অন্যযুগ/


এখন চুক্তিপত্ৰ আৰু দুটা হস্তাক্ষৰ

পৰিস্মিতা বৰদলৈ


কলচীয়া বৰণ লোৱা পানীখিনিৰ সৈতে তাইৰ চুলিৰ কজলা বৰণ মিলি এক অনন্য ৰঙৰ উৎপত্তি হৈছে৷ তাইৰ দুচকুত প্ৰতিবিম্বিত হৈছে নীলা আকাশ আৰু সমগ্ৰ পৰিৱেশটোৰ পৰিপাৰ্শ্ব৷ মাটিৰ ওপৰলৈকে শিপা ওলাই থকা গছজোপাৰ গাত ভেজা দি আছে তাই৷ তাইৰ মেলা চুলিটাৰি, তাই আউঁজি থকা গছজোপা আৰু গছজোপাৰ কাষেৰে বৈ যোৱা নৈখন— এই সকলো মিলি এক সুন্দৰ পৰিৱেশ৷ তাইলৈ একেথৰে চাই আছোঁ মই আৰু মোলৈ তাই৷ তাইৰ দুচকুত মেঘ৷ চপৰাচপৰে যেন মেঘবোৰে তাইৰ দুচকুত প্ৰতিবিম্বিত আকাশেৰে চলাচলহে কৰিবলৈ লাগিছে৷ ইমান কাৰুণ্য, ইমান কাতৰতা আজিলৈকে ক’তো দেখিবলৈ পোৱা নাই, যি তাইৰ দুচকুত আজি ভাহি উঠিছে৷ যেন এক আকূতি, এক আকুলতা, যি শালি পেলাব খুজিছে মোৰ অভ্যন্তৰ৷ মোৰ আজি নিজৰে বিশ্বাস নহয় যে মোৰ বাবেই যাৰ জন্ম বুলি মই নিজকে পতিয়াই থাকিছিলোঁ অহৰহ, যাৰ প্ৰতি অংগে অংগে কেৱল মোৰেই হাতৰ স্পৰ্শ থকাৰ অংগীকাৰ কৰিছিলোঁ, আজি তেওঁকে মই আনৰ হাতত নিজহাতে অৰ্পণ কৰিবলৈ ওলাইছোঁ৷ কেনে কাঠচিতীয়া অন্তৰ মোৰ!

উস্! অসহ্যকৰ! তাতোকৈও অসহ্যকৰ তেওঁৰ এই সংগ, তেওঁৰ এই কাতৰ চাৱনি আৰু অনুনয় মিশ্ৰিত আৱেদন৷ কিয়নো এক মুহূৰ্তৰ বাবেও যেন মই তেওঁক এৰি থাকিব নোৱৰা হৈছোঁ, অথচ তেওঁৰ সংগই চিৰদিনৰ বাবে পৰিত্যাগ কৰিবলৈ মই আজি বাধ্য৷ উস্ কেনে শ্বাসৰুদ্ধকাৰী পৰিস্থিতি এয়া৷

—শুনাচোন৷

—কোৱাঁ৷

—মোক সঁচাকৈয়ে আনৰ হাতত গতাই দিবা তুমি?

— তুমি সকলো জানাই দেখোন৷

মই সকলো জানো সৃজন৷ কিন্তু সকলো জানিও মই বুজাওঁ কিদৰেনো নিজক৷

—তুমিতো মোৰ আত্মা, মোৰ প্ৰাণ। গতিকে তুমি নুবুজিলে কেনেকৈ হ’ব কোৱাঁ৷

—তুমি আনৰ হাতত গতাই দিবলৈকে মোক ইমান কষ্টৰে গঢ়িলা কিয়? মোৰ কি আছিল? মই শূন্য আছিলোঁ৷ একোৱেই নাছিলোঁ৷ তুমি তোমাৰ হাতৰ পৰশেৰে তোমাৰ ৰক্ত, ঘাম আৰু হৃদয়ৰ সমস্ত শক্তিৰে মোক কিয় তুলি ধৰিলা৷ যদিহে মোৰ স্থান তোমাৰ সৈতে নাছিলেই৷

—মই যে জনা নাছিলো প্ৰিয়ে, যে তোমাক এদিন এনেকৈ আনৰ হাতত তুলি দিবলগীয়া হ’ব৷

—মোক যদি তেওঁ অনাদৰ কৰে তোমাৰ বেয়া নালাগিব?

