অন্যযুগ/


দুৰ্গতিনাশিনী

 পৰিস্মিতা বৰদলৈ

 

“কাৰাগাৰতনো কিহৰ উৎসৱ-পাৰ্ৱণ!” খীণকৈ কোৱা কথাষাৰ কাণত পৰামাত্ৰেই মানুহজনীয়ে জকজকাই উঠিল, “অত বছৰে থাকি থাকি এয়াই আমাৰ ঘৰ হোৱাদি হৈছে, গতিকে কি বিহু! কি পূজা! উছৱৰ আনন্দ আমি ইয়াতেই ল’ব লাগিব নিজৰ ধৰণেৰেই৷ বেদীত অধিষ্ঠিত কৰা দুৰ্গতিনাশিনীতকৈ আমি কি কম জানো!”

মানুহজনীৰ কথাত আটায়ে নিতাল মাৰি ৰয়৷ মানুহজনীৰ কাহিনী তাত থকা আটায়ে জানে৷ সকলোৱে যেন মানুহজনীৰ মুখেৰেই শুনা সেই কাহিনীকে পুনৰ পাগুলিবলৈ ধৰে৷ 


মানুহজনীৰ কাহিনীটো :

তেলাল খাহী মাংসৰ বাটিটোৰ ওপৰ অংশত লোভ লাগি যোৱাকৈ তেল বিৰিঙি আছে৷ ধোঁৱাই থকা ভাতকাঁহীৰ লগত কেঁচা জলকীয়াটো মোহাৰি মানুহজনে গোগ্ৰাসে উদৰস্থ কৰিছে মঙহ আৰু ভাত৷ মানুহজনীয়ে, জোল অকণ দিম নেকি?” বুলি সুধিবলৈ লৈছিলহে৷ মানুহজনে গুজৰি উঠিল, জোলৰ লগতে মঙহ দুডোখৰমানো দিবি ভাল চাই৷ কলিজা আছে যদি চাবি৷” সেই গোজৰণিয়ে গাধৈৰ বেৰৰ আনটো পাৰে খাটত শুই থকা মাকজনীক উচপ খুৱাই দিয়ে৷ আনহাতে কেৰাহীৰ তলিত ৰৈ যোৱা মাংস দুডোখৰৰ সৈতে জোল অলপমান বাটিটোত ঢালি দি মানুহটোৰ মানুহজনীয়ে লাহেকৈ কয়, “কলিজা নাই, মঙহো দুডোখৰেই আছিল৷ কালিৰে আঞ্জা, আজি আপোনাক উতলাই দিছোঁ৷” মানুহজনে মুখৰ অভিব্যক্তি সলনি নকৰাকৈ মজ্জা এটুকুৰা চুহি থাকে পৰম তৃপ্তিৰে৷ তৃপ্তিত চকু মুদ খাই আহে মানুহজনৰ৷ মানুহজনী ৰৈ থাকে ওচৰতে নিমাতে, পেটটোৰ পৰাহে সৰুকৈ শব্দ এটা ওলাল৷ “ভোকৰো মাত  থাকে!” সৰুতে আয়েকে কোৱা কথাষাৰ মিছা নাছিল৷ মানুহজনে মুখ ধুই তাই আগবঢ়াই দিয়া টাৱেলখনতে হাতখন মোহাৰি তাইক ক’লে, সোনকালে আজৰি হৈ আহিবি৷ কাইলৈ সোনকালে ওলাব লাগিব মই৷ শুব লাগে

“বিছনাখন সাজু কৰিয়েই থৈছোঁ, শুই দিব পাৰিব আপুনি৷”_এনেকৈ ক’ব খুজিও জিভা কামুৰি ৰৈ যায় তাই৷ কামবোৰ সোনকালে কৰি অঁটাবলৈ চেষ্টা কৰে তাই৷ আলু এটা পিটিকি লয় খৰিছা অকণমান মোহাৰি৷ দাইলত কঁঠালগুটিও দিছিল তাই৷ তৃপ্তিৰ প্ৰথম গৰাহ মুখত দিওঁতেই মানুহজনৰ চিঞৰটো কাণত পৰে, “আৰু কিমান দেৰি লাগে তোৰ আজৰি হওঁতে৷” তাই নোচোবোৱাকৈয়ে গিলি থয় পানীৰ সৈতে ভাত কেইগৰাহ৷ মানুহজনৰ থাল-বাটিযোৰত ৰৈ যোৱা অৱশিষ্ট হাড়কেইডাল দেখি মানুহজনীয়ে মনতে ভাবে, “কিছুমান মানুহে কেৱল মঙহহে চিনে!” কাম-বন সামৰি তাই কোঠাত সোমোৱালৈ মানুহজনৰ নাকৰ ঘোৰ্ঘোৰণিটো শুনা যায়৷ তাই স্বস্তিৰ নিশ্বাস কাঢ়ে, গাধৈৰ আনটো পাৰৰ মানুহজনীয়েও সকাহ পায়৷ পিছে এই স্বস্তি কেতপৰলৈ৷ সৰুপানী চুব লগাত পুৱতি নিশা সাৰ পোৱা মানুহটোৱে তাইক টানি নিয়ে টোপনিতে৷ মঙহৰ জুতিয়ে মানুহটোক দিনে-নিশাই উদ্‌বাউল কৰি ৰাখে৷ তাইৰ সমৰ্পণৰ বাদে কোনো উপায় নাথাকে৷ মনৰ অনিচ্ছাত শৰীৰৰ সমৰ্পণক যদিওবা তাই পাপ বুলিয়েই ভাবে, তথাপি তাই নিৰূপায়৷ 

