যশোৱন্ত নিপুণ
পদূলিৰ পৰা ঘৰটো কিছু নিলগত৷ গাড়ীখন ৰাস্তাতে পাৰ্ক কৰি অৰুণে এবাৰ চাৰিওফালে চকু ফুৰালে৷ চিনাকি পথাৰখন এতিয়াও আগৰ দৰেই আছে৷ কিন্তু ওচৰৰ টাউনলৈ পথাৰৰ মাজেৰে যোৱা পথটোৰ কাষে কাষে বহুতো মানুহৰ ঘৰ বহিছে৷ আগতে সেইফালে এঘৰো মানুহ নাছিল আৰু সন্ধিয়াৰ পাছত মানুহে তেনেকৈ সেইটোৰে শ্বৰ্টকাট মাৰি যাবলৈ সাহস নকৰিছিল৷ সেইফালেৰে পথাৰৰ কিছু দূৰ গ’লেই জান এটা পাৰ হ’ব লাগে৷ জানটোৰ পাৰতেই গাঁৱৰ বহু মানুহক খৰি দিয়া হৈছিল৷ বহুতেই তাতে ভূত লগ পোৱাৰ কাহিনী গাঁৱৰ সকলোৱে জনা কথা৷
প্ৰায় ত্ৰিছ বছৰৰ
পাছত অৰুণ গাঁৱলৈ আহিছে৷ গাঁৱখনৰ ৰূপ বহুতো সলনি হৈ গ’ল৷ অলপ টাউন-টাউন লগা এটা পৰিৱেশ৷ ৰাস্তাবোৰত
পিট্ছ দিয়া হৈ গৈছে, ৰাস্তাবোৰ বহল কৰা হৈছে৷
বাঁহৰ জপনাখন খুলি
অলপ দীঘলীয়া বাটটোৰে অৰুণ ঘৰটোলৈ সোমাই গ’ল৷ চোতালতে পুৰন্দৰ জেঠা পুৰণি কাঠৰ চকী এখনত
আবেলিৰ ৰ’দ লৈ বহি আছে৷ ওচৰতে আন এখন হাতল ভগা চকীত বহি নিৰজা জেঠী৷ অৰুণে ঘৰটোলৈ,
ঘৰটোৰ পিছফালে আৰু চোতালখনৰ চাৰিওফালে এবাৰ চকু ফুৰালে৷ সম্মুখৰ ৰাস্তাটো পিট্ছ হৈ গৈছে৷
ৰাস্তাটো আগতকৈ চাফ-চিকুণ হৈছে৷ আগতে এখন-দুখন গাড়ী, মটৰ চাইকেল বা স্কুটাৰ ৰাস্তাটোৰে গ’লে খৰালিৰ
সময়ত গোটেইখন ধূলিৰে ধোঁৱা-কোৱা কৰি থৈ গৈছিল৷ ঘৰটোৰ সম্মুখৰ ফালে বহু কেইজোপা জোপোহাৰ
দৰে ৰক্তজবা ফুল আছিল৷ সেই কেইডালে ধূলিবোৰক চোতাললৈকে অহাত কিবাকৈ বাধা দিবলৈ চেষ্টা
কৰিছিল৷
এতিয়া সেই ফুলৰ গছবোৰ নাই৷ তাৰ ঠাইত সন্মুখৰ উদং ফালটোত এখন পুৰণি ক’লা হৈ যোৱা জেওৰা থিয় হৈ আছে৷ মানুহ, গৰু-ছাগলী কাকোৱেই বাধা দি ৰাখিবলৈ সেইখনৰ শক্তি নাই বুলি সহজেই ধৰিব পাৰি৷ কিন্তু জেওৰা মানে জেওৰা আৰু৷ দেখাদেখিকৈ অমাত জন্তুবোৰে তাক ভাঙিব নোখোজে আৰু এই গেছ চিলিণ্ডাৰৰ যুগত আজিকালি কোনোৱে মনে মনে জেওৰা ভাঙি খৰি খোৱাৰ কষ্টও নকৰে৷
এফালে হাওলি যোৱা
ঘৰটোও জেওৰাখনৰ দৰেই এই ভাগি পৰোঁ এই ভাগি পৰোঁকৈ থিয় হৈ আছে৷ ঘৰটো অৰুণে খুব ভালকৈয়ে
চিনি পায়৷ আজি ত্ৰিছ বছৰৰ পাছতো সেইটো একেখিনি ঠাইতেই, প্ৰায় একেদৰেই কিন্তু কিছু
দুৰ্বল হৈ থিয় হৈ আছে৷
পুৰন্দৰ জেঠাই ঢেলা
চকুযুৰি তুলি অৰুণলৈ কিছু সময় চাই ৰ’ল৷ কিন্তু সম্ভৱতঃ তেওঁ তাক চিনিব নোৱাৰিলে৷ “কোননো ? মই ধৰিব
পৰা নাই দেখোন৷”
“অ’ জেঠা, মই অৰুণ৷
চিনিব পৰা নাই ?”