—তোমাক তেওঁ মোতকৈ বহুত বেছি আদৰ কৰি ৰাখিব৷ তোমাৰ যতন ল’ব৷ তোমাৰ মোল বুজিব৷ তেওঁ মোৰ দৰে নহয় যি তোমাৰ মোল বুজিও মূল্য দিব নাজানে৷

—কিন্তু তোমাৰ সংগত থকাটো, তোমাৰ দুহাতৰ স্পৰ্শ লাভ কৰি থকাটোৱেই যে মোৰ বাবে অমূল্য ৰতন যাৰ ওচৰত চৰাচৰ জগতৰ অৰ্বুদ বৈভৱো মূল্যহীন৷—মই এই সকলো বুজোঁ। কিন্তু ময়ো নিৰুপায়৷ মই বাধ্য৷

—মই তোমাৰ ওচৰত কি ইমানেই মূল্যহীন যে আজি বিনা দ্বিধাই তুমি বেলেগৰ হাতত সঁপি দিবলৈ ওলাইছা৷ তোমাৰ কি হিয়া এবাৰলৈও নকঁপিল এনে কৰিবলৈ?

—তোমাৰ মূল্য আছে বাবেইতো এনে কৰিবলৈ ওলাইছোঁ সোণজনী৷ তোমাৰ পৰৱৰ্তী যি ঠিকনা হ’ব তাতে যে কিমানে তোমাৰ দৰ্শন পাবলৈ ব্যাকুল হ’ব৷ প্ৰশস্তিৰে ওপচাই পেলাব তোমাক আৰু তোমাৰ গৰাকীয়ে তাকে দেখি গৌৰৱত বুকু ফিন্দাই ফুৰিব৷

—হুহ্ গৰাকী! মোৰ একমাত্ৰ গৰাকী কেৱল তুমি৷ তোমাৰ বাদে বেলেগ কাৰোবাক মোৰ গিৰীহঁত বুলিবলৈকে ঘিণ লাগে৷ ছিঃ!

—এনে কথা নক’বা মৃণ্ময়ী৷ মোৰ অসহায়তাক এবাৰ মাথোঁ বুজিবলৈ চেষ্টা কৰা৷

—নোৱাৰিম সৃজন, মই একো বুজিব নোৱাৰিম৷ তাতোকৈ যি হাতেৰে মোক তুমি গঢ় দিলা, সেই হাতেৰেই মোৰ বিনাশ নকৰাঁ কিয়৷ হত্যা কৰাঁ মোক৷ সকলো শেষ হ’ব ইয়াতে৷

—সেয়াইতো মই কৰিব নোৱাৰিম৷ কিয়নো তোমাক কৰা ত্যাগৰ বিনিময়ত যে মই মোক গঢ় দিয়া কাৰোবাক ঘূৰাই পাম৷

—কি কৈছা তুমি?

—ঠিকেই কৈছোঁ মৃণ্ময়ী। তোমাক ত্যাগ কৰিলেহে মই মোৰ জন্মদাত্ৰীক ওভতাই পাম৷ মোৰ মাতৃক৷

