জীৱন কিশোৰ
গল্পকাৰজনে
ভবাৰ দৰে এতিয়া গুৱাহাটীত বৰফ পৰা নাই৷ চেঁচা বতাহো বলা নাই৷ এতিয়া ইয়াত খৰাং পৰিছে৷
কাহিনীত সিক্ততা নাই৷ ধূলিয়ে আকাশ-বতাহ মন-মগজু ছানি ধৰিছে এফালৰ পৰা৷ ক্ষমতাবান যিসকল
লোকে চূড়ান্ত সিন্ধান্ত গ্ৰহণ কৰি পৃথিৱীৰ ঘূৰ্ণন প্ৰভাৱিত কৰিব খোজে তেওঁলোকৰ মাজত
সুখ-শান্তিৰ অভাৱ হোৱা দেখা গৈছে৷ আনহাতে আজ্ঞাবাহী নিঠৰুৱা দুৰ্বলসকলৰ জীয়াই থকাৰ
বাবে জৰুৰী, সামান্যতম সুবিধাকণৰ পৰাও বঞ্চিত হৈছে৷ সিয়ে সৃষ্টি কৰিছে এক বিচিত্ৰ
শুকান দৃশ্যপটৰ য’ত বৈষম্যৰ ঘৰ্ষণ সংঘাত আৰু আক্ৰোশ আছে৷ তাত পানী কঠিন হৈ বৰফ হোৱাৰ
কথা নাই৷ কঠিন আৰু ৰুক্ষ হৈ পৰিছে যদি ইয়াৰ সামগ্ৰিক বাতাবৰণ৷ যেনেকৈ দুৱাৰৰ বাহিৰত
ই নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছে তেনেকৈয়ে মনৰ ভিতৰতো শুষ্কতা বহলি গৈয়ে আছে, গৈয়ে আছে৷
দুখীয়া
নিচলাৰ মাজত পৰিৱেশৰ অভাৱ দুটা ধৰণে বিচাৰি পোৱা হৈছে৷ এক - প্ৰাকৃতিক পৰিৱৰ্তনৰ আৰালত
আৰু দুই— জীৱন ধাৰণৰ পন্থাৰ ওপৰত ভিত্তি কৰি৷ নিৰুদ্বেগ হোৱাৰ সন্ধানত মানুহ ইয়াত
এতিয়া হৈ পৰিছে আৱেগহীন৷ দৈনন্দিন ঘটনাবোৰ হৈ উঠিছে তথ্যচিত্ৰ এখনৰ দৰে৷ জীৱনৰে একোটা
প্ৰতিবিম্ব অথচ সেইবোৰ প্ৰকৃত ছবি এখন নহয় হয়তো৷ কৰিলে উত্তৰ সত্যৰ ই আন কোনো বাৰ্তাবহন
কৰিব পাৰে৷ তাত যিবোৰ কোৱা হয় আৰু দেখুওৱা হয় তেনে কথাবোৰত কিবা এটা নোহোৱাৰ দৰে,
সেইবোৰ যেন ইয়াত ওপজা গছ নহয়, ইয়াত ফুলা ফুল নহয়, ইয়াৰ মাটি আৰু পাহাৰ নহয় সেইবোৰ৷
প্ৰকাশিত তথ্যই হোৱাবোৰক মোকলাই চিকুণাই দেখুৱাব পৰা নাই, ঘটাবোৰক বাস্তৱ ক্ষেত্ৰত
চুবকে পৰা নাই৷ ই কিবা সংশ্লেষণৰ মাজেদি নিজৰ প্ৰকৃত ৰূপটো প্ৰকৃত ছবিখন হেৰুৱাই পেলাইছে
যেন৷
সেয়ে
ইয়াত বৰফৰ পৰিৱৰ্তে ধূলি-বালি ধোঁৱা আৰু ছাইৰ দুনিয়া এখনক জবৰদস্তি কল্পনা কৰিবলৈ
বাধ্য হৈ পৰিছে ইয়াৰ বাসিন্দাসকলে৷
সভ্যতাৰ
উত্থান-পতনৰ মাজত কেতবোৰ অপ্ৰিয় সত্যই চিঞৰি চিঞৰি হ’লেও নিজৰ
উপস্থিতিক প্ৰতীয়মান কৰে৷ একালৰ কৃতদাস কোনোবাজন গৈ এদিন ৰজা হোৱা কাহিনী বা প্ৰভাৱশালী
ৰজাজনো বিষম পৰিস্থিতিৰ মেৰপাকত পৰি পথৰুৱা হোৱাৰ কথা ইয়াত শুনিবলৈ পোৱা যায়৷ চিন্তাৰ
ঢৌবোৰো তেনেকুৱা, কেতিয়াবা সহকাৰী বা অৱদমিত চিন্তাবোৰেই বৰগছ হয় আৰু মূল বুলি ভবা
বিৰিখ মৰহি যায়, জহি-খহি শেষ নহয়— সৰি পচি হিউমাচ হয়৷
গুৱাহাটীৰ
গল্পকাৰসকল ডাঙৰ ডাঙৰ সত্যগঠনৰ কাৰক আৰু প্ৰধান হোতা হৈ উঠিছে৷ তেওঁলোকে গভীৰ ষড়যন্ত্ৰৰে
চিকাৰ হৈ তেনে বিষয়বোৰত অন্তৰ্ভুক্ত হৈ পৰে৷ তাৰে কপোলকল্পিত চিন্তন-মননৰ অংশীদাৰ
হৈ কাহিনীবোৰত ৰহণ সানিছে৷ বশ্যতা স্বীকাৰ কৰা এক আচৰণৰ পৰাই এটা বিশেষ ধাৰণাৰ সৃষ্টি
হৈছে আৰু তাক লাহে লাহে সকলোৱে নৈতিক বুলি ভাবিবলৈ লৈছে৷ চহৰৰ দুৰ্দিন চহৰৰ মৰুভূমি
এইদৰেই আৰম্ভ হৈছে৷
তন্ত্ৰৰ
