অন্যযুগ/


হিয়া

 যশোৱন্ত নিপুণ

 

সিদিনা চাহ-দোকানখনৰ সম্মুখত ৰমেশক লগ পালোঁ৷ বেছ কিছুদিনৰ পাছত লগ পালোঁ কাৰণে ক’লোঁ বোলে চাহ একাপ‌ খাওঁ একেলগে৷ পিছে তাৰ বৰ খৰ-ধৰ৷ কথাটো কি?

“ৰত্নদা মৰিল পুৱাই৷ খৰি দিবলৈ যাব লাগিব৷” সি উত্তৰ দিছিল৷

মই আচৰিত হৈছিলোঁ৷ বিহুৰ খেল চাবলৈ যাওঁতে ৰত্নখুৰাক লগ পাইছিলোঁ৷ তাক অলপ দুৰ্বল যেন লাগিছিল, চকুৰেও ভালকৈ মনিব পৰা নাছিল৷ কিন্তু দুমাহ পাছতেই এনেকৈ মৰি থাকিব বুলিনো কোনে ভাবিব পাৰে?

“বয়স আশীমানেই হৈছিল৷ এনে বয়সত কেতিয়া কি হয় একো ঠিক নাথাকে৷ সেই কাৰণেই আৰু৷” ৰমেশে কৈছিল৷

হ’লেও হৰেশ্বৰখুৰা, মানে ৰত্নখুৰাৰ ককায়েকজনতো এতিয়াও ভালেই আছে৷

“ক’তনো ভালে আছে অ’৷ আজি দুবছৰে সিও বেছিভাগ বিছনাতেই পৰি থাকে৷” ৰমেশে কৈছিল৷

মই দময়ন্তী মাহীৰ খবৰ ল’বলৈ যাম বুলিহে ওলাই আহিছিলোঁ৷ সেইটো প্লেন সিদিনালৈ বাদ দি ৰমেশৰ লগতেই পথাৰৰ মাজেৰে চাইকেল মাৰিলোঁ৷ গাঁও এৰি টাউনৰ কাষলৈ অহাৰ মোৰ পঁচিছ বছৰমানেই হ’ল কিন্তু সৰু কালৰ গাঁওখন এৰিব নোৱাৰোঁ৷ বিহুৱে-তিথিয়ে, মেলে-মিটিঙে গাওঁলৈ আহিয়েই থাকোঁ৷ ৰত্নখুৰাৰ শেষ যাত্ৰাত বিদায় জনাই আহিবৰো মন গৈছিল৷

পথাৰৰ ৰাস্তাটোৰে দুয়ো গাঁৱলৈ বাট পোনাইছিলোঁ৷ ৰাস্তাতে লাগি থকা খুৰাহঁতৰ নিজৰ মাটিত খৰি দিয়াৰ যো-জা চলি আছিল৷ মই তাতেই ৰৈ গ’লোঁ৷ ৰমেশে চিতাত তাৰ ফালৰ পৰা দিবলৈ বাঁহ এটুকুৰা আনিবলৈ ঘৰলৈকে বেগত চাইকেল মাৰিলে৷

দূৰৰ নগৰত থকা ডাঙৰ ভতিজাক আহি পাওঁতে সময় লাগিল৷ সি আহি নোপোৱালৈকে শৱ নুলিয়াবলৈ সি ফোনত কৈছিল৷ সেই কাৰণে শৱ ঘৰৰ পৰা উলিয়াওঁতে দেৰি হ’ল৷ ঢাৰি এখনত ফুলাম কাপোৰেৰে খুৰাৰ শৰীৰটো ঢাকি থোৱা আছিল৷ আধা মেল খাই থকা চকু দুটা বৰ শান্ত হৈ আছিল৷ সি দেখাই-দৰ্পণে বৰ ভাল নাছিল৷ কিন্তু সিদিনা বয়সে আঁচোৰা সোতোৰা পৰা মুখখন সৰু ল’ৰা এটাৰ সৰল ধুনীয়া মুখ যেন লাগিছিল৷ ক’ৰবাত খেলি খেলি ভাগৰি পৰি কাপোৰ এখন ডিঙিলৈকে টানি লৈ সি শুবলৈহে ওলাইছিল যেন৷ তাৰ শান্ত, নীৰৱ মুখখনলৈ চাই মোৰ মনটোও অলপ উদাস হৈ গৈছিল!

ৰমেনকাহঁতৰ বাৰীৰ ছনমাটিত বিহু উপলক্ষে আয়োজন কৰা খেল চাই থাকোঁতে তাক শেষবাৰ লগ পাইছিলোঁ৷ সি মোৰ কাষতে ক’ৰবাৰ পৰা আহি বহিছিল৷ মোক ভালকৈ চিনিব পৰা নাছিল৷ মোৰ মুখলৈ চাই বাৰে বাৰে কিবা ক’ব খুজিও ৰৈ গৈছিল৷ মই বোলোঁ কি ক’ব খুজিছ নকৱ কিয়? তেতিয়া সি সেমেনা সেমেনি কৰি কৈছিল, “তোৰ চকুযোৰ দিবি নেকি মোক?”

মই প্ৰথমতে আচৰিত হৈছিলোঁ৷ কিনো সুধিছে মোক সি? কিন্তু অলপ পাছতে তাৰ কথাৰ অৰ্থ বুজি পাই হাঁহিছিলোঁ৷ সি আচলতে মোৰ চশমাযোৰ খুজিছিল৷ সি চকুৰে ভালকৈ নেদেখা হৈছিল বুলি গম পাইছিলোঁ৷ মই বুজাই কৈছিলোঁ বোলে চকু পৰীক্ষা কৰি, চকুৰ পাৱাৰ চাই-মেলিহে চশমা ল’ব লাগে, এনেয়ে ল’লে একো লাভ নহয়৷ সি মুখখন মেলি মোৰ কথাবোৰ শুনি গৈছিল যদিও কিবা বুজিব পাৰিছিল বুলি ধৰিব পৰা নাছিলোঁ৷ কাষতে বহি থকা মোৰ লগৰে বিপুলে কৈছিল ডাক্তৰে দিয়া চশমা এযোৰ তাৰ আছেই৷ পিন্ধি আহিবলৈহে সি প্ৰায়ে পাহৰি থাকে৷ ৰত্নখুৰাৰ শৰীৰটো বয়সৰ হিচাপত ভালেই আছিল যদিও চকুযোৰৰ দৰে মানসিকভাৱেও সি কিছু দুৰ্বল হৈ পৰিছিল৷ আমাৰ লগত বহি খেল চাই আছিল যদিও তাৰ মনটো যেন সেইদিনা ক’ৰবাত দিহিঙে-দিপাঙে ঘূৰি ফুৰিছিল৷ আমি কিবা সুধিলেও সি যেন একোৱেই বুজিব পৰা নাছিল৷ সি কিবা উত্তৰ দিছিল যদিও তাৰ কথাবোৰ বৰ আগ-গুৰি নোহোৱা ধৰণৰ আছিল৷ সিদিনা মোৰ বহু বছৰৰ আগৰ কথা এটা মনত পৰি বেয়া লাগিছিল৷

