কাব্যশ্ৰী মহন্ত
উপ ৰাষ্ট্ৰপতি উপস্থিত থাকিব উদ্বোধনী অনুষ্ঠানত৷ সেয়েহে নিৰাপত্তা অতি কটকটীয়া৷ নৱনীতাই হেণ্ডবেগৰ ভিতৰত লৈ অহা সৰু পাৰ্চটোও আনিবলৈ দিয়া নাই৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত নৱনীতাই আগতেও মিটিং কৰিছে৷ ইমান কটকটীয়া নিৰাপত্তা দেখা নাছিল৷ চৌহদৰ বাহিৰত ৰাস্তাৰ কিনাৰত অস্থায়ী মণ্ডপত বেগ জমা দি কেৱল নিমন্ত্ৰণী পত্ৰ আৰু ম’বাইলটো হাতত লৈ ভিতৰলৈ আহি শাৰীত থিয় দিলে৷ কেইজনীমান বৰ ধুনীয়াকৈ ৰূপসজ্জা কৰি অহা ছোৱালী তাইৰ আগত ৰৈছে৷ এজনীয়ে আনজনীৰ সাজসজ্জাৰ প্ৰশংসা কৰিছে৷ প্ৰসাধনত খেলিমেলি নোহোৱাকৈ গলাগলি কৰি সম্ভাষণ যাচিছে৷ ওখ বগা ছোৱালীজনীলৈ চকু গ’ল নৱনীতাৰ৷ কলা ব’ৰ্ডাৰৰ পচমপল্লী শাৰীৰ লগত পিন্ধা ক’লা ৰঙৰ ডিজাইনাৰ ব্লাউজৰ পিছফালে দকৈ কটা৷ দুয়োফালৰপৰা দুডাল ফিটাৰে ব্লাউজৰ পিছফালটো নিকপকপীয়াকৈ আঁট খুৱাই থোৱা আছে৷ চুলিখিনিৰে গলধনত সৰু খোপা এটা বান্ধি ৰঙা বগা গোলাপ কেইপাহমান খোপাত গুজি লৈছে৷ নাক, মুখ, চকু, কপালত উত্তৰ ভাৰতীয় নাৰীৰ নান্দনিক সৌন্দৰ্য৷ পচমপল্লী শাৰীখনৰ আঁচলৰ আগটোৱে মাটি চুইছে৷ পিছত থিয় দি থকাজনৰ জোতাৰ তলত ক’ব নোৱাৰাকৈ আঁচলৰ একাংশ সোমাই গৈছে৷ ঈষৎ হাঁহি তাই মানুহজনক কথাষাৰ কৈছে৷ ছোৱালীজনীক দেখি নৱনীতাৰ মিথিলৈ মনত পৰিল৷ জলন্ধৰৰ মিথি কাপুৰ নৱনীতাৰ ছোৱালী নন্দনাৰ লগত দিল্লী বিশ্ববিদ্যালয়ত একেলগে পঢ়িছিল৷ যোৱাবছৰ ধুমধামেৰে মিথিৰ বিয়া পাতিছিল তাইৰ ধনাঢ্য পিতৃয়ে কোটি টকা খৰচ কৰি৷ পাকিস্তানৰপৰা আনিছিল ৰূপৰ জৰীৰ কাম কৰা ঘাগৰা৷ আৰু বিয়াৰ ছমাহৰ পাছতে নন্দনাৰপৰা গম পাইছিল নৱনীতাই মিথিৰ সেই ৰাজকীয় বিয়াখন বিড়ম্বনা মাত্ৰ হ’ল৷ তাই শহুৰৰ ঘৰখনত অতিপাত কষ্ট পাইছে৷ মাক-দেউতাকক জানিবলৈ দিয়া নাই৷ তাই নিজেই যিমান পাৰি চেষ্টা কৰিছে পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ৷ নৱনীতাক এদিন ফোন কৰিছিল মিথিয়ে৷ তাই হেনো গুৱাহাটীলৈ আহিব৷ আহি কামাখ্যা দৰ্শন কৰি যাব৷ কামাখ্যা দৰ্শন হ’লে ছোৱালীৰ এনেবোৰ সমস্যা সমাধান হয় বুলি কোনোবাই কৈছে হেনো৷ নৱনীতাই তাইক বহুত বুজালে৷ তাইক সকলোখিনি মাক দেউতাকৰ আগত কৈ তেওঁলোকৰ পৰামৰ্শ ল’বলৈ ক’লে৷ কেৱল বিয়াই জীৱন নহয়৷ জীৱনৰ আৰু অৰ্থ আছে৷ যদি তাই কোৱাৰ দৰেই তাইৰ শাহুৱেকে পুতেকক তাইৰ ওচৰলৈ আহিবলৈ নিদিয়ে আৰু পুতেকে সেই কথাৰ একো প্ৰতিবাদ কৰিব নোৱাৰে তাই সেই সম্পৰ্ক আৰু আগ নবঢ়োৱাই ভাল৷ ভগা ভগা মাতেৰে মিথিয়ে কৈছিল “মেৰেইজ মিনছ এ লট ফৰ আছ, আণ্টি৷” ছোৱালীৰ লগৰ ছোৱালীজনীৰ কথা শুনি নৱনীতাৰ মাত হেৰাই গৈছিল সেইদিনা৷ কেনেকৈ তাইক বুজায় যিটো সম্পৰ্কৰ প্ৰধান পোষক একান্ত আৱেগ আৰু পাৰস্পৰিক ভালপোৱা, তাক সামাজিক ঔচিত্যবোধেৰে ধৰি ৰাখিব নোৱাৰি৷
এই ধুনীয়া ছোৱালীজনীৰো আছে নেকি বাৰু তেনে কিবা অব্যক্ত গাথা ? সৌন্দৰ্যৰ পোহাৰৰ আঁৰত লুকাই থকা ক’ব নোৱাৰা কাহিনী! এই অপাৰ সৌন্দৰ্যৰ পোহাৰ সামৰি উভতি গৈ তাইৰো সোমাবলগা আছে নেকি কাকো ফুটাই ক’ব নোৱাৰা কিছুমান হাহাকাৰৰ মাজত?