মাজত বুৰ গৈ থাকিও এতিয়াও যিসকলে নিমখৰ দৰে পমি যাব পৰা নাই, সেইসকলে তাৰেই যে অবিচ্ছেদ্য
অংগ তেনে অভিনয় অন্ততঃ কৰি থাকিবলগীয়া হয়৷ নহ’লে এই বিশাল বালিত যে এটা খোজো তেওঁলোকে
কেতিয়াবা পেলাইছিল তাৰ চিন-মোকাম নোহোৱা হোৱাৰ দৰেই যে হৈ পৰিব সেইটো ঠিক৷ পূৰ্বতে
সংকীৰ্ণ বুলি ভবা এনে আচাৰ-আচৰণবোৰ ইয়াত কোনো ৰকমৰ লাজ বা সংকোচ অবিহনে সহজেই গ্ৰহণ
কৰি ল’ব পৰা এটা পৰিস্থিতি আহি পৰিছে৷ ই চহৰৰ নতুন ৰূপটোৰে এটা প্ৰধান বৈশিষ্ট্য ৰূপে
চিহ্নিত হৈছে৷
আকৌ,
অস্তিত্ব ৰক্ষাৰ যুঁজ সংক্ৰান্তত এটা কথা উচ্চগ্ৰামত কোৱা হৈছে যে সেয়া কোনো আত্মকেন্দ্ৰিক
বা স্বাৰ্থান্বেষী কাম নহয়, তাৰ উদ্ভৱ হয় জীৱনধাৰণৰ স্বাভাৱিক প্ৰচেষ্টাৰ পৰা৷ ই
এটা মূলভূত প্ৰৱণতা যি কেৱল জীয়াই থকাৰ তাড়নাতেই সীমাবদ্ধ নহয়, তাত সংযুক্ত হৈ আছে
উৎকৰ্ষৰো তাগিদা৷ আন ভাষাত উৎকৰ্ষৰ তাগিদাৰ অবিহনে জীয়াই থকাটো হৈ পৰিছে এক অৰ্থহীন
দৰ্শন আৰু তুমুল অনিশ্চয়তা৷ ই এক ইতিবাচক বাৰ্তাই বহন কৰে৷ কিন্তু তাত সমস্যাও এটা
আছে৷ ভুল-শুদ্ধ সঁচা-মিছা উচিত-অনুচিত সকলোবোৰ একাকাৰ হৈ পৰিছে৷ সেয়ে নৈতিকতাৰ সংজ্ঞাক
লঘু কৰিবলৈ গল্পকাৰসকলক বাৰে বাৰে সকীয়াই থকা হয়৷ পৰিচালনা সমিতিৰ সদনতে অতি সম্প্ৰতি
এনে প্ৰস্তাৱবোৰ উত্থাপন কৰা হৈ থাকে৷
আকৌ ইয়াক কোনো কৃত্ৰিমতা, অভিনয় বা যুগধৰ্ম বোলা কথাৰেও বান্ধি ৰাখিব পৰা নহৈছে৷ কাৰণ তেনে কথনে সাৰ্বজনীন আকৰ্ষণ হেৰুৱাই পেলায়৷ আধুনিক মানুহৰ আৰ্জিত জনপ্ৰিয়তা হ্ৰাস হয় যাৰ লগত চাহিদা বোলা কথাটোৰ সূত্ৰ এটা অতঃপ্ৰোতভাৱে জড়িত হৈ থাকে৷ সকলোৱে ভালদৰেই বুজি উঠিছে যে জনপ্ৰিয়তা হ’ল এই সময়ৰ আকাশত ভাসমান এচপৰা মেঘ— নহয়, আচলতে এডোখৰ মাখনহে৷
কোনোবা আলোচকে কৈছে— “তন্ত্ৰ এটাৰ গোটেই বিন্যাস বা কাঠামোটোকে যেতিয়া স্থানান্তৰ কৰি পেলোৱা হয়, তাত তুলনাৰ মাধ্যমত বস্তুৰ অৱস্থান আৰু উপস্থিতিৰ উমান পোৱা সম্ভৱ নহয়৷ আনহাতে এতিয়ালৈকে তুলনাই অৱস্থা মূল্যায়নৰ একমাত্ৰ সঁজুলি হৈ আছে৷ অথচ তুলনাৰ বাবে এটা মুখ্য ধাৰণা আমাৰ হাতত নাই, কাৰণ তেনে কোনো ধাৰণাৰ অস্তিত্ব নাই বুলি দেখুৱাই দিয়া হৈছে৷ সেয়ে প্ৰকৃত বা অপ্ৰকৃত বোলা কথাষাৰ লাহে লাহে আমাৰ চেতনাৰ পৰাও নিশ্চিহ্ন হৈ পৰিবলৈ ধৰিছে৷”
“শিল গুঁড়ি হৈ বালি হয়— বালি গুঁড়ি হৈ ধূলি হয়— ধূলিৰ গতিয়ে হৈ পৰে বতাহ আৰু বতাহৰ চলনে সলনি কৰে সময়”
—এনে উক্তিৰে
সূক্ষ্মতাৰ অধিক স্তৰ বগাইছে চিন্তা-ভাবনাবোৰে৷ সেয়ে ভৱিষ্যতৰ কিছু কথনৰীতিও ইয়াত
নিজৰ স্থান অতি সহজেই দখল কৰি ল’ব পাৰিছে৷ তাত কাৰো দ্বিমত নাই৷ ক’ৰবাত
তেনে কিবা আপত্তি উচ্চাৰণ হ’লে সেইবোৰ পুৰণি কথা বুলিয়ে আজিৰ উপভোক্তাই
বিবেচনা কৰে আৰু দলিয়াই এফলীয়া কৰে৷ তাতো জনপ্ৰিয়তাৰ মাখনডোখৰ সযতনে সাঁচি ৰখাৰ
পূৰ্বচৰ্তসমূহ আহি পৰে৷ গতিকে তিষ্ঠি থকাৰ প্ৰৱণতাই তেনে বক্তব্যৰ পাখিবোৰ অনায়াসে