“অৰুণ ? কোন অৰুণ
?” পুৰন্দৰ জেঠাই চকু দুটা বেছি বহল কৰিভালকৈ চাবলৈ যত্ন কৰিলে৷ তেওঁৰ মূৰটো কিছু কঁপিছিল৷ কাষৰ চকীখনৰ
পৰা জেঠীয়েও হাত এখন দাঙি অৰুণৰ ফালে চাই কিবা এষাৰ ক’বলৈ চেষ্টা কৰিছিল৷
অৰুণে অলপ সময় তেওঁলোক
দুয়োজনকে কথাবোৰ ভালকৈ বুজাই ক’ব লগা হ’ল৷ জেঠাৰ কথাবোৰ মনত পৰিল আৰু অৰুণক কিজানি
চিনিও পালে৷ জেঠীয়ে কিন্তু তেতিয়াও একো ধৰিব পৰা নাছিল৷
“মই আজিকালি চকুৰে ভালকৈ নমনো অ’৷ আৰু তোক কিমান বছৰ যে দেখা নাই৷ বহ, বহচোন৷” জেঠাৰ মূৰটোৰ লগতে মাতটোও কঁপিছিল৷
কিন্তু সি বহে ক’ত? বাৰাণ্ডাত টুল এখন আছিল৷ সেইখনকে লৈ আহি অৰুণো চোতালত বহিল৷ পশ্চিমৰ আকাশখন তেতিয়া হেঙুলীয়া হ’বলৈ ধৰিছিল৷ পৰিষ্কাৰ ৰ’দজাকৰ কুহুমীয়া উত্তাপটো অৰুণৰ বৰ ভাল লাগিল৷ কিমান বছৰ যে হ’ল সি এনেকৈ গাঁৱৰ চোতাল এখনত ৰ’দ লৈ বহিবলৈ সুযোগ নোপোৱাৰ !
“ভালে আছা নহয় জেঠা? আৰু জেঠী তোমাৰোতো ভালেই কিজানি৷” অৰুণে সুধিব লাগে কাৰণেই সুধিলে৷ মানুহ দুজনলৈ চালে
আৰু ঘৰটোৰ অৱস্থা দেখিলে তেওঁলোক যে মুঠেই ভালে থকা নাই সেইটো বুজিবলৈ টান নহয়৷ জেঠীয়ে
বোধহয় কিবা এটা আন্দাজ কৰিলে এইবাৰ৷ সোলা মুখখন মেলি নিঃশব্দ হাঁহি এটা মাৰি তেওঁ মূৰ
দুপিয়ালে৷
“আছোঁ দে আৰু৷ আমাৰনো আৰু কি ভাল বেয়া এতিয়া৷ জীৱনটো পাৰেই হ’ল দেখোন এনেকৈয়ে৷” জেঠাই চকু মুদি মূৰটো অলপ তললৈ হলাই দীঘলকৈ উশাহ এটা এৰি দি ক’লে, “আজিকালি জাৰটোৱেহে বৰ কষ্ট দিয়ে অ’৷ গা সিমান ভাল নহয় অ’৷”
অৰুণে নিৰজা জেঠীৰ
ফালে চালে৷ আগৰ সেই হৃষ্টপুষ্ট মানুহজনীৰ ঠাইত এটা খহি পৰোঁ পৰোঁকৈ থকা কংকালসাৰ শৰীৰ৷
বয়সত জেঠাতকৈ মানুহজনী বহুত সৰু৷ এতিয়া পিছে দেখাত দুয়োকে একে বয়সৰ যেনেই লাগে৷ জেঠাই
যে তিনিবাৰ বিয়া কৰাইছিল সেইটো এদিন তেৱেঁই অৰুণৰ মাকক কিবা কথাত কৈছিল৷ বোলে- “মই
তিনিবাৰ দৰা হৈছোঁতো বৌ, তোমালোকে নাজানা৷” তেওঁৰ আগৰ দুজনী ঘৈণীয়েক ঢুকাইছিল৷
গাঁওখন বহুত সলনি
হ’ল৷ ৰাস্তা-ঘাটবোৰ আগতকৈ ভাল হ’ল৷ পিট্ছ ৰাস্তাৰে ধূলি নুৰুওৱাকৈ ঘনে ঘনে গাড়ী-মটৰ আহিছে-গৈছে৷
কিন্তু এই ঘৰখনৰহে যেন একো উন্নতি হোৱা নাই৷ সেই ত্ৰিছ বছৰ আগৰ সৰু ঘৰটোৱেই এতিয়াও থৰক-বৰককৈ
থিয় হৈ আছে৷ অৰুণহঁতে যেতিয়া গাঁও এৰি নগৰলৈ গৈছিল তেতিয়া এই ঘৰটো সৰু হ’লেও বেৰবোৰত
ৰং কৰা এটা ধুনীয়া ঘৰ হৈ আছিল৷ কিন্তু এতিয়ালৈ আগৰ সেই ৰংবোৰ হেৰাই গৈছে৷ ছাল-বাকলিবোৰ ওলাই ঘৰটো
দেখিবলৈ অশুৱনি হৈ পৰিছে৷ চোতালত ৰ’দ লৈ থকা বয়সীয়া মানুহ দুজনৰ দৰেই ঘৰটোও যেন অৱশ হৈ
পৰিছে৷
“ইয়াৰ বগৰীজোপা
নাই এতিয়া ?” অৰুণে ঘৰৰ পিছফাললৈ চাই সুধিলে৷ তাত আগতে এজোপা ডাঙৰ বগৰী গছ আছিল৷ সৰুতে
অৰুণহঁতে সেইজোপাৰ কিমান বগৰী খাইছিল !
“নাই, নাই৷ কিবা
হৈ কেতিয়াবাই মৰি থাকিল৷ এস্, কিমান কি নোহোৱা হৈ গ’ল৷ কি ক’ম আৰু৷” জেঠাই শুকান হাঁহি
এটা মাৰি ক’লে৷
“একো নাই দে পিতি৷
চব শেষ, চব শেষ৷” জেঠীয়ে হাত দুখন জোকাৰি সকলো যে গুচি গ’ল সেইটো দেখুৱাবলৈ চেষ্টা
কৰি ক’লে৷ “ময়ো মৰিম আৰু ৷ বেছি দিন নাই৷”
তেনেকৈ কিয় কোৱাঁ, তেনে কথা ক’ব নাপায় নহয় - এই জাতীয় দুষাৰমান ক’লেও জেঠীয়ে কোৱা কথাখিনি যে সঁচা সেইটো অৰুণে বুজি পাইছিল৷ খুবেই দুৰ্বল কংকালৰ দৰে হৈ পৰা মানুহজনী আৰু ক’তনো বেছি দিন থাকিব ?
