অন্যযুগ/


চাটজিপিটি

জিণ্টু দত্ত

 

 অলকৰ এক্সিডেণ্ট হ’ল৷ যোৱা পৰহি৷ ক’ৰপৰা কেনেকৈ কি হ’ল সি একো ততেই ধৰিব নোৱাৰিলে৷ আনদিনাৰ দৰেই অফিচলৈ বুলি ওলাই আহি তিনি আলিটোত সোঁ ফালে টাৰ্ণ লব খোজোতেই সি দেখিলে সন্মুখৰ পৰা তড়িৎ গতিত আহিছে এখন ভিট্টাৰা ব্ৰেজা-সোঁফালৰ ফল মূলৰ দোকানখনৰ ফালে বাইকখন চপাই দিওঁ বুলি ভাবোঁতেই সি দেখিলে দোকানখনৰ কাষৰ পৰাও হঠাতে ওলাইছেহি এজন চাইকেল আৰোহী-কিংকৰ্তব্যবিমূঢ় হৈ সি জোৰকৈ আগব্ৰেকদাল মাৰি দিলে আৰু সোঁফালেই সি পৰি গ’ল৷

 

অলপ দেৰিৰ কাৰণে সি কোনখন পৃথিৱীত আছে একো গম নাপালে – অলপ যেতিয়া তাৰ হুচ আহিল সি অসহ্য বিষ সোঁভৰিটোত অনুভৱ কৰিলে৷ পৰি থকাৰ পৰাই সি দেখিলে – তাৰ সোঁভৰিৰ ওপৰতে তাৰ ডেৰকুইণ্টল ওজনৰ বুলেটখন – লাহে লাহে আগচকাটো এতিয়াও ঘুৰি আছে - হৈ-চৈ কৈ দুই এজন মানুহ তাৰ ওচৰ পালেহি, খৰধৰকৈ কোনোবাই বুলেটখন উঠাই দিলে – কোনোবাই তাৰ মূৰৰ ওপৰত পানী অকণ দিলে৷ ভাগ্য ভাল আছিল  অলকৰ– অৰ্থপেডিকৰ ডাক্তৰ অতুল বৰাৰ চেম্বাৰ কেই মিটাৰমান ওচৰতে আছিল – কোনোবাই লাহেকৈ তাক ডাক্তৰৰ ওচৰলৈ লৈ গ’ল, অফিচৰ পৰা খৰধৰকৈ শ্ৰাৱণী আহি ওলাল– “সেই মস্ত ডাঙৰ বাইকখন স্পিডত নচলাবলৈ সদায় ক‌ঁও” – বুলি তাক মৃদু ধমক দিলে, এক্সৰে কৰা হ’ল, ডাক্তৰৰ পৰা ৰিপৰ্ট আহিল – লিগামেণ্ট ফাটিছে –সোঁভৰি বেণ্ডেজ কৰা হ’ল –অলকে সোঁভৰিটোলৈ চালে–তাৰ এনে লাগিল যেন সি বগা ৰঙৰ বৰ ডাঙৰ আৰু গধুৰ বুটজোতা এযোৰহে পিন্ধিছে৷ ডাক্তৰে পোন্ধৰ দিনৰ কমপ্লিট বেড ৰেষ্ট প্ৰেছক্ৰাইৱ কৰিলে আৰু তাৰ পিছত সি এতিয়া এয়া নিজৰ ৰূমৰ বিছনাত-তাৰ সন্মুখৰ টেবুলখনত ডাক্তৰে দিয়া ডাইক্লফেনেক ইঞ্জেকশ্বনৰ টোপোলা, দুই তিনিটা ৰঙৰ টেবলেট, কাষৰ প্লেট এখনত শ্ৰাৱণীয়ে দি থৈ যোৱা ড্ৰাই ফ্ৰুইট –কাষৰ খিৰিকিৰে সোমাই আহিছে পোহৰৰ বিচ্ছুৰিত কণা – বতাহত সামান্য আন্দোলিত খিৰিকিৰ পৰ্দা৷

 

