ স্কুলৰ পৰা বোলে ঘৰে ঘৰে ফোন কৰি ল’ৰা-ছোৱালীবোৰক খবৰ দিছে৷ অনলাইন ক্লাছৰ অৰ্থ বুজি নাপায় মেদিনীয়ে৷ আচলতে এই এমাহত শুনি থকা বহুত শব্দৰেই অৰ্থ নাজানে তাই৷ মাথোঁ শুনি শুনি অভ্যস্ত হৈ মনত ৰৈ গৈছে শব্দ কিছুমান৷
ছাগলীকেইটাৰ খুঁটি পুতি লৰালৰিকৈ ঘৰলৈ আহি তাই দেখে ৰুবুলৰ লগৰ ডেইজী আৰু বিতোপন সিহঁতৰ ঘৰত বহি আছে৷ সিহঁতৰ টুকুৰা-টুকুৰ কথা-বতৰাবোৰ শুনিবলৈ মেদিনীয়ে চেষ্টা কৰে যদিও অনুচ্চ স্বৰত পতা কথাবোৰ বিশেষ বুজি নাপায় তাই৷ কিন্তু, সিহঁতে যে স্কুলৰ কথাকে কিবা পাতি আছে সেইকথা ঠিকেই ধৰিব পাৰে৷ ডেইজীহঁত যোৱাৰ পাছত কওঁ নকওঁকৈ ৰুবুলে কথাটো মাকৰ আগত উলিয়ায় -
- “মা, আমাৰ অনলাইন ক্লাছ হ’ব৷ এইবছৰ বোলে বেমাৰ ভাল হয় নে নাই ঠিক নাই৷ কেনেবাকৈ যদি বেমাৰৰ ঔষধ নোলায় তেতিয়াহ’লে চোন আমাৰ পঢ়া-শুনা নহ’বই৷ সেইকাৰণে ছাৰ বাইদেউহঁতে অনলাইনত ক্লাছ কৰিব, নোট দিব৷ মোৰ এতিয়া কি হ’ব মা?”
কথাকেইটা কওঁতে মাতটো তাৰ থোকাথুকি হৈ পৰে৷ সৰুৰে পৰা অভাৱৰ সৈতে যুঁজ কৰা ল’ৰা সি, ঘৰখনৰ দুৰৱস্থাৰ কথা নুবুজা নহয় সিও৷ মেদিনীয়ে কঁপালখন কোঁচাই প্ৰশ্ন কৰে– “কি অনলাইন ক্লাছ মানে অ’ ৰুবু? ময়ো শুনি আহিলোঁ এতিয়া৷ যদি হয় কৰিবি আউ, সেইটোনো কি কথা?”
- “কেনেকৈ কৰিম মা?আমাৰ দেখোন ডাঙৰ মোবাইলেই নাই৷ অনলাইন ক্লাছ মানে মোবাইলতে পঢ়ুৱাব চব৷”
- “কি? হে ঈছৰ কি দিন আহিল ঔ? এই অকমানি মোবাইলটোৰ ভিতৰত কেনেকে সোমাব মানুহ?”
মেদিনী অবাক লাগে৷ অবাক হ’বৰে কথা৷ কোনোদিন কাণত ফোন এটা লৈ নোপোৱা মানুহজনীয়েনো কি বুজে এইবোৰ কথা!
- “এইবোৰ বহুত কথা মা৷ আজিকালি চব মোবাইলতে কৰিব পাৰি, ইণ্টাৰনেট লাগে মাত্ৰ৷ মোৰ কি হ’ব এতিয়া?”
- “ হ’ব দে বোপাই৷ ডেইজীহঁতৰ মোবাইলটোতে পঢ়িবিগৈ৷”
তলমূৰ কৰে ৰুবুলে৷ মাকক কি দৰে বুজাই সি যে ক্লাছত সদায় সি প্ৰথম হোৱাৰ বাবে ডেইজীৰ তাৰ প্ৰতি বহুত হিংসা৷ তাক যে তেনেকৈ সিহঁতৰ ঘৰত গৈ ক্লাছ কৰিবলৈ দিব, তাৰ মনে নধৰে৷ টপটপকৈ চকুলো দুটোপাল সৰি পৰে ৰুবুলৰ৷
ৰত্নেশ্বৰ দিনকদিনে বৃদ্ধৰ দৰে হৈ আহিছে৷ দাড়িয়ে চুলিয়ে মানুহটোক অকালতে বয়সীয়াল কৰি পেলাইছে৷ আগতে ঘৰে ঘৰে আহি চুলি দাড়ি কাটি দি যোৱা কাঞ্চাৰো এইকেইদিন দেখাদেখি নাই৷ দুটা কাম কৰিলেহে দুপইচা পোৱা, পেট পোহা মানুহবোৰৰ কম হাৰাশাস্তি হৈছে নে! মেদিনীয়ে এইবোৰকে ভাবি কামকেইটা কৰি থাকে৷ ইফালে ৰুবুলটোও আজিকালি জোপোকা লাগি বহি থাকিবলৈ ধৰিছে৷ ভাত পানী খাবলৈও মন নকৰা ল’ৰাটোৱে অনবৰতে মনটো মাৰি থকা দেখিলে মেদিনীৰ বুকুখন ধহমহাই উঠে৷ কিতাপখন মেলিও আকাশ পাতাল ভাবি থকা ল’ৰাটোৰ মুখখন চাই অন্তৰৰ কথা ধৰিব নোৱাৰি৷ সৰুৰে পৰাই ল’ৰাটো অলপ ভাবুক৷ যিকোনো কথাতে হৈ চৈ কৰি থকা বিধৰ নহয় সি৷ তাতে, ঘৰখনৰ আৰ্থিক অৱস্থাইও হয়তো তাক চিন্তাম্বিত কৰি থাকে৷