মানুহটোলৈ অহাৰ দিন ধৰি সেই একেখনেই ৰুটিন, পুৱা উঠিয়েই চাহ-ভাতৰ যোগাৰ, ৰাতিৰ সেই টনা-আঁজোৰা অথবা সমৰ্পণ৷ নিজৰ বুলিবলৈ পৰি ৰোৱা দীঘলীয়া দিনবোৰতো নিজৰ বাবে সময়ে নোজোৰে তাইৰ৷ কাৰণ মঙহ কটা মানুহটো মাজে মাজে দিনতো আহে ঘৰলৈ৷ তাইৰ কিবা বিক্‌চিনা লগা দি লগা হৈছে জীৱনটো৷ এইবোৰ দেখি-শুনি মঙহ কটা মানুহটোৰ মাকজনীৰো বিক্‌চিনা লাগি আহিবলৈ ধৰে৷ হওঁতে তেওঁৰ মানুহজন অৰ্থাৎ বাপেকৰ পৰাই বৃত্তিটো পাইছে পুতেকে৷ কিন্তু বাপেকে মঙহ কাটিলেও সেয়া কেৱল জীৱিকাৰ তাড়নাত কৰিছিল, অন্তৰ এখন আছিল তেওঁৰ, যি মঙহৰ উপৰিও চিনিছিল আন কিবাকিবি৷ যি শৰীৰৰ বাদেও চাকি চাব জানিছিল মনৰ জুতি৷ কিন্তু পুতেকটোৱেহে চিনে কেৱল মঙহ মঙহ আৰু মঙহ৷

আঁঠুৰ মূৰলৈকে লুঙিখন কোঁচাই লৈ মানুহটোৱে দা কেইখন যেতিয়া ধৰাই চিকচিকিয়া কৰি থাকে, তাই সেই সময়ত যিমান পাৰি পিছফালে নোলাবলৈ চায়৷ তাৰ আগে-ভাগেই তাই কাপোৰ-কানি আওডালি আজৰি হৈ আগপিনৰ চোতালত চৰি থকা পাৰ কেইটাক চাউল এমুঠি ছটিয়াই দিয়ে, কেতিয়াবা ৰাস্তাৰ ছাগলী পোৱালিকেইটাক সিহঁতলে বুলিয়েই ছিঙি থোৱা কঁঠালপাত কেইখিলা যাচে৷ ৰাস্তাইদি যোৱা তাইক চিনা কোনো কোনো মানুহে তাই ছাগলীক কঁঠাল পাত দিয়া দৃশ্যটো অদ্ভুত চাৱনিৰে চায়৷ সেই চাৱনিৰ অৰ্থ তাই ভালকৈয়ে বুজে, বুজিলেও নুবুজাৰ ভাও ধৰি তাই নিৰ্বিকাৰ হৈ নিজৰ কামবোৰ কৰি যায় ৷ কেতিয়াবা কেতিয়াবা মানুহে কি কয় বা কিহৰ কাৰণে কয়, সেইবোৰ ভাবি থকাৰ সলনি মানুহে নিজে শুদ্ধ ভবা কামবোৰহে কৰি যাব লাগে৷ তাই এনেকৈয়ে ভাবে৷ কিন্তু কেতিয়াবা কোনটো শুদ্ধ বা অশুদ্ধ সেয়া বিচাৰ কৰাৰ সুবুদ্ধিও মানুহৰ লোপ পায়৷ ক্ৰমান্বয়ে মানুহবোৰে পৰিস্থিতিৰ দাসত্ব গ্ৰহণ কৰি লয়৷ পৰিস্থিতিৰ দাসত্ব গ্ৰহণ কৰা মানেইতো জীৱনৰ ওচৰত হাৰ মনা নুবুজায়৷ ঠিক এই কথাটোৱেই ঘটি যায় মানুহৰ লগত৷ গম নোপোৱাকৈ আঙুলিৰ ফাঁকেৰে সৰি পৰে সময়, সেই সময়ৰ ঠাৰতে মানুহে কিছু কাম কৰিবলগীয়া হয়৷ খামিডাঠ মানুহজনীৰো সেই দশাই হৈছিল৷