সজল দুচকুৰে তাই চাই থাকে গছজোপাত আউঁজি থকাৰেপৰা একেথৰে৷ গছজোপাৰ ঠিক কাষেৰে বৈ যোৱা কলচীয়া বৰণ লোৱা নৈখনৰ পানীখিনি আৰু তাইৰ দুচকুৰ নীলা-কজলা জলীয়খিনিৰ মাজত একো পাৰ্থক্য বিচাৰি নাপাওঁ মই৷ তেওঁৰ কাতৰ চাৱনিক সম্পূৰ্ণ উপেক্ষা কৰি মই গুচি আহোঁ সন্তৰ্পণে তাইৰ ওচৰৰপৰা৷ আৰু তাই মোলৈকে চায়েই থাকে আৰু চায়েই থাকে৷

আই চি য়ুৰ চাৰি নম্বৰ বেডত মোৰ মাতৃ প্ৰায় নিদ্ৰামগ্ন৷ অৰ্ধনিমিলিত দুচকু, শীৰ্ণ দুহাত, শোঁতোৰা পৰা ছা আৰু হস্পিটে‍লৰ সেউজীয়া এপ্ৰনেৰে আৱৰি ৰখা অস্থি-চৰ্মসাৰ শৰীৰটোৰ বুকুখনে ঘনে ঘনে উঠা-নমা কৰি তেওঁৰ অস্তিত্বৰ উমান দিছে৷ মই তেওঁৰ কাষতে বহিলোঁ৷ মোৰ এখন হাত তেওঁৰ কেনুলা লগাই থোৱা হাতখনৰ ওপৰত ৰাখিলোঁ৷ তেওঁ যেন অলপমান লৰচৰ কৰি উঠিল৷ চকু দুটাৰ পতা সামান্য খোল খালে৷ মোৰ বুকুখন কিহবাই হেঁচি ধৰিলে৷ এইবাৰ মই নিজকে ৰখাব নোৱাৰিলোঁ৷ ধাৰাসাৰে বৈ অহা অশ্ৰুবন্যাক ৰুধিবলৈ চেষ্টাও নকৰিলোঁ মই৷ এটোপাল চকুলো আহি মাৰ হাতৰ পতাত পৰিল৷ মই মোৰ পেণ্টৰ জেপৰপৰা ৰুমালখন উলিয়াই লগে লগে মচি পেলালোঁ৷ মই জানো যে ৰোগীৰ ওচৰত এনেকৈ কন্দা-কটা কৰাটো একেবাৰে সমীচীন নহয়৷ সকলো জানিও মই আজি নিজকে সম্বৰণ কৰিব নোৱাৰিলোঁ  অক্সিজেনৰ মাস্কৰ তলেৰে মাৰ ওঁঠযুৰি লৰি উঠা দেখিলোঁ৷ মা কথা কব নোৱৰাকৈ দুৰ্বল৷ মাৰ কপালত ময়েই হাত এখন ফুৰাই কৈ উঠিলোঁ, সোনকালে তই ভাল হবি মা৷ মই সোনকালেই তোক ঘৰলৈ লৈ যাম মাৰ মুখখন পোহৰ হৈ উঠিল নে নুঠিল নাজানো কিন্তু সেয়া কৈ উঠি মই যেন নিৰ্ভাৰ হলোঁ কিছু পৰিমাণে৷ আই চি য়ুত ৰোগীৰ ওচৰত বেছি পৰ থকাৰ অনুমতি নাই৷ অগত্যা মই ওলাই আহিলোঁ৷ ডাক্তৰৰ কেবিনলৈ বুলি খোজ দিলোঁ

— বৰুৱা আপুনি কি চিন্তা কৰিলে?

— মই চিন্তা কৰি আছোঁ ডাক্তৰ৷ আপুনি মাক যিমান পাৰি সোনকালে সুস্থ কৰি তোলক৷

—চাওক বৰুৱা আপোনাৰ মাৰ সুস্থতা এতিয়া আপোনাৰ ওপৰতেই নিৰ্ভৰশীল৷

—হ’ব ডাক্তৰ, মই মোৰ কৰিবলগীয়াখিনি‍ সোনকালেই কৰি আছোঁ৷ মাক কোনোপধ্যেই হেৰুৱাব মই নোৱাৰোঁ৷ লাগিলে তাৰ বাবে যি বলিদানেই দিবলগীয়া নহওক কিয়... মই দিম৷

