অন্যযুগ/


তীৰ্থস্থান

 যশোৱন্ত নিপুণ

 

সন্ধিয়াৰ আগেয়ে তাৰ গান গোৱা শেষ হ’ল৷ উপেনদাই ঠিক সময়তে মঞ্চত উঠিলে আৰু ঠিক সময়তে গান গোৱা শেষ কৰিলে৷ অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ আছিল সি৷ য’লৈকে যায় তাতে সি  তাৰ ওচৰৰ সকলোকে নিষ্প্ৰভ কৰা সূৰ্যটোৰ দৰে হৈ পৰে৷ সি আধা ঘণ্টামানৰ বাবেহে গান গোৱাৰ কথা আছিল৷ তথাপি তাক এবাৰ চাবৰ কাৰণে মানুহ হিলদল ভাঙি আহিল৷ অৱশ্যে নতুন কথা এয়া  নহয়৷ আজি দুকুৰি বছৰৰো অধিক সি গান গাইছে আৰু তাৰ গানেৰেই শিশু-ডেকা-বুঢ়া সকলোৰে মনৰ মাজত নিজৰ বাবে এটা ঘৰ সাজি লৈছে৷

সৰু অঞ্চলটোৰ সৰু অনুষ্ঠান এটালৈ সি নাহিবই বুলি বহুতে সন্দেহ কৰিছিল৷ সি এজন ডাঙৰ গায়কেই অকল নহয়, এজন ডাঙৰ শিল্পী আৰু বহুত কিবাকিবি৷ লিখা-মেলা, ছবি পৰিচালনা, ছবিৰ সংগীত পৰিচালনা, গীত গোৱা আৰু লিখা, গীতৰ সুৰ দিয়া,  আলোচনীৰ সম্পাদনা আৰু কত কি কাম তাৰ৷ অসমৰ আৰু বাহিৰৰ বিখ্যাত শিল্পী-সাহিত্যিকৰ লগতো তাৰ কাম-কাজ চলি থাকে৷ বাতৰিকাকতত তাৰ খবৰ ওলায়ে থাকে৷ গুণমুগ্ধ অসংখ্য লোকৰ লগতে দুই-এজন তাক বৰ বেয়াকৈ গালি পৰা মানুহো নোহোৱা নহয়৷ কিছুমানে অদ্ভুত অদ্ভুত কাৰণ উলিয়াই তাৰ মাজত একোৱেই ভাল বিচাৰি নোপোৱা হয়, আৰু সিহঁতে কেৱল তাৰ দোষ খোঁচৰে৷ পিছে সেইবোৰক সি বৰ এটা গুৰুত্ব নিদিয়ে বুলিয়েই ভাব হয়৷ ৰাইজেও তাৰ গালৈ কাকত-পত্ৰৰ ওখ ঠাইৰ পৰা বোকা ছটিয়াই ভাল পোৱা মানুহখিনিকলৈ মূৰ নঘমায়৷ হাতীয়ে ক’ৰবালৈ গ’লে পথৰ দুই-এটা কুকুৰেতো ভুকিবই৷

অনুষ্ঠানটোৰ কাম-কাজৰ লগত এইবাৰ ময়ো জড়িত হ’লোঁ৷ লগতে আদৰণি সমিতিৰো সদস্য৷ সেইবাবেই তাৰ ওচৰত গৈ থিয় হোৱাৰ সুযোগ পালোঁ৷ নহ’লে তাৰ কাষলৈ যাকে-তাকে আহিবলৈ দিয়া হোৱা নাছিল৷ ৰাইজে য’তে পায় তাতে তাক বুকুত সুমাই ল’ব খোজে৷ পিছে ইমানসোপা মানুহৰ মৰমৰ হেঁচাত সি চেপেটা লাগিবও পাৰে৷

আগেয়ে মোৰ এমূৰ জপৰা চুলি আছিল৷ তেল ঘহি, ষ্টাইল মাৰি ধুনীয়াকৈ ৰাখিছিলোঁ৷ কিন্তু মাজতে দুকুৰি বছৰেই পাৰ হৈ গ’ল৷ মূৰৰ চাৰিওফালে আৰু কাণৰ কাষত বেৰ এটাৰ দৰে কেইডালমান চুলিহে এতিয়াও বিদায় নোলোৱাকৈ কিন্তু যাওঁ যাওঁকৈ ৰৈ আছে৷ সেই কেইডালো বগা হৈ যোৱা কত বছৰ হ’ল তাৰ হিচাপ নাই৷ মানুহটোও অলপ শকত হ’লোঁ, পেটটো ওলাই গ’ল৷ বয়সতকৈ মোক বেছি বুঢ়া বুঢ়া যেন লাগে বুলি লগৰবোৰে কয়৷ কথাষাৰ শুনিলে ভাল নালাগে যদিও হাঁহি উৰুৱাই দি কওঁ - “চাকৰিৰ পৰা অৱসৰ পোৱাৰ সময় হ’লহি৷ এই সময়ত ডেকা হৈ থাকিওনো কিডাল কৰিম ?” 