পক্ককেশী মানুহজনীৰ দেহাটো পৰি অহা নাই, বৰঞ্চ দেখাত তেওঁক আগতকৈও খামিডাঠ যেনহে লগা হৈছে৷ জেলৰ বাকীবোৰ কয়দীয়ে তেওঁৰ আগতেই আহি ওজৰবোৰ তৰে, তেওঁক অভিভাৱক মানে৷ নিজৰ মাজতে খিয়লা-খিয়লি কৰি থকা দুজনীমানে তেওঁৰ এষাৰ মাততেই তাপ মাৰে৷ হওঁতে মাতটোহে মানুহজনীৰ হুঁটা, ভিতৰখন পিছে কোমল; ঠিক নাৰিকলটোৰ নিচিনা৷ এইজনী মানুহেই মূৰৰ বিষত মাজে মাজে কেঁকাই থকা কম বয়সীয়া কামিনীক কপাল পৰ্যন্ত পিহি দিয়ে, সেই সময়ত তেওঁ নিজৰ বয়সৰ কথা নাভাবে, সোলোকাই থয় গাম্ভীৰ্যৰ মুখা৷ সেই সময়ত তেওঁ হৈ পৰে মমতাময়ী৷ মাক! এজনী মাক!

‘মাক’ শব্দটো তেওঁৰ সৈতে কিমান ৰজিতা খোৱা যায় সেই কথা এই মুহূৰ্তত অলপমান তেহেলৈ থাকক৷ তাৰ আগেয়ে কোৱা হওক আন কিছু কথা৷ মঙহৰ কথা, কেঁচা মঙহ, তেজৰ কথা, শৰীৰৰ কথা আৰু কিছু তেজলগা কেচেমা-কেচেম কথা৷ 

“হঞে হাইজাত লাগতী, তেজ খাইতী, তোৰ তেল ফাটিছে হাঁ? মই দিনে-ৰাতিয়ে মানুহটোৱে হাড়ভঙা পৰিশ্ৰম কৰিম, তাই হাৰামজাদীয়ে মোক তপতে-তপতে ভাতকেইটাও দিব নোৱাৰে সময়ত৷ ৰহ তোক আজি৷”

দোৰোল খোৱা জিভাৰে মানুহটোৱে অবাইচ মাত মাতিয়েই থাকে৷ মানুহজনীয়ে মুখৰ মাত নোহোৱাকৈ কেঁচা খৰিকেইডাল লৈ জুইকুৰা ধৰিবলৈ চায়৷ যিমানেই ফুৱাবলৈ ধৰে জুই জ্বলক চাৰি ধোঁৱাবলৈহে ধৰে৷ তাই জানে আজি সেইটুপি ধৰি অহাৰ ফলত মানুহটোৰ সময়ৰ খেলি-মেলি লাগিছে৷ আনকালৰ সময়তে তাই চৰুটো জুৰিবলৈ আহিছে কিন্তু... মানুহটোৱে বেলি হোৱা ভাবি উধাই-মুধাই বলকিবলৈ ধৰিছে৷ হওক তাইৰে পোৰা কপাল৷ গিৰীয়েকৰ মাৰ-কিল খাই জীৱন কটাবলৈ সাধি আহিছে কপালত৷ নহলেনো পিতাকেই কেনেকৈ পাঁচটা পেট পুহিলেহেঁতেন৷ “মঙহ কটা মানুহৰ বহুত টকা, ইয়াৰ উপৰি দুবেলা দুমুঠি পেট ভৰাই খাব পাৰিবি আই৷ গাভৰু দেহাত মঙহো ধৰিব৷ ইয়াতে খাবলৈ নাপাই কোনোবাদিনা হাড়ডালহে থাকিবগৈ৷”_এনেকৈ কৈয়েই মঙহ কটা মানুহটোৰ হাতত তাইক গটাইছিল পিতাকে৷ মাকে আপত্তি কৰিছিল মৃদুকৈ, কিন্তু মাইকী মানুহৰ আপত্তি ক’তনো ৰজে! তদুপৰি খাৱৰীয়া পেট এটা কমিলেও কত!