“মোৰ আগতে গ’লে ভালেই
হয় দে৷ নহ’লেবা এইজনীৰ আৰু কিমান কষ্ট হয় কোনে জানে ?” জেঠাই যোগ দিলে৷
“কি যে কোৱাঁ জেঠা !”
অলপ সময় কোনেও একো
নোকোৱাকৈয়ে পাৰ হ’ল৷
“মই পিছে এটা কামতহে আহিছিলোঁ
জেঠা৷” অৰুণে মূল কথাটোলৈ আহিব খুজিছিল৷
সোলা মুখখন মেলি
জেঠাই হাঁহিলে৷ ক’লে, “জানো, জানো। কাম নহ’লে আৰু এনেয়ে আহিবিনে ! সেই যে গুচি গ’লি তাৰ পাছত দেখোন অহাই
নাছিলি ইমান দিনে৷ আগতে আমাৰ দুই ঘৰৰ কিমান যে অহা-যোৱা আছিল ! দেউতাৰহঁতেতো এইখন ঘৰলৈ আহিয়ে থাকিছিল৷”
অৰুণে হাঁহি হাঁহি মূৰ দুপিয়ালে৷ গাঁও এৰাৰ আগতে এই ঘৰখনো তাৰ নিজৰ ঘৰৰ দৰেই আছিল৷ দেউতাক আৰু বৰদেউতাকে তাক আগৰ কথাবোৰ কৈছিল৷ তাৰ আইতাক আৰু পুৰন্দৰ জেঠাহঁতৰ মাক একেখন গাঁৱৰে জীয়ৰী আছিল৷ সেই সূত্ৰেই আইতাকে তিনিওটা ল’ৰাকে লৈ পুৰন্দৰ জেঠাহঁতৰ ঘৰখনলৈ সঘনাই গৈছিল আৰু দুদিন-তিনিদিন থাকিছিল৷ তেতিয়া অৰুণৰ ককাকৰ ঘৰখনৰ অৱস্থা খুবেই শোচনীয়, দুসাজ ভাতো সদায় ভাগত নিমিলে৷ অৰুণৰ বৰদেউতাক আৰু কেতিয়াবা দেউতাকেও তাক কৈছিল- তেওঁলোকে পুৰন্দৰ জেঠাহঁতৰ ঘৰলৈ খাবলৈকে গৈছিল৷
কিন্তু সেই কথাটো
অৰুণহঁতক পুৰন্দৰ জেঠাহঁতৰ কোনেও কেতিয়াও কোৱা নাছিল৷ ক’লেও মাত্ৰ কৈছিল যে আগতে অৰুণৰ
আইতাক, আৰু দেউতাক-খুৰাকহঁতে তেওঁলোকৰ ঘৰলৈ ঘনাই আহিছিল৷ দেউতাকহঁতে ঘৰলৈ ঘূৰাৰ দিনা
যে পুৰন্দৰ জেঠাৰ মাকে ডাঙৰ ডাঙৰ টোপোলা ভৰাই চাউল, পিঠাগুৰি, শাক-পাচলি বান্ধি হাতত
তুলি দিয়া আছিল- সেই কথাটোও পুৰন্দৰ জেঠাহঁতৰ কোনেও কেতিয়াও কাকো কোৱা অৰুণহঁতে
শুনা নাছিল৷
এইখন গাঁৱলৈ যেতিয়া
অৰুণৰ ককাক উঠি আহিছিল তেতিয়া অৰুণহঁতৰ বৰদেউতাক-দেউতাকহঁত তেনেই সৰু৷ ককাকে তাতে কিবাকৈ অলপ মাটি
লৈছিল, সৰুকৈ দোকান এখনো আৰম্ভ কৰিছিল৷ তেতিয়াও পুৰন্দৰ জেঠাহঁতৰ ঘৰখনে খুব সহায় কৰিছিল৷
কথাটো সঁচানে মিছা কোনেও নাজানে- কিন্তু অৰুণৰ বৰদেউতাকে কোৱা মতে গাঁৱৰ মাটিখিনি
পুৰন্দৰ জেঠাহঁতৰ দেউতাকেই কিনি দিছিল৷ আৰু সময়ৰ লগে লগে জীৱন-ৰথৰ চকৰি ঘূৰিছিল৷
অৰুণহঁতৰ অৱস্থা টনকিয়াল হৈ আহিছিল আৰু পুৰন্দৰ জেঠাহঁতৰ ঘৰখন লাহে লাহে পৰি আহিবলৈ ধৰিছিল৷ অৰুণে
এই মানুহঘৰৰ আঢ্যৱন্ত অৱস্থাটো দেখাই নাছিল; কিন্তু দেউতাকে আৰু কেতিয়াবা বৰদেউতাকেও
কথাবোৰ বৰ দুখ কৰি কৈছিল- কি সোণামুৱা গৃহস্থালিখন যে কি হৈ গ’ল !
পুৰন্দৰ জেঠাহঁতৰ
সেই অতীতৰ বদান্যতা অৰুণৰ দেউতাকহঁতে কেতিয়াও পাহৰা নাছিল৷ ক্ৰমে ক্ৰমে দুখীয়া হৈ পৰা ঘৰখনক তেওঁলোকে
পৰাখিনি সহায় কৰিবও খুজিছিল৷ কিন্তু পুৰন্দৰ জেঠাহঁত কাৰো ওচৰত হাত নপতা ধৰণৰ মানুহ
আৰু কোনোবাই যাচি কিবা সহায় কৰিব খুজিলেও তেওঁলোকে ভাল নাপাইছিল৷
আগৰ কথাবোৰ মনৰ পৰা
জোকাৰি পেলাই অৰুণে ক’লে, “হৰকান্ত খুৰা ঢুকাল
জেঠা৷ কাজলৈ মাতিবলৈ আহিলোঁ ?”