সি কিন্তু চল্লিছ বছৰীয়া তজবজীয়া মানুহটোৱে হৈ আছে৷ মোক চিনি নাপাবও পাৰে বুলি ভাবিছিলোঁৱেই৷

চশমাৰ মাজেৰে মোৰ ফালে চাই সি হাঁহি এটা মাৰিলে৷ তাৰ কাষলৈ অহা অচিনাকি অইনসকলৰ ফালে চায়ো সি তেনেকৈয়ে হাঁহিছিল৷

“দাদা, মোক চিনি পাইছেনে?” সেমেনা-সেমেনিকৈ সুধিলোঁ৷ সিতো দুকুৰি বছৰৰ আগৰ আমাৰ ঘৰত ভাত-পানী খাই ৰাতি থাকি যোৱা, নদীলৈ গা ধুবলৈ গ’লে আমাকো লগত লৈ যোৱা উপেনদাটো নহয়৷ সি এতিয়া ডাঙৰ শিল্পী, সকলোৰে হিয়াৰ আমঠু, তাৰ গান আজি দুকুৰি বছৰে মানুহৰ মুখে মুখে৷ আমাৰ দৰে এলেকৰ পেলেকক পাহৰি যোৱাটো তাৰ বাবে অতি সহজ কথা৷

চশমাৰ মাজেৰে  মাজেৰে মোক আকৌ খুব ভালকৈ চালে৷ বুজিলোঁ সি একেবাৰেই ধৰিব পৰা নাই৷

মই কওঁ নকওঁকৈ আকৌ ক’লোঁ, “দাদা, মই তাৰিণী৷”

“তাৰিণী, তাৰিণী, মানে !” সি তথাপি মোক চিনি পোৱা নাছিল৷

“দাদা, আপোনাৰ বংশীধৰ খুৰা যে, তেওঁৰ ল’ৰা …৷”

“অঁ তই, বংশীখুৰাহঁতৰ তাৰিণী৷ তোক চিনিবই পৰা নাছিলোঁ দেখোন৷ অ’ কপাল !” সি জাঁপ মাৰি উঠি মোক সাৱটি ধৰিলে৷ ঠিক সৰুতে নদীলৈ গা ধুৱাবলৈ মোক কোলাত উঠোৱাৰ আগেয়ে সি সাৱটি ধৰা যেন অনুভৱ হ’ল৷ মানুহবোৰৰ আগত মোৰ অলপ লাজেই লাগিল৷

“দাদা, চিনিব নোৱাৰিবই৷ আপুনি গাঁও এৰি যোৱাৰ কিমান বছৰ পাৰ হৈ গ’ল৷ মই বুঢ়াই হ’লোঁ৷” চুলি নোহোৱা তালুত হাতখন ৰাখি ক’লোঁ৷

“এস্ ! কি কৱ তই৷ চাচোন মোক৷” সি পিন্ধি থকা টুপীটো খুলি তাৰ মূৰত দুবাৰমান খৰকৈ হাত ফুৰাই ক’লে৷ মোৰ দৰেই তাৰো মূৰৰ মাজভাগ খালি হৈ গৈছে৷ সেই কাৰণেই  কিজানি সি টুপীটো পিন্ধি থাকে৷ “চুলি কেতিয়াবাই পকিল৷ ৰং কৰি থাকোঁ৷” সি ডাঙৰকৈ প্ৰাণখোলা হাঁহি এটা মাৰিলে৷ তাৰ হাঁহিটো আগৰ দৰেই নিৰ্মল আৰু সৰল৷ 

সি মোক কাষতে বহুৱাই ল’লে৷ হুকুম দিয়াৰ সুৰত ক’লে, “পিছে গাঁৱৰ ল’ৰাটোৱে মোক ‘আপুনি’ বুলিছ আকৌ কিয় ? আগৰ দৰেই মাতিবি৷ নহ’লে দূৰৰ দূৰৰ লাগিব, বুজিলিতো৷”

মই হাঁহিলোঁ৷ ইমান ওখ হৈ যোৱাৰ পাছতো সি কিজানি এই মাটিৰ গোন্ধটো পাহৰি যোৱা নাই৷

“মহা-মাহীৰ কেনে ? কিমান বছৰ হ’ল, দেখাই নাই৷ ভালে আছেনে ?” সি সুধিলে৷

সুযোগ পাই তাৰ লগত এষাৰ-দুষাৰ কথা পাতিবলৈ ইজন-সিজনকৈ আহি ভিৰ কৰিছে৷ মই উত্তৰ দিয়াৰ আগতেই সি সেইসকলৰ লগত ব্যস্ত হৈ পৰিল৷ লক্ষ্য কৰিলোঁ, তাৰ কথা-বতৰাত একো ভেম নাই, অহংকাৰ নাই৷ সি যেন আমাৰ দৰেই এজন নিচেই সাধাৰণ মানুহহে৷

আই-পিতা ঢুকোৱাৰ বহু বছৰ হ’ল৷ উপেনদাই গম নাপায়৷ তেওঁলোক ঢুকোৱাৰ খবৰবোৰ তাক দিব নোৱাৰিলোঁ৷ দুকুৰি বছৰৰো আগেয়ে সি যি গান গাবলৈ ওলাই গ’ল তাৰ পাছত আমাৰ ঠাইলৈ আৰু তেনেকৈ ঘূৰি আহিবলৈ সময় উলিয়াবই নোৱাৰিলে৷ সি যাযাবৰ, অতি ব্যস্ত শিল্পী৷ গৈ লগ কৰাটো সহজ হৈ থকা নাছিল৷

