অন্যযুগ/


কথাৰ বেথা

গীতিমণি গোস্বামী (বৰঠাকুৰ)



বৰষুণে এৰি যোৱা নিশাহবোৰ তেতিয়া বননিত৷ গছৰ পৰা বৰষুণৰ শব্দবোৰে, বন্ধ নোহোৱা ভেকুলীৰ টোৰটোৰণি, নিশাচৰ কীট-পতংগৰ অনৰ্গল শব্দবোৰে কজলা ৰাতিটোক আৰু গাঢ় কৰি তুলিছিল৷ ফেৰফেৰীয়া বতাহ এজাকো বলিছিল৷ বিজুলীবাতিৰ সংযোগ কাট খাই এন্ধাৰবোৰে যেন অঞ্চলটোক মেৰিয়াই ধৰিছিল৷ টিপচাকিৰ অনুজ্জ্বল পোহৰ এচিকটাৰ মাজত এখন ঘৰ দূৰৈৰ পৰা ওলমি থকাৰ দৰে লাগিছিল৷ ঢিমিকি পোহৰৰ মাজত এল পেটাৰ্ণৰ ঘৰটোৰ বাৰাণ্ডাত বহি থকা দুজন পুৰুষ আৰু এগৰাকী তিৰোতাক এবছাৰ্ড ড্ৰামা এখনৰ সাংকেতিক উপস্থাপন যেনহে লাগিছিল৷

ডুখৰি পীৰা এখনত হাতত বিচনী এখন লৈ বিচি বিচি বহি আছে সত্তৰোর্ধৰ বৃদ্ধা৷ বগা সাজ পৰিহিতা বৃদ্ধাৰ চুলিটাৰিও শুধ বগা৷ বতৰটোক উদ্দেশ্যি তেওঁ নিজক কোৱাদি নানা অবচনীয় বচন মাতিছে৷ সমবয়সৰ আন এজন বৃদ্ধ প্লাষ্টিকৰ চকী এখনত বহি আছে৷ মাজে মাজে দীঘল হামি এটাৰে নিজৰ অস্তিত্বৰ সংকেত দিয়াৰ বাহিৰে বাকীখিনি সময় তেওঁ নিশ্চুপ৷ দ্ৰুত লয়ত লৰাই থকা ভৰিকেইটা কিছু সময়ৰ পাছত বন্ধ কৰি বিশেষ কায়দাৰে চকলিয়াই থোৱা তামোলখিনি তলৰ ওঁঠখন আগলৈ টানি, ঠিক পৰুৱাৰ গাঁতত চেনিৰ দানা ঢলা দি গুজি দিয়ে৷ মধ্যবয়সৰ আনজন পুৰুষে আন দুয়োটা চৰিত্ৰক প্ৰায় উপেক্ষা কৰি ৰেডিঅ’টো পকাই বহি থাকে৷ নীলিমা খাতুনৰ গান বাজে ... নদী মাথো বয় ... বাতৰি বাজে ... যুৱবাণী বাজে৷

অন্য ৰাতিবোৰৰ ৰুটিনখন সুকীয়া৷ এখন এখনকৈ বহুকেইখন অসমীয়া ছিৰিয়েল চাই আমুৱাত বৃদ্ধাগৰাকী পাকঘৰলৈ যায়৷ ভাত হয় মানে নিতাল মাৰি পৰি থকা ঘৰখনৰ আগচোতালত খুটুং কৰি জপনা খোলাৰ শব্দ হয়৷ আগে-পাছে তৃতীয়জন পুৰুষো আহি পায়হি৷ কোন ক’ত যায়, ক’ৰ পৰা আহে সেই কথা জনাৰ আগ্ৰহ বা উৎকণ্ঠা কোনেও অনুভৱ নকৰে৷ কিছুসময়ৰ পাছতেই পাকঘৰৰ পৰা এটা শব্দ ভাঁহি আহে

“ অ’ ভাত বাঢ়িছোঁ দেই ...”