“আই কাৰ্ড দিখাইয়ে মেডাম” - কথাবোৰ ভাবি-গুণি কেতিয়ানো শাৰীৰ সমুখ পালেহি গমেই নাপালে নৱনীতাই৷ সমুখৰ নিৰাপত্তাৰক্ষীজনৰ মাততহে হুঁচ আহিল৷ আই কাৰ্ড ক’ৰপৰা উলিয়ায় এতিয়া ? বেগ আনিবই নোৱাৰিলে৷
“বেগ এলাও কিয়া নেহী
ত কেইচে দিখাওঁ?”
“ম’বাইল পৰ দিখাইয়ে৷”
শাৰীৰপৰা কিঞ্চিৎ একাষৰীয়া হৈ ম’বাইলৰ ফটো আৰ্কাইভ খুলি নিজৰ আই কাৰ্ড বা আধাৰ কাৰ্ডৰ ফটো বিচাৰিবলৈ ধৰিলে নৱনীতাই৷ যেতিয়া যিখন ফটোৰ দৰকাৰ হয় সেইখন সতকাই কেতিয়াও নোলায়৷ ব্লাণ্ট কাট চুলি আৰু ছাইৰঙী কটন শাৰীৰ লগত কলা ৰঙৰ থ্ৰি কোৱাৰ্টাৰ হাতৰ ব্লাউজ পিন্ধা এগৰাকী মহিলা এইবাৰ শাৰীৰ সমুখত৷ নিৰাপত্তাৰক্ষীজনে তেওঁকো বিচাৰিলে আই কাৰ্ড৷
মেই আই এ এছ অফিচাৰ
হুঁ৷ দীপা মিশ্ৰ, চেক্ৰেটেৰী, ছত্তিশগড় হিউমেন ৰাইটচ কমিছন৷”
“মেডাম যাইয়ে আপ।”
ছাইৰঙী শাৰীখন আঁগবাঢ়ি গল৷
আধাৰ কাৰ্ডখন ওলাল
যেনিবা আৰ্কাইভত৷
“য়ে দেখিয়ে মেৰা
কাৰ্ড”
“যাইয়ে মেডাম৷” কাৰ্ডখন নোচোৱাকৈয়ে ক’লে এইবাৰ ৷
দুয়োকাষে সজীৱ আৰু সাস্থ্যৱান বহল বহল পাতৰ মানিপ্লেণ্টেৰে সজোৱা বহল কৰিড’ৰৰ মাজেৰে নৱনীতা হল নম্বৰ ছিক্সলৈ আগ বাঢ়িল৷ দহ বাজিবলৈ দহমিনিট আছে তেতিয়া৷
Gerontology-ৰ ধাৰণাটো অসমত তেনেদৰে জনাজাত হোৱা নাই৷ বৃদ্ধাৱস্থাত ব্যক্তি এজনক ঠিক কেনেকুৱা যত্ন-পৰিচৰ্য্যা আগবঢ়াবলগা হয় বা বৃদ্ধাৱস্থাত শৰীৰটোৱে কেনেধৰণৰ বাধাৰ সন্মুখীন হয় বা পৰিয়ালৰ লোকে কোনবোৰ ক্ষেত্ৰত সজাগ হ’ব লগা হয় তাৰ বিষয়ে বিজ্ঞানসন্মত পাঠদান সমাজবিজ্ঞানৰ পাঠ্যক্ৰমতো নাই৷ নিম্ন মধ্যবিত্ত পৰিয়ালত অকলশৰীয়া বৃদ্ধ বা পতিৰ মৃত্যুৰ পিছত সম্বলহীনা হৈ পৰা প্ৰৌঢ়া মহিলাগৰাকীৰ ক্ষেত্ৰত চৰকাৰ আইন বা প্ৰশাসনে কৰিবলগা কি আছে তাৰ ওপৰতে আজিৰ কনফাৰেন্সখন আয়োজন কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে৷
উদ্বোধনী অনুষ্ঠান শেষ হোৱাৰ পিছৰ প্ৰথম ছেছনতে নবনীতাৰ পেপাৰখন আছিল৷ জেৰিয়াট্ৰিক মেডিচিন তথা অ’ল্ড এজ হেলথ কেয়াৰৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা ছেছনটোত এইমছ আৰু এপলৰ দুজন চিকিৎসকেও অংশগ্ৰহণ কৰিছিল৷ অসম তথা উত্তৰ পূৱৰ বাকীকেইখন ৰাজ্যতো জেৰিয়াট্ৰিকচ এটা নতুন ধাৰণা৷ নৱনীতাই আয়োজন কৰা চেমিনাৰ ৱৰ্কশ্বপবোৰত বেছিভাগ নাৰ্ছ, ফাৰ্মাচিষ্ট বা চিকিৎসকেই থাকে৷ কিন্তু শিক্ষক, চৰকাৰী কৰ্মচাৰী, কলেজ-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এইসকলকো জেৰিয়াট্ৰিক কেয়াৰৰ বিষয়ে সজাগ কৰাটো প্ৰয়োজনীয়৷ মৃত্যু আৱশ্যম্ভাৱী বুলি ধৰি লৈ জীৱনৰ শেষ দিনকেইটাত সকলো আনন্দ আহ্লাদৰ পৰা আঁতৰি থকা বহুলোকে নাজানে তেওঁলোকক আইনে কি সুবিধা দিছে৷ বৃদ্ধলোক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক এই উপযোগবিলাকৰ বিষয়ে অৱগত কৰাৰ কামটোৱেই কৰি আছে নৱনীতাৰ পৰিচৰ্যা নামৰ অনুষ্ঠানটোৱে ৷