পিতা আমি সৰু থাকোঁতেই মৰি গৈছিল কাৰণে গাঁৱৰ কিছুমানে আমাক সুবিধা পালেই খুন্দিয়াইছিল৷ হলা গছ বুলিলে বাগী কুঠাৰ মৰা এজাত মানুহ সকলোতে থাকেই৷ মোৰ তেতিয়া বয়স ওঠৰ-উনৈছমান হ’ব৷ গাত বল হৈছিল আৰু আগৰ তিতা অভিজ্ঞতাৰ কাৰণে মানুহক বৰকৈ খাতিৰ কৰিবলৈও এৰি দিছিলোঁ৷ সেইদিনা আবেলি পথাৰৰ পৰা গৰু লৈ উভতিছিলোঁ৷ দেখিলোঁ ৰাস্তাত কোনোবাই কঠীয়াৰ চাৰিটামান মুঠি এৰি থৈ গৈছে৷ কাৰোবাৰ কঠীয়া ৰৈ গ’লে এনেকৈয়ে এৰি থৈ যায়৷ আমাক আকৌ ৰুবলৈ দুটামান কঠীয়া লগা আছিল৷ দুটা মুঠি দাঙি লৈ দুখোজমান লৈছোঁহে মাত্ৰ ক’ৰবাৰ ফো ফোকৈ আহি ওলাল ৰত্নখুৰা৷ কঁকালত হাত দুখন থৈ সি গালি আৰম্ভ কৰি দিলে, “কাক সুধি তই মোৰ কঠীয়া চুৰ কৰিবলৈ ওলালি অ’ই নাককটা নিলাজ ?” 

মই বোলোঁ মই চুৰ কৰা নাই নহয়, মোৰ কথা শুনচোন তই৷ কিন্তু সি মোৰ কথা কাণতে নোতোলে৷ অলপ পাছতে মই পিন্ধি থকা গেঞ্জীটোত খামুচি ধৰি সি ঢকা এটা মাৰি দিলে৷ আগৰ পৰাই ছিৰোঁ ছিৰোঁ হৈ থকা গেঞ্জীটো ফৰফৰকৈ ফালি গ’ল৷ মোৰ খং উঠি গ’ল৷ পিতা যোৱাৰ পৰা কুকুৰবোৰে সুবিধা পালেই আমাক কামুৰিব খোজে! ময়ো তাক ওলোটাই ঢকা এটা মাৰি দিলোঁ৷ সি পথাৰৰ বোকাতে গৈ ধপচকৈ পৰিল৷ তাৰ পাছত তাৰ গালি কমিব ক’ত সি পিতাৰ নাম কৈ কৈ আৰু বেছিকৈহে চিঞৰিবলৈ ধৰিলে৷ পিতাও বোলে এটা গৰুচোৰ আছিল৷ দাদাই ওচৰতে পথাৰত আলি দি আছিল৷ বিৰিয়া এপাট লৈ সি খঙত একো নাই হৈ আমাৰ ওচৰলৈকে আহিছিল৷ 

“পিতাৰ নাম ধৰি গালি পাৰিছ চাল্লা বৌৱেৰৰ মেখেলা ধোৱা কুকুৰ, দে তই আৰু এবাৰ পিতাৰ নাম ল৷ এতিয়াই বিৰিয়াৰে হানি মই তোৰ পেটু বাহিৰ কৰি দিওঁ৷” দাদাই তাৰ বুকুত বিৰিয়াৰ জোঙ এটা ৰাখি গৰজি উঠিছিল৷ ওচৰৰ মানুহে আমাৰ কাজিয়া দেখি দৌৰি আহিল৷ আৰু দাদাক আৰু মোক টানি এফালে লৈ গল৷ 

সেই ঘটনাটোৰ পাছৰ পৰা ৰত্নখুৰাৰ লগত মোৰ আৰু দাদাৰো ভালকৈ কথা-বতৰা নহৈছিল৷ বহু বছৰ পাৰ হৈ গৈছিল৷ কিন্তু তাৰ পাছতো সি আমাৰ লগত কথা পাতিলে বৰ খোলাখুলি কেতিয়াও হোৱা নাছিল৷ ঘটনাটো সৰু কথা বুলি সি কিজানি পাহৰি যাব পৰা নাছিল৷ তাক দেখিলে মোৰো কথাটো সদায় মনত পৰিছিল আৰু তেতিয়াও মোৰ বেয়া নলগা নহয়৷ আমাতকৈ বয়সত বহুত ডাঙৰ মানুহটোক সেইদিনা দাদা আৰু মই বৰ বেয়াকৈ অপমান কৰিছিলোঁ৷ সি আচলতে বেয়া মানুহ নাছিল৷ গাঁৱৰ মানুহৰ মাজত কেতিয়াবা খকা-খুন্দা লাগেই৷ আৰু সি এনেকৈ বহুতৰে লগত কাজিয়া কৰি ফুৰিছিল৷

কাজিয়া লাগিলে বা এনেয়েও পিছফালৰ পৰা তাক মানুহে তাক “বৌৱেকৰ মেখেলা ধোৱা” বুলি কৈছিল৷ কথাটো আচলতে তেনেকুৱা নাছিল৷ অন্ততঃ আমি দেখাত বৌৱেকে তাক নিজৰ ভায়েকৰ দৰে মৰমহে কৰিছিল৷ ভতিজাক কেইটাক সি নিজৰ পুতেকৰ দৰে চাইছিল৷ বিয়া-বাৰু নকৰাই ককায়েকৰ ঘৰতে থকাৰ কাৰণেই তাক সেই কথাষাৰ শুনাবলৈ মানুহে সুবিধা পাইছিল৷ কিন্তু সি তাৰ কথা কোনে কি কৈছিল সেইবোৰত বৰ মন-কাণ দিয়া ধৰণৰ মানুহ নাছিল৷ খেতিৰ মাটি সিহঁতৰ বহুত আৰু বাৰীকেইখনো বৰ ডাঙৰ ডাঙৰ৷ সেইবোৰৰ কামত সি ইমান ব্যস্ত হৈ থাকিছিল যে বাকী পৃথিৱীত কোনে ক’ত কি কৰিছে, তাৰ কথা মানুহে ক’ত কেনেকৈ কি মেল কৰিছে সেইবোৰ ভাবিবলৈ তাৰ সময়েই নাছিল৷

ৰমেশে দীঘল মকাল বাঁহ এটা লৈ আহিছিল৷ সেইটো আকৌ জোখৰকৈ কাটি চিতাখনত জাপি দিছিল৷ চিতাখন সাজু হৈছিল৷ ৰত্নখুৰাৰ বুকুত কোনোবাই ঘিউ মালিচ কৰি দিছিল৷ কিছু সময়ৰ পাছত তাক তলমূৰকৈ চিতাত তুলি দিয়া হ’ল৷ তাৰ সোঁহাতখন মোৰ হাতৰ মুঠিত এনেয়ে এবাৰ লৈ চালোঁ৷ হাতখন যিমান চেঁচা হৈ থাকিব পাৰে বুলি ভাবিছিলোঁ সিমানো চেঁচা হোৱা নাছিল৷ দুয়োটা ভতিজাকে চিতাৰ চাৰিওফালে ঘূৰি ঘূৰি মুখাগ্নি কৰিছিল৷

জুইকুৰা দপদপকৈ জ্বলি উঠিছিল৷ আমি অলপ দূৰত ৰৈ কথা পাতিছিলোঁ৷ দুজনমানে জ্বলি থকা বাঁহ-কাঠবোৰ মাজে মাজে ভালকৈ জ্বলিবলৈ আৰু কাষলৈ বাগৰি নপৰাকৈ লৰাই দি আছিল৷ খুৰাৰ শৰীৰটো যেতিয়া লাহে লাগে ছাই হৈ আহিছিল, তেতিয়া তাৰ আগৰ দুই-এটা কথা আমাৰ মাজত ওলাইছিল৷ 

“তাৰ ভাগ্য কিন্তু ভাল৷ এই কেইদিন কিমান বৰষুণ চা৷ আৰু আজি কিন্তু বৰষুণ এটোপাও নাই৷” 

“বৰ সুখত মৰিল৷ অসুখ-বিসুখ নোহোৱাকৈ কষ্ট নোখোৱাকৈ কেইজন আজিকালি পাৰ হয়?”

“নিজৰ ল’ৰায়ো নাচায় যিমান তাক ভতিজাককেইটাই চাইছে৷”

দুজনমানে দাৰ্শনিকৰ দৰে খুৰাই বিয়া নকৰোৱাকৈ থাকি বৰ ভাল কাম এটা কৰি গ’ল বুলিও মত দিলে৷ বিয়া পাতি ঘৰ-সংসাৰ কৰা মানুহবোৰে বোলে ইমান নিশ্চিন্ত হৈ মৰিব নোৱাৰে, কাৰণ সংসাৰৰ মায়া সিহঁতে এৰিব নোৱাৰে৷ কিন্তু বিয়া-বাৰু নকৰোৱা মানুহক মায়াই বৰ চেষ্টা কৰিও বান্ধি ৰাখিব নোৱাৰে৷

কিন্তু ৰত্নখুৰাই সংসাৰৰ মায়া-মোহ এৰি দিছিল বুলিব নোৱাৰি৷ ককায়েকৰ ঘৰখনেই তাৰ নিজৰ ঘৰৰ দৰে আছিল৷ সেইখন ঘৰৰ কাৰণে সি দেহা মাৰি কাম কৰিছিল৷ ভতিজাককেইটাক ককায়েকৰ সমানেই সিও চাইছিল৷ সেই কাৰণেই নেকি, আমি সৰুতে ভতিজাক কেইটাক বহুদিনলৈ তাৰ নিজৰ ল’ৰা বুলিহে ভাবি আছিলোঁ৷ বহু দিন পাছতহে আমাৰ ভুল ভাগিছিল৷ আমি শুনা কথা কিছুমান এনে ধৰণৰ৷ সিহঁতৰ খেতিৰ মাটি বহুত আছিল কাৰণে মানুহ ৰাখি কাম কৰাইছিল৷ পথাৰৰ আৰু ঘৰৰ কেইজনৰ বাবে দুই-তিনিবাৰ চাহ-পিঠা কৰা, ভাত ৰন্ধা, ধোৱা-পখলা কৰা সকলো কাম অকল বৌৱেকৰ মূৰতে৷ পিছে কেতিয়াবা ৰত্নখুৰায়ো বৌৱেকৰ কাষতে বহি সাজ-বাচন মাজি থকা বহুতে দেখিছিল৷ ৰাতিৰ সাজ-বাচন তাক কেতিয়াবা পুৱা বৌৱেকৰ লগত আৰু কেতিয়াবা অকলেই ধুই থকাও গাঁৱৰ বহুতে বহুবাৰ দেখিছিল৷ সি পিন্ধা গামোচাই হওক, গেঞ্জীয়ে হওক সদায় বৰ চাফা৷ সি বোলে তাৰ কাপোৰ নিজেই ধুইছিল, বৌৱেকে ধুই দিব খুজিলেও মানা কৰিছিল৷ এইবোৰ কথা গাঁওখনৰ মানুহে জানিছিল আৰু তাৰ পৰাই সি “বৌৱেকৰ মেখেলা ধোৱা” উপাধিটো পাইছিল বুলি কিছুমানে অনুমান কৰে৷