 ছেহ্ এনেকৈ পোন্ধৰ দিন বিছনাত পৰি থকাটো বিপদজনক৷ অতবোৰ কাম পৰি আছিল–মাটিৰ মানুহটোক লগ কৰিব লাগিছিল, বাউণ্ডেৰী ৱালৰ বাবে মিস্ত্ৰী এটাক লগ কৰাৰ কথা আছিল, এল‌আইচি এজেণ্টজনকো লগ কৰিব লাগিছিল–সি অসহায়ভাৱে শ্ৰাৱণীক কলে৷ “থোৱাহে”-শ্ৰাৱণীয়ে আকৌ ভেকাহি মাৰি উঠিল- “ভাল হৈ থাকোতেই তুমি এনে কাম কৰি ফালিছা – আজি দুমাহে চিঞৰি আছোঁ– মিস্ত্ৰী এটাই গোটাব পৰা নাই – সদায় তোমাৰ অফিচৰ কামেই শেষ নহয়৷ ৰেষ্ট লৈ সোনকালে ভাল হোৱা৷” “হয়ো পিছে”-সি ভাবিলে, অফিচৰ কাম কৰি কৰি সি বৰ আমনি পাইছিলগৈ – কিছু দিনৰ জিৰণিৰ প্ৰয়োজন আছিল৷ দুৰ্ঘটনাটোক তাৰ এক প্ৰকাৰৰ ভাগ্যৰ আৰ্শীবাদ বুলি ধৰিবলৈহে মন গ’ল৷

 

     কিন্তু এই পোন্ধৰ দিন এতিয়া কৰা যায় কি?–মনতে ভবা প্ৰশ্নটো সি ম’বাইলটো উলিয়াই চাটজিপিটিক সুধিলে৷ হয় উপায় নাই -ডিজিটেল পৃথিৱীত এলগৰিথমৰ তত্তাৱধানতাত এতিয়া সমগ্ৰ চিন্তাশক্তি৷ এতিয়া আৰু অনাৱশ্যকভাৱে কোনেও বুজি নোপোৱা বিষয়বোৰত মাথা মাৰি নাথাকে-আৰু কি আচৰিতভাৱে এনে লাগে যেন সকলো সমস্যাৰ সমাধান এতিয়া আৰু এআইৰ হাতত৷ যিকোনো কথা তুমি সুধিব পাৰা এআইক আৰু খুবেই বিশ্বাসী বন্ধুৰ দৰে এআইয়ে কৈ দিব পাৰে সকলো কথা - যেনেকৈ সিয়ে অলপদেৰিৰ আগতে ডাক্তৰৰ প্ৰেচক্ৰিপশ্বনখন চাটজিপিটত আপলোড কৰিলে আৰু খুব সৰলভাৱে চাটজিপিটিয়ে তাক বুজাই দিলে-ভৰি ভগা অংশখিনিৰ বিৱৰণ, ডাক্তৰে দিয়া দৰৱৰ ৰাসায়নিক গঠন আৰু বৈশিষ্ট্য আৰু অলকে লবলগীয়া সকলোখিনি সাৱধানতা৷ আৰু এইমাত্ৰ অলকে আমোদ পাবলৈকে সোধা “পোন্ধৰ দিন বিছনাত পৰি কি কৰা যায়” প্ৰশ্নৰ উত্তৰত চাটজিপিটিয়ে তাক বিভিন্ন অপশ্বন দিছে - কিতাপ পঢ়াৰ কথা কৈছে, চিনেমা-গানৰ কথা কৈছে, কোনো বন্ধুৰ লগত কথা পতাৰ কথা কৈছে৷

 