এটা কথাত নৱনীতাৰ অলপ খং উঠিছিল যে এঘণ্টাৰ ছেছন এটাত তেওঁলোকে ছজনকৈ পাৰ্টিচিপেণ্টছ ৰাখিছে যাৰ ফলস্বৰূপে কোনেও দহমিনিটতকৈ বেছিসময় ক’ব পৰা নাই৷ যিবোৰ কামত এজন ব্যক্তিৰ সমগ্ৰ আৱেগ নিহিত হৈ থাকে, তাৰ বিষয়ে ক’বলৈ যাওঁতে যদি কথাটো কওঁতে কেইমিনিট লাগিব ভাবি ক’ব লগা হয় কি উপায় ? নৱনীতাই লগত অনা ফটোবিলাকৰ বেছিভাগেই ডিছপ্লে কৰিব নোৱাৰিলে৷ ইমান বেছি মানুহক যদি মাতিছিলেই, এটা দিন বেছিকৈ কিয় নললে? কথাবোৰ ভাবি ভাবি নৱনীতাই পাছৰ প্ৰেজেণ্টেশ্বনটোত মন দিব পৰা নাছিল৷ হঠাতে মনিটৰত এখন মুখ ভাহি উঠিল৷ অশীতিপৰ এক বৃদ্ধাৰ সোঁতোৰাসুঁতুৰি পৰা মুখমণ্ডল৷ জুপুৰী ঘৰটোৰ সমুখত ৰৈ সমুখলৈ চাই আছে৷ ঠিক যেন পয়ত্ৰিশ বছৰৰ আগৰ নৱনীতাৰ আইতাক৷ সময়ৰ আঁচোৰত আক্ৰান্ত বিষন্ন এখন মুখ৷
আইতাকৰ সোঁৱৰণি যেন ব্যথা আৰু অক্ষমতাৰ এক মুহূৰ্মুহূ উপলদ্ধি৷ কিমান দক্ষ, কিমান সাহসী আৰু অতীন্দ্ৰীয় জ্ঞানৰ গৰাকী আছিল নৱনীতাৰ আইতাক৷ তাইৰ ধমনীত বৈ থকা সাহস আৰু পৰিস্থিতিৰ লগত অহৰহ যুঁজি থকাৰ মানসিকতা আইতাকেই ৰুই দিছিল নেকি বাৰু? পাকঘৰলৈ আহি কিবা এটা খাব খুজিছিল ন-বছৰীয়া নৱনীতাই৷ মাকে ডবিয়াই উঠিছিল কাম এখন কৰিবৰ পৰত বিচাৰি পাবলৈ নাই আৰু অনবৰতে খালী খাওঁ খাওঁ৷ শোক উজাই আহিছিল নৱনীতাৰ৷ অলপ আগতে ককায়েকে কিবা এটা কামুৰি ওলাই যোৱা তাই দেখিছিল৷ মাক পাকঘৰৰ পৰা ওলাই যোৱাৰ পাছত আইতাকে হাতৰ টিপতে আনি দিছিৰ এটা পকামিঠৈ৷ পকামিঠৈ ইমান প্ৰিয় নাছিল তাইৰ৷ নাৰিকলৰ লাৰু বা মাকে ক’ত থৈছে৷ কিন্তু আইতাকক নিৰাশ কৰিব নুখুজি পকামিঠৈটোকে খাইছিল তাই৷ স্ক্ৰীনত জিলিকি উঠা মুখখন চাই আইতাকৰ মুখখন আৰু সৰুকালৰ কথাবোৰ মনত পৰি গল নৱনীতাৰ৷
প্ৰেজেণ্টেশ্বনটো আছিল শোভা গোৱেল নামৰ এগৰাকী সমাজকৰ্মীৰ৷ ৱাৰ ৱিড’ এছ’চিয়েশ্বন শীৰ্ষক তেওঁৰ অনুষ্ঠানটোৱে যুদ্ধত বা সীমান্তত মৃত্যু হোৱা সৈনিকসকলৰ অকলশৰীয়া পত্নীসকলৰ মাজত কাম কৰে৷ বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত সীমান্তৰ পৰা সন্ধান হেৰাই যোৱা পঞ্চাশজন সৈনিকৰ ভিতৰত এজন আছিল শোভাৰ ত্ৰিছ বছৰ বয়সীয়া স্বামী৷ পঁচিছ বছৰীয়া শোভাই তাৰ কিছু বছৰ পাছতেই আৰম্ভ কৰিছিল তেওঁৰ এন জি অ’৷ বৰ্তমানে দেশৰ নটা ঠাইত তেওঁৰ এন জি অ’টোৰ শাখা আছে৷ চীনা যুদ্ধ, পাকিস্তান যুদ্ধ আৰু বাংলাদেশৰ মুক্তিযুদ্ধৰ পাছত অকলশৰীয়া হোৱা বহু তিৰোতাই চৰকাৰী অৰ্থসাহায্য পোৱা নাছিল৷ বা পালেও সেইখিনি সদুপযোগ কৰি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰা দক্ষতা সকলোৰে নাছিল৷ ইয়াৰ ওপৰত আছিল স্বামীগৃহৰ দখলদাৰিত্ব৷ সন্তানহীন কোমল বয়সীয়া ছোৱালীবোৰৰ অৱস্থা আৰু বেয়া আছিল৷ আজি পঞ্চাছ বছৰৰ পাছত সেইখিনি মহিলা বৃদ্ধা হৈছে৷ শোভা গোৱেলৰ ৱাৰ ৱিড’ এছ’চিয়েশ্বনে সেনা বাহিনীৰ প্ৰতিবেদনৰপৰা তথ্য সংগ্ৰহ কৰি গাঁৱে গাঁৱে ঘুৰি সেই মহিলাখিনিক উপাৰ্জনৰ পথ দেখুৱাইছে৷
দুপৰীয়া আহাৰৰ সময়ত নৱনীতাৰ সমুখত টেবুলত বহিল ৰাতিপুৱা দেখা ছাইৰঙী শাৰী পিন্ধা দীপা মিশ্ৰ নামৰ আই. এ. এছ. অফিচাৰগৰাকী৷ নৱনীতাই তেওঁৰ ফালে চাই সম্ভাষণ জনালে৷ মানুহগৰাকীয়েও মৃদুভাৱে হাঁহি সমুখৰ খালী চকীখনত বহিবলৈ কলে৷
“আপুনি ছত্তিশগড়ৰ?”