সি যে বিয়া নকৰোৱাকৈয়ে থাকি গ’ল সেই কথাটো গাঁওখনৰ এটা ৰসাল ৰহস্য হ’ব পাৰিলেহেঁতেন৷ কিন্তু ৰহস্য এটা ৰসাল হ’ব লাগিলে তাৰ সামান্য হ’লেও বিশ্বাসযোগ্য ব্যাখ্যা থাকিব লাগিব৷ কিন্তু এই কথাটো লগাতকৈও অধিক ৰহস্যৰ হৈ ৰৈ গ’ল আৰু তাৰ মুখৰ পৰা সেই সম্পৰ্কে কোনো কথা কোনোদিনে কোনেও উলিয়াব নোৱাৰিলে৷ মোৰ জন্মৰো আগৰ কথা এইটো৷ মাজৰ কেইখনমান গাঁও এৰি অইন এখন গাঁৱৰ ছোৱালী এজনীৰ লগত তাৰ বোলে বিয়া ঠিক হৈছিল৷ বাপেকৰ বন্ধু মানুহ এজনৰ ছোৱালী আছিল৷ মাক-বাপেকেই বিয়া ঠিক কৰিছিল৷ বিয়াৰ এমাহমান আগৰ পৰা বৰ ফূৰ্তিতেই থকা মানুহটোৱে সেই কাণ্ড কৰিব বুলি কোনেও ভাবিবই পৰা নাছিল৷ বিয়াৰ দুদিন নে তিনিদিন আগতে সি ঘৰৰ পৰা পলাইছিল৷ তাৰ পাছত ঘৰত হাহাকাৰ৷ ককায়েক আৰু মিতিৰ-কুটুমে তাক চাৰিওফালে বিচাৰিলে৷ তাৰ খবৰ ক’তো নাই৷ সি আত্মহত্যা কৰিলে বুলি বহুতৰে সন্দেহ হ’বলৈ ধৰিছিল৷ পিছে ডেৰ মাহ পাছত সি আকৌ ঘৰ আহি ওলাল৷ বাপেকে “মোৰ নাক-কাণ কাটিলি তই কুলাংগাৰ” বুলি কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰিলে৷ সি তলমূৰকৈ গালিবোৰ শুনিলে আৰু যেন একো ডাঙৰ কথা হোৱা নাই তেনে ভাবত গপচত থাকিল৷ পাছতো মাক-বাপেকে, ককায়েকে তাৰ বিয়া পাতি দিয়াৰ চেষ্টা বৰকৈ কৰিছিল৷ সিহে কোনোপধ্যে ৰাজী নহয়৷ বেলেগ কৰি দিলে তাৰ মতি শুদ্ধ হ’ব বুলি আশা কৰি বাপেকে দুয়ো ভায়েকৰ মাজত এদিন মাটি-বাৰী সমানে ভাগ কৰি দিলে৷ সি জুপুৰি এটা সাজি ‘অথিৰ ধন-জন, জীৱন-যৌৱন, অথিৰ এহু সংসাৰ’ হৈ বিদুৰৰ দৰে চাৰি বছৰমান পাৰ কৰিলে৷ খেতি-খোলা, বাৰীৰ কাম সকলো সি বাদ দিলে৷ কোনোবাই সুধিলেও এটা মানুহৰ কাৰণে ইমান মাটি-বাৰীৰ কিহৰ দৰকাৰ, এটা পেট পুহিবলৈ কেই বিঘা মাটিত খেতি কৰিব লাগে ইত্যাদি বচন মাতে৷ শেহত অতিষ্ঠ হৈ ককায়েকে তাক আকৌ নিজৰ লগলৈকে লৈ আহিলে৷ কিন্তু সি বিয়া নকৰাওঁ বুলি যি খুঁটি মাৰি বহিছিল সেই খুঁটিৰ লৰচৰ আৰু নহ’ল৷ 

সি বিয়াৰ দুদিন আগতে কিয় পলাইছিল সেইটো ৰহস্য এটা হৈয়ে থাকি গ’ল৷ কোনোবাই সেই কথাটো সুধিলেও মুখেৰে সি টু শব্দ এটাও নকৈছিল৷ বিয়া নকৰোৱা মানুহ বহুত থাকে, কিন্তু বিয়াৰ দুদিন আগতে তাৰ দৰে ঘৰৰ পৰা পলোৱা মানুহ বোধহয় তাৰ বাহিৰে আৰু কোনো নাছিল৷ আমি কথাবোৰ গাঁৱৰ মানুহৰ মুখত শুনা আৰু আচলতে কি হৈছিল সেইটো সকলোৱে অনুমানহে কৰিছিল৷ তাৰ হ’বলগীয়া কইনাজনী বোলে বৰ ধুনীয়া আছিল৷ তেনে এজনী কইনা এৰি পলাবলৈ তাক কিহে কামুৰিছিল? এনেও হ’ব পাৰে ঘৰ-সংসাৰৰ দায়িত্ব ল’বলৈ সি মানসিকভাৱে সাজু হ’ব পৰা নাছিল৷ যিমানেই বিয়াৰ দিন ওচৰ চাপি আহিছিল তাৰ উৎসাহ কমি আহিছিল আৰু ভয়টো বাঢ়ি গৈছিল আৰু শেহত একো উপায় নেদেখি ঘৰৰ পৰা পলাইহে সি ৰক্ষা পাইছিল৷ কিন্তু তাৰ দৰে কৰ্মী মানুহৰ কাৰণে পৰিয়াল এটাৰ দায়িত্ব লোৱাটো বৰ টান কথা নাছিল৷ সিহঁত গাওঁখনৰ ভাল চহকী ঘৰকেইখনৰ এখন আছিল৷ মাটি-বাৰী ধন-সম্পত্তি একোৰে অভাৱ নাছিল৷ তেনেহ’লে আচলতে কি হৈছিল? অৱশ্যে নাৰীৰ মন দেৱতায়ো নুবুজে বুলি কোৱা কথাষাৰ আচলতে বহুতো পুৰুষৰ লগতো খাটে৷ অন্ততঃ ৰত্নখুৰাৰ মনত কি আছিল সেইটোৰ উৱাদিহ গাঁৱৰ কোনেও নাপালে আৰু সেই ৰহস্যটোৱে নিজৰ লগত লৈয়ে সি সিদিনা গুচি গ’ল৷