কাটি পেলায় আৰু সেইবোৰ পেলনীয়া আৱৰ্জনাত পৰিণত হয়৷ সেইবোৰেই নলানদী ভৰলুখন এফালৰপৰা
ভৰাই পেলাইছে৷
গুৱাহাটীত এখন মৰুভূমি গঢ় লৈ উঠিছে চকুৰ সমুখতে৷ তাৰ লগে লগে আহি পৰিছে পাৰিপাৰ্শ্বিক নানা ৰকমৰ প্ৰভাৱ আৰু সংকট৷
...বহুতে
কৈছে, লগতে কিছুমানে ভাবিও আছে যে এনেদৰে ক’লে এয়া হৈ পৰে নিৰস ৰচনা৷ সৰস কৰিবলৈ ৰহণ
সনাৰ প্ৰয়োজন৷ বহুতে আকৌ ক’ব খোজে তাৰনো প্ৰয়োজন কি? তাৰ উত্তৰ হ’ল— কলাসুলভ
নহ’লে কোন সভ্যতাৰ কোনবোৰ কথানো আমি আন্তৰিকভাৱে মনত ৰাখিছোঁ৷ শিল্প মানুহৰ উত্তৰণৰ
অলংকাৰ৷ তথ্য-বাৰ্তা বিনিময়-বিতৰণৰ অজস্ৰ উপায় মানুহে বিচাৰিয়ে থাকে৷ কিন্তু সেয়াই
পৰ্যাপ্ত হৈ নাথাকিল৷ আমি চেতনাক যে আখৰলৈ অনুবাদ কৰিব পৰা হ’লো সিয়েই আমাক জীৱন-জগতৰ
নতুন মোৰবোৰ চিনাকি কৰাই দিছে, তাত সঞ্চিত হৈ থকা শক্তি জ্ঞান ৰূপ আহৰণত আমাক সহায়
কৰিছে৷
...নতুন
সংকৰ প্ৰজাতিৰ শিজু কেঁয়া ক্ৰেকটাচজাতীয় গছবোৰ ঠায়ে ঠায়ে গজিবলৈ লৈছেই৷ সেইবোৰক
পানী কম লাগে, ৰ’দ বেছি৷ সেইবোৰে আৰ্দ্ৰতা বেয়া পায় আৰু আন্ধাৰকো আন্তৰিকতাৰে গ্ৰহণ
কৰিব পাৰে পোহৰৰ দৰে৷ প্ৰতিকূলতাক আঁকোৱালি ল’ব পৰাকৈ সেইবোৰৰ জিনীয় ৰূপান্তৰ কৰাই
লোৱা হৈছে৷
আনফালে
য’তে-ত’তে কাঁইটীয়া তৃণ-অপতৃণবোৰ থূপ পাতি পাতি বাঢ়ি আহিছে৷ সেইবোৰৰ বীজ বহু বৰ্ষলৈ
নষ্ট নোহোৱাকৈ য’তে-ত’তে জঠৰ লাগি থাকিব পাৰে৷ কদাচিৎ পানীৰ সংস্পৰ্শলৈ আহিলেই সেইবোৰে
প্ৰাণ পায়, নীলা-বেঙুনীয়া ফুল হৈ মৰুভূমিক হহুৱায়৷ তেতিয়া পৰিভ্ৰমী দুই-এটা চৰাই
তাত পৰেহি, মিলিত হয় দেহেৰে, প্ৰজনন কৰে মনৰ আনন্দত৷ বংশবৃদ্ধিৰ সুবিধালৈ চাই তাত
বাহ সাজে— আচলতে বাহৰহে পাতে৷
তাকে চাবলৈ বিভিন্ন ঠাইৰ পৰা পৰ্যটকৰ দল আহি ইয়াত হাজিৰ হয়৷ এনেকৈয়ে এটা অৰ্থনৈতিক অভিপ্সাও পূৰ্ণ হয় চহৰখনৰ, মানে ইয়াৰ পৰ্যটন বিভাগৰ৷ এইটো স্পষ্ট যে কৃষি উৎপাদন আৰু কেঁচামালৰ যোগান কমি যোৱাৰ লগে লগে অৰ্থনীতিৰ অন্য বিকল্প সন্ধান ইয়াত কৰা হ’ল য’ত পৰ্যটন বিভাগটোৱে অগ্ৰাধিকাৰ পালে৷ ...দৃষ্টিৰ সন্তুষ্টি দৃশ্যত৷ গতিকে আকৰ্ষণীয় কিবা দেখুৱাই, ইতিবাচক দিশবোৰ প্ৰচাৰ কৰি, তাৰ মূল্য লোৱাটো ক্ৰমান্বয়ে এটা পৰম্পৰা হৈ উঠিবলৈ ধৰিলে৷
বিভিন্ন
আন্তঃৰাষ্ট্ৰীয় ভাষালৈ অনূদিত “ইয়াত এখন নদী আছিল” কবিতাটো
পঢ়ি ভিন ভিন দেশৰ অনুসন্ধিৎসু পাঠক ইয়ালৈ আহে, শুকাই যোৱা নদীৰ বুকু শুঙি চাবলৈ৷
তাৰ মাজত বহু ন-প্ৰজন্মৰ শিক্ষাৰ্থীও আছে৷ সেইসকলে বালিত ৰৈ যোৱা নক্সাৰ আৰ্হিবোৰ চাই
হেৰাই যোৱা খৰস্ৰোতা নদীখনৰ দেহবিচাৰত লাগি পৰে৷ তাৰ সোঁতৰ প্ৰাবল্য, ধাৰণ ক্ষমতা,
বিলুপ্ত প্ৰজাতিৰ গণনা, সেইবোৰৰ জীৱনচক্ৰৰ হেৰাই যোৱা ৰেহৰূপ, জলজ উদ্ভিদৰ অতীত বৈচিত্ৰ্য,
তাত লুকাই থকা বৈজ্ঞানিক তথ্য, বিগত সংঘটনাকালৰ সঠিক সময় নিৰূপণ, পুৰণি মাটিৰ গুণগত
মানদণ্ড আৰু বৈশিষ্ট্য নিৰ্ণয়, খনিজ লৱণৰ লগতে অন্যান্য মৌল-উপাদানৰ উপস্থিতি আদি