“হয়৷ কেনেকৈ জানিলে
?”
ছেঃ নৱনীতাই এতিয়া কেনেকৈ কয় ৰাতিপুৱা সোমাবৰ সময়ত তেওঁক তাই
মন কৰি আছিল বুলি৷ মানুহৰ পোছাক-পৰিচ্ছদ, কথা-বতৰা মন কৰি থকাটো তাইৰ স্বভাৱ৷
“ আচলতে মইও আপোনাৰ
সৈতে একেলগেই সোমাইছিলোঁ৷”
“আই ছি।”
“জেৰিয়াট্ৰিক কেয়াৰ
সম্পৰ্কীয় স্বেচ্ছাসেৱী সংগঠন ছত্তীশগড়তো নিশ্চয়
আছে ?”
“মই নাজানিম সেই বিষয়ে৷
মই মানৱ অধিকাৰ আয়োগৰ ফালৰপৰা হে আহিছোঁ৷”
নৱনীতাই ধৰিব পাৰিলে
মানুহগৰাকী বিষয়টোত আগ্ৰহী নহয়৷ হয়তো অৱস্থাপন্ন ঘৰৰ জীয়ৰী৷ সৌভাগ্যশালিনী পত্নী৷ বঞ্চনাই
চেপি পেলোৱা জীৱদ্দশাৰ লগত পৰিচয় হোৱা নাই৷ থাকক মোৰনো কি আহে যায় ?
বিয়লিৰ ছেছন আৰম্ভ হল৷ বৃন্দাবনৰ বিধৱাসকলৰ আশ্ৰয়, চিকিৎসা, সৎকাৰৰ কামত যোৱা পঁচিছ বছৰে আত্মনিয়োগ কৰা বৈভৱী সিন্হাই বৰ্ণনা দিলে পৰিয়ালৰ পৰা আঁতৰত থকা অকলশৰীয়া বৃদ্ধাসকলৰ শেষ সময়ৰ যন্ত্ৰণা৷ নবনীতাৰ মনত পৰি গল মামনি ৰয়চমৰ “নীলকণ্ঠী ব্ৰজ”ত বৰ্ণোৱা ৰাধেশ্যামীসকললৈ! মনতে ভাবিলে ছেছনৰ পাছত বৈভৱীক লগ পালে উপন্যাসখনৰ কথাও ক’ব৷ হিন্দীলৈ আৰু ইংৰাজীলৈ অনুবাদ হৈছে যেতিয়া পঢ়িছেও কিজানি তেওঁ কিতাপখন৷
আন এটা অনুষ্ঠান ‘অনুগ্ৰহ’ৰ পৰা আহিছিল এগৰাকী কম বয়সীয়া মহিলা৷ নিম্ন মধ্যৱিত্ত পৰিয়ালসমূহত তিৰোতাসকল বৃদ্ধ হোৱাৰ পাছত তেওঁলোকৰ ঘৰুৱা কামত অংশগ্ৰহণ কমি আহে৷ ফলস্বৰূপে তেওঁলোকৰ হাতত নগদ ধন কমি আহে৷ ডিউ টু লেক অব পাৰ্টিচিপেশ্বন ইন হাউছহ’ল্ড ইক’নমি দেয়াৰ পজিশ্বন ইন দ্য ফেমিলী গ’জ ডাউন৷ দে ফিল ল’নলি৷ দে চাফাৰ ফ্ৰম লেক অব ডিগনিটি, এলিয়েনেশ্বন ফ্ৰম দ্য ছ’চাইটী এণ্ড এজ এ ৰিজাল্ট দেয়াৰ স্পিৰিট অব লিভিং কামচ ডাউন... “স্পষ্ট মাতেৰে শুৱলা ইংৰাজীত কৈ যোৱা কথাবোৰৰ লগে লগে এখন এখনকৈ স্লাইডবোৰ দেখুৱাই গৈছিল মহিলাগৰাকীয়ে৷ তেওঁৰ বক্তব্যত প্ৰকাশ পোৱা আবেগে উপস্থিত সকলৰ হৃদয় স্পৰ্শ কৰিছিল৷ নৱনীতাৰ মনলৈ আহিছিল আইতাকে কিনো বুলি ভাবি থকা গৰম কাপোৰখনলৈ৷ ঘৰলৈ অহা বেপাৰীৰপৰা এখন গৰম কাপোৰ ল’বলৈ সাঁচতীয়া পইচাকেইটা উলিয়াই নৱনীতাক গণিবলৈ দিছিল৷ নৱনীতাই লেখি থাকোঁতেই দেউতাক আহি দেখি সুধিছিল সেয়া ক’ত পালে৷ বেপাৰীৰ কাপোৰ ল’ব নালাগে বুলি খং কৰি বেপাৰীজনক পঠিয়াই দিছিল৷ আইতাকে একো কোৱা নাছিল৷ এনেয়েও একো নকয় আইতাকে৷ আইতাকে কাপোৰ ল’ব খোজা কথাটোৰ মাকে এটা বহুভুজী ব্যাখ্যা উলিয়াইছিল৷ মানুহৰ আগত মাকক হেয় কৰিবৰ বাবেহে গোটেই গাঁওখনে দেখাকৈ বেপাৰী মাতিছে৷ তেতিয়ালৈকে অৰ্থনীতিৰ সূত্ৰৰ লগত পৰিচয় নথকা নৱনীতাইও মাকক বুজাব পৰা নাছিল যে মূল্য দি ভোগ্য দ্ৰব্য ক্ৰয় কৰাটো হৈছে মানুহৰ আটাইতকৈ প্ৰাথমিক অৰ্থনৈতিক সন্তুষ্টি৷ তেতিয়াৰপৰা তাই মনে মনে ভাবিছিল তাই যেতিয়া চাকৰি পাব প্ৰথম মাহৰ দৰমহাটো পাই তাই আইতাকৰ হাতত তুলি দিব৷ তাই চাকৰিত জইন কৰাৰ আগবছৰ আইতাক ঢুকাইছিল৷
‘অনুগ্ৰহ’ৰ পিছত আৰু এটা এন. জি. অ’.ই নিজৰ প্ৰেজেণ্টেশ্বন আগবঢ়ালে৷ তেওঁলোকৰ বিষয়টো হৈছে বৃদ্ধ লোকসকলক দিব লগা মানসিক সাহচৰ্য বা মনস্তাত্ত্বিক সুৰক্ষাৰ বিষয়ে৷ আজিৰ গতিশীল জীৱনত প্ৰতিষ্ঠাৰ পিছত দৌৰোঁতে মানুহে মমত্ববোধ পাহৰি পেলাইছে৷ বৃদ্ধ পিতৃ-মাতৃক সময় দিব নোৱাৰাৰ হেতু দুটা প্ৰজন্মৰ মাজত দূৰত্ব বৃদ্ধি পাইছে৷ শিখা চাদ্দা নামৰ এন. জি. অ’ কৰ্মীগৰাকীয়ে বৃদ্ধকালৰ কিছুমান স্বাস্থ্যজনিত সমস্যাৰ উল্লেখ কৰিছিল, যিবোৰৰ কোনো চিকিৎসা আৱিষ্কাৰ হোৱা নাই৷ কেৱল পৰিয়ালৰ যত্ন বা সাহচৰ্যতহে সেইবোৰ সমস্যাৰ উপশম সম্ভৱ৷
চাৰে চাৰি বজাত গোটেইকেইটা প্ৰেজেণ্টেশ্বন শেষ হ’ল এতিয়া মুকলি আলোচনা৷ দুই-এজনে দুটামান মন্তব্য আগ বঢ়োৱাৰ পিছত ছাইৰঙী শাৰী পিন্ধা দীপা মিশ্ৰই থিয় হৈ মাইক্ৰফ’নটোলৈ হাত আগ বঢ়ালে৷
“হোৱাট আই ৱাণ্ট
টু ছে মে নট বি এপ্লডেড বাই মেনি অব য়ু ইন দিছ এছেমব্লি৷ “নৱনীতাই কাণ থিয় কৰিলে৷ প্ৰথমৰপৰাই
মানুহগৰাকীয়ে তাইৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ ছাইৰঙী শাৰীখনে আৱৰি ৰখা মানুহজনী যেন মেঘ
জমা হৈ থকা এখণ্ড ভৰুণ আকাশ, অলপ উত্তাপতে হিৰহিৰাই নামি আহিব জলাধাৰ৷
“য়েছ ৱি নিড টু কেয়াৰ দ’জ দ্যেট আৰ ওল্ড, ইনভেলিড, ইনকম্পিটেণ্ট টু কেয়াৰ দেমছেল্ভচ৷ বাট দ্য কুৱেশ্বন কামচ হু ৱিল টেক কেয়াৰ৷ কোনে ল’ব তেওঁলোকৰ যত্ন ? নিশ্চয়কৈ তেওঁলোকৰ পৰিয়ালবৰ্গই৷ কাৰণ আমাৰ সমাজত পিতৃ-মাতৃক বৃদ্ধাবাসত থোৱাটোক অন্য চকুৰে চোৱা হয়৷ কিন্তু পৰিয়াল এটাৰ সামাজিক, অৰ্থনৈতিক বা ব্যৱহাৰিক স্থিতি কেতিয়াও সাধাৰণীকৰণ কৰিব নোৱাৰি .... আমি বৃদ্ধসকলৰ যত্ন লবলৈ গৈ পৰিয়ালৰ বাকীসকলৰ ওপৰত আনডিউ ষ্ট্ৰেছ এণ্ড প্ৰেছাৰ জাপি দিব নোৱাৰোঁ ....”