এটা যেন খুব অপ্ৰত্যাশিত
কথাহে শুনিলে জেঠাই৷ “হাঁ, কি কৱ ?” তেওঁৰ সোলা
মুখখন বহলকৈ মেল খাই গৈছিল৷
অৰুণে আকৌ কথাটো
দোহাৰিলে৷ আৰু যোগ দিলে, “এবছৰমান বৰ অসুখ খালে৷ কষ্টও পালে বহুত৷”
“আমি একো গম নাপালোঁ
অ’৷ পিছে গম পালেওনো কি কৰিব পাৰিলোহেঁতেন৷” জেঠাই হাতৰ কাপোৰখনেৰে চকু দুটা হেঁচা মাৰি ধৰিলে৷ তেওঁৰ
মাতটো থোকাথুকি হৈছিল৷
“সি বৰ সৰু আছিল৷
এতিয়াই যাব লাগেনে ? প্ৰভু, দয়াময় !” জেঠীয়ে কথাটো ধৰিব পাৰিছিল৷ তেওঁৰ চকুহালো চলচলীয়া
হৈ উঠিছিল৷
অলপ সময় আকৌ তিনিওজন মনে মনে ৰ’ল৷
অৰুণে খুৰাকৰ হঠাতে
কেনেকৈ অসুখটো ধৰা পৰিল, ডাক্তৰে কেনেকৈ একো আশা নাই বুলি ঘোষণা কৰিলে, কেনেকৈ শেহৰ
তিনিমাহ খুৰাকৰ লগতে ঘৰখনেও জীয়াতু ভুগিলে- তাৰ এটা বিশদ বিৱৰণ দঙি ধৰিলে৷
খুৰীয়েকে দীঘল হুমুনিয়াহ
এৰি ক’লে, “যাওক দে বাপা৷ যাৰ যিখিনি চাউল আছিল, সেইমতেহে হ’ব৷”
“তহঁতৰ এপুৰুষ শেষ
হ’ল৷ আমাৰ ফালেও ময়েহে আছোঁ বাকী৷ কোনদিনা মোৰ পাল পৰে বা ?” জেঠাই শুকানভাৱে ক’লে- “কিন্তু
আমি কেনেকৈনো যাম অ’৷ নন্দেশ্বৰে যাচা লৈ যাব দে৷”
নন্দেশ্বৰ জেঠাৰ
একমাত্ৰ পুতেক৷ অৰুণৰ কাণ-সমনীয়া৷ গাঁৱৰ আনটো মূৰত সৰু ঘৰ এটা বান্ধি লৈ আছে সি৷ মাক-বাপেকৰ
লগত এই সময়ত সি কিয় থকা নাই বুলি আপত্তি কৰাৰো কোনো থল নাই৷ তাৰ ঘৰতো অৰুণে সোমাই আহিছিল৷
সৰু জুপুৰিৰ দৰে ঘৰটোৰ চাৰিওফালে কেৱল দৰিদ্ৰতা আৰু সংগ্ৰামৰ চিন৷ বোধহয় ৰিক্সাখন চলাই
চলাই সি তাৰ সৰু সংসাৰখনকে ভালকৈ টানি লৈ ফুৰিব পৰা নাই৷
মালালৈ, মানে জেঠাৰ
ছোৱালীজনীলৈ, অৰুণৰ মনত পৰিল৷ তাই এতিয়া ক’ত আছে ? বিয়া হ’লনে তাইৰ ? কিন্তু তাইৰ কথা
সুধিবলৈ অৰুণৰ মন নগ’ল৷ অৰুণহঁতে যিদিনা গাঁও এৰি গুচি গৈছিল, সেইদিনাই সি জেঠাহঁতৰ ঘৰলৈ
শেষবাৰলৈ আহিছিল৷ জেঠীৰ কিবা কাৰণত চকুপানী ওলাইছিল৷ মালাই কান্দি কান্দি একোকে ক’ব পৰা
নাছিল৷ সেইদিনাও বৰ জাৰ পৰিছিল৷ আৰু সেই ঘৰখনত যেন শীতৰ প্ৰকোপটো অলপ বেছিকৈ অনুভূত
হৈছিল৷ আজিও যেন ঘৰখনত সেই শীতকালৰ অন্ত পৰা নাই৷ ঘৰখনলৈ বসন্ত অহাৰ কিবা খবৰ অৰুণে আশাও
কৰা নাছিল৷ মালাৰো কিবা ভাল খবৰ পাব বুলি সি আশা কৰা নাছিল৷
আৰু ঠিক তেনেতেই
পদূলিৰে কোনোবা সোমাই আহিল৷ অৰুণে চশমাৰেও দূৰলৈ ভালকৈ চিনিব নোৱাৰে৷ কিন্তু লাহে লাহে
হাতত এখন সৰু মোনা লোৱা খীণ-মীন, চুটি-চাপৰ মানুহজনী সিহঁতৰ কাষলৈকে আগুৱাই আহিল৷
“হাৰে, মালা তই
? মোক চিনি পাইছনে ?”