দিশবোৰ তেনে অধ্যয়নত সন্নিৱিষ্ট হৈ থাকে৷
আনফালে,
“আৰু
নদী নেহেৰাওক” শ্ল’গানেৰে এদল স্বেচ্ছাসেৱীয়ে বিপ্লৱ আৰম্ভ
কৰিছে৷ বৰ্তমান প্ৰচলিত ৰাজতন্ত্ৰৰ বাবে সেইবোৰ মূৰৰ কামোৰণি হৈ উঠিছে৷ অৱশ্যে সেই
ৰাজতন্ত্ৰই বৰ্তমান স্বৰৰ লগত মিহলি হ’ব পৰাকৈ গণতন্ত্ৰৰ স্বৰ্ণমুকুট পৰিধান কৰিছে৷
গতিকে তাক ৰাজতন্ত্ৰ অভিধা দিয়াটো আইন অমান্য কথা বুলি ঘোষণা কৰা হৈছে৷
এই সকলোবোৰ
খামখেয়ালীৰ পশ্চাদপটত আছে শক্তিমন্তৰ এটা বিৰাট হস্তক্ষেপ৷ সেইসকল প্ৰায়বোৰ ক্ষেত্ৰতে
নাটবোৰ চলাবলৈ পৰিচালকৰ ভূমিকাত অৱতীৰ্ণ হয়৷ আমাৰ বৰমুৰীয়াসকল তাৰেই ইংগিত আৰু আশীৰ্বাদত
যেনে-তেনে চলিহে থাকে৷ সেই পৰিচালকসকল কেতিয়াবা যদি মধ্য প্ৰাচ্যৰ কেতিয়াবা উত্তৰ
গোলাৰ্ধৰ প্ৰভাৱশালী দেশৰ সদস্য বা প্ৰতিনিধি কিছুমান৷ প্ৰাচাত্য প্ৰভাৱতো আছেই৷ কোৱা
হয়, নদী শুকাই যোৱাৰ আঁৰতো তেওঁলোকৰে হাত আছে৷ তেনে একোটা সাম্প্ৰতিক প্ৰসংগ তৈয়াৰ
কৰি আইন-প্ৰশাসন ব্যৱস্থাত খেলিমেলি সৃষ্টিৰ অপচেষ্টা সেইসকলে অহৰহ কৰিয়ে থাকে৷ আমাৰ
ইয়াৰ বিভিন্ন দুৰ্নীতিৰ লগত জড়িত মন্ত্ৰী-আমোলাতন্ত্ৰই সেইবোৰত মাত মাতিবলৈ সাহস
নকৰে৷ সিহঁতৰ গোপনীয় কৰ্ম-কাণ্ডৰ বিভিন্ন নথিপত্ৰ জব্দ কৰি এইদৰে কামবোৰ সম্পন্ন কৰিছে
বহিৰ্দেশৰ ন্যস্ত অভিপ্ৰায়ৰ শক্তিতত্ত্বই৷
অসেউজ
এখন চহৰ অথবা ৰাজ্য কল্পনা কৰাটো জটিল কাৰবাৰ, তাত বন্দীত্বৰ ভাব এটা সোমাই থাকে আৰু
চিন্তাত আহে বন্ধ্যাত্ব —ই ৰচনাৰ বাহিৰৰ কথা৷ অথচ তাকো ইয়াত সম্মান সহকাৰে এটা ঠাই,
এখন চকী উলিয়াই দিব লগা হয় বহিবলৈ৷ মূলতঃ তেওঁলোকৰ লক্ষ্য হৈছে স্থানীয় সম্পদ আহৰণ
কৰি নিজৰ দেশ সমৃদ্ধ কৰা৷ আনহাতে আমাৰ ইয়াৰ ধাৰণা হৈছে দেশীয় সম্পদ বিক্ৰী কৰি নিজৰ
সমৃদ্ধি নিশ্চিত কৰা৷
কিন্তু
এই মৰুৰ মাজত মৰীচিকা ছাঁয়াৰ লেখীয়াকৈ তাতেই নিহিত হৈ থকা পুনৰ সেউজীয়া হোৱাৰ বাসনাই
গুৱাহাটীক ঢলি পৰিবলৈ নিদিয়ে, তাক খোজ ল’বলৈ বাধ্য কৰায়৷ মৰুভূমি আগুৱাই আহিছে বছৰে
বছৰে, হ’লেও বানপানীৰ প্ৰকোপ নোহোৱা হৈছে৷ জনসংখ্যা বিস্ফোৰণ ঘটি মানুহ কমিছে৷ জনজাতিসকলৰ
আত্মপৰিচয় নোহোৱা হৈ এটাই অসমী-জনজাতি হৈ পৰিছে৷ সকলো উপভাষা লুপ্ত হৈ এটাই মাত্ৰ
“মিশ্ৰ অসমভাষা” ৰৈ গৈছে৷ অভিধানবোৰ অন্যান্য ভাৰতীয় ভাষাৰ শব্দৰে ভৰি পৰিছে৷ গল্প-কবিতাৰ
সমল এতিয়াৰ যন্ত্ৰবৎ কথাবোৰে আৱৰি ৰাখিছে৷ কাৰো
বাবে সংৰক্ষিত হৈ থকা নাই কোনো আসন আৰু সা-সুবিধা৷ এয়াই একত্ৰীকৰণ এয়াই উন্নয়ন
বুলি আমাৰ ৰাইজক পাঠ পঢ়ুওৱা হৈছে৷ ৰাইজেও তাতে বিকাশৰ ছবিখন দেখিবলৈ পাই স্বস্তিৰ
নিঃশ্বাস পেলাইছে৷
সুদূৰ
ৰাজস্থানৰপৰা কাঁইটীয়া বাবুলৰ গছ আনি ইয়াতে ৰোপনৰ ব্যৱস্থাও সেয়ে কৰা হৈছে৷ পৰীক্ষাগাৰত
তাৰ আৰ্হিৰ পৰীক্ষণ সফল হোৱাৰ লগে লগেই নিবিদা এখন মুকলি কৰি দিয়া হ’ল তাৰ
বাবে৷ আঠটা প্ৰতিষ্ঠানে প্ৰপত্ৰ পূৰণ কৰিলেও, আটাইতকৈ কম অৰ্থৰ বিনিময়ত কামটো কৰাৰ