আমাৰ ঘৰৰ পৰা পশ্চিমৰ নদীখনৰ দলং পাৰ হৈ অলপ দূৰ গ’লেই  উপেনদাহঁতৰ ঘৰ আছিল৷ আই উপেনদাহঁতৰ দূৰ সম্পৰ্কীয় মাহীয়েক৷ সি আৰু ভায়েক অনন্তও আমাৰ তালৈ  তেতিয়া আহিয়েই থাকে৷ গাঁৱৰ ভাওনা-সবাহ আদিত আমাৰ ঘৰত প্ৰায়ে ৰাতি থাকে, ভাত-পানী খায়৷ সেই সময়ত সি পুৱাতে উঠি বৰগীত গাইছিল৷ কি সুন্দৰ তাৰ কণ্ঠ, কি সুন্দৰ তাৰ সুৰ, “তেজৰে কমলাপতি, পৰভাতে নিন্দ …”৷ পিতাই শুনি বৰ ভাল পাইছিল৷ তাক আকৌ গাবলৈ কয়৷ সিও গাই যায়৷ অনন্ত তেতিয়া বৰ সৰু৷ কিন্তু সিও বৰ সুন্দৰকৈ দুটা-এটা গান মন গ’লে গাইছিল৷ মোক কেতিয়াবা উপেনদাই কান্ধত উঠাই নদীলৈ গা ধুবলৈ লগত নিছিল৷ নদীত সাঁতুৰি, গা ধুই থকা সময়খিনিতো  সি সংগীতময় হৈ চিঞৰি চিঞৰি গান গায়৷ আচলতে সি আৰু অনন্তই কিজানি গান তেজত লৈয়ে জনম লৈছিল৷

তাৰ বিশেষ এটা কথা মোৰ এতিয়াও মনত পৰে৷ বৰষুণ দিলে সি মন দি বৰষুণৰ শব্দ শুনে; আমি যেনেকৈ গান শুনো তেনেকৈ৷ বৰষুণতো বোলে গানৰ সুৰ থাকে৷ বতাহ-ধুমুহায়ো বোলে গান গাই থাকে যিটো আমি অলপ মন দিলেই শুনিব পাৰোঁ৷ এই কথাবোৰ সি আমাক প্ৰায়ে কৈছিল৷ 

সি পাছলৈ ভাল গায়ক হ’ব বুলি পিতাই আইক মাজে মাজে কোৱা শুনিছিলোঁ৷ তেওঁৰ কথাটো বৰ সুন্দৰকৈ ফলিয়ালে৷ কিন্তু সি ইমান ডাঙৰ এজন গায়ক-শিল্পী হ’ব বুলি বোধহয় আমাৰ ঠাইখনৰ কোনেও ভাবিবই পৰা নাছিল৷ অকল সিয়েইতো নহয়, অনন্তয়ো তাৰ দৰেই ডাঙৰ গায়ক এজন হৈ কাললৈ অলেখ মানুহৰ মন জিনি থৈ গ’ল৷

হঠাতে সি মোৰ ফালে চাই ক’লে, “আজি তহঁতৰ ঘৰতে ভাত খাম৷ মাহীৰ হাতৰ আঞ্জা-ভাতৰ সোৱাদ মুখত লাগি আছে অ’৷ আৰু জুই পুৱাই পুৱাই মেল মাৰি আলু পুৰি খাইছিলোঁ যে !”

মই কিবা কোৱাৰ আগতেই সি আকৌ ছাত্ৰ কেইজনমানৰ লগত কিবা কথাত ব্যস্ত হৈ পৰিল৷ চিন্তা এটাত পৰিলোঁ৷ ওচৰৰ টাউনৰ ভাল হোটেল এখনত তাৰ আৰু লগত অহা কেইজনৰ থকাৰ ব্যৱস্থা কৰা আছে৷ সি মোৰ ঘৰত গৈ থাকিলে অসুবিধা নাপাবনে ? তাৰ দৰে বিখ্যাত শিল্পী-গায়ক এজনক খুৱাবলৈ মোৰ ঘৰত আছেনো কি ? ঘৰৰ কোনখন বিছনাত তাক শুবলৈ দিম ?

কিন্তু সি আগৰ পৰাই খেয়ালী মনৰ মানুহ৷ মই কথাবোৰ ভাবি থাকোঁতেই ঘপহকৈ উঠি ক’লে, “ব’ল তহঁতৰ ঘৰলৈ যাওঁ৷ দেৰি নকৰোঁ৷ কাইলৈ পুৱা সোনকালেই যাব লাগিব নহয়৷”

লগত অহা কেইজন হোটেলতে থাকিব৷ গাড়ীৰ কাষলৈকে তাক আগবঢ়াই দিবলৈ জাকে জাকে মানুহবোৰ আহিল৷ সি সকলোকে নমস্কাৰ জনাই বিদায় লৈ গাড়ী ষ্টাৰ্ট কৰিলে৷


গৰুগাড়ীৰ বেগত গাড়ীখন আগ বাঢ়িছিল৷

“ইমান লাহে লাহে চলাইছ কিয় ?” মই অলপ আচৰিতেই হৈছিলোঁ৷

“একো নহয় অ’৷ পথাৰখন, ঘৰবোৰ আৰু ৰাস্তাটো ভালকৈ চাইছোঁ৷ ময়ো ইয়াতে আছিলোঁতো এদিন৷ আৰুবা কেতিয়া এইবোৰ দেখা পাওঁ৷ কিজানি দেখা নাপাৱেঁই৷” সি হাঁহি কথাষাৰ কৈছিল যদিও তাক কিবা উদাস উদাস যেন লাগিল৷