ৰমেশ, মই আৰু দুজনমানে ভতিজাক দুটাৰ কাষত থিয় হৈ আছিলোঁ৷ এষাৰ-দুষাৰ সান্ত্বনাৰ কথা কৈছিলোঁ৷ দুয়োটা গহীন শান্ত হৈয়ে ৰৈ আছিল৷ কিন্তু সিহঁতে ভালকৈ কথা পাতিব পৰা অৱস্থাত নাছিল যেন লাগিছিল৷ আমাৰ কথাবোৰৰ ভালকৈ উত্তৰ সিহঁতে দিব পৰা নাছিল বা দিব খোজা নাছিল৷ মই অলপ আচৰিত নোহোৱাও নহয়৷ আজিকালি মানুহ এজন পাৰ হ’লে নিজৰ জীয়েক-পুতেকো বৰ অস্থিৰ নহয়৷ মাজতে অলপ ডাঙৰকৈ এজনে ক’লে, “চাচোন চা, তাৰ মূৰটো মহাত্মা গান্ধীৰ দৰে লাগিছে৷” এইবোৰ কথা এনে সময়ত কোৱাটো ভাল নেদেখি৷ কিন্তু কেইজনে সেইবোৰ বুজে? আমি ঘূৰি আকৌ চিতালৈ চাইছিলোঁ৷ জুইৰ মাজৰ পৰা তাৰ মূৰটোৱে ক’লা হৈ আমাৰ ফালে চাই থকা যেন লাগিছিল৷ ভতিজাক দুটাই মুখ ঘূৰাই অইন ফালে চাইছিল৷ সিহঁতৰ জীৱনৰ এটা এৰাব নোৱৰা অধ্যায়ৰ দৰে খুৰাকজনৰ জ্বলি ছাই হৈ যাব ধৰা মুখখনলৈ চাবলৈ সিহঁতে কিজানি মন ডাঠ কৰিব পৰা নাছিল৷ বাকীসকলৰ কাৰণে সেই শৰীৰটো পুৰি অহা বাঁহ-কাঠবোৰৰ দৰে একেই৷ তাতে আকৌ কেইজনমান এনেদৰে মানুহ খৰি দিয়াৰ অভিজ্ঞতাৰে গধুৰ ডাঠ মনৰ কামৰ মানুহো আছিল৷ কিছু সময়ৰ পাছত তেনে দুজনমানে দীঘল দীঘল বাঁহৰ টুকুৰা লৈ চিতাৰ খৰিবোৰ ঠিক কৰি দি চিতাত খুচিবলৈ ধৰিলে৷ কথাটো বেয়া দেখিলেও আমি তাৰ অৰ্থ বুজি পাওঁ৷ সেইবোৰ নকৰিলে শৱ পুৰি নিয়াত সমস্যা হয়৷ হ’লেও চাবলৈ মোৰ বৰ বেয়া লাগে৷ তেতিয়াই ভতিজাক দুটাক আৰু দুজনমানক মাত দি ঘৰলৈ বুলি চাইকেল মাৰিলোঁ৷

ঘৰৰ বাহিৰতে গা ধুই কাপোৰখিনি তিয়াই দি শ্ৰীমতীয়ে দিয়া চাহকাপ খাওঁ মানে সাঁজ লাগিলেই৷ দময়ন্তী মাহীৰ ঘৰলৈ সিদিনা যোৱাৰ আঁচনি বাদ দিলোঁ৷ ফোন কৰিও খবৰ ল’ব পাৰি৷ কিন্তু মাহীয়ে ফোনত কি কয় তাৰে আধামানেই ভালকৈ নুশুনি কাৰণে দিগদাৰ হয়৷ কথা কওঁতে মুখখন যে ফোনটোৰ কাষত ৰাখিব লাগে সেইটো মাহীয়ে সদায় পাহৰি থাকে৷ গুৱাহাটীত থাকি দোকান চলোৱা অৰুণেও প্ৰায়ে সেই সমস্যাটোৰ কথা কয়৷ দময়ন্তী মাহী মোৰ নিজৰ মাহী নহয়, এনেয়ে মাহী বুলি মাতোঁ৷ হাইস্কুলৰ বছৰকেইটা আৰু পাছত কলেজত পাঁচবছৰ মাহীৰ ল’ৰা অৰুণৰ লগত একেলগে পঢ়িছিলোঁ৷ তাৰ লগত সিহঁতৰ গাঁৱৰ ঘৰলৈ বহুদিন গৈছিলোঁ৷ পাছত সিহঁত টাউনৰ একাষৰ ঠাইখনলৈ উঠি আহিল৷ ময়ো টাউনৰ আনটো মূৰৰ ওচৰতে ঘৰ কৰিলোঁ৷ মোৰ স্কুলখনৰ ওচৰতে মাহীহঁতৰ ঘৰখন কাৰণে মাহীৰ খবৰ ল’বলৈ মাজে মাজে যাবলৈ মোৰ একো দিগদাৰি নহয়৷ ধুনীয়া যিমান, সিমানেই সাদৰী মানুহজনীৰ লগত কথা পাতিলে মোৰ মনটো পাতল হৈ যায়৷ মাহীৰ লগত দেখাই-দৰ্পণে মাতে-কথাই মিলা মহাও তেনেকুৱাই আছিল৷ পিছে মানুহজন অলপ সোনকালেই পাৰ হ’ল৷

পাছদিনা আবেলি স্কুল ছুটীৰ পাছত মাহীৰ ঘৰলৈ বুলি ওলাইছিলোঁৱেই৷ পিছে কাষৰে ‘মিলন সংঘত’ কেইজনমানে কেৰম খেলি আছিল৷ তাতেই অলপ থিয় হৈ খেল চাই আৰু পাছত এগেম নিজেও খেলিহে মাহীৰ ঘৰলৈ বুলি চাইকেল মাৰিলোঁ৷ যেতিয়া গৈ পাওঁ তেতিয়া বেলি পৰোঁ পৰোঁ৷ মাহীয়ে বাৰাণ্ডাতেই ওচৰৰ কেইগৰাকীমান মহিলাৰ লগত কথা পাতি বহি আছিল৷ বোধহয় বেছ কিছু সময় কথাৰ মহলা মাৰি আছিল আৰু মোক দেখি তেওঁলোক যাবলৈ উঠিল৷ মাহীয়ে মোক ড্ৰইংৰুমলৈকে লৈ গ’ল৷

“খবৰ দেখোন নায়ে তোৰ৷ আজিহে সময় পালি?” মাহীয়ে চোফাত বহি অভিযোগ কৰিলে৷

মই কৈফিয়ৎ দিবলৈ চেষ্টা কৰিলোঁ, “কিবাকিবি কাম ওলায়ে থাকে মাহী৷ কালিও আহোঁ বুলিছিলোঁ৷ কিন্তু …৷”

“হৈছে, হৈছে৷ সংসাৰত তইহে কাম কৰিছ দে আৰু৷”

“ভাল পাইছানে এতিয়া?”