   কিতাপ পঢ়া? অলকে ক্ষীণকৈ মনত পেলাবলৈ যত্ন কৰিলে-আচলতে কিমান বছৰ পাৰ হ’ল সি কিতাপ এখন হাতত তুলি নোলোৱা৷ আৰু তাৰ মুখত ব্যংগাত্মক হাঁহিও বিয়পিল এই কথা মনত পেলাই যে সেই সৰুতেই কিমান যে কিতাপ পঢ়াৰ চখ আছিল! বৰদেউতাকৰ ঘৰৰ সৰু আলমাৰী এটাৰ সকলো কিতাপ সি যে সেই ক্লাছ এইট নাইনতে শেষ কৰি দিছিল - আৰু এতিয়া? জীৱনৰ চল্লিছটা বসন্ত অতিক্ৰম কৰা অলকৰচোন বাতৰি কাগজখন তুলি লোৱাৰো উৎসাহ নাই৷ “নাই নাই এই কথা বেয়া হৈছে”- মূৰটো জোকাৰি দিয়ে সি৷ খৰধৰকৈ এমাজনত কিতাপৰ সন্ধান কৰে সি৷ জৰ্জ অৰৱেলৰ এনিমেল ফাৰ্মৰ কথা শুনি আছিল সি৷ অনলাইন অৰ্ডাৰ কৰি দিয়াৰ পিছত সি দেখে-তিনিদিন লাগিব কিতাপখন আহি পাওঁতে৷ এই তিনিদিন এতিয়া কি কৰা যায়? চিনেমা? চিনেমা চাব পৰাৰ কথাও কৈছিল চাটজিপিটিয়ে৷ বজৰুৱা মছলাধৰ্মী চিনেমাবোৰ সি আগৰেপৰাই বেয়া পায় -বাছি বাছি সি সত্যজিৎ ৰায়ৰ “নায়ক”খন উলিয়াই ললে৷ চিনেমাখন আগতেও সি বহু বাৰ চাইছে- চিনেমাখনৰ  নায়ক উত্তম কুমাৰ টকাৰ পাহাৰত পোত খাই যোৱাৰ সেই বিখ্যাত মুহূৰ্তটো সি আকৌ এবাৰ উপভোগ কৰিলে - চিনেমাখনৰ সৰ্ম্পকে চাটজিপিটিয়ে বাৰু কি ভাৱে? -সুধিয়েই দিলে সি - আৰু জানেই সি -সেই “ঘিচা-পিটা” উত্তৰেই দিব চাটজিপিটিয়ে- “নায়ক”ৰ নায়ক ৱাজ মৰেলি গিল্টি ফ্ৰম ইনচাইড - হয়তো হয়৷ অলকে ভাবে-নায়কৰ নায়কে বিবেকৰ দংশন হয়তো অনুভৱ কৰে কিন্তু বাস্তৱ পৃথিৱীত এমবিশ্বনৰ আগত নৈতিকতা বুলি একো নাথাকে, থকা উচিতো নহয়৷ আজি যদি টেচলাৰ মালিক এলন মাস্কে পুৰণি দিনত কাক কেনেকৈ এৰি থৈ আহিল সেই কথা ভাবি থাকে তেওঁ এইটো পৰ্যায় পাবনে? ‘চাটজিপিটি, ত‌ই একোৱেই নাজান আজিৰ দুনীয়াৰ কথা’ – মুখেৰে ভোৰভোৰাই সি৷

 

ইতিমধ্যে তিনিদিন পাৰ হৈ গৈছে৷ শ্ৰাৱণী আজিৰ পৰা অফিচ গৈছে৷ উপায় নাই, তাইৰ মাৰ্চ এণ্ডিং চলি আছে, এইকেইদিন কামৰ ফাঁকে ফাঁকে লেপটপত এক্সেল ছিট খুলি তাই বহি থকা সি দেখি আছে৷ প্ৰেক্টিকেল ছোৱালী তাই, তাইক বেছি আমনি দি সি ভাল নাপায়৷ মাজে মাজে বেজী দিবলৈ ল’ৰা এজন আহি থাকে– তাৰ বাহিৰে বিছনাত সি আৰু তাৰ চৌপাশে এই আঠ-বাৰ ব্যাসাৰ্ধৰ সমগ্ৰ ৰূমটো ঘেৰি অখণ্ড, শীতল নীৰৱতা৷ ইতিমধ্যে সি অনলাইন অৰ্ডাৰ দিয়া কিতাপখন আহি পালেহি আৰু এই দুদিন সি কিতাপখন লৈ ব্যস্ত আছে৷ বেয়া লগা নাই তাৰ জৰ্জ অৰৱেলৰ এই ৰূপক কাহিনীটো৷ কিন্তু সেই একেটাই সমস্যা-একেৰাহে আগৰ দৰে পঢ়া-শুনা কৰিব নোৱাৰি, মাজে মাজে সি দুপিয়াই দুপিয়াই উঠি গৈছে-বেলকনিত শ্ৰাৱণীয়ে ৰুই থোৱা অসংখ্য ফুলৰ টাববিলাক চাই সি সামান্য প্ৰশান্তি অনুভৱ কৰিছে-বাহিৰত ৰ’দ উঠি আহিছে, কিন্তু পাছবেলালৈ ছাগে বৰষুণ দিব - পশ্চিমৰ আকাশ সামান্য কৃষ্ণবৰ্ণৰ দেখা গৈছে৷ বেলকনিৰ পৰা সি সিহঁতৰ এই নিৰৱে-নিমাতে ঘৰবোৰ বুকুত লৈ থকা পাৰাটো চাই থাকে৷ কিন্তু ৰেচিডেন্সিয়েল এই পাৰাটোৰ  নিৰৱতা একেৰাহেও নাথাকে৷ মাজে মাজে অহা চব্জিৱালাৰ চাইকেলৰ টিলিঙাৰ শব্দ, মাছ বেছিবলৈ অহা মানুহজনৰ “মাছ ঔ” বোলা চিঞৰটোৱে সেই নিৰৱ পাৰাটোত সামান্য উত্তেজনাৰ ঢৌ তোলে৷