জোনাকেৰে গোটেইখন ভৰি পৰিছিল৷ মই আই-পিতা কেতিয়াবাই পাৰ হোৱাৰ কথাটো ক’লোঁ৷ তাৰ মনটো যেন সেমেকি আহিল৷ কিন্তু সহজ সুৰতে ক’লে, “লগ পাম বুলি ভাবিছিলোঁ৷ কিন্তু মোৰেই আহোঁতে দেৰি হৈ গ’ল দে৷”

বাটত আমাৰ উচ্চতৰ মাধ্যমিক স্কুলখন পৰে৷ আমাৰ স্কুল বুলি এই কাৰণেই ক’লোঁ, তাতেই উপেনদা, মই, অনন্ত আৰু মোৰ ভাই দুটাই পঢ়িছিলোঁ৷ অৱশ্যে আমি ভৰ্তি হোৱাৰ আগেয়েই সি স্কুল এৰি কলেজ পাইছিল আৰু আমি স্কুল এৰাৰ আগতে সি বিশ্ববিদ্যালয় পাৰ হৈ, কিছুদিনলৈ গান গাবলৈ এৰি আকৌ কিবা পঢ়িবলৈ বিদেশ পাইছিলগৈ৷

স্কুলৰ আগত সি গাড়ী ৰখাই নামি গ’ল৷ ময়ো লগতে নামিলোঁ৷ লোহাৰ গেটখনৰ চেঁচা হৈ থকা ৰদ দুডাল হাতেৰে ধৰি মুখখন গভীৰ কৰি সি থিয় হৈ ৰ’ল৷ আৰু তেতিয়াই ফাংশ্বনৰ পৰা অনন্তৰ গান এটাৰ কলিবোৰ আমাৰ কাষেৰে বতাহত ভাহি যাবলৈ ধৰিলে৷ তাৰ মুখলৈ চালোঁ৷ সি মন দি গানটো যেন শুনিবলৈ চেষ্টা কৰিছে৷ তাৰ মুখখন গভীৰ হৈয়ে থাকিল ; একো পৰিৱৰ্তন দেখা নাপালোঁ৷ অনন্তৰ কথা তাৰ মনত পৰি থাকেনে ? মনত পৰিলে দুখ লাগেনে ?

স্কুলৰ সম্মুখৰ মুকলি ঠাইখিনিলৈ দেখুৱাই ক’লোঁ, “তাতে আমি প্ৰাৰ্থনা কৰিছিলোঁ৷ তোৰ মনত আছেনে দাদা ?”

সি মূৰ দুপিয়ালে, “সেইবোৰ কেনেকৈ পাহৰিম ?”

“অনন্তই কি ধুনীয়াকৈ প্ৰাৰ্থনা লগাই দিছিল৷ তালৈ কেতিয়াবা বৰকৈ মনত পৰে দাদা৷ কিয় যে ইমান সোনকালে গুচি গ’ল ?” নকওঁ বুলি ভাবি থকা কথাষাৰেই হঠাত মুখৰ পৰা ওলাই গ’ল৷

সি একো নকৈ আকৌ মূৰ দুপিয়ালে৷ আগৰ কথাবোৰেৰে মোৰ মন ভৰি পৰিল৷ হাফপেণ্ট পিন্ধি অনন্ত স্কুললৈ আহে, তাৰ মাতটো বৰ ভাল কাৰণে হেডছাৰে প্ৰায়ে তাক প্ৰাৰ্থনা লগাই দিবলৈ কয়৷ এদিন সি উপেনদাৰ লগত গান গাবলৈ গুচি যায়৷ … 

এই সকলোবোৰ যেন দুদিন আগতেহে ঘটি গৈছে৷ অথচ মাজতে কত বছৰ পাৰ হৈ গ’ল !

অনন্তই শিল্পীৰ দল এটা কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গান গাই ঘূৰি ফুৰিছিল৷ তাৰ হৃদয় পৰশা গানবোৰ মানুহে নাপাহৰে, পাহৰিব নোৱাৰে৷ সেইবোৰ মানুহৰ বুকুত লাগি ৰৈ গৈছে, বুকুত লাগিয়েই থাকিব৷

 

আমি আকৌ গাড়ীত আহি বহিছিলোঁ৷

“তই আজিকালি কবিতা লিখনে ?” সি সুধিলে৷

“নাই, নিলিখোঁ৷” 

হাইস্কুলৰ পৰাই মই কবিতা লিখিছিলোঁ আৰু পাছলৈ বাতৰিকাকত আৰু আলোচনীত দুই-এটা প্ৰকাশো হৈছিল৷ সেই দিনবোৰত পৃথিৱীখন বৰ সহজ আছিল, বৰ ৰোমাণ্টিক আছিল৷ কিন্তু কেতিয়া যে ৰূপ সলাই পৃথিৱী কৰ্কশ গদ্যময় হৈ পৰিল ধৰিবই নোৱাৰিলোঁ৷ কবিতাৰ কিতাপ এখন উলিয়াম বুলি তেতিয়া ভাবি আছিলোঁ৷ ভাবি থাকোঁতেই দিনবোৰ, বছৰবোৰ পাৰ হৈ গ’ল আৰু মই লিখা কবিতাবোৰো হেৰাই থাকিল৷ এতিয়া বহু চেষ্টা কৰিলেও সেইবোৰৰ এটা শাৰীও মনলৈ নাহে৷ আৰু নতুনকৈ কবিতাতো মনলৈ নাহেই৷ কৰ্কশ পৃথিৱীখনৰ দৰেই ময়ো আজি এটা গদ্যময় মানুহহে৷