— অলৰাইট মিষ্টাৰ বৰুৱা৷

— থেংকিউ ডাক্তৰ৷ আহোঁ তেন্তে৷

কেবিনৰপৰা বাষ্পাকুল চকুৰে মই ওলাই আহোঁ৷ মোৰ বুকুৰ ধপধপনি যেন অনুৰণিত হয় মোৰ নিজৰ কাণতে৷ ধোঁৱা ধোঁৱা চকুৰ আগত অতীতৰ টুকুৰা-টুকুৰ ছবিবোৰে আহি অগা-ডেৱা কৰেহি...

পিতাইক হেৰুওৱাৰ পাছত আনৰ ঘৰত বন-বাৰী কৰি মায়ে মোক স্কুললৈ পঠিয়াইছিল৷ নিজে নাখায়ো মোক খুৱাইছিল৷ জাৰৰ দিনত পুৰণা কেঁথাখনেৰে মোৰ গাটো ঢাকি দি নিজে কুঁচিমুচি পৰি থাকিছিল৷ কেৱল মই লিখি-পঢ়ি মানুহ হোৱাৰ খাতিৰতে মায়ে অনেক কষ্ট সহিছিল৷ সেই মাৰ ধাৰ জানো মই সুজিব পাৰিমগৈ কোনোবা দিনা? ধাৰৰ কথা বাৰু থাকক, এতিয়া মাৰ যি অৱস্থা তাৰপৰা উদ্ধাৰ কৰাটোৱেই জানো মোৰ একমাত্ৰ কৰ্তব্য নহমই খোজৰ গতি বঢ়াই দিছোঁ৷ সিদ্ধান্তটো ইতিমধ্যে মই লৈয়ে পেলাইছোঁ৷ মাৰ বাবে কেৱল মাৰ বাবেই এই ত্যাগ মই কৰিবই লাগিব৷ কিয়নো মায়ে কৰা ত্যাগৰ তুলনাত মোৰ এই ত্যাগ একোৱেই নহয়৷

সন্ধিয়া নামিছে ধৰালৈ৷ অত-তত দুটি এটি জোনাকী পৰুৱাই তিৰবিৰ কৰিছে৷ আগবাঢ়িছোঁ মই মৃণ্ময়ীৰ কাষলৈ৷ হয়তো এই ৰাতিয়েই তেওঁৰ সৈতে মোৰ শেষ আলাপ, শেষ সংগ আমাৰ৷ ওৰেতো ৰাতি আজি ৰূপোৱালী জোনাক চাই চাই কটাই দিব লাগিব আমি৷ হয়তো আজি মোৰ মুখৰপৰা একো কথাই নোলাব৷ তেওঁ হয়তো বাষ্পাকুল চকুৰে চাই ৰব মোক৷ সেই চকুক উপেক্ষা কৰিব পাৰিব লাগিব মই৷ ইয়াৰ বাদে আন কিয়েইবা পথ আছে মোৰ!

একেই ভংগিমাৰে তেওঁ মোলৈ বাট চাই আছিল৷ মই আহি পোৱাৰ লগে লগে যেন তেওঁৰ চকু জিলমিলাই উঠিল৷ পৰম আশাভৰা চাৱনিৰে যেন তেওঁ মোলৈ মূৰ তুলি চালে আৰু মই তেওঁৰ সেই চাৱনি সহিব নোৱাৰি তলমূৰ কৰিলোঁ

—আহিলাগৈ সৃজন৷

মই নিমাতে থাকিলোঁ। কি কম মই?

—মাৰ কেনেকুৱা এতিয়া?

—একেই আছে মা। এটা হুমুনিয়াহ সৰি পৰিল মোৰ।

—চিন্তা নকৰিবা সৃজন৷ মা সুস্থ হৈ উঠিব৷

—এৰা!

—কিন্তু তাৰ বাবে মই তোমাক এৰি যাব লাগিব, নহয়?