“পাইছোঁ দে দাদা৷ তোক কিয় চিনি নাপাম ?” শেঁতা, দুৰ্বল হাঁহি এটা মাৰি মালাই কৈছিল৷ “তই মানুহ বহুত বদলি গৈছ কিন্তু দাদা৷”
অৰুণে কপালৰ চুলি নোহোৱা অংশত এবাৰ হাতখন ফুৰাই ডাঙৰকৈ
হাঁহি এটা মাৰিলে৷ মালাও সলনি হৈছে৷ তাই আগতকৈও বেছি দুৰ্বল হৈছে৷ চুলিবোৰৰ আধাতকৈও
বেছি পকি গৈছে৷ উজলা দাঁতবোৰ আগতকৈও বেছিকৈ বাহিৰ ওলাই আহিছে৷ অৰুণতকৈ তাই তিনি-চাৰি
বছৰমানে সৰু হ’ব৷ কিন্তু এতিয়া দেখাত তাইক বহুত বেছি বয়সিয়াল যেন লাগিছে৷
“বদলিতো যাবই লাগিব৷
আধা বয়স পাৰ হৈ গ’ল৷ তয়োতো বহুত সলনি হ’লি মালা৷”
মালাই শেঁতা
হাঁহি এটা মাৰিলে৷ অৰুণে তাইৰ চকুলৈ চালে৷ তাইৰ চকু দুটাই হঁহা নাছিল৷ অৰুণৰ হঠাতে
এনে অনুভৱ হ’ল তাইৰ মুখৰ হাঁহিটোত যেন বহুত কষ্ট লুকাই আছে, জীৱনৰ পৰা একোৱেই নোপোৱাৰ
অনেক কিবাকিবি দুখ মিহলি হৈ আছে৷
“ভালে আছ নহয় মালা
?” অৰুণে তাইলৈ চাই সুধিলে এনেয়ে৷ তাৰ ভাব হৈছিল মালাৰ জীৱনলৈ হয়তো বসন্ত কেতিয়াও
অহাই নাছিল৷ কেৱল শীতৰ ঋতুৱেই তাইক কোবাই আহিছে বছৰ বছৰ ধৰি৷ ভৱিষ্যতে সেই শীত আৰু
বেছি কঠোৰ হ’ব পাৰে, কিন্তু বসন্ত তাইৰ জীৱনলৈ কেতিয়াও নাহে৷
“আমাৰনো আৰু কি ভাল-বেয়া
দাদা ! নমৰাকৈ আছোঁ আৰু কিবাকৈ বাচি৷” মালাই মুখত শেঁতা হাঁহিটো লৈয়েই ক’লে৷
“বগৰীজোপাৰ কথা সুধিছিলোঁ
জেঠাক৷ কিমান যে বগৰী তই নি দিছিলি মোক ! সেই বগৰীজোপাৰ কথাও বৰকৈ মনত পৰিছে দেখোন
মোৰ আজি৷” অৰুণে পাতলকৈ হাঁহি ক’লে৷
“দিবলৈতো আৰু বেলেগ
একোৱেই নাছিল আমাৰ দাদা৷ কথাবোৰো পাহৰিব নোৱাৰি৷ আৰু আমিতো পাহৰিব নোৱাৰোঁৱেই৷ আমি
যে বৰ দুখীয়া মানুহ৷”
আমি যে বৰ দুখীয়া
মানুহ - এই কথাষাৰে অৰুণৰ বুকুৰ ক’ৰবাত শেল এপাটৰ দৰে বিন্ধিলেগৈ৷
“বহচোন তই৷ মোৰ কিবা অলপ কাম আছে ৰহ৷” মালা ঘৰৰ ভিতৰলৈ গ’ল৷ তাইৰ খীণ হাত দুখনলৈ অৰুণে কেই মুহূৰ্তমানৰ বাবে চাই ৰ’ল৷
“ঘৰখন তায়েই৷
কিবাকৈ টানি-আঁজুৰি চলাই আছে৷” কথাখিনি কওঁতে জেঠীৰ কান্দোন এটা ওলাইছিল৷ “আমি নোহোৱা হ’লে
কেনেকৈনো থাকিব তাই ক’ব নোৱাৰোঁ৷”
“ভগৱন্তই চাব দে৷
তেৱেঁই চলাই নিছে ইমান দিন৷ চলি যাব পাৰিব দে৷” জেঠাই সান্ত্বনা দিবলৈ চেষ্টা কৰিছিল৷
অৰুণে কি ক’ব ভাবি
পোৱা নাছিল৷ মালাই তাইৰ দুৰ্বল হাত দুখনেৰেই হালি পৰা ঘৰখনক কোনোমতে একেবাৰেই পৰি নোযোৱাকৈ ধৰি ৰাখিছে৷ কিন্তু তাইৰোতো এদিন ভাগৰ
লাগিব আৰু তায়োতো এদিন অকলশৰীয়া হৈ পৰিব৷
অৰুণৰ মনটো আকৌ বহু
বছৰৰ আগলৈ গুচি গ’ল৷
সৰুৰে পৰাই মালা
যেন কিবা এক দুখৰ প্ৰতিমূৰ্তি আছিল৷ বাহিৰলৈ ওলাই আহিব খোজা দাঁতকেইটাৰে, ক্ষীণ-মীন, চুটি-চাপৰ
ছোৱালীজনীৰ মাজত আকৰ্ষণীয় একোৱেই নাছিল৷ আছিল কিবা এক বিকৰ্ষণীয়তাহে৷ পঢ়া-শুনা কৰি
আগুৱাই যাব পৰা বুদ্ধিকণো ঈশ্বৰে তাইৰ মগজত দিয়া নাছিল৷ সেই কাৰণেই কিজানি মাক-দেউতাকৰ বাদে আন কাৰো পৰাই
তাই মৰমৰ মাত খুব কমেই পাইছিল৷ অৰুণৰ তাইলৈ বেয়া লাগিছিল আৰু সি তাইক সদায়েই সহানুভূতিৰে
চাইছিল৷ তাৰ সেই কণমান মৰম আৰু সহানুভূতিতেই মালা তেনেই গলি গৈছিল৷ অৰুণে যি কয়, তাকে তাই কৰিব খুজিছিল৷ অৰুণে কেতিয়াবা তাইৰ
মন ভাল লগাবলৈকে কৈছিল, “মালা, মোক দুটামান বগৰী আনি দিব পাৰিবি নে ?”