“লিখিব লাগে৷ কিয় নিলিখ?” সি অন্যমনস্ক হৈ সি স্কুলৰ ফালে চাই থাকিল অলপ পৰ৷ তাৰ পাছত সোঁহাতৰ তৰ্জনীৰে বুকুত বৃত্তৰ দৰে কিবা এটা আঁকি ক’লে, “চা, মোৰ এইখিনি শূন্য হৈ গৈছে৷ আৰু শূন্যটো ডাঙৰ হৈয়ে গৈ আছে৷ কিন্তু এই শূন্যতে আছে এখন তীৰ্থস্থান৷”

সি কি বুজাব খুজিছিল ধৰিব নোৱাৰিলোঁ৷ গানবোৰৰ দৰেই তাৰ কথাবোৰো কেতিয়াবা কাব্যময় হৈ পৰে৷ বোধহয় স্কুলৰ দিনবোৰলৈ মনত পৰি তাৰ বেয়া লাগিছিল৷

ঘৰ যেতিয়া পাওঁ তেতিয়া শ্ৰীমতীয়ে ধন মানে মোৰ প্ৰাইমাৰী স্কুললৈ যাবলৈ আৰম্ভ কৰা নাতিটোৰ লগত বহি চোতালতে জুই পুৱাই আছে৷ স্কুল বন্ধৰ কাৰণে দেউতাকে তাক ইয়াতে দুদিনমান থাকি যাবলৈ থৈ গৈছিল৷ 

পদূলিৰ ৰোৱা ডাঙৰ গাড়ীখনলৈ সিহঁতে চকু বহল কৰি চাইছিল৷ মোৰ লগত নমা মানুহজন যিমানে ওচৰ চাপি আহিল সিমানেই শ্ৰীমতীৰ চকু দুটা বহল হৈ যাবলৈ ধৰিলে৷ তেওঁ যেন একো বিশ্বাসেই কৰিব পৰা নাই৷ 

মোৰ বুকুখন ক’ব নোৱৰাকৈ ফুলি উঠিল৷ কি বুলি ভাবিছে শ্ৰীমতীয়ে মোক, এলা-পেচা মানুহ নেকি মই ? মোৰ আই উপেনদাৰ মাহীয়েক আছিল, আমাৰ ঘৰখন উপেনদাহঁতৰ নিজৰ ঘৰৰ দৰে আছিল৷ কত দিন উপেনদা আৰু অনন্তই আমাৰ ঘৰত থাকি গৈছে, ভাত খাই গৈছে !

 শ্ৰীমতীয়ে গোটেই অসমৰ হিয়াৰ আমঠুজনক এতিয়া কি খুৱাব, কি পিন্ধিবলৈ দিব, ক’ত শুবলৈ দিব ? তেওঁ অস্থিৰ হ’ল৷ হ’বৰ কথাই৷ দেৱতাজনক আদৰিবলৈ মূৰা ঘৰখনতনো আছে কিটো ? কথাটোৱে মোকো ইতিমধ্যে চিন্তাত পেলাই থৈছিলেই৷

সি শ্ৰীমতীৰ মনৰ অৱস্থাটো ধৰিব পাৰিলে৷ হোহোৱাই হাঁহি ক’লে, “তোমালোকে যি খোৱা তাকে খাম৷ খুব সাধাৰণভাৱে ঘৰৰ এসাঁজ খাবৰ মন গৈছে৷ হোটেলত আৰু এই প্ৰ’গ্ৰামবোৰত খাই খাই আমুৱাই গৈছে৷ কেতিয়াবা নিজে ৰান্ধি খাবলৈ মন যায়৷ কিন্তু সময় নাপাওঁ৷ সুবিধাও নহয়৷”

 সি বাথৰূমত হাত-মুখ ধুবলৈ সোমাল৷ মই সেই ছেগতে শ্ৰীমতীক পাগঘৰত কিবা সহায় কৰিব পাৰিম নেকি সুধিলোঁগৈ৷ তেওঁ চকুৰেই মোক ডাবি মাৰি, “নাই, একো দৰকাৰ নাই৷ সহায় কৰি বৰ ফটাব নালাগে৷” ধৰণৰ ইংগিতেৰে মূৰ জোকাৰিলে৷ তেওঁক মহা বিপদত পেলালোঁ মই৷ কিন্তু তাৰ দৰে বিখ্যাত মানুহ এজনে হঠাতে মোৰ দৰে অপদাৰ্থ এটাৰ ঘৰত থাকিবলৈ ওলাব বুলি কেনেকৈ জানিব পাৰোঁ মই?