—মই নিৰুপায়, মৃণ্ময়ী৷

—সৃজন...

—  ...

— সৃজন, শেষ বাৰৰ বাবে মোক আজি তোমাৰ পৰশ দিয়াঁ৷ মাত্ৰ শেষবাৰৰ বাবে আজি আহাঁ আমি দুয়ো দুয়োতে বিলীন হওঁ৷

মোৰ দুহাতত কঁপনি উঠে৷ মই হাত বুলাই যাওঁ ক্ৰমান্বয়ে তেওঁৰ কপালত, চকুত, ওঁঠত৷ তেওঁ সমৰ্পিত হয় মোৰ হাতৰ আঙুলিৰ মাজত আৰু মই সমৰ্পিত হওঁ তেওঁৰ মাজত৷ মন্ত্ৰমুগ্ধ হৈ নিশাটো তেওঁৰ সৈতে ভগাই লওঁ৷ কিয়নো এইটো যে আমাৰ শেষ নিশা৷

মই হস্পিটেল পোৱালৈ মাক অ টি-ত সুমুওৱা হৈছিল৷ ডাক্তৰ চৌধুৰীৰ সৈতে ইতিমধ্যেই মোৰ কথা হৈছে৷ দৰকাৰী ফৰ্মেলিটিখিনি কৰা হৈ গৈছে৷ মাত্ৰ কনছে‍ণ্ট্ লেটাৰত মোৰ চহীটোৰ বাবে অপাৰেশ্যন কৰিবৰ বাবে ৰৈ থকা হৈছে৷ মৃণ্ময়ীক তেওঁৰ নতুন গৰাকীৰ ওচৰত গতাই মই লৰালৰিকৈ ওলাই আহিছোঁ৷ ইতিমধ্যে চেকখন মোৰ হাতত, যিখনৰ বিনিময়ত মই মোৰ মৃণ্ময়ীক হেৰুৱাই মাক ঘূৰাই পাম৷ অপাৰেশ্যনৰ কাৰণে দৰকাৰ হোৱা টকাখিনিৰ বাবেইতো বুকুত শিল বান্ধি আজি এই ত্যাগ কৰিছোঁ মই৷ নিজহাতে গঢ় দিয়া, শূন্যতাৰপৰা আৰম্ভ কৰি পূৰ্ণতা প্ৰদান কৰা মৃণ্ময়ীক আজি বেলেগৰ হাতত তুলি দিলোঁ৷ মৃণ্ময়ীক মায়ে খুব পছন্দ কৰিছিল৷ মায়ে মুগ্ধ হৈ চাইছিল প্ৰথম যিদিনা মাক মই মৃণ্ময়ীক দেখুৱাইছিলোঁ৷ আজি মায়ে নাজানে যে মাক সুস্থ কৰি তোলাৰ বাবেই আনৰ হাতত মৃণ্ময়ীক তুলি দিয়া হল৷ হয়তো মায়ে প্ৰথমে দুখ কৰিব, কিন্তু পাছত যেতিয়া মই মাক বুজাই কম যে যাৰ হাতত মৃণ্ময়ীক মই অৰ্পণ কৰিছোঁ তেওঁ মোতকৈ বহুত বেছি সযতনে আৰু আদৰ কৰি ৰাখিব মৃণ্ময়ীক, কেৱল তেৱেঁই নহয় মৃণ্ময়ীক দৰ্শন কৰিবলৈ অহা প্ৰত্যেকৰে দ্বাৰা সমাদৰ লাভ কৰিব মৃণ্ময়ীয়ে, মা চাগে আশ্বস্ত হব অলপ হলেও৷