শব্দধ্বনিটোক সঁহাৰি জনাই বৃদ্ধজনে কেঁচা বেৰখনত ওলোমাই থোৱা পীৰাখন পাৰি নিশব্দে ভাত খায়হি৷ টি.ভি.ত ইণ্টাৰেষ্টিং কিবা গৰম খবৰ পালে তৃতীয়জন পুৰুষ ভাত খাবলৈ অহা পলম হয়৷ তেওঁলৈ ৰৈ থকা বা লাহেকৈ খাই তেওঁক সংগ দিয়াৰ কথা কোনেও কেতিয়াও ভবা নাই৷ নিজৰ ভাগৰ থাল-বাতি হাতত লৈ প্ৰত্যেকেই টিউৱেলৰ পাৰলৈ যায়৷ চুৱা খাবলৈ অহা পথৰুৱা কুকুৰকেটাক কেন্দ্ৰ কৰি দুই এটা শব্দ এইসময়চোৱাত বাহিৰ হয়৷ তিনিবাৰ ঈশ্বৰৰ নাম লৈ বৃদ্ধজন আগকোঠালিত দীঘল দিয়েগৈ৷ পাকঘৰৰ টিঙৰ দুৱাৰখন মৰাৰ শব্দ নুশুনালৈকে বৃদ্ধাগৰাকী নিজৰ বিছনাত বহি থাকে৷ কে...ও...ট শব্দ কৰি তৃতীয়জন পুৰুষে পিছফালৰ দুৱাৰত ডাং লগায়৷ দুপৰ নিশালৈকে তেওঁ টিভি চায়. খেল চাই চাই চাই তেওঁ কেতিয়া শুই পৰে কোনেও নাজানে৷ আনটো কোঠালিত বৃদ্ধাই ভোৰভোৰাই থাকে৷ মুখৰ ভিতৰৰ খং নুবুজা ভোৰভোৰনিতে শেষো হয়৷ সেইখিনি খঙ আৰু ভোৰভোৰনিৰ অৰ্থোদ্ধাৰ কোনেও কৰিবও নিবিচাৰে৷ এনেকৈ অন্ত পৰে এদিনৰ দৃশ্যপট৷

পুনৰুক্তি এই দৃশ্যপটৰ ...আকৰ্ষণহীন পুৱা, যান্ত্ৰিক এটা দুপৰ, উদাস এটা সন্ধ্যা, আসক্তিবিহীন এক নিশা... ঠিক যেন মদৰুৱা ফিকা এটা জীৱন৷ বৃহৎ আকাৰৰ সময় নামৰ নজহা-নপমা গোঁৱাৰ এচটা শিলাখণ্ড যেন নিজৰ ঠাইৰ পৰা মানুহ নামধাৰী এই প্ৰাণীকেইটাই নিজৰ ধৰণেৰে ঠেলিছে৷ সেই শিলাখণ্ডৰ চ্যুতি আৰু বিচ্যুতিৰ প্ৰতিও তেওঁলোক ভ্ৰূক্ষেপহীন৷ কিবা এটা ধু ধু নিৰৱতা, নিসাৰ সাৰ, জঞ্জালৰহিত জীৱন এটাৰে গতি নে স্থিতি স্পষ্ট ধাৰণা নিদিয়াকৈ চলমান তেওঁলোকৰ সময়৷ কিমান দীঘলীয়া বছৰ এনেকৈ পাৰ হৈ গৈছে হিচাপ কোনেও ৰখা নাই৷