পুৰণি কথাবোৰে আহি তাইৰ বুকুত ভিৰ কৰে, ধোঁৱাই ৰঙা কৰা চকুৰে পানী পৰে টপৰ টপৰ৷ পাছে সেই মুহূৰ্ততেই কেতিয়া মানুহটো দাখন লৈ তাইৰ পিছফালে হাজিৰ হয় তাই ততভত ধৰিবকে নোৱাৰে৷ এইটোচোন তাইৰ মানুহটোৰ বেলেগ ৰূপ৷ তাইৰ ডিঙিটো ভয়ত শুকাই আহে ৷ মানুহটোৰ হাতত মঙহ কটা দাখন৷ তাই কাও-বাওকৈ উঠে৷ তাইৰ ফালে টিকচি-বিকচি আহি থকা মানুহটোৰ পিনে আধা জ্বলা খৰি এটুকুৰাকে দলিয়াই দি তাই কোনোমতে দুৱাৰখনেৰে ওলাই আহে৷ ধাৰাপাত মেলি নেওতা আওঁৰাই থকা পোনাটিক কোঁচত লৈ তাই দৌৰে, কেৱল দৌৰে আত্মৰক্ষাৰ বাবে৷ তাই জানে, নিচা ফাটিলেই সকলো আগৰ দৰে হ’ব৷ কিন্তু এই মুহূৰ্তত নপলালে বৰ ডাঙৰ পয়মাল হ’ব৷ দৌৰি অলপ দূৰ আহোঁতেই বিকট চিঞৰটো তাইৰ কাণত পৰে৷ তাইৰ দুভৰি থমকি ৰয়৷ বুকুখন তাইৰ ধান বনা দি বানে, গা চেবাই যায়৷ একেকোবেই অহাৰ দৰেই  উভতি ভিৰাই লৰ দিয়ে শব্দটোৰ দিশে৷ তাৰ পাছত তাই যি দেখে...সেই দৃশ্য দেখি তাইৰ তেজ হিম হ’বলৈ ধৰে৷ পোনাটিৰ চকু ঢাকি ধৰে৷ তেজলগা দাখন চিটিকি থাকে দূৰত, মঙহ কটা মানুহটো নিঃসাৰ আৰু ওচৰত আউলি-বাউলি চুলিৰে প্ৰস্তৰ হৈ সেয়া মঙহ কটা মানুহটোৰ মাক৷

ইয়াৰ পাছত পুলিচ আহে৷ মানুহজনীক লৈ যায় হাজোতলৈ৷ মানুহজনীয়ে নিজমুখে স্বীকাৰ কৰে অপৰাধৰ কথা৷ মোকৰ্দমা চলে, বিচাৰ হয়৷ সেই বিচাৰত মানুহজনীৰ যাৱজ্জীৱন কাৰাদণ্ড হয়৷

“আপুনি আচলতে কিহৰ বাবে এনে গৰ্হিত কাম কৰিলে?”

“মই কেৱল এজনী নাৰীৰ মুক্তিৰ হকেই এই কাম কৰিলোঁ৷ যাৰ ফলত মই পুত্ৰহাৰা হ’লোঁ সঁচা, কিন্তু মোৰ বোৱাৰীয়ে সেই অসুৰৰপৰা পৰিত্ৰাণ পালে৷ কাৰোবাৰ মুক্তিৰ বাবে পোৱা এই কাৰাবাস মই হাঁহিমুখে গ্ৰহণো কৰিছো৷”

তিলমানো আফচোচ তথা অনুতাপ নকৰাকৈ কয়দীগৰাকীয়ে কোৱা কথাষাৰত অধিবক্তাজন নিশ্চুপ হৈ ৰয়৷


আজিৰ কথা : 

যাৱজ্জীৱন কাৰাদণ্ড হোৱা মানুহজনী আজি মনেৰে কিন্তু মুক্ত৷ তেওঁ এই জেলৰ সবাতোকৈ বয়সিয়াল কয়দী৷ বাকীবোৰ কয়দীৰ লগতে স্বয়ং জেইলাৰেও সমীহ কৰা এই অভিজ্ঞতাপুষ্ট মানুহজনী পুত্ৰহন্তা হলেও তেওঁৰ বুকুতো কিন্তু এখন মমতাময়ী নৈ অহৰহ বৈ থাকে, ঠিক দুৰ্গতিনাশিনী জগতজননীৰ দৰেই ৷

 ***

ভ্ৰাম্যভাষ : ৯৬১৩৭৯৩০৭৭

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