ঘোষণা কৰা বাবে “গোৱেংকা প্লাণ্টেশ্বন” বোলা
আমাৰে স্বদেশী প্ৰতিষ্ঠান এটাই প্ৰকল্পটোৰ
দায়িত্ব লাভ কৰে৷ তেওঁলোকৰ সবল ঠিকাদাৰিত্বত এই কামটো দুবছৰৰ ভিতৰতে সম্পন্ন কৰিব
পৰা যাব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে৷ তেওঁলোকে প্ৰথম লক্ষ্য হিচাপে কাম আৰম্ভ
কৰিবলৈ আগ বাঢ়িছে বৰ্তমান শুকাই যোৱা ব্ৰহ্মপুত্ৰৰ বালিয়াৰি বিছনাখনত৷
তাৰ লগে লগেই ৰাজস্থানৰ আন কেতবোৰে বৈভৱ ব্যৱসায়ৰ নতুন ধাৰণাও ইয়াতে পৰীক্ষামূলকভাৱপ্ৰয়োগৰ কথা কোৱা হৈছে৷
তাত পাথৰুৱা
ঠাই কিছুমানত শিলৰ খাপ তৈয়াৰ কৰি এবুকু ওখ চাৰিবেৰ তৈয়াৰ কৰি লোৱা দেখা যায়৷ টুকুৰা-টুকুৰ
শিলবোৰ সেই ঠাইত এনেও সিঁচৰতি হৈ পৰি থাকে৷ সেইবোৰ গোটাই লৈ কিছু শ্ৰমদানেৰে সাজি উলিওৱা
তেনে নিৰ্মাণ তাত বেচ জনপ্ৰিয়৷ তাত কেঁচামাল আৰু পৰিবহনৰ বাবে তেনে কোনো খৰচ-পাতি
কৰিবলগীয়াও নহয়৷
তাত গছ
কম বাবেই এই পদ্ধতি ফলপ্ৰসূ৷ তেনে শিলৰ খাপবোৰ ভাল ওজনদাৰ, মধ্যাকৰ্ষণ বলেৰে সজোৰে
কঠিন ভূমিত থিয় হৈ ৰয়৷ গৰু-ছাগলীবোৰে বা চুৰ-ডকাইতসকলে সেইবোৰৰ বিনিৰ্মাণেৰে সোমাই
আহিব নোৱাৰে ভিতৰলৈ —ওঁহো, আচলতে ক’ব লাগে ভিতৰ জগতলৈ৷ যিমান শক্তিৰে সোমাই আহিব বিচাৰে
সেই পৰিমাণৰ শক্তিৰে সিহঁতক উফৰাই বাহিৰলৈ দলিয়াই পেলোৱাহে হয়৷ কাৰণ আভ্যন্তৰত এটা
“অট’নমাচ
ষ্ট্ৰাকচাৰ” বা আত্মনিৰ্ভৰ গাঁথনি ইতিমধ্যেই সংস্থাপিত হৈয়ে থাকে৷ “দেশৰ ভিতৰত দেশ”
বোলা আপ্তবাক্যৰে সি অনুপ্ৰাণিত৷ তাত সুৰুঙা কম, ত্ৰুটিৰো অৱকাশ ক্ষীণ বাবেই সেই নীতি
খুবেই কাৰ্যকৰী৷
মাটিৰ
ভাগবোৰৰ চাৰিবেৰ দিয়াৰ দৰে যি এবাৰ আগুৰি লোৱা হয়, তাত কেনেবাকৈ সোমালে ইয়াৰ থলগিৰি
মানুহেই হৈ পৰে অনুপ্ৰৱেশকাৰী৷ এতিয়া তেনে দোষেৰে দণ্ডিত অপৰাধীৰে প্ৰতিখন জিলা কাৰাগাৰ
ভৰি পৰিছে৷ এই নীতি কিমান প্ৰভাৱী সেইটো বুজিবলৈ এটা কথালৈ মন কৰিলেই হ’ল যে কাৰাগাৰৰ
ভিতৰতে এতিয়া একোখন গাঁও গঢ় লৈ উঠিছে৷
সি যি
নহওক এই চাৰিবেৰ প্ৰণালী দৰাচলতে উদ্ভিদ আৰু ভূমি সংৰক্ষণৰ এক আওপকীয়া পন্থা৷ তাৰ
লগে লগে পৰিৱেশতন্ত্ৰ বচাই ৰখাৰ নিমিত্তে জাতিসংঘ আদিয়ে জাৰী কৰা নিয়ম-নীতিবোৰ যথাৰ্থভাৱে
পালন কৰা হৈছে বুলি প্ৰমাণ কিছুমান যুগুতোৱা৷
ৰাজস্থানত
এনেই পৰি ৰোৱা শিলবোৰ ট্ৰাকত বোজাই দি ইয়ালৈ লৈ আহিব পাৰিলে ইয়াত সেইবোৰ বেৰ দিয়া
কামত লগাব পৰা যাব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷
ইয়াত
এতিয়া গুল্মবোৰত দুই-এটা ফুলো ফুলিবলৈ ধৰিছে৷ ভুনভুনাই কেতবোৰে মৌ-মাখি বৰলজাতীয়
পতংগ ফুলবোৰলৈ উৰি আহিছে৷ পৰিৱেশেৰে খাপ খাই এই পতংগবোৰৰ বেছিভাগেই ক’লা বা ডাঠ মুগা
বৰণীয়া ৰূপ এটা ধাৰণ কৰিছে৷ পাখিবোৰ ধাতু-অধাতু পমি গৈ এক কঠিন পদাৰ্থৰ ৰূপ লৈছে৷
অনেকেই সেইবোৰক অণুবীক্ষণিক চোৰাংচোৱা সংকেত বহনকাৰী উৰণীয়া যন্ত্ৰ বুলিও সন্দেহ প্ৰকাশ
কৰিছে৷
আন এটা