জুইৰ কাষত বহি সি ধনক কোলাত তুলি লৈ কিবাকিবি কৈছিল৷ তেতিয়াহে সি মোৰ ঘৰ-সংসাৰৰ কথা সুধিলে৷

ভাই দুটাই কেতিয়াবাই নগৰত ঘৰ-বাৰী কৰি উঠি গ’ল৷ ল’ৰাটোৰ কথাও ক’লোঁ৷ বহু চেষ্টাৰ পাছত চাকৰি এটা পালে৷ নিজে চাই ছোৱালী আনিলে৷ এতিয়া সি পৰিয়াল তাৰ অফিচৰ কাষতে ভাড়াঘৰত থাকে৷ তাতেই মাটি অলপ লৈ ঘৰ এটা সজাৰ কথা চিন্তা কৰি আছে৷

উপেনদাৰ কথাবোৰ অসমখনে জানে৷ কিন্তু নজনা কথাও বহুত আছে৷ বিদেশত থাকোঁতেই সি বাহিৰৰ এজনী বিয়া কৰাইছিল৷ ল’ৰা এটাও হ’ল৷ কিন্তু সি পৰিয়াল তাতে এৰি ঘূৰি আহিল৷ ল’ৰা-তিৰোতাৰ লগত তাৰ এতিয়াও সম্পৰ্ক আছেনে ? তাৰ পৰিয়ালৰ কথা সুধিবৰ মন এটা হৈছিল৷ কিন্তু নুসুধিলোঁ৷ শিল্পী মানুহৰ জীৱন আমাৰ দৰে ঘটিৰামবোৰৰ হিচাপত জোখ-মাখ কৰিবলৈ যোৱাটো উচিত নহয়৷

নাৰিকল দিয়া টেকেলি পিঠাৰে শ্ৰীমতীয়ে ডাঙৰ ডাঙৰ কাপত আমাক চাহ দি গৈছিল৷ উপেনদাই টেকেলি পিঠা আগেয়ে বৰ ভাল পাইছিল৷ সেই কথাবোৰ শ্ৰীমতীয়ে মোৰ মুখৰ পৰা বহুবাৰ শুনিছে৷ আজিকালি পিছে সি বিখ্যাত অন্য এজন মানুহ৷ কিন্তু খোৱাৰ ধৰণ দেখি গম পালোঁ ডেকাকালৰ জুটিবোৰ এতিয়া তাৰ জিভাই পাহৰি যোৱা নাই৷

 

ধনৰ টোপনি ধৰিছিল৷ শ্ৰীমতীয়ে তাক উঠাই নি ভাত খুৱাই শুৱাই থ’লেগৈ৷

জুইত আকৌ মই খৰি জাপি দিলোঁ৷

জোনাকত দূৰৰ পাহাৰখন ঢাকিব খোজা কুঁৱলিবোৰ মেঘ যেন লাগিছিল৷ ফাংশ্বনৰ পৰা কোনোবাই গোৱা উপেনদাৰ গান এটাৰ কলি ভাহি আহিছিল৷

“তহঁতৰ খেৰীঘৰ দুটা ভাঙি পেলালি ?” সেই ফালে মন নিদি সি সুধিলে৷

“কেতিয়াবাই ভাঙিলোঁ৷ ল’ৰাটোৱে থাকিব বুলি এইটো বান্ধিলোঁ৷” পকীঘৰটোলৈ আঙুলিয়াই ক’লোঁ৷ 

“অঁ, হয় দে৷ পুৰণি মানুহবোৰেই ৰৈ থাকিব নোৱাৰে৷ পুৰণি ঘৰবোৰ ক’ত থাকিব ?” সি ক’লে৷

“কথাটো সঁচা৷” মই শলাগিলোঁ৷

সি উদাসভাৱে হাঁহিলে৷ অলপ ৰৈ কিবা ভাবি সৰুকৈ ক’লে, “গাড়ীত বটল এটা আছে৷ অলপ খাব পাৰিলে ভাল আছিল৷ কিন্তু তোমাৰ এওঁ আকৌ বেয়া পাব নহয়৷ তোৰতো সেইবোৰ নচলে কিজানি ?”

“নাই, নাই৷ মই নাখাওঁ৷” মই মিছা মাতিলোঁ৷ মাজে মাজে ময়ো সুযোগ-সুবিধা পালে সেইটুপি অলপ নধৰা নহয়৷ শ্ৰীমতীয়েহে মুখত নাওমান গোন্ধ পালেই মহাভাৰত আৰম্ভ কৰি দিয়ে৷ 

সি মদ অলপ বেছিকৈয়ে খায় কিজানি৷ মঞ্চতো কেতিয়াবা ঢলংপলংকৈ উঠি গান গায় বুলি কাকতে-পত্ৰই পঢ়া মনত পৰে৷

“মহা, আৰু মাহীৰ কথা মনত পৰিছে অ’৷” তাৰ মাতটো বৰ গহীন৷ 

মই তাৰ মুখলৈ চালোঁ৷ জুইৰ পোহৰত মুখৰ ৰেখাবোৰ স্পষ্ট হৈ আহিছে৷ জুইৰ মাজেৰে সি যেন বহু দূৰলৈ, বহু বছৰ আগৰ ক’ৰবালৈ চাই পঠিয়াইছে৷

মই একো নক’লোঁ৷ আই-পিতাৰ কথা, পাৰ হৈ যোৱা সেই দিনবোৰৰ কথা মনত পৰিল৷ উপেনদাহঁত আহিলে কেতিয়াবা এনেকৈয়ে নিশা জুই একুৰা জ্বলাই লৈ আমি চাৰিওফালে বহিছিলোঁ৷ আই-পিতা, ভাই দুটা, উপেনদা, অনন্ত৷ আৰু আজি? উপেনদা আৰু মোৰ লগত বহি আছে কেৱল শূন্যতা আৰু সেই শূন্যতা যেন সোঁৱৰণিবোৰে অধিক গভীৰ কৰি তুলিছে৷  

“সিহঁত কিজানি ইয়াতেই আছে৷ সেই কাৰণেই কওঁ”, সি চাৰিওফালে সোঁহাতখন ঘূৰাই দেখুৱাই ক’লে, “ইয়াতেই আছে এখন তীৰ্থস্থান৷”