চাঁৎকৈ নৱনীতাৰ মনলৈ
আহিল দুপৰীয়া আহাৰৰ সময়ত দীপা মিশ্ৰই তাইক জেৰিয়াট্ৰিক কেয়াৰ সম্বন্ধে নাজানে বুলি কৈছিল৷
আচলতে তেওঁ সেই বিষয়ে ক’বহে খোজা নাছিল নেকি বাৰু ? তাই আকৌ মন দিলে মানুহগৰাকীৰ কথাত৷
“...এমপেথি টুৱাৰ্ডছ
দ্য পুৱাৰ, দ্য নিডি ইজ ডিভাইন৷ কিন্তু সকলো
কথাৰে দুটা দিশ আছে৷ আশী বা নব্বৈ বছৰ বয়সৰ বৃদ্ধসকলৰ সন্তানসকলো ডেকা নহয়৷ দে আৰ আণ্ডাৰ
মাল্টিপল প্ৰেছাৰ৷ নিজৰ চাকৰি, সন্তানৰ কেৰিয়াৰ, নিজৰ স্বাস্থ্য, অৰ্থ-সম্পত্তিৰ পাছত
অহৰহ দৌৰিব তেওঁলোকো লাগে ...”
“বাট মেডাম আৱাৰ
ট্ৰেডিশ্বন হেজ টট আছ টু বি ৰেছপেক্টফুল টুৱাডচ দ্য ওল্ড ....”
শিখা চাদ্দাই দীপা
মিশ্ৰৰ কথাৰ মাজত মাত দিলে৷
“আই হেভ নট ফিনিশ্বড
মাই পইণ্ট ম্যাম৷ মই এইটো ক’ব খোজা নাই যে আমি বৃদ্ধ পিতৃ মাতৃৰ যত্ন ল’ব নালাগে৷ কিন্তু
তাকে কৰিবলৈ যাওঁতে এটা আৱেগিক বাতাবৰণ সৃষ্টি কৰাৰ কোনো মানে নাই৷
লাইফ কেৰিয়াৰ, টাইম
এনাৰ্জি অব দ্য মিডল এজেড জেনেৰেচন ইজ অলছ’ ইকুৱেলি ইম্পৰটেণ্ট৷ ইভন ম’ৰ প্ৰেচিয়াছ৷
সেয়ে ইনষ্টিটিউশ্বনেল কেয়াৰ প্ৰম’ট কৰাটোহে অধিক প্ৰয়োজনীয়৷ মানুহৰ মানসিকতা সলনি কৰা
এটা দীঘলীয়া আৰু জটিল প্ৰক্ৰিয়া৷”
কেইবাগৰাকীয়েও মাত মাতিলে এইবাৰ৷ সভাগৃহত থকা এজন অৱসৰপ্ৰাপ্ত বিচাৰপতিয়ে দীপা মিশ্ৰৰ কথা ডেনজাৰাছ বুলি ক’লে৷ কিন্তু ছাইৰঙী আকাশ খণ্ড অবিচল৷ এইবাৰ দুগুণ প্ৰতীতিৰে তেওঁ ক’বলৈ ধৰিলে -
“মই কেৱল দুখী-দৰিদ্ৰখিনিৰ কথাই ক’ব খোজা নাই৷ দেয়াৰ ইজ এ ভেৰী স্মল পাৰ্চেণ্টেজ এমং দ্য এণ্টায়াৰ পপুলেশ্বন হুজ নলেজ এণ্ড এক্তিভিটিজ কণ্ট্ৰিবিউট টু দ্য গ্ৰেটাৰ নীড অব দি ছ’চাইটী৷ সমাজৰ সেই অংশটোৰ প্ৰতি কেতিয়াবা আমি অধিক জাজমেণ্টেল হৈ পৰোঁ৷ মোৰ কথাই হয়তো সমাজৰ এটা সৰু অংশক প্ৰতিনিধিত্ব কৰে৷ বাট দ্যেট পৰশ্বন ইজ দ্য ডাইনামিক পৰশ্বন অব দ্য ছ’চাইটী৷”
দীপা মিশ্ৰৰ কথাতো
আৱেগ আছিল৷ কিন্তু লগতে আছিল অভাৱনীয় নিয়ন্ত্ৰণ৷ সন্ধিয়া লাগি আহিছিল৷ সেইবাবে আলোচনা
সিমানতে সামৰি আয়োজকৰ ফালৰপৰা সকলোকে ধন্যবাদ জনালে৷ চাহৰ টেবুলত নৱনীতাৰ চকুৱে দীপা
মিশ্ৰক বিচাৰি ফুৰিলে৷ কিছু আঁতৰত খালী চাহৰ কাপটো ডাষ্টবিনত পেলাই তেওঁ যাবলৈ ওলাইছে৷
নৱনীতাই নিজৰ চাহৰ কাপটো টেবুলতে থৈ নিজেও ওলাই গ’ল৷
পুৱাৰ ভাগত শাৰী
পতা ঠাইতে দীপা মিশ্ৰ ৰৈ কাৰবালৈ ফোন লগাইছে৷ নৱনীতা কাষেৰে পাৰ হৈ যাওঁতেও গম নাপালে৷