“এস্, আমাৰনো কি আৰু৷ নমৰাকৈ বাচি আছোঁ৷ কোনেনো আমাৰ খবৰ ৰাখে? মৰিলেই ভাল হয় কিজানি সকলোৰে৷”

“তেনেকৈ কিয়নো কোৱাঁ মাহী৷ কালি আমাৰ গাঁৱৰ ৰত্নখুৰা মৰিল৷ গম পাই খৰি দিবলৈ গ’লোঁ৷ তাতে অলপ দেৰি হ’ল৷ নহ’লে কালিয়েই আহোঁ, সঁচাকৈয়ে কৈছোঁ৷”

“কোন মৰিল?” মাহীয়ে চকু দুটা বহল কৰি সুধিলে৷ যেন আশা নকৰা খবৰ এটাহে পালে তেওঁ৷ তেওঁৰ মুখৰ ৰংটোও সামান্য সলনি হৈ গ’ল নেকি?

“ৰত্নখুৰা, তুমি চিনি নাপাবা দিয়াঁ৷” মই হাঁহি ক’লোঁ৷

মাহীৰ ঘৰত থাকি কলেজত পঢ়া তেওঁৰ জীয়েকৰ ছোৱালী নিজৰাই টেবুলত চাহ-লুচী আনি থ’লে৷

“বাপৰে, লগে লগে দেখোন! কি আচৰিত কথা!”

“আচৰিত হ’ব নালাগে দিয়ক৷ লুচী কৰি থোৱাই আছিল মামা৷ কিমাননো কি কৰিলোঁ আৰু৷” নিজৰাই হাঁহি ক’লে৷ তাই সাজি-কাচি ওলাই আহিছিল৷ গেটৰ কাষতে গৈ তাই ৰৈ থাকিল৷ অলপ পাছতে আৰু দুজনীমান ছোৱালী আহি ওলাল৷ গেটখন বন্ধ কৰি সিহঁতৰ লগতে তাই ক’ৰবালৈ গ’লগৈ৷

মাহীয়ে বাহিৰলৈকে চাই আছিল৷ চকু ঘূৰাই মোৰ ফালে চাই ক’লে, “ৰত্নকাও গ’ল তাৰমানে৷ কিবা অসুখ হৈছিল?”

“অসুখ হোৱা বুলি শুনা নাছিলোঁ৷ ভালেইতো আছিল সি৷ পিছে তুমি চিনি পোৱাঁ নেকি?”

মাহীয়ে লগে লগে উত্তৰ নিদিলে৷ বাহিৰলৈ চাই ৰ’ল আৰু কিছু সময়৷ “এই সময়তো ফুৰিবলৈ যায়নে কোনোবাই? লগবোৰো হৈছে সেই একে৷”

নিজৰাৰ কথা কৈছে বুলি ধৰিব পাৰিছিলোঁ৷ মাহী যেন লগাতকৈ অলপ বেছি গহীন হৈ পৰিছিল৷ মই একো নক’লোঁ৷ তাইকলৈ চিন্তাত পৰিব লগা ছোৱালী নিজৰা একেবাৰেই নহয়৷ মই চাহ-লুচী শেষ কৰাত মন দিলোঁ৷ মাহীয়ে চমুকৈ ক’লে যে তেওঁৰ শৰীৰটো ঠিকেই আছে৷ মাজতে অলপ প্ৰেছাৰটো বাঢ়িল কাৰণে নেকি গাটো ৰাই-জাই কৰি থকা হল৷ তাতেই ভয় খাই অৰুণে গুৱাহাটীৰ ঘৰলৈ লৈ গৈ দুসপ্তাহ ৰাখিলে৷ ডাক্তৰক দেখুৱালেও৷ ডাক্তৰে একো চিন্তা কৰিব নালাগে বুলি কৈ পঠিয়াইছে, ঔষধখিনি নিয়ম মতে খাই থাকিলেই হ’ল৷

চাহ-লুচী শেষ কৰি বাহিৰৰ দমকলটোত হাত-মুখ ধুই আহিলোঁ৷ মাহীয়ে তেতিয়া বেৰত আঁৰি থোৱা সুনন্দ মহাৰ ফটোখনলৈ একেথৰে চাই আছে৷ দেখনিয়াৰ থুলন্তৰ মানুহজনৰ ফটোখন দেখিলেও শ্ৰদ্ধা ওপজে৷

“ৰত্নকা মানুহটো বৰ ভাল আছিল নহয়৷ ভালকৈ চিনি পাওঁ তাক৷ ভালে ভালে পাৰ হ’ল কিজানি৷” চকু ঘূৰাই মোৰ ফালে চাই মাহীয়ে ক’লে৷

“হয় মাহী, ভাল মানুহ এটা আছিল৷ আৰু বৰ কৰ্মীও আছিল সি৷”

“অঁ৷” কিয় জানো কথাখিনি কওঁতে মাহীয়ে এটা দীঘল হুমুনিয়াহ এৰি দিলে৷

ৰত্নখুৰা সম্পৰ্কে মই এটা সৰুসুৰা বক্তৃতাই দি পেলালোঁ আৰু শেহত আগদিনা খৰি দিয়াৰ সময়ত শুনা দাৰ্শনিক কথা দুষাৰমানো যোগ কৰি দিলোঁ, “বুজিছা মাহী, সিতো বিয়া-বাৰু নকৰাকৈয়ে থাকিল৷ গতিকে তাৰ সংসাৰৰ মায়াটো বৰ কম আছিল৷ তেনে ধৰণৰ মানুহে নিশ্চিন্ত মনে মৰিব পাৰে৷”

“বেচেৰাটোৱে বিয়া নকৰোৱাকৈয়ে থাকিল৷ কিমানবা দুখ মনত আছিল আছিল সিহে জানে৷” মাহীয়ে গভীৰ সুৰত কৈছিল৷

এদিন আগতে পাৰ হোৱা মানুহ এজনক লৈ ৰগৰ কৰাৰ ইচ্ছা নাছিল যদিও মোৰ হাঁহি উঠিল৷ ক’লোঁ, “বিয়া কিয় নকৰালে জানা নহয়৷ সি বিয়াৰ দুদিন আগতে নেকি, ঘৰ এৰি পলাইছিল৷”