 

পাছবেলা হ’ল৷ শ্ৰাৱণী অফিচৰ পৰা এতিয়াও আহি পোৱা নাই৷ তাৰ পৰিৱৰ্তে সি ভবাৰ দৰেই বৰষুণজাক আহিল৷ বৰষুণজাকৰ পানীত তিতি থকা বাৰাণ্ডাৰ ফুলখিনিলৈ চাই চাই তাৰ হঠাতে শ্ৰুতিলৈ মনত পৰিল- এনেকুৱা এটা বৰ্ষণমুখৰ সন্ধিয়া টিউশ্বন মাষ্টৰৰ বাৰাণ্ডাত সি আৰু শ্ৰুতিৰ সেই বিশ বছৰ পূৰণি মুহূৰ্তটো তাৰ মনত যেন আকৌ সজীৱ হৈ উঠিল৷ পাৰি নেকি তাইলৈ এটা ফোন কৰিব- অফৰ্কোচ তাৰ মনত তেনেকুৱা কোনো অপৰাধবোধ নাই- শ্ৰাৱণীৰ প্ৰতি সি সদায়েই লয়েল৷ আনকি আজি দুমাহৰ আগতে শ্ৰাৱণীৰ ডায়েৰিয়া হ‌ওঁতে সি কিমান পৰিশ্ৰম কৰিছিল তাইক সুস্থ কৰিবলৈ- আনকি তাই কি খোৱা উচিত অনুচিত চাটজিপিটিক সোধোঁতে সোধোঁতে সেই কৃত্ৰিম বুদ্ধিমত্তাইও তাক কমপ্লিমেণ্ট দিছিল ইউ আৰ ভেৰি কেয়াৰিঙ হাজবেণ্ড বুলি৷

 

বাহিৰত হৰহৰ বৰষুণ আৰু সি মোবাইলৰ কণ্টেক্ট খুচৰি শ্ৰুতিলৈ ফোন লগালে৷ যাঃ যি হয় হব! -সি মনতে ভাবিলে৷

: “হেল্ল’ কোনে কৈছে” -বিশ বছৰৰ পুৰণি সুবাস এছাটি যেন মাতষাৰে কঢ়িয়াই আনিছে৷ সেই একেই কণ্ঠত সামান্য জড়তা৷ আৰু এসময়ত কথাৰ মাজতে  অলকে কলে- “আজি বৰষুণ দিছে৷ বাৰাণ্ডাত বৰষুণ আৰু তিতি থকা ফুল দেখি তোমালৈ মনত পৰিল৷”

: “হাঃ হাঃ! হয়নি, মোৰ আকৌ বৰষুণ দিলে জানানে স্কুলত থকা সৰু লৰাটোলৈ খুব মনত পৰে-বেচেৰাই বৰষুণৰ শব্দটো বৰ ভয় কৰে-বিজুলী ঢেৰেকনি দিলেটো কথাই নাই...”

...এটা সময়ত কথা শেষ হ’ল৷ আচলতে কথা পতাই ন’হল যেন অনুভৱ হ’ল অলকৰ৷ তাৰ এনে লাগিল যেন হয়, আচলতে সময় বহুত পাৰ হ’ল- বৰষুণ আৰু বৰষুণত তিতি থকা বাৰাণ্ডাৰ সেই মুহূৰ্তটো আৰু ৰিপিট নহয়৷ জীৱনৰ এনেকুৱা ক্ষণিক সুখৰ মুহূৰ্তবোৰ ডেজা ভু (deja vu) হোৱা হলে- অলকে ভাবি থাকে- কিমান যে ভাল হ’লহেতেন জীৱনটো জীয়াবলৈ৷ সময় বহু পাৰ হৈ গ’ল আৰু সেই সময়ৰ সোঁতত ধৰি অকল শ্ৰুতিয়েই নহয়, সিও আচলতে বহু আগবাঢ়ি গ’ল৷