স্থিৰ এক চিত্ৰত ঠিক ৰঙ বোলাবলৈ বুলি নহয়, তুলিকাৰ পৰা অসতৰ্কতাত চিটিকি পৰা ৰঙৰ টোপাল সৰি পৰাৰ দৰে কেইমাহমানৰ আগতে এগাড়ী ইটা, দহটামান কেঁচা বাঁহ দুটামান পকা মিস্ত্ৰী আহি পুখুৰীপাৰত কিবা জোখ-মাখ কৰা দেখিছিল সকলোৱে৷ উমনিত থকা চৰাইৰ দৰে সদা সতৰ্ক ইচ্ছুক দৃষ্টিৰে দুয়োজন বৃদ্ধ-বৃদ্ধাই নতুন কিবা এটাৰ ফেহুঁজালিৰ সন্ধান পাইছিল৷ তৃতীজন ব্যক্তিয়ে তলখন পকা কৰি গা-ধোৱা ঘৰ সজাব৷ আবুৰত গা পখালিবলৈ কোন বা আহিব তাৰ উত্তৰলৈ বাট চাই থকাৰ কেইমাহমানৰ পাছত তৃতীয়জন ব্যক্তিৰ খৰ হ’ব খোজা খোজবোৰ পূৰ্বতকৈ লেহেমকৈ চলাহে হ’ল৷ শুকাবলৈ বুলি ৰ’দাই থোৱা বাঁহৰ গাধৈ কেইটাৰ বগাখিনিৰ উপৰত এদিন পাতল সেউজীয়া তৰপ এটা বহিল৷ দ’মাই থোৱা ইটাবোৰেও নিজৰ ৰং এৰি দি বনৰীয়া লতাবোৰ বগাবলৈ নিজক সমৰ্পণ কৰিলে৷ তাত গহৰা গজা পকা চিৰাল আনি এদিন তৃতীয়জন ব্যক্তিয়ে দুই বৃদ্ধ-বৃদ্ধাক ভগাই খোৱালে৷ ইটাকেইটা সজ ব্যৱহাৰ নোহোৱাত বিমৰ্ষতাৰ কোনো চিন-চাপ তাৰ মুখত কোনেও দেখা নাপালে৷ জাৰৰ দিনত শুকাই কনকনীয়া হৈ থকা গাধৈ কেইচটামান আনি জুহালত গুজি দিওঁতেও তাৰ মুখত একো ভাবান্তৰ দেখা পোৱা নগ’ল৷ যেন নহ’বলগীয়াবোৰেই তাৰ সপোন আছিল৷

বাৰীখনৰ সিপাৰে থকা মৌজাদাৰৰ ঘৰখনৰ পূৰ্বৰ পতিপত্তি এতিয়া নাই৷ ফলেমূলে ভৰি থকা বাৰীখন এতিয়া অগাইধনি হাবি৷ মৌজাদাৰৰ ডেকা নাতিৰ অকাল মৃত্যুৰ পিছত ঘৰখনৰ ভেটি লৰিল৷ হাঁহি মাতি থকা মানুহমখা হঠাৎ বিমৰ্ষ, ভাবুক প্ৰকৃতিৰ হৈ পৰিল৷

তেওঁলোকৰ সৰু পুতেকৰ ল’ৰা বাপুতিয়ে এইবাৰ মেট্ৰিক দিব৷ খাল পাৰ হৈ হাতত কিতাপ এজাপ লৈ এদিন সি বৃদ্ধাৰ বাৰাণ্ডাত৷

“বাপুতি! আহাঁ...”

“আজিৰ পৰা দিনত মই ইয়াত পঢ়িম...”

“আহিবা ... মই ভালেহে পাম ...বৃদ্ধাই আনন্দত হাঁহি দিলে৷

বাপুতি গহীন৷ একান্ত মনে পঢ়ি থাকে৷ ওচৰত কোনোবা থাকিলেও সি কথা বতৰা নাপাতে৷ দুপৰবেলা খালটো পাৰ হৈ সি ভাত খাবলৈ যায়৷ সন্ধ্যা লগাৰ আগে আগে কিতাপ-কাগজ সামৰি পিছদিনা আহে৷ পঢ়িবৰ বাবে সি টেবুল এখনো ঘৰৰ পৰা লৈ আহিল৷

‘খোৱা’ বৃদ্ধাই কুটা তামোল এখনকে হাতত গুজি দিয়ে৷ সি আপত্তি নকৰে৷

ধ্যানস্থ মুনিৰ দৰে সি কিতাপৰ পাতত চকু আবদ্ধ কৰে৷ ওচৰৰ মুঢ়া এটাত বহি বৃদ্ধাই তাৰ কোমল হাত-ভৰিবোৰ, ৰঙচুৱা কাণৰ লতি দুটা, কেকোঁৰা ডাঠ চুলিকোচা চাই থাকে কিবা এটা বেথাত তেওঁ নাকৰ আগটো জনজনাই যায়৷

সি গাই যায়...