পৰিকল্পনা হৈছে, জীয়া ভৰলু প্ৰদূষণমুক্তি আঁচনি৷ এই আঁচনিৰ অন্তৰ্গত কাৰ্যনিৰ্বাহকৰ
তালিকাত বিশেষ এক ধাৰণাও সংযোজিত হৈ আছে৷ সেয়া হ’ল— নলানদী
খ্যাত জীয়া ভৰলুৰ মল খননেৰে ইয়াত কাৰ্বন উৎপাদন কৰা৷ সেই কাৰ্বন পুনঃব্যৱহাৰেৰে অন্য
জলশোধন আঁচনিবোৰ ৰূপায়ণ কৰা হ’ব৷ যেনে জল বিতৰণ ব্যৱস্থাত পৰিশোধন বিষয়টোৰ উন্নীতকৰণ,
ক্ষুদ্ৰ ৱাটাৰ ফিল্টাৰ নিৰ্মাণত ব্যৱহাৰ কৰা, লিড পেঞ্চিল তৈয়াৰী আৰু ৰবৰ উদ্যোগত
তাৰ প্ৰয়োগ কৰা৷ বিশেষজ্ঞৰ প্ৰতিবেদনৰ প্ৰথম পৃষ্ঠাত ডাঙৰ হৰফেৰে লিখা হৈছে এই কথাষাৰ— পেঞ্চিলৰ
লেখা স্থায়ী নহয়, ৰবৰেৰে ঘঁহি তাক মচি পেলাব পাৰি৷
এইবোৰ
মুখ্য সংবাদৰ ভিতৰুৱা কথা৷ তাৰ বাহিৰৰ কথা কিছুমানো থাকে৷ অতিমাত্ৰিক আচৰণৰ এনে কথাবোৰ
যে কোৱা হৈছে, এইবোৰ সত্যৰে আন এটা ৰূপ, হয়তো উত্তৰ-সত্য৷ মগজুৱে কৰিব খোজা পলায়নৰ
এক বিকল্প বোধ— মস্তিষ্ক নিৰ্গমনৰ পৰা ভস্মীভূত চহৰ এখনে
পাব খোজা পৰিত্ৰাণৰ কথা৷ এটা বৈজ্ঞানিক ভিত্তিৰ পৰ্যটন স্থল, পুৰণি তীৰ্থস্থানৰ সমকক্ষকৈ
গঢ়ি তোলাৰ ভাবনা য’ত সুবিধা থাকিব পাৰে অৰ্থৰ সৰল বিনিময়ৰ, অৰ্থনৈতিক উন্নয়ন আৰু
পৰিৱেশ সংৰক্ষণৰ৷
নতুনৰ
বাবে এখন মুকলিমুৰীয়া আকাশ ঘূৰাই অনাৰো পৰিকল্পনা কৰা হৈছে৷ শূন্যক অশূন্য কৰা, য’ত
জ্যোতিষ্কবোৰ খালী চকুৰে দেখা পোৱা যায়, সূক্ষ্মাতিসূক্ষ্ম তৰাৰ চিকমিকনি কোনো বাধা
নোহোৱাকৈ য’ত মণিব পৰা হয়... ৰ’দৰ পৰা পাব লগা পোহৰ উত্তাপ আৰু খাদ্যপ্ৰাণ
য’ত বাধাহীনভাৱে
সংশ্ৰৱ ঘটিব পাৰে জনজীৱনলৈ... উশাহ ল’বলৈ য’ত থাকিব পাৰে পৰ্যাপ্ত অম্লজান, নিৰ্ধাৰিত
মাত্ৰাত সকলোবোৰ গেছ... তাপমাত্ৰাক য’ত নমাই আনিব পাৰি সহনশীল সীমালৈকে... তাৰ লগে
লগে সকলো নাগৰিক জীয়াই থাকিবলৈ এখন সহনশীল আৰু সৰল-সবল লোকায়ত গঠনৰ আঁচনি প্ৰস্তুত
কৰা হৈছে৷
আমি জানো,
যেতিয়া এডাল গছ কটা হয় আমি নিজৰে এডাল ক্ৰমজম খণ্ডিত কৰো৷ ভৱিষ্যতৰ দিন এটা ধ্বংস
কৰো নতুন জিনীয় অৱলম্বনত৷সেইদৰে আজি আমি আয়ুস লাঘৱ কৰিছোঁ ঠিক, হ’লেও সেই ত্যাগ যে
আমি মানি লৈছোঁ সেয়া উদাৰতা নহয় সেয়া হৈছে মূৰ্খতা৷ বিষৰ পৰা সাময়িক নিৰাময়ৰ বাবে
আমি শৰীৰৰ ভৱিষ্যতক ক্ষতি কৰাৰ দৰে৷ কাঁইটীয়া এলানি জেওৰা দিছোঁ মাটিক নহয়, সত্তাক
সুৰক্ষিত কৰিবলৈ৷ তাৰ দেখৰেখৰ বাবে আকৌ কৰ্মচাৰী নিয়োগ কৰিছোঁ বাহিৰৰ৷ জেওৰাৰ মেৰামতিত
অৰ্থ সময় শক্তি ব্যয় কৰিছোঁ যিমান পাৰো৷
এতিয়া
যন্ত্ৰ নিৰ্গত কৰ্কশ শব্দ আৰু অনাহূত কণ্ঠৰ চিঞৰবোৰ ভাহি ফুৰিছে গুৱাহাটীৰ বতাহত৷ সেইবোৰ
যেন কোনো অশৰীৰী আত্মাৰ বিননিহে৷ বালিময় হৈ পৰিছে গোটেইখন৷ ব্ৰহ্মপুত্ৰ শুকাইছে৷ দলংবোৰেৰে
ৰে’ল আৰু বাহনবোৰ আনৰ্গল চলিছে৷ বিপৰীতে, তলৰ মানুহ তলেৰেই পাৰ হৈছে নদী৷ জলজ জীৱন
নাইকিয়া হৈছে৷ অণুজীৱন বিপদাপন্ন৷
য’ত বিচাৰি
পাৰ লাগিছিল পলসুৱা মাটিৰ উৎস সি হৈ পৰিছে অপৰসায়ণৰ সঞ্চিত ভঁৰাল৷ জঁকা হৈ প্ৰকট হৈছে