কিয় নোৱাৰিব তাই
? একে দৌৰতে ঘৰলৈ গৈ তাৰ কাৰণে বগৰী লৈ আহিব৷
কেতিয়াবা সি নোকোৱাকৈয়ে
তাই জলফাই দুটা আনি তাৰ হাতত দিবহি৷
আৰু অৰুণে ওচৰৰ মেলাৰ
পৰা তাইলৈ এপদ-দুপদ বস্তু পাৰিলে লয়৷ জেঠীৰ হাতত দি সেইটো দি সি ক’ব, “এইটো মালাৰ
কাৰণে আনিছোঁ জেঠী৷” নাইবা মালাক ক’ব, “হোঁ, এই ৰঙা বেণীডাল ল’৷ তোৰ কাৰণেই আনিছোঁ৷
পিন্ধিবিচোন৷ তোক বৰ ভাল লাগিব, তই চাবি৷”
মালাই কেতিয়াবা নতুন
কাপোৰ এসাজ পিন্ধি আহিব৷ আৰু অৰুণে তাইক দেখিলে জোকাই ক’ব, “বৰ ধুনীয়া হৈ আহিছ দেখোন
অ’ ? চাবি কিন্তু, কোনোবাই পলুৱাই লৈ যাব তোক৷”
মালাই খং দেখুৱাই
উত্তৰ দিয়ে, “মোক কোনেও পলুৱাই নিবলৈ নাহে দে৷”
“কি কৱ তই ? কিজানি
ময়েই তোক কোনোবা দিনা টানি লৈ যাম৷ কি কৰিবি তেতিয়া?” অৰুণে হাঁহিটো সামৰি গহীনাই
কয়৷ আৰু মায়াই লাজতে দৌৰি পলায়৷
... সেইবোৰ আছিল তাৰ নিৰ্দোষ ধেমালি৷ কোনেও ভাল নোপোৱা, গুৰুত্ব দিব নোখোজা তেৰ-চৈধ্য বছৰীয়া ছোৱালীজনীৰো মনটোক অলপ পাতল কৰিবলৈ বুলিয়ে সি তেনেকুৱা কথাবোৰ কৈছিল৷ কিন্তু মালাই কথাবোৰ অলপ বেলেগ দিশেৰে চাবলৈ আৰম্ভ কৰিছিল বুলি সি গমেই ধৰিব পৰা নাছিল৷
তেতিয়া অৰুণহঁতে নগৰত সজা ঘৰলৈ গুচি যাবলৈ যো-জা
চলাইছিল৷ কথাবোৰ মালায়ো শুনিছিল৷ এদিন তাই অৰুণক সি সিহঁতৰ গাঁওখন ভাল নাপায় নেকি
সুধিছিল৷
“ভাল পাওঁ৷ নিজৰ
গাঁওখনকো কোনোবাই বেয়া পায় নেকি ?” অৰুণে পাতল সুৰত উত্তৰ দিছিল৷
“তেনেহ’লে কিয় গাঁও
এৰি যাবলৈ ওলাইছ ?” তাইৰ মাতটো থোকাথুকি হৈছিল৷
অৰুণে ডাঙৰকৈ হাঁহি
এটা মাৰি কিবা ক’ব খুজিছিল৷ কিন্তু মালাৰ পানীৰে উপচি পৰা চকুহাললৈ চাই সি ৰৈ গৈছিল৷
গাঁওখন এৰি যাব লাগিব বুলি তাৰ মনটোও গধুৰ হৈ আছিল৷ কিন্তু কথাবোৰ ভাবি চকুলৈ পানী
আহিব লগা অৱস্থা এটাও তাৰ হোৱা নাছিল৷
আৰু এদিন সেই অপ্ৰত্যাশিত কাণ্ডটো ঘটিছিল৷ সি গোঁসাইঘৰৰ চোতালত অকলে বহি আছিল৷ মালা ক’ৰবাৰ পৰা আহি সেইখিনিতেই ওলাইছিল৷ তাৰ হাতত এটা সৰু টোপোলা দিছিল তাই৷
“অ’ কি কথা ? আৰু
কি দিলি তই ?” মালাই কি উপলক্ষ্যত ভাল কাপোৰ এসাজ পিন্ধি, চুলিখিনি ভালকৈ ফণিয়াই “ধুনীয়া”জনী
হৈ আহিছিল সি ধৰিব পৰা নাছিল৷
“বগৰীৰ আচাৰ আছে৷
আৰু এখন কাগজ আছে৷ পঢ়ি চাবি দে৷” তেনেকৈ কৈয়েই তাই খুব খৰ খোজেৰে আঁতৰি গৈছিল৷
তাই তাক তেনেকৈ মাজে
মাজে সৰুসুৰা কিবা দি যায়৷ সি বগৰীৰ আচাৰ খুব ভাল পায় বুলিও তাই জানে৷ তাৰ আচৰিত হ’বলগীয়া
একো নাছিল৷ লাহে লাহে সি টোপোলাটো খুলিছিল৷ গুৰত দিয়া বগৰী এটা মুখত ভৰাইছিল৷ মিঠা
সোৱাদটো তাৰ বৰ ভাল লাগিছিল৷ চাৰিকোণীয়াকৈ বৰ্গাকাৰে ভাঁজ কৰি থোৱা কাগজ এখন সি খুলি
চাইছিল৷ কাউৰীঠেঙীয়া ডাঙৰ ডাঙৰ আখৰেৰে বানান আৰু ব্যাকৰণৰ শ্ৰাদ্ধ কৰি লিখা কথাখিনি
পঢ়ি তাৰ মুখখন মেল খাই গৈছিল৷ প্ৰথমতে তাৰ খঙ উঠিছিল৷ কিন্তু দুই-তিনিবাৰ সেইখন পঢ়াৰ
পাছত তাৰ হাঁহি উঠিবলৈ আৰম্ভ কৰিছিল৷
তাই লিখিছিল – “আমি
দুখীয়া মানুহ৷ ভাত খাওঁ পাতত৷ তুমি আহিবা বুলি চকু থাকে আলিবাটত৷ …”
চিঠিত তাক ‘তই’ৰ
পৰা ‘তুমি’ কৰা হৈছিল৷ শেহৰ ফালে তাই লিখা কথাবোৰ এনে ধৰণৰ আছিল – অৰুণক তাইৰ বৰ ভাল
লাগে৷ সি গুচি যোৱাৰ পাছত তাই কেনেকৈ কি চাই জীয়াই থাকিব ক’ব নোৱাৰে৷ অৰুণৰো তাইক ভাল
লাগেনে ? অৰুণৰো তাইলৈ মনত পৰি থাকিবনে ?