সি গাই যায়...

সি পঢ়ে...

যৌথ পৰিয়াল...যৌথ পৰিয়াল

 

***

 

এগঁৰাল মানুহেৰে ভৰা এখন ঘৰ৷ সন্মুখত দুটা বহল পুখুৰী; বিৰাটাকায় চোতাল৷ গধূলিগোপাল ফুলি থকা কেঁচা পিৰালিটো ৰঙামাটিৰে মুচি আছিল সৰুফুলে৷ হঠাৎ চোঁ মাৰি নিয়াদি নবৌৱেকে টানি নি ভিতৰ পোৱালেগৈ তাইক৷ ল’ৰা আহিছিল তাইক চাবলৈ৷ থক্‌থ্‌ক্‌কৈ কঁপিছিল তাই৷ পাকঘৰৰ মজিয়াৰ চৰিয়াতে মুখ-হাত ধুই, চ’ৰাঘৰৰ বৰচাঙৰ পৰা বোৱা কাপপোৰ এসাজ নমাই হাতত তামোলৰ বঁটা সাজু কৰি তাই দৰাৰ সমুখত হাজিৰ৷

ল’ৰাৰ সখীয়েকে কিবা এটা সুধিছিল৷ কি জানো হ’ল মাতটো নোলাল তাইৰ৷ বিৰবিৰনিৰ দৰে কিবা এটাহে ওলাল৷ বিয়াখন নহ’ল; ছোৱালী বোবা৷

খকন্দগুৰি গাঁৱৰ বৰবায়নৰ পুতেক আহিল এদিন৷ প্ৰতিপত্তিশীল ঘৰ৷ মাটি-বাৰী, গৰু-ম’হেৰে নদন বদন৷ প্ৰথমা পত্নী ঢুকাল৷ পো-পোৱালি নাই৷ খাওঁতাহে লাগে৷ জেঠৰ বাৰদিন যাওঁতে গায়নে-বায়নে বৰবায়নৰ পুতেকক কলতলত আদৰিলে৷ পুৱতি নিশা বগা এম্বৰছাদৰৰ পিছৰ ছিটত বহি সৰুফুল বৰবায়নৰ ঘৰৰ বোৱাৰী হ’ল৷

চেহেৰা-পাতিৰে সৰুফুল গিৰিয়েকৰ লগত নিমিলে৷ মানুহে কোৱা-কুইও কৰিছিল৷ বৰবায়নৰ পুতেক ওখ-পাখ, গজিন্দ্ৰ চেহেৰাৰ৷ ডাঠ চেলাউৰি, বাউসী টান, চেহেৰা আটিল৷ মানুহজন আস্তিক৷ ঈশ্বৰ চিন্তাত নিমগ্ন মানুহজনে খুন্দি-পিহি তাইক পিষ্ট কৰিও শ্ৰীচেহেৰা নথকা শৰীৰৰ মাজত একো বিচাৰি নাপাইছিল৷

বছৰ ঘূৰিল কি নুঘূৰিল দেওৰেক সৰুপোনাৰ বিয়া৷ শাহু নথকা ঘৰখনত গোটেই দায়িত্ব তাইৰ ওপৰত৷ সৰুপোনা নিৰ্জু, হোজা স্বভাৱৰ৷ কইনা সাইলাখ অপেশ্বৰী৷ যিহকে পিন্ধে গাত জেউতি চৰে৷ সৰুফুলে অনেকদিন গিৰিয়েকৰ বহল চকুকেইটই কাঁইট হৈ তাইক বিন্ধা যেন লাগিছিল৷

নকইনা সগৰ্ভা হ’ল৷ ৰঙ আনন্দৰ ঠাইৰ তাইৰ মনটো অনবৰতে মাৰি থকা দেখি সৰুফুলে তাইক অনেক যতন ল’লে৷ অকণি ঈৰ্ষা অসূয়াৰ হূল এডালে তাইক নুখুঁচিল৷ কাৰোবাৰ কোলাখন ভৰিলেই হ’ল আৰু৷ উঠন কামবোৰ তাই নিজেই সামৰিলে৷