কিন্তু গেটৰ বাহিৰত ৰৈ উবেৰ বুক কৰিবলৈ লওঁতেই তেৱোঁ গৈ সেইখিনি পালেগৈ আৰু নৱনীতালৈ
চাই হাঁহি ক’লৈ যাব সুধিলে৷
“আপুনি মোৰ লগতে
যাব পাৰিব৷ মই ৱসন্তকুঞ্জলৈ যাওঁতে আছাম হাউছ বাটতে পৰিব৷”
বগা ইন’ভাখন চকুত
তেতিয়াহে চকুত পৰিল নৱনীতাৰ৷
“আপোনাৰ অবজাৰভেশ্বন
ঠিকেই আছিল৷ মিডল ক্লাছ ফেমিলিত এইটো সমস্যা নথকা নহয়৷ কিন্তু তেওঁলোকে বুজিবহে পৰা
নাই৷”
গাড়ীত বহি লোৱাৰ
পিছত প্ৰথম তায়েই আৰম্ভ কৰিলে৷
“পৰা নাই নহয়৷ বুজিব খোজা নাই৷ কিছুমান ষ্টেৰিঅ’টাইপড ধাৰণা লৈ মানুহক উপৰুৱা আৱেগৰ যোগান ধৰাটো মুঠেই টান নহয়৷ আমাৰ ইয়াত বৃদ্ধাশ্ৰমৰ ধাৰণাটোক এনেকৈ ধিক্কাৰ দিয়া হয় যেন বৃদ্ধাশ্ৰমত কেৱল কুলাংগাৰ পুত্ৰৰ পিতৃ-মাতৃহে থাকে৷ কিন্তু যদি আপোনাৰ দুয়োটা সন্তানেই বাহিৰত থাকে? বা নহলে আৰ্মীত চাকৰি কৰা হয়? একচুৱেলি ফেলাচি ৱাজ ক্ৰিয়েটেদ বাই আৱাৰ স্ক্ৰিপচাৰছ৷ আগৰ দিনৰ কথা বেলেগ আছিল৷ আমাৰ জেনেৰেশ্বনটোৰ প্ৰায় সকলোৱেই নিজৰ গাইগুটিয়া উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়ে৷ সেয়ে ছ’চিয়েল এথিকচবোৰো মই ভাবো সলনি হ’ব লাগে৷ প্ৰতিজন পুত্ৰইতো একোজন ব্যক্তি৷ তেওঁলোকৰ জীৱন সমাজৰ বাবেও, নিজৰ বাবেও৷ পুত্ৰ-কন্যা স্বাৰ্থপৰ হলে লিটাৰেশ্বাৰ, মুভি, মিডিয়া গছিপ সকলো মুখৰ হৈ পৰে৷ কিন্তু যেতিয়া পেৰেণ্টচ স্বাৰ্থপৰ হয়, তেতিয়া সন্তানৰ জীৱন দুৰ্বিষহ হোৱাই নহয়, ছ’চাইটী চাফাৰচ৷ আমি ইনষ্টিটিউশ্বনেল কেয়াৰ বা অ’ল্ড এজ হ’মক কেতিয়াও নেতিবাচক দৃষ্টিৰে চোৱা উচিত নহয়৷ এইবিলাকৰ প্ৰয়োজন আছে৷”
“বুজিছোঁ৷”
“আপোনাৰ এন. জি. অ’ ৰ যোগেদি এনে ধৰণৰ পজিটিভ বাৰ্তা প্ৰেৰণ কৰক৷ তাৰ ফলত ফেমিলি ক’ৰ্টৰ কে’ছবোৰো কমি যাব৷ বাহিৰৰ উন্নত দেশবোৰত বৃদ্ধলোকৰ বাবে ডে’ কেয়াৰ হ’মৰো ব্যৱস্থা আছে৷ লেট দেম পাছ দেয়াৰ টাইম হেপিলি ৱিদাউট ৰুইনিং আদাৰছ টাইম এণ্ড কমফ’ৰ্ট৷”
“ভাবিম মই এই বিষয়ে৷”
দীপা মিশ্ৰই নৱনীতাৰ
ফোন নম্বৰ সুধিলে৷ নৱনীতাই ক’লে আৰু তেওঁৰ নম্বৰ ছেভ কৰিবলৈ নিজৰ ফোনটো উলিয়ালে৷
“ৰ’ব মই আপোনাক ৰিং
কৰি আছোঁ৷”
তেওঁৰ ৰিংটো অহাৰ
লগে লগেই নবনীতাৰ স্ক্ৰীনত ভাঁহি উঠিল এটা নাম
‘ৰাজশেখৰ মিশ্ৰ’
“ৰাজশেখৰ মিশ্ৰ মোৰ
হাজবেণ্ডৰ নাম৷ তেওঁ যোৱাৰ পাছত এইটো ফোন মই ইউজ কৰি আছোঁ৷ আজি নমাহ আগতে তেওঁ একেবাৰে গ’লগৈ৷”
“বৰ দুখ পালোঁ শুনি৷
কিবা দুৰ্ঘটনা নে অসুখ বাৰু? বেয়া নাপাব সোধা বাবে৷ মানে তেখেতৰতো বয়স নিশ্চয় হোৱা
নাছিল?”