অৰুণৰ হোঁ-হোঁৱাই হাঁহিবলৈ মন গৈছিল৷ সেই চুটি-চাপৰ, আপচু, খীণ-মীন ছোৱালীজনীকো কোনোবাই ভাল পাব পাৰে নে ? গাঁৱৰে
আৰু স্কুলৰো দুজনীমান ধুনীয়া ছোৱালী আছে যিয়ে তাৰ আগত কেতিয়াবা লাজ কৰে, কেতিয়াবা চঞ্চল
হৈ উঠিব খোজে৷ সিহঁতৰ কথাকেই সি বিশেষকৈ ভাবিব খোজা নাই কোনোদিনে৷ আৰু এইজনীক তাৰ ভাল
লাগিব লাগে ! এইজনীলৈ মনত পৰিব লাগে !
দুদিনমান অৰুণে লগ
পালেও তাইক খং দেখুৱাই একো মাত-বোল কৰা নাছিল৷ তাৰ পাছত গোঁসাইঘৰৰ সম্মুখত তাইক এদিন
সি ডাবি মাৰি কৈছিল, “তই কি কৰিছ এইবোৰ ? লাজ নালাগিল তোৰ মোক তেনেকুৱা এখন চিঠি দিবলৈ
? কেনেকৈ মোৰ কথা তেনেকৈ ভাবিব পাৰিলি তই ?”
খুব ডাঙৰ অপৰাধ কৰি ধৰা পৰি যোৱা মানুহ এজনীৰ দৰে তাই তলমূৰকৈ একো নোকোৱাকৈ অৰুণৰ কথাবোৰ শুনি গৈছিল৷ তাইলৈ চাই অৰুণৰ খংটো জামৰি আহিছিল৷ তাৰ পুতৌ উপজিছিল৷ কাৰো পৰাই ভাল মাত এষাৰ নোপোৱা ছোৱালীজনীক সি কথাখিনি অকণ কোমলকৈও ক’ব পাৰিলেহেঁতেন৷
আৰু বহুদিনৰ পাছত অৰুণৰ কথাবোৰ উপলব্ধিও হৈছিল৷
... সকলোৰে জীৱনলৈ বসন্ত নাহে৷ এনেকুৱা
বহুত আছে যাৰ জীৱনত কেৱল শীতৰ ঋতুৰ ৰুক্ষ কাহিনী থাকে৷ কিন্তু চাৰিওফালে বসন্ত অহাৰ
বতৰা সিহঁতেও ঠিকেই পায়, ঠিক সময়তেই পায়৷ আৰু সিহঁতকো বসন্তৰ একেবোৰ সপোনেই সময়মতেই
জোকাই থৈ যায়৷
অৰুণহঁত গাঁও এৰি
অহাৰ দুদিনমান আগতে মালাই তাক আকৌ গোঁসাইঘৰটোৰ সম্মুখত কৈছিল, “মোক বেয়া পাই নাথাকিবি৷
মোৰ কথা বেয়াকৈও নাভাবিবি৷ ভগৱানে তোক ভালে ৰাখিব দে৷”
মালাৰ আপচু মুখখন অসম্ভৱ উদাস যেন লাগিছিল সেইদিনা অৰুণৰ ৷ সি সেইটো সহ্য কৰিব পৰা নাছিল৷ সি অইনফালে মুখ ঘূৰাই কৈছিল, “মই আকৌ বেয়া পাম কিয় ? তোক মই বেয়া পাব পাৰোঁ নেকি ?”
“মই তোৰ কাৰণে গোঁসাইঘৰত সদায় প্ৰাৰ্থনা কৰি থাকিম৷ তই ভালে থাকিবি দে৷ ভালকৈ পঢ়ি ডাঙৰ মানুহ হ’বি৷ মোক আৰু একো নালাগে৷”
অৰুণে একো কোৱা নাছিল।
“আমাৰ গাঁওখন খুব ভাল৷ একো বেয়া নাভাবিবি৷ সময় পালে গাঁৱলৈ আহিবিয়েই নহয়৷ গাঁৱৰ খবৰ লৈ যাবি তেতিয়া৷” তাইৰ চকুহাল ভৰি আহিছিল৷
“হ’ব দে৷ গাঁৱলৈ আহিয়ে থাকিম৷ আটাইৰে খবৰ-পাতিও লৈ থাকিম৷“
অৰুণে হাঁহি পাতল সুৰত কথাখিনি ক’বলৈ চেষ্টা কৰিছিল...