ওপজা ল’ৰাকণ জন্ম হোৱাৰ এমাহ হ’ল কি ন’ল ওফোন্দা পেটেৰে সৈতে মেটেকা পুখুৰীত উদ্ধাৰ হ’ল নকইনাৰ দেহ৷ যেন বিসৰ্জন দিয়া দেৱী প্ৰতিমাখন৷ চিঞৰ এটা মাৰি ৰৈ গ’ল সৰুফুল৷ কান্দিব নোৱাৰিলে সৰুপোনাই৷ পানী কেঁচুৱাটোৰ ৰাউচি জোৰা কান্দোনেও তাৰ চকুৰ পতা গধুৰ কৰিব নোৱাৰিলে৷ আউল লাগিল কেওপিনে৷ চিন্তা, কাম আৰু অনেক বু-বু বা-বা৷ হঠাৎ তীৰ্থ দৰ্শনৰ পোক এটা বৰবায়নৰ পুতেকৰ গাত লাগিল৷ বাধা দিওঁতাও কোনো নোলাল৷ ইদিন সিদিনকৈ বহুকেইটা মাহ পাৰ হোৱাৰ পাছত সৰুফুলৰ বুকুখনত বিষ এটা উজাই আহিল৷ নামঘৰৰ থাপনাৰ আগত উবুৰি খাই সেৱা কৰোঁতে কৰোঁতে সেন্দুৰৰ ফোঁটটো নিজে নিজেই মোহাৰ খাই গ’লেও মাজৰাতি বাটচ’ৰাৰ ওচৰত গলখেকাৰি এটা এই শুনো এই শুনো বুলি তাই বহুমাহ বাট চাইছিল৷ নবজোৱা তাল-খোলবোৰত ধূলিৰ ডাঠ প্ৰলেপ এটা পৰিছিল৷ বৰবায়নৰ পুতেকৰ ছাঁটোও দেখা পোৱা নগ’ল৷

বাপেক বুলি সৰুপোনা ঢোৰা সাপ৷ ৰাউচি জুৰি কান্দি থকা কেঁচুৱাকণ কান্দিলেও নিচুকাব নাজানে৷ কিবা সংকোচৰ ডাৱৰ এচমকা মুখত ওলমি থাকিলেও সৰুফুলে দেৱশিশুটোৰ কোমল শৰীৰটো চাদৰৰ আঁচলেৰে সাৱটি ধৰে৷ কিন্তু জোৰ কৰিও মাক হ’ব নোৱাৰিলে সৰুফুল৷ কিবা এক উদাসীনতাৰ মাজতে ল’ৰাকণ ডাঙৰ হ’ল৷ মৰম-চেনেহ নোপোৱাৰ বাবে উদঙীয়া গোঁৱাৰ প্ৰকৃতিৰ৷ কথা কম কোৱা ধনপোনা বয়সতকৈ অধিক বুঢ়া হ’ল৷

ভেটিতেই কাল লম্ভে৷ দুই একে পুৰণি ভেটিটো সলাবলৈ পৰামৰ্শ দিলে৷ মৌজাদাৰৰ বাৰীৰ কাষতে থকা টিকা মাটিতে তিনিকোঠলীয়া এল পেটাৰ্ণৰ ঘৰ এটা সাজি উঠি আহিল সৰুফুল, সৰুপোনা আৰু দহবছৰীয়া নৰেন৷

 

বাপুটিৰ পঢ়া বাঢ়িছে৷ দিবলৈ মন গ’লেও চাহ-ভাত এমুঠি তাক যচা নাই৷ তামোল এখন দিলে হাত পাতি লয়৷ চূণ অকণ সানি দিলেও আপত্তি নকৰে৷ চূণ খাই ৰঙা পৰা তাৰ মুখখন তেওঁ আঁৰ চকুৰে চাই থাকে৷