মাহীয়ে একেই গভীৰ সুৰত আকৌ ক’লে, “বেচেৰাটোৰ একো দোষ নাছিল৷ আচলতে কাৰোৰেই দোষ নাছিল৷”

“সেইটো তুমি কেনেকৈ ক’বা? শুনিছিলোঁ ছোৱালীজনী বোলে বৰ ধুনীয়া আছিল৷”

“সেইবোৰ মানুহে কোৱা কথা৷” নিস্পৃহ সুৰত মাহীয়ে কৈছিল৷

মোৰ আকৌ হাঁহি উঠিল৷ আমাৰ অঞ্চলত মাহীৰ দৰে কুন্দত কটা মানুহ আন এজনী মই দেখা নাই বুলিয়েই ক’ম৷ এই বয়সতো দেখিলে এটা সময়ত তেওঁ কিমান ধুনীয়া আছিল সকলোৱে সহজে অনুমান কৰিব পাৰে৷ তেওঁৰ দিনৰ ওচৰৰ গাঁৱৰ অইন এজনীক বৰ ধুনীয়া আছিল বুলি ক’লোঁ কাৰণে মাহীৰ গাত লাগি গ’ল নেকি? 

মাহীৰ মুখলৈ চালোঁ৷ তেওঁ আচৰিত ধৰণে গহীন হৈ খিৰিকিৰে দূৰলৈ চাই আছিল৷ যেন বহুবছৰ আগৰ কোনো সময়লৈ তেওঁ গুচি গৈছিল৷ অলপ ৰহস্যৰ গোন্ধ পোৱা যেন লাগিল মোৰ৷ ৰত্নখুৰা তেনেকৈ কিয় পলাইছিল, মাহীয়ে কিজানি তাৰে কিবা কাৰণ জানিবও পাৰে৷ মোৰো কথাবোৰ জানিবৰ মন গ’ল৷ মাজে মাজে হুমুনিয়াহ এৰি আৰু মাজে মাজে অলপ ৰৈ মাহীয়ে কৈ গৈছিল৷

ৰত্নখুৰাহঁতৰ ঘৰৰ পৰা চাৰিখনমান গাঁও এৰি ছোৱালীজনীৰ গাঁওখন৷ তাইৰ বাপেক খুৰাৰ বাপেকৰ পুৰণি বন্ধু৷ সেই ঘৰখনলৈ খুৰাহঁতৰ সৰুৰে পৰাই আহ-যাহ৷ খুৰাহঁতৰ খেতিৰ মাটি তাতো আছিল৷ খেতিৰ দিনবোৰত প্ৰায়ে খুৰাই বাপেকৰ লগত গৈ পথাৰত কাম কৰে৷ কেতিয়াবা ছোৱালীজনীৰ ঘৰলৈ গৈ দুপৰীয়া বাপেক-পুতেকে দুয়ো গা ধোৱে, ভাতো খায়৷ সেই ঘৰখনৰ পানীত হাঁহ নচৰা অৱস্থা৷ কিন্তু ৰত্নখুৰাৰ বাপেকৰ একো ভেম নাছিল৷ তেওঁ ধান-চাউল, শাক-পাচলিৰে ঘৰখনক বৰ সহায় কৰিছিল৷ ছোৱালীজনীকো নিজৰ জীয়েকৰ দৰে মৰম কৰিছিল৷ খুৰাৰ মাকেও ছোৱালীজনীলৈ কেতিয়াবা নতুন কাপোৰ বা অইন কিবা এপদ খুৰাৰ হাতত দি পঠিয়াইছিল৷

এইখিনি কথা কৈ মাহীয়ে কিছুসময় কিবা ভাবি তলমূৰকৈ মনে মনে ৰ’ল৷ তাৰ পাছত হুমুনিয়াহ এৰি ক’লে, “সেই ছোৱালীজনীৰ লগতেই ৰত্নকাৰ বিয়াৰ ঠিক হৈছিল৷ বাপেকে বৰ হাউচ কৰি বিয়াখন ঠিক কৰিছিল৷”

“ঠিকেইতো আছিল৷ পাছত আকৌ কি হ’ল?” মই সুধিলোঁ৷ মাহীয়ে ভগা বিয়াখনৰ বহু কথা জানে বুলি মোৰ বিশ্বাস জন্মিবলৈ ধৰিছিল৷

“এটা ডাঙৰ সমস্যা আছিল৷ ছোৱালীজনীয়ে গাঁৱৰে এটা ল’ৰাক বহু আগেয়েই কথা দি থৈছিল৷ সৰুৰ পৰাই সিহঁতৰ মন মিলিছিল৷ কিন্তু কথাটো কোনেও গম পোৱা নাছিল৷”

“অ’, তাৰমানে গুৰিৰ কথা সেইটোহে আছিল৷”

মাহীয়ে আকৌ মনে মনে থাকি খিৰিকিৰে বাহিৰলৈ চাই ৰ’ল বহু সময়৷ তাৰ পাছত ক’লে, “বিয়া ঠিক হোৱাৰ খবৰ গাঁৱৰ ল’ৰাটোৱেও পালে৷ এদিন সি ছোৱালীজনীক লগ ধৰি ক’লে, ‘তই চহকী ঘৰত পৰিবি বুলি জানি বৰ ভাল পাইছোঁ৷ পিছে মইহে কি লৈ বাচি থাকিম ক’ব পৰা নাই অ’ মণি৷ কি কৰিম একো ভাবিবই পৰা নাই৷ কিন্তু মইনো তোক কি দিব পাৰিলোহেঁতেন৷’ তাৰ সেই কথাবোৰে ছোৱালীজনীৰ বুকুখন ভাগি চূৰমাৰ কৰি পেলালে৷ এদিন ৰত্নকাৰ কইনা হ’ব লাগিব বুলি তাই নিজেও কেতিয়াও ভবাই নাছিল৷”

মাহীয়ে বেছ দীঘলকৈ কথাবোৰ বৰ্ণনা কৰিলে৷ বিয়াৰ এসপ্তাহমান আগতে এদিন ছোৱালীজনীয়ে ৰত্নখুৰাক গোপনে মাতি পঠিয়ালে৷ তাই ৰত্নখুৰাক পোনে পোনেই কৈছিল, “ৰত্নকা, তোৰ কথা মই কেতিয়াও এনেকৈ ভাবিবই পৰা নাছিলোঁ৷ তই বৰ ভাল মানুহ৷ কিন্তু, মই যে …৷”