কিন্তু সি আকৌ এবাৰ গাঁৱলৈ ঘূৰি অহালৈকে প্ৰায় ত্ৰিছটা
বছৰেই পাৰ হৈ গ’ল৷ অথচ তাৰ এনে লাগিছিল যেন সেই সকলোবোৰ সিদিনাহে ঘটি গ’ল৷
অৰুণেও হাঁহিলে৷ তাৰ জীয়েকে কম্পিউটাৰ চাইঞ্চত ইঞ্জিনিয়াৰিং কৰিছে৷
টুল এখনত ষ্টীলৰ কাপত ৰঙা চাহ আৰু ষ্টীলৰ প্লেটত দুখন খোলাচপৰীয়া পিঠা থৈছিলহি মালাই৷...
“কিয় কৰিলি এইবোৰ৷
মই এই কেইদিন বাহিৰত একো খোৱাই নাই নহয়৷ খুৰা সিদিনা গ’লহে৷” অৰুণে কৈছিল৷
জেঠীয়ে আজিকালি
সেইবোৰ নিয়ম উঠিয়েই গ’ল বুলি কৈছিল যদিও অৰুণে
নামানিলে৷
“কেতিয়াবা আকৌ আহিলে
ভালকৈ খাই যাম তোমালোকৰ ঘৰত৷ চাহ কিয়, ভাতেই খাম৷”
“তই ভাল আহিবি দে
আৰু৷” মালাই নিজেই চাহৰ কাপটো উঠাই লৈছিল৷ “ইমান বছৰ গাঁৱলৈ তোৰ মনতেই নপৰিল৷ পাছত
আকৌ কেনেকৈ মনত পৰিব ?”
অৰুণে তাৰ ব্যস্ততাপূৰ্ণ
জীৱনটোৰ এটা খতিয়ান দাঙি ধৰি শেহত দীঘল হুমুনিয়াহ এটা এৰি দি ক’লে, “আহিবলৈ মাজে মাজে খুব ইচ্ছা হৈছিল৷ কিন্তু সময় উলিয়াবই নোৱাৰিলোঁ৷”
“আৰু ইমান বছৰ পাৰ
হৈ গ’ল৷ আমি কিন্তু ইয়াতে ৰৈয়েই থাকিলোঁ৷” মালাই চাহ এঢোক গিলি যোগ দিছিল৷
যেতিয়া অৰুণ যাবলৈ
ওলাইছিল তেতিয়া পশ্চিমৰ আকাশৰ বেলিটো ৰঙা হৈ উঠিছিল৷ মালা দীঘল বাটটোৰে অৰুণৰ লগতে ওলাই
আহিছিল৷ কাগজেৰে বন্ধা সৰু পেকেট এটা তাই অৰুণৰ হাতত তুলি দিছিল৷
“কি দিলি ?” অৰুণে
সুধিছিল৷
“গামোচা এখন৷ আৰুনো
দিবলৈ কি আছে আমাৰ ?” মালাই উদাসভাৱে উত্তৰ দিছিল৷
“মোৰহে তোক দিবলৈ
একো অনাই নহ’ল অ’ মালা৷” কিবা এটা বিষাদে অৰুণৰ মাতটো গভীৰ কৰি আনিছিল৷
“হ’ব দে৷ আমাক একো নালাগে৷ তই যে এবাৰ দেখা দি গ’লি, সেয়াই বহুত আমাৰ কাৰণে৷” মালাৰ চকুহাল চলচলীয়া হৈ আহিছিল ৷
“বগৰী খোৱাৰ বয়স
এতিয়া নাই৷ তথাপি আজিও দুটামান বগৰী পোৱা হ’লে৷” অৰুণে পাতল সুৰত কথাখিনি ক’বলৈ চেষ্টা
কৰিছিল৷
“বগৰীৰ কথা তয়ো
যে মনত ৰাখিছ? ভাবিছিলোঁ তই সকলো পাহৰি গৈছিলি৷” তাইৰ চকুপানী ওলাইছিল৷ বহু চেষ্টা
কৰিও উচুপনি এটা তাই চেপি ৰাখিব পৰা নাছিল৷
অৰুণে কিবা ক’ব খুজিও
ৰৈ গৈছিল৷ কিবা এটাই তাৰ ডিঙিটোত সোপা মাৰি ধৰিছিল৷ সি একোৱেই পাহৰি যোৱা নাই৷ কিছুমানৰ
জীৱনলৈ বসন্ত কেতিয়াও নাহে৷ আৰু এই ক্ষেত্ৰত সি কিয়, গোটেই পৃথিৱীখনেই যেন অসহায়৷
কিন্তু সেইসকলৰ জীৱনলৈও বসন্তৰ সপোনবোৰ কিয় আহে যেতিয়া সেই সপোনে পূৰ্ণতা পোৱাৰ কোনো
আশাই নাথাকে ?
“পাৰিলে এবাৰ বৌক
লৈ আহিবিচোন৷ মোৰ চাবলৈ বৰ মন আছিল৷”- থোকাথুকি
মাতেৰে তাই কৈছিল৷
অৰুণে গাড়ীত বহি
মূৰ দুপিয়াইছিল৷
গাড়ীখন ৰাস্তাটোৰ
ভাঁজ এটাৰ পিছত হেৰাই যোৱাৰ আগতে সি এবাৰ ঘূৰি চাইছিল৷ কোনোকালে বসন্ত নহা কোনোবা নিৰ্জন
দ্বীপ এটাত হেঙুলীয়া আকাশ এখনৰ বিপৰীতে ঠিক এটা ক’লা ছাঁৰ দৰে মালা তেতিয়াও থিয়
হৈ ৰৈ আছিল৷
ঠিকনা :
বি-১১৫, সন্বি সংকল্পম, নাগান্দানাহালি
হোৱাইটফিল্ড, বেঙ্গালুৰু, কৰ্নাটক- ৫৬০০৬৭
ফোন : ৮৭৬২২২৬৩৪৮