পৰীক্ষাৰ আগে আগে এদিন দুদিন বাপুতিয়ে ৰাতিও তাতে পঢ়িল৷ সি আহিলে ঘৰখনে প্ৰাণ পায়৷ নৰেনেও তাৰ গহীন কথাবোৰত ৰস পায়৷ সি পঢ়ি থকা দেখি সি গৰম চিঙৰা কেইটামানো ঘৰলৈ আনিবলৈ মন কৰা হ’ল৷ ভাদমহীয়া নামঘৰৰ প্ৰসাদ এমুঠি সৰুফুলে তালৈ আচুতীয়াকৈ থৈ দিয়া হ’ল৷ পকামিঠৈ খাই ভাল পায় বুলি গম পাই গুৰ পগাই পাঁচটা পকামিঠৈ বাপুটিৰ হাতত দিও পঠালে৷ বাপুটিৰ কোমল মুখৰ হাঁহিটো তেওঁৰ বুকুত ক’ৰবাত লিপিট খাই লাগি থাকে৷ কিয় জানো তেওঁৰ এনে লাগিল অনন্ত কাল বাপুটি পঢ়ি থাকক৷ দেই যোৱা জীৱনবোৰক বাপুটিৰ আগমনে সেউজ স্বৰ পিন্ধাওক...৷ বুকুৰ ভিতৰত সোমাই থকা যিমানবোৰ বেথা, অনুৰাগ জটিল জীৱনৰ ভুল সমীকৰণৰ বাবে শিল হৈ পাথৰৰ পাহাৰ হৈছিল কৰবাত গলি গলি যেন মাটি হ’ব খুজিছে৷ মাটিতে ঠন ধৰি উঠিছে ভাল পোৱাৰ কলি এটা৷

কেইবাদিনো হ’ল বাপুটি নহা৷ পৰীক্ষা শেষ কৰিছেহে মাথোন৷ খালটো পাৰ হৈ সৰুফুল মৌজাদাৰৰ ঘৰ পালেগৈ৷ গোটেইখন ঘৰ ব্যস্ত... কথা কি...৷ বাপুটি দূৰত পঢ়িবলৈ যাব৷ যাব লগা ঠাইখনলৈ গৈ আগতীয়াকৈ আন এটা পৰীক্ষাত বহিব লাগিব৷ যাওঁতে তেওঁক সেৱা এটাও কৰিলে৷ কি শুভাশিস দিব তেওঁৰ শব্দই মনলৈ নাহিল৷ নভবাকৈ বুকুখন খালী হৈ যোৱা যেন লাগিল তেওঁৰ৷

দিনচেৰেক যোৱাৰ পাছত দুপৰবেলা সি নিজেই ওলালি৷

“আইতা, আজি তোমাৰ ঘৰত ভাত খাম”

“নোৱাৰি... আজি নেলা...” সৰুফুলে থতমত খালে৷

“নহয়, এই সপ্তাহৰ পাছত মই আৰু ইয়াত নাথাকিম৷ দি অহা পৰীক্ষাৰ ৰিজাল্ট দিলে মই যামগৈ...

তেওঁৰ বুকুখন কিহবাই খামোচ মাৰি ধৰা যেন লাগিল৷ আঁৰ চকুৰে তেওঁ সৰুপোনালৈ চালে, নৰেনলৈও চালে৷ দুয়োটাৰ মুখখন মৰহা৷

“সুদা ভাতকণ তোমাকনো কেনেকৈ খোৱাম...” কণপোণাই ইচ্‌-ইচালে৷

 “ৰ’বা... মই কিবা এটা আনো...” চাইকেলখন লৈ নৰেনে ভাল মাছৰ ডাঙৰ চকলকেইটামান আনিলগৈ৷ বাৰীৰ কলাকচুৰ কোমল ঠাৰি, নৰসিংহৰ পাত কেইখিলামানো সৰুপোনাই কুটি-বাছি দিলে৷

তৃপ্তিৰে আঙুলি চুপি কোৱা ল’ৰাকণক চাই সৰুফুলে ভাতৰ পাতত বহি থাকিল৷ বিচনীৰে বা দিলে৷ ভাতৰ পাতত কথাই বাট মেলিলে৷ নৰেনেও ইমান কথা জানে! সৰুপোনাইও দেশৰ বহু খবৰ জানে৷ তাৰ দুটামান কথাত নৰেনেতো ডাঙৰকৈয়ে হাঁহিলে৷ সৰুপোনা আৰু সৰুফুলেও নহঁহাকৈ নোৱাৰিলে৷