বালিচৰ আৰু কামিহাড় ওলাই আহিছে উমানন্দৰ৷ বাকীবোৰ সমতল বজাৰৰ দখলত৷ দীপৰ বিলৰ অতল
ভূমিত সজা হৈছে “নিৰ্জু মৰুদ্যান” নামৰ এখন আধুনিক উদ্যান৷ তাত এখন যাদুঘৰ নিৰ্মাণৰ
পৰিকল্পনা কৰা হৈছে৷ প্ৰকল্প চলিছে দ্ৰুতগতিত৷ অলপ সেমেকাত সেয়া বিলুপ্ত শামুক কাছ
আৰু দুৰাৰ খোলাবোৰ জিলিকি উঠিছে৷ সেইবোৰৰ আৰ্হি অধ্যয়ণ কৰা হৈ আছে৷ ভেকুলী গিনিপিগ
আৰু সাপৰ হাড়-মূৰ সংগ্ৰহৰ তাত ব্যৱস্থা আছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰে বিভিন্ন মাছৰ চকুৰ
নমুনাক লৈ সম্পৰীক্ষা চলিছে৷
বিশেষজ্ঞই কৈছে—
নতুন
প্ৰজন্মৰ প্ৰজ্ঞানৰ উত্তৰণ আৰু বিবেক বিকাশৰ অভিলাষী আয়োজন এয়া৷ কাঁচৰ সজাত সংৰক্ষিত
তাকৰীয়া পলি মাটিৰ শেষ অৱশেষ আৰু এজন প্ৰখ্যাত দাৰ্শনিকৰ চিতাভষ্ম৷ এসময়ৰ সেউজ নীলাচলো
সাৰি যোৱা নাই শুকানৰ কবলৰ পৰা৷ তাৰ উপৰি তৰপো ৰ’দে চিলনী
হৈ থপিয়াই নিছে৷ তাপ তৰংগই খেদি খাইছে সমস্ত উদ্ভিদৰ সৰস জাইলেম৷
কামাখ্যালৈ উজালেই এতিয়া বুকু নভৰে ভৰিহে পুৰে৷ পদপথত পকা অঙঠাহে যেন কোনোবাই পাৰি
থৈছে৷ সেইবাটে খোজ দিলে পোৰা কেকোঁৰাৰ দৰে গোন্ধায় দগ্ধ ভৰিবোৰ৷ চিত্ৰাচলত অকল শিলীভূত
গছবোৰহে এতিয়া পায়৷ শতিকা আগতে সেইবোৰ জীৱ
আছিল৷ ...আৰু নৱগ্ৰহত? সূৰ্যৰ চিহ্ন আৰু আঠোটা গ্ৰহৰ অৰ্ধমৃত শৰীৰ ধূলি-বালিত পোত গৈ
আছে ক্ৰমান্বয়ে৷ তেনেকৈয়ে দক্ষিণৰ সমস্ত পাহাৰ ৰঙচুৱা ৰঙে ধুই নিছে... বৰষুণহীনতা৷
সকলো অভিভাৱকে একমুখে বিক্ষোভ-প্ৰতিবাদ সাব্যস্ত কৰিছে মুখত ক’লা কাপোৰ বান্ধি৷ “মংগলত
নহয় ইয়াতে জীৱাশ্ম বিচৰিব আমাৰ ছোৱালী-ল’ৰা আৰু অন্য সন্তানসকলে”— বেনাৰ
বোৰত এইদৰে নিজৰ যুক্তি তেওঁলোকে দাঙি ধৰিছে৷
সেইফালে
দেখা গৈছে আন এক হৃদয় বিদাৰক দৃশ্য, যাৰ সাদৃশ্য সততে পাবলৈ নাই৷ তীৰ্থযাত্ৰীসকল আচৰিত
ধৰণে এতিয়া নৰকৰ শাস্তি ভূগিবলগীয়া হৈছে৷ অথবা ইয়াক এনেকৈয়ো ক’ব পাৰি
যে— শাস্তি
বিহিবলৈকে জ্ঞান পিপাসু সুধীক ভয়ানক পদযাত্ৰালৈ এৰি দিয়া হৈছে অথবা ঠেলি পঠিওৱা হৈছে
কোনো সুৰক্ষা আৰু সজাগতা অবিহনেই৷ সিহঁতৰ ধৰ্মীয় বিশ্বাস, উপাসনাত আস্থা আৰু পৌৰাণিক
কথা-কাহিনীৰ গুণ-গৰিমা বখানিয়েতো এসময়ত শাসনভাৰ হস্তগত কৰিছিল পূৰ্বৰ এজাক নীলা শিয়ালে৷
এতিয়া সেইবোৰৰ নাতি-পৰিনাতিয়ে সেই আসন চিৰস্থায়ীৰূপে পোৱা বুলি ভাবি গোপতে গংগাটোপটো
হৈ পৰিছে আৰু এনে নিষ্ঠুৰ-অমানুষিক আচৰণ কৰিছে৷ ভক্তিৰ ভৰসাত দিন যাপন কৰা নিৰ্জু অমায়িক
মানুহবোৰক কেও আৰু পুছা নাই, পাত্তা দিয়া নাই৷ সিহঁতে আগৰ দৰেই পদব্ৰজে মঠ-মন্দিৰলৈ
উপস্থিত হয়গৈ৷ জ্বলনত সিহঁতৰ ছাল ছিগে, ভৰি উখহে, গাৰ মঙহ খহে, গলি গলি সৰি থকা নখবোৰ
চকুত ভাহে৷ গোলোক চকুবোৰ হাতৰ তলুৱালৈ থপকৈ ওলাই পৰে৷ আচলতে এক প্ৰকাৰৰ বিনামূলীয়া
ছীটা প্ৰদানেৰে তেওঁলোকক আঘাতৰ বিষ অনুভৱ কৰিব নোৱাৰা শাৰীৰিক ক্ষমতা শাসকসকলেই আগতীয়াকৈ
দি থৈছিল৷