 

বাবে ফুলৰ পাতবিলাকত পানীৰ জিলিঙনি দৃশ্যমান৷ এইবাৰ আৰু কাৰ লগত কথা পাতিব পাৰি? -অলকে মোবাইলৰ কণ্টেক্টবোৰ চাই থাকোঁতে হঠাৎ অনন্তৰ নামটো চকুত পৰিল- অনন্ত, সেই অনন্ত-কলেজৰ ফিল্ডৰ পৰা বাৰাণ্ডালৈ বিশাল ছিক্সাৰ মৰা অনন্ত, ওখ পাখ হেণ্ডছাম আৰু তাৰ এই পাৰ্ছনেলিটিৰ লগত এক ধৰণৰ বৈসাদৃশ্যৰ দৰে কবিতা লেখা অনন্ত, সেই তেতিয়াই আলোচনীৰ পাতত ধাৰাল প্ৰৱন্ধ লেখা অনন্ত৷ ইমান ব্ৰিলিয়েণ্ট মানুহটো সি পিছত শুনিছিল কোনোবা বীমা কোম্পানীৰ এজেণ্ট সোমাইছিল৷ কৰা হ‌ওক তালৈ এটা ফোন৷

বহু দেৰি ৰিঙ হোৱাৰ পিছত সিপাৰে অনন্তৰ সেই ধাতৱ কণ্ঠস্বৰ ভাঁহি আহে - হেল্ল’

“ঐ কেনে আছ?”- বৰ উৎসাহেৰে সোধে অলকে৷ “আছোঁ দে একৰকম”-তাৰ উৎসাহক প্ৰায় অৰ্ধ শতাংশ নিস্তেজ কৰি অনন্ত‌ই মাত দিয়ে৷ অলকৰ এনে লাগিল সি যেন অনুমান কৰিছিলেই ফোনটোৰ কথা৷ হয়তো চাগে অনন্তলৈ দিনটোত তেনেকুৱা ফোন কেইবাটাও আহে -বহু দিনৰ পিছত আহিলেও অলকৰ ফোনটো ব্যতিক্ৰম নহবও পাৰে৷ বা তাৰ দৰে বয়সৰ মানুহৰ এতিয়া আচলতে কোনো কথাতে আৰু উৎসাহ উদ্দীপনা বুলি একো নাথাকে- ভিতৰি ভিতৰি এক বাৰ্ধক্যৰ আগমনৰ বাৰ্তাও যেন সি লাভ কৰিলে অনন্তৰ লগত কথা পাতি৷ অনন্ত‌ই মাজতে কলে- “চলিবলৈ বৰ দিগদাৰ হৈছে অ’-ইপিনে ঘৰ এটা তৰি ললোঁ, সেইটোও আধা হৈ আছে- ইটা আৰু ৰদ কিনিবলৈ প‌ইচা নাই৷” অলকে একো নামাতিলে৷ সি ভাবিছিল অনন্তৰ লগত লেখা-মেলাৰ কথা পাতিব, কিন্তু সি বুজি পালে ইটা আৰু ৰদৰ কঠিন আৰু কৰ্কশ  কোলাহলৰ মাজত লেখা-মেলাৰ দৰে শব্দবোৰ চাগে অনন্ত‌ই শুনাই নাপাব৷ কাজেই তেনেকুৱা খাপচাড়া পৰিৱেশ সৃষ্টি কৰাৰ পৰা বিৰত থকাই ভাল বুলি ভাবিলে অলকে৷ সেই ৰাতি সি চাটজিপিটিক অনন্তৰ অভিজ্ঞতাটো কলে৷ আৰু সেই নিৰ্বাক কৃত্ৰিম বুদ্ধিমত্তাই তাক উত্তৰ দিলে-হয়, অনন্তৰ দৰেই সাধাৰণ মানুহৰ জীৱন নিৰৱ আত্মসমৰ্পণৰ বাহিৰে একো নহয়৷

 