হাতত মূঢ়া এটা লৈ আগচোতালৰ আমৰ ছাঁতে সৰুফুলো আহি বহিলহি৷ যতনাই দিয়া তামোলখন খাই বাপুটিয়েও বহুপৰ কথা পাতিলে৷ থৰ লাগি মাটিলৈ চাই থকা সৰুপোনাৰ মুখতো কথাৰ আখৈ ফুটিছে৷ যেন বন্ধ নদীৰ স্ৰোত এটাৰ ভেটা ভাগিছে৷ ইজনে সিজনৰ কথাত হয়ভৰ দিছে৷ তিনিটা ধাৰাত বৈ থকা নিঃসংগ নদী তিনিখনৰ সংযোগ সেতু যেন বাপুটি৷ কাইলৈ ল’ৰাকণ দূৰলৈ যাবগৈ...হয়তো আগৰ বাপুটি হৈ সি আৰু কেতিয়াও ঘূৰি নাহে৷ আগৰ সেই সুকীয়া সুৰুকীয়া পথেৰেই পুনৰ জীৱনো বৈ যাব – সৰুফুলে ভাবিলে৷ এলাগী কিছু স্মৃতি, অপ্ৰকাশিত কিছু অভিমান, বিষাদ আৰু দ্বন্দ্ব লৈ এদিন শুই পৰে মানুহ৷ বাপুটি অহাত জীৱনটোৱে কিছু ৰং সলাইছিল৷

বাপুটি পঢ়া ঠাইকণ অঁতোৱা, অহা দেৰি হ’লে বাট চাই থকা, তাৰ ওচৰতে বহি সৰব পঠনবোৰ শুনি থকা... ইমানবোৰ শব্দ উফৰি পৰিছিল নিশব্দ ঘৰখনৰ কেঁচা বেৰবোৰত৷ সেইবোৰ শব্দ পুনৰাই আৰু এইখন ঘৰত কোনে গাব!

অলপ আগ্ৰহ প্ৰকাশ কৰা হ’লে নৰেনৰ ঘৰ এখন পাতি দিব পৰা হ’লহেতেন৷ কিয় জানো এই অশুচি তেজকণলৈ সৰুফুল উদাস৷ এজনী তেজ মঙহৰ মানুক উপেক্ষা কৰাৰ জেদ এই তেজকণৰ আকুলতাতকৈ বেছি চোকা৷ আত্মসন্মান যদি শিৰৰ মুকুট, স্নেহ পচা ধূলি৷ নাঃ এইবোৰ তেজ এদিন অন্ত পৰক... বৈ গৈ ক’তো অঘটন নঘটক৷

বাপুটি যাবলৈ ওলাল৷ নঙলাডাল খুলি তিনিও তাক আগবঢ়াই দিলে৷ কেওজনৰে মুখখন মলিন, বিমৰ্ষ৷ এৰাই যোৱা চিলনি এটাই শৰীৰত লিপিট খাই থকা কাপোৰসাজ ঢিলা কৰি দিয়াৰ দৰে ক্ৰমাৎ ক্ৰমাৎ দূৰলৈ গুছি যাবলৈ ওলোৱা বাপুটিক চাই তিনিওৰে ভিতৰখনৰ পৰা কিবা এটা অত্যাৱশ্যকীয় অংশ সৰি পৰাৰ দৰে লাগিল৷ অথচ সেই এৰাই যোৱা চিলনিটো পুনৰ চিলাই গাত লিপিট খুৱাই জীৱনৰ উত্তাপ দিবলৈ তিনিও যে অসমৰ্থ তিনিও নিজা ধৰণে বুজি পালে৷ ভাষাহীন এই যুদ্ধ কিমান বিধ্বংসী তাক ক’বলৈ তেওঁলোকৰ ওচৰত কোনো নাছিল৷ নিৰ্জনতাত তেতিয়া ঘৰখন কঁপিবলৈ প্ৰস্তুত হৈছিল৷   


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