সহজ-সৰল ভেবেলা ৰত্নখুৰাই একো বুজিব পৰা নাছিল৷ “খুলি-মেলি ক’চোন কথাবোৰ৷ একো নুলুকুৱাবি৷” সি ছোৱালীজনীক সাহস দিবলৈ চেষ্টা কৰিছিল৷

ছোৱালীজনীয়ে উচুপি উঠিছিল৷ কৈছিল, “মই যে অইন এজনক কথা দি থৈছোঁ৷ তই বুজিবিনে ৰত্নকা? তাক এৰি মই অইন কাৰো লগত বিয়াত কেতিয়াও বহিব নোৱাৰোঁ৷ লাগিলে মই পুখুৰীত জাপ দি মৰি যাম৷”

ৰত্নখুৰাৰ মুখখন বোলে ক’লা পৰি গৈছিল৷ সি কি ক’ব একো বিচাৰিয়েই পোৱা নাছিল৷ তেতিয়া ছোৱালীজনীয়ে উচুপনিৰ মাজে মাজে আকৌ কৈছিল, “মোক যদি বিয়া কৰাই কিবাকৈ লৈও যাৱ তই, চাবি কিন্তু, তহঁতৰ ঘৰৰ বাৰাণ্ডাতে মই চিপ লৈ মৰি যাম৷”

সেই মুহূৰ্তত হতাশ ৰত্নখুৰাৰ মুখৰ পৰা সি তেতিয়ালৈকে খুব যতনেৰে লুকুৱাই ৰখা সঁচা কথা এটা বৰ দুখৰ সুৰত ওলাই আহিছিল, “কিন্তু ময়ো যে তোক ভাল পাওঁ অ মণি৷ সৰুৰ পৰাই তোক ভাল পাওঁ৷ তোৰ বাহিৰে মই যে কাৰো কথা ভাবিবও নোৱাৰোঁ৷ মোৰ এতিয়া কি হ’ব মণি?”

ধুনীয়া ছোৱালীজনীৰ সম্মুখত আভঁজা ৰত্নখুৰাই প্ৰেমিকৰ দৰে বচন মতা দৃশ্যটো কল্পনা কৰি মোৰ আকৌ হাঁহি উঠি গ’ল৷

ছোৱালীজনীৰ কিবা এটা খং উঠি গৈছিল৷ উচুপি উচুপিয়েই তাই কৈছিল, “তই একোৱেই নাজান, একোৱেই নুবুজ নেকি? তেনেকৈও কোনোবাই কোনোবাক ভাল পায় নেকি? মইতো তোৰ কথা তেনেকৈ কোনোদিনে ভবা নাই৷ মইতো তোক ভাল নাপাওঁ৷ তই জোৰ কৰি কি কৰিবলৈ আহিছ এইবোৰ?”

“কিন্তু বিয়া যে ঠিক হৈ গৈছে মণি৷ মই এতিয়া কি কৰিম?” ৰত্নখুৰাই অসহায় সুৰত ছোৱালীজনীৰ মুখলৈ চাই সুধিছিল৷

“মই সেইবোৰ নাজানো৷ তই যি কৰ কৰিবি৷ কিন্তু মই পানীত পৰি মৰিব লাগিব নে চিপ লৈ মৰিম, সেইটো কথাও পাৰিলে ভাবিবি৷” ছোৱালীজনীয়ে সেইখিনি কৈ উচাট মাৰি গুচি গৈছিল৷

আৰু তাৰ পাছত কি হৈছিল গাঁৱৰ সকলোৱে জানে৷ যিটো কথা ৰহস্য হৈ আছিল তাৰো ভেদ মাহীয়ে ভাঙি দিলে৷ 

“কিন্তু তুমি এই কথাবোৰ জানা কেনেকৈ মাহী?” মই সুধিছিলোঁ৷

মহাৰ ফটোখনলৈ মাহীয়ে আকৌ একেথৰে চাই কিবা ভাবত বুৰ গৈছিল৷ মোৰ কথা শুনিছিল নে নাই ক’ব পৰা নাছিলোঁ, তেওঁ উত্তৰ দিয়া নাছিল৷ তেনেকৈয়ে নীৰৱে আকৌ কিছু সময় পাৰ হ’ল৷ 

এন্ধাৰ হৈ আহিছিল৷ ড্ৰয়িং ৰূমৰ লাইটটো জ্বলাই দিবলৈ গৈও মাহী ৰৈ গৈ আকৌ আহি চোফাখনত বহি পৰিছিল৷ যেন পোহৰতকৈ এন্ধাৰখিনি তেওঁৰ বেছি ভাল লাগিছিল৷

“মই যাৱেঁই দিয়াঁ মাহী৷ দেৰিও হ’ল৷ ঘৰত আমাৰজনীয়ে আকৌ গৰম হৈ থাকিব নহ’লে৷” মই উঠিছিলোঁ৷

“আচলতে দোষ কাৰো নাছিল৷” মাহীৰ সেমেকা মাতষাৰ সামান্য কঁপি উঠিছিল৷ সাদৰী মানুহজনীয়ে কেতিয়াও এনেদৰে উদাস ভাবত কথা কোৱা মোৰ মনত নপৰে৷ “মনটো এজনকহে দিব পাৰি৷ এবাৰহে দিব পাৰি৷ ৰত্নকাৰ জীৱনটো দুখতেই গ’ল৷ কিন্তু তাৰ একো দোষ নাছিল৷ আৰু, আৰু… দোষ কিজানি মোৰো নাছিল৷”

“ইয়াতে তোমাৰ দোষৰ কথা আকৌ কেনেকৈ আহিল মাহী?” বুলি ক’ব খুজিও মই ৰৈ গৈছিলোঁ৷ ধুনীয়া মুখখনত সেয়া শোক, সহানুভূতি, অনুকম্পা নে জীৱনৰ কিছুমান সত্যক স্বীকাৰ কৰি লোৱাৰ পাছৰ স্নিগ্ধ এছাটি পোহৰ আছিল ক’ব নোৱাৰিম৷ কিন্তু প্ৰশ্নবোৰৰ সকলো উত্তৰ এন্ধাৰতো বৰ স্পষ্ট হৈ জিলিকি উঠিছিল৷   

       

ভ্ৰাম্যভাষ - ৮৭৬২২২৬৩৪৮

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