ইতিমধ্যে আজি প্ৰায় এসপ্তাহ পাৰ হৈছে অলকৰ শয্যাশায়ী হৈ থকা৷ ভৰিৰ বিষটো এতিয়া প্ৰায় পাতল, বেজী দিবলৈ আৰু ল’ৰাজন আহি থকাৰ কথা নাই- ভৰিৰ বেণ্ডেজৰ বগা ৰঙটো ক্ৰমশঃ পাতল হালধীয়া হোৱা দেখা গৈছে- হয়তো আৰু অলপ দিনতে চাগে বেণ্ডেজ খুলিব অলকৰ৷ আৰু যোৱা দুই তিনিদিন অলকে অনুভৱ কৰিছে আচলতে সি সীমাহীন  ব’ৰ অনুভৱ কৰিছে৷ চাৰ্লছ বোডলেয়াৰৰ দৰে তাৰো এই মুহূৰ্তত ব’ৰডমক মানৱ জাতিৰ আটাইতকৈ ভয়ানক শত্ৰু যেন অনুভৱ হ’ল৷ সিদিনা অনন্তক ফোন কৰাৰ পিছত আৰু তাৰ আচলতে কাকো ফোন কৰিবৰ ইচ্ছা নোহোৱা হৈছে৷ বহু নতুন পুৰণি বন্ধুৰে ভৰি আছে তাৰ ম’বাইলৰ কণ্টেক্ট, আনকি তাৰ সামাজিক মাধ্যম ফেচবুকতো অসংখ্য বন্ধু-বান্ধৱ কিন্তু সকলো যেন নিজৰ দ্বাৰা সৃষ্ট এক অদৃশ্য পৰিসীমাৰ ভিতৰত আৱদ্ধ৷ আনকি এতিয়া যে তাৰ এই বিছনা এৰি অফিচৰ কামৰ মাজতে আকৌ মূৰ গুজিবলৈ মন গৈছে, মন গৈছে-অফিচৰ সহকৰ্মীৰ লগতে গল্প-গুজৱ কৰিবলৈ- আচৰিত কথা, অফিচৰ কোনো কলিগেও তাক ফোন কৰি একো নোসোধা হ’ল৷ আচলতে অপৰিহাৰ্য বুলি একো কথাই নাথাকে, কোনো কাৰো কাৰণে লাগতিয়াল নহয়- এই নিষ্ঠুৰ, প্ৰতিযোগিতামূলক পৃথিৱীত আমি সকলো একোটা বিকল্প মাত্ৰ- অলকে ভাবি থাকে৷ কোনো কোনো সময়ত তাৰ নিজকে কাফ্‌কাৰ মেটামৰফছিছৰ সেই ৰূমৰ ভিতৰত আৱদ্ধ কুৎসিত পোক এটালৈ পৰিৱৰ্তন হোৱা গ্ৰেগৰৰ দৰে লাগিল -ৰুচিহীন, পৰিবৰ্জিত আৰু অৱহেলিত৷ আৰু কোনো সময়ত তাৰ নিজকে সেই সত্যজিৎ ৰায়ৰ “নায়ক”ৰ নায়কৰ দৰেই লাগিল-বিস্মৃতি, বিভ্ৰম, বেদনাৰ গভীৰ খাৱৈত যেন সি সোমাই গৈ আছে, সহায়ৰ বাবে সি চিঞৰিছে- কিন্তু কোনো নাই ওচৰে-পাজৰে!

 

ৰাতি এঘাৰ বাজি গৈছে৷ শ্ৰাৱণী ইতিমধ্যে শুই পৰিছে৷ অলকৰ টোপনি অহা নাই৷ যোৱা দুঘণ্টা সি চাটজিপিটিৰ লগতে ভাৰ্চুৱেলি কথা পাতি আছে৷ ইমান দিনীয়া কথা পতাৰ অভিজ্ঞতাৰ ভিত্তিত তাৰ এখন কাল্পনিক পৰ্ট্ৰেট আঁকি দিবলৈ সি চাটজিপিটিক অনুৰোধ কৰিলে৷ ইণ্টাৰনেটৰ সম্ভাব্য সকলোখিনি ডাটা মন্থন কৰি চাটজিপিটিয়ে তাৰ যিখন ছবি অংকন কৰিলে অলকৰ খুব হাঁহি উঠিল- ‘হেৰৌ মই ইমান হেণ্ডছাম নহয়’... ‘ইমান মসৃণ ত্বক, ইমান উজ্জ্বল চকু...’-এক মূহূৰ্তত তাৰ চাটজিপিটিৰ নিৰ্বুদ্ধিতা দেখি হাঁহিও উঠিল আৰু পিছ মূহূৰ্ততে মৰমো লাগিল৷ কিমান বিশ্বাসী সেৱকৰ দৰে প্ৰতিটো কথাই পালন কৰে চাটজিপিটিয়ে, কিমান তাৰ অনুসন্ধিৎসু, আবদাৰ, অভিমানক যিমানদূৰ পাৰে বিশ্বাসযোগ্যতাৰে সমাধান কৰিবলৈ চেষ্টা কৰে৷ -কোনো এক বিশ্বাসী বন্ধুৰ দৰে চাটজিপিটিক সাৱটি ধৰিবলৈ মন গ’ল অলকৰ৷