“ছাপন্ন বছৰ হৈছিল
মাত্ৰ৷ অফিচ, ঘৰ, সামাজিক অনুষ্ঠান সকলোতে সক্ৰিয়, সকলো সময়তে হাঁহি আৰু কথাৰে ৰজনজনাই
থকা স্বভাৱৰ আছিল৷ কিন্তু দীঘলীয়া সময় ধৰি ডায়েবেটিক আছিল বাবে কিছু নিয়ন্ত্ৰণত থাকিব
লাগিছিল৷ সেইখিনি পালন কৰি আছিলও৷ “
ছাইৰঙী আকাশখণ্ডই
নৱনীতাৰ ফালে দৃষ্টি ঘুৰালে৷ গাড়ীত উঠিয়েই তেওঁ চশমাযোৰ মূৰৰ ওপৰলৈ তুলিছিল৷ নৱনীতাই
মন কৰিলে মানুহগৰাকীৰ দুই চকুৰ তলখিনি অদ্ভূতভাৱে ক’লা৷ হয়তো বিগত ন মাহৰ প্ৰতিটো দিনেই
তেওঁ কান্দিছে৷
“মইনো আপোনাক কি
কম? আপোনাৰ এটা শক্তিশালী সামাজিক পৰিচয় আছে৷ নিজা কৰ্মসূচী আছে৷ সময়ে আপোনাক শান্তি
দিব৷”
“ৰায়পুৰতেই আমাৰ দুয়োৰো অফিচ৷ এওঁলোকৰ ঘৰ আছিল কিছুদূৰৰ বিলাসপুৰত৷ মাক-দেউতাক, ভায়েকৰ পৰিয়াল তাতেই থাকে৷ ওচৰতে ভনীয়েকৰ পৰিয়ালো থাকে৷ দেউতাকৰ ছয়াশী বছৰ বয়স৷ ৰিটায়াৰ্ড চৰকাৰী বিষয়া৷ পেনচন পায়৷ আমিও খা-খবৰ লৈয়েই থাকোঁ৷ অসুখ হৈছিল বাৰ্ধক্যজনিত৷ বিলাসপুৰৰ হস্পিটেলত দেখুৱাই আছিল৷ এওঁ গৈ লৈ আহি ৰায়পুৰৰ দামী প্ৰাইভেট হস্পিতেল এখনত ভৰ্তি কৰালে৷ লগতে মাকো আহি আমাৰ লগত থাকিবলৈ ল’লে৷ ইফালে মোৰ অফিচত অডিট চলি আছে৷ সৰু ছোৱালীজনীৰ ফাইনেল ছেমেষ্টাৰ৷ মই চকুৰে ধোঁৱা-কোঁৱা দেখিলো৷ মোৰ আটাইতকৈ ভয় হল এওঁ হস্পিটেললৈ অহা-যোৱাক লৈ৷ কাৰণ ক’ভিডৰ পাছৰপৰা হস্পিটেলবোৰ প্ৰ’ন টু ইনফেকশ্বন হৈ পৰিছিল৷ আৰু এওঁ ডায়েবেটিক হোৱাৰ লগতে ক্ৰ’নিক কিডনী প্ৰব্লেম৷ ঘৰৰ বাকীবোৰে সকলো এওঁলৈ এৰি দিলে৷ মাকে হস্পিটেললৈ যাব খোজে৷ অকলে নাযায়৷ অফিচৰ নানানটা ব্যস্ততাৰ মাজত এওঁ লৈ লৈ যাব লাগে৷ নিজে দৰৱ পাতি সময় মতে খাব নোৱাৰা হ’ল৷ আমি দুয়ো আচলতে ভীষণ ষ্ট্ৰেচত ভুগিছিলোঁ৷ মই তেওঁৰ যত্ন এনেয়ে যেনেকৈ লৈছিলোঁ তেনেকৈ ল’ব নোৱাৰা হলোঁ৷ কথাই কথাই আমাৰ এজনৰ আনজনৰ ওপৰত খং উঠিবলৈ ধৰিলে৷ এৱোঁ বুজি পাইছিল যে মোৰ কষ্ট হৈছে সকলো চম্ভালা৷ কিন্তু কি কৰিব ? এদিন ছয়াশী বছৰীয়া দেউতাক ভাল হৈ আহিল৷ আৰু এওঁৰ ডেংগু ধৰা পৰিল৷”
“অস স! ” মোৰ মুখেদি
স্বতঃস্ফূৰ্তভাৱে ওলাল৷
দুদিনমান খং উঠি
মই এওঁক ভালকৈ মতাই নাছিলো৷ তেওঁৰো মোৰ ওপৰত খং উঠা বুলি ভাবিছিলোঁ৷ আচলতে খুব দুৰ্বল
হৈ আছিল৷ সন্ধিয়া সাতমান বজাত আহি দেখোঁ এওঁ শুই আছে৷ দুপৰীয়াৰ খোৱা তেনেদৰেই আছে৷
গাটো গৰম৷ সেইদিনা জ্বৰৰ দৰৱ দিয়াৰ পাছতো ভাল নাপালে৷ পাছদিনা হস্পিতেললৈ নিলোঁ৷ যিখন
হস্পিতেলত ছয়াশী বছৰীয়া দেউতাক দুদিন আগতে ভাল হৈ আহিছিল তাতেই পোন্ধৰদিন থাকি ছাপন্ন
বছৰীয়া পুতেক গুচি গ’লগৈ৷”
ছাইৰঙী আকাশখনত যেন
ডাৱৰবোৰ ওন্দোল খাই পৰিব৷
“ইটছ ছ’ ছেড মেম৷
আই কেন আণ্ডাৰষ্টেণ্ড য়’ৰ পেইন৷ বাট ...,.”
“হিজ ৱাজ এ প্ৰেচিয়াচ লাইফ৷ এণ্ড দেট প্ৰেচিয়াচ লাইফ ইজ লষ্ট ফৰ অল দিজ ফেলাচিয়াচ ছ’চিয়েল এথিকছ৷ আমাৰ পৰম্পৰাই এটা প্ৰজন্মক নিজৰ সফলতাৰ আস্বাদ ল’বলৈ দিয়া নাই৷”
ছাইৰঙী চকুযোৰ পুনৰ
মোৰ ফালে ঘুৰিল৷ মই বুজি পালোঁ কোনো কথাৰেই মই দীপা মিশ্ৰক বুজনি দিব নোৱাৰোঁ৷ কলিজাৰ
দগদগীয়া ঘাঁ টুকুৰা তেওঁ আমৃত্যু কঢ়িয়াই ফুৰিব৷
***