ক’ব নোৱৰাকৈয়ে মনটো উৰুঙা উৰুঙা হৈ গ’ল৷ 

নদীপাৰৰ উপেনদাহঁতৰ ঘৰ-মাটি কেতিয়াবাই সি বিক্ৰী কৰিলে৷ এতিয়া তাতে এটা তিনিমহলীয়া বিল্ডিং উঠিছে৷ সি চাবলৈ যাব নেকি এবাৰ, সুধিলোঁ৷

“নাযাওঁ দে৷ চাইনো আৰু কি কৰিম৷” সি মূৰ জোকাৰিলে৷

 

সি তৃপ্তিৰে ভাতসাঁজ খালে৷ আলু-বেঙেনাপোৰাৰ পিতিকা, লেচেৰা ভজা, দাইলত দিয়া কঠালগুটিৰে সাধাৰণ এসাঁজ ভাত৷

“মই ভালপোৱা বস্তুবোৰকেই ৰান্ধিলা দেখোন ?” প্ৰাণখোলা হাঁহি এটা মাৰি শ্ৰীমতীক সুধিছিল সি৷

“আপোনাৰ কথাবোৰ এওঁ কৈয়ে থাকে নহয়৷ মই ভাবিলোঁ দাদা, আপুনি কিজানি ভাল পাব৷” শ্ৰীমতীয়ে কৈছিল৷

 

কাম-কাজ অঁটাই ধনে সাৰ পালে ভয় খাব পাৰে বুলি শ্ৰীমতীয়ে গৈ তাৰ কাষতে শুইছিলগৈ৷ উপেনদাই চোতালত কিছুসময় একো-এটা নোকোৱাকৈ খোজ কাঢ়িলে৷ তাৰ পাছত নুমাই যোৱা জুইকুৰাৰ আঙঠাবোৰৰ কাষত বহিল৷ ময়ো কাষতে বহিলোঁ৷

“চা৷” সি পাহাৰখনলৈ দেখুৱাই ক’লে৷ “পাহাৰখনৰ দৰে সদায় একে ঠাইতেই থাকোঁ বুলিলেও আমি থাকিব নোৱাৰোঁ৷ যোৱাৰ সময় আহে৷”

সি কি বুজাব খুজিছে ধৰিব নোৱাৰিলোঁ৷ এনেয়ে শলাগিলোঁ৷ 

“কিন্তু যোৱাবোৰ একেবাৰে গুচি নাযায়৷” সি মোৰ বুকুৰ ওপৰত সোঁহাতৰ তৰ্জনীৰে এটা বৃত্ত আঁকিলে৷ “সিহঁতৰ অলপমান ইয়াতেই থাকি যায়৷”

শ্ৰীমতীয়ে মোৰ শোৱাকোঠাৰ কাষৰ কোঠাটোতেই তাৰ বিছনা ঠিক কৰি থৈছিল৷ নতুন খমখমীয়া চাদৰ পাৰিছিল, গাৰুত নতুন গিলিপ লগাইছিল, আৰু খিৰিকিৰ পৰ্দাবোৰো সলাই থৈছিল তেওঁ৷ নতুন টেবুলক্লথ পাৰি থোৱা টেবুলখনত গৰম পানীৰ ফ্লাস্ক এটা৷ সি শুবলৈ লৈ কৈছিল, “ভাগৰ লাগিছে, কিন্তু টোপনি কিজানি নাহিবই সোনকালে৷”

ময়ো মোৰ কোঠাৰ বিছনাত পৰি লেপখন টানি ল’লোঁ গায়ে-মূৰে৷ খিৰিকিৰ পৰ্দাৰ ফাঁকেৰে দূৰৰ পাহাৰখনলৈ কিছুসময় চাই থাকিলোঁ৷ মনটো খালি খালি লাগি গ’ল৷ আই-পিতাৰ কথা বৰকৈ মনলৈ আহিবলৈ ধৰিলে৷ সিহঁত গুচি যোৱাৰ কত বছৰ হ’ল? এই ঘৰখন আগেয়ে হাঁহি-খিকিন্দালিৰে ভৰি থাকিছিল৷ আগৰ খেৰীঘৰ দুটাতকৈ বহু ডাঙৰকৈ পকীঘৰটো সজালোঁ৷ কিন্তু থাকোঁ মই আৰু শ্ৰীমতীয়েহে৷ মাজে মাজে দুই-তিনিদিন ল’ৰাটোৱে পৰিয়ালটো লৈ আহি থাকি যায়৷ এই দুদিন ধন থকাৰ কাৰণেই ঘৰখন অলপ জাগি আছে৷ এনেয়ে গোটেইখনে আমন-জিমনকৈ বহি থকা যেন লাগে৷ উপেনদাৰ কথাই ঠিক৷ পাহাৰৰ দৰে মানুহে ৰৈ যাওঁ বুলিও একে ঠাইতে ৰৈ যাব নোৱাৰে৷ 

 

লাহে লাহে মোৰ চকু দুটা মুদ খাই আহিবলৈ ধৰিছিল৷

 

গভীৰ টোপনিৰ পৰা কিবা এটা শব্দত সাৰ পালোঁ৷ আন্ধাৰত দেৱাল ঘড়ীটোৰ কাটা দুডাল জিলিকি আছিল৷ আঢ়ৈ বাজি গৈছে৷