অপস্মৃতি
এটা ভোগালীৰ আধাপোৰা স্ফীত বেঙেনা, মাটি মাহৰ গোন্ধ এটা য’ত লগ লাগেহি ...উষ্ণ বাষ্প
বিয়পে লাওখোলাৰ ওপৰেৰে৷ জুই হৈ জ্বলি উঠে ৰতন টাটাৰ উৎসৰ্গিত স্বৰ্ণ বল্কল মন্দিৰ
দেৱালত৷ সোণ সঁচাকৈয়ে কম বিক্ৰিয়াশীল তাত সেয়াই প্ৰোথিত জ্ঞান৷
মন্দিৰ
প্ৰাংগণৰ ওচৰতে থকা পুখুৰীবোৰ শুকাই গৈছে, য’ত আগতে ধৰ্মপ্ৰাণ ভক্তই ৰাতিপুৱা ৰাতিপুৱা
ৰীতিমতে গা তিয়াইছিল৷ এতিয়া সেই পৰম্পৰাও নাই সেই নিয়মৰ কঠোৰতাও নাই৷ সৰু বটল এটাত
অলপ পানী লৈ আনি গা-মূৰত ছটিয়ায়ে স্নান কাৰ্য সমাপন বুলি ধৰা হয়৷ উপাস্য দেৱীও সেয়ে
তাত কোনো দোষ-ত্ৰুটি আৰু নধৰে৷ কাৰণ পৰিস্থিতিৰ দাসহে ভক্তগণ, সেয়ে এই বিধা পাপৰ শ্ৰেণীৰ
পৰা মুক্ত হয়৷ পানীৰ তাত খুবেই অভাৱ৷ চাহিদা বেছি যোগান কম৷ এনেও ভূগৰ্ভত পানী শুকাই
পাতাললোকলৈ জলস্তৰৰ অৱনমন ঘটিছে৷ পাহাৰৰ ওপৰৰ পৰা সেই তৰপটোলৈ ঢুকি পোৱা আৰু সম্ভৱ
হৈ থকা নাই৷ কেইখনমান টেম্প’ৱে তালৈ দিনৰ দিনটো পেকেজিং ৱাটাৰ কঢ়িয়ায় পাপাসুসকলৰ
তৃষ্ণা পূৰোৱাৰ এই যৎকিঞ্চিৎ চেষ্টা৷
আনহাতে
ভৈয়ামৰ গুৱাহাটীৰ দৃশ্যপট ভিন্ন৷ এপাৰ্টমেণ্টৰ সৰু সৰু চেলবোৰত মানুহে উষ্ণতা কৃত্ৰিমভাৱে
ধৰি ৰাখি জীৱলৈ শিকিলেই৷ তাত অসুবিধাবোৰক সুবিধাজনকভাৱে ৰূপদান কৰা হৈছে৷ সেইবোৰক কোৱা
হৈছে, পৰিৱেশ নিয়ন্ত্ৰিত কোষগৃহ বা ‘পনিকোষ’ বুলি৷
এই পনিকোষত তাপ আদ্ৰতা আৰু বতাহৰ মানদণ্ডই কেৱল নিয়ন্ত্ৰণ নহয় তাত কৰা হৈছে খাদ্যপ্ৰাণ
আৰু হ’ৰমন সন্তুলনৰ ব্যৱস্থাও৷ প্ৰতিষেধক গুণৰ ইনহেলিং ছীটা, মনোদশা অনুসৰি সংগীতৰ
ব্যৱস্থা, স্বয়ংক্ৰিয় মুড অপাৰেটিং চিষ্টেম আদিৰ সুবিধাসমূহো কৰি ৰখা হৈছে তাত৷
তেনেহ’লে
অসুবিধা আৰু বাধাবোৰ কি আৰু কেনেকুৱা, যাৰ বাবে এচামে যে বিৰুদ্ধাচৰণ কৰিছে? আঁচনিবোৰ
বিফল কৰিবলৈ প্ৰতিৰোধ গঢ়ি তুলিছে কিহৰ কাৰণে?
ইয়াৰ
অট্টালিকাবোৰৰ তলত ডেই গৈছে কৰ্মৰত বনুৱাৰ পিঠি, হাত-ভৰি, মুখ৷ বাহিৰৰ পদপথত সৰু সৰু
দোকানবোৰ দাউ দাউকৈ জ্বলিছে৷ ক্ষুদ্ৰ ব্যৱসায়ীসকলে গিলাচবোৰত ওৰেটো দিন ঘাম আৰু চকুপানী
গোটাই ৰাখিছে পিয়াহত পিবলৈ৷ চকুলো খনিজ লৱণৰ উত্তম স্ৰোত আৰু যে আদিতম উৎস সেয়া সিহঁতে
ভালদৰেই বুজি উঠিছে৷
সেই দোকানবোৰৰ
কাষৰ মামৰে খোৱা বকলাত বহি প্ৰৌঢ়সকলে পুৰণি দিনৰ কথা ৰোমন্থন কৰে৷ তেওঁলোকেই পোৰা
তপিনা ঘঁহি ঘঁহি তাত এই জলন্ত কথাবোৰ আলোচ কৰি থকা শুনা যায়৷
...এসময়ত
শাসনত এদল হেনো স্বেচ্ছাচাৰী বহিছিল৷ সিহঁতেই বোলে ইয়াৰ সকলো কেঁচা সামগ্ৰী— হাঁহ,
বাঁহ, কাঁহ, পছমী কাপোৰ, গঁড়ৰ খড়্গ, কাঠ আৰু চাহ—বিকি
বিকি জুই কিনি আনিছিল আৰু উত্তৰপুৰুষৰ সামৰ্থ্য সম্ভাৱনাৰ মুখত অগ্নি সংযোগ কৰিছিল৷
এতিয়া প্ৰতি ঘণ্টাতে ইফালৰ পৰা সিফাললৈ চাইৰেণ বজাই বজাই বগা এম্বুলেঞ্চবোৰ হকে-বিহকে
দৌৰি থাকে, মানুহৰ চেতনাক শুই পৰিবলৈ নিদি সচকিত কৰি ৰাখে৷
…………
ভ্ৰাম্যভাষ
: ৭০০২১৪১৫৫৪