মৃণ্ময়ীৰ হ’বলগীয়া নতুন গৰাকী ইতিমধ্যেই সোনকালেই পাইছিলহি৷ মই মৃণ্ময়ীক আগবঢ়াই আনিলোঁ আৰু বুকুত এচটা গধুৰ শিল ৰাখি গতাই দিলোঁ ° সুব্ৰমনিয়মৰ হাতত৷ সেই ড° সুব্ৰমনিয়ম যি প্ৰথম সাক্ষাততে মৃণ্ময়ীৰ প্ৰেমত পৰিছিল৷ মোৰ সৈতে মৃণ্ময়ীক কোনোবা এখন কৰ্মশালাত লগ পাইছিল তেখেতে আৰু সেই দিন ধৰি প্ৰতিটো ফোন কলতেই মোক মাথোঁ তেওঁৰে কথা সুধিছিল৷ মই তেওঁৰ অনুৰাগ ইতিমধ্যেই বুজি পাইছিলোঁ৷ কিন্তু মই যেন আওকাণ কৰিছিলোঁ সেয়া৷ কিয়নো মৃণ্ময়ীৰ সৃষ্টি কেৱল মোৰ বাবেহে এই ধাৰণাকে পোষণ কৰি‍ ৰাখিছিলোঁ যিহেতু বুকুৰ অভ্যন্তৰত৷ কিন্তু মানুহ পৰিস্থিতিৰ ওচৰত কিমান অসহায়, এই কথা মাৰ ক্ৰমাৎ বৃদ্ধি পাই অহা অসুস্থতাই মোক সদায়ে সঁকীয়াই থাকিল আৰু অৱশেষত মই এই সিদ্ধান্তটো ল’বলৈ বাধ্য হ’লোঁ৷ অৱশ্যেই এই সিদ্ধান্তটো ল’বলৈকো মই নিজৰ লগতে অনেক যুঁজ-বাগৰ কৰিবলগীয়া হ’ল৷

আজি যেতিয়া মই মৃণ্ময়ীক ড° সুব্ৰমণিয়মৰ হাতত গতাই দিছিলোঁ, সেই মুহূৰ্তটোত বিশ্বৰ সমস্ত সাগৰ আহি যেন মোৰ দুচকুত গোট খাইছিলহি আৰু বুকুত উঠিছিল পৰ্বতসম জোৱাৰ-ভাটা৷ মৃণ্ময়ীৰ চকুত চকু থম এনে সাহস মোৰ হোৱা নাছিল৷ হয়তো মৃণ্ময়ীৰো একেই অৱস্থা৷

এয়া ৰিচেপশ্যন কাউণ্টাৰত মই চেকখন জমা দি চুক্তিপত্ৰত চহীটো মাৰিছোঁ৷ বাধ্য হৈয়ে চেকখন মই হস্পিটেলৰ নামত লিখাই আনিছোঁ। ° সুব্ৰমণিয়মৰ এই চহীটোৱে মোৰ মাক ঘূৰাই আনিব মৃত্যুৰ দুৱাৰডলিৰপৰা৷ মই চকু দুটা মুদি দিলোঁ৷ মনত পৰিল মৃণ্ময়ীক শেষবাৰৰ বাবে চাই তেওঁৰ গৰাকীৰ হাতত গতাই দিবৰ পৰত যেন পৰম আকুলতাৰে তেওঁ মোক কৈছিল, তুমি মোক মনত পেলাবা নে নেপেলোৱাঁ মই নাজানো৷ কিন্তু মই ওৰেতো জীৱন তোমাৰ নামটো মোৰ মাজত কঢ়িয়াই লৈ ফুৰিম৷ মৃণ্ময়ীৰ বুকুত সৃজন সদায়ে থাকিব৷ 

এতিয়ালৈ হয়তো ড° সুব্ৰমনিয়মৰ সুসজ্জিত দেৱালৰ একোণত মৃণ্ময়ীৰ স্থায়ী ঠিকনা খোদিত হৈ গৈছে যত সম্ভৱতঃ ঠিক কোণীয়াকৈ জিলিকি আছে মোৰ নাম থকা হস্তাক্ষৰটোও৷

...

ভ্ৰাম্যভাষ: ৯১০১৩০৪৫৯০

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