ফাংশ্বনৰ ফালৰ পৰা অনন্তৰ গান এটাৰ কলিবোৰ ভাহি আহি আছে৷ কিয় জানো মোৰ বৰ ভাল লগা গানটোৱে আজি কলিজাটো শালি যাবলৈ ধৰিলে৷ “পৃথিৱী তোমাৰ পথেৰেই ওলালোঁ আজি, নাজানো এই পথেৰে আহিমনে উভতি …৷”  হয়, ওলাই যোৱা বাটটোৰে সি যি গ’ল আৰু উভতি নাহিল৷ কোন কেতিয়া গুচি যায় তাৰ ঠিকনা নাথাকে৷ কিন্তু, উপেনদাই কোৱাৰ দৰে, যোৱাবোৰে কিবা অলপমান আমাৰ ক’ৰবাত এৰি থৈ যায়৷

  

শব্দটো স্পষ্ট হৈ আহিল৷ উপেনদাই শুই থকা কোঠাৰ পৰাই শব্দটো আহিছে৷ কোনোবাই যেন কান্দিছে৷ কি হ’ল? গাড়ীৰ পৰা বটলটো আনি সি অলপমান ধৰি ল’লে নেকি?

অনন্তৰ গানটো শেষ হ’ল৷ কিন্তু কন্দাৰ শব্দটো তেতিয়াও বন্ধ হোৱা নাই৷

বেলেগ এটা গান ভাহি আহিবলৈ ধৰিলে৷ অনন্তৰে আৰু এটা গান৷ 

কন্দাৰ শব্দটো ডাঙৰ হৈ আহিল৷ সৰু ল’ৰা এটাৰ দৰে যেন কোনোবা কান্দিছে৷ কাষত নিচুকাবলৈ যেন কোনো নাই৷

জাঁপ মাৰি বিছনাৰ পৰা উঠিলোঁ৷ বাহিৰলৈ ওলাই গৈ উপেনদা শুই থকা কোঠাৰ দুৱাৰত টুকুৰিয়ালোঁ৷ “উপেনদা, অ’ উপেনদা …৷”

কন্দাৰ শব্দ বন্ধ হ’ল৷

 

অলপ পাছত উপেনদাই দুৱাৰখন খুলি দিলে৷ শ্ৰীমতীয়ে দিয়া খমখমীয়া এৰী চাদৰখন সি গাত মেৰিয়াই লৈ আছে৷

“উপেনদা?”

“আহ, ভিতৰলৈ আহ৷” তাৰ মাতটো সেমেকা৷ সি লাহে লাহে বিছনাত গৈ বহিল৷ 

ময়ো গ’লোঁ ভিতৰলৈ৷ খিৰিকিৰ পৰ্দাকেইখন এফালে টানি থোৱা আছে৷ কুঁৱলি ফালি অহা ম্লান জোনাক কোঠাটোৰ চাৰিওফালে সিঁচৰতি হৈ পৰিছে৷ দূৰৰ পাহাৰখন ধোঁৱাৰ দৰে অস্পষ্টকৈ দেখা গৈছে৷

লাইটটো জ্বলাই দিলোঁ৷ উপেনদাৰ চকু দুটা ৰঙা পৰিছে৷ গাল-মুখৰ চকুপানীৰ দাগবোৰ ভালকৈ মচি পেলাবলৈ সি কিজানি চেষ্টাই কৰা নাই৷

দূৰৰ পৰা গানৰ কলিবোৰ ভাহি আহিছে - “আমাৰ অহা-যোৱাৰ স’তে, ক’তেনো ঋতুৰ অহা-যোৱা মিলে …৷”

টেবুলখনলৈ চকু গ’ল৷ তাত উপেনদাৰ ঘড়ীটো, চশমাযোৰ আৰু টুপীটো৷ সেইবোৰৰ কাষতেই এখন সৰু বন্ধোৱা পুৰণি, প্ৰায় চিনিব নোৱৰা হৈ যোৱা ফটো চশমাযোৰত ভেজা দি থিয় হৈ আছে৷ সেইখন অনন্তৰ ফটো৷ বোধহয় হায়াৰ চেকেণ্ডাৰীৰ শেষৰ শ্ৰেণীত পঢ়াৰ সময়ৰ ফটো হ’ব৷

 

মই তাৰ ফালে চালোঁ৷ সি বাঁওহাতেৰে চকু দুটা ঢাকি ধৰিছে৷ অনন্তৰ গানৰ কলিবোৰে আজি যেন খুব গভীৰ হৈ আমাক খুন্দিয়াই গৈ আছে  -


“যি বাটে বসন্ত আহে

সেই বাটেই উৰি গুচি গ’ল

ছাই হৈ গ’ল 

গছৰ হেজাৰ শুকান পাত …৷”


এখন হাত এৰী চাদৰৰ তলেৰে বুকুৰ ওপৰত ৰাখি সি ওঁঠ দুটা চেপি ধৰিছে৷

আৰু মোৰ ভাব হ’ল, - সকলোৰে বুকুত এটা শূন্য থাকে৷ তাৰ বুকুতো আছে এটা শূন্য৷ আৰু সেই শূন্য এখন তীৰ্থস্থান৷ 

 

------

 

 

লেখকৰ ঠিকনা:

সানভি সংকল্পম

নাগোণ্ডানাহালি

বাঙ্গালোৰ
ম’বাইল - ৮৭৬২২২৬৩৪৮

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