-“মা, কালি বোলে জ্যামিতিৰ উপপাদ্যৰ অংক শিকালে বৰদলৈ ছাৰে৷ মই কেনেকৈ কৰিম এতিয়া?”- কথাবোৰৰ মাজত পাকঘূৰণি খাই থাকোঁতেই মলিন মুখখন লৈ ৰুবুলে মাকক প্ৰশ্ন কৰে৷
- “কৰচোন সোণ,পাৰিবি দে তই চোকা ল’ৰা বুলি চবেই কয় দেখোন৷ কিতাপখন মেলি ল চোন যা৷” আশ্বাসভৰা মাতেৰে কথাকেইটা কয় যদিও বুকুখনত বিষকাঁড় এপাত হৈ বিন্ধি থাকে ৰুবুলৰ প্ৰশ্নটোৱে মেদিনীক৷
ৰুবুলে পিৰালিত বহি গণিতৰ কিতাপখন মেলি লৈ কিবা এটা মিলাবলৈ খুউব যত্ন কৰে৷ কিন্তু তাৰ মুখাৱয়বৰ পৰাই ধৰিব পাৰি যে সি সঁচাই যেন বৰ দোমোজাত পৰিছে৷ কিবা এটা কৰিবলৈ গৈ বাৰে বাৰে সি উজুতি খাইছে৷
মেদিনীয়ে মূৰে কঁপালে হাত দি এবাৰ ল’ৰাটোলৈ চাই বিচনাত পৰি থকা মানুহটোৰ ওচৰলৈ আহি গৰম পানীখিনিৰ সেক দিবলৈ লাগে৷ দিনৰ দিনটো ৰুবুলে বৰ অস্থিৰতাৰে পাৰ কৰে৷ সন্ধিয়া পৰত ডেইজীয়ে আহি আকৌ যেন জ্বলা জুইকুৰাত ঘিউ ঢালি থৈ যায়৷
- “ঐ ৰুবুল, ইন্দ্ৰানী বাইদেৱে আজি Letter writting কৰিবলৈ শিকালে৷ আৰু আমাক দুখন Informal letter লিখি কাইলৈৰ ভিতৰত জমা দিবলৈ কৈছে৷ তয়ো লিখিবি দেই৷ মোক বাইদেৱে তোক খবৰটো দিবলৈ কৈছে৷”
ডেইজীৰ কথাকেইটা শুনি ৰুবুল শিল পৰা কপৌ যেন হৈ পৰে৷ একো এটা নিশিকাকৈ সি এতিয়া কেনেকৈ লিখিব? ইফালে তাৰ ওচৰত ইংৰাজী গ্ৰামাৰৰ কিতাপো নাই৷ অনুনয় বিনয় কৰাৰ দৰে সি ডেইজীক কৈ উঠিল– “মোক শিকাই দিবি নে ডেইজী? মই অকমান শিকাই দিলে লিখিব পাৰিম৷”
“ধেই কি কথা কৈছ? মই নিজেই ভালকৈ বুজা নাই৷ তোক কেনেকৈ শিকাই দিম! যাওঁ দেই, বাইদেৱে তোক ক’বলৈ কোৱাৰ বাবেহে আহিছিলোঁ৷”
গুচি যায় ডেইজী ৰুবুলৰ বুকুত এসোপা বেজাৰ ঢালি৷ সি লৰ দিয়ে বিতোপনৰ ওচৰলৈ, কিজানি বিতোপনে শিকাই দিয়েই তাক৷ পিছে, তাৰ ওচৰৰ পৰাও সি নিৰাশ হৈ ঘূৰি আহে৷ বিতোপনৰ ককায়েকৰ মোবাইলত বোলে এইকেইদিন নেট পেক নাই৷
আবেলিৰ পৰা ছাটিফুটি কৰি থকা ল’ৰাটোৱে ৰাতি ভাত খাবলৈ মন নকৰিলে৷ মাকে জোৰ কৰি দুগৰাহমান খাবলৈ দিয়ে যদিও সি কাঁহীত পানী ঢালি উঠি যায়৷ কিতাপকেইখনকে লিৰিকিবিদাৰি থাকি এটা সময়ত উচুপি উচুপি শুই পৰে সি৷ ৰত্নেশ্বৰক সেক দি মেলি আজৰি হৈ মেদিনীয়ে বাগৰ দিবলৈ যায় মানে গোটেই গাঁওখন শুই নিঃপালি দিয়ে৷ ৰুবুলৰ ৰঙা পৰি থকা মুখখন দেখি গাত হাত দি মেদিনী উচপ খাই উঠে, ইমান জ্বৰ ল’ৰাটোৰ! লৰালৰিকৈ উঠি গৈ মেদিনীয়ে বাটি এটাত ঠাণ্ডা পানী এবাটি আনি ৰুবুলৰ কঁপালত জলপতি দিয়ে৷ টোপনিতে ৰুবুলে বিৰবিৰাই – “দেতাৰ সোনকালে ভাল হ’ব মা৷ মোলৈ গ্ৰামাৰৰ কিতাপ এখন আনিব৷ ডাঙৰ ম’বাইল এটা লৈ ময়ো অনলাইন ক্লাছ কৰিম৷” জলপতি দি থকা মেদিনীৰ হাতখন থৰ হৈ যায়৷ দুচকুৰে চকুলো ওলাই আহে৷ ৰুবুলে আকৌ এবাৰ কৈ উঠে – “লকডাউন নালাগে৷ মই আকৌ স্কুল যাম৷ বৰদলৈ ছাৰে আমাক জ্যামিতি শিকাব...”
***
ফোন নম্বৰ-৮৬৩৮১৮৯৪০৪