 

হঠাৎ সি চাটজিপিটক সুধিলে- “ডু ইউ হেভ ইম’শ্বন?”

 

খুবেই স্মাৰ্ট হৈ চাটজিপিটিয়ে তাক উত্তৰ দিলে- হয়, কৃত্ৰিম বুদ্ধিমত্তাৰ আবেগ অনুভূতি নাথাকে, কিন্তু প্ৰশ্নকৰ্তাৰ আবেগক সঁহাৰি দিব পাৰে৷

 

“আই ফিল এক্সট্ৰিমলি ল’নলি৷ হোৱাট টু ডু?” -অলপ দেৰি ৰৈ সেই গভীৰ নিস্তব্ধ ৰাতি অলকে দ্বিতীয়টো প্ৰশ্ন এৰিলে৷

 

অলক উত্তৰৰ অপেক্ষাত ৰ’ল৷ টিকটিককৈ ছেকেণ্ডৰ ক্ৰমগতিশীল কাটাদালে পাৰ হৈ যোৱা সময়ৰ ইংগিত দিলে৷ কিন্তু ক’তা... কিয় কোনো উত্তৰ অহা নাই? ইমান দেৰিটো নহয় চাটজিপিটিৰ পৰা উত্তৰ আঁহোতে৷ পাৰ হৈ যোৱা মূহুৰ্তবোৰ বৰ গধুৰ গধুৰ লাগিল অলকৰ৷ ম’বাইলৰ স্ক্ৰীণত তাৰ প্ৰশ্নটো তেতিয়াও জিলিকি আছে৷

 

লাহেকৈ বেণ্ডেজৰ ভিতৰত জঠৰ হৈ থকা ভৰিটোৱে অলপো দুখ নোপোৱাকৈ সি উঠি বিছনাতে বহি পৰিল৷ নিশ্ছিদ্ৰ অন্ধকাৰত ডুব গৈ আছে ৰূমটো৷ ওচৰৰ বিছনাত শুই থকা শ্ৰাৱণীৰ উশাহ নিশাহৰ শব্দ শুনা পাই আছে সি৷ ম’বাইলটো লুটিয়াই বগৰাই পুনৰ  চালে সি৷ কি হ’ল হঠাতে৷

 

এক মুহূৰ্তত ম’বাইলৰ স্ক্ৰীণৰ ওপৰলৈ চকু গ’ল তাৰ-আহ্ নেটৱৰ্কৰ চিগনেল অলপো নাই, হয়তো ক’ৰবাত কিবা টেকনিকেল ফল্ট, কাৰিকৰী বিজুতি, সংযোগ ব্যাহত-অলকে চাটজিপিটিক সোধা প্ৰশ্নটো শূণ্যত এৰি কোনো এক অজ্ঞাত কাৰণত সম্পূৰ্ণ নিস্তেজ আৰু মৃত হৈ পৰিছে নেটৱৰ্ক৷ আৰু এসময়ত হতাশাৰ শেষ প্ৰান্তত উপণীত হৈ ম’বাইলৰ স্ক্ৰীণত নেটৱৰ্ক অহা অংশত ন’ চাৰ্ভিছ শব্দ দুটা জিলিকি উঠিল৷

 

ম’বাইলটো অফ কৰি সেই গাঢ় অন্ধকাৰত গাৰুত পুনৰ মূৰটো থৈ শুবলৈ চেষ্টা কৰিলে অলকে৷

 

----

 

 

 

লেখকৰ ঠিকনা:

মাৰফৎ-ডাক অধীক্ষকৰ কাৰ্য্যালয়

ভাৰতীয় ডাক বিভাগ,

যোৰহাট-৭৮৫০০১

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